অন্যযুগ/
বিজ্ঞান সকলোৰে বাবে হয়নে?
ড° ভাৰত বৰুৱা
আজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা লেবকোট পিন্ধি অনুবীক্ষণ-যন্ত্ৰৰে পৰীক্ষা কৰি আছে, এজন জ্যোৰ্তিবিদে দূৰবীক্ষণেৰে মহাকাশৰ ৰহস্য বিচাৰিছে, কৃত্ৰিম উপগ্ৰহে পৃথিৱীৰ পৰিভ্ৰমণ কৰিছে আৰু দূৰৈত আমাৰ নীলাভ গ্ৰহটো দেখা পোৱা গৈছে, কোনোবা বৰ্ষাৰণ্যত জীৱ বিজ্ঞানীয়ে চিম্পাঞ্জীৰ গতিবিধি পৰীক্ষণত মগ্ন হৈছে, ডুবাৰুৰ সাজ পিন্ধা বিজ্ঞানীয়ে মহাসমুদ্ৰৰ অতল গহ্বৰত ডুব মাৰি বিভিন্ন জলচৰ প্ৰাণীৰ মাজৰ পৰা কিবা নমুনা সংগ্ৰহ কৰাৰ প্ৰয়াস কৰিছে, নতুবা এটা ৰবটে এখন অৰ্ধনিৰ্মিত বাহনৰ বাকী অংশবোৰ জোৰা লগাইছে ইত্যাদি ইত্যাদি। কিন্তু চকুৰ আগত অহৰহ ভাহি অহা এই ছবিবোৰে বিজ্ঞাননো কি তাৰ প্ৰকৃত ধাৰণা দিব পাৰে জানো? বৰং এই ছবিবোৰে জনমানসত এনে এটা ধাৰণাৰহে হয়তো সৃষ্টি কৰে বিজ্ঞান যেন বৰ বেছি জটিল, সাধাৰণ মানুহৰ বাবে বিজ্ঞান অসাধ্য, বিজ্ঞান বুজিবৰ বাবে মানুহৰ মগজুৰ মেধা বহু উচ্চ খাপৰ হ’ব লাগিব ইত্যাদি। কিন্তু সেই ধাৰণা কিমান দূৰ সঁচা? হয় বিজ্ঞানৰ কিছু সূত্ৰ, কিছু তথ্য সঁচা অৰ্থত জটিল আৰু সেয়া বুজাৰ বাবে বহু বছৰৰ প্ৰশিক্ষণৰ দৰকাৰ হয়। তাৰমানে এইটোও নহয় যে বিজ্ঞান বুলিলেই মহাকাশযান তৈয়াৰ কৰিব লাগিবই নাইবা ডুবাৰু হৈ মহাসমুদ্ৰৰ অতল গহ্বৰত বিচৰণ কৰিব লাগিবই।
সাধাৰণ বিজ্ঞান বুলিও এষাৰ কথা আছে যি জ্ঞানৰ সহায়ত আমি দৈনন্দিন জীৱনৰ বহু ঘটনা-পৰিঘটনাক সহজে বুজিব পাৰিম। আৰু মই যদি কওঁ যে বিজ্ঞান বুজিবৰ বাবে যে বিজ্ঞানী হ’বই লাগিব বুলি কোনো চৰ্ত নাই, বিশ্বাস কৰিবনে? এতিয়া হয়তো আপুনি প্ৰশ্ন কৰিব, সেয়া কেনেকৈ সম্ভৱ হ’ব পাৰে? এই প্ৰশ্নটো যদি আপোনাৰ মনলৈ আহিছে তেন্তে খুব ভাল কথা। তাৰ মানে আপুনি বিজ্ঞান প্ৰথম পাঠ ইতিমধ্যে জানে। মনত আউল লাগিছে চাগে? এতিয়া আপুনি হয়তো সুধিব, তেন্তে বিজ্ঞাননো কি, ইয়াৰ সংজ্ঞা কি? বিজ্ঞানৰ সংজ্ঞা বিচাৰি আপুনি যদি এখন পাঠ্যপুথি হাতত তুলি লয় তেন্তে বহু ধৰণৰ বিজ্ঞানৰ সংজ্ঞা পাব। পাঠ্যপুথিৰ সংজ্ঞাৰ পৰা আপোনাৰ মনত এনে ভাৱ হ’ব যে বিজ্ঞান এক গুচ্ছ আছুতীয়া বাস্তৱ ঘটনা যিবোৰ সাংস্কৃতিক, ৰাজনৈতিক আৰু ধৰ্মীয় চিন্তাৰ পৰা সম্পূৰ্ণ মুক্ত। মই পিছে আজি পাঠ্যপুথিত থকা বিজ্ঞানৰ সংজ্ঞা দিব বিচৰা নাই, কেৱল কেইটিমান দৈনন্দিন জীৱনৰ উদাহৰণেৰে বিজ্ঞাননো কি তাকহে আলোচনা কৰিব বিচাৰিছোঁ অথবা বহলাই ক’বলৈ যত্ন কৰিম।
বিজ্ঞান এনে এক পদ্ধতি যি আমাক সেই আছুতীয়া বাস্তৱ বা সত্যবোৰক একেলগ কৰি এক খৰচি মৰা আৰু সাদৃশ্যপূৰ্ণ বুজাবুজিত উপনীত হোৱাত সহায় কৰে। এই পদ্ধতি ব্যৱহাৰ কৰিয়েই আমি আমাৰ চাৰিওফালে ঘটি থকা ঘটনাবোৰক বুজিব পাৰোঁ। আকৌ জটিল বা আওপকীয়া যেন লাগিছে নেকি বাৰু? মই ক'ব বিচাৰিছোঁ যে বিজ্ঞানে আমাক আমাৰ চাৰিওফালে ঘটা ঘটনাবোৰ বুজাত সহায় কৰে। কোনটো সঁচা, কোনটো মিছা, কিয় সঁচা, কিয় মিছা, কৈনেকৈ মিছা ইত্যাদি বিচাৰ কৰাত সহায় কৰে। এইবাৰ আমাৰ নীলাভ গ্ৰহটোৰ উদাহৰণ লওঁ। এই গ্ৰহটিত অহৰহ ঘটি থকা ঘটনাবোৰৰ লগত জড়িত হৈ আছে জীৱজগত আৰু অজৈৱজগত যাৰ বহু ঘটনা চকুৰে দেখোঁ আৰু কাণেৰে শুনো, বহু নেদেখোঁ আৰু কাণেৰেও নুশুনো, কিছুমান প্ৰাকৃতিক বা অপ্ৰাকৃতিক ঘটনা যিবোৰে আমাক বিস্মিত কৰে, কিছুমান ঘটনাই আমাক ত্ৰস্ত কৰে। তেনেদৰে আমাৰ গ্ৰহটো বা সৌৰজগতৰ সৃষ্টিও এক বিস্ময়কৰ ঘটনা আছিল। আমাৰ মনৰ অনুসন্ধিৎসাৰ বাবে আমাৰ চাৰিওফালে ঘটি থকা সকলো ঘটনাই আমাৰ মনত কিছুমান প্ৰশ্নৰ উদয় কৰে। আপুনি যদি কেতিয়াবা কিবা ঘটনা বুজি নাপাই “কি” হৈছে বা “কেনেকৈ” হৈছে অথবা “কিয়” হৈছে বুলি নিজকে প্ৰশ্ন কৰিছে তেন্তে আপুনি একেবাৰে অকলশৰীয়া নহয়। তাৰ মানে আপোনাৰ মনত