অন্যযুগ/


অন্য এক অমিতাভ যাত্ৰা

 পৰী পাৰবীন



আদিত্যই আহ্নিকলৈ গতি কৰাৰ প্ৰহৰ। চৌপাশে বিৰাজ কৰিছে নিবিড়ঘন শ্যামলিমাই। বিগত কতদিন কতদণ্ড বাৰিষাৰ প্ৰবল ধাৰাই প্ৰকৃতি সজীৱ, পৰিচ্ছন্ন, সহৰ্ষ আৰু প্ৰাণময় কৰি তুলিছে। পশ্চিম আকাশত ঘন নীলবৰ্ণী পৰ্জন্য। ধাৰাসাৰ বৃষ্টিপাত আৰু ঘূৰ্ণীবায়ুৰ উদ্দাম তাল-লয়হীন দ্বৈতনৃত্যৰ নীৰৱ দৰ্শক হৈ ৰৈছে বৈশালী নগৰৰ বিখ্যাত ত্ৰিতল প্ৰাসাদ আম্ৰভৱন। আম্ৰভৱনৰ বৃক্ষ-লতিকাৰ পত্ৰে পত্ৰে মুকুৰিত হৈ উঠিছে মেঘৰাজৰ ক্ষুদ্ৰ-বৃহৎ কণিকাবোৰ। গুম গুম ধ্বনিৰে জাগ্ৰত হৈ গগণকম্পা নিনাদেৰে মেঘৰাজে বিশাল আকাৰ-ধাৰণেৰে উত্থিত হৈ পৃথিৱীৰ লগত আলিংগনৰত হৈছে প্ৰৱল গতিময়তাৰে, অনন্ত শক্তিৰে। 

ত্ৰিতল প্ৰাসাদটিৰ ওপৰতলৰ গম্বুজ এটাত ভেজা দি ৰৈ আছে এক মানৱী। যেন মানৱী নহৈ কোনোবা ভাস্কৰ্য শিল্পীৰ খোদিত মূৰ্তিহে। ঘৃতপ্ৰায় গাত্ৰবৰ্ণ, আয়তাকাৰ নেত্ৰ, জলপ্ৰপাতৰ দৰে কেশ, স্ফীত বক্ষ, পৰিপূৰ্ণ কলশৰ দৰে যৌৱন কঁকালত, নিতম্বত, সমগ্ৰ শৰীৰবল্লৰীৰে সকলোৰে পৰিচিত দেৱী আম্ৰপালী! বৈশালী নগৰৰ চকুৰ মণি দেৱী আম্ৰপালী। কোনোবা মহৰ্ষিৰ বৰত চিৰযৌৱনা হৈ ৰোৱা এজনী পৌৰ্ণমাসী কুমাৰী নাৰীৰ দৰে দেৱী আম্ৰপালী। মেঘৰাজে ধৰিত্ৰীৰ লগত সংগমলিপ্ত হোৱাৰ সময়তে পৱনদেৱতা নামি আহিছে দেৱী আম্ৰপালীৰ ওচৰলৈ। বলিষ্ঠ দুহাতেৰে সাবটি ধৰি পৱনৰাজে যেন তেওঁৰ বক্ষৰ আচ্ছাদন খহাই নিৰ্লজ্জ কামনাক পিষ্ট কৰাৰহে লক্ষ্য স্থিৰ কৰি লৈছে। কিন্তু সুকোমল স্তনপট্টখনিয়ে দেৱীক আলফুলকৈ মেৰিয়াই ধৰি নিৰাপত্তাৰ আশ্বাস দিছে।

এৰা! নিৰাপত্তা। স্ব-নিৰাপত্তা।

সমগ্ৰ জীৱন জুৰি এই স্ব-নিৰাপত্তাৰ আচ্ছাদনত অভ্যস্ত হৈ উঠিছে বৈশালীৰ নগৰ-বধু দেৱী আম্ৰপালী। অথচ আজি যেন কি এক অখণ্ড শূন্যতা। যি পূৰ্ণ আছিল সেয়া যেন শূন্য হৈ গৈছে আৰু যি শূন্য আছিল সেয়া হৈ গৈছে শূন্যতৰ। আম্ৰপালীৰ শূন্যতাৰ অখণ্ডতাক চূৰমাৰ কৰিবলৈ বতাহজাকে আন্ধাৰ বাটটোৰে সোমাই আহি তেওঁৰ দীঘল কেশৰাজিত মুহূৰ্মুহূ চুম্বন কৰিছে। কিংশুক বৃক্ষপত্ৰৰ পৰা জলকণাৱাহী বতাহজাক আহি তাইৰ নাভিমূলৰ অটল অন্তত প্ৰৱেশ কৰি নিৰ্লজ্জ আধিভৌতিক শিহৰণ এটাৰ সৃষ্টি কৰিছে। তাইৰ অহংকাৰৰ স্তুপটো ঝনঝনকৈ ভাগি পৰিছে। অচেনা পথেৰে নামি অহা এটা সোঁৱৰণিৰ স্পৰ্শই লাহে লাহে যেন তাইক পূৰ্ণ কৰিবলৈ ধৰিলে। উচপ খাই উঠিল দেৱী আম্ৰপালী,

“এই কলংকিত ভূমিপৃষ্ঠত কাৰ পৱিত্ৰ চৰণ পৰিছে? কিয় এই ধূলি হৈ পৰিছে পৰম সুষমাৰে ভৰা ধূলিৰ দৰে। কোন তেওঁ?”

অথচ চৌপাশে কোনো নাই। এয়া তেওঁৰ মনৰ মাজত চলি থকা যুদ্ধখনৰ এজন শক্তিশালী যোদ্ধাৰ অস্তিত্ব। সেই অস্তিত্ব শাক্যবংশীয় অমিতাভ বুদ্ধৰ। সেই অমিতাভ বুদ্ধ যি মোক্ষপ্ৰাপ্তিৰ অনুসন্ধানত নিজ পত্নী-পুত্ৰকে আদি কৰি সংসাৰৰ মায়া-মোহ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, যিজন বুদ্ধই ‘নাৰী মানেই মায়া’ আখ্যাৰে শিষ্যসকলক নাৰীৰ মায়াৰ পৰা দূৰত থাকিবলৈ পৰামৰ্শ দিয়ে, স্বয়ং তেওঁ বুদ্ধত্বৰ মায়াজালেৰে সমগ্ৰ জম্বুদ্বীপবাসীক সন্মোহিত কৰি পেলাইছে। মগধৰ দৰে শক্তিশালী ৰাজ্যৰ ৰজা বিম্বিসাৰেও আশ্ৰয় লৈছিল বুদ্ধৰ চৰণত। বিম্বিসাৰৰ বাবেই এই বুদ্ধক আম্ৰপালীয়ে নিজ মনৰ একোণত নিগাজী স্থান দি পেলাইছিল। য’তেই তেওঁ বুদ্ধৰ মন্ত্ৰোচাৰণ শুনিছিল, তাতেই ৰৈ গৈছিল।

