যোগ আৰু বিয়োগৰ পৃথিৱীত নৈৰাশ্যৰ জুই একুৰা সন্মুখত লৈ বহি আছোঁ মই।
মই এটি সাধুকথা।
উপমান নে উপমেয় নে ভ্ৰান্তিমান? ওঁহো... এটাও নহয় মই।
মই জীৱনৰ কথকতা। প্ৰত্যেকৰে অৱচেতন মনৰ কুঠৰীত মই থাকোঁ। কোনো পথভ্ৰষ্ট পথিকে জীৱনৰ সূৰ্যাস্ত বেলিকা মোক বিচাৰি চলাথ কৰে। বিচ্যুতি ক’ত?? কোনখিনিত ছন্দচ্যুতি ঘটিল?
সৌ দূৰৈৰ কাঠত ভেঁকুৰ লাগিলে হোৱা ৰঙৰ আদহীয়া আকাশখন আঁচলত সামৰি বহাৰ পৰা থিয় হ’ল সুপ্ৰভা। খোজত কোনো স্থিৰতা নাই। সন্ধিয়াৰ ধূনা জ্বলোৱাৰ আগত দাপোণৰ সন্মুখত নিজকে এবাৰ থিয় কৰাৰ আকাংক্ষা জাগি উঠিল সুপ্ৰভাৰ। অৱসাদ, নিৰুদ্বেগ, বিষণ্ণ চাৱনিৰে তেওঁলৈ টল্টল্কৈ চাই থকা অবিন্যস্ত বিবৰ্ণ প্ৰতিকৃতি মানুহগৰাকী কোন? তেওঁ নিজেইনে? দুখোজ পিছুৱাই আহে সুপ্ৰভা। ধূনাৰ ধোঁৱাই ঘৰৰ চাৰিওটা কোঠাতে মংগলসূচক ধ্বনি বিয়পাই দিলে। পুনৰ সুপ্ৰভাই অলসভাৱে নুব্জ্য শৰীৰটো আগফালৰ চকীখনত এৰি দিলে। সোহাতৰ মণিবন্ধত স্পষ্ট হৈ থকা নীলৰঙী ৰক্তবাহিকাক তীক্ষ্ণ চোকা অস্ত্ৰৰে আঘাত কৰাৰ তীব্ৰ ইচ্ছা এটা জাগি উঠে সুপ্ৰভাৰ। এপাকত বনকৰা ধনটিয়েই চাহৰ পিয়লাটো দি গ’ল।
যোৱা তিনি দিন উপযুৰ্পৰি অংক কৰিছে সুপ্ৰভাই। কাগজ-কলম নলগা অংক। সূত্ৰবোৰ পুনৰ পাতিছে অংকটোত আকৌ কৰিছে প্ৰতিবাৰেই আউল লাগিছে। ক’ত চ্যুত হৈছে?? ক’ত?