কিবা এটা জিজ্ঞাসা জাগিছে। তাৰমানে আপুনি মোটামুটি বিজ্ঞানীৰ দৰেই চিন্তা কৰিছে। আকৌ আপোনাক ঘুৰাই পকাই একে ঠায়েই পোৱালোহি নহয়নে? কিয়নো এতিয়া আপুনি আকৌ সুধিব, তেন্তে “বিজ্ঞান” নো কি? কোনো কথা নাই বিচলিত নহ’ব। তাৰ উত্তৰো পাব। একেবাৰে সৰল অৰ্থত “বিজ্ঞান” হৈছে “উত্তৰ”। মানে “কি”, “কেনেকৈ”, আৰু “কিয়” এই তিনিটা প্ৰশ্ন এক বিশেষ পদ্ধতিৰে সুধি পোৱা “উত্তৰ” বা “জ্ঞান” হৈছে “বিজ্ঞান”। এতিয়া হয়তো আপুনি সুধিব, তেন্তে সেই অনুবীক্ষণ-যন্ত্ৰ, দূৰবীক্ষণ-যন্ত্ৰ, কৃত্ৰিম উপগ্ৰহ, স্মাৰ্ট ফোন সেইবোৰ কি বিজ্ঞান নহয় নেকি? হয়, হয় সেইবোৰো বিজ্ঞান। মানুহে প্ৰশ্নৰ উত্তৰৰ পৰা অৰ্জন কৰা জ্ঞানক প্ৰায়োগিক দিশত ব্যৱহাৰ কৰি ওপৰত উল্লখিত আহিলাবোৰত উপনীত হৈছেহি। আৰু এই আহিলাবোৰে এতিয়াও বিজ্ঞানীসকলক প্ৰশ্নৰ উত্তৰ জনাত বা জ্ঞান আহৰণ কৰাত সহায় কৰে। গভীৰতালৈ লাহে লাহে যাম।
এই প্ৰকৃত বিজ্ঞানৰ সূত্ৰপাত কেতিয়া হৈছিল, বা এই প্ৰশ্ন কৰা পদ্ধতিৰে উত্তৰ বা জ্ঞান অৰ্জনৰ বাটকটীয়া নো কোন আছিল? গেলিলিঅ’ গেলিলি (১৫৬৪-১৬৪২)-য়ে প্ৰথম এই বৈজ্ঞানিক পদ্ধতিৰ আঁত ধৰিছিল, গতিকে তেওঁক আধুনিক বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। তেওঁ আছিল একেধাৰে গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোৰ্তিৰ্বিদ আৰু দাৰ্শনিক। তেওঁৰ সময়লৈকে ৰোমৰ কেথ’লিক যাজকসকলে বিশ্বাস কৰিছিল যে চন্দ্ৰমা বা জোনবাইৰ পৃষ্ঠভাগ একেবাৰে মসৃণ। হয় পৃথিৱীৰ পৰা খালি চকুৰে চালে জোনবাইৰ পৃষ্ঠভাগ একেবাৰে মসৃণ যেনেই লাগে। কিন্তু গেলিলিঅ'ই নিজে তৈয়াৰ কৰি লোৱা দূৰবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি জনাইছিল যে, নহয় খালি চকুৰে মসৃণ যেন দেখিলেও ইয়াৰ পৃ্ষ্ঠভাগ তেনেই খলাবমা, পাহাৰ, পৰ্বত, খাদ ইত্যাদিৰে ভৰা।সেই সময়লৈকে এটা জনবিশ্বাস আছিল, যিটোক ভূকেন্দ্ৰিক বুলি কোৱা হৈছিল। সেই বিশ্বাস মতে অপাৰ্থিৱ জগতৰ গ্ৰহ, উপগ্ৰহ আনকি সূৰ্যও পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। গেলিলিঅ'ই বহু বছৰ ধৰি গ্ৰহ-উপগ্ৰহৰ ওপৰত কৰা বৈজ্ঞানিক পদ্ধতিৰ গৱেষণা আৰু গণনাৰ পৰা নিৰ্ধাৰণ কৰিছিল যে ভূকেন্দ্ৰিক ধাৰণাটো ভুল। সেইটো আচলতে হ'ব লাগে সৌৰকেন্দ্ৰিক। পৃথিৱী আৰু লগতে আন আন গ্ৰহবোৰেহে সূৰ্যৰ চাৰিওফালে ঘূৰে। গেলেলিঅ'ই তেওঁৰ দূৰবীক্ষণ-যন্ত্ৰৰ সহায়ত দেখিবলৈ পাইছিল যে বৃহস্পতিৰ উপগ্ৰহবোৰে ইয়াৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। তেওঁ তেওঁৰ সূত্ৰ প্ৰমাণ কৰাৰ বাবে বহু গণনাও কৰি উলিয়াইছিল। গেলিলিঅ’ৰ পূৰ্বৰ বিজ্ঞানী এৰিষ্ট'টলে সূত্ৰ আগবঢ়াইছিল যে ভিন্ন ভৰৰ পদাৰ্থ ভিন্ন হাৰত ত্বৰিৎ হয় আৰু সকলোৱে তাকে বিশ্বাস কৰিছিল। এক কথাত চাবলৈ গ'লে সেইটো সঁচা যেনেই লাগে। কিন্তু গেলিলিঅ’ই বহু পৰীক্ষণৰ পাছত এৰিষ্ট'টলৰ সূত্ৰ মিছা বুলি প্ৰমাণিত কৰিছিল। তেওঁ এই পৰীক্ষা জনতাৰ আগত কৰি দেখুৱাইছিল যে দুটা ভিন্ন ভৰৰ গোটা পদাৰ্থ পিছাৰ লিনিং টাৱাৰৰ পৰা যদি একে সময়তে এৰি দিয়া হয় দুয়োটাই একেলগে আহি মাটিত পৰিবহি। কিন্তু প্ৰমাণ দেখুউৱা সত্ত্বেও সেই সময়ৰ কেথ’লিক ধৰ্মযাজকসকলে গেলিলিঅ’ৰ পৰীক্ষাবোৰক ধৰ্মবিৰোধী বুলি তেওঁক তেওঁৰ জীৱনৰ শেষৰ নটা বছৰ গৃহবন্দী কৰি ৰাখিছিল। আনহে নালাগে তেওঁ গৃহবন্দিত্বৰ সময়ত লিখা পুথিখনো তেওঁৰ মৃত্যুৰ প্ৰায় ২০০ বছৰৰ পাছতহে জনতাৰ বাবে মুকলি কৰি দিছিল।
