অন্যযুগ/
মহামায়া
গায়ত্ৰী প্ৰান্তিক শৰ্মা
একেঘাপে পাৰটোৰ ডিঙিটো কাটি
মুণ্ডহীন পাৰটোৰ ডিঙিটো মুখতে লগাই এক বিশেষ ভংগীমাত নৃত্য কৰি কৰি কোট্ কোট্কৈতেজবোৰ পি খাইছিল
পূজাৰীজনে। কাষতে ইতিমধ্যেই কাটি কাটি থৈ যোৱা হৈছিল হাঁহ, ছাগলী আদি বিভিন্ন মুণ্ডহীন জীৱবোৰ।
বাজি উঠিছিল শংখ, ঘণ্টা। উপস্থিত মহিলাসকলৰ
উৰুলিয়ে জয়াল কৰি তুলিছিল পৰিৱেশটো। মাইকত কোনোবাই গাইছিল—
‘‘ঔম জয়ন্তী মংগলা কালী
ভদ্ৰকালী কপালিনী
দুৰ্গা ক্ষমা
শিৱাধাত্ৰী
স্বাহা স্বাধা
নমঃস্তুতে’’
কোট্ কোট্কৈ তেজ পি যোৱা মানুহজনলৈ
আশ্চৰ্যৰে চাইছিল মানুহবোৰে,
চকুত
আছিল অশেষ ভক্তিৰ ভাব। মাইকী মানুহবোৰৰ বেছি সংখ্যকেই চকু মুদিছিল, এটা হাত মুঠি মাৰি মুখৰ
সন্মুখত ৰাখি উৰুলি দিছিল আৰু আনটো হাতেৰে কণ কণ কেঁচুৱাবোৰ চাদৰৰ আঁচলৰ তললৈ সুমুৱাই লৈছিল।
উদ্দেশ্য আছিল—
‘‘নাচাওক সিহঁতে, ভয় নাখাওক ৰাতি।’’
শংখ-উৰুলি-ঘণ্টাধ্বনিৰ মাজত
কাৰো চকুত পৰা নাছিল কান্দি কান্দি থানৰ জপনাৰ মুখৰ পৰাই উভতি যোৱা এজনী সৰু
ছোৱালীলৈ।
ৰজাদিনীয়া গোসাঁনীৰ থান। প্ৰবাদ অনুসৰি কোনো সন্তান
নোহোৱা প্ৰতিপত্তিশীল ৰজাক গোসাঁনীয়ে এদিন সপোন দেখুৱাইছিল। কৈছিল— ‘‘যদি প্ৰতি দুৰ্গা অষ্টমীত
কেঁচা তেজেৰে বলি দিয়ে তেন্তে গোসাঁনী সন্তুষ্ট হ’ব আৰু মহাৰাজ অধিকাৰী হ’ব সৰ্বগুণী পুত্ৰৰ।’’
ৰজা অধিকাৰী হৈছিল পুত্ৰৰ আৰু
পাছলৈ সুন্দৰকৈ সজাই পেলাইছিল গোসাঁনী থানখন। তেতিয়াৰে পৰা প্ৰতি দুৰ্গাষ্টমীত এই
দেৱীক পূজা দিয়া হয় কেঁচা তেজেৰে।
স্বাভাৱিকতেই ভিৰ হয় প্ৰতি
দুৰ্গাপূজাত এই থানত। গাঁৱৰ মানুহৰ উপৰি আঁতৰৰ অলেখ মানুহেৰে ভৰি পৰে থানৰ চৌহদ।
কাষে কাষে তক্তাপোছ বা টেবুল পাৰি পাৰি গজি উঠে অলেখ সৰু সৰু অস্থায়ী বেলুন, পেঁপা, জিলাপী, মিঠাইৰ দোকান। থানৰ চৌহদত
একেলগে ফুলি উঠা তিনিজোপা শেৱালি আৰু সেই অকণ অকণ দোকান পোহাৰবোৰে গাঁওখন বৰ
মায়ালগা কৰি ৰাখে পূজাৰকেইদিনত।
জন্মলগ্নৰে পৰা সেই গাঁৱৰ
প্ৰতিজন মানুহ সাঙোৰ খাই থাকে সেই থানখনৰ সৈতে। প্ৰতিটো শুভকাম, প্ৰতিখন বিয়া, প্ৰতিটো উৎসৱ পৰিপুষ্ট হয়
গোসাঁনীৰ আশীৰ্বাদেৰে।
কিন্তু আচৰিত ধৰণেৰে এই
গাঁৱতে জন্ম হৈও এনে এজনী মানুহো আছে যি যাবলৈ নিবিচাৰে সেই থানখনৰ ফালে। ঠিক
মানুহ বুলিলে ভুল হ’ব। এজনী তেৰ বছৰীয়া
কিশোৰী।
তাই সৰুফুল!
