অজিত ছিংনাৰ
গাঁওখনৰ পৰা
কিছু নিলগত থকা জুৰিটোৰ পানী লংচৰেৰে পাহাৰৰ গাৰে অকাই-পকাই আনি ঠিক এইখিনিতে
পেলোৱা হৈছে৷ ঠাইখিনিত এটা সৰু জুৰি আছে যদিও খৰালি কালত পানী প্ৰায়ে নোহোৱা হৈ যায়৷ এই সময়খিনিত লংচৰৰ পানী
নহ’লে ৰংপি গাঁৱৰ মানুহবোৰ পানীৰ আকালত ভোগে৷ সেইবাবেই মানুহবোৰে লগ হৈ কিছু
দূৰত থকা ডাঙৰ জুৰিটোৰ পৰা পানী আনিবৰ বাবে কাক বাঁহ ফালি গাঁঠিবোৰ এৰুৱাই আৰু ফলা
বাঁহবোৰ জোৰা লগাই পানী বোৱাই আনি এই ঠাইখিনিত পেলাইছে৷ লংচৰৰ পানী অনা ফলা
বাঁহবোৰ অনা হৈছে কিছুমান খুঁটিৰ ওপৰেৰে, তাকো এটা ঢালত যাতে পানী বৈ আহিব পাৰে এক্ সাৱলীল গতিত৷ শেষত থকা
খুঁটিটোৰ ওপৰৰেৰে লংচৰৰ পানী তললৈ গিৰগিৰাই পৰি থাকে আৰু তলত এটা কুলুকুলু শব্দৰ
সৃষ্টি হয়৷
লংচৰটোৰ
চাৰিওফাল হাবি-জংঘলে আৱৰা৷ পশ্চিম আৰু দক্ষিণ দিশত দুটা থিয় পাহাৰ বহু দূৰলৈকে আগ
বাঢ়ি গৈছে৷ পশ্চিম দিশত থকা পাহাৰটোৰে বৈ
যোৱা এটা জুৰিৰ পৰা নামি আহিছে লংচৰৰ পানী৷ আনফালে দক্ষিণ দিশৰ পাহাৰটোৰে নামি
আহিছিল এটা সপোন৷
দুৰ্মি ঘৰৰ পৰা
ওলাই এটা লুংলুঙীয়া বাটেৰে আগ বাঢ়িছে লংচৰটোৰ ওচৰলৈ৷ তাইৰ মনত আজি বহু কথাই
আহ-যাহ কৰিবলৈ লৈছে৷ তাইৰ পিঠিত আছে দুটা লাংথে৷ লাংথে দুটাক সংযোগ কৰা বেতৰ
ফিটাডাল তাইৰ মূৰত লগোৱা আছে৷ ফিটাডালে লাংথে দুটা তাইৰ পিঠিত ওলোমাই ৰাখিছে
একেলগে৷ আজি তাই অকলশৰীয়া৷ ইচ্ছা কৰিয়েই তাই কোনো লগৰীয়া নোহোৱাকৈ ওলাই আহিছে পানী
নিবলৈ অহাৰ অজুহাত দেখুৱাই৷ কাৰণ বিশেষ সিদ্ধান্ত এটা আজি তাই নিজেই ল’ব
লাগিব৷ ইয়াত কোনোবা এজন সাক্ষী হোৱাটো কেতিয়াও উচিত নহয়৷
বসন্ত কাল৷
গছবোৰত নতুন পাত আৰু ফুলৰ সমাৱেশ ঘটিছে৷ বনৰীয়া চৰাইবোৰে গছৰ ডালত বহি গীত জুৰিছে৷
কুলি-কেতেকীৰ মাতে এতিয়া চৌদিশ মুখৰ কৰি তুলিছে৷ এক ৰিঙা ৰিঙা ভাবে দুৰ্মিৰ
দেহ-মনলৈকো এক অবুজ মাদকতা আনি দিছে৷ তাতে আকাশখনো ফৰকাল৷ আগবেলাৰ বেলিটো আকাশত ট
টকৈ জিলিকি আছে৷ দুৰ্মিয়ে গছৰ ফাঁকেৰে এবাৰ বেলিটোলৈ চাই খৰখোজেৰে আগ বাঢ়িল৷
