অন্যযুগ/


বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা


 ৷৷ দুই ৷৷ 

জীৱনটোৱে যেতিয়া বিৰক্তি ওপজায়, গণেশ বেংডোবাৰ কাষলৈ আহে৷ বেংডোবাই তাক মাতি আনে৷ বেংডোবাৰ নীৰৱতাৰ বাটেদি তাৰ কাষ চাপি আহে তৰুলতা আৰু হীৰামনিৰ বিৱস সন্ধ্যাৰ বিষাদগাঁথা৷ সৰুতে সি বেংডোবাৰ পাৰতে খুব ধেমালি কৰিছিল৷ স্কুলৰ পৰা আহিয়েই দৌৰ মাৰি বেংডোবাৰ কাষ পাইছিলগৈ৷ কেতিয়াবা বৰশী বাইছিল আৰু কেতিয়াবা বেংডোবাৰ  পাৰত  বহি গীত এটা গাইছিল–‘নাও কাটং ক’ত, চিলাং পাহাৰত, চকুলাগা খাৰু দিম, বুধবৰীয়া হাটত’৷ সেইবোৰ বহু দিনৰ আগৰ কথা৷ বেংডোবাৰ পাৰলৈ আহিলে এতিয়া সেই স্মৃতিয়ে আমনি কৰে৷ আগতে লেঙেৰিয়াই লেঙেৰিয়াই  খোজ কাঢ়িবলৈ সি অসুবিধা পাইছিল৷ আজিকালি অভ্যাস হৈ গৈছে৷ ঔ-টেঙাজোপাৰ তলত ৰৈ গণেশে সম্মুখৰ পথাৰখনলৈ চালে৷ আচলতে এইখনক এতিয়া পথাৰ বুলি ক’ব নোৱাৰি৷ মেটেকাৰে পোত খাই পথাৰৰ চিন-চাব নোহোৱা হৈ গৈছে৷ ঠায়ে ঠায়ে জোপোহা জোপোহাকৈ কঁহুৱা গজিছে৷ দ ঠাইবোৰ মেটেকাৰে ঢাক খাই পিটনিৰ ৰূপ লৈছে৷ সি যেতিয়া সৰু আছিল, এইখন ইপাৰ-সিপাৰ মনিব নোৱাৰা এখন পথাৰ আছিল৷ গাঁওখনৰ সকলোৰে মাটি আছিল এই পথাৰখনতে৷ এই পথাৰখনৰ ধানেৰেই গাঁওখনৰ সকলোৰে বছৰটো জুৰিছিল৷ বাৰিষা ধল আহিছিল৷ ইমূৰ-সিমূৰ নমনা পথাৰখন পানীৰে বুৰ গৈছিল৷ চাৰি-পাঁচ দিন থকাৰ পিছত পথাৰখনত পলস পেলাই পানী শুকাইছিল৷ তাৰপিছতে গাঁওখনৰ মানুহবোৰ পথাৰখনত উবুৰি খাই পৰিছিল৷ হাঁহি, খিকিন্দালি, কিৰিলি–‘‘ঐ ৰাঙা ঘূৰ ঘূৰ ঘূৰ’’, মৈখনত উঠি কোনোবাই দুটামান অবাইচ মাত মাতি গৰুটোৰ টিকাত এছাৰিৰ কোব এটা দিছিল–‘‘(অবাইচ) এনে লিটু দাঙি দাউৰী ফুৰ্‌বা পাৰা৷ আৰো এলা (অবাইচ) এখান ঠেংকে টান্‌বা নোৰা’৷  অবাইচ মাতষাৰ শুনি কাষৰ পথাৰত ভূঁই ৰুই থকা ৰোৱনীকেইজনীয়ে লাজ কৰিছিল৷ পথাৰৰ মাজৰ আলিত বহি নিমখ জলকীয়া সানি কোনোবাই ঝক্‌ৰা ভাত এবাতি খাইছিল৷ বোকা মাটিৰ কেচেমা-কেচেম গোন্ধ এটা আহি নাকত লাগিছিল৷ হুলামাৰিডালত কঠীয়াসোপা আনি বোকা দিয়া মাটিডৰাত পেলাই কোনোবাই ডাঙৰকৈ চিঞৰিছিল–‘‘ইখিনি আজি শেষ কুৰ্‌বা৷’’ বোকা ফালি গাভৰু ছোৱালী-বোৱাৰীকেইজনী মাটিডৰাত উবুৰি খাই পৰিছিল৷ বেলিটো মূৰৰ ওপৰ পোৱালৈকে সিহঁতে ভূঁই ৰুইছিল৷ ভাগৰ লগা নাছিল৷ কোনোবা বছৰত ভাদমহীয়া আকৌ বান আহিছিল৷ ভৰা নৈৰ পানীয়ে পথাৰবোৰ বুৰাই পেলাইছিল৷ তথাপি নৈখনক কোনেও শাও দিয়া নাছিল৷ গালি পৰা নাছিল৷ থু থু কৰি থুৱাই দিয়া নাছিল৷ কাৰণ সকলোৱে জানে–পথাৰখনত পলস এসোপা পেলাই থৈ দুই-এদিনতে পানীখিনি ওলাই যাব৷ পোখা মেলা ধানবোৰে গেঁৰ ধৰিব আৰু আহিন-কাতি মাহত সুহুৰি এটা হৈ সকলোৰে মনবোৰ উৰুৱাই নিব৷ আঘোন-পুহমহীয়া গাঁৱৰ ছোৱালী-বোৱাৰীবোৰ একো একোজনী দাৱনী হৈ পথাৰখনত আকৌ উবুৰি খাই পৰিছিল৷ গবা মাৰি ঢুকি নোপোৱা ডাঙৰি দুটা বিৰিয়াডালত সুমুৱাই কান্ধত লৈ কুকুৰ লৰ দি ঘৰমুৱা হৈছিল ডেকা ল’ৰাবোৰ৷ ডাঙৰিকেইটা ঘৰত থৈ বিৰিয়াডাল কান্ধত লৈ আকৌ পথাৰলৈ আহোঁতে সিহঁতে সুহুৰিয়াই আহিছিল৷ পথাৰৰ সৰু সৰু আলিবোৰেদি মুখেৰে ‘‘পিঁত পিঁত’’ বুলি কৈ গাড়ী চলোৱাৰ অংগী-ভংগী কৰি সৰু ল’ৰাবোৰ দৌৰি ফুৰিছিল৷ মাগুৰি ধানৰ পথাৰখনত চেঁচোৰ খান্দিছিল৷ মাকৰ বিচাৰিছিল৷ পকা ধানৰ ওপৰত পৰা জিঞাবোৰ ধৰিছিল৷ আকৌ এৰি দিছিল৷ শুকান নৰানিৰ মাজত জামবুৰা একোটা লৈ বল খেলিছিল আৰু গো-ধূলি উৰুৱাই গৰুৰ জাকটো ওভতাৰ সময়ত ক্লান্ত হৈ ঘৰলৈ উভতি আহিছিল৷

