অন্যযুগ/


অসমীয়া বিজ্ঞান সাহিত্য : এটি টোকা

ড° অৰবিন্দ ৰাজখোৱা


প্ৰাচীন অসমৰ বিজ্ঞান চৰ্চা বিশ্বৰ আন বহু ঠাইৰ তুলনাত কোনোগুণেই কম নাছিল৷ জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতা আৰু অন্বেষণৰ ভেটিত প্ৰাচীন অসমৰ জনজীৱনে বিজ্ঞানৰ বহু সত্য নিজৰ নিত্য সহচৰ কৰি লৈছিল৷ এই কথাৰ উৎকৃষ্ট নিদৰ্শন হ’ল ডাকৰ বচনসমূহ৷ সম্পূৰ্ণ বৈজ্ঞানিক সত্য আৰু তথ্যৰে অসমীয়া জনমানসত স্বচ্ছন্দে বিচৰণ কৰা ডাকৰ বচনসমূহৰ বিষয়বস্তু, উপস্থাপন ৰীতি আৰু ভাষা আছিল অত্যন্ত সৰল আৰু সহজবোধ্য৷ ডাকৰ বচনসমূহৰ কাব্যিক সৌন্দৰ্যও কম নাছিল৷ সেয়ে এইসমূহ অসমীয়া লোক-সাহিত্যৰ এক চহকী বিভাগ হিচাপে বিশেষভাৱে সমাদৃত৷ লগতে এই কথাও ক’ব পাৰি যে ডাকৰ বচনসমূহৰ দৰে আন কোনো বিজ্ঞান বিষয়ক ৰচনাই অসমীয়া জনমানসত এতিয়ালৈকে বিশেষ ঠাই অধিকাৰ কৰি জনপ্ৰিয় হৈ উঠিব পৰা নাই৷ অসমীয়া বিজ্ঞান সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে উপৰি উক্ত কথাষাৰ চালি-জাৰি চোৱাৰ প্ৰয়োজন আছে৷ বিজ্ঞান আৰু সাহিত্য দুয়োটাই সুকীয়া বিষয়৷ সাহিত্য পোনপটীয়াভাৱে সুকুমাৰ কলাৰ অন্তৰ্গত৷ গতিকে বিজ্ঞানৰ বিষয় এটাক সাহিত্যৰ মৰ্যাদা প্ৰদান কৰি বিজ্ঞান সাহিত্য অভিধাটোৰে তাক নিৰ্দেশ কৰিবলৈ হ’লে কিছুমান পূৰ্বচৰ্ত পূৰণ কৰিবই লাগিব৷ প্ৰকৃততে বিজ্ঞানৰ মৌলিক তত্ত্বসমূহ জনসাধাৰণৰ জ্ঞাতাৰ্থে সৰলীকৃত কৰি ৰচনা কৰা লেখাসমূহেক বিজ্ঞান সাহিত্য আখ্যা দিয়া হয়৷ পিছে‍ (a+b)2 = a2 + b2 + 2ab কৰি দেখুৱালেই সৰলীকৰণ কৰা নুবুুজাব৷ সাহিত্য হ’বলৈ হ’লে বিষয়বস্তুৰ মূল জুমুঠিটোৰ ওপৰত যথাযথভাৱে মাটিৰ লেপন দিবতো লাগিবই, তাৰ ওপৰতো ৰং, তেল, বস্ত্ৰ-অলংকাৰৰ পয়োভৰ ঘটাব পাৰিব লাগিব৷ অসমীয়া বিজ্ঞান সাহিত্যৰ মূৰ্তিটোৰ ক্ষেত্ৰত মাটিৰ লেপন, ৰং, তেল, বস্ত্ৰ-অলংকাৰৰ সমানুপাতিকতাৰ অভাৱ সততে পৰিলক্ষিত হয়৷ আৰু ভালেমান কাৰণত অসমীয়া বিজ্ঞান সাহিত্যই অন্যান্য ভাষাৰ বিজ্ঞান সাহিত্যৰ দৰে প্ৰসাৰ আৰু জনপ্ৰিয়তা লাভ কৰা নাই৷ সেইবোৰ প্ৰসঙ্গলৈ যোৱাৰ আগতে অসমীয়া বিজ্ঞান সাহিত্যৰ ইতিহাসৰ এক চমু অভাস দি লোৱা ভাল হ’ব৷ 

