ড° পোনা মহন্ত
‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান উপাস্য বাথৌ দেৱতাৰ সন্তুষ্টিৰ অৰ্থে দেৱতাগৰাকীৰ থাপনাৰ চাৰিওফালে ঢাল-তৰোৱাল লৈ এই নৃত্য পৰিৱেশন কৰা হয়৷ যিহেতু আক্ৰমণ বা আত্মৰক্ষাৰ ভাব প্ৰকাশেৰে এই নৃত্য কৰা হয়, সেয়ে ইয়াক এক প্ৰকাৰ সামৰিক নৃত্য বুলিব পাৰি৷ অলপতে এই নামৰ উপনয়াস এখন হাতত পৰাত আগ্ৰহেৰে পঢ়িলোঁ৷ পঢ়ি অঁতাই এই ভূমিপুত্ৰসকলৰ একালৰ দুখ-বেদনা, হা-হুমুনিয়াহ, খং-ক্ষোভ আৰু পাছলৈ আত্মৰক্ষা আৰু আত্মপ্ৰতিষ্ঠাৰ বাবে কৰা যুদ্ধখনৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পটভূমিৰ বিষয়ে অনেক কথা জানিব পাৰিলোঁ৷ ‘দাহালথুংগ্ৰি’-ৰ লেখিকা হ’ল গল্প-উপন্যাসেৰে ইতিমধ্যে একাংশ পঢ়ুৱৈৰ মাজত জনপ্ৰিয় হোৱা গীতালী বৰুৱা৷ উপন্যাসখন প্ৰকাশ কৰিছে ৰাজ্যৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান বনলতাই (ডিচেম্বৰ, ২০২০)৷ এসময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সাংঘাতিকভাৱে বিচ্যুতি আৰু বিভীষিকাৰ সৃষ্টি কৰা বড়ো আন্দোলনৰ আধাৰত অসমীয়া ভাষাত আন কোনো পূৰ্ণাংগ পৰ্যায়ৰ উপন্যাস ওলোৱাৰ কথা আমি নাজানো আৰু ওলাইছে যদিও আমাৰ চকুত পৰা নাই৷ উপন্যাসৰ কাহিনীটো কাল্পনিক হ’লেও ই ধুবুৰী জিলাৰ বিলাসীপাৰা নিবাসী লেখিকাগৰাকীৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰচিত৷ জন্মৰেপৰা বড়ো অধ্যুষিত অঞ্চলৰ কাষত ডাঙৰ-দীঘল হৈ তেওঁ জনগোষ্ঠীটোৰ জীৱন যাপন পদ্ধতি, তেওঁলোকৰ সামাজিক-সাংস্কৃতিক জীৱনৰ বৈচিত্ৰ্য নিচেই ওচৰৰ পৰা দেখিছে আৰু লোকসকলৰ স্বভাৱজাত সৰলতা আৰু শান্তিপ্ৰিয়তাই তেওঁক অভিভূত কৰে৷ কিন্তু পৰৱৰ্তী সময়ত জনগোষ্ঠীটোৰ লোকসকলৰ– বিশেষকৈ যুৱ প্ৰজন্মৰ ক্ষোভ আৰু ক্ৰোধৰ মাৰাত্মক প্ৰকাশ প্ৰত্যক্ষ কৰি আৰু ইয়াৰ পৰিণতিত সৃষ্টি হোৱা ইংসাত্মক পৰিৱেশৰ আশে-পাশে থাকি তেওঁৰ অনুভূতিপ্ৰৱণ মনত হোৱা প্ৰতিক্ৰিয়া আৰু অনেক প্ৰশ্নৰ প্ৰতিফলন হ’ল এই উপন্যাস৷
