অন্যযুগ/


‘শিলকপৌ’ আৰু প্ৰাঞ্জল কুমাৰ খাউণ্ডৰ উজ্জ্বল কাব্যযাত্ৰা

ৰুদ্ৰ সিংহ মটক


Poetry is a deal of joy and pain and wonder, with a dash of the dictionary
. খলিল জিব্ৰান৷

শিলকপৌ’ (২০১৯) তৰুণ প্রজন্মৰ কবি প্রাঞ্জল কুমাৰ খাউণ্ডৰ সৃষ্টিশীল জীৱনৰ প্রথম কাব্যগ্ৰন্থ৷ সব্যসাচী প্রকাশৰ নিৱে‍দন এই পুথিখনৰ আটক ধুনীয়া বেটুপাতৰ অলংকৰণ শিল্পী ৰেখা বৰুৱাৰ৷ উল্লেখ্য যে গ্ৰন্থখনৰ ‘শিলকপৌ’ নামটোতে প্রকৃতিৰ ওচৰ চপা এক অনিৰ্বচনীয় সৰলতা আৰু বুজাব নোৱৰা অনামী ব্যঞ্জনা ব্যঞ্জিত হৈছে৷ ই হয়তো কবিমননৰ সূক্ষ্ম সংবেদন, নিভাঁজ নিসৰ্গপ্রেম আৰু গভীৰ নান্দনিকতাবোধৰে নিৰ্লোভ পৰিচয়৷ আমি লক্ষ্য কৰিছোঁ কবিৰ প্রায়বোৰ কবিতাই উচ্চ মানৰ৷ আৱেগৰ আলোড়ন, অন্তৰ্জগতৰ সতে কবিৰ দ্বন্দ্ব-সংঘাতৰ ফল হল কবিতা৷ চমুকৈ কবলৈ গলে কবিতা এক প্রকাৰৰ জীৱনবীক্ষা৷ আমি জীৱন বাটত দুই-এজন কবিকহে লগ পাওঁ৷ বহুতকে হয়তো লগ পোৱাৰ সৌভাগ্য নহয়গৈ৷ চিনাকি-অচিনাকি এনে বহু কবিৰ কাপৰ কবিতা পঢ়োঁ৷ সেইবোৰ জীৱনৰ একো একোটা বিচিত্ৰ মুহূৰ্তত! পুলকিত হৃদয়ৰ একোটা সোণালী ক্ষণ৷ সময়ৰ লগে লগে কবিক পাহৰি যাওঁ৷ কবিতাবোৰো হেৰাই যায়৷ কিন্তু ভাল লগা কবিতাবোৰৰ মাজৰ যি জীয়া আৱেগ, ৰেঞ্চৰ ভাষাত vital emotion, সেয়া আমাৰ সত্তাৰ কোনোবাখিনিত ৰৈ যায় অনন্ত কালৰ বাবে৷ হয়তো সেয়ে কবিতা আৰু জীৱন একেটি মুদ্ৰাৰে দুটা পিঠি৷ যি পাৰ্থক্য সেয়া কেৱল শব্দ আৰু শৈলীৰহেthe essential differences between life and literature were simple errors of form.” প্ৰাঞ্জল কুমাৰ খাউণ্ডৰ কবিতাবোৰ পঢ়িলে বহু সময়ত এনে অনুভৱ হয় যে সেইবোৰ নিৰ্মাণ নহয়, জীৱন প্রঞ্চৰ কোনো বাখ্যা নহয়, নিৰ্মল সৃষ্টিহে৷ কবিতা পুথিখনৰ পাতনিত কবিজনে নিজৰ সৃষ্টি আৰু কাব্যযাত্ৰাৰ প্ৰসঙ্গত আন্তৰিকতাৰে যি কথা উল্লেখ কৰিছে সেয়া যেন কবিৰ অন্তৰাত্মাৰ অকপট স্বীকাৰোক্তিকবিতাৰ এই বিশাল যাত্ৰাপথত... আৱিষ্কাৰ কৰিলোঁ এখন নতুন পৃথিৱী, চুব খুজিলোঁ এখন নিৰ্মল আকাশ, বান্ধিব বিচাৰিলোঁ সমগ্ৰ চেতনাৰে মোৰ জীৱন সাধনা৷” (কিছু কথা নিজাকৈ)৷

