ৰঞ্জু শৰ্মা
এইখিনিতে নৈখন তেনেই শান্ত৷ চহৰীয়া কোলাহলৰ পৰা বহু নিলগৰ এই নিৰিবিলি ঠাইডোখৰত নৈখন অলপ ঠেক আৰু তৰাঙো৷ উদ্যোগ নগৰীখনৰ শ শ কাৰখানাৰ পৰা নিষ্কাষিত পদাৰ্থ আৰু দৈনিক টনৰ হিচাপত জমা হোৱা চহৰৰ পেলনীয়া আৱৰ্জনাৰ দ’মবোৰে নৈখনক দুয়োপাৰৰ পৰা ক্ৰমান্বয়ে গ্ৰাস কৰি আনিছে। এই চহৰৰ বাসিন্দা হোৱাৰ পাছত প্ৰথম শুনিছিলোঁ সেই নাম ‘নেহেৰ’৷ চহৰৰ মাজ মজিয়াত নৈবোৰে হেনো নিজৰ চিনাকি সলাই ‘নেহেৰ’ হৈ পৰে৷ নৈতকৈ কম গভীৰ, নৈতকৈ কম বহল- ‘নেহেৰ’।
পিছে দুয়োপাৰ উপচি কলকলাই বৈ থকা
নৈয়েই হওক নাইবা সংকুচিত জলৰাশিৰ নেহেৰেই, নৈ মানেই যেন সকাহ,
নৈ মানেই উশাহ, নৈ মানেই বিশালতাৰ বুকুত মুখ
গুজি হৃদয়ৰ সমস্ত হাহাকাৰ নিৰ্ভয়ে বোৱাই দিব পৰা স্বাধীনতা৷ নৈ মানেই যেন মাতৃৰ
উমাল বুকুৰ নিৰাপত্তা!
সেইবাবেই চাগে নৈৰ ঘাটবোৰতে থাকে
মানুহৰো অন্তিম ঠিকনা, শেষবাৰৰ বাবে এখন্তেক জিৰাই লোৱাৰ অৱকাশ৷
‘মুক্তিধাম শম্চান ঘাট’- নেহেৰৰ গাতে লাগি প্ৰায় এক একৰমান
মাটিকালি আৱৰি বিস্তৃত হৈ আছে উদ্যোগ নগৰীৰ একমাত্ৰ শ্মশানস্থলীখন৷
বুঢ়া আঁইত, শাল আৰু নাম জনা নজনা কেইবা প্ৰকাৰৰো গছ-গছনিয়ে
চেঁচুক কৰি ৰখা ঠাইখন দুৰৰ পৰা দেখিলে এনে লাগে যেন এখন পুৰণিকলীয়া সিদ্ধাশ্ৰম৷ গহীন অথচ কি যে পৰম প্ৰশান্তিদায়ক মুক্তিধামৰ পৰিৱেশ!
চাৰিসীমাৰ ভিতৰত উত্তৰ ভাৰতীয়
কাৰুকাৰ্যj সামান্য প্ৰভাৱ থকা এটি শিৱ মন্দিৰ আৰু সেই শাৰীতে শাৰী মিলাই টিনৰ
চালৰ তিনিটা প্ৰকাণ্ড হলঘৰ৷ প্ৰটিটোতে মুঠ দহখন চিতাৰ বেদী৷
তাৰ মাজতে দুই-এখনত কিছু অত্যাধুনিক সা-সুবিধাও আছে৷ চহৰখনৰ একমাত্ৰ শ্মশানঘাট মুক্তিধাম, সেইবাবেই ইয়াত সকলো ধৰণৰ সুবিধা
ৰখাটো অতিকৈ জৰুৰীও। বিভিন্ন স্তৰৰ বাসিন্দা এই মহানগৰীত, ইয়াত
মানুহৰ প্ৰয়োজনো ভিন্ন, সামৰ্থ্যও। প্ৰয়োজন আৰু সামৰ্থ্য
এটা আনটোৰ পৰিপূৰক, সি যেনিবা মৃত্যুৰ আগতেই হওক নাইবা পিছত।
শুধ বগা শাৰী এখন পিন্ধি শান্ত, ধীৰ খোজেৰে মুক্তিধামৰ ভিতৰলৈ সোমাই আহে অনুভূতি।
ইয়াৰ নিজান, নীৰৱ চাৰিসীমাৰ ভিতৰত উদ্দেশ্যবিহীনভাৱে এপাক খোজ কঢ়াটো অনুভূতিৰ
এক প্ৰকাৰ এৰাব নোৱৰা অভ্যাস। প্ৰকাণ্ড আহঁতগছবোৰৰ তলে তলে নিৰিবিলি, শান্ত ঠাইডোখৰত খোজ কাঢ়ি কিবা যেন এক পৰম প্ৰশান্তি লাভ কৰে তাই। অনুভূতিয়ে
আকাশলৈ চালে।
