পঞ্চানন হাজৰিকা
এইজনেই সেইজন আজাদ নে? ভাগি-ছিগি যোৱা চেহেৰা— ক্লান্ত মুখ-চকুৰ তলত গাঁত আৰু চুলিত অসময়তে ইমান ৰূপালী ৰেখাৰ আঁক-বাক। মই কিছু সময় অবাক হৈ চালোঁ আৰু তাৰ পাছত আজাদক সাবটি ধৰিলোঁগৈ।
সি ফেমিলি ক’ৰ্টৰ পৰা উভতি আহিছিল। বিবাহ বিচ্ছেদৰ কাগজ-পত্ৰত অন্তিম দস্তখত দি উভতি আহিছিল সি। বৰ কৰুণ যেন লগা, পিয়াহত কাতৰ যেন হৈ উঠা, সমৰ্পিত মাত এটাৰে আজাদে সুধিলে— “অলপ মদ খাম। খাবানে? খাবানে একেলগে?”
*****
আজাদৰ পৃথিৱীখন আছিল একাকিত্বৰ। গোটেই পৃথিৱীখনৰ প্ৰতিয়ে তাৰ চাগে এক অবুজ অভিমান আৰু ক্ষোভ আছিল। কেৱল দেউতাক আৰু ঘৰখনক সন্তুষ্ট কৰিবৰ বাবেই জীৱনৰ আটাইটকৈ সমৃদ্ধিশালী সময় এখিনি সি অপচয় কৰিলে বুলি প্ৰায়েই অভিযোগ কৰি ভাল পাইছিল। অৱশ্যে আমি ঘনিষ্ঠ হোৱালৈ জীৱনৰ বহু অসন্তুষ্টিকেই সি কাটি উঠিছিল আৰু প্ৰাণচঞ্চল নহ’লেও হৈ উঠিছিল কিছু পৰিমাণে আন্তৰিকতা ভগাই ল’ব জনা মানুহ। তথাপি আজাদক অলপো বন্ধুপ্ৰিয় বা বন্ধুবৎসল মানুহ বুলি ক’ব পৰা নাযায়। ‘‘বন্ধুবোৰ তোমাৰ কেৱল ভাল দিনতহে থাকে’’ ধৰণৰ বহু প্ৰচলিত আৰু একপক্ষীয় এক মতকে সি সত্য বুলি বিবেচনা কৰিছিল আৰু বহুবাৰ মোৰ আগত তথ্য-প্ৰামাণিক সিদ্ধান্তৰ দৰে সেয়া ঘোষণাও কৰিছিল।
তাৰ পাছতো আজাদৰ লগত মোৰ বন্ধুত্ব হ’ল।
ৰাতিপুৱা আজাদৰ সৈতে দৌৰিবলৈ আহি মই বহু পৰ বেলিভিউৰ পৰা সূৰ্যোদয়ৰ পাছৰ সোণালী পৃথিৱীলৈ ৰ লাগি চালোঁ। আমি নতুনকৈ চাইক্লিঙৰ অভ্যাস আৰম্ভ কৰিছিলোঁ তেতিয়া— চাইকেল লৈ এদিন কামাখ্যা পালোঁগৈ আৰু নীলাচলৰ শিখৰত বহি সন্ধ্যাৰ তৰাবোৰ একেথৰে গণিলোঁ–কামিজ তিতি যোৱা ঘাম, চকু মুদ খাই যোৱা ভাগৰ আৰু দীঘল দীঘল শান্ত নিশ্বাসৰ সৈতে। লাহে লাহে এনেকুৱাও হ’ল— আজাদে দাইল ৰন্ধাৰ দিনা মই কেৱল ভাজিহে ৰান্ধিলোঁ আৰু অন্য এদিন মাংসৰ পেকেটটো মোৰ পাকঘৰত থৈ আজাদে কৈ গ’লহি— মাংস তই মোতকৈ ভাল ৰান্ধ!
অৱশ্যে সেয়া বহু পাছৰ কথা আছিল। তাৰ আগৰ দিনবোৰত আজাদক মই কিছু বিৰক্তই কৰিছিলোঁ। মোৰ ৰুমত বহা বন্ধুৰ আড্ডাবোৰ, উচ্চগ্ৰামত গান শুনি ভাল পোৱা মোৰ পুৰণি অভ্যাস আৰু ভাড়াঘৰত আমি উমৈহতীয়াভাৱে লাভ কৰা সৰু বেলকনিখনত মই আৰম্ভ কৰা ফুলনি বাগিচাই আজাদক প্ৰথম অৱস্থাত অতিষ্ঠ কৰি তুলিছিল। টাবত নতুনকৈ ৰং কৰি, পুৰণা বীয়েৰৰ বটলেবাৰত মনি প্লাণ্ট্ ৰুই মই যেতিয়া বেলকনিত আজাদে সদায় জাঙিয়া-গেঞ্জি মেলা ৰছী আঁতৰাই তাত টুনী লাইটৰ ছে’ট ওলমালোঁ— আজাদ একেবাৰে গৰ্গৰাই উঠিলহি। প্ৰতিৱেশীৰ লগত মোৰ প্ৰথম পৰ্যায়ৰ মুলাকাত আছিল এই বিধৰে— একেবাৰে নেতিবাচক, অসহনীয় ধৰণৰ।
কিন্তু মই ইমানেই বেছি কথকী, চঞ্চল আৰু প্ৰগলভ আছিলোঁ যে আজাদৰো গোমা মুখ লাহে লাহে ফৰকাল হৈ আহিল। বেলকনিৰ কাৰ্পেটৰ ওপৰত মই পাৰি থোৱা বুটা বছা কুশ্বনৰ ওপৰত এদিন আজাদ নিসংকোচে বহিব পৰা হ’লহি। সি বৰ সততাৰে মোৰ কামৰ প্ৰশংসা কৰিলে আৰু নিজে কিমান বে-চিজিল আৰু বিশৃংখল জীৱন কটায়, অকপটে তাৰ ব্যাখ্যাসহ স্বীকাৰোক্তি দিলে। দুজন মানুহৰ মাজত যেতিয়া বন্ধুত্ব গঢ় লয়— সকলো মত, চিন্তাৰ মিল হয়তো নাথাকিলেও হৈ যায়। কেৱল এটা উমৈহতীয়া পছন্দৰ পৰাই মানুহে কথাবোৰ আৰম্ভ কৰিব পাৰে— আৰু পৰ্যায়ক্ৰমে হৈ যাব পাৰে এজন আনজনৰ জীৱনৰ অস্বীকাৰ কৰিব নোৱৰা অংশীদাৰ!
দুদিনৰ কথোপকথনৰ পাছতেই মই বুজি পালোঁ— আজাদ এজন ভ্ৰমণপ্ৰিয় মানুহ। কিন্তু ভ্ৰমণৰ মাজেৰে মানুহৰ বৈচিত্ৰ্যক ওচৰৰ পৰা চোৱাৰ যত্নতকৈ তেওঁৰ মাজত আছিল সৰ্বদা চিনাকি পৃথিৱীখনৰ পৰা অন্য এক অজান্তি মুলুকলৈ গুচি যাব খোজাৰ অদ্ভুত ইচ্ছাহে। দীঘল অথবা ছুটী—সকলো ভ্ৰমণ তেওঁ অকলে কৰিছিল। আনকি ৰাতিপুৱা দৌৰিবলৈও আজাদ গৈছিল অকলেই। তাৰ বিপৰীতে দীঘলীয়া সময় ধৰি মানুহৰ সংগ নোহোৱাকৈ থাকিলেই মই ভীষণ অস্থিৰ হৈ উঠোঁ। দিনটোত প্ৰাণ খুলি এঘণ্টা কথা পাতিবলৈ নাপালে সকলো কামৰ পৰা মোৰ মনোযোগ হেৰাই যায়। আনকি সুৰাপানৰ নিৰ্ভাৰ সময়তো নীৰৱ শ্ৰোতা হৈ বহি থাকিবলৈ হ’লেও মোক এজন বন্ধু লাগে। প্ৰথম যেতিয়া কোনোবা এটা বৰ্ষাৰ গধূলিত মই আজাদক ভদ্কাৰ ড্ৰিংক্ছ অফাৰ কৰিছিলোঁ, সি পোনছাটেই অমান্য কৰিছিল। জনাইছিল যে, সুৰাপান তাৰ নিসংগতাৰহে অভ্যাস। কিন্তু খুউব কম সময়ৰ ভিতৰতে আজাদৰ সান্ধ্য উদ্যাপনৰ সংগী হ’ব পৰাকৈ আমাৰ মাজত কমি আহিছিল পাৰস্পৰিক দূৰত্ব। তথাপি বন্ধুবৰ্গৰ সৈতে বহা মোৰ দীঘলীয়া মেহফিলত আজাদ কাহানিও সক্ৰিয়ভাৱে উপস্থিত নাছিল। কাচিৎ আহিলেও সৌজন্যমূলক সাদৰ-সম্ভাষণতে সেয়া শেষ হৈছিল। সেই সময়খিনি আজাদে নিজৰ মতে কটাইছিল— নিজৰ সৈতে। নিজৰ সৈতে কটাবলৈ এজন মানুহৰ মাজত আচলতে কিমান কথা মজুত থাকে— থাকে কিমান কোলাহল— যি কোলাহলে বাহিৰৰ শব্দৰ সকলো ৰুদ্ৰ তাণ্ডৱক প্ৰাৱল্যহীন কৰি তোলে?
