মূল : চাদাত হাছান মাণ্টো
অসমীয়া অনুবাদ : কাৰিকা সুমন
(কেৱল উৰ্দু সাহিত্যতে নহয়, বিশ্ব সাহিত্যত চাদাত হাছান মাণ্টো এক পৰিচিত নাম৷ সমাজৰ মিছা আৱৰণ আঁতৰাই নতুন সমাজ গঢ়িব বিচৰা এইজন কথাশিল্পীৰ বহুকেইটা গল্প বিভিন্নজনে অসমীয়ালৈ অনুবাদ কৰিছে যদিও তেওঁৰ প্ৰবন্ধৰ অসমীয়া অনুবাদ পঢ়া মনত নপৰে৷ পাঠকলৈ তেওঁৰ এটি প্ৰবন্ধৰ অসমীয়া অনুবাদ আগবঢ়ালোঁ৷ - অনুবাদক)
যিকোনো নগণ্য বস্তু সমস্যাৰ কাৰণ হ’ব পাৰে৷ আঁঠুৱাৰ ভিতৰত মহ এটা বিচাৰ-খোঁচাৰ কৰি পিটিকি মৰা, আকৌ ভিতৰলৈ আনবোৰ মহৰ প্ৰৱেশ বাধাপ্ৰাপ্ত কৰা বহু সময়ত সমস্যা হৈ থিয় দিয়ে৷ বিশ্বত প্ৰথম মানৱে যেতিয়াই ক্ষুধা অনুভৱ কৰিলে তেতিয়াৰ পৰাই সমস্যা উদ্ভৱ হৈছে৷ ক্ষুধাই হৈছে সকলো সমস্যাৰ মূল ভিত্তি৷ বিশ্বৰ প্ৰথম মানৱে যেতিয়াই প্ৰথম নাৰীক দেখা পালে তেতিয়াই দ্বিতীয় সমস্যাৰ সৃষ্টি হ’ল৷ আপোনাসৱে জানে - এই দুয়োটা সমস্যাই দুটা ভিন্ন ধৰণৰ ক্ষুধাৰ পৰা সৃষ্ট৷ কিন্তু ইহঁতৰ মাজত ঘনিষ্ঠ যোগসূত্ৰ আছে৷ সেয়ে বৰ্তমান যিমানবোৰ সামাজিক, ৰাজনৈতিক আৰু যুদ্ধৰ সমস্যা আছে, সেই সকলোবোৰৰ নেপথ্যত উল্লিখিত ক্ষুধা দুটিৰ সংযোগ পৰিলক্ষিত হয়৷
বৰ্তমান যুদ্ধৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ নেপথ্যত হাজাৰ হাজাৰ নিহত মানুহৰ মৃতদেহৰ স্তূপৰ মাজত আমি সাম্ৰাজ্য বিস্তাৰৰ প্ৰৱল ক্ষুধাই দেখিবলৈ পাওঁ৷
ক্ষুধা যিকোনো ধৰণৰেই নহওঁক কিয়, অত্যন্ত মাৰাত্মক৷ স্বাধীনতাকামী মানুহক যদি শৃংখলাৱদ্ধ কৰি থোৱা হয় তেনেহ’লে বিপ্লৱ অৱশ্যম্ভাৱী৷
এটুকুৰা ৰুটীৰ ভোকাতুৰকো যদি অনবৰত অনাহাৰে থোৱা হয় তেনেহ’লে নিৰুপায় হৈ তেওঁ আনৰ মুখৰ গৰাহ কাঢি. ল’ব৷ পুৰুষক যদি নাৰী দৰ্শনৰ পৰা বিৰত কৰি থোৱা হয় তেতিয়া সম্ভৱত তেওঁ সমগোত্ৰীয় পুৰুষ অথবা পশুৰ মাজত নাৰীৰ প্ৰতিচ্চবি দেখাৰ ব্যৰ্থ চেষ্টা কৰিব৷
বিশ্বৰ সকলো দুৰ্গতি আৰু দুৰ্ভোগৰ মূল কাৰণ ক্ষুধা৷ ক্ষুধাই মানুহক ভিক্ষা মাগিবলৈ বাধ্য কৰে, অপৰাধৰ দিশে ধাৱিত কৰে৷ ক্ষুধাই চৰমপন্থী হোৱাৰ শিক্ষা দিয়ে৷ ক্ষুধাই নাৰীক সতীত্ব বিক্ৰী কৰিবলৈ বাধ্য কৰে৷ ক্ষুধাৰ জ্বালা ভীষণ যন্ত্ৰণাদায়ক৷ ইয়াৰ আঘাত অত্যন্ত মাৰাত্মক৷ ক্ষুধাই মানুহক পাগল কৰি তোলে, কিন্তু পাগলামীয়ে ক্ষুধাৰ সৃষ্টি নকৰে৷