পিঠিত লৈ অনা
লাংথে দুটা লংচৰৰ ওচৰত থৈ কাষৰ মুকলি ঠাইখিনিত থকা শিল এচটাৰ ওপৰত দুৰ্মি বহিল৷
তাই দক্ষিণ ফালে থকা পাহাৰটোৰ ফালে চাই পঠিয়ালে– ৰ’দৰ পোহৰত গছৰ নতুন পাতৰে সেউজীয়া হোৱা পাহাৰটো তাইৰ
চকুত সজীৱ হৈ ধৰা দিলে৷ এই পাহাৰটোৰ প্ৰতি দুৰ্মিৰ এটা মোহ আছে৷ কাৰণ এই পাহাৰটোৰ
বুকুৰে নামি আহিছিল এটা সপোন৷ সেই সপোনৰ আৱেশে তাইক এতিয়া এনেদৰে সন্মোহিত কৰি
ৰাখিছে যে তাই বহু চেষ্টা কৰিও আজিলৈকে নিজকে মুক্ত কৰিব পৰা নাই৷ তাই ভাবে তাই
কোনো দিনে মুক্ত হ’ব নোৱাৰিব চাগে’৷
হয় হয়, পাহাৰটোৰ গাৰে সেইদিনা নামি আহিছিল এটি সপোন৷ প্ৰথমে তাই ইয়াক সপোন বুলি
ভবা নাছিল যদিও পাছলৈ ই কেনেকৈ তাইৰ সপোনত পৰিণত হ’ল তাই
ধৰিবই নোৱাৰিলে৷ তাই যেতিয়া অনুভৱ কৰিলে যে ই তাইৰ এটা সপোনত পৰিণত হৈছে তেতিয়া
লগে লগেই দিঠকৰ লগত তাইৰ এখন সংগ্ৰাম আৰম্ভ হৈ গ’ল৷ সেই
সপোনক দিঠকত পৰিণত কৰিব পৰাহেঁতেন তাইৰ সংগ্ৰামৰ ইতি পৰিলহেঁতেন৷ আৰু তাই নিজকে
পৃথিৱীৰ আটাইতকৈ সুখী ছোৱালী বুলি ভাবিলেহেঁতেন৷ কিন্তু সেয়া তাইৰ বাবে অসম্ভৱ হৈ
দেখা দিছে৷ সপোন আৰু দিঠকৰ মাজত এনে এখন প্ৰাচীৰ আছে যাক ভাঙি তাই সপোন আৰু দিঠকৰ
মিলন ঘটাব নোৱাৰে৷ কিন্তু সেই প্ৰাচীৰ ভঙা সঁচাকৈয়ে অসম্ভৱ নে?–তাই মাজে মাজে নিজকে প্ৰশ্ন কৰে৷
এমাইলমান দূৰত
থকা তিমুং গাঁৱৰ কিছুমান মানুহে এই পাহাৰটোত জুমখেতি কৰে৷ লংচৰ থকা ঠাইৰ পৰা কিছু
আঁতৰতে আছে তিমুং গাঁৱৰ কাংবুৰাহঁতৰ জুমতলীখন৷ ওচৰত থকা জুমতলীবোৰৰ মানুহবোৰে এই
লংচৰটোৰ পৰাই পানী নিবলৈ আহে৷ সেইদিনা তাই লংচৰৰ পানী লাংথেত ভৰাই থাকোঁতে পিয়াহত
আতুৰ কাংবুৰা পাহাৰটোৰ গাৰে নামি আহি তাইৰ কাষত হাজিৰ হৈছিল পানী খাবলৈ৷ লাংথেত
পানী ভৰাই হোৱাৰ লগে লগে তাই পাৰত উঠি তালৈ চাই ৰৈছিল৷ কাংবুৰাই দুহাত পাতি পানী
খাবলৈ আৰম্ভ কৰিছিল৷ কাংবুৰা এজন সুন্দৰ যুৱক৷ তাই তাক সেইদিনা প্ৰথম দেখিছিল৷
তথাপি তাই তাক সুধিছিল– ‘কোন তুমি?’