বিদায় বেলাৰ আকাশ৷ আকাশখনে সুমথিৰা বৰণ সলাই ইতিমধ্যে ঘন নীলা..ক্ৰমান্বয়ে কাজলৰঙী বেঙুনীয়া হ’বলৈ আগ বাঢ়িছে৷ পশ্চিমত যাওঁ নাযাওঁকৈ সন্ধিয়াৰ বেলিটো। সীমাহীন দিগন্তজুৰি যেন এক উদাসী ৰাগ৷ সেই একেই বেদনাসিক্ত পৃথিৱীও। যেন বিদায়ৰ বিৰহত আকাশে বতাহে গলা গলি কৰি হিয়ালি জিয়ালিকৈ এইমাত্ৰ এসোঁতা কান্দিবহে৷
এনে ধৰণৰ অপ্ৰাকৃতিক যেন লগা কথাবোৰ আজিকালি তাই বৰকৈ ভাবিবলৈ লৈছে৷ একপক্ষীয় বুলি ভবা কথাবোৰে আজিকালি অনুভূতিৰ মনত প্ৰায়েই খামখেয়ালি লগায়৷ একেখন আকাশলৈ নিতৌ অহা যোৱা তথাপি বেলিটোলৈ পৃথিৱীৰ ইমান মোহ অথচ এই মানুহবোৰ যি জীৱনৰ আদবাটতে আধৰুৱা সপোন এৰি গুচি যাবলগীয়া হয়, একেলগে বাট বোলাৰ প্ৰতিশ্ৰুতি অস্বীকাৰ কৰি বুকুৰ আপোনজনক অকলশৰীয়া কৰি এৰি যাবলগীয়া হয়, সেইবোৰৰ প্ৰতি ইমান নিষ্ঠুৰ কিয় পৃথিৱী ? গুচি যোৱাজন উভতি আহিব নোৱাৰাকৈ ইমান কঠোৰ কিয় নিয়তিৰ নিয়ম ? সংসাৰৰ পৰা বিচ্ছিন্ন হ’লেও মুক্ত হ’ব পাৰে জানো তেওঁলোক মোহ-বান্ধোনৰ পৰা? কেৱল পাৰ্থিৱ শৰীৰৰ অধিকাৰ হেৰুৱালেই শেষ হৈ যায় জানো জীয়াই থকাৰ বাসনা?
উত্তৰবিহীন প্ৰশ্নবোৰে মৌ-মাখিৰ জাক এটিৰ দৰে অহৰহ খেদি ফুৰে অনুভূতিক। অদৃশ্য হাতোৰাৰ ধাৰাল
আৱেষ্টনীত যেন অসহায়ভাৱে বন্দী আজি অনুভূতি।
অজানিতেই অনুভূতিৰ ওঁঠৰ ওপৰেদি মিচিকিয়া
হাঁহি এটি ঢৌ খেলি বাগৰি যায়৷ আজিৰ এনে এটি সুন্দৰ
সন্ধিয়াতো কি যে আবোল-তাবোল কথাবোৰ ভাবি আছে তাই।
শীতল বতাহজাক গাত লগাই, ঘৰমুৱা পখীৰ মিঠা কলৰৱ শুনি কেতিয়ানো অনুভূতি আহি শ্মশান যাত্ৰীৰ বাবে
সাজি থোৱা জিৰণী ঘৰটোৰ সন্মুখৰ বুঢ়া আঁহতজোপাৰ তল পালেহি তাই গমকে নাপালে। আঁহতজোপাৰ ঠিক পিছফাললৈ সৰু শিৱ মন্দিৰটো৷ গছজোপাৰ গুৰিটো ধুনীয়াকৈ পকাৰে বন্ধাই থোৱা আছে৷ চিতালৈ আগবঢ়াই নিয়াৰ আগে আগে মৃতকৰ
শৰীৰবোৰ এইখিনিতে ৰাখি ধূপ-ধূনা জ্বলাই মোক্ষপ্ৰাপ্তিৰ মন্ত্ৰৰে শুদ্ধিকৰণ কৰি
লোৱা হয়৷ ইয়াৰ পৰা আগলৈকে শাৰী শাৰী চিতাৰ বেদী৷
আঁহতজোপাৰ তলতে অনুভূতি বহি পৰিল৷
বেলি ডুবাৰ পিছত মুক্তিধামত মানুহৰ আহ-যাহ সেৰেঙা হৈ আহে৷ সৌ জিৰণিচ’ৰাৰ
বেঞ্চ দুখনত এতিয়াও দহজনমান মানুহ বহি আছে৷ চিতাৰ বেদীত বোধহয় কোনো আত্মীয়ৰ দেহ জ্বলি আছে৷ জ্বলি জ্বলি শেষ হোৱাগৈ নাই এতিয়াও
অৰ্থাৎ তেওঁলোকৰ বাবে আৰু কিছু অপেক্ষাৰ সময়৷ শৰীৰ শেষ হৈ ভষ্ম হোৱাৰ পিছতো যে
আৰু কিমান নিয়ম নীতি!