পৃথিৱীৰ যিকোনো প্ৰান্তৰ লেখক, তেওঁ প্ৰগতিবাদী বা ৰক্ষণশীল, বৃদ্ধ বা যুৱক, তেওঁৰ সমুখত বহু সমস্যা থাকে৷ বিষয়বস্তু নিবৰ্াচন কৰি তেওঁ বিভিন্ন সমস্যাৰ বিষয়ে লিখা-মেলা কৰে, কেতিয়াবা কাৰোবাৰ দাবীৰ পক্ষত, কেতিয়াবা কাৰোবাৰ বিৰুদ্ধে৷
আজিৰ সাহিতি্যকৰ সৈতে নীতিগতভাৱে পাঁচশ বছৰ আগৰ সাহিতি্যকৰ তেনে কোনো বিশেষ পাৰ্থক্য নাই৷ প্ৰত্যেক বস্তুৰ ওপৰত কালৰ গতিৰে পুৰণিৰ ওপৰত নতুন লেবেল লগোৱা হয়৷ সেয়া অৱশ্যে মানুহে নলগায়, যুগেই সেয়া সমাধা কৰে৷ আমাক আজি তৰুণ লেখক বুলি আখ্যায়িত কৰা হৈছে৷ ভৱিষ্যতে আমাকো পুৰণিৰ লেবেল লগাই আলমাৰীত আৱদ্ধ কৰি থোৱা হ’ব৷ কিন্তু তাৰ অৰ্থ এয়া নহয় যে আমিবোৰ জীয়াই থকা মূল্যহীন আৰু আমি অযথা শক্তি ক্ষয় কৰিছোঁ৷ ঘড়ীৰ কাঁটা যেতিয়া বাৰৰ পৰা দুইৰ ফালে আগুৱাই যায় তেতিয়া অন্যান্য সংখ্যাবোৰ অৰ্থহীন হৈ নপৰে৷ সম্পূৰ্ণ চক্ৰাকাৰে ঘূৰি ঘড়ীৰ কাঁটা আকৌ সেই একে স্থানলৈ ঘূৰি আহে৷ এইটোৱেই ঘড়ীৰ নিয়ম আৰু পৃথিৱীৰ ৰীতিও সেয়াই৷
আজিৰ নতুন সমস্যা আৰু অতীতৰ পুৰণি সমস্যাৰ মাজত মূলতঃ বিশেষ তাৰতম্য নাই৷ আজিৰ দুষ্কৰ্মৰ বীজ হয়তো অতীততেই ৰোপন কৰা হৈছিল৷ যৌন-সমস্যা যিদৰে আধুনিক লেখকৰ সমুখত আছে তেনেকৈ অতীতৰ প্ৰাচীন লেখকসকলৰ সমুখতো একেই সমস্যা বিদ্যমান আছিল৷ অতীতত লেখকসকলে প্ৰাচীন ৰীতিত এই সমস্যাক তুলি ধৰিছিল আৰু আমি নিজস্ব ঢঙত ইয়াক লিপিৱদ্ধ কৰিছোঁ৷
মই নাজানো কিয় মোক বাৰেবাৰে যৌন-সমস্যা সম্পৰ্কে নানা প্ৰশ্ন কৰা হয়৷ কাৰণ মানুহে মোক প্ৰগতিবাদী লেখক হিচাপে আখ্যায়িত কৰিছে, কাৰণ মোৰ কেইবাটাও গল্প যৌন-সমস্যাক লৈ ৰচিত৷ নতুবা কিয় নাজানো আজিৰ তৰুণ লেখকসকলক কিছু সংখ্যক লোকে ‘যৌন বিকাৰগ্ৰস্ত’ বুলি সাহিত্য, ধৰ্ম আৰু সমাজৰ পৰা কলমৰ খোঁচেৰে বহিষ্কাৰ কৰিব বিচাৰে৷ কাৰণ যিয়েই হওক কিয়, মই মোৰ দৃষ্টিভংগী আৰু মনোভাৱ ব্যাখ্যা কৰিছোঁ৷ ৰুটী আৰু পেট, নাৰী আৰু পুৰুষৰ সম্পৰ্ক সনাতন আৰু চিৰস্থায়ী৷ ৰুটী আৰু পেটৰ মাজত কোনটো অধিক গুৰুত্বপূৰ্ণ আৰু নাৰী-পুৰুষৰ মাজত প্ৰয়োজনীয়তা কাৰ বেছি সেয়া কোৱা মস্কিল৷ কাৰণ মোৰ ক্ষুধাৰ্ত পেটে ৰুটী বিচাৰে৷ কিন্তু পেটৰ নিচিনাকৈ গোমধানো মোৰ পেটৰ বাবে লালায়িত হয়নে নহয় নাজানো৷