‘‘মোৰ বিশ্বাস জীৱনৰ দাবীক মই কেতিয়াও ফাকি দিয়া নাই, জীৱন সমস্যাৰ পৰা কেতিয়াও পলাব খোজা নাই’’— পুনৰ স্বগতোক্তি কৰিলে তেওঁ। এক বিমূৰ্ত টনা-আঁজোৰাই বিপৰ্যস্ত কৰি পেলাইছে সুপ্ৰভাক। অবিশ্বাস্য নিৰ্মমতাৰে কৰ্ণপটহত পুনৰ বাজি উঠিল বাক্যকেইষাৰ—
‘‘তুমি মোক পুত্ৰৰূপে গ্ৰহণ কৰিবানে নকৰা সেইটো মোৰ বাবে ডাঙৰ কথা নহয়। মৃগাক্ষি এজনী উচ্চ শিক্ষিতা ছোৱালী। তাইৰ জীৱনক ইতিমধ্যেই বিবাহৰ তিক্ততাই গ্ৰাস কৰিছে। আমি পৰস্পৰে পৰস্পৰৰ এন্ধাৰ জীৱনত প্ৰস্ফুটিত গোলাপ ফুল। মোৰ জীৱনত তোমাৰ বাধা দিয়াৰ অধিকাৰ নাই। এটা সন্তান তুলি মই ইয়াৰ পৰা গুচি যাম। তোমাৰ অধিকাৰ কেৱল পঢ়ি থকা সময়লৈকে আছিল। এতিয়া মই নিজে উপাৰ্জন কৰোঁ।’’
এয়া একমাত্ৰ পুত্ৰ বৰ্ণভৰ মুখৰ কথা। কিমান পাষাণ হ’লে সন্তানে মাতৃ হৃদয়ক এনেকৈ প্ৰহাৰ কৰিব পাৰে? সন্তান জন্ম দিবলৈ অক্ষম ডিৰ্ভোচি এজনী ছোৱালীক সুপ্ৰভাই কি ৰূপে সমাজৰ আগত বোৱাৰী হিচাপে স্বীকৃতি দিব? কিয় সুপ্ৰভা শৰ্মাই অনুমতি দিব তেওঁৰ একমাত্ৰ পুত্ৰই আনৰ জাৰজ সন্তান এটাক পিতৃ পৰিচয় দিয়ক? এজনী ছোৱালীৰ বাবে পুত্ৰই IIT খড়গপুৰত চাকৰিৰ স্বৰ্ণিল সুযোগ পায়ো এখন কলেজৰ অংকৰ অধ্যাপক হৈ ৰোৱাৰ যুক্তি ক’ত? কেৱল কলেজৰ সহকৰ্মী মৃগাক্ষিৰ সংগ? সুগঢ়ী মৃগাক্ষিৰ লাৱণ্যই বৰ্ণভক বিপথে নিছে। নে কামুকতাৰ চিকাৰ হৈছে বৰ্ণভ?
হুমুনিয়াহ এটা আপোনা-আপুনি উজাৰ খাই আহিল সুপ্ৰভাৰ ভগা বুকুখনৰ তলিৰ পৰা। সুপ্ৰভাৰ সংস্কাৰত কোনো ত্ৰুটি নাই। ৰক্ষণশীল পৰিয়ালৰ জীয়াৰী সুপ্ৰভাই জীৱনত কোনো সিদ্ধান্তই ভুলকৈ লোৱা নাই। এয়া দাম্ভিকতা নহয়, আত্মবিশ্বাস। জীৱনে তিল তিলকৈ শিকোৱা পাঠ। ঠেকি ঠেকি শিকিছে সুপ্ৰভাই তেনে অংকৰ জঁট কেনেকৈ ভাঙিব পাৰি।
মহাকালৰ বুকুত মিলি যাব খুজিছে এটি ক্ষুধাতুৰ আত্মা। প্ৰতি খোজতে সুপ্ৰভাৰ আকাশ ভাঙিব খোজা বৰষুণৰ ধাৰ বিজুলী আৰু বজ্ৰপাতৰ গৰজনি। যদি এয়ে জীৱনৰ শেষ! নিৰাশাৰ জ্বলন্ত চিতাৰ উৰি ফুৰা স্ফুলিংগবোৰ... এই শেষ নোহোৱা অংকৰ উত্তৰ নথকা সূত্ৰবোৰ।
এটা অনুনাসিক স্বৰে সুপ্ৰভাক বিস্মৃতিৰ পুৰণি দ’মৰ উঠি উনুকিয়াবলৈ ধৰিলে,
....তুমিও এদিন ভাগৰি পৰিবা সু। মৃত্যুৰ আগতেই মৰি নাযাবা। যৌৱনৰ উদ্বাউলতা চিৰদিনলৈ নাথাকে। বস্তুবাদী জীৱনত শেষলৈ স্বামী-পুত্ৰ কাকো নাপাবা। উচ্চাকাংক্ষাই জীৱনৰ ৰংখিনি কাঢ়ি নিব। জীয়াই থাকোঁতেই তুমি মৰি যাবা’’।
ত্ৰিছ বছৰৰ আগতেই সি কৈছিল। সি সুপ্ৰভাক জানিছিল। তাইৰ উচ্চাকাংক্ষা তাইৰ অভিলাষ, উচ্চ বংশৰ গৰ্ব আৰু আত্মদম্ভিতা— সকলোকে সি অধ্যয়ন কৰিছিল। গুৱাহাটীত বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা সি সুপ্ৰভাৰ সৈতে সপোনৰ বীজ পচাইছিল। কিন্তু তাৰ সমাজবাদী জন্মভূমি গাঁও অভিমুখী মনটোৰ উমান বহু পাছত পাইছিল সুপ্ৰভাই। ইতিমধ্যেই এমহীয়া সন্তানে কোলা শুৱনি কৰিছিল। মৌজাদাৰৰ ঘৰৰ ছোৱালী আহি বোকা-পানী খচকা গাঁৱৰ পৰিৱেশত সুপ্ৰভাৰ উশাহ বন্ধ হৈ পৰিছিল। লাহে লাহে ই প্ৰতিবাদৰ ৰূপ লৈছিল। মাহৰ অতিৰিক্ত উপাৰ্জনো আৰ্তজনক বিলাই থৈ আহে সি। সুপ্ৰভাই বিচৰা ধৰণে বৰ্ণভৰ ভৱিষ্যৎ বৰ্ণভৰ বিদেশ যাত্ৰাৰ কোনো পথেই সি নিবিচাৰে। আৱেগ, কল্পনা, পুতৌ সহানুভূতি সুপ্ৰভাই নুবুজে। চেষ্টাও নকৰে। আৱেগৰ যুক্তিৰে জীৱনৰ অংক নকৰে সুপ্ৰভাই। গুৱাহাটীখন চিনাকি আছিল সুপ্ৰভাৰ, বিলম্ব কৰাৰ প্ৰশ্ন নুঠে। সিওতো বাধা দিয়া নাছিল। সংসাৰৰ দগা-পাল্লাত তাৰ গাঁওখনৰ সমস্যাৰ ওজন বেছি। সন্মুখত থকা দীঘল বাটৰ খলা-বমাত তাই উজুটি নোখোৱাকৈ তুলি ধৰিছিল নিজকে। নিজকে গঢ়িছিল। বৰ্ণভকো গঢ়িছিল। আত্মকেন্দ্ৰিকতাৰ পাঠ পঢ়াইছিল। উচ্চাকাংক্ষাৰ অংকত আৱেগক প্ৰাধান্য দিয়াটো মূৰ্খামি। যান্ত্ৰিকতাৰ সমাজখন তেনেকুৱাই।
চাহত কেইটা চেনিদানা দিয়াৰ পৰা শোৱা-পঢ়া, জগিং-ব্যায়াম-খেলা আনকি কিমান সময় বৰ্ণভে কিহত খৰচ কৰিব, প্ৰতি মুহূৰ্তৰ অংক হিচাপত সিদ্ধহস্ত আছিল সুপ্ৰভা। তাততো কোনোকালেই আৱেগ-অনুভৱৰ স্থান নাছিল। সুপ্ৰভাৰ আৱেগপ্ৰৱণ দৰদী সমাজবাদী ‘সি’-ৰ প্ৰভাৱ কোনোদিনাই বৰ্ণভৰ ওপৰত পৰিবলৈ দিয়া নাছিল। জীৱনত আনৰ বাবে নিজক পিছুৱাই অনাটো কাপুৰুষালি। কিয় একেই ভুল প্ৰজন্মৰ?