‘মই
কাংবুৰা তিমুং৷ তিমুং গাঁৱৰ৷ পানী খাবলৈ আহিছোঁ৷ বৰ গৰম লাগিছে৷’
‘অ
খোৱা, পানী খোৱা৷’
কথাষাৰ কৈয়েই
দুৰ্মিয়ে পিঠিত লাংথে দুটা লৈ ঘৰলৈ বুলি খোজ লৈছিল৷ তাই ভাবি গৈছিল– এজন অচিনাকি যুৱকক তাই আচলতে মাতেই দিব নালাগিছিল৷ সি চাগে’ মাজে মাজে লংচৰত পানী খাবলৈ আহে৷ কিন্তু কিয় জানো তাই তাক মাত দি পালে৷
তাৰ মুখখন দেখি তাইৰ মোহ উপজিছিল নেকি? সেই সময়ত তাইৰ মনত কি
প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাই এতিয়াও ভাবি উলিয়াব পৰা নাই৷ সেই তেতিয়াৰে পৰাই
কাংবুৰাৰ মুখখন মাজে মাজে তাইৰ মানস পটত ভাহি উঠা হ’ল৷
কিন্তু কিয় এনে হ’ল? অৱচেতন মনৰ এই
খেলা তাই বুজিব পৰা নাছিল৷
পাহাৰৰ ওপৰত
সাধাৰণতে হাতীবোৰ ঘূৰি নুফুৰে৷ সিহঁতৰ বিচৰণ স্থল হ’ল পাহাৰবোৰৰ মাজে
মাজে থকা সমতল ভাগহে৷ লংচৰ থকা ঠাইখনো দুটা পাহাৰৰ মাজত থকা সমতল বাবে ইয়াতো মাজে
মাজে হাতী আহি ওলায়৷ জাকৰীয়া হাতীবোৰ সেই সমতলৰ ঘাঁহ-বন, গছৰ
পাত খাই আনফালে গুচি যায়৷ সিহঁতে আজিলৈকে মানুহৰ একো হানি-বিঘিনি কৰা নাই৷ তেতিয়া
আছিল বাৰিষা কাল৷ দুৰ্মি পানী আনিবলৈ ওলাই লগৰীয়া বিচাৰি কাকো পোৱা নাছিল৷ আনফালে
ঘৰত এটোপাও পানী নাছিল বাবে মাকে তাইক পানী আনিবলৈ বাৰে বাৰে কৈ আছিল৷ উপায় নাপাই
পিঠিত দুটা লাংথে লৈ তাই ওলাই আহিছিল পানী নিবলৈ৷ লংচৰৰ পাৰ পাই তাই দেখিছিল
কাংবুৰাই গা ধুই আছে৷ তাৰ উদং গাটোত কাপোৰৰ নামত কঁকালত আছিল এখন ছাতৰ৷ তাই লাহেকৈ
অলপ আঁতৰলৈ আহি তাৰ গা ধুই হোৱালৈ অপেক্ষা কৰিছিল৷ তাৰ দেহাটোলৈ চকু নিদিওঁ বুলি
ভাবিও তাই চকু দি পাইছিল হয়তো মনত জাগি উঠা উৎসুকতাৰ বাবে৷ কাংবুৰাৰ খালী গাত ধৰা
পৰিছিল তাৰ দেহাবয়ৱৰ সুন্দৰতা৷ দুৰ্মিয়ে মাজে মাজে চকু আঁতৰাই নিও পুনৰ চাবলৈ
লৈছিল মন ৰাখিব নোৱাৰি৷ হঠাতে তাই দেখিছিল কাংবুৰাই গা ধুবলৈ এৰি তাইৰ ফালে দৌৰি
আহিছে৷ আৰু তাই দেখিছিল এটা প্ৰকাণ্ড হাতী লংচৰটোৰ ফালে আহি আছে৷ তায়ো লাংথেকেইটা
তাতে পেলাই ইতিমধ্যে দৌৰি পাৰ হৈ যোৱা কাংবুৰাৰ পিছে পিছে দৌৰিবলৈ লৈছিল৷ অলপ
গৈছিলহে, হঠাতে তাই এটা শিলত খুন্দা খাই আন এটা শিলত বাগৰি
পৰিছিল৷ তাই আটাহ পাৰি উঠিছিল আৰু দেখিছিল হাতীটো তাইৰ ফালে আহি আছে৷ কাংবুৰাই