মই আশাবাদী৷ অন্ধকাৰ পৃথিৱীত মই পোহৰৰ কিৰণ দেখা পাওঁ৷ মই কাকোৱেই ঘৃণাৰ চকুৰে নাচাওঁ৷ পতিতালয়ৰ কুঠৰীৰ পৰা পতিতাই কোনো পথচাৰীৰ গাৰ ওপৰত পানৰ পিক্ পেলালে মই আন আন সকলৰ সৈতে সেই দৃশ্য দেখি বেচেৰা পথচাৰীক উপহাস নকৰোঁ বা পতিতাক গালি নাপাৰোঁ, বৰং এই ঘটনা দেখি মই থমকি ৰওঁ আৰু মোৰ দৃষ্টি সেই ঘৃণনীয় পেছাত নিয়োজিত মহিলাৰ পোছাক ভেদ কৰি তেওঁৰ পাপিষ্ঠ দেহৰ অভ্যন্তৰৰ অন্তৰত উপস্থিত হয়৷ তেওঁক পৰীক্ষা কৰিবলৈ গৈ কল্পনা ৰাজ্যত কিছু মুহূৰ্তৰ বাবে মই নিজেও এগৰাকী পতিতালৈ ৰূপান্তৰিত হওঁ৷ কাৰণ হৃদয়ৰে তেওঁৰ প্ৰকৃত অৱস্থা উপলব্ধি কৰাটোৱেই মোৰ লক্ষ্য৷
কোনো অভিজাত ঘৰৰ সুন্দৰী স্বাস্থ্যৱতী গাভৰু কোনো যাযাবৰ স্বাস্থ্যহীন ক্ষীণকায় তৰুণৰ সৈতে পলাই গ’লে মই ল’ৰাটোক ‘বদমাছ’ বুলি গালি নাপাৰোঁ বা ফাঁচি কাঠত ওলোমাব লাগে বুলিও ৰায় নিদিওঁ৷ বৰঞ্চ কি কাৰণে ল’ৰাটোৱে বিবেকক জলাঞ্জলি দিলে, সেই সৰু গাঁঠিটো খুলিবলৈ চেষ্টা কৰোঁ৷
মানুহৰ মাজত কোনো পাৰ্থক্য নাই৷ এজন পুৰুষে যি ভুল কৰে আন এজনেও সেয়া কৰিব পাৰে৷ এগৰাকী মহিলাই যদি দেহ বিক্ৰী কৰিব পাৰে, তেনেহ’লে পৃথিৱীৰ সমুদায় মহিলাই সেয়া কৰিব পাৰে! কিন্তু এই ভুলৰ বাবে মানুহ দায়ী নহয়৷ পৰিৱেশে মানুহক অন্যায়ৰ পথলৈ টানি নিয়ে আৰু ওৰে জীৱন ভুলৰ শইচ চপাব লগা হয়৷
যৌন সমস্যাই কিয় আধুনিক লেখকসকলৰ অধিক দৃষ্টি আকৰ্ষণ কৰিছে, তাৰ উত্তৰ পাবলৈ বৰ বেছি দূৰলৈ যাব নালাগে৷ বৰ্তমানৰ যুগটোৱেই যেন কিবা এক জেদাজেদিৰ যুগ৷ নাৰী ওচৰতো থাকে আৰু বহু দূৰতো থাকে৷ কেতিয়াবা তেৰহাত কাপোৰতো উলংগ ধাৰণা হয়, কেতিয়াবা গামোচা পিন্ধিও অন্তঃপুৰবাসী৷ কেতিয়াবা নাৰীক পুৰুষৰ বেশত আৰু কেতিয়াবা পুৰুষক নাৰীৰ বেশত দেখা যায়৷
বিশ্বত এতিয়া ব্যাপক পৰিৱৰ্তন ঘটিছে আৰু যুগটোৱেই সলনি হৈছে৷ ভাৰত উপমহাদেশত প্ৰাচ্য সভ্যতাৰ চোলা কেতিয়াবা পৰিধান কৰা হয়, আকৌ তৰুণসকলে সেয়া খুলি দলিয়াই দিয়ে৷
