ৰুদ্ৰ সিংহ মটক
with our ears.”(Octavio Paz)
যৌৱন হেনো চিৰসেউজ সৃষ্টিৰ মৌ-বন৷ হয়, আগবয়সত সকলোয়ে সুন্দৰ সপোন দেখে৷ এই সপোনেই হয়তো সুন্দৰ সৃষ্টিৰো আৱাহনী৷ আন দহজনৰ দৰে সততে সংবেদী জুৰি গোস্বামীয়ো আগবয়সতে কবিতাৰ প্ৰেমত পৰিছিল৷ দৰাচলতে কবিতা সূক্ষ্ম জীৱন জিজ্ঞাসা বা সুগভীৰ আত্মবোধৰে বীজ-বৰ্ণমালা৷ আন অৰ্থত সূক্ষ্মতম আত্মসমালোচনাৰ লগতে অৰ্থোজ্বল সমাজ জিজ্ঞাসা ৰো শিল্প এই কবিতা৷ বৌদ্ধিক জিজ্ঞাসা, সমালোচনাৰ উদ্ভাস নথকা সাহিত্যসৃষ্টি বাস্তৱতাৰ ছাঁ-জোনাক সত্বেও যেন দুৰ্বল, অসাৰ্থক৷ ইংৰাজী সাহিত্যৰ সমালোচক, প্ৰথিতযশা বুৰঞ্জীবিদ লিগুই আৰু কাঝামিয়ানে এনেদৰে মন্তব্য কৰিছে : “Literature without a critical angle of judgement falls through its very essence.” কবি, অধ্যাপক, সুবক্তা জুৰি গোস্বামীৰ অলপতে প্ৰকাশ পাবলগীয়া এখন উচ্চ মানৰ কাব্যগ্ৰন্থ --থমকি নৰ’বি অ’ জীৱন ৷ ইয়াত কবিৰ আগবয়সৰ ভিন্ন স্বাদৰ এসত্তৰটা কবিতা সন্নিৱিষ্ট হৈছে৷ খোজ, চকু, সি এক শীতল সংগ্ৰাম, কেঁকোৰা, থমকি নৰবি অ’ জীৱন, নাওবোৰ আহে আৰু যায়, এনেবোৰ কবিতাত ভাৱ আৰু ভাষাৰ মণিকাঞ্চন সততে মন কৰিব লগীয়া৷ অকপটে কওঁ কবিৰ বুকুৰ হৃদস্পন্দন শুনিবলৈ পোৱা অৰ্থোজ্জ্বল স্তৱকবোৰেই হয়তো সবাতোকৈ সুন্দৰ, সাৰ্থক আৰু স্মৰণীয় সৃষ্টি -
ছয়াময়া প্ৰাৰ্থনাৰ বাটেৰে
আক্ৰান্ত মানুহৰ বুকুভগা খোজ
হেৰুৱাই পেলাইছে পোহৰৰ ৰং
কণ্ঠৰ স্ফূলিংগ
*
ৰ’দতকৈও প্ৰখৰ
বৰষুণতকৈও চেঁচা
ধুমুহাতকৈও কঠোৰ তাৰ শৰীৰ
সাধুকথাৰ পৃষ্ঠা এটি হৈ
ৰৈ যায় সি চিৰকাল
কথা-মালিকা সদৃশ
সহজ শব্দচয়ন, ভাষাৰ সৌন্দৰ্য আৰু অন্তৰ্লীন গীতিময়তাৰ বাবে তেওঁৰ কিছুমান কবিতাই
প্ৰথম পাঠতে বুকুত ঘৰ বান্ধে৷ কবিয়ে নিবিচাৰে কূটিল সময়ৰ বলিশালত শিৰ পাতি
ৰক্তাক্ত হওক
জীৱনৰ সত্য মানবতাৰ শ্লোগান৷ সেয়ে হয়তো জীৱনৰ দুখ-দুৰ্দশা, হা-হুতাশৰ লগতে স্বদেশ-স্বকালৰ
চিনাকি ছৱি-চিত্ৰকল্প, আশাবাদৰ সুৰ, সংগ্ৰাম ভাৱনা আৰু ৰূপান্তৰৰ চেতনাৰে উজ্বল
জুৰি গোস্বামীৰ কবিতাৰ পৰিমণ্ডল৷
আকণ্ঠা ক্ষুধা আৰু দুৰ্বলতা
তথাপি চুই আছে সি ওৰেটো নিশা
একোজাক ধুমুহা
(সি এক শীতল সংগ্ৰাম)
মানব জাতিৰ মাতৃভাষাই হ’ল কবিতা৷