‘‘বাইদেউ চাহ ঠাণ্ডা হ’ল’’
ধনটিৰ মাতত বিস্মৃতিৰ ৰিক্ত মাজুলীৰ পৰা উভতি আহিল সুপ্ৰভা। এঙাৰৰঙী মেঘাল আকাশত সৌদামিনীৰ নৃত্য। বৰষুণত গা ধুই স্নিগ্ধ-কৰুণ হৈ ফুলি থকা সন্মুখৰ হালধীয়া কৰবী ফুলবোৰ বতাহত স্বপ্নাৱিষ্টৰ দৰে হালিছে-জালিছে। কাকৈছিৰা বৰষুণজাকৰ এচাৰেকণি আহি ভৰিত পৰিল, এইবাৰ বাৰিষা অলপ আগতীয়া, বৰষুণো ঘন। যেন ঢাহিমুহি লৈ যাব নিকপ্কপীয়াকৈ গঢ়া সুপ্ৰভাৰ ঘৰখন।
...বাবা স্কুলৰ পৰা আহি বাহিৰতে বেগ খুলি থ’বা। বাহিৰৰ বীজাণু ঘৰলৈ নানিবা। চাৰ্টত আজিও ice cream-ৰ দাগ। কিয় খালা বাৰম্বাৰ মানা কৰাৰ পাছতো? বেছিকৈ লগৰবোৰ লগত হাঁহি-মাতি নাথাকিবা। ল’ৰা মানুহ গহীন হৈ থাকিব লাগে। নিজৰ ব্যক্তিগত কথা মোৰ বাহিৰে কাৰো আগত নক’বা। মানুহে দুৰ্বল ভাবি আক্ৰমণ কৰিব সুবিধা ল’ব। আৰু এই উপন্যাসৰ কিতাপ তোমাৰ বেগত যে? এইবোৰে মানুহক আৱেগিক কৰে। আৱেগত লোৱা কোনোটো সিদ্ধান্তই সঠিক নহয়। JEE Entrance-ত ধ্যান দিয়া, আজিৰ পৰা এই গীতাৰত সময় নিদিবা। নিজক গঢ়া। প্ৰতিপত্তিশালী হোৱা। নিমখৰ দৰে হ’বা। উপস্থিতি ধৰিব নোৱাৰিলেও অনুপস্থিতি যেন সকলোৰে অনুভৱ হয়।’’
হয় সুপ্ৰভাৰ স্পষ্টকৈ মন আছে বৰ্ণভক কোৱা কথাকেইষাৰ। যুক্তিবাদী সুপ্ৰভা। সমস্যাসংকুল সংসাৰ সমুদ্ৰত কাৰো পথ সুগম নহয়। বহু অভিভাৱকৰ বাবে সুপ্ৰভা আদৰ্শ single mother। তেন্তে বিভ্ৰম ক’ত? পুনৰ অংকত ব্যস্ত হয় সুপ্ৰভা। পুনৰ আৰম্ভণিৰ পৰা সূত্ৰটো পাতে। খোপনি হেৰোৱা সূত্ৰ। বিভ্ৰম!
প্ৰেমত আবদ্ধ হ’বলৈ যি ধৈৰ্য আৰু ত্যাগৰ প্ৰয়োজন, সেয়া মোৰ নাই। তাৰমানেইতো প্ৰেম বিফল নহয়! মই এৰি আহিব পাৰিলোঁহেঁতেন; কিন্তু তাক মই অস্বীকাৰ কৰিব নোৱাৰিলোঁ।’’ সুপ্ৰভাৰ অংকটোৱে কৈ উঠিল।