গছিপ্ কৰিব পৰাকৈ আমাৰ কোনো উমৈহতীয়া চিনাকি বন্ধু নাছিল। অৰ্থাৎ সাধাৰণ অৱস্থাত বন্ধুবৰ্গৰ লগত হোৱা কথা-বতৰাত আমি বেলেগৰ খুঁতি-নাতি আলোচনা কৰি যিমান সময় পাৰ কৰোঁ, তেনে কৰাটো আজাদৰ সৈতে সম্ভৱ নাছিল। ক্ৰিকেট অথবা ৰাজনীতি— সেই দুয়োটা বিষয়ত আমাৰ আগ্ৰহ আছিল পৰস্পৰভিন্ন। আজাদে খেলা-ধূলা ভাল পাইছিল। সৰু কালত ক’লা-বগা টিভিত ক্ৰিকেট খেল চোৱাৰ ধূসৰ স্মৃতি থাকিলেও ইন্ষ্টাগ্ৰামত চেলিব্ৰিটি ক্ৰিকেটাৰৰ জীৱন-চৰ্যাৰ ছবি চোৱাৰ বাহিৰে মোৰ ক্ৰিকেট অনুৰাগ আছিল সীমিত। এদিন ফুটবলৰ কথা পাতিবলৈ লওঁতেও মই আজাদৰ সন্মুখত ‘গিলবাৰ্টচনৰ ভৰি’ গল্পটোৰ কথাহে কৈ থাকিলোঁ৷ আজাদে নিৰুত্তৰ হৈ শুনি থাকিল— ডনবস্ক’ত স্কুলিং কৰা আজাদে কাহানিও অসমীয়া গল্প-উপন্যাস পঢ়িয়েই পোৱা নাছিল। তেনে পৰ্যায়ত আমি আমাৰ কথাই পতাৰ বাহিৰে, নিজৰ নিজৰ পৃথিৱীৰ অৰ্গল খুলি লোৱাৰ বাহিৰে আচলতে বেলেগ উপায়ো নাছিল বুলিয়ে ক’ব পাৰি। কাৰণ, টুনী লাইটৰ মায়া-মদিৰ পোহৰত কেতিয়াবা অ’পেৰা কনছাৰ্ট্ আৰু কেতিয়াবা অৰ্ক মুখাৰ্জীৰ বাউল শুনিয়ে উটি যাব খোজা নাছিল নিচামগ্ন আবেলি একোটা। বা এনেকুৱাও হ’ব পাৰে— বেলকনিৰ পৰা ৰূপৰ কাঁহী যেন দেখা জোনটোলৈ তধা লাগি চাওঁতে আমি আচলতে নিজলৈকে চাইছিলোঁ, নিজকেই বিচাৰিছিলোঁ, ঘোদালি আছিলোঁ নিজৰ হাড়ৰ ভিতৰৰ সত্যক। এপাৰ্টমেণ্টৰ সীমনাৰ দেৱালত গজি উঠা ঢেঁকীয়াবোৰ কঁপি থকাৰ দৰে আমিতো অত দিন কঁপিয়ে আছিলোঁ— যি কম্পনে এজন মানুহক সন্মুখৰ মানুহজনলৈকে মূৰ তুলি চাবলৈ শিকায়।
আজাদক লগ পোৱাৰ পাছত মই বুজি পালোঁ— ইমান দিনে মই যি বন্ধুগৰ্বত এক প্ৰকাৰৰ ওফন্দিয়ে আছিলোঁ; চৌপাশৰ জুম আৰু ভিৰবোৰত, কাষতে পোৱা প্ৰিয় মানুহ এখিনিৰ মাজত কটাই আছিলোঁ উৰুলীকৃত এটা জীৱন— সেয়া আচলতে নিজক পাহৰিবলৈ কৰা এক এক কচৰৎ আছিল মাথোন। মই তেওঁলোকৰ লগত সহজ হৈ থাকিব খুজিছিলোঁ, দেখুৱাব বিচাৰিছিলোঁ মোৰ সাৱলীল পৃথিৱীৰ স্বাচ্ছন্দ্য, ৰং-বিৰঙৰ ফুল আৰু বিচিত্ৰবৰ্ণী আলোকমালাৰে নিজক উৎসৱমুখৰ কৰি ৰাখিব খোজাৰ এই অবিৰত আয়োজনৰ মাজতো মই গভীৰ গাঁত এটাহে খান্দি আছিলোঁ নেকি— নিজৰেই মাজত, অজানিতে।
গাঁত অথবা জলাশয়— যিয়েই নহওক— কিন্তু আমাৰ মাজত আছিল ফুঁ মাৰি দিয়াৰ আগৰ শুভ্ৰ শংখ এটাৰ দৰেই গহীন, শীতল হৈ নীৰৱে শুই থকা বিষাদ। বিষাদনো আচলতে কাৰ নাথাকে? বিষাদ মানেতো এটা আৱয়ৱিক অৱস্থিতি নহয় যে, তাক থাপ মাৰি আনি চকুৰে নমনা প্ৰান্তদেশলৈ দলিয়াই দিব পৰা যায়। আঁজুৰি আনি প্ৰচণ্ড ক্ৰোধ আৰু ঘৃণাৰ আস্ফালনেৰে থেকেচি পেলাব পৰা যায়! বিষাদ মনৰ বহু তৰপৰ মাজত আঠালতীয়া সূতাৰে বাঢ়ি অহা মকৰাজাল! সুখ-ঐশ্বৰ্য-হাঁহিৰে ঠেলি ঠেলি নি থকাৰ পাছতো গোপন তলিত বিৰিঙি ৰোৱা এফোঁটা স্বচ্ছ জলাধাৰা!
আজাদৰ মুখামুখিকৈ বহি অলপো অস্বস্তি নোহোৱাকৈ মই মোৰ বিফল প্ৰেম আৰু অসুখী যৌনজীৱনৰ কথা কৈ উঠাৰ প্ৰক্ৰিয়াটো মোৰ নিজৰেই বহুত আশ্বৰ্যকৰ যেন লাগিছিল। ইমান দীঘলীয়া দিনৰ চিনা-পৰিচয় আৰু ঘনিষ্ঠ সম্পৰ্ক কটোৱা বন্ধু আছিল মোৰ–মেৰী, বৰুণ, অক্লান্ত! ক’তা— কাহানিওতো মই ইমান অনাবুৰ হৈ থিয় হ’ব পৰা নাছিলোঁ কাৰো কাষত। মেৰী— যি হাইস্কুলৰ দিনৰ পৰা মোৰ বন্ধু— যি এদিন তাইৰ তগৰ দুপাহৰ দৰে কোমল-শুভ্ৰ স্তনক নগ্ন কৰি মোক সুধিছিল— এই স্তনত হাত থৈ, ওঁঠ থৈ সুখী হ’বনে কোনো পুৰুষ? সুখী হ’বনে তাইৰ নতুন প্ৰেমিক প্ৰাণজিত? নিজৰ স্তনৰ আকাৰ আৰু গঠনক লৈ তাই দীৰ্ঘকাল হীনমন্যতাত ভুগিছিল আৰু মোৰ তীব্ৰ বাধা আৰু বিৰোধিতা সত্ত্বেও তাই বৰ্ধিত বক্ষৰ বাবে চিকিৎসা আৰম্ভ কৰিছিল। প্ৰেমিক প্ৰাণজিতে তাইৰ দেহবল্লৰীক লৈ কাহানিও অভিযোগ নকৰক—এই কথাক লৈ তাই বৰ সতৰ্ক হৈ আছিল। বৰুণ— মোক প্ৰথম আত্মৰতিৰ অভিজ্ঞতাৰ লগত যি দিছিল প্ৰথম পৰিচয়— যি নিজৰ বান্ধৱীৰ লগত কটোৱা ঘনিষ্ঠ মুহূৰ্তৰ ৰসাল বৰ্ণনা আগ বঢ়াই আমাৰ আড্ডাবোৰক কৰি পেলাইছিল উদ্বেলিত আৰু কামনাজৰ্জৰ— সেই বৰুণক, সেই মেৰীক মই কাহানিও মোৰ বহু কথাই ক’ব পৰা নাছিলোঁ। ক’ব পৰা নাছিলোঁ যে মোৰ ভাগি যোৱা দুটাকৈ সম্পৰ্কৰ পাছত মই অসহ্যকৰ নৈৰাশ্য আৰু নৰকৰ চিকাৰ হৈ পৰিছোঁ সংগোপনে। প্ৰথম প্ৰেমিকাৰ লগত সম্পৰ্কটো ভগাৰ পাছত মেৰীয়ে ‘‘তাই তোৰ কাৰণে ডিজাৰ্ভেই নকৰে’’ জাতীয় এক হেৰোৱা আত্মবিশ্বাস মোক উভতাই দিব বিচাৰিছিল। দ্বিতীয় সম্পৰ্কটো