অন্যযুগ/


গোলকীয় উষ্ণতা: তুষাৰযুগত


ড˚ কুমুদ চন্দ্ৰ ভট্টাচাৰ্য্য


   আজি-কালি গোলকীয় উষ্ণতা আৰু তাৰ পৰা উৎপন্ন হোৱা জলবায়ু পৰিৱৰ্তনৰ বিষয়টো নানা দিশৰ পৰা আলোচিত হৈ আছে। পিছে আমি এই পৃথিৱীৰ বাসিন্দাসকলে এতিয়াও এই বিষয়ত যথোচিত গুৰুত্ব দিব বিচৰা নাই। আনফালে বিজ্ঞানীসকলে অকাট্য আৰু প্ৰামাণিক তথ্য দেখুৱাইছে কিদৰে পৃথিৱীখন বেগাই তপত হৈ আহিছে। ইয়াৰ কাৰণো আমি নজনা নহয়— সেউজগৃহ প্ৰভাৱৰ (Greenhouse Effect) আতিশয্য। তেওঁলোকে দেখুৱাইছে ভূ-পৃষ্ঠৰ তাপমান ২০১৯ চনত ১.১ ডিগ্ৰী চে. বাঢ়িছে শিল্পবিপ্লৱৰ আগৰ সময়ৰ তুলনাত। এতিয়ালৈকে ২০১৬ চনৰ পাছত এইটো দ্বিতীয় সৰ্বোচ্চ গৰম বছৰ। অহা বিছ বছৰৰ ভিতৰত এই তাপমানৰ বৃদ্ধি ১.৫—২.০ ডিগ্ৰীৰ ভিতৰতে সীমিত কৰি ৰাখিব নোৱাৰিলে জলবায়ুৰ চৰম অৱস্থাবোৰ এটা এটাকৈ আহি পৰিব

   ২০১৫ চনৰ পেৰিছ চুক্তিত বায়ুমণ্ডললৈ সেউজগৃহ গেছ নিৰ্গমন ২০৩০ চনৰ ভিতৰত হ্ৰাস কৰি এনে আসন্ন সংকট ৰোধ কৰিবলৈ পৃথিৱীৰ উন্নত আৰু উন্নতিশীল সকলো দেশেই সন্মত হৈছিল। এই উদ্দেশ্যে ল’বলগীয়া কৰ্মসূচীমতে বিদ্যুৎ উৎপাদন কৰিবলৈ কয়লা জ্বলোৱাটো হ্ৰাস কৰিব লাগিব, মটৰগাড়ী-ট্ৰাক-বাছ আদি চলোৱাত পেট্ৰল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব, নতুন উদ্যোগ স্থাপন, কৃষি বা বসতি স্থাপনৰ বাবে বনভূমি ধ্বংস কৰিব লাগিব আৰু বনানীকৰণত অধিক গুৰুত্ব দিব লাগিব। অৰ্থনৈতিক উন্নয়নৰ গতি অব্যাহত ৰাখিবলৈ আমি বিকল্প হিচাপে ব্যৱহাৰ কৰিব লাগিব পুনঃনৱীকৰণীয় শক্তি, যেনে— সৌৰশক্তি, পৱনশক্তি, জলবিদ্যুৎ, জৈৱশক্তি ইত্যাদি। গোলকীয় উষ্ণতাৰ বিষয়ে কিছু সজাগতা বঢ়াৰ ফলতেই বৰ্তমান কালত বিশ্বব্যাপী সৌৰ আৰু পৱনশক্তিৰ উৎপাদন আৰু ব্যৱহাৰ বাঢ়িব লাগিছে। আন এটি গুৰুত্বপূৰ্ণ কৰ্মপন্থা হৈছে শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত দক্ষতা (Energy Efficiency) বৃদ্ধি, অৰ্থাৎ একোখিনি কামৰ বাবে শক্তিৰ ব্যৱহাৰ কিমান কমতে সম্পন্ন কৰিব পাৰি, সেয়া। ফলস্বৰূপে আমি পাইছোঁ LED বাল্ব, বিদ্যুৎ ৰাহি কৰা এয়াৰ কণ্ডিশ্বনাৰ, ৰেফ্ৰিজেৰেটৰ ইত্যাদি আহিলাবোৰ। কম পেট্ৰলতে চলা উন্নত মডেলৰ মটৰগাড়ী, স্কুটাৰ, মটৰচাইকেল ইত্যাদি। কিন্তু এয়াই যথেষ্ট নহয়। অৰ্থনীতিৰ অৱস্থা দুৰ্বল হোৱাৰ আশংকাত উন্নত দেশবোৰে সস্তাতে পোৱা কয়লা জ্বলোৱা হ্ৰাস কৰিব খোজা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰই আনকি পেৰিছ চুক্তিৰ পৰা আঁতৰিয়েই আহিছে