মহেশ বৰঠাকুৰ আৰু উষা
বৰঠাকুৰৰ একমাত্ৰ কন্যা সৰুফুল। বিয়াৰ আঠ বছৰৰ পাছতো সন্তানৰ মুখ নেদেখা মহেশ
বৰঠাকুৰে এই গোসাঁনীৰ আশীৰ্বাদতে মুখ দেখিছিল সৰুফুলৰ। গোসাঁনীৰ আশীৰ্বাদপুষ্ট
কন্যাৰ নাম ৰাখিছিল ‘কাত্যায়নী’।
দুৰ্গাৰ নামেৰেই ৰাখিছিল সেই
কন্যাৰ নাম মহেশ বৰঠাকুৰে। স্বয়ং কাত্যায়নীৰ জ্যোতিৰেই বাঢ়ি আহিছিল সেই কন্যা। গোসাঁনীলৈ
গদ্গদ্ মহেশ বৰঠাকুৰে তাৰ
পাছৰ পৰা আজি সৰুফুলৰ তেৰ বছৰ বয়সলৈকে প্ৰতি অষ্টমী পূজাত আগবঢ়াই আহিছে একোটিকৈ তেজাল পঠা ছাগলী।
নৈষ্ঠিক ব্ৰাহ্মণৰ ঘৰত জন্ম
পোৱা সৰুফুলে বুজা হোৱাৰ পৰা বৰ সন্তৰ্পণে আঁতৰি আহিছে এই দিনটোত থানখনৰ পৰা। একে
ঘাপে কাঠচটাত
মূৰটো ৰাখি নিৰীহ
ছাগলীটো কাটি পেলাব পৰা মানুহজনৰ মুখখন মনত পৰিলে গা জিকাৰ খাই উঠে সৰুফুলৰ।
নোৱাৰে চাব তাই সেই দৃশ্য।
অষ্টমী পূজাৰ প্ৰায় এসপ্তাহৰ
আগতেই পিতাকে আনে বলি দিবলগীয়া ছাগলীটো। তাৰ পাছৰ পৰা প্ৰতিদিনেই সৰুফুলেই
চোৱা-চিতা কৰে সেই ছাগলীটো। পথাৰৰ ঘাঁহ, বাৰীৰ শাক, গছৰ পাত কত যে কি
নুখুৱায় তাই। কেতিয়াবা কোনোবাই কিবা মুহূৰ্তত কৈ উঠে— ‘‘কি অ’
সৰুফুল!
এইটোচোন বলিয়ে দিব, কি লাভ হ’বনো অতখন খুৱাই-বুৱাই?”