      তাৰ দেউতাক ধনেশ্বৰ আছিল ভাৰিগান পাৰ্টী এটাৰ পালি৷ গাঁৱৰ মানুহবোৰে মাতিছিল ধনে পালি৷ মস্ত এটা আলচিয়া  আৰু  মদাহী৷ ভাৰিগান হোৱাৰ দিনা ভূনি আৰু চোলাটো পিন্ধি, গলত গাম্‌চাখন লৈ গেলা অলপ গলাদ্ধৰ্ কৰি যেতিয়া ধলং পলংকৈ ওলাই আহে, সি নিজকে ভাৰিগানৰ ‘গাওনীয়া’ বুলি ভাবে৷ গেলা খোৱাৰ আগলৈকে ঠিকেই থাকে, কিন্তু গেলাটুপী পেটত পৰাৰ লগে লগে সি কাকো নমনা হয়৷ তাকো ‘গাওনীয়া’ই পিন্ধাৰ দৰে ভূনিখন পিন্ধিবলৈ লাগে, দীঘল চোলা পিন্ধিবলৈ লাগে, গলত গাম্‌চাখন লোৱাৰ উপৰিও মূৰতো গাম্‌চাৰ পাগুৰি মাৰিবলৈ লাগে৷ ভৰিত পিন্ধিবলৈ লাগে নপূৰ, দুয়োখন হাতত পিন্ধিবলৈ লাগে খাৰু, কপালত চন্দন, সেন্দুৰ ফাকুগুৰিৰ ফোট ল’বলৈ লাগে৷ বাকী ভাৱৰীয়াবোৰে গনেশৰ বাপেক ধনেশ্বৰক গালি পাৰে, ভৎৰ্সনা কৰে–‘চাল্লা ফপ্‌ৰে খাৱা, কমৰত বল নাই,  ৰাজা হ’বা আহে৷ দেহাত নাই ছাল-বাক্‌লি, মদ খাই তিন টিক্‌লি’৷  এদিনৰ কথা গণেশৰ আজিও মনত আছে৷ গাঁৱত মেলিছে ‘ঘটোৎকচ বধ’ নাট৷ আগতে নাটবোৰ ‘খুলীয়া ভাউৰীয়া’ৰ মুখে মুখে বাগৰি বাগৰি আহিছিল আৰু তেনেদৰেই নাটবোৰ কৰি থকা হৈছিল৷ পাছতহে সেইবোৰ বাচিক পাঠৰ পৰিৱৰ্তে লিখিত ৰূপত সংৰক্ষণ কৰা হ’ল৷ ‘ঘটোৎকচ বধ’ নাটখনো সেই ধৰণৰ৷ বহু পুৰণি৷ বাতিৰাম ৰাভা নামৰ ভাৰিগানৰ মূল গায়ক এজনৰ মুখে মুখে বাগৰি অহা নাট৷ কোনোবাই সুবিধা পাই লিখি থ’লে৷ সেই নাটখনিকে সেইবাৰ গাঁৱত মেলি লৈছে৷ নাটখন মেলাৰ পৰা গাঁৱত নাটখন লৈয়ে চৰ্চা৷ পিছ-চোতালত ইজনীয়ে সিজনীৰ মূৰত ওকণি বিচাৰি থকা বোৱাৰীকেইজনীৰ মাজত, ঘাটৰ পৰা পানী আনিবলৈ যোৱা গাভৰুকেইজনীৰ মাজত, কাৰোবাৰ ভাঙৰ খোলাত বহা ভঙুৱাকেইটাৰ মাজত, আনকি গেলা খাই থকাকেইটাৰ মাজতো ‘ঘটোৎকচ বধ’ত কোনে কি ভাও লৈছে, কোনে কিমান সুন্দৰ অভিনয় কৰে, কাৰ মাতটো শুৱলা, এইবোৰ লৈয়ে আলোচনা৷ কেতিয়াবা আলোচনাৰ মাজতে নিজৰ নিজৰ পছন্দৰ  ভাউৰীয়াৰ অভিনয়ৰ সপক্ষে যুক্তি দিওঁতে দিওঁতে আলোচনা কাজিয়ালৈ ৰূপান্তৰিৰত হয়৷ আনকি ইটোৰ লগত সিটোৰ মাত-বোল পৰ্যন্ত বন্ধ হৈ যায়৷ যথাসময়ত ‘ঘটোৎকচ বধ’ চাবলৈ লোকে লোকাৰণ্য হ’ল৷ বহিবলৈ ঠাই নাই৷ যিমান বহিছে, তাৰ দুগুণ থিয় হৈ আছে৷ তাৰমাজতে ওলাল নহয় ধনে পাইল পূৰা ‘গাওনীয়া’ হৈ৷ তাকো ড্ৰেছযোৰ লোকৰ৷ কাৰোবাৰ ভূনি এখন মনে মনে লৈ দীঘলকৈ পিন্ধি, মূৰত গামোচাৰ পাগুৰি মাৰি, কপালত চন্দনৰ ফোঁট লৈ, ভৰিত নপূৰ পিন্ধি ধলং পলংকৈ ওলাই মানুহৰ মাজত ‘গাওনীয়া’ৰ দৰে গীত গাবলৈ ধৰিলে৷ দোৰোল খোৱা জিভা, গীতটোৰ কথা, সুৰ সকলো বিকৃত৷ ধনে পাইলে সেইবোৰ কৰা দেখি উঠিল নহয় ‘ভাউৰীয়া’বোৰৰ খং৷ দুটামান খেদি আহিল তাক মৰিয়াবলৈ৷ এটাই তাৰ দীঘল চুলিকোচাত খামুচি ধৰি থাপৰ এটা সোধালেই৷ গেলাসোপাৰ নিচাত মানুহটোৰ হুচ্‌ নাছিলেই, থাপৰ খাই লুতিখাই পৰিল৷ গণেশৰ বাপেকৰ অৱস্থাটো দেখি ‘ঘটোৎকচ বধ’ চাবলৈ অহা মানুহবোৰে হাঁহিলে৷ নাটৰ মাজত বহুৱা ওলালে যেনেদৰে হাঁহে, তেনেদৰে৷ কিছুমানে ইতিকিং কৰাৰ সুৰত চিঞৰিলে–‘আৰে ‘ঘটোৎকচ বধ’ হৈ  গে’ল৷ হা হা হা নাটক চাবা নাল্‌গে আৰো¸’৷ তাৰ পাছত চাৰিওফালৰ পৰা বিশৃংখল জনপ্ৰবাহৰ মাজেৰে উফৰি আহিল তুচ্চতাৰ তিতিক্ষা ভৰা কিৰিলি, সুহুৰি৷ ভাৰিগানৰ পাল্লা চাবলৈ গৈ আগফালে বহি থকা গণেশে অসহায় হৈ চাই থাকিল বাপেকক অপমান কৰা দৃশ্য৷ শুনি থাকিল অসহনীয় কটুক্তি আৰু তিৎকাৰি৷ সি দেখিলে ভাউৰীয়া দুটামানে গতিয়াই গতিয়াই তাৰ বাপেকক একেবাৰে ফিল্ডখনৰ পৰা বাহিৰ কৰি দিছে৷ গেলাৰ নিচাত নিজকে শক্তিমান বুলি ভাবি গণেশৰ বাপেকেও ভাউৰীয়াকেইটাক ফেপেৰি পাতি ধৰিছে৷ খঙত ভাউৰীয়া এটাই গনেশৰ বাপেকক গোৰ মাৰি দিলে৷ গণেশৰ বাপেক কাষৰ খালটোত লুটিখাই পৰিল৷ ভয় আৰু দূৰ্ভাৱনাত কনমানি গণেশৰ বুকুখনত এটা কঁপনি উঠিল৷ বহাৰ পৰা সি থিয় হৈ দিলে৷ লগে লগে পিছৰ মানুহবোৰে চিঞৰি দিলে– ‘ঐ আপাগিলা বহ বহ’৷ বহি দিবনে খালত পৰি থকা দেউতাকৰ ওচৰলৈ দৌৰ মাৰিব, গণেশে ঠিৰাং কৰিব নোৱাৰিলে৷ এইযে গাঁৱৰ মানুহবোৰে সুবিধা পালেই সিহঁতক অপমান কৰে, কিয় কৰে সেই কথাটো সেই সময়ত সি বুজি পোৱা নাছিল৷ সি ক’ৰবাত ৰৈ থাকিলেও জগৰ লাগে, ৰাজহুৱা স্থানত সোমালেও জগৰ লাগে৷ একেখিনি কাম পোৱাল মহাজনৰ ল’ৰা ধনীয়ে কৰিলে জগৰ নালাগে৷ ধনীক কোনেও গালি নাপাৰে৷ বিপৰীতে ধনীক পোৱাল মহাজনৰ দৰে সমীহহে কৰে৷ কিয় কৰে সি বুজি পোৱা নাছিল৷ সেইদিনাও সি এটা কথা বুজি পোৱা নাছিল, ভাৰিগানৰ পাল্লা চাবলৈ গাঁৱৰ বহুতেই গেলা খাই গৈছিল৷ কোনেও গেলা খাই যোৱাকেইটাক গালি পৰা নাছিল৷ সিহঁতৰ লগত ধেমালিহে কৰিছিল৷ অথচ তাৰ বাপেকক সামান্য কথাতে গতিয়াই গতিয়াই ফিল্ডৰ পৰা বাহিৰ কৰি দিলে৷ গোৰ মাৰি খালত পেলাই দিলে৷ এই কথাবোৰ তেতিয়া সি বুজি পোৱা নাছিল৷ আজিকালি বুজি পায়৷ টকা-পইচা থাকিলে, সমাজত প্ৰতিপত্তি থাকিলে সকলোৱে ওচৰলৈ আহি মূৰ দোৱাঁব৷ সেইদিনা সি ভাৰিগানৰ পাল্লা চাব পৰা নাছিল৷ পাল্লাৰ নৃত্য-গীতৰ মাজত সকলো বিভোৰ হৈ থাকোঁতেই সি উঠি আহি খালটোৰ ফালে দৌৰ মাৰিছিল আৰু গেলাৰ নিচাত খালত পৰি থকা দেউতাকৰ গাত ধৰি জোকাৰি জোকাৰি চিঞৰি দিছিল–‘বাবা, বাবা’৷

