পৰী পাৰবীন
জ্ঞানলব্ধ লেখকৰ পৰিপক্ক চিন্তা আৰু উপলদ্ধিৰ ফচলসমূহে সাহিত্যৰ ভৱিষ্যত সম্পৰ্কে বিদ্বানসমাজক আশাবাদী হ’বলৈ সুবিধা দিয়ে। যিসমূহ লেখাৰ প্ৰতিটো পঠনে ন ন চিন্তাৰ উদ্ৰেক কৰে নতুবা পুৰণি চিন্তাক ব্যতিক্ৰমী ধৰণেৰে উপস্থাপন কৰি ভিন্ন চিন্তাৰ বাট মুকলি কৰে, তেনে মৌলিক চিন্তাসম্পন্ন লেখাসমূহৰ সংগ্ৰহ তথা সংৰক্ষণ প্ৰয়োজনীয় হৈ পৰে।
সাহিত্যৰ কেইবাটাও ভাগৰ এক অন্যতম ভাগ হৈছে অকল্পসাহিত্য। অকল্পসাহিত্যত কল্পনা আৰু আৱেগতকৈ অধিক প্ৰয়োজন হয় চিন্তাৰ স্বচ্ছতাৰে বিৱেক আৰু বাহ্যিক সংঘাতক সম্পৰ্কিত কৰি যথোপযুক্ত তথ্যবিশ্লেষণৰ সহায়ত পাঠকৰ আগত নিজা স্পষ্ট অভিমত দাঙি ধৰাৰ ক্ষমতা। ন-পুৰণি বিবিধ তথ্যজ্ঞান আহৰণৰ বাবে এই প্ৰক্ৰিয়াটোত লেখকজন এজন গ্ৰন্থকীট হোৱাটোও প্ৰয়োজনীয় হৈ পৰে। পঠন, চিন্তন আৰু অনুশীলনৰ এক নিৰৱচ্ছিন্ন চাকনৈয়াত এই প্ৰক্ৰিয়াটোৱে লেখকক ভিন্ন সূত্ৰনিৰ্মিত এখন জাল ৰচনা কৰিবলৈ অহৰহ উদ্বুদ্ধ কৰে। নিপুণ শিল্পীৰ দ্বাৰা ৰচিত জালখনৰ পৰা নিপুণ পাঠকসকলেও এই সূত্ৰসমূহ স্বকীয় ধৰণেৰে চিন্তা কৰাৰ সুযোগ পায়।
যিহেতু অকল্পসাহিত্য তথ্য বা বাস্তৱ জীৱনৰ ঘটনাসমূহৰ আধাৰতে নিৰ্মিত, সেয়েহে পাঠকৰ বাবে বাস্তৱ জগতৰ সংযোগ স্থাপনৰ বাবে ই এক উত্তম আহিলা। আটাইতকৈ ডাঙৰ কথাটো হ’ল অকল্পসাহিত্যত বাস্তৱ মানুহ, ঠাই আৰু ঘটনা-দুৰ্ঘটনা জড়িত থাকিব লাগিব। অকল্পকাহিনীত তথ্যও থাকিব লাগিব, তথ্যৰ সত্যাসত্যও লাগিব। অকল্পসাহিত্যৰ চাৰিটা প্ৰাথমিক উদ্দেশ্য- ব্যাখ্যাকৰণ, অৱগতকৰণ, বিশ্লেষণ আৰু মনোৰঞ্জন। লেখকে এই চাৰিওটা উদ্দেশ্যপূৰণত সফল হ’ব লাগিব।
অকল্পসাহিত্য সৃষ্টিৰ এই প্ৰক্ৰিয়াটো যথাৰ্থতেই এক কঠিন আমনিদায়ক তথা সময়সাধ্য প্ৰক্ৰিয়া। বৰ্তমানৰ জটিল সংগ্ৰামী জীৱনত এই প্ৰক্ৰিয়াটোত
নিৰৱচ্ছিন্নভাৱে লাগি থকাটো সহজ কথা নহয়। অকল্পসাহিত্যৰ এই মহঙা দিনত পঙ্কজ প্ৰতিম বৰদলৈৰ দৰে নিবন্ধকাৰসকল বিদ্বান সমাজৰ বাবে এক প্ৰয়োজনীয় সমল। সাতসৰী, প্ৰকাশ, দৈনিক অসম, দৈনিক জনমভূমি, আমাৰ অসম, নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ আদি কাকতত নিয়মীয়া নিবন্ধলেখক পঙ্কজ প্ৰতিম বৰদলৈৰ প্ৰবন্ধসমূহত তেওঁৰ চিন্তাৰ কছৰৎ দেখিবলৈ পোৱা যায়। তেওঁৰ লেখাত জাতিৰ প্ৰতি দায়ৱদ্ধতা তথা জাতীয় সংকটৰ সন্ধিক্ষণৰ চিন্তাৰ প্ৰতিফলন ঘটে। সাহিত্য, ইতিহাস তথা সমাজনীতি-অৰ্থনীতিৰ গধুৰ তত্ত্ববোৰ তেওঁ শৃংখলাৱদ্ধ তথা বিজ্ঞানসন্মতভাৱে দাঙি ধৰে। তথ্যৰ পুনৰীক্ষণ তথা বিশ্লেষণেৰে সমৃদ্ধ হৈ মৌলিক চিন্তা-চেতনা সম্পৰ্কে লেখকে স্পষ্ট স্ব-মতাদৰ্শনক অগ্ৰাধিকাৰ দিয়ে। বিভিন্ন কৌণিক অৱস্থানৰ পৰা তেওঁ বিষয়সমূহ পৰ্যৱেক্ষণ কৰে। সেয়ে হয়তো তেওঁৰ লেখাসমূহত বুদ্ধিদীপ্ত সূক্ষ্ম দৃষ্টিভংগীৰ বহিঃপ্ৰকাশ ঘটে।
‘অনুপ্ৰেক্ষণ’ তেখেতৰ প্ৰথম গ্ৰন্থ। অনুপ্ৰেক্ষণ নামটোৰেই এক স্বকীয় চিন্তাৰ চিনাকি দিব পৰা এই গ্ৰন্থখনত বিভিন্ন বিষয়ৰ সংশ্লেষণ ঘটিছে। সাহিত্যৰ পৰা শিল্পকলালৈ, ভাষাচৰ্চাৰ পৰা ইতিহাসচৰ্চালৈ, সমাজদৰ্শনৰ পৰা ব্যক্তিদৰ্শনলৈ, গণতন্ত্ৰৰ পৰা ন্যায় ব্যৱস্থালৈ, প্ৰজন্ম ব্যৱধানৰ পৰা শিক্ষাব্যৱস্থালৈ, সাম্প্ৰতিক সমস্যাৰ পৰা বিদ্ৰোহৰ বিভিন্ন ধাৰালৈকে সামৰি অনেক চিন্তাৰ ফচল, এই গ্ৰন্থ ‘অনুপ্ৰেক্ষণ’। লেখক নিজে ইতিহাসৰ ছাত্ৰ বাবে সভ্যতাৰ আত্মবীক্ষণ তথা ঐতিহ্যক্ষেত্ৰজড়িত বিভিন্ন বিষয়ো প্ৰবন্ধ সংকলনখনিত অন্তৰ্ভুক্ত হৈছে। ‘অনুপ্ৰেক্ষণ’ত চিন্তা আৰু যুক্তিৰ সম্পৰীক্ষা চলিছে। যুক্তিপূৰ্ণ চিন্তাৰে প্ৰচলিত মতবাদক নতুনকৈ ফঁহিয়াই চোৱাৰ প্ৰয়াস জাগিছে। তেনে প্ৰয়াসেৰে কেইটামান প্ৰবন্ধৰ আভাস ইয়াত দাঙি ধৰা হ’ব।
‘শংকৰদেৱৰ ৰাজনৈতিক বিচক্ষণতা…’শীৰ্ষক প্ৰবন্ধটোত বৰদলৈৱে অসমৰ সামাজিক তথা সাংস্কৃতিক পৰিচয়েৰে ৰূপান্তৰৰ সমাজ গঢ়া শংকৰদেৱৰ ব্যক্তিত্বৰ
এটি কম চৰ্চিত দিশ- ৰাজনৈতিক বুদ্ধিমত্তা আৰু কৌশলৰ বিষয়ে
আলোচনা কৰিছে। নৱবৈষ্ণৱ ধৰ্মৰ সফল প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে অসমৰ সামূহিক পৰিচয় প্ৰতিষ্ঠাৰ লগতে বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰা শংকৰদেৱৰ জীৱনত প্ৰতিফলন ঘটা ৰাজনৈতিক আচৰণসমূহৰ ওপৰত আলোকপাত কৰিছে। এসময়ৰ ভূস্বামী বাৰভূঞাসকলৰ পতন আৰু বিস্থাপনৰ প্ৰক্ৰিয়াটোক পৰ্যায়ক্ৰমে বিশ্লেষণ কৰিবলৈ গৈ তেওঁ কৈছে যে, কছাৰীৰজাৰ আক্ৰমণত নিজ জন্মস্থান ত্যাগ কৰিব লগা হোৱাত আহোম-চুতীয়াসকলৰ অধীনত আশ্ৰয় গ্ৰহণ কৰি ভূঞাসকলৰ সুৰক্ষা, আস্থা আৰু ধৰ্মীয় সংহতি প্ৰতিষ্ঠাত শংকৰদেৱৰ সময়োপযোগী ৰাজনৈতিক বিচক্ষণতা প্ৰকাশ পাইছে। অৰ্ধসামন্তীয় ৰাজব্যৱস্থাৰ প্ৰচলন তথা কৃষিকাৰ্যৰ সফল ৰূপায়ণ আৰু কৃষকসমাজৰ সম্প্ৰসাৰণে আহোমৰাজ্যক এক অত্যাধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰ ভিত্তি স্থাপন কৰিবলৈ সহায় কৰে যদিও ন-সংস্থাপিত ভূঞাসকল এই ৰাষ্ট্ৰযন্ত্ৰৰ অনুক্ৰমত নিম্নস্তৰত স্থান লাভত অসন্তুষ্ট হৈ পৰিছিল। প্ৰাচীন হিন্দু সাম্ৰাজ্যৰ গৌড়, কামৰূপ আৰু মধ্য অসমত উচ্চ সামাজিক স্থিতি লাভ কৰা ভূঞাসকলে নৱনিৰ্মিত আহোম ৰাষ্ট্ৰযন্ত্ৰত পূৰ্বৰ গৰিমা হেৰুৱাই সাধাৰণ শ্ৰমজীৱি শ্ৰেণীলৈ অৱনমিত হোৱাত সামাজিক অৱক্ষয়ৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যে মাজুলীলৈ আৰু তাৰ পাছত আহোম অধীনস্থ মাজুলী ত্যাগ কৰি কোচৰাজ্যলৈ
প্ৰব্ৰজন কৰাৰ দৰে সিদ্ধান্ত লৈছিল। আহোম বিষয়াৰ নিৰ্মম নিষ্পেষণ তথা ব্ৰাহ্মণ সমাজৰ অবিৰত চাপত শংকৰদেৱে কোচৰজাৰ শৰণাপন্ন হৈ সমগ্ৰ অসমৰ বাবে নব্যবৈষ্ণৱ ধৰ্মৰ এক ব্যৱস্থিত পৰিকাঠামো তৈয়াৰ কৰাৰ বাট সুচল কৰিছিল। একে সময়তে কোচৰজা নৰনাৰায়ণৰ সংস্কৃতকৰণৰ উদ্দেশ্যটো কোনোবাখিনিত শংকৰদেৱৰ ধৰ্মপ্ৰচাৰৰ উদ্দেশ্যৰ সৈতে মিলি পৰিছিল আৰু সমগ্ৰ অসমৰাজ্যক নিজৰ অধীনলৈ অনাৰ সম্প্ৰসাৰণবাদী অভিযানৰ বাবে নৱবৈষ্ণৱ আন্দোলনক এক সুবিধাজনক উপায় হিচাপে বিৱেচনা কৰিছিল। ৰজা নৰনাৰায়ণৰ এই কূটনৈতিক উদ্দেশ্যৰ লগত শংকৰদেৱৰ নৱধৰ্ম প্ৰসাৰণৰ সংযোগ ঘটা এই গোটেই প্ৰক্ৰিয়াটোত শংকৰদেৱৰ ৰাজনৈতিক বিচক্ষণতা প্ৰকাশ পাইছে বুলি বৰদলৈৱে ভিন্নজনৰ উদ্ধৃতিসহ বিশ্লেষণ কৰিছে। বৰদলৈৰ কলমত স্পষ্টভাৱে ফুটি উঠিছে কিদৰে তৰোৱাল আৰু ভাগৱত- এই দুয়োটাই সেই সময়ৰ ক্ষুদ্ৰ অথচ পৃথক জনগোষ্ঠীসমূহক একত্ৰিত কৰি এক সমন্বিত সামাজিক ব্যৱস্থা গঢ় দিয়াৰ প্ৰয়াস কৰিছিল। ধৰ্ম আৰু ৰাজনীতি নামৰ দুটা সমান্তৰাল শক্তিয়ে ইটোৱে সিটোক পৰিপূৰকভাৱে প্ৰভাৱিত কৰাৰ উদাহৰণ ইতিহাসত নতুন নহয়। লেখকে দেখুৱাইছে যে শংকৰদেৱৰ জীৱন তথা ধৰ্মীয় বিশ্বাস কেতিয়াও ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত নাছিল। শংকৰদেৱৰ কৰ্মৰাজিৰ এনে বিশ্লেষণ লেখকৰ চিন্তা আৰু অধ্যয়ণৰ গভীৰতাৰ প্ৰকাশ।
