ৰূপা বৰপূজাৰী
নীলা পাহাৰ এটাৰ বুকুত
ৰুই দিলোঁ এটা সপোন
আৱেগৰ ছাঁ আৰু চকুৰ পানীৰে জীয়ন দি
এদিন মোৰ লতাসেৰীয়া দুহাতেৰে
জানোচা ঢুকি পাওঁ তোমাক
সপোনৰো থাকে নেকি মাণিকী মাধুৰী হিয়া
প্ৰতিশ্ৰুতি অথবা চৰ্তহীন
এক অদৃশ্য বলয়ৰ মাজতো যি দৃশ্যমান
সম্ভৱতঃ তুমি
শিলত খোপনি পুতি
মই যে নিতৌ অহা-যোৱা কৰোঁ
দুভৰিৰ তেজেৰে শিলৰ ফলিত আঁকি থৈ আহোঁ কাৰ মুখ
নামনিলৈ বৈ পৰা বতাহজাকে সুহুৰিয়াই কৈ গৈছে
সম্ভৱতঃ তোমাৰে কথা