ড০ পোনা মহন্ত
ৰাজ্যখনৰ ধুবুৰী
জিলাৰ বিলাসীপাৰা প্ৰায় পঞ্চাছ হাজাৰৰো অধিক জনবসতিৰ এখন চহৰ, মহকুমাৰ সদৰ৷ হ’লেও
যেন নগৰখন, মানুহখিনি গুৱাহাটী বা তথাকথিত ‘মূলসুঁতি’ৰ পৰা বহু দূৰত৷ ভিন্ন ধৰ্মাৱলম্বী,
ভিন্ন ভাষা-ভাষী বিলাসীপৰীয়া লোকসকলে বোলে তেওঁলোকৰ স্থানীয় ভাষাটোক ‘দেশী’ বুলি কয়,
অসমীয়া বুলি নকয়৷ এনে এক পৰিৱেশত যে অসমীয়া ভাষা-সাহিত্য চৰ্চা কৰি সৃষ্টিশীল কৰ্মত
একাগ্ৰতাৰে লাগি থকা সাধাৰণ কথা নহয় সেইটো অনুমান কৰিব পাৰি৷ আনন্দ আৰু আশাৰ কথা যে
সময় আৰু প্ৰতিকূল অৱস্থাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি এগৰাকী উৎসাহী লেখিকাই কুৰি বছৰৰো
অধিক কাল ধৰি সৃষ্টিশীল ৰচনাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰাৰ সাধনাত নিৰৱচ্ছিন্নভাৱে
ব্ৰতী হৈ আছে৷ তেওঁ ইতিমধ্যে অনেক গল্প আৰু কবিতা ৰচনা কৰাৰ উপৰি প্ৰায় দহখন উপন্যাস
প্ৰকাশ কৰি পাঠক সমাজত জনপ্ৰিয় হোৱাৰ লগতে অসম সাহিত্য সভাৰ বঁটা লভিবলৈও সমৰ্থ হৈছে৷
বড়ো আৰু অসমীয়াৰ সমন্বয়ৰ চিত্ৰ ৰচনা কৰা এইগৰাকী লেখিকাৰ ‘দাহালথুংগ্ৰি’ নামৰ উপন্যাসখনে
(প্ৰ: বনলতা, ২০২০) দুয়োখন সমাজৰ পঢ়ুৱৈৰ মাজত সমাদৰ লাভ কৰা বুলি জানিব পৰা গৈছে৷ এইগৰাকী
একনিষ্ঠ সাহিত্যসেৱী হ’ল গীতালী বৰুৱা, যি অসমীয়া সাহিত্য ক্ষেত্ৰত পশ্চিম সীমান্তৰ
ধুবুৰী বিলাসীপাৰা-গোৱালপাৰাৰ সৈতে গুৱাহাটী তথা উজনিৰ মাজত সেতুবন্ধনৰ কামত অহৰহ লাগি
আছে৷ এওঁৰে শেহতীয়া উপন্যাস হ’ল ‘মৌজাল’ (পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী, নৱেম্বৰ, ২০২২)৷
“দাৰিদ্ৰ্য কি মই জানো৷
দৰিদ্ৰতাক জন্মৰ পৰাই লগ পাইছোঁ, উপলব্ধি কৰিছোঁ … সুখত আছা বাবেই তুমি বুজা নাই, দৰিদ্ৰতাৰ
চাবুক পৰিলে হৃদয়-মগজুৰ কিমান দলৈ শিপায়৷” এইয়া এজন পুৰুষে তেওঁৰ পত্নীক উদ্দেশ্যি
কোৱা কথা৷
সত্যব্ৰত নামৰ এই মানুহজন এসময়ত বৰ দুখীয়া আছিল৷ কিন্তু দৰিদ্ৰতাৰ বিৰুদ্ধে সজ উপায়েৰে যুঁজ নকৰি ইয়াক দমন কৰিবলৈ তেওঁ ব্যৱসায়-বাণিজ্যৰ আঁৰত নানা প্ৰকাৰৰ কূট-কৌশল প্ৰয়োগ কৰি সোঁৱে-বাৱেঁ ধন ঘটিবলৈ আৰম্ভ কৰে আৰু কম সময়ৰ ভিতৰতে এজন ধনী আৰু প্ৰতিপত্তিশীল ব্যক্তি হৈ উঠে৷ তেওঁৰ দুই কন্যা নিহাৰিকা আৰু দেৱলীনা দেউতাকে আয়াসতে ঘটা ধন-সম্পত্তিৰ ভটিয়নী সোঁতত উটি-ভাঁহি গৈ এটা সময়ত জীৱন-জাঁজিত লাগি ককবকাব লগা হয়৷ কিন্তু পুত্ৰ বেদব্ৰত সম্পূৰ্ণ ওলোটা৷ অধ্যয়নশীল আৰু ধীৰ-স্থিৰ স্বভাৱৰ এই যুৱকজনে পিতৃৰ অপকৰ্মৰ অংশীদাৰ নহৈ ইয়াৰ বিৰুদ্ধে নিৰৱ প্ৰতিবাদ কৰি নিজৰ মতে চলি থাকে৷ ঠেক গণ্ডীৰ পৰিয়ালটোৰ কেন্দ্ৰত অৱস্থান কৰা মাতৃ মৃণালিনী নাৰীসুলভ প্ৰেম, ধৈৰ্য আৰু সহিষ্ণুতাৰ প্ৰতীকস্বৰূপ হ’লেও আৰু তেওঁৰ স্বামীৰ অসৎ পথেৰে ধন ঘটা কাৰ্য আৰু আন অপকৰ্মৰ ঘোৰ বিৰোধী হ’লেও প্ৰয়োজনীয় বৌদ্ধিক সবলতাৰ অভাৱত ভিন্নমুখী চৰিত্ৰকেইটাক একগোট কৰি ৰাখিব পৰা নাই৷ ধনকুবেৰ সত্যব্ৰত ‘কৌশলী’ আৰু বিপথগামী নাৰীৰ প্ৰলোভনত পৰি সৰ্বশ্ৰান্ত হোৱাৰ পথত; পিতৃয়ে অসৎ উপায়ে ঘটা ধনৰ চিক্মিকনিত প্ৰকৃত সত্য আৰু বাস্তৱক মণিব নোৱৰা নিহাৰিকা আৰু দেৱলীনাও এসময়ত দৈহিক আৰু মানসিকভাৱে সৰ্বস্বান্ত৷ অৱশেষত যেনিবা অশেষ নিৰ্যাতন আৰু যন্ত্ৰণাৰ মূৰত আৰু অধ্যয়নশীল ভাতৃ বেদব্ৰত আৰু তেওঁৰ প্ৰেয়সী আৰু হ’বলগীয়া পত্নী নয়নাৰ প্ৰভাৱত দুই বিপথগামী কন্যাৰ চকু মেল খায় আৰু বেদব্ৰতৰ দৰে তেওঁলোকেও পিতৃৰ কুপথেৰে আৰ্জিত ধনৰ ওপৰত নিৰ্ভৰ নকৰি স্বাৱলম্বী হোৱাৰ পথ বাচি লয়৷ মাতৃ মৃণালিনীয়েও গ্ৰন্থ অধ্যয়নৰ যোগেদি সকলো মানসিক কষ্ট পাহৰি সুপুত্ৰৰ আশ্ৰয়ত জীৱনটো নতুনকৈ উদযাপন কৰিবলৈ সাজু হয়৷ ইফালে সকলো অপকৰ্মৰ ফল হিচাপে এটা সময়ত সত্যব্ৰতেও তেওঁ বেঁকা পথেৰে অৰ্জা ধন-সম্পত্তি, ঘৰ-বাৰী আটাইবোৰ হেৰুৱাই নিঃস্ব হৈ পৰে আৰু শেষ আশ্ৰয়ৰ থল হয়গৈ পুত্ৰ বেদব্ৰত৷ এইদৰে স্ব-আৰ্জিত শাৰিৰীক-মানসিক কষ্ট আৰু পীড়াৰ (Suffering) মাজেদি যেন নিহাৰিকা, দেৱলীনা আৰু সত্যব্ৰতে জীৱনৰ প্ৰকৃত সত্য উপলব্ধি কৰিবলৈ সক্ষম হয়৷ শাৰিৰীক-মানসিক দুখ-কষ্ট-বেদনা অবিহনে কেৱল ভোগবাদত মজি থাকি মানুহে জীৱনৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব নোৱাৰে৷ এই চিৰন্তন সত্যটো বেচ সংবেদনশীলভাৱে উদ্ভাসিত হৈছে উপন্যাসখনত৷
‘মৌজাল’ সম্পূৰ্ণৰূপে
এখন পৰিয়ালকেন্দ্ৰিক বা পৰিবাৰিক উপন্যাস৷ ইয়াত চিত্ৰিত পৰিয়ালটো সাধাৰণ মধ্যবিত্ত
বা উচ্চ মধ্যবিত্ত পৰিয়াল নহয়৷ অৱশ্যে সংখ্যাত সামান্য হ’লেও অসমত বা অসমীয়াৰ মাজত
এনে পৰিয়ালৰ অভাৱ নাই৷ প্ৰকাণ্ড ঘৰ-বাৰী, দামী গাড়ী, ড্ৰাইভাৰ, মালী, ৰান্ধনী-বাঢ়নি,
চকীদাৰ প্ৰমুখ্যে অনেক বনকৰা মানুহেৰে পৰিপূৰ্ণ এখন ঘৰ৷ কেৱল হাত ধুই খোৱাৰ টেবুলত
বহাৰ বাহিৰে ঘৰখনৰ মানুহখিনিৰ কৰিবলৈ একোৱেই নাই৷ এনে এক পৰিৱেশে পৰিয়ালৰ সদস্যসকলৰ
মাজতো সৃষ্টি কৰিছে সম্পৰ্কৰ এক কৃত্ৰিমতা৷ পৰিস্থিতি এনে হৈছেগৈ যে একেখন চালৰ তলত
থাকিলেও পিতৃয়ে সন্তানহঁতৰ সৈতে মুখামুখিকৈ কথা নেপাতে, পাতে নিজৰ নিজৰ কোঠাৰ পৰা স্মাৰ্টফোনৰ
যোগেদি৷ এনে এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সহিব নোৱাৰি মৃণালিনী মানসিকভাৱে ভাগি পৰে৷ শেষত
যেনিবা পুত্ৰ বেদব্ৰতৰ সাহস, গ্ৰন্থ অধ্যয়ন আৰু যথোপযুক্ত চিকিৎসাই তেওঁক সুস্থ-সবল
কৰি তোলে৷ মানুহৰ চাৰিত্ৰিক উৎকৰ্ষ সাধনৰ বাবে উপযুক্ত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ
ওপৰত গুৰুত্ব প্ৰদান কৰা কথাটো উপন্যাসখনৰ এটা চকুত পৰা দিশ৷
উপন্যাসখনত লেখিকাই কেতবোৰ চিন্তনীয় কথা কৈছে৷ “সংসাৰ মাথো মায়া-মোহ-প্ৰীতিৰ সাগৰ৷
কোনোবাই যদি আত্মীয়ৰ মায়া-মোহত বিভোৰ হয়, কোনোবাই বৈষয়িক মায়া-মোহত৷” পিছৰ বিধে মানুহক
দুৰাকাংক্ষী কৰি তোলে আৰু ইয়াৰ পৰিণাম কেনে হ’ব পাৰে, সেয়া মৌজাল-ত দেখুওৱা হৈছে৷ উপন্যাসখনৰ
নামটোও বেছ অৰ্থপূৰ্ণ৷ মন কৰিব, ‘মৌজাল’হে, বৰল বা কঁদোৰ জাল নহয়৷ পৰিৱেশৰ কৃত্ৰিমতা,
সম্পৰ্কৰ তিক্ততা, বুজাবুজিৰ অভাৱ আদি অনেক নেতিবাচক ক্ৰিয়াই কাম কৰি থাকিলেও উপন্যাসখনৰ
চৰিত্ৰবোৰ জনা-নজনাকৈ আত্মীতাৰ একপ্ৰকাৰ মৌজোলেৰে সিক্ত হৈ আছে, যাৰ বাবে তেওঁলোকৰ
পুনৰ্মিলন সহজ হৈছে৷ পাৰস্পৰিক প্ৰেম, আত্মিক উপলব্ধি আৰু বুজা-বুজিৰ অবিহনে ভিন্নমুখী
সদস্যৰে গঠিত পৰিয়াল এটা তিষ্ঠি থাকিব নোৱাৰে৷ গাঁও, চুবুৰী, দেশ, জাতি বা ৰাষ্ট্ৰৰ
ক্ষেত্ৰতো একে কথা৷
সংলাপপ্ৰধান উপন্যাসখনৰ
চৰিত্ৰবোৰ তেওঁলোকৰ কথা-বতৰাৰ মাজেদি সুন্দৰকৈ প্ৰকাশ পাইছে৷ ‘উচ্চ’ শ্ৰেণীৰ প্ৰধান
চৰিত্ৰকেইটাৰ উপৰিও জুমন, ধনকাই, মনেশ্বৰ মালী প্ৰভৃতি সাধাৰণ চৰিত্ৰকেইটা জীৱন্ত ৰূপত
প্ৰকাশ কৰাত ঔপন্যাসিকা সফল হোৱা বুলিব লাগিব৷ যথোপযুক্ত ভাষাৰ প্ৰয়োগ এইক্ষেত্ৰত সহায়ক
হৈছে৷ তদুপৰি নৈ, সাগৰ আদি প্ৰকৃতিৰ অনুপম প্ৰপঞ্চৰ প্ৰতীকী প্ৰয়োগে গ্ৰন্থখনক গাম্ভীৰ্য
প্ৰদান কৰাৰ লগতে সুখপাঠ্য কৰি তুলিছে৷
উদাহৰণস্বৰূপে, মৃণালিনীৰ বিষয়ে এইদৰে কোৱা হৈছে: “মৃণালিনীও এদিন নৈৰ দৰে আছিল৷ সপোনৰ
চৰায়ে গীত গাই জোনাক সিঁচিছিল নৈখনত৷ প্ৰেমৰ অলেখ সৰু-বৰ ঢৌ বৈছিল ৰসাল বুকুৰ ওপৰেৰে৷
ক্ৰমান্বয়ে বাম হৈ আহিল নৈৰ বুকু৷ নিশাচৰ পখীয়ে নৈৰ বুকুত আঁউসী নমায়৷ শুকান বুকুত
এতিয়া আৰু ঢৌ নুঠে৷” (পৃ: ৪৬) বৰ্ণনাত কিছু ৰোমান্তিকতা থাকিলেও নৈৰ উপমাৰে মৃণালিনীৰ
চৰিত্ৰটো জীৱন্তৰূপত দাঙি ধৰা হৈছে৷
সুন্দৰ ছপা আৰু চকুত
লগা প্ৰচ্ছদেৰে গীতালী বৰুৱাৰ ‘মৌজাল’ এখন পঢ়ি ভাল লগা উপন্যাস৷ বৰ্ণাশুদ্ধিয়ে আমনি
নকৰা এই উপন্যাসখনৰ প্ৰতি পাঠক সমাজে আদৰ জনাব বুলি আমাৰ বিশ্বাস৷