সৰুফুল দৰক লাগে। লাভ? কি লাভৰ বাবে ভাল পাব লাগে
এটা জীৱ তাই নাজানে, কি লাভৰ বাবে নিৰীহ, অবুজ, নিমাত প্ৰাণীটো মৰম কৰিব লাগে তাই সেয়াও নাজানে। তাই মাথোঁ
জানে এই এসপ্তাহতে তাই দিয়া মৰমৰ নামটোৰে মাতিলেই দৌৰি অহা জীৱটোৰ কথা, তাই হাত ফুৰাই দিলেই পেট
পেলাই শুই পৰা মৰমলগা এটা জীৱৰ কথা।
পিতাকে কয় সকলো জীৱই ঈশ্বৰৰ
সৃষ্টি, বহু দিন তাই জনম
নলওঁতে দেৱী মাই তাইক সৃষ্টি কৰি পঠিয়াই দিছিল আয়েক পিতাকৰ কোলালৈ। পিতাকে কয় দেৱী
সৃষ্টিকৰ্তা। তেন্তে দেৱীয়ে বিচাৰে কিয় নিজৰ সন্তানৰ তেজ? নিজে হাতে গঢ়া সন্তানৰ তেজ সঁচাই দেৱীয়ে বিচাৰে নে মানুহেহে
ভাবি ল’লে যে দেৱীয়ে ভাল পাব
তেজৰ নদী, ভাল পাব তেৱেঁই
সৃষ্টি কৰা সন্তানে তেওঁৰেই সৃষ্ট আন এটা জীৱক একেচাবে ঘপিয়াই মুখত তেজ বাকি ফুৰা
সেই দৃশ্য।
তাই নুবুজে।
প্ৰতি অষ্টমী পূজাৰ আগদিনা
ৰাতি মাকৰ লগত শোওঁতে শেষবাৰৰ বাবে এটা ক্ষীণ আশা লৈ তাই সুধি চায়— ‘‘মা, ছাগলীটো বলি নিদিলে নহয় নে? মই বৰ দুখ পাওঁ মা। দেৱীলৈ মোৰ খং উঠে। কিয় বিচাৰে দেৱীয়ে
তেজ খাবলৈ?’’
মাকে সোপা মাৰি ধৰে সৰুফুলৰ
মুখ— ‘‘নাপায় নাপায়। পাপ
লাগিব সৰুফুল। দেৱী জাগ্ৰত হৈ থাকে পূজাৰকেইদিন। তই এনেকুৱা কথা ক’লে দেৱীয়ে দোষ ধৰিব।
নক’বি। মনৰ আনন্দৰেহে দেৱীলৈ দান
দিব লাগে।’’
মাকৰ হাতৰ সোপা এৰুৱাই
সৰুফুলে এইবাৰ মাকৰ চকুলৈ চাই প্ৰশ্ন কৰে— ‘‘মোক যদি কেতিয়াবা দেৱীয়ে বিচাৰে দি দিবা নেকি মা? কেতিয়াবা যদি ৰজাক দেখুওৱা
নিচিনাকৈ দেৱীয়ে সপোন দেখুৱাই কয়—
ছাগলীৰ
তেজ নহয়, মোক লাগে এইবাৰ
সৰুফুলৰ তেজ। কি কৰিবা মা?’’
মাক উচাপ খাই উঠে। কি কয় এই
কন্যাই?
‘‘কি কৈছ সৰুফুল? তই আমাৰ আদৰৰ জী। কি কি যে
কৰা নাছিলোঁ তোক পাবলৈ। শেষত যেনিবা দেৱীয়ে চকু মেলি চালে।’’— কপালতে হাত দুখন লগাই দেৱী
নামৰ এক অদৃশ্য শক্তিক সেৱা কৰি মাকে কৈ উঠে।
‘‘মা, ছাগলীটোৰোতো এজনী মাক থাকিব পাৰে। সেই মাকৰো জানো দুখ লাগিব
নোৱাৰে মা?’’— আৰু কিবাকিবি কৈ আছিল
তাই। তেতিয়ালৈ দেৱীক সেৱা কৰি টোপনিত ঢলি পৰিছিল মাক।
গোটেই ৰাতি টোপনি নাযায়
সৰুফুল, শুব নোৱাৰে তাই। চকুত
ভাহি থাকে তাই মৰমত মাতিলেই লৰ মাৰি কাষলৈ আহি পেট পেলাই পৰি দিয়া এটা ছাগলী
পোৱালি।
পাছদিনা ঘৰৰ লগুৱা ল’ৰাই টানি টানি লৈ যাওঁতেও
বেবাই বেবাই বাৰাণ্ডাত ৰৈ থকা তাইলৈ উভতি চোৱা ছাগলীটোৰ মুখতো যেন তাই শুনে ‘মা...মা...’ বুলি কান্দি কান্দি মতাৰ দৰে
এক সুৰ।
কান্দোনত ঢলি পৰে সৰুফুল, মনৰ ভিতৰত ক্ষোভ ওপজে দশভুজালৈ। বাৰাণ্ডাত
বাগৰি বাগৰি ভৰি দুখনৰ ফাঁকত চোলাটো ভৰাই কান্দি থকা সৰুফুললৈ মাকৰ কিয় জানো অকণো
দুখ নালাগে। আকৌ দুই হাত বুকুত ৰাখি চকু মুদি ওপৰলৈ চাই উচ্চাৰি উঠে— ‘‘ক্ষমা কৰা আই ভগৱতী, অবোধ শিশু, নাজানি কৰিছে।’’
আচৰিত হয় তাই। তাইক অবোধ বুলি
বাৰে বাৰে দেৱীলৈ চাই ক্ষমা বিচৰা মাকৰ চকুত কিয় অবোধ নহয় ছাগলী পোৱালিটো৷ মাক মানেই যদি মমতা, তেন্তে কিয় ছাগলী পোৱালিটোৰো মাক হৈ নুঠে তেওঁ? কিয় তালৈ নাজাগে মমত্বৰ ভাব?