অনুপ্ৰেক্ষণৰ আন এক গুৰুত্বপূৰ্ণ নিবন্ধত ইতিহাস চৰ্চাৰ প্ৰাসংগিকতা প্ৰকাশ পাইছে। জাৰ্মান ইতিহাসবিদ লিঅ’পল্ড ভন ৰাংকেৰ “হিষ্টৰী অৱ দ্য লেটিন এণ্ড টিউটনিক নেশ্বনছ’ৰ উদ্ধৃতি আনি লেখকে কৈছে ইতিহাসৰ ঘটনাসমূহৰ হুবহু উপস্থাপনেই ইতিহাসবিদসকলৰ প্ৰধান কাম। ৰাংকেই উল্লেখ কৰা সত্য, বস্তুনিষ্ঠ, অবিকৃত ইতিহাসৰ সংজ্ঞাৰ বিপৰীতে মাৰ্কিন উতিহাসবিদ কাৰ্ল বেকাৰৰ আপেক্ষতাবাদত বিশ্বাসী ইতিহাসচৰ্চাৰ সংজ্ঞাৰ এক তুলনামূলক বিশ্লেষণ নিবন্ধকাৰে সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে। লেখকে পাঠকক এই উপলব্ধি হ’বলৈ দিছে যে, অতীতৰ নিৰপেক্ষ, আৱেগবৰ্জিত, প্ৰমাণসিদ্ধ, বিজ্ঞানসন্মত আৰু নিৰ্মোহ বিশ্লেষণে সমাজ আৰু জনগণক বিভ্ৰান্তিৰ পৰা মুক্ত কৰি বৰ্তমান আৰু ভৱিষ্যতৰ সম্ভৱপৰ বহু ভুলক নস্যাৎ কৰিব পাৰে। তথ্যৰ প্ৰামাণিক অবিকৃত ৰূপৰ ইতিহাস চৰ্চাৰহে গ্ৰহণযোগ্যতা থাকে বুলি কৈ লেখকে কেতবোৰ উদাহৰণ দাঙি ধৰিছে। যিদৰে নৱজাগৰণৰ পূৰ্বৰ ইউৰোপীয়ান ইতিহাস চৰ্চাক তোষামোদকাৰীৰ দলিল হিচাপে ভাবিবৰ থল আছে সেইদৰে বৃটিছ ইতিহাসবিদসকলৰ দ্বাৰা হোৱা ভাৰতৰ ইতিহাস চৰ্চাক সামন্তবাদী প্ৰভুৰ দ্বাৰা ৰচিত একপক্ষীয় ইতিহাস বুলি বিৱেচনা কৰাৰ যুক্তি আছে। বিশেষকৈ এই সময়ৰ ইতিহাস চৰ্চাত ভাৰতৰ ৰাজনৈতিক আৰু সমাজ বিৱৰ্তনক সাম্প্ৰদায়িক ৰূপ দিয়াৰ নিৰন্তৰ প্ৰয়াস পৰিলক্ষিত হোৱাৰ স্বৰূপৰ বিশ্লেষণ আছে বৰদলৈৰ লেখাত। বিশ্ব ইতিহাসৰ পৰা আহি অসম নামৰ ভাৰতৰ প্ৰান্তীয় ভূখণ্ডত বুৰঞ্জীলিখন প্ৰক্ৰিয়া যে এতিয়াও চালুকীয়া হৈ আছে, তাত লেখকে খেদ প্ৰকাশ কৰিছে। লেখকে খেদ প্ৰকাশ কৰিছে যে, লোকবিশ্বাস, জনশ্ৰুতিকেন্দ্ৰিক, বিক্ষিপ্ত ঘটনাৰ আলমতহে অসমৰ প্ৰাচীন ইতিহাস নিৰ্মাণ হৈ আহিছে। বাণভট্ট, কালিদাস আদিৰ সাহিত্যই তথা চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ ভ্ৰমণে প্ৰাচীন অসমৰ আভাস দিলেও ইয়াক সাহিত্যবিলাসৰ উৰ্ধ্বত ৰাখি বুৰঞ্জীৰ সমল কৰিব পৰাকৈ যুক্তি আৰু তথ্যৰ অভাৱ ঘটিছে। আহোমকালীন সময়তহে