      গণেশৰ এতিয়াও মনত আছে সেই দিনবোৰৰ কথা৷ ভাবিলে এনেকুৱা লাগে যেন সৌ সিদিনাৰ কথাহে৷ এতিয়া সেইবোৰ একো নাই৷ ভাৰিগানৰ প্ৰতি মানুহৰ আকৰ্ষনো নাই, ভাৰিগান চাবলৈ মানুহৰ দৌৰা-দৌৰিও নাই৷  ভাৰিগানৰ যিবোৰ ভাউৰীয়াই এসময়ত দপ্‌দপাই আছিল, সেইবোৰে এতিয়া মূৰে কপালে হাত দি বহি থাকে৷ বিড়ি এটা কিনি খাবলৈ হাতত পইচা নাথাকে৷ সেইযে গোপাল ৰাভা, যি আছিল ভাৰিগানৰ গীদাল, যাৰ প্ৰদৰ্শনত এটা সময়ত নিজৰ গাঁওখনেই নহয়, কাষৰ গাঁওকেইখনো আছিল প্ৰশংসাত পঞ্চমুখ, বায়ন আৰু ঝালীদাৰে ঝালী বজাই খোল বাজনাৰে বন্দনা শেষ কৰাৰ পাছতেই গোপাল ৰাভাই যেতিয়া শ্ৰীৰামচন্দ্ৰক উদ্দেশ্যে স্তুতিগীত আৰম্ভ কৰে, দৰ্শকে কেৱল মন্ত্ৰমুগ্ধৰ দৰে চাই থাকে, শুনি থাকে৷ গোপাল ৰাভাই গীদালৰ নিদ্দিৰ্ষ্ট নৃত্যৰ ভংগীমাৰে গাই  যায়–