মেট্ৰ’ চিটিখনৰ একমাত্ৰ শ্মশানঘাট হোৱা বাবেই নেকি মুক্তিধামৰ ব্যস্ততাৰ শেষ নাই৷ আজি দুবছৰে অনুভূতিয়ে খুব ওচৰৰ পৰা দেখি আহিছে ইয়াৰ কাৰ্যকলাপ৷ নিৰ্জীৱ শৰীৰ হৈ অন্তিম বিদায় ল’বলৈ প্ৰতিদিনেই ইয়ালৈ বহু মানুহ আহে। কোনো আহে মহা আড়ম্বৰৰে, শুভ্ৰ আচ্ছাদনৰ ওপৰত ৰঙীন ফুলৰ পাপৰিৰে সজ্জিত হৈ। কোনো আহে মিউনিচিপালিটিৰ ট্ৰাকৰ পিছফালে চাৰিওফালে এজাক আত্মীয়, বন্ধু-বান্ধৱেৰে পৰিবেষ্টিত হৈ, আকৌ কোনোবা আহে চৰকাৰী হম্পিটেলৰ এম্বুলেন্সৰ পিছফালে নীৰৱে, অকলশৰে, নিতান্তই সাধাৰণভাৱে৷ নাই কোনো সাজ-সজ্জা, নাই কোনো আড়ম্বৰ অথবা বিদায়ৰ শোক। ঠিকনাবিহীন, ৱেৱাৰিছ লাচ ! সেই শৰীৰবোৰ যেন মৃত্যুৰ পিছতো এলাগী। শ্মশান কৰ্তৃপক্ষয়ো কৰিব লাগে বাবেই চৰম বিৰক্তিৰে অন্ত্যোষ্টিক্ৰিয়াৰ নিয়মবোৰ কৰি যায়, প্ৰায়েই আধৰুৱাকৈ।
বহুসময় একেভাঁজে বহি থকাৰ বাবে অনুভূতিৰ ভৰিৰ তলুৱাৰ পৰা জিনজিননি এটা সুৰ-সুৰাই ক্ৰমাৎ উজাই আহিল৷ বৰ অসহ্যকৰ৷ অকণমান খোজ কাঢ়ি দিলেই ভাল লাগিব বুলি ভাবি তাই বহি থকাৰ পৰা উঠি গৈ নৈখনৰ পাৰে পাৰে খোজ কাঢ়িবলৈ ধৰিলে৷ খোজ কাঢ়ি থাকিয়েই তাই সময়ৰ অনুমান এটাও কৰি থাকিল৷ নাই, সেই নিৰ্দিষ্ট সময়খিনিলৈ আৰু বেছি পৰ নাই৷ আজি ওৰেটো দিন অনুভূতিৰ হিয়া আনন্দত উথলি আছে৷ সেইবাবেই নিৰ্দিষ্ট সময়ৰ বহু আগতেই আহি তাই মুক্তিধামত ঘূৰি ফুৰিছেহি। অনুভূতিৰ বাবে হেঁপাহৰ সময় এয়া নহ’ব কিয়? এই এটি মুহূৰ্তৰ বাবে আৰু কিমান হাজাৰ মুহূৰ্ত অধীৰ হৈ ৰৈ থাকে তাই!