ভগাৰ পাছত মই বৰ শান্ত আৰু কৃত্ৰিম ভাবলেশহীন মাত এটাৰে কৈছিলোঁ যে আমি বুজাবুজিৰ মাজেৰে আঁতৰিছোঁ। নিজৰ স্তন অনাবৃত কৰি কিন্তু ফেইচবুকত কেৱল ৰঙীন আৰু বৰ্ণাঢ্য সময়ৰ ফট’ৱেই আহিছিলনে সদায়? নগাঁও চহৰত এগৰাকী শিক্ষয়িত্ৰীক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাৰ খবৰে গোটেই ৰাজ্যক উত্তাল কৰি পেলাইছিল। ফেইচবুকৰ পৃষ্ঠা ভৰি ওফন্দি উঠি গেলিবলৈ ধৰিছিল ঘৃণা আৰু বিদ্বেষৰ অজস্ৰ বক্তব্য। সেয়া কেৱল বলাৎকাৰীৰ বাবেই আছিলনে? নাছিল! নাছিল! বলাৎকাৰীৰ ধৰ্মক লৈ আটাহ পাৰি উঠিছিল মানুহজাকে। পোছাকৰ পৰা খাদ্যলৈ— কত ধৰ্মীয় বৈশিষ্ট্য আঁজুৰি আঁজুৰি কাপোৰ খুলিব খোজা গৈছিল বলাৎকাৰীৰ! বলাৎকাৰতকৈ কি এয়া কম বীভৎস আছিল? সেইদিনা গধূলিলৈ আজাদৰ মুখামুখি হ’বলৈ মই বৰ সংকুচিত হৈ পৰিছিলোঁ— সেই প্ৰথমবাৰৰ বাবে চাগে আজাদৰ সন্মুখত আমাৰ ধৰ্মৰ ভিন্নতাৰ কথা মোৰ মনত পৰিছিল ইমান সচেতনভাৱে! আজাদে এই পৃথিৱীৰ একো ভূ পোৱা নাছিল। না ফেইচবুকৰ উন্মাদনাৰ, না ৰুমৰ ভিতৰত সোমাই চাটি-ফুটি কৰি থকা মোৰ অসহায়তাৰ।
তেনে এক দিনৰ অলস আবেলি এটাত মই দীপা মেহতাৰ চিনেমা চাই আছিলোঁ— ‘আৰ্থ’। পানী গৰম কৰা ইলেক্ট্ৰিক কেট্লিটো বিচাৰি আজাদে মোৰ দুৱাৰত টোকৰ দিছিলহি। বিছনাত পৰি ৰোৱা খোলা লেপ্টপত চিনেমাৰ কাহিনীয়ে শেষলৈ গতি কৰিছিল— প্ৰেমতকৈ ধৰ্ম আৰু প্ৰতিশোধ ডাঙৰ হৈ যোৱা প্ৰেমিক আমিৰ খানৰ চকুৰ সন্মুখেদি এজাক উন্মত্ত মানুহে চোঁচৰাই লৈ গৈছিল দুৰ্ভগীয়া নন্দিতা দাসক। সেই কণমানি পাৰ্চী ছোৱালীজনীৰ দৰে একেই নিৰুপায় অৱস্থাত কোঠাৰ ভিতৰত মই আৰু আজাদ।
‘‘ইমান যন্ত্ৰণাৰ চিনেমা মই চাব নোৱাৰোঁ’’ — আজাদে কৈছিল আৰু বহু যুগৰ পাছত, হয়, বহু যুগৰ পাছতো চিৰাচিৰ হৈ যোৱা দুখন বিভাজিত দেশৰ ৰক্তাক্ত স্মৃতিৰ স্ৰোত সেই কোঠালিলৈও যেন বৈ আহিছিল। তাৰ পাছত আমি কাহানিও এইেবাৰ কথা পতা নাছিলোঁ— পাতিবলগীয়াও হোৱা নাছিল।
আজাদ ছ’চিয়েল মিডিয়াত খুউব সক্ৰিয় মানুহ নাছিল। ফেইচবুকত পঠিওৱা মোৰ ৰিকুৱেষ্ট বহু দিনৰ পাছত গ্ৰহণ কৰি সি এদিন ক’লেহি— ‘ফেইচবুকৰ ফট’বোৰে তোমাক খুউব সুখী মানুহ যেন দেখায়।’’
গধূলি চাহৰ লগত খাবৰ বাবে ব্ৰে’ড সেকি থকা মোৰ হাতখন একোটা মুহূৰ্তৰ বাবে ৰৈ যায়। ‘দেখায়’? তাৰ মানে মই সুখী নহয় নেকি? মোক সুখী বুলি আজাদে নাভাবে নেকি? হঠাৎ মোৰ এক আইনাৰ সন্মুখত ঠিয় হ’বলৈ মন যায়— খুঁটিয়াই খুঁটিয়াই চাবলৈ মন যায় আজাদে দেখা দুখৰ দাগ, অসুখ-অসন্তুষ্টিৰ আছাৰকনি! কিন্তু আইনাৰ সন্মুখত মই থিয় হোৱাৰ আগতেই আজাদ যেন এক ফট্ফটীয়া আইনা হৈ উঠিল— ‘‘তুমি নিজৰ পৰা পলাবলৈ অথবা নিজক লুকুৱাবলৈ ইমান ৰঙীন হৈ থাকিব বিচাৰা। হকে-বিহকে ব্যস্ত হৈ থাকা। যেতিয়াই-তেতিয়াই ফ’নত কথা পাতি থাকা। দিনটোৰ বেছিভাগ সময় অনলাইনত থাকা...।’’
আজাদৰ পৰ্যৱেক্ষণ আধৰুৱা কৰি মই প্ৰত্যুত্তৰ দিবলৈ নিজক সাজু কৰি তুলিছিলোঁ— ‘‘কিন্তু তেনেকৈ থাকিয়েই মই সুখী হওঁ আজাদ!’’
‘‘সেয়া সুখ নহয়, সেয়া পলায়ন। তুমি নিজৰ লগত কিয় নাথাকা?’’
নিজৰ লগত থকা মানে, আজাদে হয়তো আজাদৰ দৰে থকাৰ কথাই বুজাব বিচাৰিছে। আজাদৰ ওচৰলৈ কোনো বন্ধু অহা মই কাহানিও দেখা নাই। ইংৰাজী ডিটেক্টিভ উপন্যাস পঢ়ি আৰু ট্ৰেভেল ব্লগ চাই আজাদে আজৰি সময় কটায়। অথচ তেনে এক বন্ধুহীন— সংগীহীন জীৱন আছিল মোৰ ভাবনাৰ পৰিধিক চুব নোৱৰা কথা। মই আজাদৰ লগত তৰ্ক কৰিছিলোঁ যে—ইমান সমাজ বিচ্ছিন্ন ৰূপত জীয়াই থকাটো মোৰ বাবে অলপো সম্ভৱপৰ কথা নহয়। মই মানুহক জীৱনৰ ঐশ্বৰ্য বুলি ভাবোঁ। প্ৰেম-ঘৃণা–যিয়েই নিদিয়ক, মোক মাত্ৰ আশে-পাশে মানুহৰ মুখেই লাগে।
তেনে এক দিনতেই মই আজাদৰ বিশৃংখল, জধলা পৃথিৱীখনলৈ নিমন্ত্ৰণ পাইছিলোঁ। কিতাপ, লেপ্টপ, ন’টবুক, হেডফ’ন, ৰজনীগন্ধাৰ পেকেট, সাঁফৰ নোহোৱা বডি স্প্ৰে’, অৰ্ন্তবাসৰ খালী পেকেট, মেডিচিনৰ ফাইল, চিগাৰেট, লাইটাৰ আদি অনেক বস্তু একেলগ হৈ বিছনাখনত আজাদৰ বাহিৰে দ্বিতীয় এজন মানুহ বহাৰ অলপো সুযোগ ৰখা নাছিল। মই বহিছিলোঁ— ক’লা-সেউজীয়া চাপ মৰা বীনবেগটোত, যাৰ আয়তন অন্তৰ্ভাগৰ বতাহ শেষ হোৱা বেলুন এটাৰ দৰে লেতু-সেতু হৈ আহিছিল। সেইদিনা আজাদে খুউব যতনেৰে ব্লেক ক’ফি তৈয়াৰ কৰিছিল। মেডিচিনৰ দীঘল ষ্ট্ৰিপ্বোৰত মোৰ চকু ৰৈ আছিল। দেখিলেতো আজাদৰ অসুখ-বিসুখ থকা যেন নালাগে!