বুৰঞ্জীপ্ৰক্ৰিয়াৰ বিজ্ঞানসন্মত তথ্যভিত্তিক প্ৰক্ৰিয়া আৰম্ভ হয়। তৎসত্তেও আজিকোপতি আখ্যানকেন্দ্ৰিক পৌৰাণিক কাহিনী তথা লোকবিশ্বাসক ইতিহাসনিৰ্ভৰ সমল বুলি বিৱেচনা কৰাত লেখকে অসমৰ ইতিহাস চৰ্চাৰ চালুকীয়া ৰূপ প্ৰত্যক্ষ কৰিছে। এনে বহু তথ্যবিভ্ৰান্তি তথা পক্ষপাতদুষ্ট ইতিহাসৰ প্ৰসংগক্ৰমে অসমৰ অস্তিত্ব ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা লাচিত বৰফুকন সম্পৰ্কে ৰচনা হোৱা বিভ্ৰান্তিকৰ ইতিহাসক লৈ তেওঁ চিন্তা প্ৰকাশ কৰিছে। লেখকৰ মতে, অসমৰ ইতিহাসত সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়াসকলৰ অন্যতম জননায়ক তথা অসমীয়া সমাজ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ অক্লান্ত যোদ্ধাজনেই ইতিহাস চৰ্চাকাৰী ইতিহাসবিদৰ হাতত সৰ্বাধিক পীড়িত অসমীয়া। ড° সূৰ্যকুমাৰ ভূঞাকে ধৰি বেণুধৰ শৰ্মা, ক্ষেত্ৰধৰ বৰগোহাঞিৰ দৰে স্বনামধন্য ইতিহাসবিদৰ হাততো লাচিত বৰফুকন সম্পৰ্কে কেতবোৰ বিক্ষিপ্ত তথা অপ্ৰামাণিক তথ্যৰ উল্লেখে অসমত কিদৰে এতিয়াও যুক্তিসিদ্ধ, বস্তুনিষ্ঠ, পক্ষপাতমুক্ত আৰু তথ্যপ্ৰমাণযুক্ত ধাৰণাৰ আধাৰতকৈ জনশ্ৰুতিমূলক আখ্যানৰ পয়োভৰ আছে, সেয়া বৰদলৈয়ে কলমৰ মাধ্যমেৰে নিৰ্ভীক তথা সাহসিকতাৰে প্ৰশ্ন কৰিছে।
অনুপ্ৰেক্ষণৰ আন এক গুৰুত্বপূৰ্ণ প্ৰবন্ধ হৈছে নীলমণি ফুকনৰ শিল্পকলা সমালোচনা শীৰ্ষক প্ৰবন্ধটি। নীলমণি ফুকনৰ শিল্পকলাচৰ্চাক লেখকে এক জাতীয় মৰ্যাদা দি কৈছে যে এজন কলা-সমালোচকৰ কৰ্মৰাজিয়েই সেই সমাজ বা অঞ্চলটোৰ শিল্পকলাৰ ভৱিষ্যতৰ পটভূমি নিৰমাণ কৰিব পাৰে। যদিও নীলমণি ফুকনৰ কবিতা আৰু শিল্পকলা সম্পৰ্কীয় ৰচনাৰাজিৰ মাজত নিবিড় সম্পৰ্ক আছে, লেখকে কিন্তু নীলমণি ফুকনৰ শিল্পকলাচৰ্চাক তেখেতৰ কাব্যিক চেতনাৰ পৰা পৃথক কৰি এক স্বতন্ত্ৰ দৃষ্টিৰে পৰ্যালোচনা কৰাৰহে পক্ষপাতী হৈছে। তেইছ-চৌবিছ খ্ৰীষ্টাব্দতে ‘পিনি দ্য এল্ডাৰ’ৰ ‘নেছাৰেল হিষ্ট্ৰী’ গ্ৰন্থখনত বৰ্ণিত গ্ৰীচৰ ভাস্কৰ্য্যকেই বিশ্বৰ প্ৰথম কলা সমালোচনা বুলি ধৰা যায় তথা ভাৰততো অষ্টম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ ৰচনা হোৱা কেইবাখনো শিল্পশাস্ত্ৰ যেনে, মানষোল্লাস, শিল্পৰত্ন, চিত্ৰসূত্ৰ আদিৰ প্ৰমাণ উপলব্ধ হয় যদিও অসমত কলাবিষয়ক চিন্তা-চৰ্চা বৰ্তমানেও চালুকীয়া অৱস্থাত আছে বুলি ক’ব পাৰি। এনে সময়ত পদ্ধতিগতভাৱে আৰু বিজ্ঞানসন্মত দৃষ্টিৰে কলাৰ ৰসাস্বাদন কৰি সাধাৰণ দৰ্শকলৈ আগবঢ়াই নিয়াত নীলমণি ফুকনৰ গভীৰ সাধনা আৰু মনোযোগ আছে। এই ক্ষেত্ৰত বৰদলৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদানৰ লগত নীলমণি ফুকনৰ কলা-সমালোচনাক এক তুলনামূলক দৃষ্টিৰে পৰ্যবেক্ষণ কৰিছে আৰু ‘সূত্ৰধাৰ’ আলোচনীত প্ৰকাশিত পুষ্প গগৈৰ মন্তব্যৰ সহমত ৰাখি নিজ বক্তব্য ৰাখিছে যে, প্ৰকৃতপক্ষে কলা-সমালোচনা বুলি ক’বলৈ গলে নীলমণি ফুকনেহে অসমত ইয়াক পদ্ধতিগতভাৱে পাতনি মেলিছে আৰু কলা-সমালোচনাক গভীৰভাৱে মনোযোগ দি গ্ৰহণ কৰিছে। নীলমণি ফুকনৰ শিল্পকলা ৰচনাত দেওপাহাৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু তেওঁৰ মনশ্চক্ষুৰ নিবিড় সম্পৰ্কৰ কথা উল্লেখ আছে। উদাহৰণস্বৰূপে, হাতীৰ বিপুলাকাৰ গাটোৰ পৰা কাপোৰ বেচিবলৈ অহা বেপাৰীৰ টিনৰ পেৰাটোৰ ওপৰত থকা গোলাপফুলৰ থোপালৈকে তেওঁৰ শৈশৱ আৰু কৈশোৰৰ শিল্পকলাৰ অন্যতম উৎস আছিল। সেইদৰে চুবুৰীয়া গাঁৱৰ মৃৎশিল্পই তেওঁৰ মন আলোড়িত কৰিছিল। অসমৰ লোককলাশিল্প আৰু লোকজীৱনৰ বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰা লেখাসমূহ তেওঁ স্কুলীয়া দিনতে আৰম্ভ কৰিছিল। দেৰগাঁৱৰ শিৱদ’ল সম্পৰ্কীয় লেখা পঢ়ি ৰাজমোহন নাথৰ দৰে পণ্ডিত পুৰাতত্ত্ববিদ আহি তেখেতক উৎসাহ দিয়াটোৱে নীলমণি ফুকনৰ শিল্পকলাৰ প্ৰতি থকা কৌতূহলক প্ৰগাঢ়তা দিছিল বুলি
প্ৰবন্ধটোত উল্লেখ পাইছে। কটন কলেজৰ শৈক্ষিক পৰিৱেশ তথা গুৱাহাটীৰ পৰিবেশে নীলমণি ফুকনৰ আগ্ৰহৰ বিষয়বস্তুবোৰ খুঁটিয়াই- যুকিয়াই চোৱাৰ সুযোগ দিছিল। এই সময়তে নৱযুগ আলোচনীত প্ৰকাশিত ‘আধুনিক অসমীয়া শিল্প আৰু শিল্পী প্ৰবন্ধটোক নীলমণি ফুকনৰ শিল্পকলা সম্পৰ্কীয় প্ৰথম প্ৰবন্ধ বুলি লেখকে মন্তব্য কৰিছে। তাৰপাছত এক প্ৰণালীবদ্ধ অধ্যয়নৰ অংশস্বৰূপে নীলমণি ফুকনক হাবাৰ্ট ৰীডৰ ‘মিনিং অৱ আৰ্ট’, এৰিক নিউটনৰ ‘ইউৰোপীয়ান পেইণ্ট এণ্ড স্কাল্পছাৰ’, কেনিথ ক্লাৰ্কৰ ‘লেণ্ডস্কেপ’ইন টু আৰ্ট’ আৰু ৰ’জাৰ ফ্ৰাইৰ ‘ভিছন এণ্ড ডিজাইন’ আদি গ্ৰন্থসমূহে তেওঁক গভীৰ