গোটেই দিনটো তাইক হাজাৰ
চেষ্টা কৰিও মাকে থানলৈ নিব নোৱাৰে। ছাগলী পোৱালিটোৰ হৈ যেন বিদ্ৰোহ ঘোষণা কৰে
তাই। এক মিনিটো চিন্তা নকৰাকৈ সেয়ে কৈ উঠিব পাৰে মাকক— ‘‘যোৱা,
তোমালোকেই
চোৱাগৈ তেজৰ খেলা, তোমালোকে পাতাগৈ
মুণ্ডহীন অবোধ জীৱৰ তেজেৰে পূজা। মই চাব নোৱাৰিম।’’
মাকে চিঞৰি উঠে— ‘‘দেৱীৰ পূজাৰ কথা এনেকৈ ক’বলৈ ব্ৰাহ্মণ কন্যাৰ ইমান স্পৰ্ধা। হে দুৰ্গা, ভদ্ৰকালী, ক্ষমা কৰা মোৰ কন্যাক।’’ আবেলিলৈ লগুৱাই মাংস আনে। যাৰ
যাৰ ঘৰৰ পৰা বলি দিয়ে তেওঁলোকে লাভ কৰে একোটিকৈ মাংসৰ টোপোলা। মাংসৰ ফালে মূৰকে নকৰে সৰুফুলে। যেন
টোপোলাৰ মাংসখিনিয়েও তাইলৈ চাই চিঞৰিব খোজে— ‘‘চোৱা, মই আকৌ আহিলোঁ তোমাৰ ওচৰলৈ সৰুফুল। কিন্তু তুমি খেলিব
নোৱাৰিবা মোৰ সৈতে, তুমি মাতিলেই দৌৰি
আহিবও পৰা মই যে হৈয়েই থকা নাই।’’
মাকে নোৱাৰে তাইক মাংস খুৱাব।
পিতাকে মাকক কৈ উঠে প্ৰতিবাৰৰ দৰেই— ‘‘হে’ৰা, বন্ধ কৰোঁ নেকি হে ছাগলী দান।
তাই মনত বৰ কষ্ট পায়। কোনোবাৰেই যে আন ল’ছালিৰ দৰে পূজা চোৱা নহয় আইজনীৰ।’’
মাকে নামানে, বিদ্ৰোহ কৰি উঠে— ‘‘নাই নাই। আপুনি কৰিলেও এই পাপ
অন্ততঃ মই কৰিব নোৱাৰিম। তাইৰ জন্মৰ আগতে আপুনি আৰু মই গোসাঁনীৰ আগত আঁঠু লৈ
প্ৰতিজ্ঞা কৰিছিলোঁ, সন্তান জন্ম হ’লে প্ৰতি অষ্টমীত পূজিম একোটাকৈ ছাগলীৰে।
তাই সৰু ছোৱালী। সৰুৰ লগত সৰু হৈ পাপ চপাই নল’ব আৰু মোৰ বিশ্বাস তাই এদিন মানি ল’ব এই কথাবোৰ, মানি ল’বই লাগিব।’’
নিশ্চুপ হৈ ৰয় মহেশ বৰঠাকুৰ। ভিতৰৰ
কোঠাত সৰুফুলে উচুপে।
মনত পৰে তাইৰ আগৰজন পুৰোহিত
প্ৰদীপ ককালৈ। দুবছৰ হ’ল… তেখেত ঢুকাল।
ককাক জীয়াই থাকোঁতে থানলৈ নিয়মীয়াকৈ গৈছিল
তাই। যদিও অষ্টমী পূজাত নগৈছিল, তথাপি প্ৰায়েই স্কুলৰ পৰা আহি ককাকৰ ওচৰত বহিছিলগৈ তাই। ককাকৰ
পৰা শুনিছিল দুৰ্গাৰ কাহিনী,
কেনেকৈ
মহাদেৱে সতীক কান্ধত লৈ ভ্ৰমণ কৰিছিল পৃথিৱী, কেনেকৈ সৃষ্টি হৈছিল কামাখ্যাধামৰ, কিমান ধুনীয়া আছিল গৌৰী, কেনেকৈ ভঙুৱা মহাদেউৰ লগত বিয়াত বহিছিল কাত্যায়নী। তাইৰ এই ‘কাত্যায়নী’ নামটো ৰাখিবলৈ বোলে ককাকেই