যি কি নহওক গেলিলিঅ’ৰ দৰেই তেওঁৰ পৰৱৰ্তী বিজ্ঞানী ছাৰ আইজাক নিউটনেও বৈজ্ঞানিক পদ্ধতিৰেই পৰীক্ষা-নিৰীক্ষা কৰি বহু অৱদান আগ বঢ়াইছিল। নিউটনৰ অৱদানবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল গ্ৰেভিটি বা মাধ্যাকর্ষণ বল। আজিৰ যুগত সকলোৱেই জানে এই গ্ৰেভিটি কি বস্তু, আৰু এই গ্ৰেভিটিৰ বাবেই আমি সকলো জড়-জীৱ এই ভূভাগত বৰ্তি থাকোঁ, মহাকাশত ভাহি নাথাকোঁ। কিন্তু নিউটনৰ সময়ত এই ধাৰণাটো কাৰো মনতে নাছিল যদিও এক অদৃশ্য শক্তি হিচাপে গ্ৰেভিটি বিশ্বব্ৰহ্মাণ্ডৰ আৰাম্ভণিৰ পৰাই আছিল। তেন্তে নিউটনে কেনেকৈ গ্ৰেভিটি আৱিষ্কাৰ কৰিলে। হয়, নিজকে বহু প্ৰশ্ন সুধি, চাৰিওফালৰ বস্তুৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰি, শেষত উত্তৰ বিচাৰি পায়। অৰ্থাৎ নিউটনেও গেলিলিঅ’ৰ দৰেই কি, কেনেকৈ আৰু কিয় এই তিনিটা প্ৰশ্ন বাৰে বাৰে সুধিছিল আৰু বাৰে বাৰে একে উত্তৰতেই উপনীত হৈছিল।
এই প্ৰশ্ন সোধা আৰু উত্তৰ বিচাৰি পোৱাই হৈছে বিজ্ঞানৰ মূল ভেটি। বিজ্ঞানৰ মূল ভেটি হ’ল তিনিটা বুনিয়াদী প্ৰশ্ন - কি, কেনেকৈ, আৰু কিয়। যিকোনো এটা ঘটনাৰ যদি আমি কি, কেনেকৈ আৰু কিয় এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি যাওঁ আৰু প্ৰত্যেক বাৰেই যদি একে উত্তৰ পাওঁ তেন্তে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক বৈজ্ঞানিক পদ্ধতি বুলি কওঁ। প্ৰত্যেক বাৰ পৰীক্ষাৰ সময়ত যদি আমি একে উত্তৰ নাপাওঁ তেন্তে হয় আমাৰ পৰীক্ষণত কিবা আউল লাগিছে অথবা আমি সোধা প্ৰশ্নতেই কিবা খুঁত আছে। পুনৰ পৰীক্ষণ কৰি অথবা প্ৰশ্ন সলনি কৰি আগ বাঢ়িলে এটা সময়ত এটা সংগত উত্তৰ পাব পাৰি। বৈজ্ঞানিক পৰীক্ষণনৰ ক্ষেত্ৰত এটা কথা অতি গুৰুত্বপূৰ্ণ যে আমি হয় আমাৰ প্ৰতিপাদ্য সঁচা বুলি অথবা মিছা বুলি প্ৰমাণ কৰোঁ।
গতিকে সৰল ভাষাত বিজ্ঞান বুলি ক’লে আপুনি, মই আৰু আমাৰ চাৰিওফালৰ জড়-জীৱ সকলো জড়িত হওঁ। কিন্তু আমি বিজ্ঞানক তেতিয়াহে বুজি পাম যেতিয়া আমি আমাৰ মনৰ ভিতৰৰ জিজ্ঞাসাক জগাই তুলিম আৰু নিজে নিজকে প্ৰশ্ন কৰিম, বহু ধৰণৰ প্ৰশ্ন কৰিম আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ চেষ্টা কৰিম। হয়, সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা সকলোৰে বাবে সম্ভৱ নহয়। কিয়নো বহু সময়ত এটা প্ৰশ্নৰ কেইবাটাও উত্তৰ হ’ব পাৰে আৰু কিছুমান প্ৰশ্নৰ উত্তৰ অত্যন্ত জটিল হ’ব পাৰে। তদুপৰি সেই জটিল প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ বহু জটিল তথা খৰচী যন্ত্ৰপাতিৰ দৰকাৰো হ’ব পাৰে। তাতোকৈ ডাঙৰ কথা হৈছে কিছুমান জটিল প্ৰশ্নৰ উত্তৰ পাবলৈ বছৰৰ পাছত বছৰ অহোপুৰুষাৰ্থ কৰিব লগা হয়। উক্ত জটিলতাৰ বাবে প্ৰকৃত বৈজ্ঞানিক প্ৰশ্নৰ উত্তৰ বিচাৰিবৰ বাবে, বা এজন বৈজ্ঞানিক তৈয়াৰ কৰিবৰ বাবে বহু বছৰৰ প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ দিয়া হয় এই কি, কেনেকৈ আৰু কিয় প্ৰশ্নকেইটা কিদৰে, কি পদ্ধতিৰে কৰিব লাগে, কিদৰে সেই উত্তৰ বিচাৰিব লাগে, আৰু উত্তৰ পাবৰ বাবে জটিল যন্ত্ৰপাতি কিদৰে ব্যৱহাৰ কৰিব লাগে, সেই যন্ত্ৰপাতিৰ পৰা সংগৃহীত তথ্য কিদৰে বোধগম্য কৰিব পাৰি আৰু অৱশেষত কি ধৰণেৰে সেই উত্তৰবোৰৰ সাৰমৰ্ম লিখিত ৰূপত জনমানসে বুজিব পৰাকৈ ব্যাখ্যা আৰু লিপিবদ্ধ কৰিব পৰা যায়। এজন চিকিৎসক হ’বলৈ যিদৰে বহু বছৰৰ প্ৰশিক্ষণ ল’ব লাগে ঠিক তেনেদৰেই এজন বিজ্ঞানী হ’বৰ বাবেও বহু বছৰৰ প্ৰশিক্ষণৰ দৰকাৰ।
ইতিমধ্যে আমি গম পাইছোঁ যে বিজ্ঞান সহজ ভাষাত কি, কেনেকৈ, আৰু কিয় এই তিনিটা বুনিয়াদী প্ৰশ্ন উত্থাপন কৰা আৰু প্ৰশ্নৰ উত্তৰ বিচাৰি পালেই আমাৰ চাৰিওফালে ঘটি থকা ঘটনাবোৰৰ বিষয়ে আমাৰ জ্ঞান বৰ্ধিত হয়। গতিকে বিজ্ঞান মানেই এক কথাত যি কোনো বিষয়তেই জ্ঞান অৰ্জন কৰা, ই যে সদায় গতানুগতিক "বিজ্ঞান"ৰ বিষয় (পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান ইত্যাদি) হ'বই লাগিব তাৰ কোনো মানে নাই। সেই বাবেই বৰ্তমান যুগত ৰাজনীতি শাস্ত্ৰক কোৱা হয় ৰাজনীতি বিজ্ঞান, সমাজ শাস্ত্ৰক কোৱা হয় সমাজ বিজ্ঞান, মনস্তত্ত্বক কোৱা হয় মনোবিজ্ঞান ইত্যাদি।