মনস্তাত্বিক উদ্দীপনাত অৱগাহন কৰাইছিল। লেখকে কৈছে যে শিল্পকলাৰ বিভিন্ন পদ্ধতিগত তত্ব বা আকাৰ-প্ৰকাৰ, পূৰ্ব প্ৰচলিত ধাৰা, ৰঙৰ ব্যৱহাৰিতা, উপস্থাপনৰ পটভূমিকা, অনুৰণিত উপজীৱিকা তথা স্বকীয় চিন্তা-দৰ্শনেৰে শিল্পকলাক হৃদয়ংগম কৰিব পৰা চেতনাপ্ৰক্ৰিয়াটো এক জটিল প্ৰক্ৰিয়া আৰু নীলমণি ফুকনে এক পদ্ধতিগত সম্পৰীক্ষাৰে এই প্ৰক্ৰিয়াটো কঢ়িয়াই আনিছে। নীলমণি ফুকনৰচিত ‘লোক কল্প দৃষ্টি’, ‘ৰূপ-বৰ্ণ-বাক’, ‘শিল্পকলাদৰ্শন’ আদি শিল্পকলামূলক গ্ৰন্থসমূহৰ উপযুক্ত পৰ্যালোচনাসহ লেখকে ব্যাখ্যা কৰিছে কিদৰে মৃৎশিল্পৰ পৰা স্বৰ্ণশিল্পলৈকে ধৰি অসমৰ লোকশিল্পৰ বিভিন্ন প্ৰতীকসমূহৰ সুন্দৰ ব্যাখ্যায়িত লেখা তথা ৰামকিংকৰ বেইজ, চেজান, পিকাচো আদিৰ কৰ্মৰাজিৰ সামগ্ৰিক অৱলোকনৰ উপৰিও জ্যোতিপ্ৰসাদৰ সামগ্ৰিক শিল্পচেতনা, ৰাজস্থানী অনুচিত্ৰ, ব্ৰাকুচিৰ জীৱন আৰু কৰ্ম, জন বাৰ্ঝাৰৰ বিখ্যাত ‘Ways of Seeing’গ্ৰন্থ আধাৰিত শিল্পকলাৰ উপলদ্ধি আৰু আনন্দ আদি বিভিন্ন লেখাৰে নীলমণি ফুকনৰ শিল্পকলাচৰ্চা সমৃদ্ধ আৰু নীলমণি ফুকনৰ পৰিচিত ৰূপ কবিসত্তাৰ পৰা ই অনন্য, পৃথক আৰু স্বতন্ত্ৰ।
‘অনুপ্ৰেক্ষণ’ৰ আন এটি উল্লেখযোগ্য প্ৰবন্ধত প্ৰবন্ধকাৰে পৰম্পৰাগত শিল্পকলাৰ ধাৰাসমূহৰ উৰ্ধ্বৰ এক ব্যাকৰণবিহীন মুক্ত তথা
প্ৰতিবাদী ধাৰাৰ শিল্প দেৱাল শিল্পৰ জন্ম আৰু ঐতিহাসিক গুৰুত্বসহ বৰ্ণনা কৰিছে কিদৰে কংক্ৰিটেৰে নিৰ্মাণ কৰা দেৱাল এখন সজীৱ কেনভাছলৈ পৰিৱৰ্তিত হয় আৰু সামগ্ৰিকতাৰে সাংস্কৃতিক পৰিৱেশ বা ৰাজনৈতিক অৱস্থাৰ বিভিন্ন দিশক লৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ
কৰিবলৈ সক্ষম হয়। সেইদৰে ‘সংগ্ৰহালয়:
ইতিহাস, বৰ্তমান আৰু ভৱিষ্যৎ’ প্ৰবন্ধটি
অনুপ্ৰেক্ষণৰ আন এক শক্তিশালী প্ৰবন্ধ। আন্তজাতিক সংৰক্ষণসমূহৰ ইতিহাস অধ্যয়ন কৰি
একে প্ৰক্ৰিয়াৰে অসমৰ কলাসমূহৰ সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে বৰদলৈয়ে চৰকাৰী আৰু ৰাজহুৱা
পোষকতাৰ আহ্বান কৰিছে। ‘শশধৰ বিশ্বাস আৰু ভাৰতৰ ন্যায় ব্যৱস্থাৰ প্ৰহসন’ প্ৰবন্ধটোত বৰদলৈয়ে উচ্চতম
ন্যায়ালয়ৰ অন্যতম তাৎপৰ্যপূৰ্ণ গোচৰ ‘দীপালি বিশ্বাস বনাম নিৰ্মলেন্দু মুখাৰ্জীৰ