ই মূলতঃ বিশ্বপ্ৰকৃতি বা সমাজ মানসৰ সৈতে সংবেদী কবিমনৰ নীৰৱ সংলাপ--“the
still, sad music of humanity.” (ৱাৰ্ডছৱাৰ্থ)৷ কবিতাৰ ৰূপ-বৰ্ণ-বাক,
শিল্পসুষমাৰ মুগ্ধ আভাস কবিতাই যিমান দিব পাৰে বাস্তৱ ক্ষেত্রত কোনো কবিয়ে
সিমানখিনি দিব নোৱাৰে৷ আমি কোনো বিদ্বৎ কলা সমালোচক নহয়৷ কবিতাৰ ৰসগ্ৰাহী পাঠক হিচাপে আমি ক’বলৈ ভাল
পাম , কোনো পুৰাতন ৰূপকথাৰ আশ্ৰয় নোলোৱাকৈ এগৰাকী মুগ্ধ নাৰীৰ ৰূপকল্প চিত্ৰায়নত
জুৰি গোস্বামীয়ে অপূৰ্ব নিৰ্মাণক্ষম প্ৰজ্ঞাৰ লগতে গভীৰ অন্তৰ্দৃষ্টিৰ পৰিচয়
দিছে৷ ই তেওঁৰ প্ৰতিভা আৰু কাব্যকৃতিৰে চানেকি -
গতিময় জীৱনৰ গুণগুণ কথকতাত জীপাল সেই সেউজীয়া আকাশৰ ৰং
ফুলাম সময়ৰ সুগন্ধি জোনাক ধিয়াই
অহৰহ এক অব্যৰ্থ যাত্ৰাৰ বৰ্ণিল আয়োজন
সুৰ হৈ ওপঙি থাকে
জলফাইৰঙী প্ৰেমৰ ছন্দায়িত শব্দ-চয়ন
পলসুৱা বুকুৰ ইথাৰত (নাৰী)
পুৰুষতন্ত্ৰ
নিয়ন্ত্ৰিত, বন্দী একঘেয় জীৱনধাৰাৰ উৰ্ধত জুৰি গোস্বামীৰ কবিতাত নাৰীসত্তাৰ
সৌন্দৰ্য বন্দনাৰ লগতে উদাৰ প্ৰেমবোধ আৰু প্ৰতিবাদী চেতনাৰ সন্ধান কৰাতো আমি
আগ্ৰহী৷ আঙ্গিক নিটোল নহ’লেও আমাৰ দৃষ্টিত “কেঁকোৰা” জুৰি
গোস্বামীৰ কলমৰ এক ব্যতিক্ৰমী সৃষ্টি৷ আমি জনাত অসমীয়া সাহিত্যৰ বুৰঞ্জীত কেঁকোৰা
বিষয়ক কবিতা এইটোৱেই প্ৰথম৷ ছেগ বুজি নাৰীৰ বুকুত গাঁত খান্দিব খোজা বহুৰূপী
কেঁকোৰাৰ হাতোৰাৰ লম্পট চেপেনাবোৰো যে দুৰ্বাৰ ক্ৰোধ আৰু স্বাভিমানৰ কৌশলী কেচিৰে
মুহূৰ্ততে কাটি পেলাব পাৰি তাৰে এক আইৰণিক উপস্থাপন এই কবিতাটো৷ ব্যঞ্জনাক্ষম
চৌখিন শব্দচয়ন আৰু কলাচাতুৰ্যৰ দিশৰপৰাও কবিতাটো আলোচনাৰ বিষয় হ’ব পাৰে৷
আগ্ৰহী পাঠকৰ ৰসাস্বাদনৰ সুবিধাৰ্থে কবিতাটোৰ একাংশ ইয়াত তুলি দিলোঁ৷ -
মাৰ মুখত কেঁকোৰাৰ নাম
ঠিক কাণখোৱাৰ দৰে
কেঁকোৰাক ভয় কৰিবলৈ ললোঁ মই
লাহে লাহে প্ৰিয় মৎস্যৰ লগত অহাৰ দৰে
সকলো প্ৰিয় কামৰ লগতেই আহিবলৈ ধৰিলে
কেইবাটাও প্ৰকাণ্ড কেঁকোৰা
আবেগৰ কাঠগড়াত থিয় কৰাব পৰাকৈ
কুন্ধচ মুখবোৰত লাগি থাকে সিঁহতৰ শকুনি সময়
বান্ধি লয় ঠেংবোৰত
পাশাখেলা হাতোৰাবোৰ
চেপেনাত হলাহলে গৰল বাকি
চোপ দি ৰয় সুবিধাজনক স্থিতিত
বিশাল পৃথিৱী বুলি সংকীৰ্ণতাত আকণ্ঠ নিমজ্জ্বিত হৈ
পৰিকল্পনা কৰে