এটি মাথোঁ পলকৰ ৰোমন্থনে অনাগত হাজাৰটা মুহূৰ্তলৈ পৰিতৃপ্ত, আশ্বস্ত, সম্পূৰ্ণ কৰি ৰাখে তাইক।
ক’ত আৰম্ভ হৈছিল
কথাবোৰ আৰু ক’ত শেষ, অনুভূতিৰ বাবে
সেইবোৰ এতিয়া পাহৰিব খোজা অথচ পাহৰিব নোৱৰা অতীত। কেনেকৈ যে এটি মাথোঁ চকুৰ পলকতে
সলনি হৈ গৈছিল সিহঁতৰ সোণোৱালী পৃথিৱীখন তাইৰ স্পষ্টকৈ মনত
আছে সেই দিনটোৰ কথা ৷ আজিৰ পৰা তিনিবছৰ আগৰ আগষ্ট মাহৰ মাজভাগৰ এটি গতানুগতিক দিন
আছিল সেইয়া ৷ চহৰৰ বিখ্যাত Gastroenterologist ডাক্তৰ ভাল্লাৰ ব্যক্তিগত
চেম্বাৰত অনিৰুদ্ধৰ হাত এখনত জোৰেৰে খামুচি ধৰি বহি আছিল অনুভূতি৷ বুকুত তাইৰ
বিধংসী বা-মাৰলিৰ নাচোন। ধুমুহাৰ সেই গো-গোৱনি আনকি স্পষ্টকৈ শুনিছিল অনিৰুদ্ধইও৷
সেয়েহে আনখন হাতেৰে তাইৰ পিঠিখন মেৰিয়াই ধৰি সি তাইক আশ্ৰয়ৰ উত্তাপ দিবলৈ চেষ্টা
কৰিছিল৷ কিমান আশ্বাস, কিমান ভৰষা, কিমান
বুজনি, কিমান সাহস! তথাপিওতো শান্ত হোৱা নাছিল অনুভূতিৰ মন৷
অস্থিৰতাত উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল তাইৰ৷ আনকি টেবুলখনৰ সিটো পাৰে এদম
মেডিকেল ৰিপ'ৰ্টৰ মাজত চিন্তাক্লিষ্টভাৱে মূৰ গুজি থকা ডাক্তৰ ভাল্লাৰ মুখলৈ
চাবলৈও সাহসে কুলোৱা নাছিল তাইৰ৷
কিমান সময় তেনেকৈ পাৰ হৈ গৈছিল
জানো! বোধয় আধাঘন্টামান সময়। অনুভূতিৰ বাবে লাহে লাহে দুঃসহ হৈ পৰিছিল অপেক্ষাৰ
প্ৰতিটো পল৷ দুয়ো অধীৰ হৈ ৰৈ আছিল সেই চৰম মুহূৰ্তলৈ যত কাগজৰ দমটোৰ পৰা মূৰ তুলি
ডক্তৰ ভাল্লাই ঘোষণা কৰিব তাইৰ ভৱিষ্যত।
ভৱিষ্যত নে ভাগ্য? মৃত্যু নে জীৱন? জীয়াই থকাৰ সংগ্ৰাম নে নিয়তিৰ
হাতত অসহায় আত্মসমৰ্পন? এই মুহূৰ্তত সকলো অস্পষ্ট, সকলো ধূসৰ৷
সিদ্ধান্ত এটাত উপনীত হবলৈ বৰ
বেছিপৰ নালাগিল।৷
-
“মিষ্টাৰ অনিৰুধ, প্লিজ
কাম উইথ মি, আই হেভ টু এক্সপ্লেইন ইউ চামথিং৷”
স্পষ্টকৈ দেখা গৈছিল ডাক্তৰ ভাল্লাৰ
মুখমণ্ডলতো সেই একেই উদ্বিগ্নতা৷ মেডিকেল ছায়েঞ্চৰ সীমাবদ্ধতা অথবা ভাগ্যৰ এখন
অদৃশ্য হাতোৰাৰ প্ৰহাৰত আজি যে মানুহৰ ভগৱানো অসহায়, পৰাস্ত !
অনিৰুদ্ধই অনুভূতিৰ চকুলৈ চালে আৰু অনুভূতিয়ে তালৈ৷ এই সময়ত দুয়োৰে মনে যেন
একেখিনি কথাকেই চিন্তা কৰি আছিল, দুয়োৰে অন্তৰ যেন একে
ধৰণৰ অবুজ শংকা এটিতে বিচলিত হৈ উঠিছিল অথচ খুব সন্তপৰ্ণে এজনে আনজনৰ মনঃস্থিতি লুকুৱাবলৈ মুখমণ্ডলত এনে এটা বেপৰোৱা ভাব লৈ
দেখুৱাইছিল যেন চিন্তা কৰিবলগীয়া তেনে বিশেষ একো হোৱাই নাই, যেন ভয় খাবলগীয়া কোনো কথাই নাই। দুয়ো দুয়োৰে পিনে
চাই সামান্য হাঁহিলে, আচলতে খুব কষ্টেৰে হঁহাৰ অভিনয় কৰিলে৷
অনিৰুদ্ধৰ চকুত অনুভূতিৰ প্ৰতি এক গভীৰ আশ্বাস৷ সি লাহেকৈ তাইৰ হাতৰ ওপৰত তাৰ
হাতখন ৰাখিলে৷ মৌন হলেও সেই স্পৰ্শৰ ভাষা বুজে তাই !
অনিৰুদ্ধৰ সেই উমাল স্পৰ্শৰ উত্তাপৰ সাহসত তাই হাজাৰ বিপদ পাৰ হৈ আহিব পাৰে৷
-
থাৰ্ড অৰ্থাৎ লাষ্ট ষ্টেজ ! ইমান সংগোপনে আৰু তৰিৎ গতিৰে বেমাৰটোৱে ভিতৰি ভিতৰি তাইক কুটুৰি থাকিল যে
অনুভুতিৰ পেনক্ৰিয়াছৰ ৯০ শতাংশ ইতিমধ্যে কেঞ্চাৰ কোষসমূহে ডেমেইজ কৰি পেলালে৷
মেলিগনেণ্ট্ কোষসমূহে এতিয়া পেনক্ৰিয়াছৰ পৰা বাগৰি আহি লাহে লাহে ওচৰ-পাজৰৰ অইন
অংগসমূহকো ছানি ধৰিছে৷ তাৰ ফলত লিভাৰ, পাকস্থলীকে ধৰি ইনফেক্টেড প্ৰতিটো অংগ লাহে লাহে বিকল হৈ পৰিবলৈ আৰম্ভ কৰিছে৷ নাই, সমগ্ৰ বিশ্বৰে কোনো এটা কোণতে এতিয়া আৰু এই ৰোগৰ চিকিৎসা নাই!