তাইৰ আটাহ শুনি ঘূৰি আহি তাইক পৰাৰ পৰা উঠাইছিল আৰু খোজ কাঢ়িবলৈ অসমৰ্থ হোৱা বাবে
তাইক কান্ধত পেলাই লৈ খৰখোজেৰে হাতীটোৰ ওচৰৰ পৰা পলাইছিল৷ অলপ দূৰ যোৱাৰ পাছত
দুৰ্মিয়ে পিছলৈ চাই হাতী নেদেখি কাংবুৰাক কৈছিল– ‘ৰ’বা, হাতীটো দেখা নাই৷ গুচি গ’ল
চাগে’৷’
কাংবুৰাই পিছলৈ
চাই হাতী নেদেখি স্বস্তিৰ নিশ্বাস পেলাইছিল আৰু দুৰ্মিক এটা শিলত বহুৱাই তাইৰ আঘাত
পোৱা ভৰিখন মালিচ কৰিবলৈ ধৰিছিল৷ তেতিয়াহে কোনো দিনে পুৰুষৰ হাতৰ পৰশ নোপোৱা
দুৰ্মিয়ে লাজ কৰি কাংবুৰাৰ হাতখন আঁতৰাই দিছিল– ‘হ’ব দিয়া, মই নিজে মালিচ কৰোঁ৷’
কিছু সময়ৰ পাছত
ভৰিৰ বিষ কম পোৱাত আৰু কিছু সুস্থিৰ হোৱাত দুৰ্মিয়ে খোজ কাঢ়িবলৈ চেষ্টা কৰিছিল৷
কিন্তু খোজ কাঢ়িলে ভৰিখন বিষাইছিল৷ তাই কাংবুৰাক কৈছিল– ‘ঘৰত এটুপিও পানী নাই৷ কেনেকৈ পানী নিম জানো৷’
‘হ’ব, চিন্তা কৰিব নালাগে৷ মই পানী নি দিম৷’
দুৰ্মিয়ে আপত্তি
কৰা সত্ত্বেও দুৰ্মিহঁতৰ ঘৰত পানী নি দিবলৈ কাংবুৰা সাজু হৈছিল৷ সি পুনৰ জুৰিটোলৈ
খোজ লৈছিল আৰু কিছু সময়ৰ পাছত লাংথেত পানী লৈ তাইৰ কাষত হাজিৰ হৈছিল৷ সেই সময়ত তাৰ
কঁকালত নতুন ছাতৰ আৰু গাত বনকৰা চ’ই আছিল৷ সেইদিনা সিয়েই
সিহঁতৰ ঘৰত লাংথেৰে পানী নি দি আহিছিল৷
দুৰ্মিয়ে ভাব
সাগৰৰ পৰা উঠি আহি সপোন নামি অহা পাহাৰটোলৈ পুনৰ চাই পঠিয়ালে৷ পাহাৰটোত থকা জুমতলীত
নিশ্চয় কাংবুৰাই কাম কৰি আছে৷ তাই ভাবে, সেইদিনা কাংবুৰাই তাইক
মৃত্যু মুখৰ পৰা বচালে, নহ’লে হাতীয়ে
গচকি তাইৰ নাড়ী-ভুৰু উলিয়াই পেলালেহেঁতেন৷ কাংবুৰা অকল সাহসীয়েই নহয় পৰোপকাৰীও৷
সেইবাবেই সি নিজৰ জীৱনকো তুচ্ছ কৰি উভতি গৈ তাইক পৰাৰ পৰা উঠাই লৈ আনিছিল৷ নিশ্চিত
মৃত্যু মুখৰ পৰা জীৱন ৰক্ষা কৰা বাবে তাই তাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ব৷ সেই কাংবুৰা হয়তো এতিয়া জুমতলীত কাম কৰি আছে৷ কাংবুৰাই জুমতলীত কাম কৰি
কৰি প্ৰায়ে বংঐ আলুন গায়৷ অৱশ্যে জুমতলীত মাক-বাপেক বা আন সন্মানীয় ব্যক্তি থাকিলে
সি বংঐ আলুন গাব নোৱাৰে৷ সন্মানীয় ব্যক্তিৰ সন্মুখত এই পীৰিতি গীত গোৱা নিষেধ৷
দুৰ্মি আৰু
কাংবুৰাই সিহঁতে ক’ব নোৱৰাকৈয়ে ইজনে সিজনৰ ওচৰ চাপি আহিছিল৷