এতিয়া যিহেতু আমি বিজ্ঞান কি গম পালোঁ, গতিকে সেই গতানুগতিক বিজ্ঞানৰ বিষয়ৰ কথালৈ আহোঁ। বিজ্ঞান বুলি ক'লে সাধাৰণতে তিনিটা বিষয়ৰ কথা মনলৈ আহে; পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান। সাধাৰণ জনমানসত এইকেইটা বিষয়ৰ স্থান ক'ত? কলেজত বিজ্ঞান বিষয় হিচাপে লৈ অধ্যয়ন নকৰাসকলৰ বাবে এই তিনিটা বিষয়ৰ মূল্য কি? উত্তৰ হৈছে বিজ্ঞানক বিষয় হিচাপে লৈ অধ্যয়ন নকৰাসকলে সাধাৰণতে বিজ্ঞান বুলি ক'লে মনৰ কোনোবা কোণত এটা ভয় বা অসহজ ভাব পুহি ৰাখে। ভয় নাই, মই আকৌ সেই ভয় বা অসহজ ভাৱটো জগাবলৈ অহা নাই, বৰং সেই ভয় বা অসহজ ভাবটো দূৰ কৰিবলৈহে চেষ্টা কৰিম। মই কিমান সফল হওঁ সেইটো নিৰ্ভৰ কৰিব আপোনালোকে কেনেদৰে এই আলোচনাত ভাগ লয় তাৰ ওপৰত। এটা তেনেই সৰু উদাহৰণৰ সহায়ত আকৌ বিজ্ঞানৰ অৰ্থ বুজাবলৈ চেষ্টা কৰিম। কলেজত বিজ্ঞানৰ বিষয় নপঢ়াসকলেও অজানিতে প্ৰতিদিনে কিবা নহয় কিবা প্ৰকাৰে নিজকে বিজ্ঞানৰ লগত জড়িত কৰি ৰাখিছে বা আপোনাৰ জীৱনটোও বিজ্ঞানৰ লগত সাঙোৰ খাই আছে। উদাহৰণটো হৈছে সাধাৰণ ৰঙা চাহ একাপ তৈয়াৰ কৰাক লৈ। এই একাপ ৰঙা চাহ তৈয়াৰ কৰা প্ৰক্ৰিয়াটোত কেনেদৰে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আৰু জীৱবিজ্ঞান সাঙোৰ খাই আছে তাকেহে বৰ্ণনা কৰিব বিচাৰিছোঁ। আপুনি যদি প্ৰতিদিনে একাপ ৰঙা চাহ প্ৰস্তুত কৰি পান কৰে তেন্তে আপুনি পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানৰ সূত্ৰবোৰ অজানিতেই প্ৰয়োগ কৰি আহিছে, যদিও আপুনি সেই বিষয়ৰ বিদ্যাৰ্থী নাছিল। প্ৰথমে আহোঁ পদাৰ্থ বিজ্ঞানলৈ। আপুনি যদি চাহ প্ৰস্তুত কৰোঁতে পানীৰ উতল অহালৈকে অপেক্ষা কৰিছে তেন্তে আপুনি পানীৰ উতলন উষ্ণতালৈ অপেক্ষা কৰিছে, আৰু সেইটো ১০০ ডিগ্ৰী চেলছিয়াছ। কিন্তু এইটোও ঠিক যে আপুনি কেতিয়াও পানী সম্পূৰ্ণ উতলালৈ অপেক্ষা নকৰে। তাৰ পাছত হয়তো আপুনি এখন চামোচেৰে শুকান চাহপাত উতলা পানীত দিছে। সেই সময়ত আপুনি চামুচখন দৃঢ়তাৰে ধৰি চাহপাতখিনি লাহে লাহে লৰাই দিছে, তাৰ মানে আপুনি পদাৰ্থ বিজ্ঞানৰ বল আৰু গতিৰ সূত্ৰৰ কথা নজনাকৈয়েই অভ্যাসবশতঃ প্ৰয়োগ কৰিছে। আপুনি নিশ্চয় মধ্যম গতিত ঘুটিছে, কিয়নো আপুনি জানে যে অতি তীব্ৰ গতিত ঘুটিলে গৰম পানী আপোনাৰ নিজৰ গাতে চিটিকি পৰিব পাৰে। যি কি নহওক উপযুক্ত সময় উতলনৰ পাছত আপুনি চেকনিৰে চেকি চাহপাতখিনি বাদ দিছে। চাহ বাকোঁতে বাচনটো এক নিৰ্দিষ্ট কোণত ধৰিছে যাতে চাহপানীকণ দ্বিতীয় বাচন বা কাপটোতেই পৰে। এই গোটেই প্ৰক্ৰিয়াটো আপুনি প্ৰতিদিনে অভ্য়াসবশতঃ ইমান নিপুণতাৰে কৰি পেলায় যে তাতো যে বিজ্ঞান জড়িত হৈ আছে সেই কথা আৰু ভাবি চোৱা নহয়। এইটো নকলোঁৱেই যেনিবা ইয়াৰ পাছত যদি চাহত চেনী মিলাই ঘুটিছে তেতিয়াও আকৌ পদাৰ্থ বিজ্ঞানৰ বল আৰু গতিৰ সূত্ৰ পুনৰবাৰ ব্যৱহাৰ কৰিছে।
এইবাৰ আহোঁ ৰসায়ন বিজ্ঞানলৈ। প্ৰথমেই পানীৰ অণুবোৰৰ কথা কওঁ। সাধাৰণতে পানীৰ এটা অণু তেনেই ক্ষুদ্ৰ আৰু তাক চকুৰে মনিব পৰাৰ নাযায়। চাহকাপ তৈয়াৰ কৰিবলৈ যদি আমি একাপ পানী লৈছোঁ, তাৰ মানে সেই পানীৰ কাপত বহু নিযুত পানীৰ অণুৱে ইটোৱে সিটোৰ হাতত ধৰাধৰিকৈ থাকে, যিটোক আমি ৰসায়নৰ ভাষাত হাইড্ৰ’জেন বণ্ডিং বুলি কওঁ। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা বহু নিযুত পানীৰ অণুক আমি একেলগে থকা বাবেই মনিব পাৰোঁ। আনহাতে আমি যদি পানীৰ উষ্ণতা বঢ়াই গৈ থাকোঁ এটা সময়ত সেই উষ্ণতা গৈ পানীৰ উতলন উষ্ণতা পাবগৈ আৰু পানীৰ অণুবোৰো হাতত ধৰা ধৰিকৈ থাকিব নোৱৰা হ'ব, তাৰ মানে সেই অৱস্থাত আগতে কোৱা হাইড্ৰ’জেন বণ্ডিংবোৰ ভগিবলৈ লয় আৰু এটা সময়ত পানী ভাপ হৈ উৰি যায় আৰু লাহে লাহে বায়ুৰ লগত মিলি যায় আৰু তাৰ পাছত সেই আছুতীয়া পানীৰ অণু আমি চকুৰে মণিব নোৱাৰা হওঁ। পিছে চাহকাপ কৰাৰ কৰাৰ ক্ষেত্ৰত আমি সাৱধান হৈ থাকোঁ যে পাত্ৰত থকা গোটেইখিনি পানী যাতে উতলি শেষ হৈ নাযায়, আপুনি ওপৰত কোৱা হাইড্ৰ’জেন বণ্ডিঙৰ কথা নাজানিলেও পানী বেছি দেৰি উতলালে ভাপ হৈ যোৱাৰ কথা জানে আৰু পানীৰ অলপ উতলন অহাৰ লগে লগে আপুনি চামোচেৰে বা হাতেৰে নিৰ্দিষ্ট মাত্ৰাৰ (আপুনি ইমানেই অভ্যস্ত যে আপোনাৰ ঠিক আণ্ডাজ হৈ গৈছে একাপ চাহৰ বাবে কিমান চাহপাত দিব লাগে) চাহপাত দি চামোচেৰে ঘুটিব। এতিয়া আহোঁ পানীত দিয়াৰ পাছত চাহপাতৰ কি হয়, আৰু তাৰ ৰসায়নটোনো কি? এই ৰসায়ন চাবলৈ গ'লে একেবাৰেই সহজ। চাহপাতত বহু ধৰণৰ অণু সংমিশ্ৰিত হৈ থাকে। কিন্তু এই বহু ধৰণৰ অণুৰ ভিতৰত মাত্ৰ কেইবিধমানহে পানীৰ লগত মিশ্ৰিত বা দ্ৰৱিত হয়। আনহাতে পানীৰ এই নিৰ্দিষ্ট চাহপাতৰ অণুবোৰ দ্ৰৱিত কৰাৰ ক্ষমতা উচ্চ উষ্ণতাতহে বেছি আৰু সেই কাৰণেই আমি চাহ কৰিবলৈ পানী গৰম কৰিব লাগে। এই খিনিতে আপুনি হয়তো প্ৰশ্ন কৰিব যে আজিকালি দেখোন বজাৰত ঠাণ্ডা চাহো কিনিবলৈ পোৱা যায়, সেইটো কেনেকৈ সম্ভৱ? বজাৰৰ ঠাণ্ডা চাহ আচলতে প্ৰথমে গৰম হিচাপেই তৈয়াৰ কৰা হয়, তাৰ পাছত ফ্ৰিজত থৈ ঠাণ্ডা কৰা হয়। যি কি নহওক বাকী চাহপাতখিনি চেকনিৰে চেকি পেলোৱা হয়। ইয়াৰ পাছত আহোঁ চেনী দ্ৰৱিত হোৱাৰ কথালৈ। একোটা গোটা চেনীৰ দানাত বহু নিযুত চেনীৰ অণু একেলগে বান্ধ খাই থাকিব পাৰে। কিন্তু পানীত দ্ৰৱিত হোৱাৰ লগে লগে প্ৰতিটো দানাৰ সেই অণুবোৰৰ বন্ধনবোৰ ভাগি যায় আৰু একো একোটা সুকীয়া অণু হৈ পৰে। সেই সুকীয়া চেনীৰ অণুবোৰ ইমানেই ক্ষুদ্ৰ যে আমি খালি চকুৰে মণিব পৰাৰ কোনো উপায় নাই, গতিকে দ্ৰৱিত অৱস্থাত আমি চেনীৰ অণুবোৰ নেদেখোঁ, কিন্তু চেনীৰ অণুবোৰৰ ব্যক্তিগত ধৰ্মৰ কোনো পৰিৱৰ্তন নহয় বাবে চেনীৰ সোৱাদ ল'ব পাৰোঁ। গতিকে সেই সাধাৰণ ৰঙা চাহকাপ কৰোঁতেই আমি যিহেতু বিভিন্ন ধৰণৰ অণুৰ মিশ্ৰণ, সংমিশ্ৰণ, দ্ৰৱণ ইত্যাদি প্ৰয়োগ কৰিলোঁ তাৰমানে আমি ৰসায়ন বিজ্ঞানৰ প্ৰয়োগ কৰিলোঁ।
অৱশেষত জীৱ বিজ্ঞানৰ কথালৈ আহোঁ। এই ৰঙা চাহকাপত মূলতঃ তিনি ধৰণৰ অণু থাকে পানীৰ অণু, চাহৰ অণু আৰু চেনীৰ অণু। চাহকাপ পান কৰাৰ পাছত আমাৰ শৰীৰ আৰু মনৰ ভাগৰ দূৰ হয়। ইয়াৰ কোনটো ভাগনো তেন্তে জীৱবিজ্ঞান? কেনেকৈনো আমাৰ শৰীৰে চাহকাপৰ উপকাৰিতা নিষ্কাষণ কৰিব পাৰে তাৰ লগতে জীৱবিজ্ঞান ইয়াৰ লগত জড়িত। গৰম পানীৰ লগত মিশ্ৰিত চাহৰ অণুবোৰ আমাৰ পাচন যন্ত্ৰত জীণ নিওৱাৰ পাছত যেতিয়া সেই অণুবোৰ অৱশেষত আমাৰ তেজৰ লগত মিলি যায় তেতিয়া আমি ভাগৰ দূৰ হোৱা যেন অনুভৱ কৰোঁ। আনহাতে চাহত যদি চেনী যোগ কৰা হৈছে, সেই চেনীৰ অণুবোৰো পাচন যন্ত্ৰই জীণ নিয়ায় মানে চেনীৰ প্ৰতিটো অণু ভাগি পানীৰ অণু, কাৰ্বন ডাই অক্সাইডৰ অণু আৰু লগতে শক্তিৰ সৃষ্টি কৰে। এইবোৰক জৈৱ-ৰসায়নিক প্ৰক্ৰিয়া বোলা হয় আৰু এইবোৰৰ পৰা আমাৰ শৰীৰে কিছু আৰাম পায়। বহুল অৰ্থত জীৱবিজ্ঞান জড়িত হৈ আছে এই ব্ৰহ্মাণ্ডৰ সকলোবোৰ প্ৰাণী, উদ্ভিদ, আৰু অণুজীৱৰ লগত। সিহঁতৰ জীৱন-প্ৰক্ৰিয়া, অকল ইটোৰ লগত সিটোৰ সম্পৰ্কিতই নহয় বৰং সিহঁত জীয়াই থকা পৰিস্থিতিতন্ত্ৰৰ লগৰ সম্পৰ্কও গুৰুত্বপূৰ্ণ। গতিকে আপুনি দেখিলে যে সাধাৰণ চাহ একাপ প্ৰস্তুত কৰি পান কৰালৈকে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান এই তিনিওবিধ বিজ্ঞানৰ প্ৰয়োগ কৰিলে। ইয়াৰ পৰা এই কথাটোও সদৰি হ'ল যে, যদিও এই তিনিধৰণৰ বিজ্ঞানৰ নিজা নিজা বেলেগ বেলেগ দিশ আছে, তথাপি সেই সাধাৰণ চাহ কাপ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোতেই তিনিওবিধ বিজ্ঞান সাঙোৰ খায়ো আছে।