‘‘তোমাৰ জীৱনত মই শুকাই যোৱা পূজাৰ নিৰ্মালিয়েই। তোমাৰ ভৰি নপৰা ঠাইত মোলৈ বুলি পেলাই দিবা। মই তাতেই সুখী। তুমি বাস্তৱবাদী। দস্তুৰমত তোমাৰ জীৱন আৰু সন্তানৰ ভৱিষ্যতৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। কিন্তু জ্যামিতি সূত্ৰবোৰো কেতিয়াবা যুক্তিভ্ৰমৰ চিকাৰ হয়। ধনগুলৈৰ পিছে পিছে দৌৰা যৌৱন থকালৈকে। জীৱন্তকালতে উপেক্ষা-অনাদৰ-যন্ত্ৰণাৰে তুমি নিসংগ হ’বা। টকাৰে অন্তৰ কিনিব নোৱাৰি সু, যৌৱনৰ বিয়লিবেলা বাস্তৱৰ ক্ৰূৰতাই তোমাক বৰ কষ্ট দিব।’’ ভাবলেশহীন নাতি-দীৰ্ঘ বাক্যালাপে সুপ্ৰভাক ভিতৰি বিদ্ৰোহী কৰি তুলিছিল ত্ৰিছ বছৰৰ আগতে।
সূৰ্যাস্তৰ হেমৰেখাই সৃষ্টি কৰা দিগ্বলয়ত এক আধ্যাত্মিক নিৰ্জনতাই খুলি খুলি খাইছে সুপ্ৰভাক। বৰ্ণভ গুচি গৈছিল সদম্ভে। মৃগাক্ষিক স্বীকাৰ কৰিলেহে উভতি আহিব সি।
তুমি ওচৰত থকা হ’লে হয়তো ইমান যুদ্ধৰ প্ৰয়োজন নহ’লহেঁতেন। মহাজীৱনৰ বাট তোমাৰ বুকুতে নিৰ্ভয়ে শুই শুই পাৰ কৰিলোঁহেঁতেন... এটি এটি নিশা... উফ্ এই জোনাক, এই নিৰ্জনতা, এই একাকিত্ব সহ্যাতীত। বুকুত অহংকাৰী বিভ্ৰমে মেলা পাতে মোৰ, তাৰ ঝংকাৰত সাৰ পাই উঠে শূন্যতাৰ মহাকাব্যখন। নিতৌ সি সহচৰ হয়... কিয় বৰ্ণভে মাতৃহৃদয়ৰ ত্যাগক বুজি নুঠিলে? কিয় সুপ্ৰভাৰ ‘সি’ বিচাৰি নাহিলে তাইক? স্থিতপ্ৰজ্ঞ ‘সি’-তো এজন পিতৃ, এজন প্ৰেমিকো আছিল। কেৱল জানো তাৰ পৰিচয় জৰাজীৰ্ণ এজন কমিউনিষ্ট্? গাঁৱৰ সমস্যা দেশৰ সমস্যা চলন্ত, ৰাশি ৰাশি। শতিকাজুৰি সমস্যা প্ৰৱহমান... প্ৰিয় দুয়ো পুৰুষৰ কাপট্যত চূচুৰ্মৈ হৈছে সুপ্ৰভাৰ অভ্যন্তৰৰ সকলো আচবাব। এষাৰ সাদৰী মাতৰো কাঙালী হতভগীয়া নাৰী সুপ্ৰভা। বিভ্ৰম!!
আৰু বৰ্ণভ?
তাৰ অপাংগত ওলমি আছে হাজাৰটা নিশাৰ ক্ষোভ আৰু এসোপামান অংকৰ সূত্ৰ। ৰক্তস্ৰাৱী হৃদয়ত তেজে কঁৰাল বান্ধিছে তাৰ। নাৰ্চিচাছৰ পৃথিৱী তাৰ কাম্য নহয়। সি মাকক বেয়া নাপায়; কিন্তু মাকৰ আদৰ্শক ঘিণ কৰে। তাৰ শৈশৱৰ সুখ আনকি পিতৃৰ মৰমৰ উষ্ণতাক মাকে হত্যা কৰি কেৱল আত্মকেন্দ্ৰিকতাৰ পাঠ পঢ়াইছে। মৃগাক্ষিৰ মাজত সি কল্পনাৰ মাকজনী, উপন্যাসৰ মাকজনীক পাইছে, যাৰ মৰমৰ আশ্ৰয়ত সি উমলিব