‘‘দৰৱবোৰ কিহৰ?’’
‘‘ডিপ্ৰেশ্যনৰ।’’ — তাৰ উত্তৰ আছিল নিঃসংকোচ। বহু কথা যেন মই অনায়সে মই বুজি পাই গৈছিলোঁ।
কথাৰ মাজতে অন্যমনষ্ক হৈ উঠিছিল আজাদ। আপেল এটা দুভাগ কৰিবৰ বাবে ছুৰীখনেৰে ৰেপি ৰেপি সি বহু সময় পাৰ কৰি দিছিল। দেৱালত ওলমি আছিল এক হলিউডী চিনেমাৰ প’ষ্টাৰ— য’ৰ পৰা মুখ নিকটাই এটা ভেম্পায়াৰে আমালৈকে চাই আছিল। এই দৃশ্যক বৰ বীভৎস যেন দেখাইছিল। হয়, এই দৃশ্যক মই বৰ বীভৎস যেন দেখিছিলোঁ আৰু কৈছিলোঁ— এনে ছবিয়ে মনলৈ, চৌপাশলৈ কেৱল নিগেটিভ ভাইব আনে! আগৰ দৰেই কিছু তৰ্ক আৰু তাচ্ছিল্যৰ স্বাভাৱিক কথন পাৰ হোৱাৰ পাছতহে মই আচলতে সঁচা-সঁচি আজাদক দেখিছিলোঁ। সেইদিনা আমি কিছু ঘৰুৱা কথা পাতিছিলোঁ আৰু দূৰণিত এৰি থৈ অহা, নিজৰ বুলি সদায় দাবী কৰিব পৰা ঘৰ এখনলৈ উলটি গৈছিলোঁ।
‘‘মই জীৱনত আটাইতকৈ বেয়া পোৱা মানুহজন দেউতা।’’— তাৰ মুখ কোঁচ খাই গৈছিল ঘৃণা আৰু বিৰক্তিত। নিজৰ দেউতাকৰ বিষয়েনো কোনোবাই কয়নে এনেদৰে? মই বাধা দি উঠিছিলোঁ। দেউতাকৰ লগত বেছিভাগ ল’ৰাৰে সম্পৰ্কত এটা সহজাত দূৰত্ব থাকেই। এই দূৰত্ব স্বাভাৱিক আৰু ই এক মনঃস্তাত্ত্বিক সত্যও। মই নিজেও আছিলোঁ ‘মাম্মাজ বয়’। মাৰ লগত বেছি লাগি থকা, বেছি আপোনত্ব অনুভৱ কৰা ল’ৰা। চৌপাশৰ আন বহু পুৰুষৰ দৰেই দেউতা কঠোৰ আছিল, শাসন কৰিছিল, মোৰ সৈতে বহু মত মিলা নাছিল— কিন্তু সেই বুলিয়েইতো তেওঁক বেয়া পাই থাকিব পৰা নাযায়!
মোৰ কথা মানি লবলৈ অলেপা সাজু নাছিল আজাদ। সি মাত্ৰ হাঁহি হাঁহি কৈছিল, ‘‘মোৰ দৰে জীৱন পোৱা হ’লে তুমি হয় আত্মহত্যা কৰিলাহেঁতেন, নহ’লে ড্ৰাগ এডিক্টেড্ হৈ গ’লাহেঁতেন!’’ মোৰ টিঙিচ্কৈ খং উঠি আহিছিল। আজাদে যেন মোৰ জীৱন উপলব্ধিক, মোৰ সাহস আৰু সহন শক্তিক ব্যংগহে কৰিছিল। মই উষ্মাৰে ওভতি ধৰিছিলোঁ— ‘‘মোক দেখিলে ইমান দুৰ্বল মানুহ যেন লাগেনে আজাদ?’’
কিন্তু আজাদৰ কথাবোৰ শুনাৰ পাছত মোৰ এক গভীৰ দুখবোধ আৰু অনুকম্পা জাগি উঠিছিল তালৈ। হয়তো তাৰ মানসিক গঠন আছিল মোতকৈ বহু দূৰ বেলেগ। কিছু অভিমানী, কিছু নিৰাপত্তাহীন সি চাগে সৰুৰে পৰা আছিল। মই এই কথা শুনি এক প্ৰকাৰৰ স্তম্ভিতই হৈছিলোঁ যে, সি এতিয়াও যিকোনো সময়তে দেউতাকৰ মৃত্যুৰ খবৰ আহিব বুলি এক অদ্ভুত আশংকা লৈ থাকে। নিজৰ অপ্ৰিয় মানুহ এজনৰ মৃত্যুৰ ভয়ত সি ৰাতি ৰাতি শুব নোৱাৰে, অথচ দেউতাকলৈ নিজে ফ’ন এটা কৰিবৰ বাবে কাহানিও তাৰ হাত আগ নাবাঢ়ে। ‘‘আব্বাৰ বাবেই মই এতিয়া বেংকৰ ক্লাৰ্কৰ চাকৰি কৰিছোঁ— নহ’লে হয়তো মই চিনেমা বনালোঁহেঁতেন অথবা বক্সিং খেলিলোঁহেঁতেন!’’ — আজাদৰ কথাষাৰ অত্যধিক ৰোমাণ্টিক আৰু একেবাৰে কল্পস্বৰ্গীয় পৃথিৱীৰ কথা যেন আছিল। শিক্ষা, পেছা অথবা জীৱনসংগী নিৰ্বাচন— এইবিলাকত অভিভাৱকৰ মাত্ৰাধিক নিয়ন্ত্ৰণ নিশ্চয় সদৰ্থক কথা নহয়, কিন্তু তাৰ বাবে এক মেশ্ব্যুৰ্ড বয়স পোৱাৰ পাছতো অভিভাৱকক দোষাৰোপ কৰি অসুখী জীৱন এটা কটাই থাকিব পাৰি জানো আজাদ? সৰুতে গছত উঠা আজাদলৈ আব্বাকে খঙত কটাৰী এখন দলিয়াই দিয়াৰ ঘটনাটোক এক নৃশংস কাণ্ডৰ দৰে সি মনত সামৰি ৰাখিছিল। ‘‘তেওঁ চাগে মোক মাৰি পেলাবই বিচাৰিছিল। আচলতে কি জানা, আমাৰ যদি আৰু এটা ল’ৰা থাকিলহেঁতেন— তেওঁ মোক মাৰিয়েই পেলালেহেঁতেন। কিন্তু মই আছিলোঁ একমাত্ৰ ল’ৰা— বংশ ৰক্ষা কৰি দিব লাগিবটো। চাল্লা পেট্ৰিআৰ্ক!
