ইছমাইল হোছেইন
প্ৰতিজন মানুহেই গছৰ দৰে
জীয়াই থাকিব খোজে,
গছ হ’ব নোৱাৰে;
প্ৰতিজন মানুহেই গছৰ দৰে
সেউজীয়া হ’ব খোজে,
সেউজীয়া হ’ব নোৱাৰে; গছ
হ’ব
নোৱৰাৰ দুঃখত মৃত্যুৱে
গচকে চোতাল৷
ধৰ্মীয় বিশ্বাসত আতুৰ
মানুহবোৰে ভাবে—
সৃষ্টিকৰ্তাৰ ইচ্ছাত
জীয়াই থাকে প্ৰাণী আৰু উদ্ভিদ জগত;
ভাবনাৰ সৃষ্টিকৰ্তাজনেই কাৰোবাৰ বাবে ভগৱান,
কাৰোবাৰ বাবে আল্লাহ আৰু
কাৰোবাৰ বাবে গড্৷
গছৰ দৰে সেউজীয়া হ’ব পৰা
হ’লে
মৃত্যুঞ্জয়ী হ’লহেঁতেন
মানুহবোৰ;
কাৰণ, প্ৰতিডাল গছেই
জীৱনদায়িনী মন্দিৰ,
য’ত বিশ্বাসৰ ভগৱান থাকে;
প্ৰতিডাল গছেই জীৱনৰ
সুৰক্ষক মছজিদ,
য’ত বিশ্বাসৰ আল্লাই
আশ্ৰয় লয়;
প্ৰতিডাল গছেই জীৱনৰ
প্ৰশান্তিস্থল গীৰ্জা,
য’ত বিশ্বাসৰ গডে বিশ্ৰাম
লয়৷
গছে গীত গায়, কথা পাতে
সূৰ্যৰ স’তে— আপুনি নুশুনে;
গছে নৃত্য কৰে, খোজকাঢ়ে
বতাহৰ স’তে— আপুনি নেদেখে;
কাৰণ, আপুনি গছৰ সৈতে
কোনোকালেই কথা নপতা মানুহ৷
গছৰ সৈতে কথা পাতিব
জানিলে
গছ হ’ব পাৰে আপোনাৰ
একান্ত বিশ্বস্ত;
তেতিয়া গছে গুপুত কথাৰে
জিনিব পাৰে আপোনাৰ হৃদয়,
নানাসুৰী গীতেৰে উজলাই
তুলিব পাৰে আপোনাৰ মনৰ দিগন্ত৷
শংকৰদেৱে শুনিছিল গছৰ
গীত, গছৰ ভাষা,
সেইবাবেই তেওঁ ক’ব
পাৰিছিল— এক বৃক্ষ দশ পুত্ৰসম;
তেতিয়াৰে পৰাই তেওঁৰ
বুকুৰ পথাৰে পথাৰে শিপাইছিল
কথা কোৱা গছৰ নানাৰঙী
শিপা৷
গছৰ স’তে প্ৰেম কৰিব
জানিলে
অপোনাৰ বুকুতো শিপাব পাৰে
শিপা;
আপুনিও গছৰ দৰে সেউজীয়া
হৈ উঠিব পাৰে,
ঠিকনা হ’ব পাৰে
চৰাই-চিৰিকটিৰ
অশ্ৰয় হ’ব পাৰে ভাগৰুৱা
পথিকৰ;
ফুল হৈ ফুলিব পাৰে, ফল হৈ
পকিব পাৰে,
অম্লজান বিলাব পাৰে
মানুহৰ হৃদয়ত৷
গছ আৰু প্ৰকৃতিক জীয়াই
ৰাখিব জানিলে
গছেও মানুহক জীয়াই ৰাখিব
অনন্তকাল;
গছ হ’ব পাৰে ভগৱানৰ
বিকল্প, গছ হ’ব পাৰে আল্লা,
গছ হ’ব পাৰে গডৰ অন্য
নাম৷
গছক ভাল পালেও গছৰ দৰে
হোৱাটো বৰ টান কাম,
গছে শুনাই থাকে কল্যাণ
খৰমান ৰাগ;
বুকু পাতি ল’ব লাগে
কুঠাৰৰ অনেক দাগ৷
ঠিকনা :
জ্যেষ্ঠ প্ৰবক্তা, পাৱেট,
যোৰহাট— ১
ভ্ৰাম্যভাষ— ৭০০২১০৪৭