“ৰৈ যোৱাটোৱেই জীৱনৰ লক্ষ্য। স্থিৰ হোৱাঁ দেৱী, স্থিৰ হোৱাঁ”।  পৰ্বতে কন্দৰে অহৰহ ভ্ৰমণ কৰি থকা বুদ্ধৰ অনুগামী কোনোবা শ্ৰমণে ত্ৰিতল প্ৰাসাদৰ ওপৰত তেওঁক নিৰলে ৰৈ থকা দেখি কৈ গৈছিল।

কথাৰ কি গূঢ়াৰ্থ! তেওঁ ৰৈ আছিল, অথচ স্থিৰ নাছিল। শ্ৰমণজন গৈ  আছিল, অথচ আছিল স্থিৰ।

অস্থিৰতাৰ পৰা স্থিৰ হোৱাৰ যাত্ৰাপথতে যুদ্ধখন চলিছিল। এই কেশদাম, এই সৌন্দৰ্য, এই দাস-দাসী,  অট্টালিকা, লাহ-বিলাহৰো ঊৰ্ধ্বত আছে শ্ৰমণসকলৰ সেই ৰঙা চীৱৰৰ মূল্য। ৰঙা চীৱৰৰ বাদে কিনো পাব তাত?  এই লাহ-বিলাহতেইবা’ কি ৰৈ যাব? কতোৱেই একো নাই। সকলোতেই কেৱল শূন্যতা!

মনৰ ভিতৰৰ যুদ্ধখনে তেওঁক অস্থিৰৰ পৰা অস্থিৰতৰ কৰিবলৈ আৰম্ভ কৰিছে। সূৰুযৰ গতি যেন দ্ৰুততৰ হৈ আকাশত হেৰাই গৈছে। নিবিড়, নিশ্চিদ্ৰ হৈ আন্ধাৰে বৈশালী নগৰখনি মেৰিয়াই ধৰিছে। আন্ধাৰে ভিন ভিন জ্যামিতিক ৰূপ ধৰি আম্ৰকুঞ্জৰ চৌহদত জিৰণি লৈছে। পশ্চাদস্থানৰ পুষ্কৰিণীৰ পৰা সন্মুখৰ প্ৰৱেশদ্বাৰলৈকে আন্ধাৰৰ অবৈধ ৰাজত্ব। স্ফটিকৰ পাত্ৰৰ ভিতৰৰ আলোকশিখাবোৰ এটা এটাকৈ জ্বলি উঠিল। জ্বলি উঠিল পুষ্পউদ্যানৰ দীপদণ্ডবোৰ। দীপদণ্ডৰ আলোময়তাত জিলিকি উঠিল বৈশালীৰ ৰাজপথ। জিলিকি উঠিল পথৰ কাষৰ বিশ্ৰামগৃহ।

বিশ্ৰামগৃহ নাগৰকৰ ভিৰ। দূৰৈৰ পৰাই জিলিকিছে তৰুণ যুৱকৰ দল, বালক-বালিকাৰ দল, সযত্নে প্ৰসাধন কৰা যুৱতীৰ দল। যুৱতীসকলৰ শিৰৰ কবৰীশোভন কুসুমালংকাৰৰ পৰা ভৰিত ৰক্তবৰ্ণৰ আলতা পৰ্যন্ত নিখুঁতভাৱে সজ্জিত। নিতম্বৰ পৰা দোলায়িত কাঞ্চী আৰু ভৰিৰ নূপুৰৰ তালে তালে দুলি থকা কণ্ঠহাৰৰ পুষ্পগুচ্ছই যুৱতীসকলক চঞ্চল কৰি তুলিছে। আকাশৰ পৰা নামি অহা বৰষুণৰ সমান্তৰালভাৱে পদচালনা বাঢ়ি গৈছে আন কিছু নগৰবাসীৰ। শিবিকাত গৈ আছে প্ৰণয়িনীৰ দল। এয়া ছদ্মবেশী প্ৰণয়িনী। দুটামান স্বৰ্ণমুদ্ৰাৰ মোহত বিক্ৰী হোৱা প্ৰণয় এয়া। এওঁলোকৰ বাবে এই বৃষ্টি একোটা পৰম বিস্ময়কৰ আনন্দৰ কথা। যৌৱনৰ বেহাত লাভ্যাংশ নিৰূপণৰ কথা। হৃদয়ৰ গুঞ্জনতকৈও স্বৰ্ণমুদ্ৰাৰ জনজননিত এওঁলোক বেছি অভিৰংগ।

শিবিকাৰ শব্দ এটা কাষ চাপি আহে। প্ৰৱেশদ্বাৰত হঠাতে নোহোৱা হৈ যায় সেই শব্দ। নিৰাপত্তাৰক্ষীয়ে একো বাৰ্তা নানে। বাৰ্তা নানে বিম্বিসাৰৰ আগমনৰ।

একান্ত বিশ্ৰামকক্ষলৈ নামি আহে আম্ৰপালী। বিশ্ৰামকক্ষত অলেখ চিত্ৰৰ সমাহাৰ। যেন কোনোবা নিপুণ শিল্পীৰ দ্বাৰা অংকিত এইসমূহ চিত্ৰ। নিখুঁত, জীৱন্ত একো একোখনি চিত্ৰ। এখনিত বিম্বিসাৰৰ যৌৱনৰ ৰূপ। সেই প্ৰতিভাদীপ্ত মুখশ্ৰী, মহাবলী, শক্তিসুন্দৰ বিম্বিসাৰৰ সৈতে কতবাৰ ঘনিষ্ঠভাৱে স্বপ্নকক্ষিকাত মিলিত হৈছিল তেওঁ। কত আলোচনা, কত পৰিকল্পনা, কত চৰ্চা!

দেৱী আম্ৰপালীয়ে কিদৰে জানিছিল যে, নাসিকাগ্ৰন্থিৰ কোনোবাখিনিত বিম্বিসাৰ নামৰ আৰণ্যক নিৰ্যাস এটা তেওঁ নিজৰ অজ্ঞাতেই কঢ়িয়াই ফুৰিছিল। নিশ্চয় ফুৰিছিল, কাৰণ বিম্বিসাৰৰ চূড়ান্ত উপেক্ষা আৰু পলায়নৰ পাছতো আম্ৰপালীয়ে বিম্বিসাৰৰ ছবি সযতনে ৰাখিছিল। বিম্বিসাৰৰ সৈতে বিচ্ছেদৰ কতযুগ পাৰ হৈ গৈছিল। বিম্বিসাৰৰ ঔৰষজাত সন্তানক তেওঁৰ কাষৰ পৰা তক্ষশীলালৈ অধ্যয়নৰ নিমিত্তে লৈ যোৱাৰো বহুবৰ্ষ পাৰ হৈছিল।

