সকলোতকৈ শক্তিশালী কল্পনাবোৰ
পোনে পোনে প্ৰকৃতিৰ মাজৰ পৰাই আহে৷
ডাল এৰি হঠাতে কিয় উৰি গ’লা?
অলপ আগলৈকে তুমি
প্ৰশ্নবিদ্ধ আছিলা৷
তুমি সেউজীয়া কাঁইট
মই পিপাসাৰ্ত, তেজলগা গানৰ কণিকা
দৰ্শক হৈয়ে চাই থাকিবা?
মই কেতিয়াও, কোনো দিনে দৰ্শকৰ কাৰণে
নাটক কৰা নাই৷
নাটক কৰিছোঁ নিজৰ কাৰণে
যি নাটকত নিজকে চাব বিচাৰিছোঁ
তুমি কোন?
গানৰ গছ-গছনিবোৰ ক’ৰ পৰা আহিল?
বিচাৰিলেই নাপাবা
বহুতো ধুনীয়া গান আজি হেৰাই গৈছে
বিলীন হৈ যায় দৃশ্যবোৰ৷
তাৰ আগতেই
মই শেষ হৈ যাম
বৰষুণে জুই লগাই দিয়া অংকবোৰত৷ নাটক?
নাটক তিনি ঘণ্টা চাইছিল মানুহে৷
অজি-কালি এক ঘণ্টাৰ নাটকো
ভালকৈ চাব নোৱাৰে৷
সকলো সময়তে জেপত হাত ভৰাই ভাবি থাকে
ফ’নটো কেতিয়া বাজিব ...
কোন তুমি?
কেন্ভাছ অতিক্ৰমি কিয় উৰি গ’লা?
স্বপ্নৰ অভ্যন্তৰত উন্মাদ ভেনচেণ্ট্ আছিল৷