অন্যযুগ/


এপোৱা চাউলৰ সাধু

ৰশ্মিৰেখা ভূঞা


“এপোৱা চাউলৰ ভাত খাবি। বুইছ । তেতিয়াহে মোৰ দৰে হ’বি । মই সদায় এপোৱা এপোৱা চাউলৰ ভাত খাওঁ ।”

     এপোৱা চাউলৰ ভাত খোৱা মানুহজনলৈ থৰ হৈ চাই ৰৈছিলোঁ। তেওঁৰ শীৰ্ণ শৰীৰটো চাই নিজলৈও আগ্ৰহেৰে চাইছিলোঁ। মনতে অংক কৰিছিলোঁ। এপোৱা চাউল বহালে কিমান পৰিমাণৰ ভাত হ’ব ?  কোনো উৱাদিহ পোৱা নাছিলোঁ। দৰক লাগি বুঢ়া মানুহজনৰ মুখলৈ চাই আছিলোঁ। ৰঙা চাহবাটি থিনাৰ বিস্কুট দুখনেৰে খাই শেষ কৰি পকি সোণালী ৰং লোৱা বাৰীৰ মালভোগ কল দুটা কাপোৰৰ মোনাখনত ভৰাই বৃদ্ধ মানুহজনে ভিতৰলৈ চাই চিঞৰিছিল –

       “বোৱাৰী, মই যাওঁ।”

      কঁকালত চাদৰৰ আঁচলখন খুচি লৈ কেতিয়াবা বাটি এটাত বা পিৰিচ এখনত চাউল লৈ মা কোবাকোবিকৈ পাকঘৰৰ পৰা ওলাই আহে। কুঁৱাৰ পাৰত কাপোৰ ধুই থকা মাৰ আধা তিতা কাপোৰৰ খোজৰ শব্দটো মই খেলি থকাৰপৰাই শুনিবলৈ পাওঁ। চাদৰৰ আঁচলত মচি লোৱা তিতা হাতদুখনত তেতিয়াও পানীৰ কণিকা লাগি থাকে। চিমেণ্টৰ বস্তা কাটি চিলাই লোৱা মোনাটোত চাউলখিনি বাকি দি ভাল-বেয়া দুই-এটা খবৰ সুধি মা ভিতৰলৈ সোমাই যায়। দেওবৰীয়া বজাৰৰপৰা দেউতা আহি পোৱাৰ আগতেই মায়ে ঘৰখনৰ কামখিনি যিমান পাৰি সিমানলৈ সামৰি ল’ব বিচাৰে। দেওবাৰৰ দুপৰীয়াৰ ভাতসাঁজ বিভিন্ন ব্যঞ্জনেৰে সোৱাদ লগাকৈ ৰান্ধি ভাল পোৱা মায়ে সেয়ে বজৰুৱা অহালৈ আজৰি হৈ থাকিব বিচাৰে। বাঁহৰ লাখুটিডালত ভৰ দি এপোৱা চাউলৰ ভাত খোৱা ককাজন খৰখোজেৰে জপনা খুলি ওলাই যায়। দুৱাৰডলিত দৰক লাগি মই ৰৈয়েই থাকোঁ। মনত পাকঘুৰণি খাই থাকে তেখেতৰ কথাবোৰপ্ৰতি সাজত এপোৱা চাউলৰ ভাত খোৱা সম্ভৱনে ? ককাজন চাউলপুৰীয়া নেকি ? 

        চাউলপুৰীয়া। চাউলপুৰীয়া। 

      সাধুকথাৰ পুথিৰ মাজৰ পৰা চাউলপুৰীয়া উঠি আহে। ভীমাকৃতিৰ চাউলপুৰীয়া। টিলাৰ দৰে পেটটোৰে চাউলপুৰীয়াই সদম্ভে নিজৰ উপস্থিতি ঘোষণা কৰে। 

        আচৰিত ! আচৰিত ! 