বিচাৰে। সি মাকৰ তেজ প্ৰৱাহিত তাৰ ঔৰষজাত সন্তানৰ কামনা নকৰে। মাকৰ আদৰ্শৰে সন্তানক গঢ় নিদিয়ে সি। প্ৰত্যহ নিশা সি আত্মাৰ পৰিচয় বিচাৰি নিজৰ মাজতে ঘুৰ্মুটিয়াই ফুৰে প্ৰেয়সীৰ কোলাত মূৰ থৈ। কৌমুদীৰ কোমল স্নিগ্ধ নিৰ্যাসত মৃগাক্ষিৰ সৈতে সি একাত্ম হয়।
উপসংহাৰ: বুকুত এচটা শিল বান্ধি জীয়া নৈখন ক্ৰমশঃ শুকায়। নৈখন শুকোৱাৰ কান্দোন জোনজনীয়ে দেখে। তৰ্ণাস্তি জীৱনৰ এনদী দগমগীয়া ক্ষতবোৰৰ কথা মই উপলব্ধি কৰোঁ।
মই মহাকাব্য। জীৱনৰ আহ্নিক গতিত সকলো অৰ্থ-অনৰ্থৰ মূল মই।
মই সাধুকথা। বেদুইনৰ দৰেই মোৰ কোনো নিৰ্দিষ্ট ঘৰ নাই। সকলো মানুহৰ অৱচেতন মনত মই থাকোঁ। মই সৰ্বব্যাপ্ত সনাতন নিত্য।
তেজৰ সম্বন্ধৰো ম্যাদ থাকে।
প্ৰেমৰো ম্যাদ থাকে।
প্ৰতিজন মানুহেই নিজে উদ্ভাসিত সূত্ৰ অনুসাৰে জীৱন যাপন কৰে। তাত অইনে কি অনুভৱ কৰে, তালৈ ভ্ৰূক্ষেপ নকৰে।
জুয়ে পোৰেও উত্তাপো দিয়ে। মৰমে মোক আৱৰি ৰাখে মোহাচ্ছন্ন কৰি ৰাখে কিন্তু সেই মৰমৰ দৰ-দামে মোৰ মহাকাব্যিক চৰিত্ৰক ক্ৰমশঃ ক্ষয় নিয়ায়। আউল লগায় জীৱনৰ গতিত। ক্ৰমান্বয়ে মৰমবোৰ অঘৰী হয়।
সময় ক্ষমাহীন। পৰাহ্নৰ বেলিকা বয়সীয়াল কথাবোৰে মোৰ সাধুকথাৰ চৰিত্ৰসমূহৰ আগত তুলি ধৰে বিশ্ৰুত জ্যামিতিৰ সূত্ৰসমূহ...
চেঁচাত কাঠ হৈ পৰা উশাহত জীৱন-বীজৰ অংকুৰণ নঘটে। মই স্মৃতিবিভ্ৰম নগৰীত এমোনা জ্যামিতিৰ সূত্ৰ লৈ বৰ্তমানৰ সিপাৰে বিচৰণ কৰি ফুৰোঁ। পথভ্ৰষ্ট পথিকৰ অন্তিম তৃষাই জঁট লগা সূত্ৰবোৰ বিচাৰি স্মৃতিকাতৰতাত বুৰ যায়। সময়ৰ পক্ষাঘাতত অৰ্ধমৃত চৰিত্ৰবোৰে আত্মদংশনত ভোগে নিজক শুদ্ধ বুলি ভবাৰ ভুল জীৱনত প্ৰত্যেকেই কৰে।
সময়ে ঠিকনা সলায় আৰু মোৰ সাধুকথাৰ চৰিত্ৰসমূহ সলনি হয়। এনেকৈয়ে ৩৬০° কোণত মই কক্ষপথত ঘূৰি থাকোঁ। অহৰ্নিশে, নিৰৱচ্ছিন্নভাৱে...।
চক্ৰৱৎ চক্ৰৱৎ...!
তেজপুৰ, বোকাজান— ৭৮৪১০৫ শোণিতপুৰ
e-mail: darpanasaikia3@gmail.com
ভ্ৰাম্যভাষ: ৭৮৯৬০৭১৭৮০