বেৰখনৰ ইটো পাৰৰ পৰা স্পষ্টকৈ
শুনিছিল তাই। নিজৰ সময়ৰ বিজ্ঞানৰ এগৰাকী মেধাৱী ছাত্ৰী আছিল অনুভূতি, গতিকে কথাবোৰ বুজি উঠিবলৈ তিলমানো কষ্ট হোৱা নাছিল তাইৰ৷ সেইদিনা চেম্বাৰৰ
পৰা ঘৰলৈ অহা গোটেই বাটছোৱাত অনুভূতি আৰু অনিৰুদ্ধ কোনেও এবাৰলৈও এটা শব্দও
উচ্চাৰণ কৰা নাছিল৷ হঠাৎ কাষেৰে পাৰ হৈ যোৱা একোখন তীব্ৰবেগী গাড়ীৰ কৰ্কশ শব্দৰ
বাহিৰে বাকী সকলো আছিল নীৰৱ, নিস্তব্ধ। নিয়নৰ পোহৰে আলোকিত
কৰি ৰখা ব্যস্ত মহানগৰীৰ ব্যস্ত ৰাজপথত এখন চলন্ত গাড়ীৰ ভিতৰত নিৰৱে আগবাঢ়ি আছিল
আদবাটতে স্তব্ধ হৈ যাব খোজা দুটি আত্মাৰ যুগ্ম জীৱনৰ কাহিনী৷ এক মুহূৰ্তৰ ভিতৰতে
যেন শেষ হৈ গৈছিল সিহঁতৰ মাজত সুধিবলগীয়া, ক'বলগীয়া সকলো
কথা, ইমানতেই যেন যতি পৰিছিল সিহঁতৰ যুগ্ম জীৱনৰ হাঁহি,
কান্দোন, খং, ৰাগ সকলো৷ সেই মুহূৰ্তত আনকি
অভিনয় কৰিবলৈও শক্তি নাছিল সিহঁতৰ ৷ কথা ক'লেই যেন পাৰ ভাগি বাগৰি আহিব বাৰিষাৰ ঢল। এৰা সহজ নহয় কুশলে থকাৰ অভিনয়, অথচ সেই শেষ
দিনটোলৈকে সিহঁতে মাথোঁ অভিনয়কে কৰি গল।
ইজনে সিজনৰ পৰা মুখ লুকুৱাই সিহঁত
দুয়োৱেই সুখী হোৱাৰ অভিনয় কৰিলে, অভিনয় কৰিলে সিহঁতৰ
একমাত্ৰ সন্তান দুবছৰীয়া বুমনৰ বাবে৷
তাৰ পাছৰ কাহিনীবোৰ আৰু বৰ বেছি
দীঘলীয়া হ'বলৈ নাপালে৷ সময়েনো বা কিমান আছিল তাইৰ হাতত। হাতত
থকা সেই মাত্ৰ এমুঠিমান দিনৰ প্ৰতিটো পল হীৰাতকৈও মূল্যবান হৈ পৰিল অনুভূতিৰ বাবে,
এক মুহূৰ্তৰ বাবেও যেন তাই বুমনক নিজৰ চকুৰ আঁতৰ হ'বলৈ নিদিব৷ তাৰ থুপুক-থাপাক
খোজবোৰ, নতুনকৈ ফুটিবলৈ ধৰা প্ৰতিটো শব্দ, তাৰ মা বুলি কৰা মৰমৰ আব্দাৰবোৰ... যেন দুয়ো
নয়নভৰি, আত্মা তৃপ্ত হোৱাকৈ উপভোগ কৰিব তাই ! উশাহত যেন সুমুৱাই
ল'ব তাৰ গাৰ মিঠা মিঠা গোন্ধ, বুকুভৰি যেন সাঁচি লৈ যাব তাৰ
নিৰ্দোষ ধেমালিবোৰ !