আকৌ পাশ্চাত্য সভ্যতা আৰু আচাৰ অনুষ্ঠানৰ ঢৌও ইয়াত আহি পাইছেহি আৰু চৌদিশে আলোড.ণৰ সৃষ্টি কৰিছে৷ চৌপাশে এক অস্থিৰতা বিৰাজমান৷ নতুন বিচনা সাজি ওলোৱাৰ ফলত পুৰণি বিচনা ফাৰ্নিচাৰৰ দোকানৰ গুদামতে পৰি ৰৈছে৷ সমস্যাৰ অন্ত নাই৷ বিচনাৰ পৰা উৰহ আৰু বিছা ওলাইছে৷ কোনোৱে কয় মাৰি পেলা, কোনোৱে কয় যাবলৈ এৰি দে৷ এই অস্থিৰতাৰ মাজত আমি নবীন লেখকসকলে হাতত কলম লৈ কেতিয়াবা কেতিয়াবা সেই সমস্যাৰ সৈতে খুন্দা-খুন্দলি খাই হামৰাও কাঢি.ছোঁ৷
আমাৰ লিখা-মেলাত যদি নাৰী-পুৰুষৰ সম্পৰ্কৰ বিষয়ে প্ৰাধান্য পাই সেয়া অস্বাভাৱিক নহয়৷ ৰাজনৈতিক ভিত্তিত যদি এখন দেশ দ্বিখণ্ডিত কৰিব পাৰি, ধম¹য় বিশ্বাসৰ ভিত্তিত যদি এজনক আন এজনৰ পৰা আঁতৰাই নিব পাৰি, একেই আইনত যদি মাটিৰ মালিকীসত্ত্ব হেৰুওৱাব লগা হ’ব পাৰে কিন্তু কোনো ৰাজনীতি, বিশ্বাস বা আইনৰ দ্বাৰা নাৰী-পুৰুষক এজনৰ পৰা আনজনক বিচ্চিন্ন কৰিব নোৱাৰি৷
নাৰী-পুৰুষৰ মাজত যি বাধাৰ বিন্ধাচল আৰু প্ৰাচীৰ গঢি. উঠিছে, সকলো যুগতেই তাক অতিক্ৰম কৰাৰ চেষ্টা চলোৱা হৈছে, ভৱিষ্যতেও চলিব! যুগে-যুগে নাৰী-পুৰুষৰ মাজত গঢি. উঠা দূৰত্বৰ প্ৰাচীৰ ভাঙিবলৈ চেষ্টা চলি আহিছে৷ যিসকলে এই সম্পৰ্কক অশ্লীল বুলি ধাৰণা কৰে, তেওঁলোক এই সংকীৰ্ণতাৰ বাবে দুঃখিত হোৱা উচিত৷ যিসকলে নাৰী-পুৰুষৰ সম্পৰ্কক চৰিত্ৰৰ কষটি শিলত পৰীক্ষা কৰে, তেওঁলোকে জনা উচিত, চৰিত্ৰ সমাজৰ দেহত মামৰৰ নিচিনাকৈ লদা বান্ধি আছে৷
যিসকলে ভাবে আধুনিক লেখকসকলে সাহিত্যত যৌন-সমস্যাৰ সৃষ্টি কৰিছে, তেওঁলোকে ভুল ভাবিছে, কিয়নো প্ৰকৃততে যৌন-সমস্যাই আধুনিক সাহিত্যৰ জন্ম দিলে৷ এই আধুনিক সাহিত্যত যেতিয়া আপোনালোকে নিজৰ প্ৰতিচ্ছবি দেখা পায়, তেতিয়া ভয়তে চমকি উঠে৷ সঁচাক যিমানেই চেনি মিহলাই খাওঁক কিয়, ইয়াৰ তিক্ততা দূৰ নহ’ব৷
মোৰ লেখা-মেলা আপোনালোকৰ তিতা যেন লাগিব পাৰে কিন্তু এই পৰ্যন্ত যিবোৰ মিঠা ঘটনা মিঠাকৈ ৰচিত হৈছে সেইবোৰ বাৰু মানৱতাৰ কিবা উপকাৰত লাগিছেনে? নিমপাতৰ তিতা সত্য, কিন্তু সি যে তেজ পৰিষ্কাৰ কৰে তাত কোনো সন্দেহ নাই৷
ঠিকনা :
karikasuman@gmail.com