   ইফালে গোলকীয় উষ্ণতাৰ তীব্ৰতা ক্ৰমশঃ বাঢ়ি অহাত জলবায়ুৰ অপ্ৰত্যাশিত পৰিৱৰ্তনবোৰ পৃথিৱীৰ বিভিন্ন ভাগত এটা এটাকৈ দেখা দিবলৈ ধৰিছে। যোৱা বছৰটোত দেখা দিয়া য়ুৰোপৰ গ্ৰীষ্ম প্ৰৱাহ, আমেৰিকাৰ পশ্চিমভাগত হোৱা দাবানল, ক্ৰান্তীয় অঞ্চলত ক্ৰমশঃ উত্তপ্ত হৈ অহা সাগৰক পানীৰে পুষ্ট হোৱা প্ৰচণ্ড বা-মাৰলিবোৰ, ভাৰতত একে সময়তে এফালে বানপানী আৰু আনফালে অনাবৃষ্টি, অষ্ট্ৰেলিয়াত সৰ্বধ্বংসী বনজুই, ভাৰততেই ধুমুহা-বতাহৰ সৰ্বকালৰ শীৰ্ষ সংখ্যা আদিয়ে অদূৰ ভৱিষ্যতত আহিবলগীয়া বতৰৰ আভাস স্পষ্ট কৰিছে

   আনহাতে আমি এইটোও জানো যে সুদূৰ অতীতৰ পৰা এইখন পৃথিৱীতেই চক্ৰীয় পৰ্যায়ত শীতল আৰু উষ্ণযুগ প্ৰৱৰ্তিত হৈ আহিছে। যোৱা তিনি বিলিয়ন বছৰত কেইবাটাও তুষাৰ যুগ (Ice Age) আহিছে আৰু গৈছে। একোটা তুষাৰ যুগ কেইবা নিযুত বছৰ ধৰি চলিছিল আৰু কেইবাটাও হৈমৱাহিক যুগৰ (Glacial age) অৱতাৰণা হৈ পৃথিৱীৰ অধিকাংশকেই হিমৱাহে আৱৰি ৰাখিছিল। এই হৈমৱাহিক যুগবোৰৰ মাজতে হোৱা একোটা আন্তঃহৈমৱাহিক যুগ (Interglacial age)-ত বৰফ গলিছিল আৰু নাতিশীতোষ্ণ জলবায়ু প্ৰৱৰ্তিত হৈছিল। এনেকুৱা অনুকূল-প্ৰতিকূল অৱস্থাৰ মাজেদিয়েই তিনি বিলিয়ন বছৰৰ পূৰ্বে পৃথিৱীত জীৱৰ সঞ্চাৰ হৈছিল। এককোষী জীৱৰ পৰা উচ্চখাপৰ প্ৰাণীলৈ আৰু তাৰ পৰা আজিৰ মানৱলৈ বিবৰ্ধন ঘটিছিল। জুৰাছিক যুগত ডাইন’ছৰবিলাকে পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল। এটা গ্ৰহাণুৰ সংঘাতৰ পৰা হোৱা জলবায়ুৰ ভীষণতম পৰিৱৰ্তনতেই এই প্ৰাণীবোৰ ৬৬ নিযুত বছৰৰ পূৰ্বে পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ’ল