                                                 হাঁ - হাঁ - হাঁ - ৰঘুনাথ - হাঁ -হাঁ

                                                 ওহে - ৰঘুনাথ - হে হে .... এ....এ

                                                 ভূমি খান শুদ্ধ হৈলো গুৰুৰ চৰণ ধৰি

                                                 দেৱগৈজ্য শুদ্ধ হৈলো বিষ্ণুৰ নাম স্মৰি৷

                                                 সৰস্বতী মাওঁৰে পদ গাঁৱৰে বসিয়া

                                                 আমাৰ কে_ থাক মাঁও আনন্দ কৰিয়া৷৷

আঃ কি কণ্ঠ! কি নৃত্য! হা কৰি মুখখন মেলি সকলোৱে কেৱল চাই থাকে৷ ভাৰিগানৰ পাল্লা শেষ হোৱাৰ পাছত গোপাল ৰাভাক লৈয়ে সকলো ব্যস্ত৷ সেই দিনবোৰত গোপাল ৰাভাক কোনোবাই আপ্যায়ন কৰাৰ সুবিধা পালে তেওঁ নিজকে ধন্য মানিছিল৷ কাৰোবাৰ ঘৰলৈ গোপাল ৰাভা গ’লেই ওচৰ-চুবুৰীয়া উবুৰি খাই পৰিছিল গোপাল ৰাভাক ওচৰৰ পৰা চাবলৈ৷ এষাৰ কথা পাতিবলৈ৷ আজি সেই গোপাল ৰাভাৰেই অৱস্থা নাই৷ অনাদৃত গোপাল ৰাভা৷ গোপাল ৰাভাতকৈ টিভি চিৰিয়েলৰ, চলচ্চিত্ৰৰ অভিনেতাৰ গুৰুত্ব বেছি৷ বিহুৰ দিনত লাখ লাখ টকাৰে শিল্পীৰ নামধাৰী এসোপাক নিমন্ত্ৰন কৰি গীতৰ তালে তালে নাচি ভালপোৱাবোৰে গোপাল ৰাভাক টকাকেইটামান দি সহায় কৰিবলৈ টান পায়৷ মাজতে গোপাল ৰাভাৰ টান নৰিয়া হৈছিল৷ ভাল চিকিৎসা কৰাবলৈ হাতত ধন নাই৷ বিপদৰ সময়ত গোপাল ৰাভাক না চৰকাৰে সহায় কৰিলে, না স্থানীয় জাতীয় অনুষ্ঠানে সহায় কৰিলে৷ বেচেৰা গোপাল ৰাভা চৰকাৰী চিকিৎসালয়তে লেলাই-ধেলাই পৰি থাকিল৷ এতিয়াও গোপাল ৰাভা সম্পূৰ্ণ সুস্থ নহয়৷ তাৰ জৰাজীৰ্ণ জুপুৰীটোৰ সন্মুখতে খুহুৰ খুহুৰ কাহি কাহি বহি থাকে৷ সকলো সলনি হ’ল৷ ঘৰে ঘৰে টিভি হ’ল, প্ৰত্যেকৰে হাতলৈ ম’বাইল আহিল, এতিয়া গোপাল ৰাভাক দেখিলে মানুহবোৰে কয়–‘ এলাও আৰো ভাৰীগান চাই  নাকি? ইউ টিউবতে কেমান ভাল ভাল বস্তু দেখা  পায়’৷ সকলো সলনি হ’ল৷ গোপাল ৰাভা সলনি নহ’ল৷ অতীতৰ দিনবোৰকে খামুচি ধৰি থাকি কাহি কাহি বহি থাকে৷ সিয়ো জানে সেইদিনবোৰ আৰু কোনো দিনেই ঘূৰি নাহে৷ তথাপিও সেইদিনবোৰৰ সি মোহ এৰিব পৰা নাই৷ সেই স্মৃতিৰ বাহিৰে গোপাল ৰাভাৰ এতিয়া আৰু আছেনো কি? গোপাল ৰাভাৰ দৰে গনেশৰো এতিয়া অতীতৰ সেই স্মৃতিবোৰৰ বাদে একো নাই৷ কেৱল গনেশ আৰু গোপাল ৰাভাৰে নহয়, এই গাঁওখনৰ বহুতৰে কাষৰ পৰা বহু কিবা-কিবি হেৰাই গ’ল৷ আগৰ বহুত কিবা-কিবি এতিয়া নাই৷ বিশাল পথাৰখন নাই, কাতিমহীয়া ছিৰিলিপতীয়া গেঁৰ ধৰা ধাননীডৰা আৰু আঘোনৰ পকা ধানেৰে হালি পৰা ধাননীডৰাও নাই৷ এতিয়া সেইবোৰ জলাশয়৷ বন্ধ্যা৷ একো খেতি নহয়৷ গাঁওখনৰ বেছি ভাগ মানুহৰে মাটি জলাশয়ৰ বুকুত জাহ গ’ল৷ সেইখিনিতে আমাৰ মাটিডৰা আছিল বুলি এতিয়া আঙুলিয়াব লগা হয়৷ গাঁওখনৰ মানুহবোৰে আজিকালি বেংডোবাক শাও দিয়ে৷ ‘মৰন নোহোৱা বেংডোবাই চব চেছ কুৰিল’ বুলি কথাই কথাই গালি পাৰে৷ চাক্‌ৰি-বাক্‌ৰি কৰাকেইঘৰ গাঁওখনৰ পৰা উঠি গ’ল৷ কিছুমানে ধুপধৰাত যেনে-তেনে মাটি এটুকুৰা কিনি ঘৰ সাঁজি বহিলে৷ বকোলৈ উঠি গ’ল৷ ধূপধৰালৈ ওলাই আহিলে হেনো মনটো মুকলি মুকলি লাগে৷ ঘাইপথৰ দাঁতিতে থকা ঠাইখন এতিয়া এখন সৰু সুৰা নগৰৰ ৰূপ লৈছে৷ আগতে মানে প্ৰায় আঢ়ৈশ বছৰৰ আগতে এই অঞ্চলত হেনো প্ৰচুৰ পৰিমানে ধূপ গছ পোৱা গৈছিল৷ ইয়াৰ সৰহভাগ মানুহেই হেনো সেই গছৰ আঠাৰ পৰা ধূপকাঠি তৈয়াৰ কৰিছিল৷ বাঁহৰ কাঠিত ধূপ গছৰ আঠা লিপি ধূপকাঠি তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিছিল৷ তাৰপৰাই এই ঠাইখনৰ নাম ধূপধৰা হ’ল বুলি বহুতে কয়৷ আজিকালি ধূপকাঠি তৈয়াৰ নকৰে যদিও ঠাইখনৰ নাম ধূপধৰাই হৈ থাকিল৷ কিছুমানে আকৌ কয়–‘নহয় নহয়, এই ঠাইৰ নাম তেনেকৈ হোৱা নাই৷  মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰি আহি আহি যেতিয়া এই ঠাই পালে, তেতিয়া গুৰুজনাই সকলোকে ঢোপ মানে তুলসীৰ মালা দিছিল৷ সেই কাৰণে এইঠাইৰ নাম ধূপধৰা হ’ল৷

হ’বই নোৱাৰে৷ এই ঠাইৰ নাম কেনেকৈ হ’ল মই কওঁ শুনা৷ শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই আনি এই ঠাইতে জিৰণি লৈছিল৷ জিৰণি লোৱা সময়কনতে শ্ৰীকৃষ্ণই ৰুক্মিণীৰ লগত ঢোপ খেল খেলিছিল৷ তাৰপৰাই এই ঠাইৰ নাম ধূপধৰা হয়৷ নামটো যেনেকৈয়ে নহওক, ঠাইখনৰ প্ৰতি আগতে কিন্তু কাৰো একো আকৰ্ষণ নাছিল৷ আকৰ্ষণ আছিল গাঁৱত৷ গাঁৱৰ নিঃশব্দ কলৰৱত সকলোৱে বুকু ভৰাই উশাহ লৈ আকাশলৈ চাইছিল আৰু নিজেই একো একোখন আকাশ হৈ পৰিছিল৷ গাঁৱৰ দুপৰ দিক্‌ভ্ৰান্ত নাছিল, আছিল সুখ-দুখৰ বিনিময়ৰ নিৰিবিলি আলাপনৰ সময়৷ আদালত, কাছাৰী, পুলিছৰ লগত গাঁৱৰ মানুহৰ সম্পৰ্কই  নাছিল৷ সকলোৱে মানি লৈছিল ‘ৰাইজ গয়ৰহে’ নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম৷ ৰাইজ গয়ৰহে নামঘৰত বা সভাঘৰত মেল পাতিছিল৷ ‘সাৰা’ই ‘ডামা’ বজাই সকলোকে মেল হোৱাৰ বাতৰি দিছিল৷ বিচাৰ চলিছিল৷ ৰাইজ গয়ৰহে ৰায় দিছিল৷ সেই ৰায়কে সকলোৱে মানি লৈছিল৷ ৰাইজ গয়ৰহে বান্ধি ৰাখিছিল গাঁওখনক৷ গাঁৱৰ মানুহবোৰক৷ তেতিয়া গাঁওখনৰ ইটোৰ প্ৰতি সিটোৰ মৰম আছিল৷ বিপদ এটা হ’লে সকলো দৌৰি আহিছিল৷ লাহে লাহে মৰমৰ টানবোৰ কমি আহিল৷ গাঁৱত থাকি অসুবিধা পোৱা হ’ল৷ যেতিয়াৰ পৰা ঘাই আলিটোৰ দুয়োকাষে এটা এটাকৈ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ হ’বলৈ ধৰিলে, সেইবোৰৰ গইনা লৈ দুই এখন  দোকান বহিবলৈ ল’লে, সাপ্তাহিক বজাৰ এখন বহিবলৈ ল’লে, তেতিয়াৰ পৰাই ধূপধৰাৰ প্ৰতি আকৰ্ষণ বাঢ়ি গ’ল৷ ৰাস্তাটোৰ দুয়োকাষে গাঁৱৰ পৰা গৈ মানুহবোৰে ঘৰ সাজিবলৈ ল’লে৷ এতিয়া ধূপধৰা সৰু-সুৰা এখন নগৰেই৷ যিবোৰে নগৰলৈ আহিব নোৱাৰাৰিলে সেইবোৰে গাঁৱতে থাকি গ’ল বহু অসুবিধা আৰু নোপোৱাৰ মাজত৷ গজেনহঁতেয়ো নোৱাৰিলে৷ থাকি গ’ল বেংডোবাৰ পাৰতে৷