কাজলসনা দুচকুত কি লিখা আছে— ইমান তীক্ষ্ন

ওঁঠত বৈ পৰা হাঁহিটিত কি থাকে ইমান শুভ্ৰ

 

নকৈ বাঢ়িছে বহাগৰ বান

বৰঘুলিত উজান উঠিছে, চকলীয়া  পুথি

বেলিয়ে আঁটে মানে কাচিয়ে কাটে মানে

যোগাৰ কৰি আনিম দুবেলাৰ চাউলমুঠি...   (লৰিয়লি)

প্রাঞ্জল এজন সমাজ সচেতন কবি৷ কল্পনাৰ সতে সমাজ-বাস্তৱ আৰু অভিজ্ঞতাৰ নৱৰূপ প্রাঞ্জলৰ কবিতা৷ হয়, “শালিকীজঁটীয়া জীৱন জীয়াৰ কাহিনী” তেওঁৰ সন্ধানী কলমৰ প্রায়বোৰ সৃষ্টি৷ সমাজ জীৱনৰ, মূলতঃ গাঁৱৰ বুকুৰ পৰা সযতনে বুটলি লোৱা চিনাকি বিষয়বস্তু, নিভাঁজ শব্দচয়ন আৰু সংযত ভাবৰ প্রকৰণে তেওঁৰ কবিতাবোৰক দান কৰিছে এক বিশেষ মাত্ৰা আৰু অর্থবৈচিত্ৰ্য৷

ত বজাৰ দৰত বিক্ৰী কৰা হয় প্রেম

দেহ আৰু ঘাম

 

তাত কবিৰ কি দাম?

বৰনৈৰ বুকুত জাহ গল পিতাইৰ তেজ

অথাই সাগৰত পাঁচোটা জীৱন

শাকে-লোণে উদৰৰ ভাত এমুঠিৰ বাবে

 

আইৰ কলিজা ভাগে

 

পিতাইৰো দুখ, আইৰ অচিন অসুখ (জীৱন)

জীৱনহীন সপোনহীন দুঃস্থ সময়৷ পিঠিৰ ভৰে কোঙা কৰি অনা সৰু সৰু মানুহৰ জীৱন বুৰঞ্জীৰ যেন একো একোটা অলিখিত পৃষ্ঠা প্রাঞ্জলৰ কবিতা৷ মৰি মৰি জীয়াই থকাতকৈ/ জীয়াই জীয়াই মৰি থকাই ভাল৷” (আত্মকথা/১)৷ কবিতাৰ এই স্তৱকটিয়ে এলিয়টৰ ‘প্ৰুফ্ৰুক’ কবিতাৰ am Lazarus, come from the dead” শাৰীটোলৈ মনত পেলাই দিয়ে৷ বাইবেলত বৰ্ণিত কাহিনী এটাত উল্লেখ আছে যে মৃত্যুৰ পাছত কফিনত শুই থকা লাজাৰাছক মহান যীশুৱে নতুন জীৱন দি পৃথিৱীলে পুনৰ ঘূৰাই আনিছিল এই উদ্দেশ্যে, তেওঁ যাতে দ্বিতীয় জীৱন কালত নিজৰ অপূৰ্ণ ইচ্ছাবোৰ পূৰণ কৰিব পাৰে৷ কিন্তু আমাৰ কবিয়ে নিজৰ জীৱন্মৃত অৱস্থাৰ সীমাহীন দুৰ্দশাৰ অৱতাৰণাৰে পাকে-প্রকাৰে যেন আধুনিক সমাজ-জীৱনৰ দ্ৰুত স্খলন, প্রমূল্যগত অৱক্ষয় আৰু আত্মিক সীমাবদ্ধতাৰ ট্ৰেজিক ছবি‍খনৰ কথাকে কব খুজিছে৷ পিতাইৰ দুখ, আইৰ অসুখ, জেতুকী পেহীৰ সৰুজনী জীৰ বাঢ়ি অহা জৰায়ুৰ বীজাণু আদিকে ধৰি এশ-এবুৰি দুখ-যাতনাৰ দাবানলে দহিছে দৰদী কবিৰ বুকু৷ মানুহে যেতিয়া আশাহত, দুৰ্দশাগ্রস্ত মানুহৰ দুখ মোচনৰ বাবে তিলমানো নাভাবে‍ বা আগবাঢ়ি নাহে তেতিয়া ভিতৰি ভিতৰি ব্যথিত হয় সহৃদয়-হৃদয়সংবেদী কবি

