(প্ৰায় পাঁচ বছৰৰ অপেক্ষাৰ
অন্তত দেখা পোৱা চৰাইবিধৰ কথাৰে)
ৰূপজ্যোতি
হাজৰিকা
পক্ষী পৰ্যৱেক্ষণ মোৰ সকলোতকৈ ভাল লগা
এটা হবি৷ আজৰি সময়ৰ বেছিভাগ সময় চৰাই চোৱা কামটোতে ব্যস্ত হৈ থাকি ভাল পাওঁ৷
সেইবাবে কেইজনমান বন্ধুৰ লগত বা কেতিয়াবা অকলেই এই কামটোত ব্যস্ত হৈ থাকোঁ৷ ঘৰৰ
চৌহদলৈ অহা চৰাইবোৰৰ কাৰ্যকলাপবোৰ মন কৰোঁ৷ সিহঁতক যাতে ভালকৈ ফট’ ল’ব
পাৰোঁ তাৰ বাবে ঘৰৰ চৌহদৰ ভিন্ন স্থানত চৰাই ঘৰ (Bird house), চৰাইৰ বাবে খাদ্যবস্তু ৰখাৰ
ব্যৱস্থা কৰি থোৱাৰ উপৰি চৰাই আহি পৰিব পৰাকৈ কিছুমান গছৰ ডালো বান্ধি ৰাখো৷
আপোনালোকেও কৰি চাব, নিশ্চয় ভাল পাব৷
২০১৩-২০১৪ চনৰ পৰা চৰাই চোৱা এই কামটো কৰি এক
অনাবিল আনন্দ লাভ কৰি আহিছোঁ৷ পক্ষীৰ পৰ্যৱেক্ষণৰ পৰা মই যি সামান্য
জ্ঞান লাভ কৰিছোঁ, তাক সকলোৰে আগত প্ৰকাশ কৰাৰ
এক চেষ্টা কৰোঁ৷ যাতে পক্ষীকুলৰ পৰ্যৱেক্ষণ
তথা সংৰক্ষণৰ ক্ষেত্ৰত সকলো লোক সজাগ হয়৷ বিশেষকৈ মোৰ ছাত্ৰ-ছাত্ৰীসকলক এই কথা কওঁ৷
এতিয়া আচল কথালৈ আহোঁ৷
আমাৰ নিমাতী অঞ্চলৰ নিচেই কাষতে থকা চৰলা বিলখনলৈ প্ৰতি বছৰে শীতকালত দেশ-বিদেশৰ
বিভিন্ন চৰাইৰ আগমন ঘটে৷ সেই চৰাইসমূহ চাবৰ বাবে প্ৰায়ে তালৈ যোৱাটো আজৰি সময়ৰ এক
ভাল লগা কামলৈ সলনি হ’ল৷ ২০১৩ মানৰ পৰা সেই কামৰ ধাৰা সলনি হোৱা নাই৷
এবাৰ ফেইচবুকত এখন ফট’ দেখি এনে লাগিল যে পক্ষী পৰ্যৱেক্ষণত
ক’ৰবাত যেন কিবা এটা খুঁত ৰৈ গৈছে৷ সেই ফট’খনত আছিল বিশেষ এবিধ
আলহী পক্ষী৷ পক্ষীবিধৰ সেই ফট’খন তুলিছিল আমাৰ ওচৰৰে বুদ্ধ শইকীয়া দাদাই৷ সেই
চৰাইৰ জাকটো আছিল Common crane নামৰ এবিধ চৰাইৰ৷ অসমীয়া নাম
কৰচন চৰাই৷ চৰাইবিধৰ ফট’ নিমাতীৰ ওচৰতে লোৱা বুলি তেওঁ কৈছিল৷ মোৰো এবাৰ সেই
ছাইবেৰিয়াৰ পৰা অহা পক্ষীবিধক কেমেৰাত বন্দী কৰাৰ ইচ্ছা হৈছিল৷
বহু চেষ্টা কৰি বিফল হৈছিলোঁ৷
চৰাইবিধৰ ফট’ তোলাটো দূৰৰে কথা, এবাৰো দেখা পোৱা নাছিলোঁ৷
শীতকালৰ আৰম্ভণিৰ লগে লগেই সেই চৰাইবিধৰ ওপৰত মোৰ শেনচকু আছিল৷ পিছে কামতহে অহা
নাছিল৷ পঢ়া-শুনা কৰি চৰাইবিধৰ বিষয়ে কিছু কথা জানিবলৈ পাইছিলোঁ৷
চৰাইবিধ জাক পাতি ছাইবেৰিয়াৰ পৰা আহে আৰু ইহঁত জন সমাগমৰ পৰা বহু আঁতৰত থাকে৷ নৈৰ
চাপৰি অঞ্চল বা খেতি পথাৰৰ মাজত খাদ্যৰ সন্ধান কৰে৷ সেইবাবে অন্য চৰাইৰ দৰে