পিতাকক কৈছিল। কি স্নিগ্ধ এক জ্যোতিৰে আলোকিত আছিল সেই মুখ। কেতিয়াবা স্কুল বন্ধৰ
দিনত ভৰ দুপৰীয়াও সৰুফুল গৈ ওলাইছিল ককাকৰ ওচৰ। পূজা কৰি উঠি পীতবৰ্ণ ধুতি এখন
পিন্ধি উদং গাৰেই থানৰ ভিতৰতেই কঠ এখনত শুই পৰিছিল ককাক। ককাকৰ কংকালসাৰ দেহটোৰ
কাষতেই ভেন্ ভেন্কৈ উৰি ৰৈছিল এসোপা মাখি। তাই নজগাইছিল ককাকক। মাথোঁ কাষতে পৰি থকা বিচনীখনেৰে
হুৰাই দিছিল মাখিবোৰ আৰু দুপৰীয়াৰ বতাহত ক্ষীণকৈ শব্দ কৰি টুং-টাংকৈ বাজি উঠা
ঘণ্টাধ্বনিৰ শব্দ মন ভৰাই শুনি গুচি আহিছিল ঘৰলৈ। ককাক জীয়াই থকা হ’লে সৰুফুলে চাগৈ এবাৰ
সুধিলেহেঁতেন ককাকক— ‘‘জীৱবোৰ নমৰাকৈ পূজা
পাতিলে দেৱীয়ে ন’লব নেকি ককা?’’
কিন্তু সুধিবলৈ পোৱাৰ আগতেই
ককাক গুচি গৈছিল। ককাকৰ মৃত্যুৰ পাছত পুৰোহিতৰ সেই স্থান দখল কৰিছিল ককাকৰ এজন দূৰ সম্পৰ্কীয় ভতিজাক
শ্ৰীহৰি শৰ্মাই। মানুহজনৰ বয়স আছিল প্ৰায় পঞ্চল্লিছৰ ওচৰা-উচৰি। সংসাৰ নকৰা
মানুহ। ককাকৰ পাছত তেৱেঁই চলাই আহিছে
থানখনৰ কাম কাজ।
শ্ৰীহৰি খুড়াকক সৰুফুলৰ অকণো
ভাল লগা নাছিল। মানুহজনৰ চকুত সৰুফুলে দেখা নাছিল সেই জ্যোতি, যি জ্যোতি বহু বেলি চকু মুদি
পূজা কৰাৰ পাছত
ফুটি উঠে মানুহৰ মুখত, যি জ্যোতি আছিল
প্ৰদীপ ককাকৰ দুচকুত।
হালধীয়া ধুতি এখন পিন্ধি শুদা
গাত লগুণ
এডাল পাক খাই থকা মানুহজনৰ চকুকেইটা দেখিলে কিবা লিক্লিকাই থকা জিভাৰে এডাল
ফেঁটী সাপ যেন লাগে সৰুফুলৰ,
এই যেন
ওচৰ চাপি গ’লে
জিভাৰেই ছটিয়াই দিব এসোপা বিষ।
প্ৰায়েই সৰুফুল স্কুলৰ পৰা
অহা সময়খিনিত তেওঁ পূজা কৰি অঁতাই থানৰ বাহিৰৰ বেঞ্চখনতে এটা ভৰি উঠাই এটা ভৰি
মাটিত নমাই বহি থাকে। সেই ঠাইখিনি লৰালৰিকৈ পাৰ হ’বলৈ বিচাৰে সৰুফুলে। খোজবোৰ অকণমান ধীৰ হ’লেই তাইৰ এনে লাগিছিল
যেন সাধুকথাৰ ৰাক্ষসবোৰৰ দৰেই হাতখন দীঘল হৈ আহি সৰুফুলক থপিয়াইহে নিবহি শ্ৰীহৰি
খুড়াকে। বহু দিন মাতো লগাইছে তাইক— ‘‘সৰুফুল ইমান খৰকৈ ক’লৈনো যাৱ?
