অন্যযুগ/


ইংৰাজী, টাইৱানীজ আৰু জাপানীজ ভাষাৰ তিনিখন ছবি

নিজৰা ৰাজকুমাৰী


 

পৰিচালকৰ কল্পনাক চেৰাই নিজে ৰূপায়ণ কৰা চৰিত্ৰটোকো নিজৰ মতে উপস্থাপনৰ স্বাধীনতা প্ৰায়েই নাথাকে অভিনেতা-অভিনেত্ৰীৰ। মাজে মাজে ভাব হয় চলচ্চিত্ৰ এখনৰ সমগ্ৰ সৃষ্টিশীল প্ৰক্ৰিয়াটোক নিজৰ আয়ত্তত ৰাখিবলৈকে অভিনয় শিল্পী এজন পৰিচালনাৰ প্ৰতি আগ্ৰহী হয়, যাক কোৱা হয় ক্ৰিয়েটিভ কন্ট্ৰল।অথবা কাহিনীৰ অংশ হোৱাতকৈ অভিনয় শিল্পী এগৰাকীৰো নিজাকৈ কাহিনী এটা কবলৈ মন যায়? আমেৰিকান অভিনেত্ৰী মেগী জিলেনহোৰ প্ৰথম পৰিচালনা দ্য লষ্ট ডটাৰো এনে এক প্ৰয়াস বুলি আমি ধৰিব পাৰো। মধ্য বয়সীয়া লেডা কুৰুছবিশ্ববিদ্যালয়ৰ নামী অধ্যাপক। গ্ৰীচত বন্ধৰ দিন উদযাপন কৰিবলৈ অহা অকলশৰীয়া লেডাক আমি দেখো সপ্ৰতিভ অথচ কনফিউজড্, মৰমীয়াল অথচ কোনোবা মূহৰ্তত অতি অস্বাভাৱিক ৰূপত। বন্ধৰ দিনৰ আৰামৰ সলনি লেডাক খেদি ফুৰে তেওঁৰ অতীতে। এসময়ত কমবয়সীয়া লেডাই কেৰিয়াৰৰ স্বাৰ্থত দুই কনমানি কন্যা সন্তানক এৰি থৈ গুচি গৈছিল। সন্তান পালনৰ কষ্টকৰ দিনবোৰ লেডাৰ বাবে হৈ পৰিছিল অসহনীয়। এফালে পঢ়া-শুনা,সফলতা আৰু আনফালে গাত আঠা লাগি থকা সন্তানৰ আমনি। সেইসময়ত অতীষ্ঠ লেডাই কেৰিয়াৰক গুৰুত্ব দি সন্তানৰ পৰা আঁতৰি আহিছিল। পিছে মাতৃ লাগিলে যি দেশৰে নহওক মাতৃ সদায় মাতৃয়েই, সন্তানক এৰাৰ অপৰাধবোধে লেডাক এজনী অস্বাভাৱিক মানুহ কৰি তুলিলে। মনত লেডাৰ প্ৰতি খং আৰু সহানুভূতি ৰাখিও সেই অস্বাভাৱিক অধ্যাপকগৰাকীক আমি বিস্ময়েৰে চালো দ্য লষ্ট ডটাৰত।দ্য লষ্ট ডটাৰৰ চিত্ৰনাট্যও মেগী জিলেনহোৰ। মানুহৰ মানসিক জগতখন কিমান ৰহস্যময় তাৰেই এটি জিলিকনি মেগী জিলেনহোৰ চিনেমাখন। মেগীৰ প্ৰথম পৰিচালনা যদিও দ্য লষ্ট ডটাৰৰ চলচ্চিত্ৰীয় ভাষাই আমাক সেইকথা অনুভৱ কৰিবলৈ নিদিলে। ২০২১ চনত ভেনিছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত প্ৰথম প্ৰদৰ্শন হোৱা দ্য লষ্ট ডটাৰ ইটালীয়ান ঔপন্যাসিক এলিনা ফেৰান্টেৰ একে নামৰ উপন্যাসৰ চলচ্চিত্ৰীয় ৰূপ। Neapolitan Novels ৰ বাবে বিখ্যাত এলিনা ফেৰান্টে এক ছদ্মনাম, যিয়ে ২০১৬ত টাইম আলোচনীৰ এশজন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান পাইছিল। গতিকে ইতিমধ্যেই বিখ্যাত এক সৃষ্টিকৰ্মক মেগীয়ে চিনেমাৰসিকৰ বাবে উপস্থাপন কৰিলে হৃদয়স্পৰ্শী ৰূপত। চিনেমাখনত ৰূপহী ডাকোটা জনচনক একেবাৰে নিষ্প্ৰভ কৰি লেডা কুৰুছৰ চৰিত্ৰত কৰা দক্ষ অভিনয়েৰে উজ্বলি উঠিল প্ৰায় পঞ্চাশ বছৰীয়া অলিভিয়া কোলমেন। ভেনিছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰাৰ লগতে চিনেমাখনে ৯৪ সংখ্যক অস্কাৰত লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰী, চিত্ৰনাট্যকে ধৰি তিনিটাকৈ মনোনয়ন। দ্য লষ্ট ডটাৰ সম্পৰ্কত দ্য নিউইয়ৰ্ক টাইমছে লিখিছে-- "Equal parts troubling and affecting, Leda epitomizes a type of woman whose needs are rarely addressed in American mainstream movies. We can dislike her, but we are never permitted to revile her.”