ঠায়ে ঠায়ে পতা সাপ্তাহিক বজাৰবোৰলৈ দুয়ো প্ৰায়ে একেলগে গৈছিল আৰু ঘূৰি আহিছিল৷
কিছু দিনৰ আগতে দুৰ্মিহঁতৰ গাঁৱত পতা চ’মাংকানত সি তাইৰ
লগতহে নাচিব বিচাৰিছিল৷ কিন্তু তাই আপত্তি কৰি আঁতৰি আহিছিল৷ তাই কোনো দিনে চ’মাংকানত কাৰো লগতে নচা নাছিল৷ ইয়াৰ কাৰণো তাই
কাকো কোৱা নাছিল৷ দুৰ্মিহঁতৰ গাঁৱত পতা এই চ’মাংকানত নিমছ’
কেৰুং নাচৰ পাছতে কাংবুৰাই তাইক একাষৰীয়াকৈ মাতি নিছিল আৰু কৈছিল–
‘মই তোমাক বহুত ভাল পাই পেলাইছোঁ৷ তোমাক এৰি মই থাকিব নোৱাৰিম৷ তুমি
সঁহাৰি দিলে মই আজিয়েই তোমাক লৈ যাম৷ কোৱা মান্তি নে? ব’লা, আজিয়েই লৈ যাওঁ৷ নহ’লে
খুজিবলৈ মানুহ পঠিয়াওঁ৷’
কাংবুৰাৰ কথা
শুনি তাই লগে লগে তাৰ ওচৰৰ পৰা আঁতৰি আহিছিল৷ তাৰ ওচৰৰ পৰা আঁতৰি আহি এঠাইত থিয় হৈ
তাই ঠকঠককৈ কঁপিছিল আৰু কান্দোন ওলাই অহা বাবে পেককৰে মুখ ঢাকি ঠাইতে বহি পৰিছিল৷
সি কথাখিনি কোৱাৰ পাছৰে পৰা তাই তাৰ ওচৰ চপা নাছিল৷ সি তাইৰ ওচৰ চাপি কিবা ক’ব
খুজিছিল যদিও দুৰ্মিয়ে তাক সেই সুযোগ দিয়া নাছিল৷ তাই লক্ষ্য কৰিছিল তাৰ চকুত
কাৰুণ্যই বাহ পাতিছিল৷
চ’মাংকানৰ
পৰা ঘূৰি আহি দুৰ্মিয়ে বিচনাত পৰি নীৰৱে চকুলো টুকিছিল৷ বাৰে বাৰে তাই ভাবিছিল কিয়
এনে দুৰ্ভাগ্য তাইৰ কপালত লিখা আছিল৷ হয়, তাই কাংবুৰাক ভাল
পাই পেলাইছে৷ কাংবুৰায়েও তাইক ভাল পায় বাবেই তাইক নিজৰ কৰি ল’ব বিচাৰি মত প্ৰকাশ কৰিছে৷ কিন্তু তাইৰ হাতত থকা এডাল অদৃশ্য সূতাৰ বাবে
তাই তাৰ কথাত সঁহাৰি দিব নোৱাৰে৷ সেই অদৃশ্য সূতাই তাইক সোঁৱৰাই দিয়ে অতীতৰ বহু
কথা আৰু এক এৰাব নোৱৰা বান্ধোনৰ কথা৷
দুৰ্মিয়ে নিজৰ
বাঁও হাতৰ মণিবন্ধলৈ চালে৷ হাতখনত এসময়ত এডাল সূতা বন্ধা আছিল৷ সেইডাল কেতিয়াবাই
উৱলি ছিগি গ’ল, তথাপি ইয়াৰ অৱস্থিতি আছে
অদৃশ্য ৰূপত৷ অদৃশ্য ৰূপত থাকিয়েই দুৰ্মিক সোঁৱাৰাই থাকে এক বান্ধোনৰ কথা৷ আৰু সেই
সূতাই তাইক দি আছে নিৰ্মম মানসিক আঘাত৷ তাই শিলটোৰ পৰা উঠি সপোন নামি অহা
পাহাৰটোলৈ পুনৰ চাই পঠিয়ালে৷ তাই আশা কৰিলে কাংবুৰা জুমতলীত থকাটো৷ লংচৰৰ কাষত
থাকি বহুদিন তাই কাংবুৰাৰ বংঐ আলুন শুনিছে৷ তাই আজিও শুনিব খোজে তাৰ সুললিত কণ্ঠত
বংঐ আলুন৷ কিন্তু আজি দেখোন তাৰ গীত ভাহি অহা নাই৷ সি জুমতলীলৈ অহা নাই নেকি বাৰু?