কাৰনো কি গৰজ 

কাৰ বাবে কোনে কান্দে

 

কোনেওতো নাজানে

কোনে কেতিয়া কাৰ বুকুৰ ঘৰ এখন ভাঙে

লোকজীৱনৰ সৈতে নিবিড়, আত্মিক সম্পৰ্ক থকা বাবেই দৰদী কবিজনে কবিতাপুথিখনৰ প্রাৰম্ভতে কিংবদন্তি কবি হীৰুদাৰ কলমৰ হৃদয় পৰশা কবিতাৰ স্তৱক এটি উল্লেখ কৰিছে৷ মোৰ চহা পিঠিত ৰদ-বৰষুণ, কলিজাত ধানৰ কঠীয়া/ থিত-গৰকি বিচাৰি পালোঁ সীৰলুৰ সিৰে সিৰে বৈ যোৱা চকুলোৰ তলসোঁতা নৈ...৷ জীৱন, সময় আৰু সমাজৰ সূক্ষ্ম পৰ্যবেক্ষক বাবেই তথাকথিত বিশ্বায়নৰ ধামখুমিয়াত অবক্ষয়ৰ গ্ৰাসত পৰা আধুনিক জীৱনৰ কুটিলতা আৰু কৃত্ৰিমতাৰ সমালোচনায়ো ধৰা দিছে তেওঁৰ সৃষ্টিকৰ্মসমূহত৷ সৃষ্টিশীল কলা, শিল্প বা সাহিত্যত আৱেগৰ এক শক্তিশালী অথচ নিৰ্ণায়ক ভূমিকা থকাটো এক অনস্বীকাৰ্য সত্য৷ কবি প্রাঞ্জলৰ আৱেগ তৰাং বা উকা নহয়৷ মননশীল হলেও ই মূলতঃ সৃষ্টিশীল আৰু তুলনামূলকভাৱে শক্তিশালী৷ আৰু সেইবাবেই এনে আৱেগ বা কাব্যজিজ্ঞাসাৰ জুমুঠিটোত কবি-আৰ্জিত বাস্তৱ অভিজ্ঞতাৰ সমল, উপাদানো সম্পৃক্ত হৈ থকা পৰিলক্ষিত হয়৷ কবিৰ জীৱনঘনিষ্ঠ স্বপ্ন, স্মৃতি, চেতনা, অন্তদৃষ্টি আৰু সমৃদ্ধ শিল্পবীক্ষাৰ ই এক উজ্জ্বল চানেকি৷

নৱগ্ৰহত দাও দাওকৈ জ্বলি আছে দুখন চিতা আৰু 

ডকমকাত কান্দি আছে ফুল যেন দুটা প্রেতাত্মা

 

বৰ্বৰ মানুহবোৰে হানিছে-খুঁচিছে

কিৰিলিয়াইছে, উকিয়াইছে

আতাহত গগন ফালিছে পাহাৰটোৱে

 

জীয়াই থাকিবৰ বাবেই উশাহ আছে নে

জীৱৰ বাবেই জীয়াই আছে মানুহবোৰ (ডকমকা)

সমকালীন নবীন কবিসকলৰ কবিতাত প্রত্যক্ষ কৰা কৃত্ৰিমতা কিম্বা অহেতুক জটিলতাৰ মেৰপেঁচ নাই তৰুণ প্রজন্মৰ প্রতিশ্ৰুতিসম্পন্ন কবি প্রাঞ্জল কুমাৰ খাউণ্ডৰ কবিতাবোৰত৷ ভাব আৰু সৌন্দৰ্যমণ্ডিত ভাষাৰ শিল্পীত ৰসায়নৰ গুণত তেওঁৰ কাপৰ কবিতাবোৰ হৈ উঠিছে ৰসঘন, আবেদনক্ষম আৰু সুখপাঠ্য৷ সাৰ্থক কবিতাৰ শিল্পগুণ প্রঙ্গত সমালোচক এডগাৰ এলান পোৱে এনেদৰে মন্তব্য Poetry is the rhythmical creation of beauty in words. ‘নিমন্ত্ৰণ’ কবি প্রাঞ্জল খাউণ্ডৰ শিলকপৌ’-ত সন্নিৱি‍ষ্ট এটি বাছকবনীয়া সৃষ্টি৷ চহৰ-নগৰৰ কৃত্ৰিমতা-যান্ত্ৰিকতাৰ আঁচোৰ নপৰা সহজ-সৰল গাঁৱৰ স্বাভাবিক জীৱনপ্ৰৱাহ যেন এই কবিতাটিৰ বিষয় আৰু প্রাণস্পন্দন৷ এনে জীৱন যাত্ৰাত অভ্যস্ত সৰলচিতীয়া এগৰাকী চহা কবিৰ চহা কলম নিঃসৃত এই কবিতাটো পঢ়িলে এজন পাঠকে প্ৰাঞ্জল কুমাৰ খাউণ্ড নামৰ কবিজনৰ ধমনীৰ হৃদস্পন্দন শুনিবলৈ পাব৷ লগতে তেওঁ শুনিবলৈ পাব এজন মানৱ প্ৰেমিক, সৰলমনা যুৱকৰ অন্তৰ্জগতত নীৰলে শুই থকা ভালপোৱাৰ সংগীত আৰু ধুমুহাৰ গুমগুমনি৷ হয়, সৃষ্টিৰ শৈলীয়েই স্ৰষ্টাৰ পৰিচয় Style is the man. নিজৰ সৃষ্টিৰ ৰসজ্ঞ পাঠকজন কবিৰ পৰম প্রাপ্তি৷ এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে পঢ়িবলৈ মন যোৱা প্রাঞ্জলৰ এই বিশেষ কবিতাটোৰ কেন্দ্ৰীয় আৱেগ আৰু মৰ্মাৰ্থৰ মৃদু, ৰসঘন সঙ্কেত সূচনা কৰা আৰম্ভণিৰ কেইটামান স্তৱক উদ্ধৃত কৰাৰ লোভ সামৰিব নেৱাৰিলোঁ

 

এবাৰ আহিবচোন আমাৰ ঘৰলে

 

চিনাকি কৰাই দিম

গাঁৱৰ বোকা-পানীৰ সতে

চিনাকি কৰাই দিম

 

বাৰ্ধক্যই পীড়ি থকা মোৰ আইতাক

 

কেনেদৰে খুন্দা তামোলৰ সেলেঙি বৈ থকা মুখখনেৰে

ঢেক-ঢেককৈ হাঁহি হাঁহি পুৰণি দিনৰ কথাবোৰেৰে

 

ৰং লগাব পাৰে

 

চহৰৰ কৃত্ৰিম পোছাকযোৰ সোলোকাই

 

পিন্ধি আহিব এযোৰ অকৃত্ৰিম পোছাক

 

ডেকা কবি প্ৰাঞ্জল খাউণ্ডৰ জীৱন এষণা যিদৰে বৰ্ণিল, সেইদৰে কবিৰ প্রেমৰ উপলব্ধিও বেচ গভীৰ৷ মকালীন অলেখ নবীন কবিৰ ব্যক্তিকেন্দ্ৰিক জীৱন-চিন্তা, উনৈশত বা বলাই ফুৰা তথাকথিত ৰোমাণ্টি‍ক ভাৱালুতাৰ পৰা বহু ঊৰ্ধত প্রাঞ্জলৰ মানৱীয় প্রেমৰ চিৰন্তন অনুভৱ

লা চোলাৰ কবিতা

বুটাম আছে চাৰিটা

 

চাৰিকো চাৰিয়ে চৰে

তোমাৰ চকুলে চাবকে নোৱাৰি

জালুক-জলকীয়াই পোৰে (পানীমেটেকা)

 

এদিন উমলি থকা এযুৰি চকুৱে

ছিটিককৈ মাৰি দিয়া পলক এটাই

 

বুকুত পেখম ধৰে

 

ক্ৰমান্বয়ে আপোন কৰি লোৱা

যি যুৰি চকুৱে

বুকুৱে বুকুৱে নিগাজিকৈ

ঘৰ সাজি বহিল (চকু)

