অসীম কুমাৰ হাজৰিকা
‘গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড’ৰ সম্পাদক মৰ্টিমাৰ জে. এডলাৰে ‘ড্ৰিমটাইগাৰ্ছ’ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক কীৰ্তি হিচাপে ঘোষণা কৰিছে৷ গ্ৰন্থখনৰ স্ৰষ্টা বৰ্হেছৰ মতে ই তেওঁৰ একান্তই ব্যক্তিগত ৰচনা৷ ড্ৰিমটাইগাৰ্ছ মূলতঃ কবিতা আৰু গদ্যৰ এক অভিনৱ সংমিশ্ৰণ৷ ড্ৰিমটাইগাৰ্ছ নামটো ইংৰাজীলৈ অনুবাদ কৰোঁতেহে ৰখা হৈছিল৷ মূল শব্দ আছিল ‘EI Hacedor’ অৰ্থাৎ সৃষ্টিৰ গৰাকী৷ Mildred Boyer আৰু Harold Morland-য়ে ইংৰাজীলৈ বৰ সুন্দৰভাৱে এই কিতাপখন অনুবাদ কৰিছিল৷ গ্ৰন্থখনৰ আগকথা লিখিছিল Miguel Engudunos-য়ে৷ কিতাপখনৰ ঢাকনিপাতত Antonio Frasconi-য়ে উড্কাটত (Woodcut) কৰা এখন ভয়ংকৰ বাঘৰ ছবি মুদ্ৰিত হৈছে৷ বৰ্হেছৰ এই বিপুল সমাদৃত কিতাপখনৰ অন্তৰ্ভাগলৈ প্ৰৱেশ কৰিলে পাঠকে সম্পূৰ্ণকৈ অন্য এখন জগতত পিয়াপি দিবলৈ সুযোগ পায়৷ এক অৰ্থত ক’বলৈ গ’লে, এক সূক্ষ্ম আৰু জৈৱিকভাৱে অন্তৰ্দৃষ্টিসম্পন্ন আত্মপ্ৰকাশ ড্ৰিমটাইগাৰ্ছ৷
‘যথাৰীতি’ শীৰ্ষক গ্ৰন্থত অসমৰ অন্যতম শক্তিশালী সমালোচক প্ৰভাত বৰাই ড্ৰিমটাইগাৰ্ছ পঢ়ি পুলকিত হোৱাৰ অনুভৱ ব্যক্ত কৰিছিল এনেদৰে- ‘দামটো উচল কৰোঁ বুলিয়ে এই ক্ষুদ্ৰ কিতাপখন দহ ৰাতিমান পঢ়িলোঁ৷ ‘কনিয়াক’ চুহি জুতি লোৱাৰ দৰে প্ৰতিটো শব্দই, প্ৰতিটো শাৰীয়েই চুহি চুহি পঢ়িছিলোঁ৷ দামটো উচল হোৱাতকৈও মোৰ বহুত বেছি লাভ হ’ল৷ ইয়াৰ আগতে আন কোনো বিদেশী কবিতা পঢ়ি মই ইমান ৰস-তৃপ্ত হোৱা নাছিলোঁ’ (২১৪)৷ বৰাৰ মন্তব্যই বৰ্হেছৰ শক্তিশালী সৃজনশৈলী সম্পৰ্কে পাঠকক এক আভাস দিছে৷ বৰ্হেছৰ মতে, গ্ৰন্থ হ’ল মানৱ কল্পনা আৰু স্মৃতিশক্তিৰ সম্প্ৰসাৰণ৷ সাহিত্য সপোন, এক নিয়ন্ত্ৰিত সপোন৷ বৰ্হেছে বিশ্বাস কৰিছিল যে আমাৰ অতীত সপোনৰ ক্ৰমৰ বাহিৰে বিশেষ একো নহয়৷ তেওঁৰ মতে সপোন দেখা আৰু অতীতক মনত ৰখাৰ মাজত কোনো পাৰ্থক্য নাই৷ নিঃসন্দেহে ড্ৰিমটাইগাৰ্ছ বৰ্হেছৰ এক চমৎকিত আৱিষ্কাৰ৷ ড্ৰিমটাইগাৰ্ছে সৃষ্টিশীল শিল্পী আৰু বাস্তৱিক জগতৰ সপোনৰ মাজত থকা ৰহস্যময় ভূখণ্ড বিচক্ষণতাৰে অন্বেষণ কৰিছে৷