সেইদিনা চ’মাংকানত
কাংবুৰাৰ কথাখিনিৰ উত্তৰত একো নকৈ তাই আঁতৰি অহা বাবে তাৰ মনত বাৰু কি
প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল? ইয়াৰ পাছতো তাইক লগ কৰিবৰ বাবে
কালি সি ইয়াত ৰৈ আছিল৷ তাই লাংথেত পানী ভৰাই থাকোঁতে নীৰৱে সি তাইলৈ চাই আছিল৷ তাৰ
চকুৰ চাৱনিত প্ৰকাশ পাইছিল এক গভীৰ আকুলতা৷ দুৰ্মি যাবলৈ ওলোৱা দেখি সি মাত দিছিল৷
কিন্তু দুৰ্মিয়ে মাত নিদি নিজৰ বাটত খোজ লৈছিল৷ সি চাগে’ ভাবি
আছে তাই তাক ভাল নাপায়৷ সি হয়তো তাৰ বাবে মনত বৰ দুখ পাই আছে৷ কিন্তু কাংবুৰাই
নাজানে সিযে তাইৰ সপোন কোঁৱৰ৷ তাক লৈ তাই বহুত সপোন দেখিছে৷ তাৰ কথা দিনটোত বাৰে
বাৰে তাইৰ মনলৈ আহে৷ তাই তাৰ লগত অনবৰতে ঘূৰি ফুৰাৰ তাই সপোন দেখে, চ’মাংকানত একেলগে নচাৰ সপোন দেখে, এখন সুন্দৰ সংসাৰ কৰাৰো সপোন দেখে৷ হয়, এই সপোনবোৰ
এদিন এই পাহাৰৰ গাৰে নামি আহি তাইৰ হৃদয়ত বাহ পাতিছিল৷ কিন্তু বাঁওহাতৰ মণিবন্ধত
থকা অদৃশ্য সূতাডালৰ কথা মনলৈ আহিলেই তাইৰ সপোন ভাগি থানবান হৈ যায়৷ তাই দুখত ভাগি
পৰে, চকুলো নিগৰি আহে৷ কাৰণ ই অকল সূতা নহয় বান্ধোনো,
যাৰ প্ৰৱল শক্তিত দুৰ্মিৰ সপোন চূৰমাৰ হৈ যায়৷
দুৰ্মিয়ে ডাঙৰ
হৈ গম পাইছে যে তেতিয়া তাইৰ বয়স আছিল মাত্ৰ এবছৰহে৷ তেতিয়াই ঘটনাটো ঘটিছিল৷
আমট্ৰেঙৰ কাষত থকা তেৰাং গাঁৱলৈ দুৰ্মিৰ পেহীয়েক বিয়া হৈ গৈছে৷ তেওঁৰ প্ৰথম সন্তান
হ’ল এটা ল’ৰা৷ তাৰ বয়সো তেতিয়া আছিল ডেৰ বছৰমানহে৷ ঘৰ
দুখনৰ মাজত পাছলৈকো সম্পৰ্ক অটুট থাকক বুলি ভাবিয়েই দুয়ো ঘৰে আলোচনা কৰি ঠিক
কৰিছিল এটা সিদ্ধান্ত৷ সেই সিদ্ধান্ত এতিয়া দুৰ্মিৰ বাবে বৰ নিষ্ঠুৰ বুলি পৰিগণিত
হৈছে৷ এটা শুভদিন চাই দুৰ্মিৰ পেহায়েক আৰু পেহীয়েকে নিজৰ ল’ৰা
ধনছিঙক লগতে আনি দুৰ্মিহঁতৰ ঘৰত উপস্থিত হৈছিল৷ তেওঁলোকৰ লগত গাঁৱৰ কেইজনমান
মানুহো আহিছিল৷ অনুষ্ঠানৰ দিনা দুৰ্মিহঁতৰ গাঁৱৰ মানুহো উপস্থিত আছিল৷ পুৰোহিতে হেম্ফু দেৱতাকে ধৰি কেইবাজনো দেৱতাক পূজা দিয়াৰ পাছতে দুৰ্মিৰ পেহীয়েকে এডাল ক’লা সূতা বান্ধি বোৱাৰী বুলি তাইক সম্বোধন কৰিছিল৷ লগে লগে এই ‘হনজেং কেকক’ অনুষ্ঠানৰ পাছতে তাই ধনছিঙৰ ভাবী পত্নী
হৈ পৰিছিল৷
পেহায়েক-পেহীয়েক