ঔ-টেঙাজোপাৰ তলত ৰৈ থকা অৱস্থাতে গজেনে হুমুনিয়াহ এটা কাঢ়িলে৷ আজিকালি খং উঠিলেই সি লেঙেৰিয়াই লেঙেৰিয়াই এই ঔ-টেঙাজোপাৰ তললৈ আহে৷ খঙত সি বেংডোবালৈ চায়৷ জলাশয়ত ডুবি থকা বন্ধ্যা পথাৰখনলৈ চায়৷ খংটোৱে এটা হাহাকাৰৰ ৰূপ লৈ বুকুৰ ভিতৰতে গুজৰি-গুমৰি থাকে৷ তাৰ পিছত এটা হুমুনিয়াহ হৈ ওলাই আহে৷ এয়াই তাৰ জীৱনৰ বৃত্ত৷ খং উঠিলেই  লেঙেৰিয়াই লেঙেৰিয়াই  ঔ-টেঙাজোপাৰ ওচৰলৈ আহে, হুমুনিয়াহ এটা কাঢ়ি আকৌ লেঙেৰিয়াই লেঙেৰিয়াই  ঘৰলৈ উভতি যায়৷ এই মাটি আৰু তাৰ মাজত যেন এটা সম্বন্ধ আছে৷ আগতে এই মাটিখিনিও এনেকুৱা নাছিল, এসোপা সপোন আছিল তাত৷ এতিয়াহে বন্ধ্যা হ’ল, সপোনবোৰ নাইকিয়া হ’ল৷ আগতে সিও লেঙেৰা  নাছিল৷ তাৰো এসোপা সপোন আছিল৷ এতিয়াহে লেঙেৰা হ’ল৷ লগে লগে সপোনবোৰো হাহাকাৰ হ’ল৷ কিয়? কিয়? কাৰ ভুলৰ পৰিনাম এয়া? কোনে সিহঁতৰ সপোনবোৰ মোহাৰি পেলালে? কোনে? খঙত এফালৰ পৰা গোটেইখন মহতিয়াই পেলাবলৈ মন যায় তাৰ৷

পথাৰখনত সিহঁতৰ বেছি মাটি নাছিল, যি কেইডৰা আছিল তাৰেই বছৰটো চলি গৈছিল৷ বাপেকটো আছিল মস্ত এলেহুৱা৷ সুবিধা পালেই শুই থাকে৷ তেওঁৰ অভাবো নাই, অভিযোগো নাই৷ খাবলৈ দিলে খালে, নাপালে ওলাই যায়৷ কাৰোবাৰ ঘৰত কিবা এটা পালে খায়, নাপালে নাই৷ কাম কৰিবলৈ দিলে কিন্তু বৰ বেয়া পায়৷ খুব মদ খায়৷ মদ খাবলৈ পালে ঘৰৰ কথা পাহৰে৷ মদ খাই ঢলং পলংকৈ আহিলেই গজেনৰ মাকৰ খং উঠে৷ মানুহজনীয়ে ৰণচণ্ডী মূৰ্তি ধৰে৷ ইপিনে  গেজেৰা মাৰি কিবা এটা ক’লেই গজেনৰ দেউতাকৰ বৰ দুখ লাগে৷ মদৰ নিচাত থাকিলে দুখৰ পৰিমানটো বাঢ়ি যায়৷ বুকুখনত কিবা এটাই খোচ মাৰি দিয়া যেন লাগে আৰু উশাহটো ঘূৰাবলৈ টান পোৱা যেন লাগে৷  আচলতে দেউতাকে কৰো বুলি এনেকুৱা নকৰে, হৈ যায়, কোনোবাই কিবা এষাৰ টানকৈ ক’লেই চকুহাল চলচলীয়া হৈ যায়৷ তাকে গজেনৰ মাকজনীয়ে নুবুজে৷  মুখখন ভেঙুচালি কৰি কয়–‘চা টো চা আমাৰ মহাৰাজা টা৷ কথাকে কবা নোৰা৷ পেংটাবা ধুৰিলে৷ অই লাজ নোহোৱা, ভাতাৰ টা হুই তিৰিৰ আগত কান্দিবা নাহিবি৷ কিবা খং উঠিলি মেখ্‌লা কে গলত আলায় দিম৷ ঘৰ চলাবা মুৰাত নাই, চাল্লা তিৰিক আজিক লাগি একো এটা দি পোৱা নাই ৷ তাকে কুলি নাকত পানী লাগে৷ কান্দিবা জানা৷ কান্দিলি মৰম কুৰিম ভাব্‌চা বো...৷ দে চুন দে আৰো কান্দেক; একেবাৰে গোবৰ কে থোপ্‌লা মাৰি দি থম দে৷ বিছি বিছি কুৰি নুদুখাবি চাবি৷ চিন পোৱা নায় তুই মোক’? ভয়তে গজেনৰ দেউতাকে সেইভাগেই চুচুক-চামাক্‌কৈ নঙলামুখলৈ ওলাই যায়৷ ক’বতো নোৱাৰি ডাংকাটীজনীয়ে সঁচাকৈয়ে মুখত গোবৰ এসোপা সানি দিবও পাৰে৷ জেওৰা খৰি এডালেৰে সাৰৌপ সাৰৌপকৈ মৰিয়াই দহোজনে শুনাকৈ ‘‘গাম্‌চা খুল, গাম্‌চা খুল’’ বুলি চিঞৰি টান মাৰি চুৰীয়াখন খুলি দিবলৈ চেষ্টা কৰিবও পাৰে৷ ক’ব নোৱাৰি, এইজনীৰ মন-মেজাজ ধৰিব নোৱাৰি৷ যি মন যায় তাকে কৰি দিয়ে৷ এবাৰ কি হ’ল, ধনুভাঙাৰ হৰেশ্বৰৰ ঘৰত ৰাতিবাঞ্চা নাম, ঢেঁকীশালত থকা চৌকাটোৰ ওচৰত বহি বটলটো খুলি গলাদ্ধৰ্কৰণ কৰি থকা ৰূপৰামে ক’লে বোলে গোটেই ৰাতি নাম ধৰি থাকিব লাগিব, মহাপ্ৰভুৰ প্ৰসাদ অকন পালে ভাল আছিল৷ মলাধঁপাত সোপাকে কিমান হুপি থাকিবাহে? ক’বলৈ পালেহে মহোদাই মাত-ষাৰ দিলেই নহয়বোলে হেৰৌ হৰেশ্বৰ,  ইমানসোপা যা-যোগাৰ কৰিলি, সেইকনো যোগাৰ কৰিব নোৱাৰিলিনে? উঃ যেনিবা ভাওনাৰ বচনবোৰহে একেবাৰে মুখস্থ আছে, লগে লগে সূত্ৰধাৰীয়ে অংগী-ভংগী কৰাৰ দৰে গাটোত সাঁতটামান ভাঁজ দি ‘‘এ কাকা, তুমা মোক কি ভাব্‌চা’’ বুলি হৰেশ্বৰে চুক এটাত লুকুৱাই থোৱা চুলাইৰ বটল এটা উলিয়াই দিলেই নহয়৷ তাৰপিছত আৰু কোনে পায়? বটলৰ পৰাই ঢোক গিলাত আকৌ ৰূপৰাম পাকৈত৷ এনেকুৱা এটা কায়দাত, এনেকুৱা অংগী-ভংগী কৰি সি বটলৰ মদখিনি ডিঙিত ঢালে, দেখিলেই কিবা খাওঁ খাওঁ লাগে৷ বটলটো পোৱাৰ পিছত মহোদা আৰু ৰূপৰামে সকামৰ কাম এৰিলে, বটলৰ পৰাই ডিঙিত ঢালিবলৈ ধৰিলে৷ দুয়োটাৰ চকুৱে মুখে ইমান তৃপ্তিৰ ভাৱ ফুটি উঠিল যেন নিচাত সিহঁত দুটাও উৰি উৰি গৈহে আছে৷ হেন সময়তে লেঙেৰিয়াই লেঙেৰিয়াই তাত গৈ ওলালগৈ আমাৰ গনেশৰ বাপেক৷