— গোট মৰা খং আৰু ঘৃণা এসোপা থু হৈ চাগে তাৰ মুখলৈ নামি আহিছিল। ডিটেকটিভ উপন্যাসৰ বাহিৰে আন একো আগ্ৰহেৰে নপঢ়া আজাদে ইমান ভালকৈ পুৰুষতন্ত্ৰ বুজি পায় বুলি অৱশ্যে মই ইয়াৰ আগতে একেবাৰে আশা কৰা নাছিলোঁ। কিন্তু মই বুজিছিলোঁ— আজাদৰ এই আত্মমগ্ন, সমাজবিচ্ছিন্ন পৃথিৱীখনৰ বাবে দেউতাকজন নিশ্চয় জগৰীয়া আছিল। তেওঁ আছিল সুৰাৰ প্ৰতি, পৰস্ত্ৰীৰ প্ৰতি নিৰ্লোভ পুৰুষ। মাকৰ লগত সম্পৰ্ক খুউব প্ৰেমময় নহ’লেও ঘৰে ঘৰে স্বামী-স্ত্ৰীৰ সম্পৰ্ক যেনে, তেনেকুৱাই আছিল। মিতব্যয়ী আছিল, ল’ৰা-ছোৱালীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে পইচা সাঁচিছিল। ধৰ্মভীৰু আছিল, সমাজে ভাল মানুহ বুলিয়ে গণ্য কৰিছিল। সেই মানুহজনকে আজাদে ইমান বেছি বেয়া পাবলৈ, হয়তো ভীষণ ঘৃণা কৰিবলৈও আৰম্ভ কৰিছিল। মই কাফ্কাৰ ডায়েৰিবোৰলৈ মনত পেলাইছিলোঁ— কাফ্কাৰ মৃত্যুৰ পাছত তেওঁৰ বন্ধু মেক্সব’ৰ্ডে সম্পাদনা কৰি প্ৰকাশ কৰা ডায়েৰিবোৰলৈ। নিজৰ মনৰ সীমাহীন উদ্বিগ্নতা, শাৰীৰিক বেমেজালি আৰু নিজৰ বিফল দাম্পত্যৰ বাবে কাফ্কাই সদায় দেউতাককে জগৰীয়া কৰিছিল— ডায়েৰিৰ পাতত, গল্পত আৰু মেক্সব’ৰ্ডলৈ লিখা চিঠিবোৰত। দেউতাক তেওঁৰ দৃষ্টিত আছিল এজন স্বেচ্ছাচাৰী শাসকৰ দৰে। দেউতাকৰ ব্যংগ, তিৰষ্কাৰ আৰু ঠাট্টাই কাফ্কাক কৰি পেলাইছিল অবিশ্বাসী, সন্দেহবাদী আৰু জীৱনৰ প্ৰতি অনুৰাগ হেৰুৱাই পেলোৱা মানুহ। আজাদেও দেউতাকৰ কথা যিমান ভাবিছিল, সিমানেই হৈ উঠিছিল খঙাল আৰু নিজকে অক্ষম বুলি ভবাৰ অপৰাধত জৰ্জৰিত। দেউতাকে তাৰ বন্ধুক লৈ কৰা তিৰষ্কাৰ, তাক লৈ মাকৰ লগত কৰা বাক-বিতণ্ডা আৰু অপ্ৰয়োজনীয় শাসনে চৰিত্ৰৱান তথা ভাল মানুহ হিচাপে জনাজাত ব্যক্তিজনকো আজাদৰ বাবে এজন বেয়া দেউতাক কৰি পেলাইছিল। পৃথিৱীৰ, চৌপাশৰ সকলো মানুহলৈয়ে খং উঠি থকা হৈছিল আজাদৰ। খং উঠি থকা হৈছিল মাকলৈ— যাৰ কেতিয়াও দেউতাকৰ কোনো কথাৰ ওপৰতে প্ৰশ্ন তোলাৰ অভ্যাস আৰু অধিকাৰ নাছিল। খং উঠি থকা হৈছিল ভনীয়েকলৈ— অনিচ্ছাসত্ত্বেও, যি সদায় দেউতাকৰ সিদ্ধান্তবোৰ বিনাবাক্যই মানি লৈছিল।
“দেউতাৰ দৰে পুৰুষ মই কাহানিও হ’ব খোজা নাছিলোঁ। অথচ ডাঙৰ জ’কটো কি আছিল জানা, তেওঁ মোক সদায় তেওঁৰ দৰেই হোৱাটো বিচাৰিছিল। তেওঁৰ দৰে দায়িত্বশীল, তেওঁৰ দৰে গোড়া, তেওঁৰ ঘৰ-সংসাৰ-পৰিয়ালৰ সুযোগ্য উত্তৰাধিকাৰী।”— খঙতে সি এক অশ্লীল শব্দ কৈ পেলাইছিল। আস! তোমাৰ মাজত ইমান খং-ঘৃণা গোট মাৰি আছে আজাদ! তুমি দেউতাক বেয়া পোৱা আৰু সেইজন মানুহৰ মৃত্যুভয়ত তুমি ছাটি-ফুটি কৰি থাকা– এয়া কেনে বৈপৰিত্য, কেনে দোদুল্যমান, কেনে বিভ্ৰান্ত অৱস্থা আজাদ?
সেইদিনা মোক অবাক কৰি আজাদে কান্দি পেলাইছিল। নিজৰ দুহাত কোঁচাই, তাতে মুখ গুঁজি কান্দি পেলাইছিল। আজাদৰ দৰে হৃষ্ট-পুষ্ট এক পালোৱান পুৰুষ এইদৰে সশব্দে কান্দি উঠাটোৱে মোক সঁচা অৰ্থতে স্তম্ভিত কৰি তুলিছিল। দুজন ব্যক্তিৰ মাজৰ আনুষ্ঠানিক দূৰত্বক অতিক্ৰম কৰি মই আজাদৰ কাষ চাপি গৈছিলোঁ আৰু জধলা মানুহটোক আঁকোৱালি ধৰিছিলোঁগৈ। সন্মুখত আশ্বাসৰ কেনে মুখ ৰৈ থাকিলে সকলো ক্ষোভ-ঘৃণা চকুপানী হৈ বৈ আহিব পৰাকৈ গলি উঠিব বিচাৰে? মই এই কথা কেতিয়াও বুজি উঠা নাছিলোঁ। সেইদিনাও বুজা নাছিলোঁ— আজাদে কান্দিবৰ দিনা।
আজাদৰ মানসিক জগতখন আৱিষ্কাৰ কৰিবলৈ ক্ৰমশঃ যত্নপৰ হৈ উঠাৰ মাজেৰেই আচলতে এক বুজাব নোৱৰা সমব্যথা আৰু স্নেহে মোক আজাদৰ প্ৰতি উদ্বিগ্ন আৰু একে সময়তে দায়িত্বশীলো কৰি তুলিছিল। পাছৰ দিনেবাৰত ৰুমতে সোমাই থাকি ভাল পোৱা আজাদৰ দৰে মানুহ এটা মোৰ সৈতে নাইট ক্লাৱলৈও গৈছিল। মই কোনো সাময়িক সংগীৰ সৈতে নাচি থকাৰ সময়ত ম’বাইল টিপি ড্ৰিংক্ এটা হাতত লৈ সি একেবাৰে চুকৰ টেবুল এখনত বহি আছিল। কলাক্ষেত্ৰৰ সেউজ সুশোভিত চৌহদত আৰু কেতিয়াবা শ্ৰদ্ধাঞ্জলি উদ্যানলৈ আমি সান্ধ্যভ্ৰমণৰ বাবে গৈছিলোঁ। উভতি আহোঁতে চানমাৰিৰ পাচলি বজাৰত পাচলি বেপাৰীৰ লগত মুখ-চুপতি মাৰি মই কৰা পাচলিৰ দৰ-দাম সি চিগাৰেট হুপি হুপি আঁতৰৰ পৰা নীৰৱে চাই আছিল। মুখত বিৰক্তিৰ চিন নাছিল, কিন্তু মোৰ প্ৰতি কোনো ধৰণৰ সহযোগো নাছিল। তোনেদৰেই আমি বন্ধু হৈছিলোঁ। আটাইটকৈ ডাঙৰ কথা আছিল— মেৰী বা বৰুণৰ আগত ক’ব নোৱৰা বহু কথাই মই আজাদৰ আগত অলপো দ্বিধা নোহোৱাকৈ ক’ব পাৰিছিলোঁ। সেই কথাবোৰৰ মাজত মোৰ ভাগি যোৱা দুটা সম্পৰ্ক আৰু প্ৰাক্তন প্ৰেমিকাৰ ঘনিষ্ঠ মুহূৰ্তৰ অসন্তুষ্টিৰ দৰে অস্বস্তিদায়ক কথাও সোমাই আছিল। হয়তো আজাদৰ আত্মমগ্ন বিষাদৰ জলাশয়ত ডুব গৈ মোৰ গধুৰ হুমুনিয়াহবোৰ নিজৰ ওচৰতে পাতল হৈ উঠিছিল। হয়তো আজাদো এনে এক আশ্বাসৰে মুখ হৈ উঠিছিল— যি মুখৰ সন্মুখত স্বীকাৰোক্তি উচ্চাৰণ কৰিবৰ বাবে মানুহে নিচাৰ মাজেৰে পৰিৱেশ সৃষ্টি কৰি নল’লেও হয়!
“প্ৰেমতনো শৰীৰ কিয় লাগে?”– সেইদিনাই চাগে আজাদে সুধিছিল।
“সেয়া নিড্ছ্। একেবাৰে বেছিক প্ৰয়োজন।”
“সেই প্ৰয়োজন বেলেগৰ ওচৰত গৈও পূৰাই আহিব পাৰি!”— আজাদৰ উত্তৰ আছিল একেবাৰে চিধা।
“কিন্তু ইমান কম্প্লিকেচিৰ জীৱনলৈনো মানুহ কিয় যাব আজাদ? সৰল-স্বাভাৱিক-স্বাচ্ছন্দ্যৰে ভৰা জীৱনৰ প্ৰতি কাৰ মোহ নাই কোৱা? আৰু ভালপোৱা বা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ মাজেৰে মানুহ এজনক সাধাৰণতেই শাৰীৰিক-মানসিক দুয়ো ধৰণেই বিচৰা যায়। সেই দাবী ভাল পোৱাৰ মাজেৰে নিজে নিজেই আহে। তাৰ মাজতো হয়তো বহু অপ্ৰাপ্তি মানুহৰ থাকে— সেইখিনি আপোচৰ জৰিয়তে সম্পৰ্ক চলাই নিয়া হয়। অৱশ্যেই শৰীৰশূন্য প্ৰেমৰো কাহিনী থাকে— গল্পত, চিনেমাত। হয়তো একেবাৰে সংখ্যালঘু জীৱনতো। কিন্তু স্বাভাৱিক অৱস্থাত প্ৰেমত শৰীৰক অস্বীকাৰ কৰি থকা নাযায়।”
সেইদিনা ৰাতি বহু পৰলৈকে বেলকনিতে বহি আমি প্ৰেম আৰু শৰীৰক লৈ আন বহু কথাও হয়তো পাতিছিলোঁ। শেষত সি বৰ লঘু ভাষাৰে কৈ পেলাইছিল— “প্ৰেমৰ বাবে অন্ততঃ দুজন মানুহ লাগে। ছেক্সটো মাষ্টাৰবেশ্যনৰ মাজেৰেও পূৰ হৈ যায়, নহয়নে?”