এই সকলোতে বিজ্ঞান সাঙোৰ খাই থকা কথাটো কেৱল সেই ৰঙা চাহকাপ কৰাৰ ক্ষেত্ৰতেই যে সঁচা সেইটো নহয়। বৰং আমি দেখা, পৰিৱেশন কৰা বা অনুভৱ কৰা সকলো ঘটনাৰ ক্ষেত্ৰতেই কিছু নহয় কিছু বিজ্ঞান দেখা যায়। যেনেদৰে ধোল, পেঁপা, গগনাৰ মাতে এটা বিহুগীতক অতিকে শুৱলা কৰি তোলে তেনেদৰে বিজ্ঞানৰ এই তিনিটা বিভাগৰ সমন্বয়ে আমাৰ জীৱনৰ বহু দিশ সহজ কৰি পেলায়। আজিৰ যুগত পিছে বিজ্ঞানৰ বহুকেইটা শাখা-প্ৰশাখা আছে, যেনে ভৌতিক বিজ্ঞানৰ ভিতৰত আছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান। তেনেদৰে জীৱবিজ্ঞানৰ ভিতৰত আছে উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, জিনীয় বা আনুবংশিক বিজ্ঞান, চিকিৎসা বিজ্ঞান আদি। ভূমি বিজ্ঞানৰ ভিতৰত আছে ভুতত্ত্ব, সমুদ্ৰতত্ত্ব, জীৱাশ্ম বিজ্ঞান, আৰু বতৰবিজ্ঞান। ইয়াৰ বাহিৰেও আছে জ্যোতিৰ্বিজ্ঞান, পৰিস্থিতিবিজ্ঞান, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান আৰু সমাজ বিজ্ঞান আদি।
আকৌ পদাৰ্থ বিজ্ঞানেই হওক, ৰসায়ন বিজ্ঞানেই হওক বা জীৱবিজ্ঞানেই হওক এই আটাইবোৰ বিজ্ঞানৰ দুটা মূল ধৰণৰ ভিতৰত পৰে - মৌলিক বা বুনিয়াদী বিজ্ঞান আৰু প্ৰায়োগিক বিজ্ঞান। আমি যদি কি, কেনেকৈ আৰু কিয় এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি বিজ্ঞান চৰ্চা কৰোঁ সেই বিজ্ঞানক আমি "বুনিয়াদী বিজ্ঞান" বুলি কওঁ। আকৌ সেই বুনিয়াদী বিজ্ঞানৰ পৰা আহৰণ কৰা জ্ঞান যদি সঁচা অৰ্থত কামত লগাব পাৰোঁ তেন্তে তাক আমি "প্ৰায়োগিক বিজ্ঞান" বুলি কওঁ। এই বুনিয়াদী বিজ্ঞান আৰু প্ৰায়োগিক বিজ্ঞানৰ প্ৰভেদ জানিবলৈ আহক আকৌ এবাৰ সেই চাহ কাপৰ উদাহৰণটো লৈ ওভতোঁ।
বুনিয়াদী বিজ্ঞানক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰিব পাৰি -
(১) প্ৰশ্ন সোধা: আমি যদি সেই ৰঙা চাহকাপ প্ৰস্তুত কৰাৰ গোটেই প্ৰক্ৰিয়াটোক বৈজ্ঞানিক পদ্ধতিৰে জুখিব খোজোঁ তেন্তে আমি বেলেগ বেলেগ ধৰণেৰে প্ৰশ্ন কৰিব পাৰোঁ। যেনে ধৰক আমি সুধিব পাৰোঁ, “ৰঙা চাহকাপৰ উৎস কি?” অথবা "ৰঙা চাহকাপ প্ৰস্তুত কৰিবৰ বাবে আমাক কি কি সামগ্ৰীৰ দৰকাৰ হয়?" আপুনি বহু সামগ্ৰী এই তালিকাত থ’ব পাৰে, যেনে ধৰক চাহপাত, চেনী, ইলাচী, আদা, জালুক, হালধি, মৌ, নিমখ ইত্যাদি। এইটো দৰকাৰী নহয় যে তালিকাৰ সকলোবোৰ সামগ্ৰী সঁচা হ’বই লাগিব। অন্যহাতে চাহকাপ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো যদি আপোনাৰ কাৰণে একেবাৰে আচহুৱা, ধৰক আপুনি কোনোদিন চাহ পান কৰিও পোৱা নাই, কোনোদিন চাহ প্ৰস্তুত কৰিও পোৱা নাই আৰু চাহ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো আনকি দেখাও নাই। তেনে ক্ষেত্ৰত আপুনি সম্পূৰ্ণ অজ্ঞ হৈ আণ্ডাজত তালিকাখন প্ৰস্তুত কৰিছে আৰু বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰি আপুনি থিৰাং কৰিব বিচাৰিছে প্ৰকৃততে ৰঙা চাহ একাপ কেনেদৰে প্ৰস্তুত কৰিব পাৰি। এনে কৰোঁতে আপুনি সফলতাৰে চাহ প্ৰস্তুত কৰাৰ আগতে কেইবাবাৰো অসফল হোৱাৰ অশংকাও নুই কৰিব নোৱাৰি। গতিকে আপোনাৰ বৰ্তমান তালিকাখনৰ বিকল্প সামগ্ৰীবোৰ পাছত বাদ দিব পাৰিব। পৰৱৰ্তী প্ৰশ্নটো হ’ব - এই গোটা পদাৰ্থবোৰ দ্ৰৱিত কৰিবৰ বাবে কি কি জুলীয়া পদাৰ্থ দৰকাৰ হোৱাৰ সম্ভাৱনা আছে তাৰো এখন তালিকা আপুনি তৈয়াৰ কৰিব। সেই তালিকাত হয়তো থাকিব ঠাণ্ডা পানী, গৰম পানী, গাখীৰ, ভিনেগাৰ, নাৰিকলৰ গাখীৰ ইত্যাদি। তাৰ পাছৰ প্ৰশ্নটো হ’ব - এই সামগ্ৰীবোৰৰ পৰিমাণ কিমান হোৱাৰ দৰকাৰ, যদি ধৰক আপুনি একেলগে দুকাপ চাহ তৈয়াৰ কৰিব খুজিছে? লগতে কি ধৰণেৰে এই সামগ্ৰীবোৰ মিশ্ৰণ কৰা হ’ব, কি কি বাচন আৰু সঁজুলিৰ দৰকাৰ হ’ব ইত্যাদি। আকৌ প্ৰশ্ন হ’ব পাৰে চাহকাপ পান কৰাৰ পাছত আমাৰ শৰীৰ আৰু মনৰ কিবা উপকাৰ হ’বনে?