গ্ৰন্থখনৰ মূল দৃষ্টিভংগী হ’ল পুথিভঁৰালে ঘেৰি থকা নিশ্চিন্ত চেতনাৰ মাজত অতীতক তেওঁ জুমি চায়৷ যেতিয়া তেওঁ এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব কিন্তু কিতাপৰ কালজয়ী জগতখনত তেঁওৰ বক্তব্য হোমাৰ, ডন কিহোতে (Don Quixote), শ্বেইক্সপীয়েৰ আদিৰ দৰে অতীতৰ অমৰ ব্যক্তিত্বৰ সৈতে একেলগে থাকি যাব৷ হোমাৰৰ দৰে এই সপোনবোৰৰ নিৰ্মাতাজনৰো দৃষ্টিশক্তি বিকল হৈ পৰে৷ তথাপি তেওঁ বাঘৰ বাস্তৱ আৰু কল্পিত সপোন দেখে; সৰ্বোপৰি সূক্ষ্ম অন্তৰ্দৃষ্টিসম্পন্ন জীৱনৰ প্ৰতিফলনেৰে আত্মকেন্দ্ৰিক আৰু কল্পনাৰ জগতখনত হেৰাই যোৱা জীৱনৰ নিৰ্লোভ চিত্ৰ অংকণ কৰে৷ এই সম্পৰ্কত The New Yorker নামৰ জনপ্ৰিয় আলোচনীখনে বৰ্হেছৰ ড্ৰিমটাইগাৰ্ছ গ্ৰন্থ সন্দৰ্ভত কৰা পৰ্যবেক্ষণ বিশেষভাৱে উল্লেখযোগ্য- ‘One feels in Dreamtigers a calm, an intimation of a truce, a tranquil fragility. Like so many last or near-last works... Dreamtigers preserves the author’s life-long concerns, but drained of urgency: horror has yielded to a resigned humorousness.’ (The New Yorker)৷
কিছু লোকে বিশ্বাস কৰে যে আধুনিক সাহিত্যই সমাজ আৰু ৰাজনৈতিক বিকল্পসমূহ ব্যাখ্যা কৰাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰা উচিত বা, একান্তই শৈল্পিক হোৱা উচিত৷ তেওঁলোকে বৰ্হেছৰ কামৰ ক্ষেত্ৰত এই যুগৰ বাস্তৱ সমস্যাবোৰৰ সৈতে সংপৃক্ত নোহোৱা, মাত্ৰাধিক বিমূৰ্ত ধাৰণা আৰু ভাষাৰ সৌন্দৰ্যত মত্ত হৈ থকা বুলি ভাবি লয়৷ যি কি নহওক, এই দৃষ্টিভংগীয়ে পৰিস্থিতিটো অধিক সৰল কৰি তুলিছে৷ ই কাফকা বা কেমুৰ দৰে নৈতিকতাবাদীৰ শৈল্পিকতাক বা মুছিল, ভালেৰী, বেকেট, বা স্বয়ং বৰ্হেছৰ কামৰ তীব্ৰ অস্তিত্ববাদী ধাৰণাসমূহৰ সঠিক মূল্যায়ন নকৰে৷ এই লেখকসকল সেই সময়ত মহৎ লেখক হিচাপে পৰিগণিত হৈছিল৷ তেওঁলোকে এক আধুনিক মনোভাব লগত লৈ ফুৰিছে যি একে সময়তে পৰিচিত পৃথিৱীত অসন্তুষ্টি ব্যক্ত কৰিছে আৰু এতিয়া ইয়াৰ নাজুক স্বভাৱটোক বুজিবলৈ আগ্ৰহী হৈ পৰিছে৷
এজন লেখকৰ গৰিমা, মহানতাৰ পৰিমাপ সমালোচনাত্মক সচেতনতাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে৷ অভিজ্ঞ জীৱনৰ তাৎক্ষণিকতাৰ বাহিৰেও, যি চিন্তা আৰু ৰূপৰ পৰম্পৰাৰ পৰা তেওঁ বিশ্বাস আহৰণ কৰে, তাৰ প্ৰতি থকা দায়ৱদ্ধতাৰ পৰাই তেওঁ নিজৰ শক্তি আহৰণ কৰিব লাগিব৷ আৰ্জেণ্টিনাৰ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছে তেওঁৰ জন্মস্থান বুয়েনছ আয়াৰ্ছক ভাল পাওক বা নাপাওক, কিন্তু দীৰ্ঘসময় ধৰি ভ্ৰমণকাৰী আৰু বিদেশত বসতি স্থাপন কৰাৰ পিছতো তেওঁ জন্মভূমিৰ লগত আত্মিকভাৱে সম্পৰ্কিত হৈ আছে৷ এই সম্পৰ্কে ১৯৪৩ চনত বৰ্হেছে উল্লেখ কৰা এষাৰ কথালৈ মনত পৰিছে , ‘this city I thought was my past is really my future, my present: the years I have lived in Europe are illusory, I have always been (and will be) in Buenos Aires.’ (Poemas, ১৯২৩-১৯৫৮)
আৰ্জেণ্টিনাৰ প্ৰতি বৰ্হেছৰ মোহ যিমানেই শক্তিশালী নহওক কিয়নো; তেওঁৰ সাহিত্যিক আৰু ঐতিহাসিক ৰচনাৰ লগতে তেওঁৰ কবিতা আৰু কল্পকাহিনীবোৰত ইংৰাজী আৰু আমেৰিকান সাহিত্য আৰু ইউৰোপীয় দৰ্শন ব্যাপকভাৱে প্ৰতিফলিত হৈছিল৷ তেওঁৰ কবিতা (Fervor de Buenos Aires, ১৯২৩)-ৰ পৰা আৰম্ভ কৰি মননশীল গল্প আৰু চিন্তাৰ সংকলনসমূহলৈকে (Historia Universal de la Infamia, ১৯৩৫; Ficciones, ১৯৪৪; EL Aleph, ১৯৪৯; Otras Inquisitiones, ১৯৫২) সময়ৰ ক্ষয়িষ্ণু অভিজ্ঞতাই যন্ত্ৰণাদগ্ধ কৰা মানুহৰ জীৱন আৰু এনে এখন পৃথিৱীৰ স্বৰূপৰ বিষয়ে ধাৰণা দিবলৈ চেষ্টা কৰে য’ত বাস্তৱৰ নিৰ্মম চিত্ৰ প্ৰতিফলিত হৈছে৷ সেই সময়ৰ অন্য আদৰ্শ লেখকসকলৰ দৰে বৰ্হেছৰ সৃষ্টিসমূহত মানৱ ধাৰণা আৰু জ্ঞানৰ পৰিসৰৰ প্ৰতি এক আৱেগিক কৌতূহল প্ৰকাশ পায়৷ কল্পনাৰ মাজত জীৱনৰ অন্বেষণ আৰু এই ক্ষেত্ৰত বস্তু, বিষয়, বাস্তৱ আৰু সপোন- ইটোৱে সিটোৰ লগত সংপৃক্ত হৈ পৰে, যাৰ বাবে বৰ্হেছৰ সৃষ্টিৰ লগত নিজকে একাত্ম কৰিবলৈ পাঠকে সহজবোধ কৰে৷
জৰ্জ লুইছ বহেৰ্ছৰ ‘ড্ৰিমটাইগাৰ্ছ’ এক উৎকৃষ্ট সংকলন য’ত মানৱ চেতনাৰ জটিল অৱস্থা, স্মৃতি আৰু পৰিচয় মননশীলতাৰে পৰিস্ফুত হৈছে৷ ‘টু লিওপল্ডো লুগনেছ’ আৰু ‘দ্য মেকাৰ’ৰ দৰে গল্পই বহেৰ্ছৰ দাৰ্শনিক অনুসন্ধানক সাহিত্যিক সৃষ্টিশীলতাৰে সংযুক্ত কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে৷ ‘টু লিওপল্ডো লুগনেছ’ গল্পৰ মাধ্যমত বহেৰ্ছে পূৰ্বসূৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আত্মমন্থনত লিপ্ত হৈছে৷ এই কাহিনীটোৱে আৰ্জেণ্টিনাৰ সাহিত্যলৈ লুগনেছৰ অৱদানৰ প্ৰতি বহেৰ্ছৰ অন্তৰত থকা গভীৰ সন্মান প্ৰতিফলিত কৰিছে আৰু বহেৰ্ছৰ সাহিত্যিক মান উৰ্ধ্বগামী কৰি তুলিছে আৰু এই কাৰ্যই লাতিন আমেৰিকাৰ সাহিত্যৰ বিশাল পৃথিৱীখনক বহেৰ্ছৰ গল্পক অধিক জনাজাত কৰি তুলিছে৷ এনেয়ো লাতিন আমেৰিকাৰ দেশবোৰত সাহিত্যৰ আলোচনা-সমালোচনাত উপন্যাস বা কবিতাৰ তুলনাত গল্পহে আধিক জনপ্ৰিয়৷ আনহাতে, ‘দ্য মেকাৰ’ৰ মাজত সৃষ্টিৰ ধাৰণা আৰু কলাত্মক প্ৰেৰণাৰ প্ৰতাৰণামূলক প্ৰকৃতিৰ বিষয়ে সন্ধান কৰিছে, যিটো বহেৰ্ছৰ সমগ্ৰ সাহিত্য কৰ্মৰে এক পুনৰাবৃত্তিমূলক বিষয়বস্তু৷ ধ্ৰুপদী আৰু সাহিত্যিক ইংগিতৰ আধাৰত বহেৰ্ছে নিজৰ আখ্যানক এক সমৃদ্ধ আন্তঃপাঠ্য-কাঠামোৰ ভিতৰত ৰাখিছে আৰু তেওঁৰ পূৰ্বসূৰী আৰু সমসাময়িক উভয়ৰে সৈতে গভীৰ কথোপকথনত লিপ্ত হৈছে৷
বহেৰ্ছৰ গল্প ‘ডাইলগ অন এ ডাইলগ’ আৰু ‘দ্য ড্ৰেপড মিৰ’ৰছ’ৰ মাাজত আন্তঃপাঠ্যজনিত বিশিষ্টতাৰ উমান পাও, য’ত বহেৰ্ছে কাহিনীৰ মাজত প্ৰতিফলন আৰু বহুত্ববাদী ধাৰণাৰ সৈতে খেলা কৰিছে৷ ‘ডাইলগ অন এ ডাইলগ’ত তেওঁ সংলাপৰ ধৰণ আৰু ইয়াত থকা অৰ্থৰ স্তৰসমূহ বিভাজিত কৰিবলৈ মেটা-নেৰেটিভ (meta-narrative) পদ্ধতি ব্যৱহাৰ কৰিছে৷ এই ধৰণৰ গল্পক প্লেট’নিক সংলাপৰ কথা মনত পেলোৱা এক দাৰ্শনিক অনুশীলন হিচাপে চাব পাৰি, তথাপি ই খণ্ডিত আত্মাৰ প্ৰতি আধুনিকতাবাদী তন্ময়তাৰ প্ৰতিধ্বনি দিয়ে৷ ‘দ্য ড্ৰেপড মিৰ’ৰ্ছে’ বাস্তৱ আৰু ভ্ৰমৰ বিষয়বস্তু অন্বেষণ কৰিবলৈ বহেৰ্ছৰ কামৰ এটা পুনৰাবৃত্তিমূলক প্ৰতীক দাপোণৰ মটিফ ব্যৱহাৰ কৰিছে৷ লীৱিছ কেৰলৰ ‘থ্ৰু দ্য লুকিং-গ্লাছ’ আৰু আনকি ধ্ৰুপদী পৌৰাণিক কাহিনীৰ দৰে ৰচনাৰ সৈতে এই কাহিনীটোৰ আন্তঃপাঠ্য সংযোগে বাস্তৱ আৰু কল্পনাৰ মাজৰ সীমাৰ প্ৰতি বহেৰ্ছৰ আকৰ্ষণ প্ৰকট হৈছে৷ এই আখ্যানসমূহে পাঠকক বহেৰ্ছৰ সাহিত্য দৰ্শনৰ কেন্দ্ৰীয় বিষয়বস্তু উপলব্ধিৰ নিৰ্ভৰযোগ্যতা আৰু পৰিচয়ৰ তৰলতাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰে৷
‘ড্ৰিমটাইগাৰ্ছ’ৰ অন্যতম শক্তিশালী কাহিনী ‘বৰ্হেছ এণ্ড আই’ত বহেৰ্ছৰ প্ৰাতিম্বিক (personal) আৰু অন্য জীৱনৰ প্ৰতি থকা অন্বেষণক সামৰি লৈছে৷ এই কাহিনীটো লেখকৰ অস্তিত্বৰ দ্বৈততাৰ ওপৰত যেন এক মাৰ্মান্তিক ধ্যান, য’ত বৰ্হেছৰ সামাজিক ব্যক্তিসত্ত্বা আৰু সাধাৰণ ব্যক্তিসত্ত্বাৰ মাজৰ ৰেখাডাল ম্লান কৰি পেলাইছে৷ এই আখ্যানটোৱে ৰবাৰ্ট লুই ষ্টিভেনছনৰ ‘দ্য ষ্ট্ৰেঞ্জ কেছ অৱ ড° জেকিল এণ্ড মিষ্টাৰ হাইড’ আৰু ফিয়োদৰ দস্তয়েভস্কিৰ ‘দ্য ডাবল’ৰ দৰে গ্ৰন্থত পোৱা বিষয়বস্তুৰ সৈতে সম্পৰ্কিত কৰিব পাৰি৷ এই দুয়োখন গ্ৰন্থই দ্বৈত পৰিচয়ৰ জটিলতাৰ বিষয়ে আলোচনা কৰিছে৷ তদুপৰি ‘বহেৰ্ছ এণ্ড আই’ক বহেৰ্ছৰ পূৰ্বৰ চুটিগল্পৰ সংকলন যেনে ‘দ্য আলেফ’ আৰু ‘ফুনেছ, দ্য মেম’ৰিয়াছ’ত উত্থাপিত অস্তিত্ববাদী অনুসন্ধানৰ ধাৰাবাহিকতা হিচাপে চাব পাৰি য’ত স্মৃতিশক্তিৰ ধৰণ আৰু আত্মৰূপ সমালোচনাত্মকভাৱে পৰীক্ষা কৰা হৈছে৷ এই ধৰণৰ আন্তঃপাঠ্যতাৰ প্ৰয়োগ আৰু বিষয়ভিত্তিক ধাৰাবাহিকতাৰ জৰিয়তে বৰ্হেছে কেৱল নিজৰ খণ্ডিত পৰিচয়কে প্ৰতিফলিত কৰা নাই, বৰঞ্চ মানৱ অভিজ্ঞতাৰ চিন্তনত নিজক বুজিপোৱাৰ গুৰুত্বক অনুধাৱন কৰিবলৈ পাঠকক আমন্ত্ৰণ জনাইছে৷
বিভিন্ন দেশৰ সমালোচকে বহেৰ্ছৰ কাহিনীৰ ওপৰত বিস্তৃত মন্তব্য আগবঢ়াই সাহিত্যৰ ওপৰত থকা ইয়াৰ গভীৰ প্ৰভাৱ দেখুৱাইছে৷ আৰ্জেণ্টিনাৰ সমালোচক বিট্ৰিজ চাৰ্লোৱে (Beatriz Sarlo) লিখিছে যে বৰ্জেছৰ কাহিনী ‘বাস্তৱ আৰু কল্পনা নিৰৱচ্ছিন্নভাৱে একত্ৰিত হোৱা এখন আলিজঁটময় (labyrinthine) পৃথিৱী’ উন্মোচন কৰে, যিয়ে বাস্তৱ আৰু কাল্পনিকতাৰ অনন্য ভাৱে সংমিশ্ৰণ কৰিব পৰা দক্ষতাৰ কথা প্ৰকাশ কৰিছে৷ ইফালে, আমেৰিকাৰ প্ৰখ্যাত সাহিত্য সমালোচক হেৰল্ড ব্লুমে বহেৰ্ছক ‘বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ লেখক’ বুলি অভিহিত কৰিছে, বিশেষকৈ তেওঁৰ ‘ব্যাপ্ত দাৰ্শনিক আলোচনাক সুন্দৰ, সংক্ষিপ্ত আখ্যানলৈ ঘনীভূত’ কৰিব পৰাৰ ক্ষমতাৰ বাবে৷ স্পেনিছ সমালোচক জেভিয়াৰ মাৰিয়াছে (Javier Marias) বহেৰ্ছৰ ‘ভাষাৰ নিৰ্ভুলতা আৰু পৰিশীলিত অনুশীলনৰ বাবে প্ৰশংসা কৰিছে৷ মাৰিয়াছৰ বিশ্বাস-বৰ্হেছে জটিল দাৰ্শনিক ধাৰণাসমূহক সহজবোধ্য কৰি সুখপাঠ্যলৈ ৰূপান্তৰিত কৰিব পাৰে৷ ফৰাচী দাৰ্শনিক মিশেল ফুকোৱেও বহেৰ্ছৰ প্ৰশংসা কৰি কয় যে তেওঁৰ কামে ‘পৰম্পৰাগত আখ্যানৰ সীমা অতিক্ৰম কৰি পাঠকক সাহিত্যৰ জলঙাৰে বাস্তৱক বুজি পাবলৈ এক নতুন বাট দেখুৱায়৷’ এই বৈচিত্ৰ্যময় দৃষ্টিভংগীসমূহে বহেৰ্ছৰ আখ্যানমূলক সৰলতাক সাৰ্বজনীন আবেদন আৰু গভীৰ দাৰ্শনিক অনুসন্ধানৰ সৈতে সংযুক্ত কৰিব পৰা দক্ষতাৰ ওপৰত আলোকপাত কৰিছে৷
বহেৰ্ছৰ সংকলন ড্ৰিমটাইগাৰ্ছ কবিৰ বৌদ্ধিক আৰু আৱেগিক চেতনাৰ এক উল্লেখযোগ্য অন্বেষণ৷ এই সংকলনৰ কবিতা যেনে ‘পোয়েমছ এবাউট গিফট’, ‘দ্য আৱাৰগ্লাছ’ আৰু ‘দ্য গেম অৱ চেছ’ আদিয়ে সময়, স্মৃতি আৰু বাস্তৱৰ জটল অৱস্থাৰ প্ৰতি বহেৰ্ছৰ বদ্ধমূল ধাৰণাক উন্মোচন কৰিছে৷ এই বিষয়বস্তুবোৰ বহেৰ্ছৰ ৰচনাত পুনৰাবৃত্তি হয় আৰু তেওঁৰ স্বভাৱগৰ্ত পাণ্ডিত্য আৰু কল্পনাপ্ৰসূত গভীৰতাৰ মিশ্ৰণেৰে ইয়াক ব্যৱহাৰ কৰা হৈছে৷ উদাহৰণস্বৰূপে, ‘দ্য আৱাৰগ্লাছ’ সময়ৰ অদম্য গতিৰ বাবে উপমা হিচাপে কাম কৰিছে, অস্তিত্বৰ ক্ষন্তেকীয়া স্বৰূপক মাৰ্মান্তিকভাৱে সংক্ষিপ্ততাৰে ধৰি ৰাখিছে৷ জটিল দাৰ্শনিক ধাৰণাবোৰক সংক্ষিপ্ত আৰু আকৰ্ষণীয় স্তৱকলৈ পৰিশোধন কৰিব পৰা দক্ষতাই বহেৰ্ছৰ কাব্যিক প্ৰতিভা প্ৰোজ্জ্বল কৰি তুলিছে৷
‘ড্ৰিমটাইগাৰ্ছ’ৰ এটা আটাইতকৈ কৌতূহলী দিশ হ’ল বহেৰ্ছৰ দাপোণৰ ব্যৱহাৰ, যাৰ উদাহৰণ ‘মিৰ’ৰছ’ কবিতাটোত পোৱা গৈছে৷ বহেৰ্ছৰ বাবে দাপোণ আকৰ্ষণীয় আৰু বিৰক্তিকৰ দুয়োটা, আত্মোপলদ্ধিৰ দ্বৈততা আৰু অস্পষ্টতাৰ প্ৰতীক৷ বহেৰ্ছৰ গদ্যকে ধৰি সকলো গ্ৰন্থতে দাপোনৰ ধাৰণাটো পুনৰাবৃত্তি হয় আৰু ই প্ৰায়ে পৰিচয়ৰ অসীম প্ৰত্যাগতি আৰু সত্যৰ ছলনাময়িতাৰ বাবে এক উপমা হিচাপে কাম কৰিছে৷ সমালোচক জেইমে আলাজ্ৰাকিয়ে লক্ষ্য কৰা মতে, ‘বহেৰ্ছৰ দাপোণবোৰে কেৱল বাহ্যিক জগতখনকে নহয়, নিজৰ ভিতৰৰ আলিজঁটকো (labyrinth) প্ৰতিফলিত কৰে, যিয়ে বাস্তৱ আৰু পৰিচয়ৰ প্ৰকৃতিৰ উপৰত প্ৰশ্ন উত্থাপন কৰে৷’ এই দ্বৈততাক অধিক অন্বেষণ কৰা হৈছে ‘দ্য আদাৰ টাইগাৰ’কবিতাত বহেৰ্ছে বাস্তৱ আৰু কল্পিত বাঘৰ তুলনাৰে বাস্তৱ আৰু কল্পকাহিনীৰ মাজৰ ৰেখাডাল ম্লান কৰি কংক্ৰিট আৰু বিমূৰ্তৰ মাজৰ আন্তঃক্ৰিয়াক উজ্জ্বল কৰি তুলিছে৷
বৰ্হেছৰ কবিতাৰ বিশেষত্ব হ’ল- যেতিয়াই আমি বৰ্হেছৰ কবিতাবোৰ পঢ়োঁ, প্ৰতিবাৰেই যেন ৰূপ সলায়, একেটা কবিতাকে পৰিমাৰ্জনা কৰি বৰ্হেছে যেন তাৰ ৰূপটোত অন্য এক আকাৰ দিয়ে৷ অৱশ্যে ড্ৰিমটাইগাৰ্ছৰ এই প্ৰাতিম্বিক কবিতাবোৰ পঢ়ি পাঠক পুলকিত হোৱাৰ কাৰণ হ’ল নিপুণ শৈলী আৰু প্ৰাঞ্জল ভাষাৰ প্ৰয়োগ যাৰ বাবে পাঠকে কবিতাখিনিৰ লগত একাত্ম হ’বলৈ সুযোগ পায়৷ সমালোচক প্ৰভাত বৰায়ো বৰ্হেছৰ কবিতাই পৰিমাৰ্জনা কৰি ৰূপ সলোৱা সন্দৰ্ভত মন্তব্য পোষণ কৰিছে এনেদৰে- ‘আমাৰ নীলমণি ফুকনৰ দৰেই বৰ্হেছে একেটা কবিতাকে বাৰে বাৰে পৰিমাৰ্জনা কৰি তাৰ ৰূপটো সলাই থাকে৷ ‘Carved on a Tombstone’ কবিতাটোৰ দ্বিতীয় ৰূপটো হৈছে - ‘To Colonel Francisco Borges৷’ এই দুয়োটা ৰূপেই ‘Selected Poems, ১৯২৩-১৯৬৭’ ত অন্তৰ্ভুক্ত৷ এই একেটা কবিতাৰে দ্বিতীয় ৰূপটো হ’ল ‘Referring to the Death of Colonel Francisco৷’ এই কবিতাটো ‘ড্ৰিমটাইগাৰ্ছ’ ত আছে৷ বৰ্হেছৰ প্ৰতিটো কবিতাই যিমানবাৰ পঢ়া যায় সিমানবাৰেই ৰূপ সলায়৷ মই ভিতৰৰ ৰূপটোৰ কথা কৈছোঁ’ (বৰা ২১৫)৷