আৰু ধনছিং মাজে মাজে দুৰ্মিহঁতৰ ঘৰলৈ আহে৷ পেহায়েক-পেহীয়েকে তাইক বোৱাৰী বুলি বৰ
মৰম কৰে৷ বিয়াৰ কথা উলিয়ায়৷ কিন্তু ধনছিঙৰ লগত তাইৰ বিয়া কেতিয়াকৈ হ’ব এতিয়াও ঠিক হোৱা
নাই৷ তাই ধনছিঙৰ কাষ নাচাপে৷ তাক তাইৰ অলপো ভাল নালাগে৷ তাক দেখিলে গুণ্ডা স্বভাৱৰ
ল’ৰা যেন তাইৰ অনুভৱ হয়৷ সি তাইৰ লগত কথা পাতিব বিচাৰিলেও
তাই কিবা অজুহাত দেখুৱাই আঁতৰি যায়৷ পাছত তাই শুনিবলৈ পাইছে গাঁৱৰে কোনোবা এজনী
ছোৱালীৰ লগত তাৰ লেটিপেটি আছে৷ আছে মানে? তাই নিজ চকুৰে
দেখিছিল তাৰালাংছ’ যুৱ মহোৎসৱত সিহঁতক একেলগে ঘূৰি ফুৰা৷ তাই
গাঁৱৰ ল’ৰা-ছোৱালীবোৰৰ সৈতে যুৱ মহোৎসৱ চাবলৈ গৈ তেৰাং গাঁৱৰ
ডেকা-গাভৰুবোৰক লগ পাইছিল৷ তেতিয়াই তাই দেখিছিল ধনছিঙে তাইৰ প্ৰেমিকাৰ সৈতে একেলগে
ঘূৰি ফুৰা৷ সিহঁতৰ লগত মুখামুখি হওঁতেও ধনছিঙে তাইক মাত দিয়া নাছিল৷ হয়তো তাৰ
প্ৰেমিকাই তাইৰ কথা সুধিব পাৰে বুলি ভয় কৰিছিল৷ এনে এজন ল’ৰাৰ
লগত তাই বাৰু কেনেকৈ বিয়াত বহে? তাতে ধনছিঙক তাইৰ অলপো ভাল
নালাগে৷ কিন্তু এইবাৰ ব’হাগত হেনো তাইৰ পেহায়েক-পেহীয়েক আহিব
বিয়াৰ দিন-বাৰ ঠিক কৰিবলৈ৷ কিন্তু গাঁৱৰ ছোৱালী এজনীক ভাল পাই লেটিপেটিত লিপ্ত
হোৱা ধনছিঙে তাইক বিয়া পাতিবলৈ সন্মত হ’ব নে? কি ঠিক, তাৰ নিচিনা এটা উদণ্ড প্ৰকৃতিৰ ল’ৰাই সন্মত হ’বও পাৰে৷ কিন্তু সি সন্মত হ’ল বুলিয়েই তাই সন্মত হ’ব নে? আনফালে
তাইৰ দেহ-মনত কাংবুৰাই যি দৰে জুৰি বহিছে এতিয়া তাই কোনো পধ্যে এই বিয়া মানি ল’ব নোৱাৰে৷ তেন্তে এতিয়া তাই কৰিব কি?
এহাল কপৌয়ে গছৰ
ডালত বহি ধেমালি কৰিবলৈ লৈছে৷ চৰাই হালক দেখি দুৰ্মিৰ কাংবুৰালৈ মনত পৰি গ’ল৷
এই কপৌহাল যেন তাই আৰু কাংবুৰা৷ আপোন মনে খেলি থকা কপৌহালৰ দৰেই যেন তাই কাংবুৰাৰ
লগত খেলিবলৈ লৈছে৷
‘বংঐ
মিৰ ছেংলং
নাং জিৰজাৰ প
ছেংলং
মালং আফুচং
লুন বং অই হাংকং
লা নাংছে
আংতং.........’
হঠাতে কাংবুৰাৰ
বংঐ আলুন বতাহত ভাহি আহি দুৰ্মিৰ কাণত পৰিল৷ সি মনৰ দুখতে এই গীত জুৰিছে৷ তাই ইমান
দিনে তাৰ গীত শুনিছে, কিন্তু কোনো দিনে উত্তৰ দিয়া নাই৷ উত্তৰ
দিলেই যে তাই তাক ভালপোৱাৰ কথাটো ওলাই পৰে৷ আজি কিন্তু তাৰ গীতৰ উত্তৰ দিবলৈ তাইৰ
মন গৈছে৷ কিন্তু......