অসমত লিখিত বিজ্ঞান সাহিত্যৰ চৰ্চা আৰম্ভ হয় ১৪৩৪ খ্ৰীষ্ট্ৰব্দত৷ কোঁচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা আৰু অনুপ্ৰেৰণাত বকুল কায়স্থই পদ্যত গণিতৰ পুথি ‘কিতাবত মঞ্জৰী’ অসমীয়ালৈ অনুবাদ কৰে৷ তেওঁ ‘লীলাৱতী’ নামৰ গণিতৰ পুথিখনো পদ্যত ভাঙে৷ তদানীন্তন আন দুখনমান বিজ্ঞান বিষয়ক পুথি হ’ল— চূড়ামণিৰ ‘জ্যোতিষ চূড়ামণি’, কবিৰাজ চক্ৰৱৰ্তীয়ে সংস্কৃতৰ পৰা অনুবাদ কৰা ‘ভাস্বতী শাস্ত্ৰৰ কথা’, কাশীনাথৰ ‘আৰ্যকথা’ আদি৷ আহোম স্বৰ্গদেউ  শিৱসিংহ আৰু তেওঁৰ বৰকুঁৱৰী অম্বিকাৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাথ ৰচিত আৰু দিলৱৰ দোহায়াৰ চিত্ৰায়িত ‘হস্তীবিদ্যাৰ্ণৱ’ আৰু ১৭৪০ খ্ৰীষ্ট্ৰাব্দত কোনো অজ্ঞাত লেখকে লিখা ‘ঘোঁৰা নিদান’ পুথি অসমীয়া বিজ্ঞান সাহিত্যৰ বুৰঞ্জীৰ প্ৰাৰম্ভিক কালৰ সম্ভ্ৰান্ত নিদৰ্শন৷ আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত আৰু কেইখনমান বিজ্ঞান বিষয়ক পুথি ৰচিত হৈছিল৷ মিছনেৰীসকলৰ আগমনৰ পাছত অসমত  বিজ্ঞান চৰ্চাৰ এক সুচল পথ মুকলি হয়৷ অসমতে পতা ছপাখানাত নাথান ব্ৰাউনে কেইবাখনো বিজ্ঞান বিষয়ক পুথি ছপা কৰি উলিয়ায়৷ ১৮৪৬ চনৰ পৰা প্ৰকাশ পাবলৈ লোৱা প্ৰথম অসমীয়া কাকত ‘অৰুনোদই’ত বিজ্ঞান বিষয়ক লেখা ধাৰাৱাহিকভাৱে প্ৰকাশিত হৈছিল৷ অৰুণোদই যুগত প্ৰকাশিত বিজ্ঞান বিষয়ক কেইখনমান অসমীয়া পুথি হ’ল— হেমচন্দ্ৰ বৰুৱাই কৰা Way to health-ৰ অসমীয়া অনুবাদ ‘স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়’ পাণিন্দ্ৰ নাথ গগৈৰ ‘ল’ৰা শিক্ষা’ আদি৷ ‘অৰুনোদই’ৰ দৰে জোনাকী, বাঁহী, চেতনা, আসাম বান্ধৱ, মিলন, মইনা আদি আলোচনীয়েও বিজ্ঞান বিষয়ক লেখা এৰা-ধৰাকৈ প্ৰকাশ কৰিছিল৷ বিংশ শতিকাৰ প্ৰথম দশকত অসমত বিজ্ঞান বিষয়ক তিনিখন পুথি প্ৰকাশিত হয়৷ বিংশ শতিকাৰ তৃতীয় দশকৰ পৰাহে অসমীয়া বিজ্ঞান সাহিত্যই নিজা চৰিত্ৰ লাভ কৰে৷ ১৯২৫ চনত ডাঃ কনক চন্দ্ৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত ‘পশুপালন’ নামৰ আলোচনীখনৰ কথা এই প্ৰসঙ্গত বিশেষভাৱে উল্লেখযোগ্য৷ অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ শুভাৰম্ভ ঘটে কুমুদেশ্বৰ বৰঠাকুৰৰ কলমত৷ ১৯৪৬ খ্ৰীষ্টাব্দত বৰঠাকুৰে তেওঁৰ ‘গোলাই ছিৰিজ’ৰ এটা খণ্ড হিচাপে ‘এটম বোমা’ নামৰ কাহিনী এটা ৰচনা কৰে৷ তাৰ ঠিক পাছতে সৌৰভ কুমাৰ চলিহাৰ ‘আৱাজ’ আৰু ভবেন্দ্ৰনাথ শইকীয়াৰ ‘গহ্বৰ’ গল্পক এই শাৰীলৈ আনিব পাৰি৷ তেতিয়াৰে পৰা সাম্প্ৰতিক সময়লৈকে মৌলিক আৰু অনুবাদ এই দুয়ো ধৰণৰ ভালেসংখ্যক কল্পবিজ্ঞান বিষয়ক গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশিত হৈছে৷ এইবোৰৰ ভিতৰত দীনেশ চন্দ্ৰ গোস্বামীৰ ‘ভদ্ৰতামাপক যন্ত্ৰ’, বন্দিতা ফুকনৰ ‘দ্বিতীয় ব্যক্তি’, বিজয়কৃষ্ণ দেৱশৰ্মাৰ ‘চন্দ্ৰলোকত প্ৰথম মানুহ’, শান্তনু তামূলীৰ ‘ইলেকট্ৰনিক নামৰ ল’ৰাটো’ আদিৰ নাম উল্লেখযোগ্য৷ অসমীয়া বিজ্ঞান সাহিত্য প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা আলোচনীসমূহৰ ভিতৰত অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা ‘বিজ্ঞান জেউতি’ আৰু যোৰহাটৰ মৌচাক প্ৰকাশনৰ পৰা প্ৰকাশিত ‘নতুন আৱিষ্কাৰ’ৰ নাম ল’ব পাৰি৷ আকাশবাণী কেন্দ্ৰসমূহেও এই ক্ষেত্ৰত কিছু অৱদান আগ বঢ়াইছে৷ অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘বিজ্ঞান বিশ্বকোষ’ৰ তিনিটা খণ্ড অসমীয়া বিজ্ঞান সাহিত্যলৈ গুৰুত্বপূৰ্ণ সংযোজন৷ 