   ভূ-বিজ্ঞানৰ মতে বৰ্তমান কালতো পৃথিৱী গ্ৰহত এটা তুষাৰ যুগ চলি আছে। ইয়াৰ নাম দিয়া হৈছে কোৱাটাৰ্নাৰি হিমৱাহ যুগ (Quaternary Glacial Period)এই তুষাৰ যুগটোৰ দুটা ভাগ। প্ৰথমটো ভাগ, হিমৱাহ যুগ আৰম্ভ হৈছিল ২.৫৮ নিযুত বছৰৰ আগেয়ে আৰু নাম দিয়া হৈছিল প্লেইষ্ট’চিন অধিযুগ (Pleistocene epoch)ইয়াৰ পাছত আহিল দ্বিতীয় ভাগ, বৰ্তমানে চলি থকা আন্তঃহৈমৱাহিক অধিযুগ, যাৰ নাম দিয়া হৈছে হল’চিন অধিযুগ (Holocene epoch)আগৰ তুষাৰ যুগবোৰৰ তুলনাত এইবাৰৰ হিমৱাহ অধিযুগত শীতৰ প্ৰকোপ কিছু কম আছিল। ভূ-তাত্ত্বিক সময়ৰেখাত হল’চিন অধিযুগটো সাম্প্ৰতিক আৰু ইয়াৰ অধ্যয়নৰ বাবে বহুতো তথ্য সহজে পোৱা গৈছে। এই অধিযুগৰ সূত্ৰপাত হৈছিল আজিৰ পৰা ১১,৭০০ বছৰৰ আগেয়ে। তেতিয়াৰ পৰা পৃথিৱীৰ জলবায়ু ঘনাই সলনি হৈ আহিছে। প্ৰথমভাগত আছিল ঈষৎভাৱে উষ্ণতা ৮,৩০০ বছৰ আগলৈকে। গ্ৰীনলেণ্ডৰ বৰফস্তৰৰ গভীৰতম অংশৰ পৰা সংগ্ৰহ কৰা বৰফৰ নমুনাৰ বিশ্লেষণৰ ভিত্তিত নিশ্চিত কৰা বাবে এই যুগৰ নাম হ’ল গ্ৰীনলেণ্ডীয় যুগ (Greenlandian Age)ইয়াৰ পৰৱৰ্তী ৮,৩০০ বছৰৰ পৰা ৪,২০০ বছৰৰ আগলৈকে হোৱা শীতল যুগৰ নাম দিয়া হ’ল নৰ্থগ্ৰিপীয় যুগ (Northgrippian Age), গ্ৰীনলেণ্ডতেই পোৱা তথ্যৰ ভিত্তিত

   হ’ল’চিন অধিযুগৰ শেহতীয়া বা বৰ্তমান যুগটোৰ আৰম্ভণি ৪,২০০ বছৰৰ আগৰ পৰা। এই যুগৰ প্ৰথমতেই এটা দীঘলীয়া খৰাং বতৰে গোটেই পৃথিৱীখন ব্যাপি ধৰিছিল। প্ৰায় ২০০ বছৰ ধৰি চলা এই বতৰে কৃষিজীৱী মানৱ সমাজৰ ওপৰত ধ্বংসকাৰী প্ৰভাৱ পেলোৱাৰ বাবে ইজিপ্ত, মেছ’পটেমিয়া, সিন্ধু উপত্যকা আৰু ইয়াংজি উপত্যকাৰ পৰা বৃহৎ হাৰত মানৱ প্ৰব্ৰজন ঘটিছিল। এই যুগটোৰ আৰম্ভণি নিৰূপণ কৰা ভূ-তাত্ত্বিক নমুনা বিচাৰি পোৱা গৈছে উত্তৰ-পূব ভাৰতত আমাৰ অসমৰ চুবুৰীয়া মেঘালয় ৰাজ্যৰ চেৰাপুঞ্জীৰ ওচৰত থকা ৭ কি:মি: দীঘল এটা গুহাৰ ভিতৰত। মাওম্লু (Maumluh) নামৰ এই গুহাটোৰ ভিতৰত আৱিষ্কাৰ হোৱা ষ্টেলেগ্মাইট (Stalegmite) শিলাৰ পৰা নমুনাৰ বিশ্লেষণৰ দ্বাৰা এই যুগৰ সূত্ৰপাত হোৱা সময় নিৰ্ধাৰণ সম্ভৱ হোৱাৰ বাবে এই যুগটোৰ নাম দিয়া হৈছে মেঘালয় যুগ (Meghalayan Age)ভূ-বিজ্ঞানমতে ষ্টেলেগ্মাইটবোৰ কেলচিয়াম কাৰ্ব’নেটেৰে উৎপন্ন হোৱা এবিধ শিলা, য’ত য়ুৰেনিয়াম আৰু থ’ৰিয়াম লেশমাত্ৰাত থাকে আৰু সাধাৰণতে জেকা পৰিৱেশৰ গুহাৰ অভ্যন্তৰত পোৱা যায়।