এই প্ৰসংগত আজাদৰ লগত আৰু কথা যদিও আগ নাবাঢ়িল, হাতত থকা শেষৰটো চিগাৰেটত অন্তিমটো সুখ টান মাৰি সি শুবলৈ বুলি উঠি যোৱাৰ পাছতো মই চৌপাশৰ প্ৰেম কাহিনীবোৰ, সহজ-অসহজ সম্পৰ্কবোৰৰ কথাই ভাবিছিলোঁ। ভাবিছিলোঁ— প্ৰেমৰ বাবে এইখিনি জৰুৰী বুলি থকা বহু প্ৰচলিত আৰু মান্য মীথবোৰৰ কথা। কিন্তু প্ৰেমেতো সকলো গণ্ডী, সকলো চৰ্ত, পৰিধি, বাধ্যবাধ্যকতা পাৰ হৈ নিজৰ আশ্চৰ্যৰ দুনিয়া সজাই লৈছিল কেতিয়াবাই! ৰাহুল-অনুজ, তৌফিক ছাৰ— কণিকা— চৌপাশতে কিমান অসহজ যেন লগা, সংখ্যাগৰিষ্ঠই অমান্য কৰা প্ৰেম কাহিনী আছিল এইবোৰ। কঁকালৰ তলৰ অংশ জীৱনত লৰচৰ কৰিব নোৱৰা, হুইল চেয়াৰতে আজীৱন কটোৱা জ্যোৰ্তিময়দাৰ লগত সদায় থাকিবৰ বাবে ঘৰৰ বাধা ওফৰাই গুচি অহা মালাবৌৰ কাহিনীও জানো পাহৰিব পৰা গৈছিল?
সেই ৰাতি, কুকুৰৰ ভুকভুকনি আৰু মাজে মাজে অহা ৰে’লৰ উকিৰ বাহিৰে সকলো শব্দ শুই যোৱা সেই ৰাতি মই নিজকো সুধিছিলোঁ— মইনো আচলতে বিচাৰোঁ কি? মোৰ বিগত দুয়োটা সম্পৰ্ক আচলতে প্ৰেমৰ বাবেই হৈছিলনে? চকামকাকৈ মোৰ দুয়ো প্ৰাক্তন প্ৰেয়সীৰ ছবি অহা-যোৱা কৰিছিল আৰু মই বৰ অসহায়ভাৱে উত্তৰহীন হৈ ৰৈছিলোঁ। অলপ আৱেগ, অলপ অনুৰাগ, কিছু উত্তেজনা আৰু কিছু সকলোকে দেখুওৱা ৰং-ৰহইচৰ মাজেৰে গঢ় লৈ উঠা সম্পৰ্কবোৰত— প্ৰেম কিমান তৰপলৈকে লীন গৈ আছিল, প্ৰেম নামৰ এক নীৰৱ-নিৰ্জন-প্ৰশান্ত উপলব্ধি তাত সঁচাই আছিলনে— অত দিনৰ মূৰতো মই সেয়া সঁচাই ধাৰণা কৰিব পৰা নাছিলোঁ।
তাৰ কিছু দিনৰ পাছত আজাদে জনাইছিলহি— দীঘলীয়া সময়ৰ বাবে সি ঘৰলৈ যাব। দেউতাক অসুস্থ। বেছিকৈয়ে অসুস্থ। হয়তো এইবাৰ সি বিয়া কৰাবও লাগিব। মই কিছু বিস্মিত হৈছিলোঁ। তথাপি সকলো উৎকণ্ঠা সামৰি লৈ সাধাৰণভাৱেই সুধিছিলোঁ, “তুমি বিয়াৰ বাবে প্ৰস্তুতনে? এতিয়াই?”
যোৱাৰ আগতে সি চৰম বিতৃষ্ণাৰে কৈ গৈছিল— “মোৰ প্ৰস্তুতিমতে আজিলৈকে একোৱেই হোৱা নাই! আৰু হয়তো নহ’বও।”
এদিন আজাদ সঁচাকৈয়ে গুচি গ’ল। ময়ো যাবলৈ দিলোঁ। আজাদক যাবলৈ দিবলৈ বা নিদিবলৈনো মই আচলতে কোন আছিলোঁ? সেই অকণমানি বেলকনিৰ বাগিচাত মই কৰা ফুলবোৰ লহ্পহ্কৈ ডাঙৰ হৈ আহিছিল। বাহিৰত তেতিয়া বসন্ত কাল। বেলকনিৰ ফ’ল্ডিং শ্বেয়াৰখনত অকলে বহি উদাস আকাশখনলৈ চাই ৰওঁতে মই আজাদক, আজাদে কৰি দিয়া চেনি-গাখীৰ নিদিয়া কফিকাপ সঁচাই মিছ কৰিছিলোঁ। কিন্তু খুউব সহজেই মেৰী-বৰুণহঁতৰ লগত মোৰ আগৰ পৃথিৱীখন মই ভগাই ল’লোঁগৈ। এইটো বৰ আচৰিত কথা আছিল— নিজৰ মাজত সযতনে থকা এক পৃথিৱীক কেৱল নিজৰ বাবেই ৰাখি মই আকৌ আন এক পৃথিৱীত জী থাকিবলৈ ল’লোঁ। আচৰিত লাগে যে এই পৃথিৱীৰ আলাপ-আলোচনাত বৰ সতৰ্কভাৱেই মই আজাদৰ প্ৰসংগ পৰিহাৰ কৰিছিলোঁ। মই হয়তো আজাদৰ এই কথাষাৰেই মনত ৰাখিলোঁ— দুজন মানুহে তেওঁলোকৰ সম্পৰ্কৰ গভীৰতা আনক, চৌপাশৰ জগতখনক বুজাই থকাটো ডাঙৰ কথা নহয়, তেওঁলোকে এজনে আনজনক কিমান ভিতৰলৈকে, দ-লৈকে বুজে, সেয়াহে আচল কথা৷
*****
ঘনিষ্ঠতাৰ তেনেই চমু কালতে আমি আমাৰ বিষয়ে প্ৰায়বোৰ কথাই জানিছিলোঁ। আমি উবুৰিয়াই দেখুৱাইছিলোঁ এজনে আনজনক বুকুৰ বিষাদ-বৈভৱ। আমি এজনে আনজনৰ বাবে নিৰলে প্ৰাৰ্থনা সাঁচিছিলোঁ। এজনে মছজিদত, আনজনে মন্দিৰত। বিয়াৰ পাছত আজাদ এই চহৰৰে অন্য এটা এপাৰ্টমেণ্টত থাকিবলৈ ল’লে। পত্নীসহ থাকিব পৰাকৈ তাৰ আগৰ কোঠাটো একেবাৰে উপযুক্ত নাছিল। কিছু দিনৰ পাছত ময়ো সেই চহৰৰে উপকণ্ঠৰ আন এটি ঘৰলৈ গুচি আহিলোঁ। আজাদ নোহোৱা ঘৰটোত থাকি আচলতে মোৰ ভাল নলগা হৈছিল। দুখৰ কথাটো আছিল–বাগিচা পাতিব পৰাকৈ মোৰ নতুন ঘৰটোত এখন বেলকনি নাছিল। কিছুমান ফুলৰ পুলি আৰু ইনড’ৰ প্লাণ্ট্ মই খিৰিকীৰ গ্ৰীলত ওলমাই, পঢ়া মেজত তুলি জীয়াই ৰখাৰ আপ্ৰাণ কষ্ট কৰিলোঁ যদিও মোৰ আৰু নিজাকৈ এখন বাগিচা নাথাকিল।
স্বাভাৱিকভাৱেই আমাৰ মাজলৈ এটা দূৰত্ব আহিছিল। আমি কোনেও কাকো পাহৰা নাছিলোঁ, পাহৰা সম্ভৱো নাছিল। কিন্তু ‘তোলৈ মনত পৰিছে’ বুলি এজনেও আনজনক কোৱা হোৱা নাছিল খোলাখুলিকৈ। আজাদৰ সামাজিক সক্ৰিয়তা আগৰ পৰাই কম আছিল— সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো তেওঁ পটু আৰু প্ৰভাৱশালী নাছিল কেতিয়াও। হোৱাটছএপ্-ফেইচবুকত কাহানিও আজাদৰ বা আজাদৰ নতুন দাম্পত্যৰ ছবি অহা নাছিল। যোৱাবেলি ঈদৰ আগে আগে আমি কথা পাতিছিলোঁ। ফ’নত।
“তুমি বনোৱা পোলাও এইবাৰ ইফ্টাৰত মিছ কৰিছোঁ, বুজিছা। আহা এদিন, ঈদৰ আগত। ইফ্টাৰ কৰাকৈ। ঈদত কিন্তু ঘৰলৈ যাম।”— আজাদৰ এই আমন্ত্ৰণৰ পাছতো কিন্তু এক বুজাব নোৱৰা সংকোচ আৰু দ্বিধাৰ বাবেই মোৰ আজাদৰ ঘৰলৈ যোৱা নহ’ল। ওচৰৰ পৰা চোৱাগৈ নহ’ল আজাদৰ দাম্পত্য। মই এয়াও খুউব মনোযোগেৰে লক্ষ্য কৰিছিলোঁ— ‘তুমি’-ৰ পৰা পিছলৈ ‘তই’ সম্বোধন কৰা আজাদে মোক প্ৰথম দিনবোৰৰ দৰে আকৌ তুমি বুলিয়ে মাতিবলৈ ধৰিছে। সম্বোধন সলনি হোৱাটোৱে বহু সময়ত সম্পৰ্কবোৰৰ সলনি হৈ যোৱা পৰিভাষাকেই সূচিত নকৰেনে? আজাদক আৰু লগ কৰা নহ’ল। এই চহৰ দিনে দিনে ইমান ডাঙৰ হৈ গৈছিল, ইমান ভিৰ বাঢ়িছিল যে, চিনাকি মুখ একোখনৰ আকস্মিক সাক্ষাতো ইয়াত এক মায়াৱী ঘটনাৰ দৰেই হৈ পৰিছিল।
তাৰ পাছত আজাদক মই লগ পালোঁ এয়া, এনেদৰে...! তিনিটা বছৰৰ পাছত। ফেমিলি ক’ৰ্টৰ পৰা উভতি অহা আজাদ। অসুখী দাম্পত্যৰ বোজা লৈ কোঙা হৈ পৰা, কুঁজা হৈ পৰা আজাদ।
“ভুল ক’ত হ’ল আজাদ...?”