চকু মুদি সুখানমত বহি পৰে আম্ৰপালী। সন্মুখত দোদুল্যমান দুখন পৃথিৱী। এখন অন্তৰ্জগত, আনখন বহিৰ্জগত। দুয়োখনেই জটিল, সমাধানহীন। অন্তৰ্জগত আৰু বহিৰ্জগতৰ এই সামঞ্জস্যহীনতাত আম্ৰপালী ভাৰাক্ৰান্ত। ভাৰাক্ৰান্ত মনটো দোলনাত এৰি দিছে তেওঁ। অস্থিৰ মনটো দুলি দুলি চূড়ান্ত বেগেৰে উঠি যায় ঊৰ্ধ্বলৈ আৰু ঊৰ্ধ্বতম বিন্দুৰ পৰা মহাবেগেৰে নামি আহে তললৈ। বায়ুৰ গতিত বিয়পি পৰে সুতীব্ৰ যন্ত্ৰণাৰ তৰংগ। কোনো সময়ত এই যন্ত্ৰণা আনন্দধাৰালৈ পৰিৱৰ্তিত হয়। কোনো সময়ত বিশ্বভুৱন ওলোটা দিশত ঘূৰ্ণায়মান হয়। কোনো সময়ত জীৱনৰ অৰ্থ অনৰ্থক হৈ যায় আৰু আনন্দধাৰাৰ ঊৰ্ধ্বলৈ গৈ সেই সুতীব্ৰ যন্ত্ৰণাক স্পৰ্শ কৰি পেলায়। আৰু তেতিয়াই আম্ৰপালী ধাবমান হয় কোনো গভীৰ অৰণ্যছায়াত হেৰাই যাবলৈ। মহাৰাজ বিম্বিসাৰৰো একেই হৈছিল নে?  

ছদ্মবেশেৰে বিম্বিসাৰে কতদিন ঘন অৰণ্যত ঘূৰিছিল, কতদিন তেওঁ জম্বুদ্বীপৰ মিথিলা, মথুৰা, ইন্দ্ৰপ্ৰস্থ, গান্ধাৰ, মগধ, কোশল, পাঞ্চাল আদি জনপদসমূহৰ বিস্তৃত অধ্যয়ন কৰিছিল আৰু গভীৰ অৰণ্যৰ পৰা শিলাময় মৰুভূমিলৈকে, উদীচ্যৰ উন্নত জাতিৰ পৰা যক্ষ, নাগ, বানৰ প্ৰভৃতি অনেক বৰ্বৰ জাতিলৈকে সকলোকে একেশাৰীলৈ আনি বিশাল জম্বুদ্বীপ গঠনৰ স্বপ্নচালিত হৈ সকলোবোৰ কথা দেৱী আম্ৰপালীৰ ওচৰত ব্যক্ত কৰিছিল। কিমান সহজ আছিল বিম্বিসাৰৰ এই স্বপ্ন ব্যাখ্যা! অথচ শেষ সময়ত কিমান অসহায় হৈ পৰিল সেই বিম্বিসাৰ! প্ৰেমিকসত্তাৰ সেই অসহায়ত্বত কিমানেই যে শূন্য আম্ৰপালীৰ এই একাকী অস্তিত্ব! সেই শৌৰ্য-বীৰ্যৱান বিম্বিসাৰ, প্ৰেম আৰু প্ৰেৰণাৰ অফুৰন্ত ভাণ্ডাৰ, সেই সাহসী সুপুৰুষ বিম্বিসাৰ, যি সামাজ্যবিস্তাৰৰ স্বপ্ন দেখিও যুদ্ধৰ জৰিয়তে সামাজ্যবিস্তাৰৰ পৰিকল্পনা হাতত লোৱা নাছিল, যি কাৰণত তৰুণ যুৱক অজাতশত্ৰুৰ সৈতে বাৰম্বাৰ মতভেদ হৈছিল, অথচ যি পুৰুষে তেওঁৰ দৰে দুৰ্লভা নাৰীক ৰাজহুৱাকৈ পৰিত্যাগ কৰিছিল, সেই পুৰুষে অত সহজে পলায়ন কৰিলে!

আম্ৰপালীয়ে এই নিমিষতে যেন সপ্তপাতালৰ গভীৰ অন্তলৈ নিজক অধপতিত কৰিলে, হিংস্ৰ জলজ প্ৰাণীয়ে আম্ৰপালীৰৰ দেহটো নিশ্চিহ্ন কৰিলে, শৰীৰ ভেদি ওলাই গ’ল মৃত আত্মা। কিদৰে যোৱা অত বছৰ ধৰি প্ৰেমৰ এনাজৰীডালত ধৰি স্বপ্নদ্ৰষ্টাময় হৈ পৰিছিল তাই আৰু কিদৰে প্ৰেমাস্পদৰ এই ঘটনাত পক্ষাঘাতগ্ৰস্ত হৈ পৰিল তেওঁৰ সমগ্ৰ পৃথিৱী, কোনো স্বপ্ন বিনে, গতি বিনে, জীৱন বিনে, মৃত্যুভয় বিনে যেন ক্ৰমাৎ এটা তুৰীয় অৱস্থাত অৱগাহন কৰিলে আম্ৰপালীয়ে। 

“অস্থিৰতা মানেই পীড়া। এই অস্থিৰতাৰ পৰা মুক্ত হোৱাঁ।” যেন কিবা এক দৈৱকণ্ঠ। যেন বুদ্ধৰ দৰে সমাহিত এক কণ্ঠ। চকু তুলি চালে আম্ৰপালীয়ে। কাৰুণ্যৰ সংগীত বাজি থকা তেওঁৰ মুখশ্ৰীৰ বিপৰীতে কোনো বৌদ্ধভিক্ষুৰ শান্ত-সৌম্য ৰূপ।

“মোক ভগৱান বুদ্ধই পঠিয়াইছে।” ভিক্ষুৱে আগমনৰ কাৰণ জনালে।

আম্ৰপালীৰ চকুত আশ্চৰ্য, শ্ৰদ্ধা, আনন্দ, সমৰ্পণৰ স্বৰ যেন কণ্ঠ। চকুত অশ্ৰুৰ ধাৰা।

বিম্বিসাৰৰ ওচৰত বহুতবাৰ ধৰা দিছিল এই অশ্ৰুৱে। আম্ৰকুঞ্জত উদ্ধাৰ হোৱা সেই পিতৃ-মাতৃ পৰিচয়হীন কন্যা শিশুটিৰ অশ্ৰু, নৃত্য-গীতত পাৰদৰ্শী হৈ উঠা কিশোৰী আম্ৰপালীৰ অশ্ৰু, তেৰ বছৰ বয়সতে বৈশালীৰাজৰ পাকচক্ৰত পৰি বৈশালীৰ ৰাজকোষৰ ধন সংগ্ৰহ কৰিবলৈ ৰাজগণিকা হিচাপে নিয়োজিত হ’ব লগা বৈশালীবধূ আম্ৰপালীৰ অশ্ৰু- কোনোটোৱেই যে ধৰা নিদিয়াকৈ থকা নাছিল প্ৰেমাস্পদ বিম্বিসাৰৰ সন্মুখত।

আজন্ম যুদ্ধ এখন চলি আছিল তেওঁৰ। কেতিয়াবা নিজৰ লগত অভ্যন্তৰত, কেতিয়াবা বৈশালীৰ ৰাজপাৰিষদৰ লগত প্ৰকাশ্যমানকৈ। তথাপি নাৰিত্বৰ মৰ্যাদাক ক্ষুণ্ণ হ’বলৈ দিয়া নাছিল আম্ৰপালীয়ে। ষোড়শ জনপদৰ অন্যতম শক্তিশালী গণতান্ত্ৰিক ৰাজ্য বৈশালীৰ ৰাজকোষ পূৰ্ণ কৰাৰ স্বাৰ্থত সেয়ে তেওঁ বৈশালীবধূ পদত নিয়োজিত হৈছিল। কিন্তু গণিকাপদৰ মূল্য বৃদ্ধিৰ লগতে কেইবাটাও চৰ্ত ৰাখিছিল বৈশালীৰ ৰাজপাৰিষদত। তাৰ ফলস্বৰূপেই এই প্ৰাসাদোপম বাসভৱন, নিজাকৈ নিৰাপত্তাৰক্ষী বাহিনী, অজস্ৰ দাস-দাসী, আনকি কোনো পুৰুষৰ অধীন হ’ব নোৱৰাকৈ নাৰিত্বৰ উচ্চ স্থানত অৱস্থান কৰি আছিল আম্ৰপালী।

“গণিকাবৃত্তিয়ে শ্ৰেষ্ঠী, ৰাজকুমাৰ তথা বিদেশী ৰাজন্যৰ আহযাহ সঘন কৰে। বিদেশীৰ আগমনৰ সমান্তৰালভাৱে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰো ব্যৱসায় আৰম্ভ হয়। গণিকাবৃত্তিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰে।” বিম্বিসাৰে কৈছিল।

“আৰু সামাজিক অৱস্থা!”, আম্ৰপালীয়ে উভতি ধৰিছিল।

বিম্বিসাৰে আম্ৰপালীৰ দৰেই নিজৰ ৰাজ্যতো আৰম্ভ কৰিছিল গণিকা ব্যৱসায়। আম্ৰপালীতকৈ বহু বেছি মূল্য ৰাখিছিল শালৱতী নামৰ সেই গণিকাৰ।

আহত হৈছিল আম্ৰপালী। তাইৰ সৰল বিশ্বাসৰ নামত এয়াও আন এক ছলনা নেকি? বিম্বিসাৰে তেওঁৰ প্ৰেমত আকণ্ঠ নিমজ্জিত হৈও, তেওঁৰ মৰ্মবেদনাৰ সমভাগী হৈও নিজৰ ৰাজ্যত গণিকাবৃত্তি গঢ়ি তোলাৰ পৃষ্ঠপোষকতা কিয় কৰিছিল?

আম্ৰপালি ক্ষত-বিক্ষত হয়। সেই বিম্বিসাৰ যেন তাইৰ প্ৰেমিক বিম্বিসাৰ নহয়। সেয়া মগধনৃপতি বিম্বিসাৰ, সামাজ্য বিস্তাৰৰ নামত যি প্ৰতিবেশী ৰাজ্যৰ স’তে ভিন্ন ভিন্ন বৈৱাহিক সম্পৰ্ক স্থাপন কৰি বহুপত্নী গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল। এই দুই বিম্বিসাৰৰ মাজত কোনো স্পষ্ট পাৰ্থক্যৰেখা নাই। প্ৰেমিক হিচাপে আম্ৰপালীৰ ওচৰত বিম্বিসাৰ যিদৰে উচ্চতম আসনত আসনস্থ হৈছিল, ৰাজন্য হিচাপেও তেওঁ জম্বুদ্বীপৰ শীৰ্ষতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। বহুকেইখন সৰু সৰু সীমান্তৱৰ্তী ৰাজ্যৰ ভৰসাৰ থল আছিল মগধৰাজ বিম্বিসাৰ। বিদেশী কুৰুস, পাৰস্যৰাজ্যৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ শক্তিশালী ৰাজ্যৰ ওচৰত শৰণাপন্ন হোৱাৰ বাদে আন একো উপায়ো নাছিল ক্ষুদ্ৰ ৰাজ্যসমূহৰ।

বিম্বিসাৰে হয়তো জানিছিল যে ক’ৰবাত তেওঁৰ প্ৰেমিক সত্তা আৰু ৰাজন্য সত্তাটোৰ মাজত সামঞ্জস্য ৰক্ষিত হোৱা নাই। বহিঃআক্ৰমণৰ শংকা, অন্তঃকলহত জৰ্জৰিত হোৱা মগধৰ ৰাজধানী ৰাজগৃহৰ পৰা ছদ্মৱেশেৰে তেওঁ ঘোঁৰা দৌৰাই আহিছিল বৈশালীলৈ।

“এই ছদ্মৱেশ প্ৰতাৰণাৰ নিমিত্তে নহয় দেৱী। এই ছদ্মৱেশ আত্মৰক্ষাৰ নিমিত্তেহে।”- বিম্বিসাৰে কৈছিল অভিমানিনী আম্ৰপালীক। গণিকা যেতিয়া প্ৰণয়িনী হৈ উঠে, তেতিয়া মহা অভিমানিনী হৈ উঠে। বিম্বিসাৰে বুজিছিল।

কি এক অনন্ত শক্তিয়ে গতিশীল কৰি ৰাখিছিল সম্ৰাট বিম্বিসাৰক! নে পিতৃসম আচাৰ্যৰ সেই স্বপ্ন কঢ়িয়াই ফুৰিছিল মন-মগজুত ? আম্ৰকুঞ্জৰ উদ্যানত বহি সন্ধ্যাৰাগৰ অনুভৱত ডুব গৈছিল তেওঁ। সমগ্ৰ দিনটো উপভোগ্য ৰং-ৰূপ-ৰসেৰে মহিমামণ্ডিত হোৱাৰ পাছতো সন্ধ্যাপৰত দিনকৰ কিয় অত বৈৰাগী,  উদাসীন, নিৰ্লিপ্ত!  অথচ কি যে এক অপূৰ্ব অনুভৱ! ঠিক যেন মন-বননিৰ দাবাগ্নি একুৰা। সূৰুযৰ অগ্নি, আকাশৰ অগ্নি, অক্ষৰ অগ্নি- এই সমূহ অগ্নি আহি থিতাপি লৈছিল তেওঁৰ অক্ষিত, জিহ্বাত, নাসেন্দ্ৰিয়ত, স্পৰ্শত, আত্মাত। তীব্ৰ যন্ত্ৰণা জাগি উঠিছিল সৰ্বাংগত।

কাতৰ কণ্ঠৰে যেন আম্ৰপালীক আহ্বান জনাইছিল, “এই অগ্নিক নিবাৰণ কৰা দেৱী”।

পঞ্চনদীৰ সমস্ত জলকণাই যেন ভিৰ কৰিছিল জম্বুদ্বীপৰ শক্তিশালী পৌৰুষজনৰ চক্ষুত।

গুৰুপত্নীৰ অশ্লীল ইংগিতৰ পৰা অফলা যৌৱনৰ বিভিন্ন দুঃসহ অভিজ্ঞতালৈকে যি অশ্ৰুৰ ধাৰা কঢ়িয়াই ফুৰিছিল, যি অশ্ৰুধাৰাৰ বাবে নিজ পুত্ৰৰ ওচৰতো বিভিন্ন প্ৰশ্নবিবাদত লিপ্ত হ’ল, সেই দুৰ্বীনিত পুত্ৰ যাৰ দাম্ভিকতাক বশ কৰিবলৈ তেওঁ সীমান্তৰ দায়িত্ব দিয়াৰ পাছতো সফল পিতৃ নহ’ল, সেই সমূহ দুখ-যন্ত্ৰণামিশ্ৰিত অশ্ৰুধাৰা আহি এই বৈশালীৰ শ্ৰেষ্ঠ নৰ্তকীৰ ওচৰত নিৰ্গত হৈছিল।