সাধাৰণতে চকুত নপৰে৷ এই চৰাইবিধ দৈৰ্ঘত ১১০-১২০ চেণ্টিমিটাৰমান হয়৷ ইহঁতৰ
পূৰ্ণবয়স্ক চৰাইৰ গাটো ছাই বৰণীয়া হোৱাৰ লগতে মূৰৰ ওপৰৰ পাখিবোৰ ক’লা
কিন্তু তাৰ মাজত মূৰৰ তালুত এটা ৰঙা দাগ আছে৷ চকুৰ পিছপিনে থকা বগা দাগটো স্পষ্টকৈ
চকুত পৰে৷ ইহঁতৰ কপাল,
থুঁতৰি
আৰু ডিঙিৰ ওপৰফালৰ অংশৰ সন্মুখভাগ ক’লা বৰণৰ৷ নেজত একোছা ক’লা
পাখি ওলমি থাকে৷ ইহঁতৰ ডেউকাৰ প্ৰাথমিক পাখিৰ বৰণ ক’লা৷
এইবিধ চৰাইৰ ঠেং দীঘল আৰু ক’লা বৰণৰ৷ অপ্ৰাপ্তবয়স্ক
চৰাইৰ গাটো সম্পূৰ্ণ ছাই বৰণীয়া৷ তাত ক’লা পাখিবোৰ প্ৰকট নহয়৷
পক্ষী পৰ্যৱেক্ষণৰ লগত জড়িত মোৰ কেইজনমান
ভাল বন্ধু তথা দাদা আছে৷ তেওঁলোকৰ লগত বিভিন্ন সময়ত পক্ষী সম্পৰ্কে আলোচনা কৰোঁ৷
বহু নজনা কথা জানিবলৈ পোৱা যায়৷ অলপ দিনৰ আগৰ কথা সূৰ্য চেতিয়া দাই এটা ভিডিঅ’ ফেইচবুকত প’ষ্ট
কৰিলে৷ ভিডিঅ’টো দেখি মোৰ মনত এটা আশা পুনৰ জাগি উঠিল৷ সেই
ভিডিঅ’টো আছিল Common
crane-ৰ৷ মই অত দিনে বিচাৰি থকা কৰচন
চৰাইৰ এটি বৃহৎ জাক৷ দাদালৈ ফ’ন কৰি জানিব পাৰিলোঁ সেই চৰাইৰ জাকটো
ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চাপৰিত তেওঁ দেখা পাইছে৷ অৱশ্যে চৰাইজাক তেওঁ নাও লৈ গৈহে
দেখা পাইছিলগৈ৷ গতিকে, নাও লৈ হ’লেও যাবলৈ মনতে থিৰাং কৰিলোঁ৷
চৰাইবিধৰ আগমনৰ কথা বুদ্ধদাৰ লগত পাতিলোঁ৷
লগতে এটা পৰিকল্পনা কৰিলোঁ, চৰাইৰ জাকটো কেমেৰাত বন্দী
কৰিমেই৷ মুঠতে এইবাৰ এৰাত নাই৷
কেইদিনমানৰ আগৰ কথা। সেই সময়ত মই স্কুলত৷ মোলৈ বুদ্ধদাদাৰ
পৰা এটা ফ’ন আহিল৷ ফ’নটো ৰিচিভ কৰিয়েই গম পালোঁ
যে খবৰ ভাল৷ তেওঁ মোক ক’লে
যে হেনো Crane-ৰ জাকটো লগ পালে৷ খবৰটো পাই মনটো বেছিয়ে ভাল লাগি গ’ল৷
পৰিকল্পনা মতেই কাম আৰম্ভ কৰিলোঁ৷ দেওবাৰৰ পুৱা এটা বেলি ওলোৱাৰ বহু আগতেই আমি
চৰাইৰ সন্ধানত যাত্ৰা কৰিলোঁ৷ চৰাইৰ জাকটো আঁতৰৰ পৰাই চকুত পৰি উত্তেজনা দুগুণে
বাঢ়িল৷ কেনেকৈ ওচৰলৈ যাব পৰা যায়৷ কেমেৰাৰে ভালকৈ ক্লিক্ কৰিব পৰা নাই৷ তেনেকৈয়ে
কেইটামান ক্লিক্ কৰিলোঁ৷ সাক্ষীগোপাল
হিচাপে৷ সেইদিনা এটা আচৰিত ঘটনা ঘটিল৷ আমি গৈ পাওঁতে পাওঁতে ৰ’দেই
ওলাই গ’ল, ৰ’দ ওলালে চৰাই জাকটোৰ ওচৰ
চপাটো একেবাৰে অসম্ভৱ কথা৷ কিন্তু কি আচৰিত, অলপ সময়ৰ পাছত সেই ঠাইখন পুনৰ কুৱঁলীয়ে
আৱৰি পেলালে। কুৱঁলী পৰি থকা বাবে আমি মনে মনে আমি চাপৰি চাপৰি