দিন যোৱাৰ লগে লগে অনুভূতিৰ পেটৰ
ভিতৰৰ বিষবোৰ বেছিকৈ আৰু বেছিকৈ বাঢ়ি আহিবলৈ ধৰিলে, ক্ৰমান্বয়ে
অসহ্যকৰ হৈ আহিল অৰ্থহীন হৈ যোৱা কেমিথেৰাপিৰ কোৰ্চবোৰ| যেন
এডাল অদৃশ্য অজগৰে ভিতৰৰ পৰা চেপি আহি উশাহ হীন কৰি পেলাব তাইক। সহ্যাতীত বিষত কেতিয়াবা
চিঞৰি চিঞৰি কান্দি পেলাই তাই৷ কেতিয়াবা কণমানি বুমনক সাবটি ধৰি অসহায় হৈ আটাহ
পাৰি উঠে৷
- মই জীয়াই থাকিব খোজোঁ অনিৰুদ্ধ, তোমাৰ বাবে, বুমনৰ বাবে৷ বুমনক মোৰ চকুৰ আগত ডাঙৰ
হোৱা চাবলৈ বিচাৰোঁ, মই তাক এসাগৰ,,নহয়
এক মহাসাগৰৰ সমান মৰম কৰি ল'ব বিচাৰো অনিৰুদ্ধ প্লিজ, প্লিজ
তুমি কিবা এটা কৰাঁ, মোক অলপ সময় আনি দিয়া অনিৰুদ্ধ,
প্লিজ,,.!
সাঁতুৰিব নজনা মানুহে এগল পানীলৈ
ডুব যোৱাৰ পাছতো শেষবাৰৰ বাবে জীয়াই থকাৰ আপ্ৰাণ চেষ্টা কৰি পাৰলৈ চাই ককবকাই
থকাৰ দৰে অনিৰুদ্ধৰ বুকুত খামুচি ধৰি হুকহুকাই কান্দি উঠে অনুভুতি।
আৰু, অসহায়, মুক হৈ ৰৈ যায় অনিৰুদ্ধ৷ পৰা হ'লে নিজৰ
আয়ুস দি হলেও সি অনুভূতিক জীয়াই ৰাখিবলৈ প্ৰস্তুত। কিন্তু সি যে বুজে জীৱনৰ নিৰ্মমতা,
... ছায়াছবিৰ দৰে বাস্তৱ জীৱনৰ কোনো ৰিটে'ক নাই।
চৰম হতাশাত নিজৰ ওপৰতে খং উঠে
অনিৰুদ্ধৰ৷
কিয় ? কিয় বাৰু ইমান দুৰ্ভগীয়া হল তাই ? কিয় বাৰু মাতৃৰ
মৰমৰ পৰা বঞ্চিত হ'বলগা হল কণমানি বুমন ? কি দোষ আছিল তাইৰ ?
কিয়েইবা দোষ আছিল কণমানি লৰাটোৰ ?
নাই, আপত্তি লৈ কোনোদিনে ভগৱানৰ ওচৰলৈ যোৱা নাছিল অনুভূতি, বৰঞ্চ লাহে লাহে ভগৱানৰ প্ৰতি এক প্ৰকাৰ বিৰাগ ভাবৰ জন্ম হৈছিল অনুভূতিৰ মনত৷
ডাক্তৰে বান্ধি দিয়া সময়বোৰ
লাহে লাহে টুটি আহিছিল৷ কেলেণ্ডাৰৰ মাথোঁ দুটিমান পৃষ্ঠাত সীমিত হৈ ৰৈ গৈছিল অনুভূতিৰ জীৱনৰ ঘড়ী। কিবা এক অদ্ভুত মানসিক বেমেজালিত
যেন ওলমি ৰৈছিল তাই৷৷ এহাতে শৰীৰৰ বিষালি কোষসমুহৰ স’তে
সহবাস কৰি কৰি জীয়াই থকাটো এক প্ৰকাৰ চৰম শাস্তি হৈ উঠিছিল, আনহাতে অনিৰুদ্ধ আৰু বুমনক নিঠৰুৱা কৰি এৰি যোৱাৰ বেদনা আছিল তাতোকৈ নিদাৰুণ।
“সাত মাহ... খুব বেছি এবছৰ৷ থাৰ্ড ষ্টেজ পোৱা পেনক্ৰিয়েটিক
কেঞ্চাৰটোৱে তাতোকৈ আৰু বেছি সময় দিব নোৱাৰে অনুভূতিক৷
ডাক্তৰ ভাল্লাই নিৰ্ধাৰণ কৰি
দিয়া সময়সীমাৰ ওচৰলৈ আৰু বেছি ওচৰ চাপি আহিবলৈ ধৰিছিল অনুভুতি। আৰু অৱশেষত এদিন
সেই দিনটো আহিল৷ ব্যস্ত মহানগৰীৰ শান্ত নেহেৰৰ পাৰৰ মুক্তিধামলৈ অনুভূতি আহিল৷
মুক্তিধামলৈ সেইদিনা তাই খোজকাঢ়ি অহা নাছিল। তাইৰ নিৰ্জীৱ শৰীৰটো আহিছিল শুভ্ৰ
কাপোৰেৰে আবৃত হৈ, হালধীয়া ফুলৰ পাহিৰে সজ্জিত স্বৰ্গত
নিৰ্লিপ্তে শুই ৷ শিৱ মন্দিৰৰ তলৰ এই আঁহতজোপাৰ তলতেই সিদিনা তাইৰো মৃতদেহটো ৰখা
হৈছিল, কণমাণি বুমনক বুকুত সাবটি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণক অনুসৰণ