ডাকৰ বচনৰ পৰা বিজ্ঞান বিশ্বকোষলৈ অসমীয়া বিজ্ঞান সাহিত্যৰ এক সমীক্ষা লোৱাৰ পাছত অনুভৱ হয়— অসমীয়া বিজ্ঞান সাহিত্যৰ ভঁৰাল একেবাৰে শীৰ্ণকায় নহয়৷ বিংশ শতিকাৰ শেষ মধ্য ভাগৰ পৰা অসমীয়া বিজ্ঞান সাহিত্যৰ ধাৰাটো সবলভাবেই বিকশিত হ’বলৈ ধৰিছে৷ কিন্তু অসমৰ সাধাৰণ পাঠক সমাজততো বাদেই, বৌদ্ধিক মহলতো বিজ্ঞান সাহিত্যই এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্থান পোৱা নাই৷ এই প্ৰসঙ্গত ড° পৰমানন্দ মহন্তই সংশয় প্ৰকাশ কৰিছে এনেদৰে— বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী কে’বাজনো অসমীয়া সাহিত্যিক আমাৰ সাহিত্য জগতৰ মুুধা ফুটা ব্যক্তি হিচাপে পৰিগণিত হ’লেও সাধাৰণতে বিজ্ঞান আৰু গণিত বেয়া পোৱা বা এই দুই বিষয়ৰ লগত ৰাহি-জোৰা মিলাব নোৱৰা লোকেহে সাহিত্য কৰিব, এনে এটা ধাৰণা ক’ৰবাত সোমাই থকা যেন ভাৱ হয়৷  অসমীয়া বিজ্ঞান সাহিত্য এনেদৰে অৱহেলিত হৈ থকাৰ বাবে অসমৰ বিজ্ঞান লেখকসকলে সততে অভিযোগ উপস্থাপন কৰে; বহুতে নিৰুৎসাহিত হৈ অৱশেষত বিজ্ঞান বাদ দি আন জনপ্ৰিয় সাহিত্য ৰচনা কৰিবলৈ আৰম্ভ কৰে৷ প্ৰকৃততে কোনো এটা বিষয়কে যাদুদণ্ডৰে মানুহৰ কাষলৈ নিব নোৱাৰি অথবা স্বীকৃতি দি দিব নোৱাৰি৷ 