   পৃথিৱী গ্ৰহটোত যদি এনেকুৱা অত্যন্ত শীতল তুষাৰ যুগৰ আগমন সময়ে সময়ে হৈ আহিছে, তেন্তে বৰ্তমানে কোৱা-মেলা কৰা গোলকীয় উষ্ণতাৰ পৰা হ’ব খোজা আসন্ন বিপদৰ সত্যতা কিমান· বিজ্ঞানীসকলৰ সাৱধানবাণীৰ ভিত্তিয়েই বা কি· ভৱিষ্যতে এনে তুষাৰ যুগ আকৌ অহাৰ সম্ভাৱনা কিমান?

   এনেবোৰ প্ৰশ্নৰ উত্তৰত বিজ্ঞানীসকলে কেইবাটাও ব্যাখ্যা দিছে যদিও এটাকো চূড়ান্ত বুলি ক’ব পৰা নাযায়। অতীতৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰামাণিক তথ্য পোৱা যায় পৰোক্ষভাৱে আন তথ্যৰ পৰা (Climate proxy), যেনে— মৃত প্ৰাণী-উদ্ভিদৰ জীৱাশ্ম, বৰফস্তৰৰ বিভিন্ন গভীৰতাৰ পৰা সংগ্ৰহ কৰা নমুনা, বিভিন্ন প্ৰকাৰৰ শিলাখণ্ডৰ নমুনা আদিৰ বিশ্লেষণৰ পৰা। প্ৰাচীন বৰফৰ নমুনাবোৰত কাৰ্বন পৰমাণুৰ সমস্থানিক (Isotope)-ৰ পৰিমাণ, কাৰ্বন আৰু অক্সিজেন অণুৰ অনুপাত, য়ুৰেনিয়াম-থ’ৰিয়ামৰ উপস্থিতি আদিৰ পৰা নিৰ্ধাৰণ কৰিব পৰা যায় এই নমুনাবোৰ গঠন হোৱাৰ সময়, তেতিয়াৰ বায়ুমণ্ডলত থকা CO₂ গেছৰ পৰিমাণ আদি। এনেদৰে লাভ কৰা তথ্যৰ পৰা বিজ্ঞানীসকল নিশ্চিত হৈছে যে যেতিয়াই ভূপৃষ্ঠত উষ্ণতা বাঢ়িছে আৰু হিমৱাহৰ গলন হৈছে, তেতিয়া বায়ুমণ্ডলতো CO₂  গেছৰ পৰিমাণ বৃদ্ধি হৈছে। পৃথিৱীৰ আদি অৱস্থাত উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত আগ্নেয়গিৰিৰ উদ্গীৰণো অন্যতম কাৰণ আছিল

   কিন্তু কিহৰ বাবে পৃথিৱীখন ইমান শীতল হৈ তুষাৰ যুগত প্ৰৱেশ কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ বহু কাললৈ ওলোৱা নাছিল। প্ৰায় ১০০ বছৰৰ আগেয়ে ছাৰ্বিয়া দেশৰ মিলুটিন মিলাক’ভিছ্ নামৰ ভূবিজ্ঞানী এজনে নানান তথ্যৰ ভিত্তিত এটা সূত্ৰ আগ বঢ়ালে। এই সূত্ৰৰ আধাৰ সূৰ্যৰ পৰা বিকিৰণ হোৱা তাপ গ্ৰহণ কৰা প্ৰক্ৰিয়াত কেইটামান জ্যোতিৰ্বিজ্ঞানমূলক পৰিৱৰ্তন