       এপোৱা চাউলৰ ভাত খোৱা ককা দেখোন চাউলপুৰীয়াৰ দৰে প্ৰকাণ্ড নহয় । খীণ ককাজনে কেনেকৈ ইমান চাউলৰ ভাত খায় ? প্ৰশ্নবোৰে মোক মেৰিয়াই মেৰিয়াই বান্ধে । বান্ধ খুলিবলৈ গৈ ভাগৰি পৰোঁ । ইমান গাঁঠি ! কেনেকৈ খুলিম। এটা খুলিলে চাৰিটা গাঁঠি নতুনকৈ লাগে। দৰক লাগি ঠাইতে ৰৈ থাকোঁ। আউল লগা কথাবোৰে নতুন কথাৰ জাল পাতে। জালত মাছ নালাগে। লাগে কথা। বুজি পোৱা-নোপোৱা অলেখ কথা। আঁত হেৰুওৱা কথাবোৰে বাট বিচাৰি ঘুৰ্মুটিয়াই ফুৰে ।

       “বহুদিন হ’ল মানুহজন নহা। কিবা অসুখ-বিসুখেই হ’ল নেকি ? পুতেককো দেখা নাই।”- ৰাতি ভাতৰ পাতত বহি মায়ে দেউতাৰ আগত মনৰ কথাবোৰ কয়। অৱধাৰিতভাৱে এপোৱা চাউলৰ ভাত খোৱা ককাৰ কথায়ো ঠাই পায় । 

       “হজৰতক ময়ো বাটে-পথে লগ পোৱা নাই। ইছমাইলকো দেখা নাই। সিহঁতৰ ঘৰৰ ওচৰৰ কাৰোবাক দেখিলে খবৰ ল’ম ৰ’বা।” - ভাত এগৰাহ মুখত ভৰাই দেউতাই চিন্তিতভাৱে উত্তৰ দিয়ে।  কাষতে বহি মই মঙহৰ কোমল টুকুৰা এটা মুখত ভৰাওঁ। কাঁহীৰ ভাতৰ পৰিমাণ নকমে। কমে বাটিৰ মঙহৰ টুকুৰা। মোৰ এবেগেতীয়া পেটত ভাত সোমাবলৈ ইচ্ছা নকৰে। চকুৰ আগত ককাৰ মুখখন ভাহি আহে । 

        “সদায় এপোৱা চাউলৰ ভাত খাবি বুজিছ ।”

        প্ৰিয় মাংসৰ জোলখনেও মোৰ পেটলৈ ভাত দুগৰাহ বেছিকৈ নিব নোৱাৰে। হতাশ হয় মা। হতাশ হয় দেউতা। 

        “ভাত দুটামান নাখালে কেনেকৈ হ’ব ? ভাত খালেহে শকত হ’বি । ডিম্পীহঁতক দেখা নাই, তোতকৈ কিমান শকত। আৰু দুগৰাহ খাচোন ।”

......................................

            ভাতৰ লগত মোৰ অঘোষিত যুঁজখন দিনৰ পাছত দিন চলি থাকে। মোক ভাত খুওৱাৰ নিত্য-নতুন উপায় উদ্ভাৱনৰ চিন্তাত মাহঁত ব্ৰতী হয়। কাউৰী-শালিকী, কুকুৰ-মেকুৰীৰ লগত ক্ৰমা বৃদ্ধি পোৱা মোৰ মানসিক সম্পৰ্কৰ কথাটো লক্ষ্য কৰি থকা খুড়ায়ে ভাত আৰু মোৰ মাজত যোগসূত্ৰ স্থাপনৰ নতুন কৌশল উদ্ভাৱনৰ আনন্দত হাতেৰে সৰগ ঢ়ুকি পায়। আৰম্ভ হয় নতুন কৌশল। মোৰ সৰু কাঁহৰ কাঁহীখনত থকা ভাতখিনি তিনিভাগ হয়। এটা ভাগ মেকুৰীজনীৰ । এটা শালিকীৰ। আৰু আটাইতকৈ সৰু ভাগটো মোৰ। কাঁহীখন হাতত লৈ খুড়া ওচৰ চাপি আহে । বিভিন্ন কথা কৈ মোৰ মুখত ভাতৰ সৰু সৰু গৰাহ সোমোৱাই থাকে। কমি আহে মেকুৰী, শালিকীৰ ভাগৰ ভাতৰ পৰিমাণ। আমনি নকৰাকৈ ভাতকণ খাওঁ। ভাত খাই বিছনালৈ যাওঁ। মই টোপনি গ’লে মেকুৰী আৰু শালিকীয়ে মোৰ পেটৰ পৰা নিজৰ ভাগৰ ভাত লৈ খাব। এতিয়া দেখিছোঁ নিজৰ কাৰণে নহ’লেও কুকুৰ, মেকুৰী, শালিকীৰ কাৰণেই ভাত খাব লাগিব। নহ’লে যে সিহঁত খালী পেটেৰে থাকিব। সাধুবোৰে দিঠকক ওমলাই থকা দিনৰ কথা সেয়া। সপোনত পৰীৰ দেশত পখিলাৰ লগত মনৰ কথা পতা দিনৰ কথা সেয়া । 