ঈশ্বানী নামৰ এগৰাকী ‘মূল সূঁতি’ৰ অসমীয়া যুৱতী আৰু দৰেন্দ্ৰ বসুমতাৰী নামৰ বড়ো যুৱকৰ মাজত চলি থকা প্ৰেমৰ সম্পৰ্কৰ ফলস্বৰূপে সুকলমে তেওঁলোকৰ বিবাহ সম্পন্ন হয়৷ ঈশ্বানীয়ে দৰেন্দ্ৰক ‘উৰ্বৰ’ বুলি মাতে; তাইৰ বিশ্বাস যে দৰেন্দ্ৰই হ’ল তাইৰ মনৰ উৰ্বৰা শক্তিৰ প্ৰধান উৎস৷ উৰ্বৰে স্বীকাৰ কৰিছে যে সি এজন উগ্ৰপন্থীৰ পুত্ৰ, কিন্তু সি নিজে উগ্ৰপন্থী নহয়৷ তাৰ দেউতাকো এসময়ত সহজ-সৰল, শান্তিপ্ৰিয় মানুহ আছিল, যি ব্যৱসায় বা ঠিকা-ঠুকলি কৰি জীৱিকা মোকলাইছিল৷ কিন্তু পাছলৈ ৰজাঘৰীয়া বিষয়া-কৰ্মচাৰী আৰু প্ৰশাসনিক আৰু ৰাজনৈতিক ক্ষমতাত অধিষ্ঠিত গৰিষ্ঠ সম্প্ৰদায়ৰ লোকসকলৰ ছল-চাতুৰী, ঘৃণা-অৱহেলা আৰু শোষণ-শাসনৰ স্বৰূপ দেখি তেওঁৰ মনটোও বিদ্ৰোহী হৈ উঠে আৰু ইতিমধ্যে সক্ৰিয় হৈ উঠা উগ্ৰপন্থী সংগঠনত যোগদান কৰি তাৰ নেতৃত্বও মূৰ পাতি লয়৷ মিঃ হাবং নামে সকলোৰে মাজত জনাজাত উৰ্বৰৰ পিতৃ আৰু ঈশ্বানীৰ শহুৰ দেউতা স্বভাৱজাতভাৱে যিকোনো এজন বড়ো লোকৰ লেখিয়াকৈ অমায়িক আৰু শান্তিপ্ৰিয় আছিল৷ তেওঁ পূৰ্বতে কেতিয়াও অসমীয়াবিৰোধী নাছিল৷ উৰ্বৰে কোৱা মতে তেওঁলোক আটায়ে নিজকে অসমীয়া বুলিয়ে ভাবিছিল, কিন্তু অসমীয়াসকলেহে তেওঁলোকক নিজৰ মানুহ বুলি নলৈ ‘বড়ো’ বুলি ভাবে৷
সি যি নহওক, ছাত্ৰ আৰু যুৱ সংগঠনসমূহে পোনতে শান্তিপূৰ্ণভাৱে চলোৱা আন্দোলন পাছলৈ এনেদৰে জংগী হৈ উঠে যে হত্যা-হিংসাৰ অগনি আৰু বোমা-বন্দুকৰ ধোঁৱাই সমগ্ৰ বড়ো অঞ্চল আচ্ছন্ন কৰি পেলায়৷ পুলিচ-মিলিটেৰী আৰু সম্প্ৰদায়িক শক্তিসমূহৰ মাজত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে কিমান মানুহে অকালতে প্ৰাণ হেৰুৱালে আৰু কিমানজন প্ৰতিবন্ধী হৈ পৰিল, তাৰ কোনো সীমা-সংখ্যা নাই। ‘অপৰাধীৰ কোনো জাত নাথাকে’ বুলি কৈ এনে কেতবোৰ বীভৎস ঘটনাৰ যি বৰ্ণনা দিয়া হৈছে, সেইবোৰ পঢ়ি যিকোনো লোকৰে গাৰ নোম শিয়ঁৰি উঠিব৷ কিন্তু ঔপন্যাসিকাৰ সাহস আৰু স্পষ্টবাদিতাক প্ৰশংসা নকৰি নোৱাৰি৷ শান্তিপ্ৰিয় আৰু মানৱদৰদী উৰ্বৰৰ মতে “সম্পূৰ্ণ বিদ্ৰোহটোৱেই আৰম্ভ হৈছে জনজাতীয় সমাজত ৰোপিত হোৱা ক্ষোভ, অৱজ্ঞা আৰু বিচ্ছিন্নতাৰ বীজৰপৰা৷” আলাপ-আলোচনাৰ যোগেদি সময়ত আন্দোলনকাৰীসকলৰ আৰু পুলিচ-মিলিটেৰীৰ হিংসাপ্ৰৱণতা হ্ৰাস পায় আৰু অৱশেষত বড়ো স্বায়ত্তশাসন পৰিষদ গঠন কৰি দিয়া হয়, যাতে এই বৃহৎ আৰু প্ৰাচীন জনগোষ্ঠীটোৱে নিজৰ ভাগ্য নিজে নিৰ্ণয় কৰিব পাৰে৷ ইতিমধ্যে ঈশ্বানীয়ে প্ৰচুৰ অধ্যয়ন আৰু উৰ্বৰ আৰু অন্যান্য জনা-বুজা লোকৰ সৈতে আলাপ-অলোচনা কৰি বড়োসকলৰ ক্ষোভেৰ কাৰণ আৰু তেওঁলোকৰ দাবীৰ যুক্তিযুক্ততা সম্পৰ্কে নিশ্চিত হোৱাত গভীৰভাৱে তেওঁলোকৰ প্ৰতি সহানুভূতি আৰু সহমৰ্মিতা অনুভৱ কৰে৷ এজনী অবড়ো অসমীয়া ছোৱালী যদিও ক্ষমতাশালী মিঃ হাবঙে তাইক বোৱাৰী হিচাপে আদৰ-সাদৰ আৰু মৰমেৰে গ্ৰহণ কৰে, আৰু ঈশ্বানীও শহুৰেকৰ পিতৃসুলভ ব্যৱহাৰত অভিভূত হয়৷ ইতিমধ্যে উৰ্বৰ-ঈশ্বানীৰ এটি পুত্ৰ-সন্তান জন্ম হোৱাৰ সম্ভাৱনাৰ কথা জানিব পাৰি মিঃ হাবং আনন্দত আত্মহাৰা হৈ পৰে৷ তেওঁৰ ইচ্ছা পুত্ৰ উৰ্বৰ যিহেতু ৰাজনৈতিক-সামাজিক আদি বিষয়ৰ প্ৰতি সম্পূৰ্ণ উদাসীন, সেয়ে বোৱাৰী ঈশ্বানীয়ে তেওঁৰ কাম-কাজৰ সহযোগী হওক যাতে সময়ত তেওঁৰ স্থানত বহিবগৈ পাৰে৷ স্বামী উৰ্বৰৰ উদাসীনতা, বড়োসকলৰ প্ৰতি ওপজা আত্মীয়তা আৰু সহমৰ্মিতা, প্ৰতাপী অথচ মৰমিয়াল শহুৰৰ আবদাৰ– এই আটাইবোৰে ঈশ্বানীৰ মন উদ্বেলিত কৰি তোলে আৰু তাই দখনা পিন্ধি শ্ৰীমতী ঈশ্বানী বসুমতাৰী হৈ শহুৰেক মিঃ হাবঙৰ লগত গৈ পোনতে বড়ো সাহিত্য সভাৰ নেতৃত্ব গ্ৰহণ কৰে৷ ভৱিষ্যতে বড়ো পিতৃ উৰ্বৰৰ ঔৰসত আৰু অবড়ো অসমীয়া মাতৃ ঈশ্বানীৰ গৰ্ভত জন্ম লাভ কৰিবলগীয়া সন্তনটিয়েই যে মিঃ হাবঙৰ উত্তৰাধিকাৰী হিচাপে বড়োসকলৰ নেতৃত্ব ল’ব লাগিব তাৰো ইংগিত দিয়া হয়৷ ইতিমধ্যে নাতিয়েকৰ আগমনৰ নিশ্চয়তা পাই আৰু বোৱাৰীয়েকে দায়িত্ব ল’বলৈ আগবাঢ়ি অহাত মিঃ হাবঙে আনন্দতে তেওঁৰ স্বভাৱজাত ভংগীৰে বড়ো-অসমীয়াত মনৰ ভাব প্ৰকাশ কৰিছে এইদৰে– “আগথ যিমান খষ্ট খৰিছে খৰিছে৷ এতিয়া আৰু আম্ৰা নখৰে… নথিটা জন্মিলে মুই নাচিবে৷ দাহালথুংগ্ৰি নৃথ্য খৰিবে৷”
ঈশ্বানী-উৰ্বৰৰ সন্তান আৰু মিঃ হাবঙৰ নাতিয়েই হ’ব বড়ো আৰু অসমীয়াৰ মাজত হেৰাই যোৱা ঐক্য আৰু সম্প্ৰীতি সাধনৰ শক্তিশালী সাঁকো৷
উপন্যাসখনত বড়ো
আন্দোলনৰ শ্বাসৰুদ্ধ কাহিনীