কুশল ডেকা
(এক)
সাহিত্য পাঠকৰ বাবে লেখকে যেতিয়াই এক কাল্পনিক টাৰ্গেট
গ্ৰুপৰ কথা ভাবে তেতিয়াই সকলো খেলিমেলি হয়৷ চৰিত্ৰ এক টিপিকেল বস্তু বুলি
বদ্ধমূল ধাৰণা এটা গঢ় লয়৷ বিষয়বস্তু, তাৰ প্ৰতিপাদন আৰু বক্তব্য
পূৰ্বনিৰ্ধাৰিত হৈ থাকে৷ সেয়া লেখকে নিজৰ মনৰ মাজত পাকঘূৰণি খাই নিজক মোহাৰি থকা
বিষয়বস্তু আবিষ্কাৰ কৰিবলৈ অক্ষম হোৱাৰ পৰিণতি৷ সাহিত্য কৃচ্ছ্ৰসাধনাৰ সলনি
বিলাসিতাৰ সামগ্ৰীলৈ অবনমিত হয়৷
এইকথা নিশ্চিত যে লেখক এগৰাকীৰ বক্তব্য অৱশ্যেই থাকিব৷
লেখকে বক্তব্য ৰাখিবলৈ গৈ পূৰ্বাপৰ ধাৰণাৰ দ্বাৰা পিষ্টও হ’ব৷ তথাপি মৌলিক সাহিত্য বোলোঁতে সি যিকোনো মূল্যৰ বিনিময়ত শ্লোগানধৰ্মিতাৰ
পৰা যিদৰে মুক্ত হোৱাটো জৰুৰী একেদৰে চৰিত্ৰসমূহৰ প্ৰতি ন্যায় প্ৰদান কৰাটোও
নিতান্তই প্ৰয়োজনীয়৷ লেখকগৰাকী চৰিত্ৰ
এটাৰ নিৰ্মম নিৰ্মাতা হ’ব নালাগে৷ গল্পকাৰগৰাকী আচলতে
গল্পৰটোৰহে গৰাকী৷ ভাস্কৰ্য শিল্পীয়ে কাল্পনিক ঐশ্বৰিক
চৰিত্ৰ এটা নিৰ্মাণ কৰোঁতে সাঁচত ঢালাই
কৰাৰ দৰে গল্পকাৰগৰাকীয়ে চৰিত্ৰ একোটাৰ স্বাধীনতা হৰণ কৰা কথাটো জোৰ-জবৰদস্তি হ’ব৷ তেনে প্ৰৱণতাই গল্পকাৰ আৰু পাঠকৰ মাজত
সৃষ্টি কৰে অলংঘনীয় প্ৰাচীৰ৷ তেনে নিৰ্মিতিৰে সৃষ্ট গল্প একোটাৰ পঠন হৈ পৰে পাঠকৰ
বাবে এক তিক্ত অভিজ্ঞতা৷
(দুই)
গল্প পাঠৰ এই গতানুগতিক তিক্ততাৰ পৰা অসমীয়া পাঠকক মুক্তি
দিবলৈ সচেতনভাৱে সক্ৰিয় গল্পকাৰৰ সংখ্যা অসমীয়া ভাষা সাহিত্যৰ
মজিয়াখনত আঙুলিৰ পাবত লিখিব পৰা৷ অভিনৱ আংগিক, সময় সাপেক্ষ বিষয় বস্তু, অলংকাৰৰ ক্লিচ্ছেক অৱজ্ঞা, মুক্ত
কঠনশৈলী, ভাষাৰ সীমাবদ্ধতাক উভালি পেলাবলৈ বদ্ধপৰিকৰ,
পৰম্পৰাগত চৰিত্ৰ চিত্ৰণক প্ৰত্যাহ্বান জনোৱাৰ দুঃসাহৰ স’তে আত্মিক যোগাযোগ অসমীয়া গল্পৰ জগতত পুতৌজনক বুলিব পৰা৷ ৰমন্যাসিক যুগৰ
সাহিত্য ধাৰাৰ ক্ষয়প্ৰাপ্ত ৰূপ আৰু ৰূপকৰ পৰা অসমীয়া সাহিত্যৰ স্বাধীনতা প্ৰাপ্তি
সুদূৰ পৰাহত যেন লগা এই গধপা আৰু ধূসৰ সময়ত নীলোৎপল বৰুৱাৰ
লেখিয়া লেখকৰ আবিৰ্ভাৱ পৰম প্ৰত্যয় আৰু স্বস্তিৰ বিষয়৷ কাহিনী, চৰিত্ৰৰ নিৰ্মিতি, মেদবহুল বৰ্ণনাধৰ্মিতা, ভাষাৰ শুচিবায়ুগ্ৰস্ততাৰ ধাৰণা সকলোকে
মুচৰি, সকলো দেৱাল মুহূৰ্মুহূ ভাঙি নীলোৎপলে উদ্ভাৱন কৰিছে গল্পকথনৰ এক অভিনৱ আৰু বিস্ময়কৰ বাগধাৰা৷ টিপিকেল
পৃষ্ঠভূমি আৰু চৰিত্ৰৰ কুছকাৱাজৰ পৰা মুক্ত তেওঁৰ গল্পত মননৰ যি অবাধ আৰু
ত্ৰিমাত্ৰিক স্বাধীনতা সি পাঠকৰ মনোজগতক নাভিমূললৈ আলোড়িত কৰে৷
(তিনি)
প্ৰাতঃস্মৰণীয় অসমীয়া কথাশিল্পৰ কাণ্ডাৰী চৈয়দ আব্দুল মালিক, মহিম বৰা, ভবেন্দ্ৰ নাথ শইকীয়া, ইমৰান শ্বাহ, শীলভদ্ৰ আদিয়ে পূৰ্বসূৰীসকলৰ সাহিত্যধাৰাৰ
পৰা প্ৰবাহিত পলস কঢ়িয়াই আনিছিল৷ সেইটো আছিল যুগসাপেক্ষ কাৰবাৰ৷ মৌলিকতাৰ দিশৰ পৰা
তেখেতসকলক কোনোপধ্যে প্ৰশ্ন কৰাৰ অৱকাশ নাথাকে৷ ভাষা-সাহিত্য যিহেতু গতিশীল সমাজ জীৱনৰ প্ৰতিফলন হ’বলৈ
বাধ্য, সেইবাবে স্বাভাৱিক কাৰণতে সাহিত্যক এখন বোৱতী নৈৰ সতে
ৰিজোৱা হয়৷
কথাশিল্পৰ
পৰম্পৰাগত ধাৰাটোৰ পৰা অসমীয়া সাহিত্যক মুক্তি দিবলৈ অহোপুৰুষাৰ্থ কৰা
গল্পকাৰ অসমীয়া সাহিত্যৰ বিস্ময় সৌৰভ কুমাৰ চলিহাদেৱৰ পৰা দেৱব্ৰত দাস,
মৌচুমী কন্দলীৰে আগবঢ়া নতুন এক যাত্ৰাৰ অসীম
সম্ভাৱনাক তুলি ধৰাৰ দায়িত্ব নিজে কান্ধ পাতি ল’বলৈ যেন
নীলোৎপল বৰুৱাই টঙালি বান্ধিছে৷ এইগৰাকী
চমকপ্ৰদ প্ৰতিভাৰ গল্পকাৰে আমাৰ সম্মুখত উন্মোচন কৰিছে গল্প কথনৰ বহুমাত্ৰিক
সম্ভাৱনা৷
কাহিনী, চৰিত্ৰৰ নিৰ্মিতি, মেদবহুল বৰ্ণনাধৰ্মিতা, ভাষাৰ শুচিবায়ুগ্ৰস্ততাৰ
ধাৰণা সকলোকে মুচৰি, সকলো দেৱাল মুহূৰ্মুহূ ভাঙি নীলোৎপলে উদ্ভাৱন কৰিছে এক অভিনৱ আৰু বিস্ময়কৰ
বাগধাৰা৷ টিপিকেল পৃষ্ঠভূমি আৰু চৰিত্ৰৰ কুছকাৱাজৰ পৰা মুক্ত তেওঁৰ গল্পত মননৰ যি
অবাধ আৰু ত্ৰিমাত্ৰিক স্বাধীনতা, সি পাঠকৰ মনোজগতক নাভিমূললৈ
আলোড়িত কৰে৷
(চাৰি)
প্ৰথম কথা তেওঁৰ গল্পৰ ভাষা৷ ভাষাৰ কোনো নিৰ্দিষ্ট ফৰ্মত
তেওঁ বিশ্বাসী নহয়৷ চৰিত্ৰ, তাৰ
পৃষ্ঠভূমি আৰু চিত্ৰায়নৰ ভাবগত দিশটোৱে দাবী কৰা সকলো বানান, শব্দ, বাক্যাংশ অথবা বাক্যক তেওঁ অস্ত্ৰোপচাৰ কৰা
নাই, বৰং তাৰ অংগক্ষত নোহোৱাকৈ ৰক্ষা কৰিবলৈহে তেওঁ
বদ্ধপৰিকৰ৷ এই নিষ্ঠা লেখক এজনৰ গল্পৰ আত্মাৰ প্ৰতি পবিত্ৰ ব্ৰত হোৱা উচিত৷ “গান্ধী
ফাগ্লা” শব্দ যুগলৰ মহত্ত্বও তাতেই৷ তেওঁ নিৰ্দ্বিধাই তাক “গান্ধী
পাগ্লা” হিচাপে তৈয়াৰ কৰিব পৰিলেহেঁতেন৷ কৰাৰ পূৰ্ণ কৰ্তৃত্ব লেখকৰ নিজৰ৷ কিন্তু
নকৰিলে৷ এই যে “ফাগ্লা”ই বহন কৰা যি ধ্বনিব্যঞ্জনা, সিয়েই তুলি
ধৰিছে কাহিনীৰ মূল চৰিত্ৰটোক৷ গল্পৰ আত্মাৰ নিৰ্যাস তাতেই নিহিত হৈ আছে৷ নিহিত হৈ
আছে নীলোৎপল বৰুৱা নামৰ গল্পকাৰ গৰাকীৰ সততা আৰু সাহস৷ গান্ধী ফাগ্লা সংকলনত অলেখ
এনে শব্দ অথবা শব্দগুচ্ছ আছে, যাৰ দ্বাৰা গল্পকাৰে পাঠক
হিচাপে আমাক দিছে আশ্চৰ্যকৰ সমৃদ্ধিৰ পৰিতৃপ্তি৷
যথা - অমৃতৰ
পৰিৱৰ্তে “অৰ্মিত “ তেনে এক লোকভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু সুবিচাৰ অথবা নীলোৎপল
বৰুৱাই চক্ৰ গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ চক্ৰধৰ নাথৰ পৰিচয় জ্ঞাপক ভাবে যেতিয়া “ইতি- আপোনাৰ একান্ত বিশ্বাসী” শৈলীৰ৷ জীৱনৰ
পৰ্যায়বৃত্ত অথবা আৱৰ্ত গতি সম্পৰ্কে তেওঁৰ তিলমানো ধাৰণা নাছিল৷” কথাখিনি কয় তেতিয়াই আমি এজন প্ৰচণ্ড শক্তিশালী
গল্পকাৰৰ সৈতে মুখামুখি হওঁ৷
(পাঁচ)
দ্বিতীয় কথা নীলোৎপল বৰুৱাৰ স্বাধীনতাৰ বাগধাৰা৷ গান্ধী ফাগ্লাৰ গল্পখিনিত পাঠকে প্ৰতি মুহূৰ্ততে
অনুভৱ কৰিবলৈ পাব এক অপৰিমেয় স্বাধীনতাৰ লুণীয়া স্বাদ৷ আপোনাৰ মোৰ
সমুখৰ এখন বহু-তৰপীয়া পৃথিৱী, তাৰ চৰিত্ৰ সমূহ৷ নীলোৎপলে তাৰ মাজৰ পৰাই তুলি ধৰিছে “ক”ক৷ “ক” কোনো প্ৰ’টাগনিষ্ট নহয়৷ তাৰ পৰিপ্ৰেক্ষিত, তাৰ সমাজ আৰু সেই
সমাজৰ পুৰাতন ৰসায়নহে প্ৰ’টাগনিষ্ট৷ “ক” সাধাৰণ ক্ৰীড়নক৷
এতিয়া নীলোৎপলে ক’ব, “ক” কি, ক’ত, কিয় বিখ্যাত ! নীলোৎপল “ক”ৰ
ওচৰত দায়ৱদ্ধ নহয়৷ তেওঁ তুলনামূলকভাৱে আপোনাৰ ওচৰতহে দায়ৱদ্ধ৷ নীলোৎপল “ক” আৰু
তাৰ প্ৰেক্ষাপট তৈয়াৰ কৰা নাই, তেওঁ আপোনাৰ মোৰ লেখীয়া
এগৰাকী দৰ্শক, তুলনামূলকভাৱে উদাসীন, নিৰ্লিপ্ত৷
কিন্তু এই নিৰ্লিপ্তি এই উদাসীনতা বেপৰোৱা নহয়৷ বৰং চৰিত্ৰক আমনি নকৰাকৈয়ে তাৰ ব্যৱচ্ছেদ আৰু পৰিপ্ৰেক্ষিতৰ পুংখানুপুংখ অধ্যয়ন কৰি তাৰ অভ্যন্তৰৰ স্বৰ
অনুস্বৰ আপোনাৰ মননত গুজি দিব৷ আপোনাৰ উপলব্ধি, আপোনাৰ
অনুভৱক কেইটামান শব্দ দিব, কিছু ধ্বনি ব্যঞ্জনা উপহাৰ দিব৷
এই আনুবীক্ষণিক পৰ্যৱেক্ষণৰ দায়িত্বহে মাথো নীলোৎপল নামৰ গল্পকাৰগৰাকীয়ে লৈছে৷
সেইবাবেই মই নীলোৎপলৰ গল্পত স্বাধীনতাৰ এক অন্তঃস্ৰোত আবিষ্কাৰ কৰি পুলকিত হওঁ৷
(ছয়)
তাৰ মানে লেখক হিচাপে নীলোৎপল বৰুৱাই সামাজিক দায়ৱদ্ধতাক অস্বীকাৰ কৰিলে নেকি ! এই প্ৰশ্নৰ উত্তৰটো তীক্ষ্ণভাৱে নেতিবাচক৷ আচলতে সামাজিক দায়বদ্ধতাৰ প্ৰশ্নটোত তেওঁ সাংঘাটিক সচেতন৷ গল্প কথনৰ বহুমাত্ৰিক বাগধাৰাটোত এগৰাকী সচেতন পাঠকে প্ৰতি মুহূৰ্ততে নীলোৎপলক সামাজিক ৰাজনৈতিক ইচ্ছ্যুসমূহক অৱজ্ঞা কৰাৰ পলায়নবাদী প্ৰৱণতাৰ বিপৰীতে থিয় হোৱা প্ৰতিৰোধকাৰীৰূপে আৱিষ্কাৰ কৰিব৷
সামগ্ৰিকভাৱে এই কথা ন দি ক’ব পাৰি যে ভৱিষ্যতৰ অসমীয়া গল্প সাহিত্যৰ জগতত
নীলোৎপলে এডোখৰ নিগাজি ঠাই উলিয়াই ল’ব৷ মোৰ বিশ্বাস একবিংশ
শতিকাৰ অসমীয়া ভাষাৰ যি নিত্য-নতুন সম্পৰীক্ষা হ’বলৈ ল’ব, সেই ধাৰাৰ পতাকাখন নীলোৎপল বৰুৱাই কঢ়িয়াব লাগিব৷
আশাকৰো তেওঁ এই গধুৰ দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় নিষ্ঠা, সাহস,
সততা আৰু যন্ত্ৰণা অকাতৰে মূৰ পাতি ল’ব৷
মূমুৰ্ষু ভাষা-সাহিত্যক সঞ্জীৱনী যোগোৱা পূণ্য কৰ্মটোৰ বাবে
তেওঁ এই ত্যাগ হাঁহিমুখে স্বীকাৰ কৰিব৷ এই প্ৰত্যয় আমি কিয় আহৰণ কৰিলোঁ তাৰ ব্যাখ্যা এনেধৰণৰ হ’ব নিশ্চয়: মূলতঃ নাট্য শিল্পৰ প্ৰতি তীব্ৰ আকৰ্ষণ বুকুত
লৈ ফুৰা কথাশিল্পী গৰাকীয়ে এসময়ত নাট্য আন্দোলনৰ বিস্ময় শুক্ৰাচাৰ্য ৰাভাৰ সৈতে একাত্ম
হৈ পৰিল৷ “শুক্ৰাচাৰ্য ৰাভা : যাত্ৰা আৰু মাত্ৰা “ শীৰ্ষক প্ৰথমখন গ্ৰন্থৰে লেখক
হিচাপে সৰ্বত্ৰে পৰিচিতি লাভ কৰা নীলোৎপল বৰুৱা এনে এক প্ৰতিভাৰ ষ্ফুলিংগ যাক মাথোঁ আশ্চৰ্য অভিধাৰে ব্যাখ্যা কৰিব পৰা যায়৷ একেই ধাৰাৱাহিকতা
প্ৰথমখন গল্প সংকলনৰ সম্পূৰ্ণ সংস্কৰণটো অসমৰ লেখিয়া মুলুকত এটা মাত্ৰ মাহৰ
ব্যৱধানত সমাপ্ত হৈ দ্বিতীয়টো সংস্কৰণ ছপা হৈ ওলোৱাৰ সময়ত আমাৰ এই মূল্যায়ন
কোনোপধ্যে অতিৰঞ্জন হ’ব নোৱাৰে৷
ঠিকনা :
চানমাৰি, গুৱাহাটী-৩
ভ্ৰাম্যভাষ : ৮০১১৩৫৩৯২৫