আম্ৰপালীয়ে পালংকত বহি বীণাখন তুলি লৈছিল হাতত। মুৰুলী অবিহনে, মৃদংগ অবিহনে, মঞ্জিৰা অবিহনে আঙুলি বোলাই আলসুৱা স্পৰ্শৰে সঞ্জীৱিত কৰি পেলাইছিল বীণাৰ তাঁৰবোৰক। ক্ৰমশঃ সেই সুৰ যেন ধীৰ, তীক্ষ্ণ তথা গম্ভীৰ এক কৰুণ সুৰ হৈ পৰিছিল। যেন অনেক পথৰ সংযোগবিন্দুত আহি উদভ্ৰান্ত হৈ পৰা সুৰটোৱে এটা গন্তব্য বিচাৰি পাইছিল।

আঃ কি অমিয়া সুৰৰ গুঞ্জন এয়া! এই পৃথিৱী, এই ভূমি, এই আকাশ, এই ঊষাকাল, এই সন্ধ্যাবেলা এই সকলোৱেই অত সমৃদ্ধিশালী। এই সৌন্দৰ্যৰ কি কোনো অৰ্থ নাই! কোনো মূল্য নাই! হাহাকাৰ কৰি উঠিছিল তেওঁ।

“এই যন্ত্ৰণাৰ পৰা মোক মুক্ত কৰা দেৱী।”

বৈশালীগণিকাই আঁকোৱালি লৈছিল তক্ষশীলা দীক্ষিত সেই অনিন্দ্যসুন্দৰ পুৰুষসত্তাক। ৰাতিৰ শেষৰটো প্ৰহৰত বিৰবিৰাই উঠিছিল তাই, -“কি বিস্ময় তোমাৰ অৱয়ব। মণিময় ফলকৰ দৰে এই বক্ষ, এই শক্তিশালী জংঘা, এই সুদীৰ্ঘ দেহ আৰু প্ৰেমময় হৃদয়, কি আশ্চৰ্য সৃষ্টি এয়া!”

যেন এক প্ৰচণ্ড বিস্ফোৰণ। সমগ্ৰ অংগত, ৰক্তস্ৰোতত, হৃদয়ত, মস্তিষ্কত, চিন্তাস্ৰোতত বিয়পি পৰিছিল সেই বিস্ফোৰণ। তাৰ পাছত শান্তি, শান্তি, শান্তি। সন্ধ্যাকালৰ হুতাশনত দেখোন সকলো শেষ হৈ যোৱা নাছিল। আদিত্যই দেহত সমগ্ৰ পৌৰুষশোভা ঢালি সুসজ্জিত সাজেৰে প্ৰকট হৈ উঠিছিল। জগতৰ সকলো আনন্দৰ উৎস হৈ পুনঃপুনঃ যৌৱনত্বক জগাই তুলিবলৈ প্ৰতি প্ৰভাততেই আহিছিল এই আদিত্য। আদিত্যৰ আগমনৰ লগে লগেই বৌদ্ধ বিহাৰৰ পৰা ভাহি আহিছিল এটা সমস্বৰ, “বুদ্ধং শৰণং গচ্ছামি।

বিম্বিসাৰে সূত্ৰটো লাভ কৰিছিল। সূত্ৰটো আছিল বুদ্ধ। বুদ্ধই হ’ব পাৰিব জম্বুদ্বীপক একত্ৰিত কৰাৰ এক অস্ত্ৰ। খুব কৌশলেৰে এই অস্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা চলিছিল। কিন্তু পুত্ৰ অজাতশত্ৰুক শক্তি প্ৰদৰ্শনৰ বাবে যুদ্ধৰ প্ৰয়োজন হৈছিল। যি আম্ৰপালীৰ বাবে পিতৃ তথা মগধৰাজ বিম্বিসাৰে বাৰে বাৰে বৈশালীৰ দৰে শত্ৰুদেশত ভৰি দিছিল, সেই আম্ৰপালীক আনি পদতলত ৰখাৰ আকাংক্ষা জাগি উঠিছিল অজাতশত্ৰুৰ মনত। পিতৃ বিম্বিসাৰৰ সকলো ভোগ্যকেই যেন ভোগ কৰিবলৈ মন গৈছিল অজাতশত্ৰুৰ। সেয়া ক্ষমতাৰ জৰিয়তেই হওক বা যুদ্ধৰ জৰিয়তেই হওক। পিতৃৰ লগত যেন এক অঘোষিত প্ৰতিযোগিতাহে চলিছিল, কোন অধিক শ্ৰেষ্ঠ!

পুত্ৰৰ ঔদ্ধত্যৰ সেই চৰমবিন্দুৰ আঁৰত বিম্বিসাৰে দেখা পাইছিল আন এক ৰূপ। সেয়া আছিল হীনমন্যতাবোধ, শংকাবোধৰ ৰূপ। অজাতশত্ৰুৰ মনৰ শংকা-হীনমন্যতা আঁতৰাই ভিতৰৰ পৰা উজ্জ্বল কৰি তুলিবলৈ মন গৈছিল পিতৃ বিম্বিসাৰৰ। বুদ্ধৰ দৰেই কৈ পেলাইছিল, “আত্ম দীপো ভৱ।”

জাঙুৰ খাই উঠিছিল বিম্বিসাৰপুত্ৰ, “তুমিও সেই ভণ্ড সন্ন্যাসীৰ ওচৰত প্ৰব্ৰজ্যাগ্ৰহণ কৰিবা নেকি?”

সেই পৰম পুৰুষ, যুগস্ৰষ্টা শাক্যমুনিক ভণ্ড আখ্যা দিছে, অত স্পৰ্ধা এই যুৱকৰ! পিতৃৰ সৈতে ইমান বৈপৰীত্য এই কুমাৰৰ! হতাশ হৈছিল বিম্বিসাৰ।

বুদ্ধৰ প্ৰতি বিম্বিসাৰৰ আস্থা দেখি তথাগত সুখী হৈছিল। গণিকাৰ প্ৰতি বিম্বিসাৰৰ প্ৰেমৰ গাঢ়তা দেখি আন এক বিস্ময়কৰ অনুভৱত ডুব গৈছিল বুদ্ধ। প্ৰশান্তিময় প্ৰসাধনহীন মুখশ্ৰী এখনিৰে সৌন্দৰ্যত শ্ৰেয়সী দেৱী আম্ৰপালীৰো এক অনন্য ৰূপ তেওঁ দেখা পাইছিল। তাৰ লগতে দেখিছিল বিম্বিসাৰৰ প্ৰতি সেই নাৰীৰ অসীম মমতাময়ী সান্নিধ্য।