: অই কি কুৰ্‌বা লাগ্‌চা?

: দেখা নাই হাতত মহাদেব পৰ্হাদ লৈ আছুং৷

: তুমা দুটাক খোল চিলাবা বিচিৰায় আছে; আৰো তুমা ইয়াত গেলা খাই আছা?

: ধুৰৰৰ্‌, কাম নায় সিগিলা; সো এক কাপ লো...৷

সন্মুখত মাছ এটা পৰি থকা দেখিলে মেকুৰীৰ চকুহাল যেনেদৰে উজ্বল হৈ উঠে,গনেশৰ বাপেকৰো তেনেকুৱা হ’ল আৰু  কোনোবাই চাই আছে নেকি সেইটো নিশ্চিত হ’বৰ বাবেই লুভীয়া দৃষ্টিৰেই ইফালে সিফালে চালে৷ তাৰপিছত মহোদা আৰু ৰূপৰামৰ ওচৰতে আঁঠু কাঢ়ি বহি চকুহাল মুদি বটলটোৰ মুখখন মুখত ভৰাই দিলে৷

ইফালে আগ চোতালত হুলস্থুল লাগিল– খোল চিলাবলৈ আহি এই এলাইবাদুকেইটা ক’লৈ গ’ল? কোনোবা এটাই ক’লে বোলে টেঁকীশালত বহি মদ খাই আছে৷ ৰাইজখন একেবাৰে জাঙুৰ খাই উঠিল নহয়– ‘‘চা, তামাৰ ফুতানি চা৷ কিবা এটা কুৰ্‌বা ইৰি মদ খাই আছে৷’’ তাৰপিছত অলপ আঁতৰত দীঘলকৈ ওৰণি লৈ তামোল কাটি থকা গনেশৰ মাকক কোনোবা এটাই ডাঙৰকৈ ক’লে–‘‘অই গুণ, ভাতাৰৰ চভাব গিলা বদলাবা পাৰা নায়?’’ অ’ তেনেকৈ ক’বলৈ পালেহে, ভোজ ৰান্ধিবলৈ অনা ফলাখৰি এডাল লৈয়ে গনেশৰ মাকজনী ফোঁ-ফোঁৱাই একেকোবে ঢেঁকীশাল পালেগৈ আৰু পৰম আৱেশত চকুহাল মুদি মদ খাই থকা গনেশৰ দেউতাকৰ পিঠিত দিলে নহয় দুটা কোব৷ মহোদা, ৰূপৰাম আৰু গনেশৰ দেউতাকে কি হ’ল টলকিবই নোৱাৰিলে৷ ঘৈনীয়েকৰ ৰূপ দেখি গনেশৰ দেউতাকৰ অৱস্থা নাইকিয়া হ’ল৷ মদৰ নিচা, ইপিনে পিঠিত ফলাখৰিৰ কোব¸, ঢলকুচিয়াই ঢলকুচিয়াই  সি ঢেঁকীশালৰ পৰা ওলাই দৌৰ মাৰিব খোজোতেই পিন্ধি থকা চুৰীয়াখনৰ গাঁঠিটো ঢিলা হৈ গ’ল৷ সুলকি নপৰিবলৈ চুৰীয়াৰ গাঁঠিটো কোনোমতে ধৰি সি ঘৈণীয়েকক ফেপেৰি পাতি ধৰিলে–‘মৰণ নহায়টি, ভাতাৰক কুবাবা আহিছা? পাপ লাগ্‌বো তোৰ৷ পকা লাগি মুৰ্‌বি তুই৷’ অ’ ক’বলৈ পালেহে, সকামলৈ অহা গোটেই তিৰোতাখিনি জঁকি উঠিল নহয়৷ ‘চুৱা চিল্‌কা জাত, গেলা খাবা নেদা কাৰ্‌নে তিৰি কুবাবা আহিছা? অই বাই, কায় ক’ত আছা, দাকায় আন টো৷ ইয়াক আজি থিক্‌চে কুবাং আহ, বাৰ্‌নী মাখা লুই লুই আহ৷’ ঘটনাৰ ৰূপ বেলেগ হ’বলৈ ধৰাত অকল গনেশৰ বাপেকেই নহয়, মহোদা আৰু ৰূপৰামো তাৰ পৰা ফৰিং চিটিকা দিলে৷ সকাম খোৱা আৰু নহ’ল৷ এই ঘটনাটোৰ পিছত দুদিনমান গনেশৰ বাপেক ঘৰৰ পৰা লাজতে ওলোৱা নাছিল৷ ঘৰৰ ভিতৰত থাকিলে ঘৈনীয়েকলৈ খং উঠি থাকে, বাহিৰলৈ গ’লে সিদিনাৰ ঘটনাটোৰ বাবে মানুহৰ চকুলৈ চাবলৈ লাজ লাগে, কিজানি কোনোবাই সুধি দিয়ে–‘‘কি এ কাকা, আৰো কুব খালি না কি?’’ সেই তেতিয়াৰে পৰা গনেশৰ বাপেকে মাকৰ লগত মুখ-চুপতিটো বাদেই, ভালকৈ কথা এষাৰো নপতা হ’ল৷ ঘৈনীয়েকৰ মুখখন মনলৈ আহিলেই কিবা খংহে উঠা হ’ল৷ সিদিনা ৰূপৰামে কৈছে নহয় বোলে গিৰিয়েকবোৰ হ’ল পৰম আৰাধ্য দেৱতা, সাক্ষাৎ ঈশ্বৰ৷ কিয় খোবা-খুবীৰ দিনা ৰাতি ভৰি ধুৱাই মূৰৰ চুলিৰে মোহাৰি নিদিয়ে? আৰু পুৰুষ পুৰুষ ধৰি এষাৰ কথা চলিয়েই আছে বোলে লাও যিমানেই ডাঙৰ নহওঁক, সদাই পাতৰ তল৷ ৰূপৰামেয়েতো মদ খায়, মহোদায়ো খায়, সিহঁতক কিবা ঘৈনীয়েক কেইজনীয়ে মৰিয়াবলৈ খেদি আহে নেকি? খলেপাৰা গাঁৱৰ গাঁঠিযে, তাৰ মাকজনীয়ে দেখোন সকলোৰে সন্মুখতেই বিড়ি খায়৷ এবাৰ কিয় কীৰ্ত্তনঘৰত বৰসবাহৰ দিনা বৰজোপাৰ তলত বহি কেইবাজনীয়ে মিলি বিড়ি খাই থাকোতে হুলস্থূল লগা নাই? বৰদেউৰী দুজনমানেতো ঠেহঁ পাতি নামঘৰৰ পৰা গুছি যাবলৈকে ওলাইছিল–‘‘এ ইগিলা গোহায় চোহায় নামানে৷ কায় থাক্‌বো এ?’’ পিছত ৰাইজ গয়ৰহ বহিব লগা হ’ল৷ গাঁঠিৰ মাকে গুৱা-পাণ দি ৰাইজৰ সন্মুখত আঁঠু ল’ব লগা হ’ল৷ তেতিয়া কিবা গাঁঠিৰ বাপেকে ঘৈণীয়েকক ফলাখৰিৰে কোবাইছিলনেকি? ৰূপৰাম আৰু মহোদাইহে গনেশৰ বাপেকক আচল কথাটো বুজাই দিলে–‘তুই বুজি পাইছা না নাই, তোৰ তিৰি টা তোৰ মাথাৰ উপৰত উঠা বুদ্ধি কুৰি আছে৷ চাবি অলপ, ইমান লাই নিদিবি৷’ সেই তেতিয়াৰে পৰা গনেশৰ দেউতাকে মাকক অনবৰতে গালি পাৰি থকা হ’ল৷ সামান্য কথাতে গুৰুলা-গুৰুলকৈ পিটা হ’ল৷ অথচ মাকেই ঘৰখন চলাই থাকে৷ আনকি মাৰ-পিট কৰি মদ খাবলৈও বাপেকে মাকৰ পৰা টকা কাঢ়ি নিয়েহে৷ বায়েকজনী আঁকৰী৷ কথা ক’ব নোৱাৰে৷ ঘৰটো সাৰিবলৈ দিলে দেখিবা চুকটোত ধূলি এসোপা থাকিয়েই গ’ল৷ চোতালখন সাৰিবলৈ দিলে এফালে সাৰে, এফালে নাসাৰে৷ তাঁতৰ পাতত বহুৱাই থৈ গ’লে সূতা এসোপা চিঙে৷ মুঠতে একোৰে লায়েকৰ নহয়৷ চঞ্চল৷ ডেকা ল’ৰা দেখিলেই ‘‘ই - আ’’ কৰি অংগী-ভংগী দেখুৱাই খিকিন্দালি মাৰিবলৈ লাগে৷ মাকে পিটে৷ ল’ৰাবোৰৰ আগতে পিটে৷ ‘নটী হৈছা না; নটী হৈছা, গলত টিপি মাৰি ফেলাম, গম পোৱা নাই৷’ আচলতে মাকেই গোটেই ঘৰখন চলাই আছিল৷ লোকক খাতিৰ-বাতিৰ কৰি মাটিকেইডৰাত হাল বোৱাৰ পৰা ধান দাই অনালৈকে সকলো মাকেই চম্ভালিছিল৷ তাৰ মাজত তাঁতৰ শালখন আছেই৷ লোকৰ হৈও তাঁত বৈ দিয়ে, পইচা দিয়ে৷ নিজে বৈয়ো বেচে৷ তেনেকৈয়ে মাকজনীয়ে নিমখ-তেলৰ, সিহঁতৰ কাপোৰ-কানিৰ জোৰাটো মাৰি আছিল৷ জোৰকৈ তাক স্কুললৈ পঠাইছিল৷ বোধহয় মাকে তাক লৈ এটা সপোন দেখিছিল৷ ৰাতি সি মাকৰ লগত একেলগে শুইছিল৷ শুই থাকোঁতে তাৰ কপালত হাত ফুৰাই মাকে প্ৰায়েই কৈছিল–‘লিখি পুঢ়ি তুই ডাঙাৰ হোৱাটাকে ৰুখি আছুং বাবা৷ তুই ডাঙাৰ মানু হুলি মোৰ কষ্ট গিলা কুমিব৷ দেখায় পোৱা, বাইদু ইমান অকৰা৷ কায় নু বিয়া কৰাব তাক? তুইয়ে চাবা লাগ্‌বো, আলায়-বিলায় হবা নিদিবি দে...৷’সেই সময়ত এই কথাবোৰৰ গুৰুত্ব সি উপলব্ধি কৰিব পৰা নাছিল৷ মাকে যে তাৰ কপালত হাত ফুৰাই আছিল, সেইটোহে তাৰ ভাল লাগিছিল৷