   সূৰ্যৰ পৰা আমাৰ পৃথিৱী গ্ৰহৰ গড় দূৰত্ব ১৫০ নিযুত কি:মি:। এনে দূৰত্বত সূৰ্যৰ পৰা অহা তাপশক্তি লাভ কৰি পদাৰ্থবিজ্ঞানৰ মতে ভূপৃষ্ঠৰ উত্তাপ হ’ব লাগে প্ৰায় ১৬ ডিগ্ৰী চে:। কিন্তু পৃথিৱীৰ বায়ুমণ্ডলৰ সেউজগৃহ প্ৰভাৱৰ বাবে এই উত্তাপ গড় হিচাপত ১৫ ডিগ্ৰী চে:। গোলাকৃতি হোৱাৰ বাবে পৃথিৱীৰ বিষুৱীয় অঞ্চলত ৰ’দ বেছিকৈ পৰে, মেৰু অঞ্চলত আটাইতকৈ কম। গ্ৰহটোত পানী পৰ্যাপ্ত পৰিমাণত থকা বাবে মেৰু অঞ্চল দুটা সদায় বৰফেৰে ঢকা থাকে। সূৰ্যক প্ৰদক্ষিণ কৰা পৃথিৱীৰ কক্ষপথটো সম্পূৰ্ণ বৃত্তাকৃতিৰ নোহোৱা বাবে সূৰ্যৰ পৰা দূৰত্ব কম-বেছি হৈ থাকে। আটাইতকৈ বেছি দূৰত্বৰ অপসূৰ (Aphelion) বিন্দুটো আহে ৪ জুলাইত আৰু নিকটতম অনসূৰ (Perihelion) বিন্দুটো আহে ৩ জানুৱাৰিত। গ্ৰহটোৰ আৱৰ্তন মেৰুদণ্ডডাল প্ৰদক্ষিণ কক্ষতলৰ উলম্বৰ পৰা ২৩.৪৫ ডিগ্ৰী কোণত হেলনীয়া আৰু সদায় ধ্ৰুৱতৰাৰ দিশে পোনাই থাকে। এনেকুৱা জ্যামিতিৰ বাবেই আমি বছৰেকত চাৰিটা স্পষ্ট ঋতু পাওঁ— গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত

   উত্তৰ গোলাৰ্ধৰ শীত কালত পৃথিৱীৰ অৱস্থান সূৰ্যৰ ওচৰত অনুসূৰ বিন্দুৰ ওচৰে-পাঁজৰে বাবে সূৰ্যৰ পৰা পোৱা তাপ অধিকতম। কিন্তু এই সময়ত উত্তৰ গোলাৰ্ধ সূৰ্যৰ বিপৰীত ফালে হালি থাকে বাবে এই তাপ বিস্তৃত অঞ্চলত পৰি শীতল অৱস্থাহে পায়। দক্ষিণ গোলাৰ্ধ সূৰ্যৰ পিনে হালি থাকে বাবে তাত উত্তাপ বেছি আৰু গ্ৰীষ্মকাল। উত্তৰ গোলাৰ্ধৰ গ্ৰীষ্মকালত পৃথিৱীৰ অৱস্থান অপসূৰ বিন্দুৰ ওচৰে-পাঁজৰে সূৰ্যৰ পৰা অধিক দূৰৈত বাবে তাপ কমকৈ পায়। কিন্তু এই সময়ত উMৰ গোলাৰ্ধ সূৰ্যৰ পিনে হালি থাকে বাবে উত্তাপ বেছিকৈ পায়। দক্ষিণ গোলাৰ্ধত ইয়াৰ বিপৰীত স্থিতি বাবে শীত ঋতু পৰে। শৰৎ আৰু বসন্ত কালত দুয়ো গোলাৰ্ধই সূৰ্যৰ তাপ সমানে পায়। ঋতু পৰিৱৰ্তনৰ এই ব্যাখ্যা আমি মাধ্যমিক স্কুলৰ ভূগোলৰ পাঠত পঢ়ি আহিছোঁ

   এতিয়া আমি কল্পনা কৰোঁ পৃথিৱীৰ আৱৰ্তন মেৰুদণ্ডডাল ওলোটা দিশত, অৰ্থাৎ ধ্ৰুৱতৰাৰ পৰিৱৰ্তে ‘ভেগা’ (Vega) নামৰ আন এটা নক্ষত্ৰৰ দিশে পোনাই আছে। এনে স্থলত ডিচেম্বৰ-জানুৱাৰি মাহত অনুসূৰ বিন্দুৰ কাষত সূৰ্যৰ পৰা পোৱা তাপ শীৰ্ষত থাকিব। উত্তৰ গোলাৰ্ধ এতিয়া সূৰ্যৰ ফালে হালি থকা বাবে গ্ৰীষ্মঋতু আৰু প্ৰখৰ তাপ হ’ব। দক্ষিণ গোলাৰ্ধত হ’ব সাধাৰণ শীতকাল (চিত্ৰ-১)