মাৰক
দেখিছোঁ অকণমান আগতে ক’ৰবালৈ গৈছে। অকলশৰীয়া
ঘৰখনত কিনো কৰিবিগৈ? ৰচোন দুষাৰ কথাকে পাতোঁ।’’
একো নামাতে সৰুফুলে। ইমান পৰে
দি অহা খৰ খোজবোৰতকৈও অধিক খৰকৈ প্ৰায় লৱৰি যোৱাদি তাই যাবলৈ ধৰে। আচলতে এবাৰ নে দুবাৰ কিবা এটা মানুহজনে সোধা কথাৰ
উত্তৰ দিবলৈ ৰৈছিল তাই, দেখিছিল তাই চোৱাৰ
লগে লগেই যেন বেঞ্চত উঠাই থোৱা ভৰিখন আৰু ফাঁক হৈ গৈছিল।
ভয় খাইছিল সৰুফুলে, বৰ ভয়।
সেই দিন ধৰি খুড়াকে হাজাৰ
মাতিলেও নাচায় তাই।
কেতিয়াবা সোধা ‘মাৰ ঘৰত আছে নে সৰুফুল’ বা ‘পিতাৰ আছে নে’ জাতীয় প্ৰশ্নবোৰৰ উত্তৰ যিমান পাৰি খৰকৈ মানুহটোৰ মুখলৈ নোচোৱাকৈ দিবলৈ যত্ন
কৰিছিল তাই। বনিয়ন চোলা নিপিন্ধা উদং গাৰে থকা মানুহটোক বুকুৰ নোমবোৰৰ সৈতে বৰ
কিম্ভূত অসুৰ যেন দেখিছিল।
যোৱাবাৰ সৰুফুলৰ পিতাকে ঘৰত পতা
সত্যনাৰায়ণ পূজালৈ শ্ৰীহৰি খুড়াককো নিমন্ত্ৰণ কৰিছিল। পূজাৰ শেষত তাই ডলা এখনতে লৈ
বিলাই গৈছিল পূজাৰ প্ৰসাদ আৰু ঘোলৰ বাটিবোৰ। শ্ৰীহৰি খুড়াকক ঘোলৰ বাটি দিবলৈ
লওঁতেই ডলাখনৰ তলেৰেই তাইৰ হাতখন খামুচি ধৰা মানুহটোক সেইদিন ধৰি চকুপাৰি দেখিব
নোৱাৰিছিল তাই। অস্বস্তি লাগিছিল তাইৰ।
অসহ্য! ভগৱতীৰ উপাসকৰ এনে ৰূপ
সঁচাই বৰ অসহ্য।
দিন যায় এনেকৈয়ে।
কতটা অষ্টমী পূজা আহিছে, কতটা তাই মৰমেৰে প্ৰায়
এসপ্তাহ ধৰি পালি অহা ছাগলী পোৱালি কান্দি কান্দি উলিয়াই দিছে। কিন্তু এইবাৰৰ
পূজাৰ কথা আছিল সুকীয়া। দুৰ্গাপূজাৰ প্ৰায় ছমাহমানৰ আগতে কন্যাকাল পালে সৰুফুলে।
ছাগলী পোৱালি ভাল পোৱা তাইক মাহীয়েকে বিয়া উঠোৱাৰ দিনা উপহাৰ দিছিল দুটাকৈ ছাগলীৰ
পোৱালি। সুখী হৈছিল সৰুফুল। মৰমতে তাই পোৱালি দুটাৰ নাম ৰাখিছিল ‘ফুটুকী’ আৰু ‘বগী’।
তাই মাতিলেই লৰ মাৰি অহা
ছাগলী পোৱালি দুটাৰ এটা মাকে অষ্টমীৰ বলিত আগবঢ়াবলৈ লৈছিল। তাই গম নোপোৱাকৈয়ে হৈ
গৈছিল সমস্ত সিদ্ধান্ত। মহালয়াৰ দিনালৈকে এইবাৰ ছাগলী পোৱালি ননা দেখি সৰুফুলে
আনন্দতে পিতাকক সুধিছিল—
‘‘আৰু ছাগলী কেতিয়াও বলি নিদিয়া নহয় পিতা?’’