 


কেমেৰাৰ ভাষা আৰু দৃশ্যৰ ব্যঞ্জনা প্ৰকাশ ক্ষমতাত বিশ্বাসী পৰিচালক,চিত্ৰনাট্যকাৰে চৰিত্ৰৰ মুখৰ সংলাপক খুব গুৰুত্বপূৰ্ণ বুলি নাভাবে। চলচ্চিত্ৰীয় ভাষাৰ এনে অপূৰ্ব প্ৰকাশ দেখা পাইছিলো চীনা লেখক-পৰিচালক জং মেং হঙৰ (Chung Mong-hong ) টাইৱানীজ ভাষাৰ চিনেমা "এ চান"ত। কম সংলাপ, আৱেগত ফাটি পৰিব লগা দৃশ্যতো চৰিত্ৰৰ ওঁঠ-মুখত নিয়ন্ত্ৰিত আৱেগ, অভিনয়,সঙ্গীত, চিনেমাটগ্ৰাফী আদিৰ সু সংমিশ্ৰনত উপভোগ্য হৈ উঠিছিল এ চান। ২০১৯ চনত টন্টো ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত প্ৰথম দৰ্শনী অনুষ্ঠিত কৰা এ চানে মুক্তিৰ পাছত চিনেমাৰসিকৰ লগতে সমালোচকৰ দ্বাৰাও সমাদৃত হৈছিল। অৱশ্যে প্ৰচাৰৰ অভাৱত এই ভাল চিনেমাখন পৰ্যাপ্ত দৰ্শকৰ কাষ চাপিবলৈ সমৰ্থ নহল। পৰিয়াল-কৰ্মোদ্যম-সহনশীলতা-প্ৰেমেৰে সিক্ত হলেও ছবিখন আৰম্ভ হৈছে এটি ভয়ংকৰ দৃশ্যৰে। গ্ৰাহকভৰ্তি এখন ৰেষ্টোৰাত ৰেডিছ নামৰ কিশোৰজনে চোকা অস্ত্ৰৰে একে ঘাপে আনজনৰ হাত কাটি পেলাইছে, ফোৱাৰাৰ দৰে চিটিকি পৰিছে তেজ। কটা হাতখন গৰম চুপৰ কেৰাহীত পৰি সিজিবলৈ ধৰা মাংস হৈ সংকুচিত হৈছে। দৃশ্যটোৱে মনলৈ ভয় আৰু ঘৃণাৰ ভাৱ আনিলেও বাকী ১৫০ মিনিটে আমাক কিন্তু নিৰৱ প্ৰেম আৰু পৰিয়ালৰ প্ৰতি দায়িত্ব-কৰ্তব্যৰ কথাহে কয়। সেইনিশা বন্ধু ৰেডিছৰ অপকৰ্মৰ সঙ্গী হোৱা কিশোৰ চেন জিয়ান হোক তিনিবছৰৰ কাৰণে জুভেনাইল কাৰাগৃহত ৰখাৰ নিৰ্দেশ জাৰী হয়। জিয়ান হোক মুঠেই ভাল নোপোৱা পিতৃৰ বাবে যেন সেয়া জিয়ান হোক বেছিকৈ ঘৃণা কৰাৰ এক সুৱৰ্ণ সুযোগহে। তেওঁৰ বাবে স্বভাৱ, পঢ়াশুনা সকলো দিশতে অতি ভাল বৰপুত্ৰ এ-হাওহে তেওঁৰ একমাত্ৰ সন্তান। অথচ এই পিতৃয়েই কেবাবছৰ পাছত জিয়ান হোক বচাবলৈ তাৰ অপৰাধী