“মোৰ জীৱনটোৱে— জীৱনটোৱে ভুল। সকলো আব্বাৰ বাবে— তেওঁৰ পছন্দৰ ছোৱালী, তেওঁৰ পছন্দতে বিয়া। মই কেনেকৈ সুখী হওঁ কোৱা?”
“সম্পৰ্কত এটা পৰ্যায়লৈকে এৰা-ধৰা থাকিবই লাগিব। নহ’লে কেনেকৈ বুজা-পৰা আহিব!”— মই বিজ্ঞৰ দৰে ক’বলৈ গৈও ৰৈ গৈছিলোঁ। ক’ৰ্টৰ দস্তখতত এটা সম্পৰ্কৰ সকলো সম্ভাৱনা শেষ কৰি অহা এজন মানুহৰ সন্মুখত এনে বুজনি অৰ্থহীন, একেবাৰে অবান্তৰ!
‘‘বিয়াৰ পাছতে আব্বা ঢুকাল! ...আৰু মই তেওঁক প্ৰতিশোধ ল’বলৈ বিচাৰি থাকিলোঁ। সেই প্ৰতিশোধৰ জুইত আচলতে আমাৰ সম্পৰ্কটোৱে জ্বলি গ’ল। মই কাকো ভাল পাব নোৱাৰিলোঁ! সকলোকে ঘৃণাই কৰি থাকিলোঁ আজীৱন!’’— আজাদে যেন হুক্হুকাই কান্দি উঠিব! ওন্দোলি থকা আকাশৰ দৰে মুখ আজাদৰ।
আজাদ! ইয়াৰ পাছত মই আৰু কি কম? সুৰাপানক নিসংগতাৰ অভ্যাস বুলি কৈ এসময়ত গৰ্ব কৰা আজাদ এজন সুৰাসক্ত মানুহ হৈ পৰাৰ এই পৰ্বান্তৰ অথবা ৰূপান্তৰ মোৰ বাবে বৰ কষ্টদায়ক কথা আছিল। আজাদক কাহানিও মই এজন মদপী মানুহ বুলি কল্পনাই কৰা নাছিলোঁ। এসময়ত— সেই সৰু বেলকনিখনত বহি নৱগ্ৰহ মন্দিৰৰ চূড়া চাই ৰোৱা দিনবোৰত মোতকৈ অন্ততঃ আজাদৰ মদ্যপানৰ অভ্যাস আছিল সীমিত। খাই-বৈও সি সদায় নীৰৱ হৈয়ে আছিল। দুনিয়াৰ সমস্ত হট্টগোল কৰা গৈছিল মোৰ ফালৰ পৰাহে। বিবাহোত্তৰ কালত সেই আজাদেই পত্নীৰ বাবে হৈ উঠিছিল এজন বিবেকহীন মদপী মানুহ।
“মই তেওঁক কাহানিও ভাল পাব নোৱাৰিলোঁ। ... আৰু সেইবাবেই হয়তো তেৱোঁ মোক ভাল পাব নোৱাৰিলে।”— আজাদে শান্ত মাতেৰেই কৈছিল। তেনে এক শান্ত মাতেই বহু দিনৰ আগত মোৰ কণ্ঠতো বাজিছিল— মোৰ ভাগি যোৱা দ্বিতীয়টো সম্পৰ্কৰ কথা মেৰীক কওঁতে।
এটা সময়ত আজাদ গ’লগৈ। ছটা পেগ শেষ কৰাৰ পাছত মই তাৰ সন্মুখৰ পৰা গিলাচ আঁতৰাই আনিছিলোঁ। যাবলৈ লৈও তাৰ খোজ একেবাৰে থৰক্-বৰক্ হৈ আহিছিল। মই তাৰ বাবে ওবাৰত কেব বুক কৰিলোঁ। যোৱাৰ আগত মোৰ হাতখন তাৰ হাতৰ মাজত চেপি সি সুধিলে— “মই কেতিয়াবা আহি থাকিমনে? এনেকৈয়ে?”
মই আকৌ এবাৰ সেই বিধ্বস্ত, জবৰজং মানুহটোক সাবটি ধৰিলোঁ। পিতা-পৰিয়াল-পত্নী-বন্ধু–গোটেই পৃথিৱীৰ প্ৰতি ঘৃণা লৈ থাকিলেও আজাদে মোক সঁচাকৈয়ে ভাল পাইছিল। এৰা, সঁচাকৈয়ে।
সকলো ভাল পোৱাৰ স্পষ্ট, সূক্ষ্ম, সহজবোধ্য ব্যাখ্যা নাথাকে। নাথাকে কেৱল এটাই পাঠ, এটাই অৰ্থ, সেয়েতো ভালপোৱা কবিতাৰ দৰে। তথাপি শ্ৰেণীকোঠাত কবিতা বুজোৱাৰ দৰে ভালপোৱাৰ এনে সহজ ব্যাখ্যা মই কেতিয়াও দিব নোৱাৰিম।
যদিও আমাৰ বন্ধুত্ব গঢ় লৈ উঠিছিল কম সময়তে— আমাৰ মাজত পছন্দৰ পাৰ্থক্য আছিল দেধাৰ, যদিও আমি বিপৰীত জীৱনবোধৰে মানুহ আছিলোঁ— কিন্তু আমি এজন আনজনৰ ঘনিষ্ঠ পৃথিৱীত অনায়সে সোমাই গৈছিলোঁ। এইখিনিতে সম্পৰ্কবোৰ সদায় হৈ উঠে সদায় সংজ্ঞাশূন্য আৰু ৰহস্যময়। সম্পৰ্কবোৰ সকলো জ্যামিতিক সিদ্ধান্তক উলংঘা কৰে আৰু পাহৰি পেলাই দেশ-প্ৰদেশৰ মেপ! এই উলংঘাৰ সাহস আচলতে কেৱল সম্পৰ্কৰে থাকে।
মই জানো যে মই বা আজাদ, এজনেও এই সম্পৰ্কৰ ৰহস্য আপোনাৰ সন্মুখত উদ্ঘাটন কৰিব নোৱাৰিম! এয়া সম্ভৱপৰ কথা নহয়েই! বাকী সকলো সম্পৰ্ক তন্ন তন্নকৈ বুজি পোৱাটো আপোনাৰ বাবেও হয়তো ইমান জৰুৰী নহয়।
*****
কিন্তু গলি যাব পৰাকৈ ভালপোৱা যিমান থূপ খাই থাকে, তাতকৈ বহু বেছি ঘৃণাৰে গোট মাৰি থাকে এই কঠিন পৃথিৱী।
হঠাৎ এই চহৰো সলনি হ’বলৈ ধৰিল। হয়, সলনি হ’বলৈ ধৰিল মহানগৰৰ উপকণ্ঠৰ এই সৰু ঠাইখনো। ধৰ্ম আৰু নাগৰিকত্বক লৈ দেশ জোৰা আন্দোলনটো তেতিয়াও চলি আছিল। সেই সময়বোৰত দেশৰ ৰাজধানী চহৰখনৰ পৰা একেবাৰে শুনিব নোখোজা খবৰবোৰ আহি আছিল। দিল্লী চহৰৰ সাম্প্ৰদায়িক হিংসাৰ খবৰক লৈ এই ক্ষুদ্ৰ চহৰৰ পাচলি বজাৰত, ম’বাইল ফ’নৰ ৰিচাৰ্জৰ দোকানত, গাখীৰ বিক্ৰী কৰা সৰু ষ্টলখনতো গুণগুণনি উঠিছিল। কাপোৰ ধুই ইস্ত্ৰি কৰি মোৰ দুৱাৰমুখত সদায় দি যোৱা বিশ্বাসী আৰু দায়িত্বশীল ধোবাজন হঠাৎ চহৰৰ পৰা নোহোৱা হৈ গৈছিল। সেই সময়তে নাৰায়ণ দাস নামৰ ৰিক্সাচালকজনক মৰিয়াই মৰিয়াই মাৰি পেলোৱাৰ খবৰ আহিছিল। অভিযুক্ত আটাইকেইজন আছিল অন্য ধৰ্মৰ— নাৰায়ণ দাসৰ ধৰ্মৰ বিপৰীত অৰ্থত যি ধৰ্মক ব্যৱহাৰ কৰি প্ৰায়বোৰ মুখ আৰু মানুহেই সন্তুষ্ট হৈছিল।
মোৰ কাষৰ পাৰ্টৰ নতুন প্ৰতিৱেশী পৰিয়ালটোৰ মহিলাগৰাকীয়ে এদিন মুখ বিকটাই সুধিলেহি— “আপোনাৰ বন্ধু আহি আছেনে? আজিকালি কাকো বিশ্বাস নকৰাই ভাল বুজিছে!”