পিতাকে কিবা কোৱাৰ আগতেই
সদাপৰিচিত গম্ভীৰ স্বৰেৰে মাকে কৈ উঠিছিল—
‘‘এইবাৰ পিতাৰ আৰু মই বগীক দেৱীলৈ আগবঢ়াবলৈ মানস
কৰিছোঁ।’’
কঁপি উঠিছিল সৰুফুল নামৰ
ছোৱালীজনী। বিদ্ৰোহ কৰাৰ শক্তিও হেৰুৱাই পেলাইছিল তাই। বগী গুচি গৈছিল তাইৰ চকুৰ
সমুখেৰেই। উশাহ ল’বলৈও যেন পাহৰি গৈছিল
তাই। দৌৰি দৌৰি ওলাইছিলগৈ থানৰ চৌহদ। বুকুত লৈ অকণমান আশা। কিজানিবা ওভতাই আনিব পাৰে বগীক।
তেতিয়ালৈ হৈ গৈছিল বগীৰ বিসৰ্জন। আবেলিলৈ এটোপোলা মাংস হৈ উভতিছিল সৰুফুলৰ ‘বগী’। মাংস দূৰৰে কথা, এটোপা পানীও গোটেই দিনটো মুখত দিয়া নাছিল সৰুফুলে।
মাকে বুজাইছিল— ‘‘তই ভালহে পাব লাগে তই পোহা
বস্তু দেৱীলৈ আগবঢ়াইছোঁ।’’
পিতাকে হাত বুলাইছিল মূৰত— ‘‘পাহৰি যা আই।’’
ইমান সহজ আছিলনে পাহৰি যোৱা! কান্দি
কান্দি কান্দিবলৈকো পাহৰিছিল সৰুফুল নামৰ ছোৱালীজনীয়ে। দশভুজালৈ এক অদ্ভুত আক্ৰোশ হৈছিল
তাইৰ। সৰুৰে পৰা তাই শুনি আহিছিল,
মাকে
সকলো কথাতে সদায় কৈছিল— ‘‘দেৱী দুৰ্গা জাগ্ৰত।
আই ভগৱতীয়ে দেখি থাকে সকলো।’’
নাপায়।
নাপায়।
কি নাপায় আচলতে?