সঁচা প্রেম প্রতাৰিত হোৱাৰ যন্ত্ৰণাতকৈ হয়তো মৃত্যুৱেই শ্ৰেয়ঃ৷ যুগে যুগে অসমীয়া চহা লোকজীৱন উদ্বেলিত-আন্দোলিত কৰি ৰখা এনে জীৱন-সত্য অভিব্যক্ত এফাকি বিহুগীতেৰে আৰম্ভ কৰা হৈছে তেওঁৰ ‘চকু’ কবিতাটি— “শিলপোতা পুখুৰী নকৈ বন্ধালে/ ইটাৰে বন্ধালে পাৰ! অতদিনৰ পীৰিতি এৰিব লাগিলে/ নগা-যাঠি মাৰিয়ে মাৰ”৷

অসমৰ গ্ৰাম্য অঞ্চলত জীৱন যাপন কৰা একাংশ হোজা মানুহ আজিও কিদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ এন্ধাৰ আৱৰ্তত আচ্ছন্ন হৈ আছে সেই পটভূমিতো কবিতা ৰচনা কৰিছে প্ৰাঞ্জল কুমাৰ খাউণ্ডে৷ অবৈধ পীৰিতিৰ পৰিণামস্বৰূপে গাত লেঠা লগা গাভৰু জীৰ বদনাম গুচাবলৈ বেজৰ কাষ চাপি না-জল না-থল অৱস্থা হৈছে জেতুকী পেহীৰ৷ একবিংশ শতাব্দীতো শিক্ষা আৰু বিজ্ঞানৰ পোহৰ নপৰা দাৰিদ্ৰ পীড়িত অসমৰ গ্ৰামীণ সমাজখনে আধুনিক সভ্যতাৰ ভিতৰি ফোঁপোলা স্বৰূপ উদঙাইছে৷

জেতুকী পেহীৰ সৰুজনী জীৰ গাত সেটা

বদনাম গুচাবলৈ কত কি যে যো-জা

 

বুঢ়া নামঘৰৰ ৰাইজমেলত এঘৰীয়া কৰা

ল...

 

বিধান বিচাৰি দেউকণ বেজৰ কাষ চাপিল

মুঠিত গুঁজি শুকান শিলিখা এটা ফুটবল মাৰি

দিলে

 

আৰু এদিন

 

অপৈণত ভ্ৰুণ এটাই পোহৰ দেখিলে

কোনোমতে এসাঁজ খাই এসাঁজ ভোকত থকা

পৰিয়ালটোৰ

এতিয়া হাঁ-কানি-নিকানি

(জেতুকী পেহীৰ কত কথা)

*  *  *

কাণি-মুনি সন্ধিয়া

তিনিআলিৰ জৰিতললৈ নেযাবি

 

কেনেবাকৈ বুঢ়া ডাঙৰীয়াই পাব

 

মূৰত মথুৰাপাগ, শুভ্ৰ ধুতি-চোলাৰে

গাত চেলেং লৈ জিৰাই থাকে ডাঙৰীয়া (ডাঙৰীয়া)

 