বন্ধু ৰেডিছক হত্যা কৰিবলৈকো কুন্ঠাবোধ কৰা নাছিল। পৰিচালক আৰু কাহিনীকাৰে অতি দক্ষতাৰে অংকন কৰা এই চৰিত্ৰটোৰ নিৰৱ অথচ শক্তিশালী পুত্ৰপ্ৰেম অন্তৰস্পৰ্শী। ইফালে জিয়ান হো জেললৈ যোৱাৰ মুহুৰ্ততে পৰিয়ালটো সন্মূখীন হল আন এক সমস্যাৰ। জিয়ান হোৰ পোন্ধৰবছৰীয়া প্ৰেয়সী গৰ্ভৱতী। পিতৃ-মাতৃহীন এই কিশোৰীগৰাকীকো স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ জিয়ান হোৰ মাকে চেনেহেৰে আৱৰি ৰাখিলে। মানৱীয়তাৰ এই নিদৰ্শন অভূতপূৰ্ব। দেখাত কঠোৰ জিয়ান হোৰ পিতাকৰ অন্তৰ্দ্বন্দ, পুত্ৰৰ মৃত্যুও সহ্য কৰিবলগা হোৱা মাকৰ সকলো দিশৰ সংগ্ৰাম, অতি কম বয়সতে জিয়ান হো আৰু তাৰ প্ৰেয়সীৰ জীৱনলৈ নামি অহা দুৰ্যোগৰ সৈতে কৰা মোকাবিলা ইত্যাদি ঘটনা-দুৰ্ঘটনাক ইমান কম সংলাপেৰে উপস্থাপন কৰাটো সঁচাই চলচ্চিত্ৰকাৰৰ দক্ষতা। ১১ টা মনোনয়নৰ লগতে ৫৬ সংখ্যক গল্ডেন হৰ্ছ এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰ তথা শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল এ চানে। ৯৩ সংখ্যক অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ আন্ত:ৰাষ্ট্ৰীয় চিনেমাৰ শাখাত টাইৱানীজ এন্ট্ৰি হিচাবে এ চানে চিনেমাৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আত্মহত্যাৰ আগে আগে জিয়ান হোৰ ককায়েক শান্ত-নম্ৰ এ-হাওৱে তাৰ প্ৰিয় বান্ধৱীক সুধিছিল--বিশ্বৰ আটাইতকৈ ধুনীয়া,নিৰপেক্ষ বস্তুটো কি? বেলি। বছৰৰ প্ৰত্যেকটো দিন সৰ্বত্ৰ বিস্তাৰিত আৰু সকলোতে সমানে পোহৰ দিয়া উদাৰ বেলিৰ পৰা লুকাবলৈ এ-হাওৱে অলপ ছায়া বিচাৰিছিল আৰু সেয়া হৈ পৰিছিল মৃত্যুৰ ছায়া। "এ চান" মোৰ বাবে দেশ-ভাষা নিৰ্বিশেষে এক সুন্দৰ চলচ্চিত্ৰীয় অভিজ্ঞতা।