            চাউল জুখিবলৈ ব্যৱহাৰ কৰা শ্যালিমাৰ কোম্পানীৰ নাৰিকল তেলৰ টেমাটো হাতত লৈ লিৰিকি-বিদাৰি চাই থাকোঁতেই সময় পাৰ হৈ যায়। দিন-মাহ গৈ বছৰ বাগৰে। কথাবোৰ সলনি হয়। সলনি হয় মোৰ পিন্ধা কাপোৰবোৰ। দেউতাই বজাৰৰ পৰা আনি দিয়া কটা হাতৰ চেমিজৰ ওপৰত ফ্ৰক্ এটা পিন্ধাটো বাধ্যতামূলক হৈ পৰে। কটা-পেণ্টৰ লগত পিন্ধিবলৈ দেউতা-খুড়াই আনি দিয়া সৰু সৰু গেঞ্জিবোৰ চকী-মেজৰ ধূলি গুচাবলৈ মাৰ হাতলৈ গুচি যায়।  চুটি চুটি চুলিবোৰত ৰঙ-বিৰঙৰ ৰাবাৰ বেণ্ডে ৰঙৰ পোহাৰ মেলে। বজাৰৰ পৰা মাৰ হাতত উঠি অহা সৰু সৰু পখিলা দুটামানে তাতেই জিৰণি লয় । 

            সময় সলনি হয়। সকলো সলনি হয়। সলনি নহয় এপোৱা চাউলৰ নিমিলা অংকটো। শ্যালিমাৰ নাৰিকল তেলৰ টেমাটোৰ বুকুত সোমাই থকা চাউলৰ অংকটোৱে বাৰে বাৰে খেলিমেলি লগায়।


           খুব সন্তৰ্পণে আৰম্ভ হয় সলনি হোৱা প্ৰক্ৰিয়া। নতুনক স্বাগতম জনাবলৈ উদ্গ্ৰীৱ হৈ থকা দিনবোৰতেই পৃথিৱীখনে অজস্ৰ নতুন নতুন খবৰে আমাক আশ্চৰ্যচকিত কৰি তোলে। দেশ আৰু দহৰ খবৰৰ ওচৰত আমি পাহৰি যাওঁ সীমাৰ বন্ধুজনৰ খবৰ। অৰ্থহীন হৈ পৰে নিকটাত্মীয়জনৰ মনৰ খবৰ। আমি বিশ্বমুখী হওঁ। বিশ্বৰ নাগৰিক হৈ পাহৰি যাওঁ আমাৰ হাওঁফাওঁত বৈ থকা জকাইচুকীয়া উশাহ। আমি নিজৰ পৰিচয়ক লৈ লাজ পাওঁ। নতুন পৰিচয়েৰে আমি নিজক সজাওঁ। সেই পৰিচয়ক বুকুত সাবটি পৰৰ দেশক আপোন কৰা সময়তেই ধুমকেতুৰ দৰে আহি ওলায় এপোৱা চাউলৰ ভাত খোৱা ককাজন ।

        “আজিকালি এপোৱা চাউলৰ ভাত নাখাওঁ, আই। বেছিকৈ ভাত খোৱা হেনো দেহাৰ কাৰণে বেয়া। কেতিয়াবা জলপান খায়েই ৰাতিটো পাৰ কৰি দিওঁ। বঙলুৱা জলপান নাখাওঁ। পিঠাগুৰি খাওঁ। পিঠাগুৰি।” 

         মায়ে দিবলৈ অনা চাউলৰ বাটিটো ওভতাই নিয়ে। বটা এটাত টকা দহটা লৈ আহি ককাক দিয়ে। সোলা হাঁহিটো মাৰি ককাই জপনা খোলে। বিশ্ব নাগৰিক হোৱাৰ বতাহজাকে ককাক চুই যায়। অঞ্চলটোকেই পৃথিৱী জ্ঞান কৰা ককাজনে আমেৰিকা, লণ্ডনৰ খবৰ ৰাখিবলৈ আৰম্ভ কৰিলে। এজন অচিনাকী মানুহৰ মৃত্যুত মূক হৈ পৰা বৃদ্ধজনে দুখন দেশৰ মাজত হোৱা যুদ্ধত আনন্দ পাবলৈ ধৰিলে। উত্সুক হৈ ৰেডিঅ’ৰ সন্মুখত বহা মানুহজনে সেই খবৰবোৰ আমাৰ দৰে সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ মাজত বিলাই দিয়াত কৃপণালি নকৰিলে ।