বিম্বিসাৰৰ দৰে সফল ৰাজনৰ অন্তেষপুৰত কত বিৱাদ, কত তাচ্ছিল্য, কত মনোমালিন্যৰ উদ্ভৱ হৈছিল। বিষয় আছিল কেৱল আম্ৰপালীৰ সৈতে বিম্বিসাৰৰ প্ৰেম। অথচ এই প্ৰেমেই চালিকাশক্তি হৈ উঠিছিল বিম্বিসাৰৰ বাবে। তেওঁ যুদ্ধ অবিহনেই এখনৰ পাছত এখনকৈ ৰাজ্য জয় কৰি গৈছিল। ৰক্তক্ষয়ৰ অবিহনেই তেওঁ ৰাজচক্ৰৱৰ্তী হোৱাৰ নিচেই সমীপত আহি উপস্থিত হৈছিল।

অথচ যুদ্ধ ঘোষণা হ’ল বৈশালীৰ সৈতে। পিতা-পু্ত্ৰৰ এই সংঘাত আম্ৰপালীয়ে স্বীকাৰ কৰিব নুখুজিলে। আম্ৰপালীৰ মনৰ আগত তেতিয়া বিম্বিসাৰৰ অন্য এক সত্তাই অগা-ডেৱা কৰি আছিল। সদাচাৰী, বিনয়ী বিম্বিসাৰ।

আচাৰ্যই কৈছিল, বিনয় হৈছে ৰাজশাস্ত্ৰৰ এক সূক্ষ্মাতিসূক্ষ্ম কূটনীতি।  যি কাম বাহুবল, ধনবলেৰে সমাধা হোৱা নাই তেনে কাম বিনয়েৰে সমাধা কৰিব পাৰি।

মাগধী বিম্বিসাৰেও কি তেনে এক কূটনীতি কঢ়িয়াই ফুৰিছিল! বিনয়ী কূটনীতি!

“কূটনীতিৰ সংজ্ঞা নঞৰ্থক নহয়। ৰাজশাস্ত্ৰৰ এক উল্লেখযোগ্য বিষয় হৈছে কূটনীতি।” যদিওবা আচাৰ্যই কৈছিল আম্ৰপালীক।

তাৰ পাছত কি যে এক পট পৰিৱৰ্তন! আম্ৰপালীৰ বিশ্বাস হৈছিল বিম্বিসাৰৰ প্ৰেমিক বিন্দুৰ বহু ঊৰ্ধ্বত আছিল তেওঁৰ ৰাজনৈতিক বিন্দু। এই দুই বিন্দুক মিলিত কৰাৰ কোনো ধৃষ্টতা আম্ৰপালীয়ে কৰা উচিত নাছিল। হয়, উচিত নাছিল। এই ভাব তীব্ৰভাৱে প্ৰকট হ’ল তেতিয়া, যেতিয়া বিম্বিসাৰে যুদ্ধৰ অন্তত বৈশালীৰাজৰ কন্যা ছেল্লেনাৰ পাণিগ্ৰহণ কৰিছিল। সেই বিৱাহো হয়তো দুয়োখন ৰাজ্যৰ কোনো চুক্তি নতুবা সম্প্ৰীতিৰ স্বাৰ্থতেই হৈছিল। কিন্তু আম্ৰপালীৰ প্ৰেমৰ দৰে আলসুৱা অনুভৱটোত আঘাত হানিবলৈ সেয়ে যথেষ্ট আছিল।

ঘৃণা আৰু প্ৰেমৰ এই সমান্তৰাল অনুভৱ বুকুত লৈ বিম্বিসাৰবিহীন জীৱনটো আম্ৰপালীয়ে নতুনকৈ আৰম্ভ কৰিছিল। বৌদ্ধধৰ্মৰ বাণীসমূহত তেওঁ নিজৰ প্ৰশ্নসমূহৰ উত্তৰৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল। মগধৰ ৰাজগৃহস্থিত বেণু উদ্যানত ভিক্ষুসহিতে আশ্ৰয় লৈ থকা তথাগত বুদ্ধৰ খবৰবোৰ শুনি ভাবিছিল, বিম্বিসাৰে বিচৰাৰ দৰেই কিদৰে সকলোবৰণৰ মানুহ আহি বুদ্ধ নামৰ ৰঙা চীৱৰৰ ছত্ৰটোৰ আশ্ৰয়ত একবৰ্ণ হৈ পৰিছে।

তাৰ পাছতো বিম্বিসাৰ সম্পৰ্কীয় বহু বিক্ষিপ্ত ঘটনা আম্ৰপালীৰ নখদৰ্পণত আছিল। ক্ৰমশঃ বৃদ্ধি পোৱা ৰাজগৃহৰ অন্তেষপুৰৰ সংঘাত, বুদ্ধবিৰোধী জনমত গঠনৰ পৰা আদি কৰি বিম্বিসাৰৰ ৰাজপাৰিষদ ভংগ আৰু শেষত নিঃসংগ, নিৰাশ্ৰয় বিম্বিসাৰক কাৰাগাৰলৈ প্ৰেৰণ কৰি অজাতশত্ৰুৱে বৈশালীৰ বিৰুদ্ধে দ্বিতীয়বাৰৰ বাবে যুদ্ধ ঘোষণা কৰাৰো কিছুদিনৰ পাছৰ কথা আছিল সেয়া।

দেহ-মন-আত্মাৰ সংযোগবিন্দুত স্ফুলিংগ হৈ জন্ম হোৱা হুতাশন একুৰা জ্বলি উঠা সময়ৰ কথা। মনৰ অতলস্পৰ্শী অভিনিৱেশৰ মাজত দৃষ্টি ৰাখি ভাবিছিল আম্ৰপালীয়ে, সমগ্ৰ ব্ৰহ্মাণ্ড ব্যাপ্ত হৈ পৰিছে এই হুতাশন। ক’ত উদীপ্ত হোৱা নাই হুতাশনৰ! এই হুতাশনৰ পৰাইতো উৎপন্ন হৈছে ৰোগ, শোক, মৃত্যু, নৈৰাশ্যৰ।

যুদ্ধত বিধ্বস্ত নগৰখনি নিজ চকুৰে চাই আহিবলৈ ঘোঁৰা দৌৰাইছিল তাই। নিৰাপত্তাৰক্ষী সমন্বিতে।

“বৈৰাগ্য বৰণ কৰাঁ। সংযমী হোৱাঁ, বাসনা ত্যাগ কৰাঁ। সমস্ত মোহৰ পৰা বিমুক্ত হোৱাঁ। বিমুক্ত হোৱাঁ।”- নগ্ন সন্ন্যাসীৰ দল এটা পাৰ হৈ গৈছিল। মহাবীৰ জৈনৰ অনুগামী আছিল তেওঁলোক।

“সবাৰো ওপৰত আছে মন। মনেই শ্ৰেষ্ঠ ধৰ্ম।”- বৌদ্ধ শ্ৰমণৰ নিৰলস ধৰ্মচৰ্চা চলিছিল বৌদ্ধমন্দিৰত।

মন্দিৰত বাজি উঠিছিল পুৰাতন ধৰ্মৰ প্ৰাৰ্থনা সংগীত।

এই সকলো সঞ্জীৱনী শব্দ ভেদি তাইৰ কাণত পৰিছিল আন এক শব্দ। যেন কোনো গভীৰ শ্বাসৰ শব্দ। উশাহতকৈ সঞ্জীৱন শব্দ কি হ’ব পাৰে! প্ৰশ্নটো তাইৰ মনলৈ আহিছিল।