বৰ্হেছৰ কবিতাসমূহত সাহিত্য আৰু ইতিহাসৰ পুৰুধা ব্যক্তিসকলৰ ইংগিতেৰে বিদ্যমান, যি ‘এলভিৰা ডি আলভেয়াৰ’, ‘ছুছানা ছ’কা’ আৰু ‘টু লুইছ ডি কেম’য়েন্স’ৰ মাজত দেখা যায়৷ এই প্ৰসঙ্গসমূহত বহেৰ্ছেৰ পূৰ্বসূৰীসকলক শ্ৰদ্ধা জনোৱাই নহয়, আন্তঃসংযোগী অৰ্থৰ এক সমৃদ্ধ কাঠামো নিমাৰ্ণ কৰে৷ বহেৰ্ছৰ অন্যান্য গ্ৰন্থ আৰু পৰম্পৰাৰ সৈতে নিবিড়তাই তেওঁক নিজৰ কামক বহল সাংস্কৃতিক আৰু বৌদ্ধিক প্ৰেক্ষাপটৰ ভিতৰত স্থান দিবলৈ অনুমতি দিয়ে৷ সমালোচক জিন এইচ বেল-ভিলাডাই পৰ্যবেক্ষণ কৰা মতে, ‘বহেৰ্ছৰ আন্তঃপাঠ্য পদ্ধতিয়ে পাঠকক অতীতৰ সৈতে কথোপকথনতলিপ্ত হ’বলৈ আমন্ত্ৰণ জনায়, কবিৰ ৰচনা আৰু সাহিত্যিক অধিনিয়ম দুয়োটাৰে বিষয়ে তেওঁলোকৰ বুজাবুজিক সমৃদ্ধ কৰে’ ('Borges's intertextual ahproach invites readers to participate in a dialogue with the past, enriching their understanding of both the poet’s work and the literary canon')(বেল-ভিলাডা, ১৯৯৯)৷ বৰ্হেছৰ কবিতাৰ এই কথোকথনিক স্বভাৱটোৱে প্ৰভাৱৰ প্ৰকৃতি, সৃষ্টিশীলতা আৰু সাহিত্য পৰম্পৰাৰ ধাৰাৱাহিকতাৰ ওপৰত গভীৰ চিন্তা-চৰ্চা কৰিবলৈ প্ৰেৰণা দিয়ে৷
আন আধুনিকতাবাদী কবিৰ তুলনাত বহেৰ্ছৰ সৃষ্টিৰাজি পাণ্ডিত্য আৰু ৰহস্যবাদৰ জটিল মিশ্ৰণৰ বাবে জিলিকি আছে৷ যেতিয়া টি.এছ. এলিয়ট আৰু এজ্ৰা পাউণ্ডেও ঐতিহাসিক আৰু সাহিত্যিক ইংগিতৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰিছিল, বহেৰ্ছে আধিভৌতিক বিষয়বস্তুৰ অন্বেষণ আৰু আপাত বিৰোধৰ প্ৰতি দৃষ্টিভংগী গঢ়ি তুলিছিল৷ উদাহৰণস্বৰূপে ‘দ্য পইট ডিক্লেয়াৰ্চ হিচ ৰিনাউন’ কবিতাটোক কাব্যিক খ্যাতিৰ স্বৰূপ আৰু কলাত্মক কৃতিত্বৰ ক্ষণস্থায়ীতাৰ ওপৰত আত্ম-প্ৰতিফলিত ব্যাখ্যান হিচাপে পঢ়িব পাৰি, যিয়ে এলিয়টৰ ‘দ্য লাভ চং অৱ জে আলফ্ৰেড প্ৰুফ্ৰক’ আৰু পাউণ্ডৰ ‘হিউ চেলৱিন মক্সবাৰ্লিত’ পোৱা একে ধৰণৰ বক্তব্য অনুৰণিত কৰিছে৷ কিন্তু বহেৰ্ছৰ এই বিষয়বস্তুসমূহৰ অন্বেষণত প্ৰায়ে বিস্ময়কৰ অনুভূতি আৰু ভাব-ভাষাৰ অসীম সম্ভাৱনাৰ সৈতে জড়িত হৈ থাকে৷ সমালোচক হেৰল্ড ব্লুমে সঠিকভাৱে কোৱাৰ দৰে, ‘বহেৰ্ছৰ কবিতা এনে এখন দাপোণ য’ত আমি কেৱল নিজকে নহয়, সকলো মানুহৰ চিন্তা আৰু অভিজ্ঞতাৰ অসীম প্ৰতিফলন দেখিবলৈ পাওঁ৷’ (জিনিয়াছ: এ মোজাইক অৱ ৱান হাণ্ড্ৰেড এক্সেম্পলেৰী ক্ৰিয়েটিভ মাইণ্ডছ৷ (২০০২)৷
বৰ্হেছৰ ড্ৰিমটাইগাৰ্ছক বাস্তৱ আৰু কল্পনাৰ অনন্য মিশ্ৰণৰ বাবে প্ৰশংসা কৰিব পাৰি৷ বৰ্হেছে কাহিনীৰ মাজত দৈনন্দিন অভিজ্ঞতাক অতিবাস্তৱ উপাদানৰ (surreal) সৈতে নিপুণভাৱে সংযুক্ত কৰি পাঠকৰ বাস্তৱৰ ধাৰণাক প্ৰত্যাহ্বান জনায়৷ এই মিশ্ৰণে সপোনৰ প্ৰকৃতি, বাস্তৱ আৰু ইয়াৰ মাজৰ সীমাৰ বিষয়ে গভীৰ চিন্তা আৰু বিশ্লেষণৰ সৃষ্টি কৰিব পাৰে৷ গল্প-কবিতাসমূহৰ কল্পনাপ্ৰসূত আৰু দাৰ্শনিকস্বৰূপে সাহিত্য সমালোচনা আৰু ব্যাখ্যাৰ বাবে সম্ভাৱনীয়তাৰ সৃষ্টি কৰিছে৷ ড্ৰিমটাইগাৰ্ছ পঢ়ি পুলকিত হোৱাৰ আন এটা কাৰণ হ’ল বৰ্হেছৰ ভাষা আৰু গাঁথনিৰ নান্দনিক ব্যৱহাৰ৷ যদিও উপমা আৰু জটিল বিৱৰণ বৰ্হেছে ব্যৱহাৰ কৰিছে তথাপি লেখাৰ নিখুঁততা আৰু বৰ্হেছৰ শৈলীয়ে পাঠকক সদায় বিমুগ্ধ কৰি আহিছে৷ শৈলীগত পছন্দই কাহিনীগত বিষয়বস্তু আৰু আৱেগক কেনেকৈ সংহত কৰে সেয়া বৰ্হেছৰ লেখাৰ মাজত অন্বেষণ কৰিব পাৰি৷ ইয়াৰ উপৰিও গদ্য আৰু কবিতাৰ অনন্য মিশ্ৰণৰ বাবে ড্ৰিমটাইগাৰ্ছ পাঠকৰ মাজত ব্যাপকভাৱে প্ৰশংসিত হৈছে৷ বৰ্হেছে পৰম্পৰাগত কাহিনী কোৱাৰ নিয়ম ভংগ কৰি পাঠকৰ অভিজ্ঞতাত কেনেদৰে প্ৰভাৱ পেলায়, সেই বিষয়ে সমালোচকসকলেও যথেষ্ট পৰীক্ষা-নীৰিক্ষা কৰিছে৷ সাহিত্যত সংযোজিত এই অভিনৱ দৃষ্টিভংগীয়ে পৰৱৰ্তী সময়তো বিভিন্ন ধৰণৰ সমালোচনাত্মক দৃষ্টিভংগী আৰু সাহিত্য আলোচনাৰ বাট প্ৰশস্ত কৰিব৷
তথ্যসূত্ৰসমূহ :
* Alazraki, Jaime. Borges and the Kabbalah: And Other Essays on His Fiction and Poetry. Cambridge University Press, ১৯৮৮.
* Bell-Villada, Gene H. Borges and His Fiction: A Guide to His Mind and Art. University of North Carolina Press, ১৯৯৯.
*Borges, Jorge Luis. Dreamtigers. Translated by Mildred Boyer and Harold Morland, University of Texas Press, ১৯৬৪.
--- Labyrinths. New Directions Publishing Corporation, ১৯৬২.
--- The Aleph and Other Stories. E. P. Dutton, ১৯৭০.
* বৰা, প্ৰভাত৷ যথাৰীতি৷ আঁক-বাক প্ৰকাশন, ২০১৩৷
* Bloom, Harold. Genius: A Mosaic of One Hundred Exemplary Creative Minds. Warner Books, ২০০২.
* Carroll, Lewis. Through the Looking-Glass and What Alice Found There. Macmillan, ১৮৭১.
* Dostoevsky, Fyodor. The Double. ১৮৪৬.““.
Eliot, T. S. The Love Song of J. Alfred Prufrock. Poetry, ১৯১৫.
* Foucault, Michel. The Order of Things: An Archaeology of the Human Sciences. Pantheon Books, ১৯৭০.
* Marias, Javier. Written Lives. New Directions, ২০০৬.
* Sarlo, Beatriz. Borges: A Writer on the Edge. Verso, ১৯৯৩.
* Stevenson, Robert Louis. Strange Case of Dr. Jekyll and Mr. Hyde. Longmans, Green & Co., ১৮৮৬.