     “ঐ কথা এটা গম পাইছনে ?  বেলেগ দেশত বোলে যুদ্ধ লাগি আছে।“

বিদেশৰ কথা বাদ দে। আমাৰ দেশতেই কেতিয়া যুদ্ধ লাগে ঠিক নাই

    “ হয় নেকি ? মই নাজানো নহয়। মোক এপোৱা চাউলৰ ভাত খোৱা ককাইহে কৈছে।”

   “সেইজনাই আজিকালি বাহিৰ দেশৰ খবৰহে ৰাখে নেকি ? বুঢ়াই দেখিছোঁ গাঁৱৰ এৰি একেবাৰে বিদেশৰ খবৰহে ৰাখিবলৈ ল’লে।”  - হালোৱা কৰিম খুড়াৰ কথাবোৰ বুজি পোৱা নাছিলোঁ। বুজি পাবলৈ মনো যোৱা নাছিল। কৰিম খুড়াই কোৱা ‘বুঢ়া’ শব্দটো কাণত বাজি আছিল। মগনীয়া ককাজনক কোনোৱাই বেয়াকৈ কোৱাটো মোৰ মনে সহ্য কৰিব পৰা নাছিল। হয়তো মানুহজনৰ চকুত ফুটি উঠা মোৰ প্ৰতি থকা মৰমৰ ছবিখনৰ কাৰণেই। জপনাখন বন্ধ কৰি কৰিম খুড়াৰ পিছে পিছে ঘৰৰ ভিতৰলৈ সোমাই যাওঁ। পাহৰি যাওঁ আমেৰিকাৰ খবৰ। পাহৰি যাওঁ দেশৰ খবৰ। পাহৰি নাযাওঁ এপোৱা চাউলৰ ভাত খোৱা ককাৰ কথা।

         কথাৰ বানত থাওনি নোপোৱা মানুহৰ দৰেই খৰখোজেৰে আহে এপোৱা চাউল ভাত খোৱা ককা। মায়ে আথে-বেথে যতনাই দিয়া ৰঙা চাহটুপি খাই যাবলৈ ওলায় ককাই মাক মাতে, “বোৱাৰী, মই যাওঁ।” হাতৰ বঁটাতো মায়ে ককালৈ আগবঢ়াই দিয়ে। বঁটাত থকা দহ টকাৰ নোটখন নীলা আঁচ টনা সৰু গাঁঠিলৈকে পৰা লুঙীখনৰ কঁকালৰ খোচনিত ভালদৰে গুজি লৈ খৰ খোজেৰে ককা ওলাই যায়। সময়ৰ লগত প্ৰয়োজনবোৰো সলনি হয়। চাউলৰ সলনি টকাৰ প্ৰয়োজন বাঢ়ে। চাউল আজিকালি চৰকাৰৰ ঘৰৰ পৰা আহে। ভাতমুঠি মোকলাবলৈ বিশেষ কষ্ট নহয়। টকা কেইটামান হাতত পৰিলে নিমখ-তেলৰ খৰচটো ওলায়। মাছ-পুঠিটো খালে-ডোঙে পায়েই। আকালো নাই ভঁৰালো নাই। সাঁচিবলৈও কোনো নাই। নীলা লুঙীখনৰ খোচনিতেই ককাৰ বেংকটো ।  

      “এপোৱা চাউলৰ ভাত এতিয়াও খায়নে, ককা ?”

      মোৰ প্ৰশ্নত ককাৰ খোজৰ গতি হ্ৰাস পায়। লাখুটিডালত ভৰ দি কষ্টৰে কঁকালটো পোন কৰি তেওঁ মোলৈ মূৰ দাঙি চায়। ঘোলা চকুহাল কিবা আনন্দত তিৰবিৰাই উঠে। লাহে লাহে কঁকাল পৰি অহা ককাই সোলা হাঁহিটো মাৰি মূৰ দুপিয়ায়। 

     “সদায় এপোৱা চাউলৰেই ভাত খাবি। মোৰ দৰে তেতিয়াহে হ’বি।“ 

     হাঁহি হাঁহি ককা গুছি যায় অহাৰ বাটেৰে। মই ৰৈ থাকোঁ। এপোৱা চাউলৰ হিচাপ কৰি কৰি। 


                            ---------------

ঠিকনা :    

বাৰভূঞা গাঁও

চতিয়া - ৭৮৪১৭৫, জিলা- বিশ্বনাথ

ম'বাইল- ৬৯০০৯২৫৮৭৭, ৯৮৫৪৪৫০১৩৩



<!—next-prev and print-->

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