কিন্তু নিৰ্জন মন্দিৰত এই মুনিচুনি বেলা কাৰ এই কাতৰ উশাহ? নিৰাপত্তাৰক্ষীক উশাহৰ সন্ধান কৰিবলৈ দিছিল তাই।

আঃ! এটা পুৰুষ দেহ। শৰীৰৰ সহস্ৰ আঘাতত তেজে তুমুৰলি হোৱা কোন পুৰুষ এয়া। দেহত সৈনিকৰ পোছাক। হয়তো যুদ্ধত প্ৰাণ লৈ পলায়ন কৰা কোনো সৈনিক।

“কি কৰা যায়?”, নিৰাপত্তাৰক্ষীদ্বয়ে তাইৰ মুখলৈ চাইছিল।

“বৈদ্যৰ ওচৰলৈ।”, ক্ষীপ্ৰতাৰে তাই পৰামৰ্শ দিছিল। ঘোঁৰাই চেকুৰ দিছিল। বৈদ্যই নাড়ী পৰীক্ষা কৰিছিল। ঔষধি তৃণৰ লেপন প্ৰস্তুত কৰি তেওঁৰ আঘাতবোৰত সানি দিছিল। জিভাত ঢালি দিলে ঔষধি গছৰ ৰস।

ডেৰকুৰিতকৈও কম বয়সীয়া এজন যুৱক। শৰীৰ আটিল। আয়তাকৃতিৰ মুখমণ্ডলত কিছু কঠোৰতা বিৰাজমান। সৈনিকৰ পোছাকত তেজ আৰু ঘামেৰে এক উগ্ৰ গোন্ধ। আম্ৰপালীয়ে আসন্দীত বহি চাই ৰ’ল যুৱকলৈ। গাৰ উত্তাপ বাঢ়ি আছিল তেওঁৰ। ৰাত্ৰিৰ প্ৰথম প্ৰহৰ, দ্বিতীয় প্ৰহৰ, তৃতীয় প্ৰহৰ, গোটেই নিশাটো যুৱকৰ শুশ্ৰূষা চলিছিল। পুৱতি পখীয়ে কুৰুলিয়াই উঠিছিল, তমসা ফালি আদিত্যৰ কিৰণছাটি বাতায়নৰ ফাকেৰে সোমাই আহিছিল, তেতিয়াহে আম্ৰপালী নিজ ভৱনলৈ গৈছিল।

নিজ ভৱনতো থিৰেৰে থাকিব পৰা নাছিল তেওঁ। বেলি দুপৰ হৈছিল মাত্ৰ, নৃত্যকক্ষত বাজি থকা বাদ্যৰ সুৰ থামিছিল, স্নানাঘাটৰ পৰা ভাহি আহিছিল জলকেলি কৰি থকা ৰাজহংসৰ শব্দ, তেতিয়াই আম্ৰপালীয়ে ৰোগীৰ শুশ্ৰূষাৰ বাবে বৈদ্যৰ ওচৰলৈ ঢাপলি মেলিছিল। তক্ষশীলাত অধ্যয়নৰত পুত্ৰ বিমললৈ মনত পৰিছিল তেওঁৰ। কি যে সাদৃশ্য যেন এই যুৱকৰ সৈতে!

দেৱালত আঁউজি বাতায়নেৰে স্থলপদ্মজোপালৈ চাই গভীৰ চিন্তাত নিমগ্ন আছিল যুৱক। চিৰপৰিচিতা নাৰীৰ দৰে তেওঁ আম্ৰপালীৰ মুখলৈ চাই ৰৈছিল। গৰম দুগ্ধত কেঁচা হৰিদ্ৰাৰ ৰস মিহলাই আলফুলে তেওঁৰ ক্ষতস্থানবোৰত লেপন দিয়াৰ পৰত তেওঁ এজন শিশুৰ দৰে কান্দি উঠিছিল। 

“সুন্দৰী, তুমি কোন ? কি তোমাৰ পৰিচয়?”

“যুৱক, মই বৈশালীকন্যা, বৈশালীবধূ। এয়ে মোৰ পৰিচয়।”

চিৰশত্ৰু মগধ ৰাজ্যৰ যুৱক! কোনোবা চোৰাংচোৱা নহয়তো! আম্ৰপালীয়ে প্ৰমাদ গণিলে।

দিনৰ পাছত ৰাত্ৰিৰ আগমন, ৰাত্ৰিৰ পাছত আকৌ দিন। যুৱক ক্ৰমান্বয়ে সুস্থ হৈ আহিছিল। ক্ষতস্থানবোৰ শুকাইছিল। আগৰ দৰে ঔষধৰ লেপন দিওঁতে তেওঁ চিৎকাৰ কৰি উঠা নাছিল। বৰঞ্চ মাতৃৰ দৰে সেই স্পৰ্শত তেওঁ আৱেশত চকু মুদি দিছিল। বিদায়ৰ পৰত যুৱকে পুনৰবাৰৰ বাবে আম্ৰপালীৰ পৰিচয় জানিব খুজিলে,

“তুমি কোন, তোমাৰ পৰিচয় জানিবলৈ উৎসুক মই।“

মগধৰ কোনো যুৱকক আম্ৰপালীয়ে নিজ পৰিচয় নিদিয়াৰ সিদ্ধান্ত। কৌশলেৰে প্ৰশ্নটো এৰাই চলিছিল তাই।

“তোমাৰ বাবে মোৰ হৃদয়ত আলোড়ন হৈছে সুন্দৰী। মই তোমাক বিৱাহ কৰাব খোজোঁ।” মনৰ সকলো দ্বিধা ত্যাগ কৰি নিমিষতে কৈ উঠিছিল যুৱকে।

“নহয় যুৱক, এই অনুৰোধ মই গ্ৰহণ কৰিব নোৱাৰোঁ। এয়া অসম্ভৱ। বৈশালীবধূক আন পুৰুষে বিয়া কৰোৱাৰ নিয়ম নাই।”

“তুমি মোৰ প্ৰস্তাৱ নাকচ নকৰিবা সুন্দৰী। নহ’লে বৈশালীৰ আকাশত অগ্নিৰ পতাকা উৰিব।”

“নাই যুৱক, অবুজন নহ’বা, অহা বাটে ঘূৰি যোৱাঁ।” হাতযোৰ কৰি মগধ ৰাজ্যৰ যুৱকক পাৰ্যমানে বুজাবলৈ চেষ্টা কৰিলে আম্ৰপালীয়ে।

“নহয় সুন্দৰী, মই তোমাক লৈ যাব খোজোঁ, মই তোমাক ৰাণীৰ দৰে ৰাখিম, তুমি মোৰ প্ৰস্তাৱত সন্মত হোৱাঁ।” যুৱক নাচোৰবান্দা।

“ৰাণীৰ দৰে ৰাখিবা? তুমিনো কোন মোক ৰাণীৰ দৰে ৰাখিবলৈ? বৈশালীবধূৰ সন্মান আৰু সামাজিক স্থিতি দেখিছা? সেইবোৰ দিব পাৰিবা তুমি?” উষ্মামিহলি কণ্ঠৰে উভতি ধৰিলে আম্ৰপালীয়ে।