কৰি অনিৰুদ্ধই এটি এটাকৈ সকলোবোৰ নিয়ম পালন কৰি গৈছিল। তিনি বছৰীয়া বুমনে যেতিয়া
বাৰে বাৰে তাৰ মাকৰ ওচৰলৈ আহিবলৈ বিচাৰিছিল কোনোবা এগৰাকী আত্মীয়াই তাক অনিৰুদ্ধৰ
কোলাৰ পৰা প্ৰায় টানি নিয়াদি আঁতৰাই নিছিল।
সেইদিনা কান্দিবও নোৱাৰাকৈ গহীন
হৈ পৰিছিল অনিৰুদ্ধ। এজাক আত্মীয়ৰ সান্ত্বনাই জানো অলপ হ'লেও নিচুকাব পাৰিছিল তাক ? নাই, পৰা নাছিল৷ বাহিৰত শান্ত হৈ থাকিলেও অনিৰুদ্ধৰ
বুকুৰে বাগৰি থকা শূন্যতাৰ ধুমুহাজাকৰ ঠিকেই উমান পাইছিল অনুভূতিয়ে৷
শুই থকা মাকক মা মাকৈ মাতিও জগাব
নোৱাৰাৰ খঙত যেতিয়া অশান্ত হৈ পৰিছিল বুমন কিমান যে মৰমেৰে তাৰ প্ৰিয় গানবোৰ গাই
গাই তাক নিচুকাবলৈ চেষ্টা কৰিছিল অনুভূতিয়ে৷ অথচ অতি দুখলগাকৈ সিদিনা তাইৰ
স্পৰ্শক অনুভৱো কৰিব পৰা নাছিল তাইৰেই কলিজাৰ এফাল বুমনে৷ সকলো চেষ্টা আছিল
বৃথা৷---অনুভূতি আৰু অনুভুতি হৈ থকা নাছিল,, কোনোবা অদৃশ্য বতাহৰ স’তে মিলি শূন্যৰ বুকুত বিলীন হৈ ওলমি ৰৈছিল অনুভূতি নামৰ অস্তিত্ব। তাই
মাথোঁ শুনিছিল অনিৰুদ্ধৰ সেই প্ৰতিশ্ৰুতি -
“নাকান্দিবা মাইনা,
তোমাৰ মা, কলৈকো নাযায়, নহয়, মা, ইয়াতেই থাকিব,
আমাৰ মাজত, তোমাৰ-মোৰ তেনেই ওচৰত। আমি মাক
চাবলৈ ইয়ালৈ আহি থাকিম নহয় !”
এটি বহুল আয়োজনৰ অন্তত শূন্যৰ
স’তে কথা পাতি নিজৰেই চিতাৰ উমি উমি জ্বলি থকা আঙঠাৰ দমটোৰ কাষত অৱশেষত
অসহায় অনুভূতি ৰৈ গৈছিল, অকলশৰে৷
......................
অনুভূতি শিহৰিত হৈ উঠিল, মুক্তিধামৰ প্ৰৱেশদ্বাৰত সেয়া অনিৰুদ্ধ আৰু কাষত তাৰ হাতত ধৰি তাইৰ
বুকুৰ এডোখৰ বুমন৷ ভিতৰৰ পাৰ্কিঙৰ বাবে ৰখা ঠাইত গাড়ীখন পাৰ্কিং কৰাৰ পাছত
মুক্তিধামৰ ভিতৰলৈ দুয়ো সোমাই আহিছে। বুমন এতিয়া পাঁচ বছৰীয়া, আগতকৈ যথেষ্ট বুজন হ’ল সি৷ এৰা সময়েই আচলতে মহৌষধ,
সময়েই ভগৱান, সময়েই শক্তি, কাল অৰ্থাৎ কালী৷ সময়ে সকলোকে যিকোনো পৰিস্থিতিৰ স’তে
সহবাস কৰি জীয়াই থাকিবলৈ প্ৰস্তুত কৰি তোলে৷
প্ৰস্তুত হৈছিল বুমন আৰু
অনিৰুদ্ধও, অনুভূতিৰ স্মৃতিৰ স’তে
অনুভূতিবিহীন জীৱনত জীয়াই থকাৰ আখৰা কৰিছিল দুয়ো। মন্ত্ৰমুগ্ধৰ দৰে অনুভূতিয়ে
সিহঁতলৈ চাই থাকিল৷ অনিৰুদ্ধ আৰু বুমন দুয়ো আহি আহঁতজোপাৰ কাষৰ শিৱ মন্দিৰটোৰ ওচৰতে ৰ'লহি। সিহঁতৰ ঠিক কাষতে ঠিয় হৈ থাকিল অনুভূতি৷
ওচৰতে থকা সত্তেও তাইৰ স্পৰ্শৰ উমান নোপোৱা বুমনৰ চকুলৈ চাই আনুভুতিৰ দুচকু উথলি আহিল৷ তাই হাত এখন বুমনলৈ বুলি আগবঢ়াই দিলে- মৃদু বতাহ এছাটিয়ে তাৰ শৰীৰ স্পৰ্শ কৰি গ’ল৷ ক্ষন্তেকৰ বাবে শিহৰিত হৈ উঠিল অকণমাণি ল’ৰাটো ! বতাহজাকত যেন সেই একেই গোন্ধ, তাৰ মাকৰ আঁচলৰ গোন্ধ। বতাহজাকত সেই একেই কোমল উত্তাপ, যেনেকুৱা আছিল তাৰ মাকৰ বুকুত ... !