২) দ্বিতীয় পৰ্যায় হৈছে ওপৰত উল্লেখ কৰা প্ৰশ্নবোৰৰ ওপৰত ভিত্তি কৰি ৰঙা চাহকাপৰ উৎস সম্পৰ্কে এটা থুলমূল প্ৰতিপাদ্য বা উপকল্পৰ উত্থাপন কৰা। উদাহৰণ স্বৰূপে (ক) আমি কব পাৰোঁ যে ৰঙা চাহকাপৰ বাবে আমাক চাহপাত লাগিব, চাহকাপ সোৱাদ কৰাৰ বাবে চেনী মিলাব লাগিব, আৰু যদি ধৰক দুকাপ চাহ তৈয়াৰ কৰিব বিচাৰে কাপটোৰে সম্পূৰ্ণকৈ দুবাৰ পানী দিব লাগিব কিয়নো কিছু পৰিমাণৰ পানী ভাপ হৈ উৰিও যাব। (খ) আপুনি অন্য এটা প্ৰতিপাদ্যও ল'ব পাৰে য'ত সকলো একেই ৰাখি মাত্ৰ চেনী বাদ দি তাৰ সলনি আদা দিয়া হয়, তেতিয়া নিশ্চয় সোৱদ বৰ ভাল নহ'ব, কিন্তু পানী লাগি থাকিলে বা কাহ হৈ থাকিলে ডিঙিটোৱে সকাহ পাব। ইয়াৰ উপৰি আমি আৰু কেইবাটাও প্ৰতিপাদ্য ল'ব পাৰোঁ, প্ৰতিটো প্ৰতিপাদ্য পৰীক্ষা কৰি চাব পাৰোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি আমাৰ সিদ্ধান্ত স্থিৰ কৰিব পাৰোঁ।
আঁচনি: (ক) বুনিয়াদী বিজ্ঞানৰ মতে ৰঙা চাহকাপ প্ৰস্তুত কৰাৰ বৈজ্ঞানিক পদ্ধতি।
(খ) প্ৰায়োগিক বিজ্ঞানৰ মতে ৰঙা চাহকাপৰ বিভিন্ন সম্ভাব্য প্ৰায়োগিক দিশসমুহ চালি-জাৰি চোৱা।
৩) আমাৰ প্ৰতিপাদ্য তৈয়াৰ হোৱাৰ পাছত ওপৰৰ এটা বা দুয়োটা (দুটাতকৈ বেছিও হ'ব পাৰে) প্ৰতিপাদ্যৰ সত্যাসত্য বিচাৰ কৰিব লাগে পৰীক্ষণৰ দ্বাৰা। প্ৰথমে আমি (ক) প্ৰতিপাদ্যৰ মতে সকলো সামগ্ৰী মিশ্ৰিত কৰি দুকাপ চাহ তৈয়াৰ কৰি আমাৰ পূৰ্বানুমান পৰীক্ষা কৰা দৰকাৰ। এই (ক) প্ৰতিপাদ্য কেইবাবাৰো পৰীক্ষণ কৰি প্ৰতিবাৰেই একে ফলাফল পালেহে আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে সেই প্ৰতিপাদ্যটো সঁচা অথবা মিছা। এটা কথা ঠিক যে বিজ্ঞানৰ চৰ্চাত একেটা পৰীক্ষণকে বাৰম্বাৰ কৰিহে সিদ্ধান্ত দিব পাৰি। এবাৰ বা দুবাৰ পৰীক্ষা কৰাটো বিজ্ঞান নহয়। আকৌ এইটোও ঠিক যে এনে ধৰণৰ বৈজ্ঞানিক পৰীক্ষণৰ দ্বাৰা আমি আমাৰ কোনো এটা প্ৰতিপাদ্য সঁচা অথবা মিছা বুলি প্ৰমাণিত কৰিব পাৰোঁ। যদি প্ৰতিপাদ্যটো মিছা প্ৰমাণিত হয় তেন্তে প্ৰতিপাদ্য সলনি কৰি, দৰকাৰ হ'লে সামগ্ৰীও সলনি কৰি, সামগ্ৰীৰ পৰিমাণ সলনি কৰি, সঁজুলি সলনি কৰি কেইবাবাৰো সংগত ফলাফল নোপোৱালৈকে বাৰম্বাৰ পৰীক্ষা কৰি যোৱাটো বৈজ্ঞানিক পদ্ধতিৰ ভিতৰত পৰে। এটা প্রতিপাদ্য সঁচা বা মিছা প্রমাণিত কৰাৰ পাছত আমি একে ধৰণৰ পদক্ষেপ লৈ অন্য এটা প্ৰতিপাদ্যৰ পৰীক্ষণত লাগিব পাৰোঁ। এই পুনৰাবৃত্তিৰ চক্ৰটোৰ বাবেই বিজ্ঞান বহু ক্ষেত্ৰত বহুতৰ বাবে বিৰক্তিকৰো হ'ব পাৰে।
৪) যি কি নহওক পৰীক্ষণ সফলৰূপে সম্পূৰ্ণ কৰাৰ পাছত আমি এটা সিদ্দান্তত উপনীত হ'ব লাগে। এই সিদ্ধান্ত ৰঙা চাহকাপৰ ক্ষেত্ৰত এনে ধৰণৰ হ'ব পাৰে - আমাৰ পৰীক্ষণে প্ৰতিপাদ্য অনুযায়ী ৰঙা চাহকাপ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটোৰ সত্যাসত্য নিৰ্ণয় কৰিলে। অৰ্থাৎ ৰঙা চাহকাপৰ বাবে চাহপাত গৰম পানীত সিজাই ৰস নিষ্কাষণ কৰা হয়। লগত চেনী মিশ্ৰিত কৰিলে ৰঙা চাহকাপ সোৱাদ হয়। চাহকাপ পান কৰাৰ পাছত শৰীৰ আৰু মনৰ ভাগৰ কিছু পৰিমাণে দূৰ হয়। পানী লাগিলে বা ডিঙিত ঠাণ্ডা লাগিলে আদা দিয়া গৰম ৰঙা চাহকাপে যথেষ্ট আৰাম দিয়ে।
গতিকে, আপুনি দেখিলে যে বুনিয়াদী বিজ্ঞানে সদায় এই চাৰিটা প্ৰক্ৰিয়া অনুকৰণ কৰে।
এতিয়া আহোঁ বিজ্ঞানৰ দ্বিতীয় ধৰণটোলৈ যিটোক আমি প্ৰায়োগিক বিজ্ঞান বোলা হয়। আমি বুনিয়াদী বিজ্ঞানৰ পৰা আহৰণ কৰা জ্ঞান কেনেদৰে কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিম সেয়ে প্ৰায়োগিক বিজ্ঞান। আমি বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি যে ৰঙা চাহকাপ প্ৰস্তুত কৰিবলৈ শিকিলোঁ তাৰনো কি ব্যৱহাৰিক দিশ আছে, সেইটো বিচাৰ কৰা আৰু সঁচা অৰ্থত প্ৰয়োগ কৰা। সেই ৰঙা চাহকাপৰ দুটামান ব্যৱহাৰ আমি আগতেই উল্লেখ কৰিছোঁ, যেনে চাহকাপে আমাৰ ভাগৰুৱা শৰীৰ আৰু মনক আৰাম দিয়ে, চেনী মিশ্ৰিত কৰিলে চাহকাপ সোৱাদ হয় আৰু আদা যোগ দিলে পানী লগাৰ সময়ত সকাহ পোৱা যায়। আমি আৰু কেইটামান যোগ দিব পাৰোঁ, যেনে চেনী আৰু আদা দুয়োটা একেলগে ব্যৱহাৰ কৰিলে সোৱাদো হয় আৰু পানীলগা বা কাহত ডিঙিৰো আৰাম পোৱা যায়। আকৌ সেই ৰঙা চাহকাপত গাখীৰ আৰু ইলাচী সংযোগ কৰিলে চাহকাপৰ সোৱাদ বাঢ়ে লগতে সুগন্ধিও হয়। গতিকে এই চাহকাপ আলহী আপ্যায়নত উপযোগী হ'ব পাৰে। আনহাতে ৰঙা চাহকাপত সাধাৰণতে ব্যৱহাৰ কৰা ব্লেক বা ব্ৰাউন টি ব্যৱহাৰ নকৰি গ্ৰীন টি বা সেউজীয়া চাহ ব্যৱহাৰ কৰিলে উপৰুৱা লাভ পোৱা