মণিবন্ধত থকা
অদৃশ্য সূতাডালে তাইক বাধা দিলে৷ সূতাডালে যেন তাইক কৈছে ‘মোৰ বন্ধনৰ পৰা মুক্ত
নোহোৱাকৈ তুমি একো কৰিব নোৱাৰা’৷ হয় হয়, তাই এই বন্ধনৰ পৰা মুক্ত হ’ব লাগিব৷ কিন্তু
মাক-বাপেকক কৈ তাই জানো মুক্ত হ’ব পাৰিব? নিশ্চয় নোৱাৰে৷ সিহঁতে নিজৰ
সন্মান ৰাখিবৰ বাবে ধনছিঙলৈ বিয়াহে দিব খুজিব৷ আনফালে পেহীয়েকে বিয়াৰ দিনবাৰ ঠিক
কৰিবলৈ এই ব’হাগত আহিবই৷ গতিকে তাই নিজেই মুক্ত হ’বলৈ চেষ্টা কৰিব লাগিব৷ তাই চিন্তা কৰি গ’ল– শপত খালে, শপত ভাঙিবও পাৰে৷ যেনেকৈ বান্ধোনৰ নিয়ম
আছে, তেনেকৈ মুক্ত হোৱাৰো নিয়ম আছে৷ সকলোবোৰেই ভগৱান হেম্ফুৰ
ইচ্ছাত চলে৷ হেম্ফুৰ ওচৰত প্ৰাৰ্থনা কৰিলে হেম্ফুৱে দয়া নকৰাকৈ নাথাকে৷ হেম্ফুক
সাক্ষী কৰিয়েইতো তাইৰ মণিবন্ধত সূতা বান্ধিছিল৷ গতিকে হেম্ফুক প্ৰাৰ্থনা কৰিয়েই
তাই বান্ধোন মুক্ত হ’ব পাৰিব৷ তাই আৰু এটা কথা গম পাইছে
যিকোনো বস্তুক বিদায় দিবলৈ হ’লে নদী বা জুৰিৰ পানীত দিব
লাগে৷
দুৰ্মি মুকলি
ঠাইখিনিত আঁঠু কাঢ়ি বহিল৷ পেককৰ পৰা এডাল ক’লা সূতা উলিয়াই নিজৰ
বাঁওহাতৰ মণিবন্ধত বান্ধিলে৷ লগে লগে অদৃশ্য সূতাডাল দৃশ্যমান হোৱা বুলি দুৰ্মিৰ
অনুভৱ হ’ল৷ তাই সেৱা কৰি প্ৰথমে মাক-দেউতাকৰ ওচৰত ক্ষমা
মাগিলে৷ তাৰ পাছতে ভগৱান হেম্ফুক অন্তঃকৰণেৰে প্ৰাৰ্থনা কৰি সেই বন্ধনৰ পৰা মুক্তি
বিচাৰিলে৷ এটা সময়ত তাই প্ৰাৰ্থনা শেষ কৰি থিয় হ’ল আৰু
জুৰিটোৰ পাৰলৈ খোজ ল’লে৷ জুৰিটোৰ নিজা পানী আৰু লংচৰৰ পানীৰে
খলখলাই বৈ আছে৷ তাই পাৰত উপস্থিত হৈয়েই হেম্ফুক পুনৰ স্মৰণ কৰি লাহেকৈ সূতাডাল
খুলি মণিবন্ধৰ পৰা এৰুৱালে আৰু লাহেকৈ জুৰিটোৰ বোঁৱতী পানীত পেলাই দিলে৷ তাই
সূতাডাললৈ চাই ৰ’ল৷ জুৰিটোৰ পানীয়ে সূতাডাল উটুৱাই নি তাইৰ
দৃষ্টিৰ অগোচৰলৈ লৈ গ’ল৷
দুৰ্মিয়ে ঠিক
কৰিলে তাই কাংবুৰাক সকলো কথা খুলি ক’ব
আৰু তাৰ পত্নী হিচাপে আজিয়েই সিহঁতৰ ঘৰত উঠিবগৈ৷ তাই জুৰিটো পাৰ হৈয়েই তাৰ গীতৰ উত্তৰত
গালে–
‘বং
ঐ মিৰ ছেংলং
মাং ছামিমেত
ছেংলং
নাং জু আছন
ছন...........’
দুৰ্মিয়ে বংঐ
আলুন গাই গাই সপোন নামি অহা পাহাৰটোৰ গাৰে কাংবুৰাৰ ওচৰলৈ যাবলৈ ধৰিলে৷
***
কাৰবি শব্দৰ
অৰ্থ
লেখকৰ ঠিকনা:
ৰংচিতিম, ডিফু