অসমীয়া সমাজত বিজ্ঞান এতিয়াও এটা অৱহেলিত আৰু অ-চৰ্চিত বিষয়৷ বিজ্ঞানৰ সাধাৰণ জ্ঞানসমূহকে নথকা অসমীয়া জনজীৱনে বিজ্ঞানৰ ন ন আৱিষ্কাৰসমূহ কিন্তু ঠিকেই নিজৰ কৰি লৈছে সঁচা৷ কিন্তু অসমীয়া মানুহে কৌটিকলীয়া সংস্কাৰ আৰু পৰম্পৰাও এৰিব নোখোজে৷ আজিও অসমীয়া মানুহে সদায় ব্যৱহাৰ কৰি থকা বিজ্ঞানৰ আৱিষ্কাৰসমূহৰ বিষয়েও অতিৰিক্ত কোনো কথাই জানিব নোখোজে৷ সমাজে বিজ্ঞানক এক টান বিষয় বুলি অৱহেলা কৰি থকাৰ ফলত তেনে সমাজত ডাঙৰ হোৱা শিশুৱেও বিজ্ঞান বুলিলে আতংকত ভোগে আৰু স্কুল পৰ্যায়ৰ বিজ্ঞান শিক্ষাক এক বোজা হিচাপে গণ্য কৰে৷ ফলস্বৰূপে তেনে শিশুৱে ডাঙৰ হৈ বিজ্ঞান সাহিত্যৰ প্ৰতি কোনো আগ্ৰহ নেদেখুউৱা হয়৷ আমাৰ সমাজত বিজ্ঞান সাহিত্যই প্ৰসাৰ লাভ নকৰাৰ এক মনোবৈজ্ঞানিক কাৰণ হ’ল— ঈশ্বৰ আৰু বিজ্ঞানে দাঙি ধৰা সৃষ্টি-তত্ত্বৰ বিপৰীত ব্যাখ্যা৷ ঈশ্বৰে দিনে নিশাই কষ্ট কৰি স্ৰজন কৰা জীৱসমূহৰ সৃষ্টি তত্ত্বৰ বিষয়ে যদি বিজ্ঞানে বিৱৰ্তনবাদৰ তত্ত্বৰে ব্যাখ্যা কৰে, তেনেহ’লে আমাৰ ধৰ্মান্ধ সাধাৰণ পাঠক বিজ্ঞান বিদ্বেষী হ’বই৷ ইয়াৰ ফলত বিজ্ঞান সাহিত্যৰ প্ৰসাৰ স্থবিৰ হোৱাটো সৰু কথা, ই আমাৰ সমাজখনৰে বৌদ্ধিক প্ৰগতি স্থবিৰ কৰি থৈছে৷