শুক্ল পঞ্চমীৰ নিশা আজি, অনুভূতিৰ মৃত্যু তিথি৷ প্ৰতিশ্ৰুতি ৰাখিছিল অনিৰুদ্ধই, পাৰ হৈ যোৱা দুবছৰৰ প্ৰতিমাহে অনুভুতিৰ এই মৃত্যু তিথিত বুমনৰ স’তে সি মুক্তিধামৰ শিৱ মন্দিৰলৈ আহি কিছুসময় নিৰৱে বহে৷ সিহঁতৰ ওচৰতে থাকে
অনুভূতি, এইখিনি যেন সিহঁতৰ নিজৰ সময়, একান্ত ব্যক্তিগত৷ সিহঁতে অনুভৱ কৰিব পাৰে ইজনে আনজনৰ উপস্থিতি, মৌন ভাষাৰেই বহুসময় সিঁহতে কথা পাতে আৰু পুনৰ অহাৰ প্ৰতিশ্ৰুতিত এটা
সময়ত দুয়ো মুক্তিধাম এৰি যায়গৈ৷
আৰু, মুক্তিধামৰ চাৰিসীমাৰ ভিতৰত বন্দী হৈ ৰৈ যায় অনুভূতি, পুনৰ অধীৰ হৈ ৰৈ থাকে আহিবলগীয়া শুক্ল পঞ্চমীৰ নিশাটোলৈ৷ অশৰীৰী হ'লেও
সকলো আত্মাৰ বাবে সহজ নহয় চাগে মোহমুক্তি৷ অপ্ৰাপ্তিৰ অনুভৱৰ পৰা কেৱল মাথো
মানুহেই নহয় আত্মাও স্বাধীন নহয়। সেয়েহে কেতিয়াবা সকলোৰে অজ্ঞাতে, সকলোৰে অলক্ষিতে, এক বিশ্লেষণহীন বান্ধোনত বান্ধ খাই
ৰৈ যায় কিছুমান আত্মা৷ মোহবন্দীয়ে অনুভূতিৰ আত্মাক মুক্তি দিয়া নাই, সেই একেই মোহতে বন্দী অনিৰুদ্ধ, বুমনো৷ সেইবাবেই
অতীত বিচাৰি সিহঁত বাৰে বাৰে উভতে মুক্তিধামৰ বাকৰিলৈ৷
কিছুমান ঘটনাৰ ব্যাখ্যা নাথাকে, কিছুমান প্ৰশ্নৰ কোনো উত্তৰ নাথাকে,
নাথাকে কোনো যুক্তিযুক্ত বিশ্লেষণ৷ শেষ হোৱাৰ পাছতো আচলতে শেষ নহয়
বহু কাহিনী। পূৰ্ণ বিৰতিৰ পাছতো আৰম্ভ হ'ব পাৰে একোটা নতুন
অধ্যায়৷ মোহত বন্দী মানুহ, মোহত বন্দী আত্মাও৷ এক প্ৰকাৰ স্ব-উপাৰ্জিত বন্দিত্ব
এয়া৷ শৰীৰৰ পৰা মুক্ত হোৱাৰ পাছতো স্ব-ইচ্ছাই বন্দিত্বক
বৰণ কৰি ৰৈ যাব পাৰে আত্মাও। আনহাতে মানুহ ? মানুহৰ বাবেও
সেই একেই কথা বৰ্তমানত জীয়াই থাকিলেও অন্তৰাত্মাৰে বন্দী হৈ থাকিব পাৰে পাৰ হৈ
যোৱা অতীতৰ স’তে৷
ঠিকনা :
নয়দা, উত্তৰ প্ৰদেশ
৯৫৯৯৯৬২০০৪