যায় কিয়নো তথ্যৰ পৰা জনা যায় যে গ্ৰীন টিৰ বহু উপকাৰিতা থকাৰ লগতে ই শৰীৰক ক্ষতি কৰা ফ্ৰী-ৰেডিকেলবোৰ ৰোধ কৰিব পাৰে বুলি জনা গৈছে। আনহাতে, সোৱাদৰ বাবে আমি যদি ৰঙা চাহকাপত চেনীৰ সলনি মৌ ব্যৱহাৰ কৰোঁ তেন্তে সেইটো বেছি স্বাস্থ্যসন্মত হ'ব। গতিকে আপুনি দেখিবলৈ পালে কিদৰে বুনিয়াদী বিজ্ঞানৰ দ্বাৰা অৰ্জন কৰা জ্ঞান প্ৰয়োগ কৰি আমি চাহকাপৰ বিভিন্ন ব্যৱহাৰিক দিশবোৰ দোহাৰিলোঁ। এয়াই প্ৰায়োগিক বিজ্ঞান আৰু ই সদায় বুনিয়াদী বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। ইয়াত মই চাহৰ প্ৰকৃত ৰন্ধন প্ৰকৰণ ব্যাখ্যা কৰাৰ চেষ্টা কৰা নাই, মাথোঁ চাহকাপক উদাহৰণ হিচাপে লৈ বৈজ্ঞানিক পদ্ধতিৰহে বৰ্ণনা দিয়াৰ প্ৰয়াস কৰিলোঁ।
আশা কৰিলোঁ এই পৰ্যন্ত কৰা আলোচনাৰ পৰা আপুনি বিজ্ঞান কি বা ইয়াৰ সংজ্ঞা কি তাৰ এটা থুলমূল আভাস পালে। হয়তো এতিয়া এইটোও অনুধাৱন কৰিব পাৰিছে যে সাধাৰণ বিজ্ঞান জানিবলৈ বিজ্ঞানৰ সৰু সৰু কথাবোৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিবলৈ আপুনি নিজে বিজ্ঞানৰ ছাত্ৰ বা ছাত্ৰী হ'বই লাগিব বুলি কোনো চৰ্ত নাই। বিজ্ঞান যিহেতু প্ৰশ্ন সুধি আহৰণ কৰা জ্ঞান, গতিকে সকলোৱেই কম-বেছি পৰিমাণে সাধাৰণ বিজ্ঞানৰ জ্ঞান আহৰণ কৰিব পাৰিব। দৰকাৰ মাথোঁ এটি জিজ্ঞাসা ভৰা মন আৰু অলপ উদ্যম। আগতে কোৱাৰ দৰে সেই বাবেই বৰ্তমান যুগত ৰাজনীতি শাস্ত্ৰক কোৱা হয় ৰাজনীতি বিজ্ঞান, সমাজ শাস্ত্ৰক কোৱা হয় সমাজ বিজ্ঞান, মনস্তত্ত্বক কোৱা হয় মনোবিজ্ঞান ইত্যাদি। মুঠতে আপুনি য'তেই বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰে সেয়াই বিজ্ঞান।
শেষত এটা ডাঙৰ প্ৰশ্ন। বিজ্ঞান ভাল নে বেয়া? বিজ্ঞান যিহেতু প্ৰশ্ন সুধি আহৰণ কৰা জ্ঞান, সেয়েহে ই কেতিয়াও বেয়া হ'ব নোৱাৰে। এক কথাত ভাল-বেয়া নিৰ্ভৰ কৰিব ব্যৱহাৰৰ ওপৰত। উদাহৰণ স্ৱৰূপে আমি যদি নিউক্লিয়াৰ শক্তিৰ কথালৈ আহোঁ, এই নিউক্লিয়াৰ শক্তিৰ নিয়ন্ত্ৰিত ব্যৱহাৰৰ দ্বাৰা নিউক্লিয়াৰ পাৱাৰ প্লাণ্টৰ সহযোগত বৈকল্পিত বৈদ্যুৎ শক্তি কম খৰচতেই উৎপাদন কৰিব পাৰি। পিছে যি কোনো ধৰণৰ নিউক্লিয়াৰ প্ৰকল্প অব্যাহত ৰখা খুব খৰচী কিয়নো নিউক্লিয়াৰ আৱৰ্জনাৰ তদাৰক কৰিবৰ বাবে উপৰুৱা নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজন হয়। আনহাতে, এই নিউক্লিয়াৰ শক্তি ব্যৱহাৰ কৰিয়েই মাৰাত্মক নিউক্লিয়াৰ বোমাও তৈয়াৰ কৰব পাৰি। কথা হৈছে আমি কোনটো বিচাৰোঁ, বা কোনটো কৰা যুগুত। বিজ্ঞানৰ ভাল-বেয়া মানুহৰ বিৱেচনাৰ ওপৰতেই নিৰ্ভৰশীল।
ঠিক তেনেদৰে বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজি আমাৰ সকলোৰেই হাতত স্মাৰ্ট ফোন নামৰ এক আহিলা তুলি দিছে। আহিলা বুলি এই কাৰণেই কৈছোঁ কিয়নো এই বস্তুপদৰ সহায়ত আমি আজিৰ যুগত এক ৰাজ্য বা একেই দেশহে নালাগে পৃথিৱীৰ যিকোনো কোণত থকা ব্যক্তিৰ লগত নিমিষতে যোগাযোগ কৰিব পাৰোঁ, অনলাইন বজাৰ কৰা, বেংকৰ লেন-দেন কৰা, বিল পৰিশোধ কৰা, বতৰৰ বতৰা লোৱা, গোলকীয় খৱৰ জনা, গান শুনা, ফটো-ভিডিঅ' তোলা, অচিনকী ঠাইত গাড়ীৰ চালকক পথ নিৰ্দেশনা দিয়া ইত্যাদি কেইটামান ব্যৱহাৰৰ কথা উল্লেখ কৰিলোঁ। মুঠৰ ওপৰত এইপদ আহিলাই গোটেই পৃথিৱীখনকে গোলকীয় গাঁও এখনলৈ পৰিবৰ্তিত কৰিছে। আনহাতে স্মাৰ্ট ফোনৰ বহুল ব্যৱহাৰে প্ৰকৃত টেলিফোনৰ বিস্তৰ ক্ষতি সাধন কৰিলে, হাতে লিখা চিঠি প্ৰায় নোহোৱা হ'ল, ডাকসেৱা মৃতপ্ৰায়, সামাজিক মাধ্যমে কেৱল ছাত্ৰ-ছাত্ৰীৰেই মানসিক ক্ষতি কৰা নাই লগতে বহু বয়স্ক লোকো এই বেমাৰৰ পৰা হাত সাৰিব পৰা নাই। হাতৰ মুঠিতেই সমগ্ৰ ধৰাৰ খবৰ আছে, কিন্তু বহুতেই এই খবৰৰ সমূদ্ৰত ভাল-বেয়া বিচাৰ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে। আনহাতে এই অতিমাৰিৰ লকডাউনৰ সময়ত বহু ছাত্ৰ-ছাত্ৰীৰ বাবেই এই স্মাৰ্ট ফোনটোৱেই শিক্ষা গ্ৰহণৰ একমাত্ৰ সমলো হৈ ৰৈছে।
এই ধৰণৰ তৰ্ক-বিতৰ্কৰ কোনো শেষ নাই। মাত্ৰ এইটোকে কৈ সামৰণি মাৰিব বিচাৰিছোঁ যে বিজ্ঞানে সদায় নতুন নতুন সমল আমাৰ আগত যোগান ধৰি থাকিব, আমি মাথোঁ ভাল-বেয়া চালি-জাৰি চাই সেই সঁজুলিবোৰক ভাল দিশত ব্যৱহাৰ কৰিবলৈ শিকিলেই হ'ল।
লেখকৰ ঠিকনা :
Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144
Phone 470-578-2654, Fax: 470-578-9137
E-mail: bbaruah@kennesaw.edu
http://facultyweb.kennesaw.edu/bbaruah/
https://scholar.google.com/citations?user=2qax6nEAAAAJ&hl=en