   জুন-জুলাই মাহত পৃথিৱীৰ অৱস্থান অপসূৰ বিন্দুৰ কাষত, সূৰ্যৰ পৰা শীৰ্ষতম দূৰত্বত। এইবাৰ উত্তৰ গোলাৰ্ধ সূৰ্যৰ বিপৰীত ফালে হালি থকা বাবে তাত শীতকাল আৰু শীতৰ মাত্ৰা অধিক হ’ব। বছৰে বছৰে এনে প্ৰচণ্ড শীতত বৰফ জমিবলৈ ধৰিব, গ্ৰীষ্মকালত গলিবলৈ পোৱাৰ আগতেই। দক্ষিণ গোলাৰ্ধত সাধাৰণভাৱেই গ্ৰীষ্মকাল পৰিব। কিন্তু উত্তৰ গোলাৰ্ধৰ বাঢ়ি অহা বৰফৰ আৱৰণে সূৰ্যৰ কিৰণ প্ৰতিফলন কৰি অন্তৰীক্ষলৈ ঘূৰাই পঠাব, যাৰ ফলত গ্ৰহটোত শীতৰ প্ৰকোপ আৰু বাঢ়িব। এনে প্ৰভাৱ আৰু বেছি হ’ব, যদিহে মেৰুদণ্ডৰ হেলনীয়া কোণলৈ ১ বা ২ ডিগ্ৰী আৰু বাঢ়ে। কক্ষপথত অপসূৰ বিন্দুৰ দূৰত্ব বাঢ়িলেও এই প্ৰভাৱ বেছি হ’ব

   চমুকৈ ক’বলৈ হ’লে যিটো গোলাৰ্ধ অনুসূৰ বিন্দুত সূৰ্যৰ ফালে আৰু অপসূৰ বিন্দুত বিপৰীত ফালে হালি থাকে, সেই গোলাৰ্ধত গ্ৰীষ্ম আৰু শীত উভয় ঋতুৱেই প্ৰখৰ হ’ব। যিমানেই মেৰুদণ্ডৰ হেলনীয়া কোণটো বাঢ়িব, সিমানেই ঋতুৰ প্ৰখৰতাও বাঢ়িব। কক্ষপথৰ উপবৃত্তকৃতিৰ আকাৰ বাঢ়িলেও এই প্ৰভাৱ বাঢ়িব। বৰ্তমান কালত দক্ষিণ গোলাৰ্ধই এনে অৱস্থান পাই আছে যদিও তাত ঋতুৰ প্ৰখৰতা কম। ইয়াৰ কাৰণ উত্তৰ গোলাৰ্ধৰ তুলনাত দক্ষিণ গোলাৰ্ধত স্থলভাগৰ পৰিমাণ কম আৰু সমুদ্ৰৰ জলভাগে সূৰ্যৰ তাপ শোষণ-বিকিৰণ কৰোঁতে স্থলভাগতকৈ বেছি সময় লয়

   জ্যোতিৰ্বিজ্ঞানৰ পৰা পোৱা যায় যে পৃথিৱীৰ মেৰুদণ্ডৰ দিশটো দৰাচলতে স্থিৰ নহয়, বৰঞ্চ ২৬,০০০ বছৰৰ চক্ৰীয় গতি এটাত ঘূৰি থাকে। অৰ্থাৎ ১৩,০০০ বছৰৰ পূৰ্বে মেৰুদণ্ডৰ অৱস্থান ওপৰত কোৱাৰ দৰে ‘ভেগা’ নক্ষত্ৰৰ দিশতেই পোনাই আছিল। মেৰুদণ্ডৰ হেলনীয়া কোণটোও ২২.১ ডিগ্ৰীৰ পৰা ২৪.৫ ডিগ্ৰীলৈ কম-বেছি হৈ থাকে ৪১,০০০ বছৰৰ অন্তৰালত চক্ৰীয় গতিত। আনফালে প্ৰদক্ষিণ কক্ষপথটোও ১,০০,০০০ বছৰৰ অন্তৰালত বৃত্তৰ পৰা উপবৃত্তলৈ চক্ৰীয়ভাৱে সলনি হৈ থাকে, যাৰ ফলত অনুসূৰ আৰু অপসূৰ বিন্দুৰ দূৰত্বও সলনি হৈ থাকে। মিলানক’ভিছৰ সূত্ৰমতে এই তিনিওটা প্ৰভাৱ একেলগে চলি থাকিলে পৃথিৱীত ৪১,০০০ আৰু ১,০০,০০০ বছৰৰ অন্তৰালত তুষাৰ যুগৰ সূত্ৰপাত হ’ব লাগে