কোনো ঘৰুৱা কথা-বতৰাৰ মুহূৰ্তত মই চাগে কেতিয়াবা এই মহিলাৰ সন্মুখত আজাদৰ নাম লৈ পেলাইছিলোঁ। মহিলাৰ এই প্ৰতিক্ৰিয়াই মোক সঁচাই অবাক আৰু স্তম্ভিত কৰি তুলিছিল।
হয়তো প্ৰথমবাৰৰ বাবে মোৰ ক’ৰবালৈ গুচি যাবলৈ মন গৈছিল। মানুহৰ পৰা বহু বেছি দূৰলৈ। কোলাহলৰ পৰা দূৰৰ নিৰ্বাক নৈঃশব্দ্যলৈ।
আজাদে এসময়ত কি ঠিকেই কৈছিল? বা ঠিকেই কৰিছিল? এই ঘৃণাত লেট খাই থকাতকৈ বহু বেছি দূৰৰ, চুব নোৱৰা এক পৰিসৰত কি নিজক সামৰি ৰখাই ভাল? মইতো ভাবি আছিলোঁ অত দিনে— প্ৰেম আৰু ঘৃণাৰে অহৰহ আৱৰি থকা এই মানুহেবাৰেই জীৱনৰ সকলো ঐশ্বৰ্য! কিন্তু কি দ্ৰুত গতিত সলনি হৈ গৈছিল মানুহৰ পৃথিৱী, মানুহৰ দেশ! ‘আৰ্থ’ চাই থাকোঁতে মোৰ কোঠালৈ সোমাই আহিব খোজা তেজৰ স্ৰোতটো বন্ধ দুৱাৰৰ তলেৰে যেন আকৌ কল্ কল্কৈ সোমাই আহিব খুজিছিল।
বিছনাত জড় হৈ মই কিমান দেৰি পৰি থাকিলোঁ, পাহৰিলোঁ। চৌপাশৰ পৰা হৰ্হৰাই বৈ অহা তেজে মজিয়াত ডোঙা বান্ধি থকাৰ দৰে এক অদ্ভুত, বিচিত্ৰ অনুভূতি হৈছিল মোৰ। বিছনাৰ পৰা নামি কোঠাৰ মজিয়াত ভৰি পেলাবলৈকো অস্বস্তি লাগিছিল। মই ভ্ৰমণপ্ৰিয় আজাদৰ সৈতে এক অজান্তি মুলুকলৈকে গুচি যোৱাৰ কথাই ভাবিছিলোঁ নেকি? আজাদৰ হাতত ধৰি? হাতত ধৰাৰো যে কি বিচিত্ৰ অৰ্থ! কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সেয়া অতিক্ৰম কৰি প্ৰেম, কেতিয়াবা মমত্ব, কেতিয়াবা ‘মই আছো তোমাৰ লগত’ — এনে এক সদৰ্থক বিশ্বাস!
মইনো কিয় আজাদৰ কথাই ভাবিলোঁ? এয়াতো প্ৰাতঃভ্ৰমণৰ মাত্ৰ এক চমু বাট নহয়, এয়া জীৱন জুৰি বাট বিচাৰি থকা এক তপস্যাৰে উত্তৰ নহয়নে? দুটাকৈ ভগ্ন সম্পৰ্কৰ খণ্ডহৰত থিয় হৈ হোৱা এই উপলব্ধি মোৰ বাবে আচলতে বৰ বিমূৰ্ত আছিল। আজাদৰ বাবে কি হ’ব— সেয়া মোৰ বাবে আৰু দোমোজাৰ কথা আছিল। অৱশ্যে মই জানিছিলো যে ধৰ্ম আৰু সমাজৰ চোকা অস্ত্ৰৰ ওপৰেৰে খোজ কাঢ়ি যোৱা এই বাট একেলগে যোৱাৰ পাছতো আচলতে অকলশৰীয়াই হ’ব।
কিন্তু জীৱন কল্পনাতকৈ বহুত বেছি কঠোৰ। আৰু বিলাসী বিভ্ৰমতকৈ বহু বেছি নিৰ্দয়। একে সময়তে কল্পনা কৰিব নোৱৰাকৈ আশ্চৰ্যকৰ। মুমূৰ্ষু আজাদক মই যেতিয়া হস্পিটেলত উদ্ধাৰ কৰিলোঁগৈ, তেতিয়া তাৰ বিছনাত মূৰ থৈ সদ্য বিচ্ছেদিত পত্নী মজিয়াতে বহি আছিল। কম বয়সীয়া যুৱতী যেন লগা আজাদৰ প্ৰাক্তন স্ত্ৰীয়ে মোৰ উপস্থিতিত খহি পৰা হিজাব ঠিক কৰি ল’লে। আগদিনা সুৰামত্ত অৱস্থাত মণিপুৰী বস্তিৰ কোনোবা এখন সস্তীয়া হোটেলত ঘটা হতাহতি, মাৰ-পিটৰ ঘটনাৰ পৰিণতি আছিল সেয়া। সম্প্ৰীতিৰ প্ৰদেশত নতুনকৈ বলা সাম্প্ৰদায়িক উন্মাদনাৰ লাইভ টেলিকাষ্ট আগ বঢ়াবলৈ খাপ পাতি থকা তৰুণ সাংবাদিকৰ দল এটিয়ে বাহিৰত একেবাৰে হাল্লা কৰিয়ে আছিল। অৱশ্যে আজাদ তেতিয়াও ঘটনাৰ বিৱৰণ আগ বঢ়াব পৰাকৈ সন্তুলিত অৱস্থাত নাই। মই আজাদৰ বাঁও হাতখন চুই চালোঁ— সোঁ ফালৰ হাত খামুচি তাৰ এসময়ৰ স্ত্ৰী বহি আছিল।
আজাদৰ হাতত উত্তাপ আছিল। আজাদে চকু দুটা মেলিব বিচাৰিলে। অৱশ্যে ফুলি ভীম্বাকাৰ হৈ যোৱা চকু দুটা মেলিলেও মেলা যেন অলেপা নালাগিল। মই মাথোঁ আজাদৰ প্ৰাক্তন পত্নীলৈ চাই ভাবি থাকিলোঁ— কিমান প্ৰেমৰ হুতাহ থাকিলে, নে দায়বদ্ধতা থাকিলে, নে আদালতেও ছিঙিব নোৱৰা আনুষ্ঠানিক বন্ধন থাকিলে মানুহে ঘৃণাৰ পাহাৰো অবিৰাম বগাই থাকিব পাৰে? বগাই বগাই বিচাৰি থাকিব পাৰে প্ৰেম গলি থকা সৰোবৰৰ উৎসমুখ?
পঞ্চানন হাজৰিকা
গৱেষক ছাত্ৰ, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ভ্ৰ্যম্যভাষ: ৯৪০১১৫১০৪৭