        আনখন চিনেমা -- ৩৭ ছেকেণ্ডছ্। যুগ যুগ ধৰি শিশু-কিশোৰ আনকি বহু প্ৰাপ্তবয়স্ক লোকেৰো প্ৰিয় হৈ আহিছে কমিকছ্। যোৱা কভিড পৰিস্থিতিত বিশ্বজুৰি কমিকছ, গ্ৰাফিক নভেলৰ জনপ্ৰিয়তা পূৰ্বতকৈও বহুখিনি বৃদ্ধি পাইছিল। অৱশ্যে জাপানীসকলৰ কমিকছ, গ্ৰাফিক নভেলৰ (জাপানত যাক মাংগা নামেৰে জনা যায়) প্ৰতি থকা আকৰ্ষণৰ লগত এই জনপ্ৰিয়তা তুলনা কৰিবপৰা হয় নে নহয় সেয়া ক"ব নোৱাৰিম। কাৰণ প্ৰতি মাহ, প্ৰতি সপ্তাহে সমগ্ৰ বিশ্বৰ তুলনাত অভিলেখ সংখ্যক মাংগা প্ৰকাশিত হয় জাপানত। গতিকে নিশ্চিতভাবে দেশখনত মাংগা শিল্পীৰো আদৰ থাকিবই। এনে এগৰাকী মাংগা শিল্পী য়ুমাৰ কঠিন জীৱন আৰু অসাধাৰণ জগতৰ চিনেমা জাপানী মহিলা পৰিচালক হিকাৰীৰ ৩৭ ছেকেণ্ডছ্ । ২৩ বছৰীয়া য়ুমা চেৰিব্ৰেল পালছীত আক্ৰান্ত। উল্লেখযোগ্য কথাটো হল য়ুমাৰ চৰিত্ৰত অভিনয় কৰা মেই কায়ামা নামৰ অভিনেত্ৰীগৰাকী সঁচাকৈয়ে চেৰিব্ৰেল পালছীত আক্ৰান্ত এগৰাকী বিশেষভাৱে সক্ষম অভিনেত্ৰী। ৩৭ ছেকেণ্ডছৰ চিত্ৰনাট্যও পৰিচালক হিকাৰীৰ। য়ুমাৰ চৰিত্ৰটোৰ বাবে মেই কায়ামা নিৰ্বাচিত হোৱাৰ পাছত হিকাৰীয়ে মেইৰ দৈনন্দিন জীৱন নিৰীক্ষণ কৰি চিত্ৰনাট্যখনত বহু সালসলনি কৰিছিল। বিশেষভাৱে সক্ষম অভিনেত্ৰী এগৰাকীক লৈ এখন পূৰ্ণদৈৰ্ঘৰ চিনেমা, ত আউটডৰ দৃশ্যই বেছি, দৃশ্যগ্ৰহণ কৰাটো দলটোৰ বাবেই আছিল এক প্ৰত্যাহ্বান। পিছে হিকাৰীয়ে আমাক দিলে ভাল কাহিনী-অভিনয়-পৰিচালনাৰে এখন অতি উপভোগ্য চিনেমা। মাকৰ সৈতে অকলে বাস কৰা ইলেক্ট্ৰিক হুইলচেয়াৰ আৱদ্ধ দক্ষ মাংগা শিল্পী য়ুমা মাকৰ অতিমাত্ৰা যতনৰ বাবে বিৰক্ত। চতুৰালিৰে তাইৰ সমস্ত মাংগা আৰ্টৰ কৃতিত্ব আনে লৈ লোৱাৰ পাছত য়ুমাই নতুন কাম বিচাৰি ফুৰিছিল। সেইসময়তে তাই উপস্থিত হৈছিলগৈ প্ৰাপ্তবয়স্কৰ বাবে প্ৰকাশিত এখন মাংগা মেগাজিনৰ অফিচত। সেইখনৰ ছবিবোৰ আঁকিবলৈ তাইক শাৰীৰিক মিলনৰ অভিজ্ঞতাৰ প্ৰয়োজন। য়ুমাই সেই অভিজ্ঞতা লাভ কৰিব নোৱাৰিলে যদিও ইয়ে তাইৰ জীৱনলৈ কঢ়িয়াই আনিলে অনেক ঘটনা-দুৰ্ঘটনা, উত্থান-পতন। যমজ ভগ্নীৰ পাছৰজনী হৈ জন্মা য়ুমা মাত্ৰ ৩৭ টা ছেকেণ্ড অক্সিজেনবিহীন হৈ থাকিবলগাৰ বাবে চিৰদিনলৈ ৰুগীয়া হৈছিল। ২০১৯ চনত মুক্তি পোৱা জাপানীজ ভাষাত নিৰ্মিত ছবিখনৰ দৈৰ্ঘ্য ১১৫ মিনিট। ৬৯ সংখ্যক বাৰ্লিন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সমাদৃত আৰু পুৰস্কৃত হোৱা ৩৭ ছেকেণ্ডছে্ পেৰিছৰ ইন্টাৰনেশ্যনেল কনফেডাৰেশ্যন অৱ আৰ্ট চিনেমাৰ পেনৰামা শাখাত সন্মানিত হৈছিল।

 

                

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