   ভূবিজ্ঞানীসকলে সাম্প্ৰতিক কালত নিশ্চিত আৰু প্ৰামাণিক তথ্য পাইছে যে ১-৩ নিযুত বছৰৰ আগেয়ে তুষাৰ যুগবোৰ ৪১,০০০ বছৰৰ অন্তৰালত আহিছিল। কিন্তু যোৱা ১ নিযুত বছৰৰ  (হল’চিন অধিযুগৰ মাজভাগ) পৰা তুষাৰ যুগবোৰৰ আৰম্ভণি ১,০০,০০০ বছৰৰ চক্ৰলৈ সলনি হৈছে। এইদৰে মিলানক’ভিছৰ সূত্ৰৰ যথাৰ্থতা প্ৰমাণ হ’ল যদিও তুষাৰ যুগৰ উৎপত্তিৰ বিষয়ে সকলো প্ৰশ্নৰ উত্তৰ পোৱা নগ’ল। তথাপি মিলানক’ভিছৰ চক্ৰক (৪১,০০০ আৰু ১,০০,০০০ বছৰ) হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰাৰ লেখীয়াকৈ পৃথিৱীৰ জলবায়ু ব্যৱস্থাৰ ‘পেচমেকাৰ’ (Pace Maker) আখ্যা দিয়া হৈছে
বৰ্তমান যুগত পৃথিৱীৰ মেৰুদণ্ডৰ হেলনীয়া কোণ ২৩.৪৫ ডিগ্ৰী মুঠ প্ৰসাৰৰ মাজতে আৰু কমি অহাৰ পথত, দিশ ধ্ৰুৱতৰাৰ ফালে আৰু কক্ষপথটো প্ৰায় বৃত্তাকাৰ। এনে পৰিস্থিতিত পৃথিৱীৰ জলবায়ু সাধাৰণতে শীতল হৈ থাকিব আৰু পৰৱৰ্তী তুষাৰ যুগৰ বাবে কমেও ৫০,০০০ বছৰ অপেক্ষা কৰিব লাগিব

   ভূপৃষ্ঠৰ তাপমান শীতল হৈ থকা বাবেই আদি মানৱৰ বিবৰ্ধন হৈ বৰ্তমানৰ অৱস্থা পালেহি। প্ৰাণীশ্ৰেষ্ঠ মানুহে কৃষিকাৰ্যৰ দ্বাৰা মানৱ সভ্যতাক আগ বঢ়াই নিলে, শিল্পবিপ্লৱৰ সূচনা কৰিলে, পৃথিৱীৰ পৰা সৌৰজগতৰ আন গ্ৰহলৈ অভিযান কৰিব পৰা প্ৰযুক্তি পৰ্যন্ত উদ্ভাৱন কৰিলে। তাৰ লগে লগে সীমাহীনভাৱে জীৱাশ্ম ইন্ধন জ্বলাই বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বঢ়াই গোলকীয় উষ্ণতাৰ সমস্যা সৃষ্টি কৰিলে। মানৱজনিত গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ নকৰিলে পৰৱৰ্তী তুষাৰ যুগৰ আগমন পিছুৱাই যাব, হয়তো একেবাৰে নাইকিয়া হৈ যাব। হেজাৰ কোটি বছৰ ধৰি চলি অহা প্ৰকৃতিৰ নিয়ম মানুহে ভংগ কৰাৰ পাছত পৃথিৱীৰ জলবায়ু ব্যৱস্থাই কেনে ৰূপ ল’ব, এতিয়াই ক’ব পৰা নাযায়। এনে অৱস্থাত পেৰিছ চুক্তি সময়মতে পালন কৰিব নোৱাৰিলে ভৱিষ্যৎ প্ৰজন্মলৈ আমি এৰি যাব লাগিব এখন অনিশ্চয়তাৰে ভৰা পৃথিৱী
 
ভ্ৰাম্যভাষ:  ৯৪৩৫১৪৬৪৫১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