কবিতা ভাব আৰু ভাষাৰ নান্দনিক নিৰ্মাণ৷ ভাষাৰ সৌন্দৰ্যই হল সাৰস্বত কাব্যশিল্পৰ অন্তৰতম জেউতি৷ গাঁৱে-ভূঁয়ে বসবাস কৰা চহা অসমীয়াসকলৰ মুখে মুখে প্রচলিত কথ্যভাষাৰ সৈতে কবি খাউণ্ডৰ আছে বিৰল পৰিচয়৷ অৱশ্যে এটা কথা এইখিনিতে উনুকিয়াই যোৱাটো প্রাসংগিক হব যে ভাষা জনাটো আৰু ভাষাক কবিতাৰ দৰে সৃজনশীল কলা নিৰ্মাণৰ মাধ্যম হিচাপে ব্যবহাৰ কৰাটো এজন স্ৰষ্টাৰ প্রতিভাৰ দুটা সুকীয়া দিশ৷ এনে প্রতিভাৰ অন্তৰালত থাকে কল্পনাৰ লগতে কবি হৃদয়ৰ সৃষ্টিৰ অনুৰাগ, ঐকান্তিকতা আৰু নিৰৱচ্ছিন্ন সাধনা, যিটো ডেকা কবিজনৰ শিল্প জিজ্ঞাসা আৰু ব্যক্তিত্বৰ এক ব্যতিক্ৰমী, অথচ শলাগিবলগীয়া চৰিত্ৰ৷ নিপৃণ সোণাৰীৰ দৰে ইয়ে তেওঁৰ ভাষা আৰু কথনশৈলীক বহু কবিৰ পৰা সুকীয়া, অর্থমণ্ডিত ৰূপ দান কৰিছে৷ বাংফঙীয়া কথাবোৰ’, ‘ধোদোঙা লাফাংগা’, ‘শালিকী জঁটীয়া জীৱন’, ‘হেঁকেচ-কেচকৈ উকি এটা মাৰি’, ‘যৌৱনৰ পনিয়ল পিটিকা আবেলিবোৰ’, ‘পৰিয়ালটোৰ এতিয়া হাঁ-কানি-নিকানি’— এনেবোৰ চহকী শব্দচয়নে কবিতাৰ ভাষাক দান কৰে হৃদয় পৰশা আৱে‍দন৷ প্রজ্ঞা বা কল্পনাশক্তিৰ উৰ্বৰতাৰ লগতে সেউজ-সজীৱ শব্দ প্রকৰণৰ ব্যঞ্জনা, চিনাকি ছবি‍-চিত্ৰকল্পৰ মায়াময়তা কবি প্রাঞ্জলৰ কাব্যকৃতিৰ এক উজ্বল দিশ। 

এইবাৰ এডৰা মাটিতো নহল খেতি

লেছেৰি বোটলাদি

কোনোমতে যোগাৰ হয় যদি

 

দুমাহমানৰ ভাতমুঠি

 

যি দুই-চাৰিটা পাম

ন বুলি লগে-ভাগে এসাঁজ খাম (প্ৰাপ্তি)

ভাষা শিলৰ বুকুৰ মণিক; কবিতা হল শামুকৰ পেটৰ মুকুতা৷ কবিতা লিখিলেও সচৰাচৰ বহু কম কবিয়েহে এই সত্যৰ মহত্ত্ব আৰু গুৰুত্ব অনুধাৱন কৰিবলৈ সক্ষম হয়৷ কাব্যভাষাৰ কালিকা, আধুনিক ছন্দৰূপৰ যি অন্তৰ্লীন শক্তি আৰু সৌন্দৰ্য আয়ত্ত কৰাৰ বাবে তৰুণ প্রজন্মৰ কবি প্ৰাঞ্জল কুমাৰ খাউণ্ডৰ যি প্রয়াস আৰু সাধনা, সেয়া শলাগিবলগীয়া৷ প্রতিভাশালী সমালোচক ড দেৱভূষণ বৰাৰ মন্তব্য মন কৰিবলগীয়া ভাষাৰ পুনৰাৱিষ্কাৰৰ প্রতি কবিৰ ধাউতি প্রশংসনীয়”৷ সমালোচকগৰাকীৰ এনে ধনাত্মক অভিমতক সমৰ্থন কৰিও আমি কওঁ কলা হিচাপে কবিতাৰ ওপৰত থকা কবিৰ আস্থা আৰু নতুন সৃষ্টিৰ হেঁপাহ বেচ প্রবল। আমি আশা ৰাখিম নিভাঁজ মাতৃভাষা প্ৰীতি, সুগভীৰ মানৱীয়তা, পৰিৱৰ্তনৰ প্ৰতি অনুভৱ কৰা অভীন্সা আৰু হৃদয়ত প্রৱাহিত জাতীয় চেতনাবোধৰ ফল্গুধাৰাই হব কবি প্রাঞ্জলৰ ভৱিষ্যৎ সৃষ্টিৰাজিৰ অমল উৎস৷

০০০০

শিলকপৌ
প্রকাশক : সব্যসাচী প্রকাশ
প্রথম প্রকাশ: ২০১৯
প্রচ্ছদ : ৰেখা বৰুৱা
মূল্য : ১৩০.০০ টকা
 
ঠিকনা :
লাৰিকা গ্ৰীনভেলী,
ব্লক নং ৯, ফ্লেট নং ২০৪,
আজাৰা, পিন-৭৮১০১৭
হাটখোৱাপাৰা, গুৱাহাটী, অসম।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