“মই অজাতশত্ৰু, মগধৰ যুৱৰাজ।” উত্তেজিত যুৱকে গোপন পৰিচয় ব্যক্ত কৰি পেলালে।

“অজাতশত্ৰু! মগধৰ যুৱৰাজ!” বিম্বিসাৰৰ পুত্ৰ অজাতশত্ৰু নে এয়া?  সেই অজাতশত্ৰু, যি নিজ পিতৃক বন্দী কৰি সাম্ৰাজ্য বিস্তাৰৰ স্বপ্নত বদ্ধ, সেইজন কুলাংগাৰ পুত্ৰক তাই নিজহাতে শুশ্ৰূষা কৰিলে। ছিঃ! ঘৃণাত তাইৰ সৰ্বশৰীৰত কম্পন উঠিবলৈ ধৰিছিল।

“তুমি এতিয়াই প্ৰস্থান কৰা যুৱক, অন্যথা মই বৈশালীৰ সেনাপতিক খবৰ দিবলৈ বাধ্য হ’ম।” উষ্মাৰে চিঞৰি উঠিছিল আম্ৰপালীয়ে।

দপদপাই ওলাই গৈছিল তৰুণ যুৱক, অজাতশত্ৰু যাৰ নাম। এৰি থৈ গৈছিল অস্থিৰ ধুমুহা এজাক। কিবা এক অজানা আক্ৰোশত কঁপি উঠিছিল আম্ৰপালী। বিম্বিসাৰপুত্ৰৰ ইমান ঔদ্ধত্য, পিতৃৰ সৈতে ইমান বৈপৰীত্য!

নিৰাকাৰ ব্যথাৰ বীজ এটিয়ে সংগোপনে গজালি মেলিছিল তেওঁৰ বুকুত, এই যেন পুলি-পোখা মেলি বাঢ়ি আহি অপতৃণৰ দৰে তাইক মেৰিয়াই ধৰিব। শ্ৰমণলৈ মনত পৰিল তাইৰ। শ্ৰমণে তাইৰ ওচৰত ভিক্ষাৰ জোলোঙা মেলি কৈছিল, 

“শৰীৰত কলংক নাথাকে। কলংক থাকি যায় মনত। মনৰ কলংক ধুব নোৱাৰি। মনৰ কলংক নিকা কৰিবলৈ গভীৰ তপস্যাৰ প্ৰয়োজন।”

তাই নিজকে প্ৰশ্ন কৰিছিল- “এই অস্থিৰতাৰ মাজত তেনে তপস্যা কিদৰে সম্ভৱ!”

বৈশালীত সঁচাকৈয়ে অগ্নিৰ পতাকা উৰিছিল। বিম্বিসাৰৰ যুৱৰাজ অজাতশত্ৰু জিঘাংসাত ফাটি পৰিছিল। এগৰাকী সাধাৰণ বৈশালীসুন্দৰীয়ে তেওঁৰ প্ৰস্তাৱ নাকচ কৰিছিল, অথচ পিতৃ বিম্বিসাৰে এইখন বৈশালীৰ শ্ৰেষ্ঠ নৰ্তকীক ভোগ কৰাৰ সক্ষমতা লাভ কৰিছিল। পিতৃৰ প্ৰতি জাগি উঠা এই তুলনাই তেওঁক হীনমনা কৰি তুলিছিল। উন্মাদ হৈ নিঃশেষ কৰি দিবলৈ মন গৈছিল সকলোবোৰ। আনকি বন্দী পিতৃক হত্যা কৰাৰ চক্ৰান্তও কৰি পেলাইছিল।

এনে অস্থিৰতাৰ মাজতে আম্ৰপালীলৈ খবৰ আহিল বিষাক্ত পত্ৰ ভক্ষণ কৰি বিম্বিসাৰে মৃত্যুক আঁকোৱালি লৈছে।

বিম্বিসাৰৰ মৃত্যু বাৰ্তাই আম্ৰপালীক শোকাৰ্ত কৰি তুলিলে, অৰ্হৎ বুদ্ধৰ দৰে এই শোক অতিক্ৰম কৰিব পৰাকৈ তেওঁৰ বোধিজ্ঞান জাগ্ৰত নহ’ল। দিবা ৰাত্ৰ একাকাৰ হৈ যায়। একালত বিম্বিসাৰৰ অসহায়ত্বক স্বীকাৰ কৰিব নোখোজা তেওঁৰ আজি বিম্বিসাৰৰ সকলো আচৰণ গ্ৰহণ কৰি ক্ষমা কৰি দিবলৈ মন যায়। অৰ্ধনীৰ্মিলিত চকুৰে গভীৰ ৰাত্ৰিবোৰ পাৰ হৈ যায়। কোনোবাটো ৰাত্ৰি ত্ৰিতলৰ ওপৰত, কোনোবাটো ৰাত্ৰি বিশ্ৰামকক্ষত, কোনোবা ৰাত্ৰি পুষ্কৰিণী ঘাটত- বিগত কতদিন কতৰাত্ৰি ধৰি এই ঘূৰ্ণনচক্ৰত তেওঁ ভ্ৰমি আছে উদাসীনভাৱে। সময়ৰ গতিত এই চক্ৰাকাৰ গতি ৰুদ্ধ হোৱা নাই, বৰঞ্চ বেছি তীব্ৰহে হৈছে।

এনেকৈয়ে এদিন তেওঁ পৰি ৰয় উদ্যানৰ সেই কাষ্ঠবেদীত, যি কাষ্ঠবেদীৰ সৈতে সংপৃক্ত হৈ আছিল বিম্বিসাৰৰ স্পৰ্শস্মৃতি। বস্ত্ৰ অসংযত, কেশৰাজি অবিন্যস্ত, বোধিজ্ঞান প্ৰায় লুপ্ত। তথাপি প্ৰতীক্ষাৰ অন্ত নপৰে। এই যেন দূৰৰ অৰণ্যানি ফালি ভাহি আহিছে অশ্বখুৰাৰ খট খট নিধ্বান। গহীন পদযুগলৰ শব্দই যেন আম্ৰকুঞ্জত আলোড়ন তুলিছে। যেন ক্ৰমশ ওচৰ চাপি আহিছে সেই শব্দ।

“দেৱী, দেৱী!”

কৰ্ণকূহৰত বাজি উঠা এই নিৰন্তৰ ধ্বনিত আম্ৰপালীয়ে চকু মেলিলে। ৰঙা চীৱৰ পৰিহিত, গৌৰবৰ্ণ শৰীৰৰ পৰা আলোকিত এক আভাই মুহূৰ্ততে যেন তাইক সুস্থ কৰি তুলিলে। সন্মুখত এয়া যে আদিত্যবৰ্ণ পৰমপ্ৰাজ্ঞ অমিতাভ বুদ্ধ! বুদ্ধৰ আত্মাৰে সৰকি অহা পোহৰত তেওঁ দেখিলে, এটা পথ নিৰ্মাণ হৈছে, চিন্তাৰ পৰা চেতনালৈ, সত্যৰ পৰা শুদ্ধলৈ, ত্যাগৰ পৰা নিৰ্বাণলৈ।

সেয়া অন্য এক অমিতাভ যাত্ৰা।  আম্ৰপালীৰ অমিতাভ যাত্ৰা।


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