গোচৰ’ৰ আলমত ভাৰতৰ ন্যায়ব্যৱস্থাৰ বিসংগতিসমূহ ফঁহিয়াই আধুনিক ন্যায় ব্যৱস্থাৰ স্থাপনত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিছে। শশধৰ বিশ্বাস গোচৰটো আইনৰ লগত জড়িত মানুহৰ বাবে
ইমানেই শিকনীয় যে আদালতে এই গোচৰটোৰ সমগ্ৰ প্ৰক্ৰিয়াটো আইন ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ
বাবে অনুৰোধ জনাইছিল। ‘সাম্প্ৰতিক সময়, গণতন্ত্ৰৰ ভৱিষ্যত আৰু ভাৰত’ শীৰ্ষক
প্ৰবন্ধটিত প্ৰবন্ধকাৰে চীন, ৰাছিয়া, আমেৰিকা, ভাৰত আদি বিভিন্ন দেশৰ গণতন্ত্ৰৰ
প্ৰকাৰ, আচৰণ আৰু পতনৰ কাৰণসমূহ বিশ্লেষণ কৰি কৈছে যে, সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ
গণতান্ত্ৰিক পৰিৱেশ পোৱাটো এশ শতাংশ সম্ভৱ নহ’লেও গণতন্ত্ৰৰ সংস্কাৰ সাধনেৰে
ন্যস্ত স্বাৰ্থ পৰিহাৰ কৰি ইয়াৰ সন্মুখত সৃষ্টি হোৱা প্ৰত্যাহবানসমূহৰ মোকাবিলা
কৰাটো প্ৰতিখন গণতান্ত্ৰিক দেশৰ কৰ্তব্য।
এনেধৰণৰ ভিন্নধৰ্মী উনৈছটা প্ৰবন্ধৰে
অনুপ্ৰেক্ষণ পৰিপুষ্ট। ভিন্নধৰ্মী বিষয় নিৰ্বাচন আৰু বিষয়সমূহক ভিন্ন চিন্তাৰে
আলোকিত কৰি ভিন্ন ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হোৱাটো লেখকৰ এক সফল বৈশিষ্ট্য। তথ্যসূত্ৰ
আৰু প্ৰসংগপুথিৰ ব্যৱহাৰে ‘অনুপ্ৰেক্ষণ’ত একো একোটা গৱেষণালব্ধ প্ৰবন্ধৰ জন্ম দিছে। প্ৰায়োগিকভাৱে অন্য
বহুতো গৱেষণাৰ বাবে অনুপ্ৰেক্ষণৰ প্ৰবন্ধসমূহ নিজেই এক তথ্যসূত্ৰ হিচাপে বিৱেচিত
হোৱাৰ থল আছে। বিভিন্ন গৱেষক, পণ্ডিত তথা ছাত্ৰ-ছাত্ৰীৰ বাবে অনুপ্ৰেক্ষণ এক
উপযুক্ত সমল হোৱাৰ সক্ষমতা আছে।
সংগ্ৰহালয় বিশেষজ্ঞ তথা ৰাষ্ট্ৰপতি ভৱনৰ কলা আৰু সংগ্ৰহালয় বিভাগৰ উপসঞ্চালক হিচাপে কৰ্মৰত বৰদলৈৰ লেখনশৈলী মেদবৰ্জিত, পোনপটীয়া তথা স্পষ্ট। তেওঁৰ লেখাৰ আন এক বৈশিষ্ট্য হৈছে লেখকৰ নিজা বৌদ্ধিক ব্যাখ্যাত নিমজ গদ্যৰ ব্যৱহাৰ। এইসমূহে পাঠকক তেওঁৰ চিন্তাৰ কাষ চাপিবলৈ সুযোগ দিয়ে। পাঠকৰ ভিন্নস্বাদী মানসিক খাদ্য আৰু চিন্তনৰ পুষ্টিসাধন কৰাটো তেওঁৰ লেখাৰ আন এক সফল দিশ।
-
ঠিকনা :
জিলা পৰিকলন বিষয়া
তথ্য ব্যৱস্থাপনা প্ৰণালী, সমগ্ৰ শিক্ষা অভিযান, ডিব্ৰুগড়
ফোন : ৯৭০৭০৭৪৫৪৩