বুকুৱে বুকুৱে গাঁত খন্দাৰ
এদিন
মোৰ ভয়াৰ্ত দৃষ্টি দেখি মায়ে ক’লে-
‘চেপেনাখন কাটি দিলেই সকলো শেষ ৷
তই পাৰিবি ৷ ‘
এতিয়া
মোৰ ভয়ত হেজাৰ বিজাৰ কেঁকোৰা
দূৰে দূৰে
কবিতা উকা আবেগ নহয়৷ ই মগজুৰ ফিৰিঙতি; কৰ্ষিত হৃদয়ৰ হৰিৎ
শস্য৷ কবিতাৰ ওপৰত আস্থা আছে বাবেই কবি জুৰি সততে সচেতন৷ বয়সত তৰুণ যদিও তেওঁ
জানে কৰ্ষণ-অনুশীলন-সাধনা ব্যতিৰেকে শব্দশস্যৰ নিপুণ খেতিয়ক হোৱাটো সম্ভৱ নহয়৷
অসমীয়া কবিতাৰ চহকী ঐতিহ্যৰ পৰাও শিকাৰ আগ্ৰহ আছে এইগৰাকী কবি৷ কবিতাৰ দ পথাৰৰ
খেতিয়কসকলে আৰু এটা সত্য মনত ৰাখিব লাগিব৷ কবিতা হ’ল
বৌদ্ধিক আহাৰ, আত্মাৰ পৰমান্ন৷ কিন্তু বৌদ্ধিক পৰিতৃপ্তিতে কবিৰ, কলাকাৰৰ
দায়িত্ব শেষ নহয়৷ ভাষা-সংস্কৃতিৰ শতৰু তেজপিয়া জোকৰ মুখত চূণ দিব পৰাকৈ আজিৰ
কবি শক্তিশালী হ’ব লাগিব৷ আমাৰ শ্ৰেণীবিভক্ত ক্ষয়িষ্ণু সমাজখনৰ সুপ্ত বিবেক
জগাই তুলিব পৰাকৈ, পৰিবৰ্তন অভীপ্সাৰ প্ৰয়োজনবোধ উপলব্ধি কৰিব পৰাকৈ, প্ৰাত্যহিক
জীৱনৰ দ্বন্দ্ব-সংঘাত আৰু সদৰ্থক সামূহিক ভাৱনাকো তেওঁ কলাত্মক ৰূপত উপস্থাপন কৰিব
লাগিব৷তেতিয়াহে কলা হিচাপে কবিতাৰ সৌন্দৰ্য আৰু মহত্ত্ব বাস্তৱায়িত হ’ব৷
শিল্পকলাৰ আত্মিক সত্য আৰু সাৰৱত্তা সম্পৰ্কত এইটোৱেই বোধহয় সবাতোকৈ ডাঙৰ কথা৷ “Beauty,
is truth, truth beauty —that is all/ Ye
know on earth , and all ye need to know.”( John Keats) আমি মনত ৰাখিব লাগিব কবি মাত্ৰেই একোজন
যোদ্ধা৷ তেওঁ জীৱনৰ নব বুদ্ধ, সমাজৰ নতুন যীশু৷ ৰূপান্তৰৰ অগ্নিমন্ত্ৰ স্বৰূপ
কবিতাৰ পাঠ, আবৃত্তি, অনুশীলন, গৱেষণাও উন্নত, আধুনিক জীৱনচৰ্যা আৰু চিৰসুন্দৰ
সংস্কৃতিৰে উদযাপন৷ সমাজ আত্মাৰ উৎকৰ্ষৰ লগতে চিৰমহীয়ান বিশ্ববোধৰো সেতু কবিতা৷ গ্ৰীক নাটকৰ কাব্যিক ন্যায় বা পয়েটিক
জাষ্টিচ সামাজিক ন্যায়ৰে অন্য নাম৷ মানবিক চৈতন্যৰ পৰিবৰ্ধন, পৰিপুষ্টিৰ বাবে,
সমাজ সংস্কৃতিৰ এক নতুন ৰেণেছাঁৰ বাবে অগ্ৰজসকলৰ লগতে জুৰি গোস্বামীৰ দৰে
প্ৰতিশ্ৰুতিপূৰ্ণ তৰুণছামৰ সৃষ্টিবোৰা আমি পঢ়িব লাগিব৷ এয়া হয়তো সংকটজৰ্জৰ ক্ষয়িষ্ণু
সময় আৰু জাতীয় জীৱনৰে অমোঘ আৱাহন৷
০০০
ঠিকনা :
লাৰিকা গ্ৰীনভেলী ,
আজাৰা,
গুৱাহাটী-৭৮১০১৭,
কামৰূপ (মেট্ৰো)