আগ বাঢ়িবলৈ ধৰিলোঁ৷ অলপ আগ বাঢ়িছোঁহে, তেনেতে চকুত পৰিল Crane-তকৈ আগত কমেও ৫০টামান দেও ৰাজহাঁহ (Greylag
goose)-ৰ
এটা জাক৷ সিহঁতে আমি সেইফালে গৈ থকাৰ কিবা এক উমান পালে আৰু একেথিৰে আমাৰ ফালে চাই
ৰ’ল৷ আমি একে ঠাইতে পথাৰত পেট পেলাই পৰি দিলোঁ৷
বহু সময় পৰি থকাৰ পাছত মন কৰিলোঁ, হাঁহজাক পুনৰ খাদ্যৰ সন্ধানত
ব্যস্ত হৈ পৰিল৷ আমাক দেখি হাঁহজাক উৰি যোৱাহ’লে আমাৰ অভিযানৰ সিমানতে যৱনিকা পৰিলহেঁতেন৷ কাৰণ
তেনে হোৱাহ’লে Crane-ৰ জাকটো উৰি গুচি গ’লহেঁতেন৷
আমি পৰি থাকোঁতে বহু ৰাজহাঁহ আমাৰ নিচেই ওচৰতে
পৰিছিল আৰু ওপৰেদি উৰি যোৱা সেই মনোৰম দৃশ্য চকুৰে নেদেখিলে বুজাব নোৱাৰি৷
বহু পৰ তাতে পেট পেলাই পৰি থকাৰ অন্তত আমি
তেনেকৈ প্ৰায় চুঁচৰি
চুঁচৰিয়েই আগ বাঢ়িবলৈ ধৰিলোঁ চৰাইৰ জাকটোক ওচৰৰ পৰা পৰ্যৱেক্ষণ
কৰিবলৈ৷ প্ৰায় ১০০ মিটাৰ দূৰত্বত আমি ৰৈ দিলোঁ৷ কাৰণ সকলো চৰায়েই এটা
নিদিষ্ট দূৰত্বৰ পাছত ওচৰলৈ যাবলৈ নিদিয়ে৷ সেইখিনিৰ পৰাই চৰাইৰ জাকটোৰ ফট’ ললোঁ৷
লগতে ল’লোঁ বহুতো ভিডিঅ’ ফুটে’জ৷
তাৰ পৰাই চৰাইৰ জাকটোৰ আচৰণ অধ্যয়ন কৰিবলৈ
আৰম্ভ কৰিলোঁ৷ সুদূৰ ছাইবেৰিয়াৰ পৰা প্ৰত্যেক বছৰে আমাৰ দেশলৈ অহা এই
চৰাইৰ জাকটো নিমাতী-চৰলা অঞ্চলতে লগ পাই সঁচাকৈয়ে বৰ আনন্দ লাভ কৰিলোঁ৷
চৰাইজাকে সাধাৰণতে খুব ডাঙৰকৈ মাত মাতে, কিন্তু সেইদিনা সিহঁতে অলপো
শব্দ নকৰাকৈ খাদ্য খোৱাত ব্যস্ত আছিল৷
পক্ষী পৰ্যৱেক্ষণৰ বেলিকা পক্ষীৰ কিছুমান
বিশেষ আচৰণ চকুত পৰে৷ সেইদিনাও তাৰ ব্যতিক্ৰম নাছিল৷ আমাৰ পৰা কেইমিটাৰমান আঁতৰতে চৰি থকা দেও ৰাজহাহঁৰ জাকটোৰ পৰা এটা
হাহঁ উৰি আহি আমাৰ ওপৰেদি এটা পাক মাৰি
পুনৰ গৈ সেই জাকটোৰ লগত আকৌ খাদ্য খোৱাত ব্যস্ত হৈ পৰিল৷ এনে লাগিল যেন সেই বিশেষ হাহঁটোৱে বিপদৰ
কিবা আশংকা কৰি তাৰ সম্ভেদ ল’বলৈহে আহিছিল৷
Wildlife photography-ৰ এই কামবোৰত মই সচৰাচৰ প্ৰকৃতিৰ কিছুমান সৰু সৰু কথা মন কৰোঁ৷ এবিধ চৰাই চৰি থকা ঠাইত এটা ফৰিং বা তেনে সৰু কিবা পতঙ্গয়ো যদি এক অস্বাভাৱিক ধৰণৰ আচৰণ কৰে, লগে লগে সেই পক্ষীবিধ উৰি যাব পাৰে৷ আচলতে ক’বলৈ গলে প্ৰকৃতিৰ সকলো জীৱৰ মাজত এটা বিশেষ আচৰণগত বুজাবুজি থাকে, যাৰ দ্বাৰাই বিপদৰ আগ জাননী সকলোৱে লাভ কৰে৷ জীৱকুলৰ মাজত থকা এনে মিলা-প্ৰীতিৰ ভাব মানৱ সমাজত যেন কোনোবাখিনিত নাই৷
বাহনা, যোৰহাট