হঠাতে এদিন মাকজনী ঢুকাই থাকিল৷ বৰ অকল্পনীয় আৰু অবাঞ্চিত আছিল সেই ঘটনাটো৷ গাঁৱৰে তিৰোতা দুগৰাকী আহি মাকক লগ ধৰিলে দেওবৰীয়া বজাৰখনলৈ৷ তাত হেনো সস্তাতে সূতা কিনিবলৈ পোৱা যায়৷ মাকৰ যাবলৈ মন নাছিল, কিন্তু ‘‘সস্তা’’ শব্দটো শুনাৰ লগে লগে যোৱাটো ঠিক কৰিলে৷ সেই যে গ’ল, ঘূৰি আৰু নাহিল৷ দেওবৰীয়া বজাৰখনত সেইদিনাখনেই বোমাটো ফুটিছিল আৰু নিথৰ হৈ গৈছিল সূতা বেচা দোকানীজন, সূতা কিনিবলৈ যোৱা মানুহকেইজনী আৰু কেইবাজনো৷ পুৰি ছাই হৈ যোৱা, হাত-ভৰি নথকা মৃতদেহকেইটাহে সিহঁতে ঘূৰাই পাইছিল৷ সেই যে বোমাটো ফুটিছিল, এটা প্ৰচণ্ড শব্দ হৈছিল, সেই শব্দই সিহঁতৰ ঘৰখন নিঃশব্দ কৰি পেলাইছিল৷ কোঠাটোত জ্বলি থকা একমাত্ৰ চাকিগছ যেন দুপকৈ নুমাই থাকিল৷ গোটেইখন অন্ধকাৰ৷ ঘনঘোৰ অন্ধকাৰ৷ সেই অন্ধকাৰৰ মাজত প্ৰথমবাৰৰ বাবে সি মাকে তাৰ কপালত হাত ফুৰাই কোৱা কথাকেইটাৰ গুৰুত্ব উপলব্ধি কৰিছিল–‘‘দেখায় পোৱা, বাইদু ইমান অকৰা৷ কায় নু বিয়া কৰাব তাক? তুইয়ে চাবা লাগ্‌বো, আলায়-বিলায় হবা নিদিবি দে...৷’’ তাৰ বুকুখনে হাহাকাৰ কৰি উঠিছিল৷ কাৰোবাৰ ওপৰত খং উঠিছিল৷ সেইকেইটা দিন সিহঁতৰ ঘৰখন মানুহে নধৰা হৈ আছিল৷ সিহঁতৰ ফটো টি ভি আৰু বাতৰি কাকতত ওলাইছিল৷ গাড়ী লৈ মন্ত্ৰী এজনো আহিছিল৷ মন্ত্ৰী অহাৰ দিনা সিহঁতৰ ঘৰৰ আগত থিয় হ’বলৈ ঠাই নোহোৱা মানুহ৷ ডিঙিৰ সিৰ ফুলাই চিঞৰি চিঞৰি মন্ত্ৰীয়ে কৈছিল–‘‘এনেকৈ মানুহ মৰাটো কাপুৰুষালী৷ চৰকাৰৰ ফালৰ পৰা মৃতকৰ আত্মীয়লৈ দুই লাখ টকা সাহাৰ্য আগবঢ়োৱাৰ কথা মই ঘোষণা কৰিলোঁ৷’’ লগে লগে থিয় হৈ থকা মানুহখিনিয়ে হাতচাপৰি বজালে৷ চকুহাল মুদি গণেশে মাকৰ মুখখন মনত পেলালে–জীয়াই থাকোতে খুৱাই গ’লেই, মৰাৰ পিছতো সিহঁতে খাবলৈ ব্যৱস্থা কৰি গ’ল৷ কথাটো ভাবি সি হুক্‌হুকাই কান্দি দিছিল৷ সি কান্দি থাকোতেই মন্ত্ৰীয়ে তাৰ কাষত থিয় হৈ ফটো তুলিছিল৷ ফটোখন পিছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতে ওলাইছিল৷ সেই যে ফটোখন ওলাল, তাৰপিছতে সকলো তল পৰিল৷ বাতৰি কাকতত বেলেগ বেলেগ কথা ওলাল, মন্ত্ৰীয়ে বেলেগ বেলেগ মিটিঙত ভাষণ দিলে, সেইমতে মানুহবোৰেও হাতচাপৰি বজালে, কিন্তু কোনেও ঘূণাক্ষৰেও গণেশহঁতৰ কথা নুলিয়ালে৷ এদিন ভোলা মাষ্টৰেই বাপেকক ক’লে বোলে হেৰি অ’ এবাৰ ডি চি ক লগ কৰি কথাবোৰ কোৱাচোন৷ কাৰণ টকাখিনি তেওঁৰ জৰিয়তেহে আহিব৷ গনেশৰ লগতে বাপেকেও ভোলা মাষ্টৰলৈ কপাল কোঁচ খুৱাই চালে৷ এই ডি চি আকৌ কি? মন্ত্ৰীৰ নিচিনাই কোনোবা এটা নে বেলেগ জিনিচ? ভোলা মাষ্টৰেই কথাবোৰ বুজাই দিলে আৰু সেইমতেই গণেশ এদিন আক-তাক সুধি সুধি ডি চি অফিচ ওলালগৈ৷ সি ভাবিছিল, বোমা ফুটি মৰা মানুহৰ ঘৰৰ ল’ৰা বুলি তাক সকলোৱে গুৰুত্ব দিব৷ পিছে তাৰ ওলোটাটোহে হ’ল৷ পুলিচকেইটাই তাক সোমাবলৈকে নিদিলে৷ সি যেতিয়া ক’লে ‘ডি চিয়ে তাক টকা নিবলৈ মাতিছে’, এটা পুলিচে তাক লাঠিৰে দুই কোব লগাই দিলে–‘‘পাগলটো ক’ৰবাৰ৷ আহিবলৈ আৰু সময় নাপালি? অলপ পিছতে এটা দুধৰ্ষ সন্ত্ৰাসবাদী কৰ্টলৈ আনিব, ল এণ্ড অৰ্ডাৰৰ কথা আছে, আঁতৰ হ৷ এইবাৰ আহিলে ঠেং ভাঙি দিম৷’’ ভয়তে সি আঁতৰি গ’ল৷ অলপ আঁতৰিয়েই দেখিলে কৰ্টলৈ সোমোৱা গেটখনৰ ওচৰত এসোপামান পুলিচ মিলিটেৰী৷ গোটেই ঠাইখন ঘেৰি ধৰি আছে৷ চাৰিওফালে মানুহৰ হেঁচা-ঠেলা৷ গণেশে এজনক সুধিলে–‘‘কিবা হৈছে না কি?’’

: বাজাৰত যে বোমা ফুটাইছিল, উগ্ৰপুন্থী মাখা, তাৰে মেইন টাক কৰ্টত আন্‌ব৷

: পুলিচে ধুৰিল না কি?

: নাজানং, ধুৰিলে না চাৰেণ্ডাৰে কুৰিল গমে নাপাং৷ এহ্‌, ইগিলা কথা আমি পাতিবা লাগা কথা নোহায়৷ উপৰৰ লেবেলত চব ফিক্স৷ তলৰ গিলাহে গুলী খাই মৰে৷

গণেশে দেখিলে পুলিচৰ ভান এখন আহি গেটৰ ওচৰত ৰৈছেহি৷ কটকটীয়া পহৰাৰ মাজত সন্ত্ৰাসবাদীটোক গাড়ীৰ পৰা নমাইছে৷ গণেশৰ শৰীৰৰ উষ্ণতা ঘপহকৈ বাঢ়ি গ’ল৷ ইহঁতেই বোমা দি মানুহ এসোপাক মাৰিছিল৷ ইহঁতেই বোমা দিয়াৰ কাৰণেই সূতা কিনিবলৈ যোৱা তাৰ মাকজনীৰ শৰীৰটো ছিন্ন-ভিন্ন হৈ পৰিছিল৷ গণেশৰ এনেকুৱা লাগিল, দৌৰ মাৰি গৈ যেন সন্ত্ৰাসবাদীটোৰ ডিঙিটো চেপা মাৰি ধৰিব৷ পিছে তাক আচৰিত কৰি হঠাৎ তাত ৰৈ থকা মানুহবোৰে সন্ত্ৰাসবাদীটোৰ নাম লৈ জিন্দাবাদ ধবনি দিবলৈ ধৰিলে৷ বিস্ময়ত গণেশ হতবাক৷ হে ঈশ্বৰ, যিটোৱে বোমা দি, গুলী কৰি ইমানবোৰ মানুহ মাৰিলে, সিয়েই আজি ইমান সন্মান পাইছে? এইখন পৃথিৱী নে নৰক কুণ্ড? এসোপা খং ক্ষোভ লৈ সি সেইদিনা টাউনৰ পৰা গুচি আহিল আৰু মাক মৰা কাৰণে চৰকাৰে টকা দিম বুলি কোৱা কথাটো কোনো দিন আৰু নুলিয়ালে৷


(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