অসমৰ শিক্ষা ব্যৱস্থাত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত কলা শাখাৰ অসমীয়া সাধাৰণ বা সন্মান কোনো পাঠ্যক্ৰমতে বিজ্ঞান সাহিত্য অন্তৰ্ভুক্ত কৰা হোৱা নাই৷ (শেহতীয়াকৈ দুই-এটা প্ৰতিষ্ঠানে বিজ্ঞান সাহিত্যক পাঠ্যসূচীত অন্তৰ্ভুক্ত কৰিছে৷) বিশেষকৈ সন্মান বিষয়ৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া সাহিত্যৰ বুৰঞ্জী খৰচি মাৰি পঢ়িব লগা হয়৷ গতিকে তাত বিজ্ঞান সাহিত্য অন্তৰ্ভুক্ত কৰাৰ পূৰ্ণ অৱকাশ আছে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমীয়া সাহিত্যৰ কোনোখন বুৰঞ্জীতে বিজ্ঞান সাহিত্যৰ বিষয়ে যথাযোগ্য আলোচনা আগ বঢ়োৱা হোৱা নাই৷ সৰ্বোপৰি লক্ষ্যণীয়ভাৱে অসমৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ অসমীয়া বিষয়ৰ পাঠ্যক্ৰমতো বিজ্ঞান সাহিত্যক গুৰুত্ব দিয়া হোৱা নাই৷ যাৰ ফলত সাহিত্য বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী একোজন ব্যক্তিয়ে বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত জ্ঞানৰ ৰিক্ততাহে কঢ়িয়াই লৈ ফুৰে৷

বিজ্ঞান সাহিত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত বিজ্ঞান লেখকসকলৰো বহু কৰণীয় আছে৷ তেওঁলোকে নিৰ্দিষ্ট আবেষ্টনীৰ মাজতে সাহিত্য চৰ্চাক সীমাবদ্ধ নাৰাখি জনপ্ৰিয় অসমীয়া কাকত-আলোচনীসমূহত প্ৰাঞ্জল ভাষাৰে সাহিত্য চৰ্চা আৰম্ভ কৰিলে কিছু ফল আশা কৰিব পাৰে৷ বহুতো বিজ্ঞান লেখকে লেখা এটা প্ৰস্তুত কৰোঁতে পাহৰি যায় যে তেওঁ নিজৰ দৰে বিজ্ঞানৰ জ্ঞান থকা ব্যক্তিৰ বাবে লেখাটো প্ৰস্তুত কৰা নাই, তেওঁৰ লেখাটো বিজ্ঞানৰ আও-ভাও নজনা সাধাৰণ পাঠকেও পঢ়িব পৰা হ’ব লাগে৷ এইটো মন কৰিবলগীয়া কথা৷ তদুপৰি বিজ্ঞান বিষয়ক পাঠ্যপুথিসদৃশ গ্ৰন্থ ৰচনা কৰি অসমীয়া পাঠকে বিজ্ঞান সাহিত্য নপঢ়ে বুলি পাঠকক অভিযোগ কৰি থাকিলেও নহ’ব৷

এটা কথা ঠিক যে এটা জাতিৰ দ্বাৰা বিজ্ঞান সাহিত্য অনাদৃত হৈ থকা মানে সেই জাতিটো প্ৰগতিৰ দৌৰত পিছ পৰি থকা৷ অসমৰ এজন বিশিষ্ট বিজ্ঞানী ড° কুলেন্দু পাঠকে এই প্ৰসঙ্গত কৈছে— বিজ্ঞানভিত্তিক দূৰ কল্পনা বিজ্ঞান সমাজৰ অগ্ৰগতিৰ বাবে প্ৰয়োজনীয় আৰু সেয়েহে অসমীয়া ভাষাত কল্পবিজ্ঞান ৰচনাকে ধৰি লোকবোধ্য বিজ্ঞান সাহিত্য বহুলভাৱে ৰচিত হ’ব লাগে৷  বিজ্ঞান সাহিত্যৰ ক্ৰমবৰ্ধমান গতি লেহেমীয়া হোৱা বাবে আমাৰ সমাজৰ অগ্ৰগতিও ইতিমধ্যে লেহেমীয়া হবলৈ আৰম্ভ কৰিছে৷ গতিকে অসমৰ বৌদ্ধিক জগতৰ লগত জড়িত ব্যক্তিসকল সচেতন হ’বৰ হ’ল৷ তেতিয়াহে সেই সচেতনতা সাধাৰণ মানুহৰ মাজলৈকো আহিব৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