‘নাপায়-পায়’-ৰ প্ৰশ্নৰে ক্ৰমাৎ গধুৰ হৈ
আহিছিল সৰুফুলৰ প্ৰশ্নৰ টোপোলা। ছাটি-ফুটি বাঢ়িছিল তাইৰ। তাই বুজি উঠিছিল কোনেও দিব নোৱাৰে তাইৰ
এই প্ৰশ্নবোৰৰ উত্তৰ। আনকি মাক আৰু পিতাকেও। চিঞৰি চিঞৰি তাইৰ ভাগৱতীক সুধিবলৈ মন
গৈছিল কথাবোৰ।
প্ৰশ্নবোৰৰ উত্তৰ দেৱীক
বিচৰাৰ মানসেৰেই পূজাৰ পাছৰ এটি নিৰ্জন দুপৰীয়াত সৰুফুলে ভৰি থৈছিল থানৰ
চৌহদত। কাত্যায়নীয়ে বিচাৰিছিল দেৱী কাত্যায়নীৰ উত্তৰ।
অস্থিৰ মন। দেৱীক অকণমান
অকলশৰে লগ পাবলগীয়া আছিল তাইৰ। এখোজ-দুখোজকৈ ভিতৰ সোমাই গৈছিল মন্দিৰৰ। দুপৰীয়া এই সময়ত বন্ধ হৈ
থাকে দেৱীৰ সমুখভাগৰ লোহাৰ গ্ৰীল। গ্ৰীলৰ ৰডত খামুচি ধৰিছিল সৰুফুলে। চকুত চকু
ৰাখিছিল ভগৱতীৰ। সদায় কৰাৰ দৰে হাত জোৰ কৰা নাছিল তাই। চকুত চকু থৈ অত্যন্ত
ক্ষোভেৰে প্ৰশ্ন কৰিছিল— ‘‘কি বিচাৰা তুমি? কি দিলে সন্তুষ্ট হ’বা তুমি মাতৃ? সঁচাকৈয়ে বিচাৰানে তুমি তেজ? বগীৰ তেজেৰে পূজোঁতে সঁচাকৈয়ে
সন্তুষ্ট হৈছিলা নে তুমি? উত্তৰ দিয়া? কাত্যায়নী, উত্তৰ দিয়া৷’’
হঠাৎ কোনোবাই মুখত সোপা দি
টানি নিছিল সৰুফুলক। দুখন বলিষ্ঠ হাতে মেৰিয়াই পেলাইছিল তাইক। হাত-ভৰি আচাৰিছিল
তাই।
দেখিছিল তাই। সেইখন মুখ আছিল
পূজাৰী শ্ৰীহৰিৰ।
কাত্যায়নী নিৰ্যাতিতা হৈছিল কাত্যায়নীৰ
গৃহত।
ঘটা নাছিল কোনো অলৌকিক
কাহিনী। মহিষাসুৰ বধিবলৈ স্বৰ্গৰ পৰা নামি অহা নাছিল দশভুজা। বাজি উঠা নাছিল ‘যা দেৱী সৰ্বভূতেসু
শক্তি ৰূপেন সংস্থিতা’-ৰ শক্তিশালি ধ্বনি।
হাত-ভৰি আছাৰি আছাৰি এসময়ত অৱশ হৈ পৰি
ৰৈছিল সৰুফুল।
জঁই পৰিছিল সৰুফুল।
সৰুফুল হেৰাইছিল। সৰুফুলক
বিচাৰি বলিয়া হৈছিল মাক আৰু পিতাক। পাছদিনা থানৰ কাষৰ বৰপুখুৰীৰ পাৰত পৰি ৰৈছিল
সৰুফুলৰ নিঠৰ
দেহ।
কোনোবাই দাংকোলাকৈ লৈ আনিছিল
থানৰ চৌহদলৈ। বলি কটা ঠাইখিনিৰ ওচৰতে শুৱাই দিয়া হৈছিল সৰুফুলক। পিতাক নিশ্চুপ হৈ
ৰৈছিল। মাকে বুকু চপৰিয়াইছিল। চিঞৰি চিঞৰি কান্দি কান্দি কৈছিল— ‘‘ভগৱতীয়ে দিয়া মোৰ সন্তান
ভগৱতীয়েই লৈ গ’ল। পাপ লাগিল তাইৰ।
বলি বেয়া পোৱা তাইক দোষ ধৰিলে মাই। লৈ গ’ল মাই।’’
বুকু চপৰিয়াই চপৰিয়াই বাগৰি
পৰিছিল মানুহজনী।
সকলোৱে দেখিছিল সৰুফুলৰ নিঠৰ দেহৰ কাষতে কান্দি
কান্দি বহি ৰৈছিল শ্ৰীহৰি শৰ্মা। বৰ শোক পোৱা মানুহৰ দৰে হুক্হুকাই কান্দি বহি
ৰৈছিল মানুহজন।
মানুহবোৰে দেখিছিল মাক-পিতাকৰ পিছতেই সৰুফুলৰ মৃত্যুত আটাইতকৈ বেছি যদি কোনোবাই দুখ পাইছিল সেয়া আছিল শ্ৰীহৰি শৰ্মা...
গল্পটোৰ শ্ৰব্য ৰূপ
নয়দা, উত্তৰ প্ৰদেশ
ভ্ৰাম্যভাষ: ৯৫৯৯৭৪৯৮৫৭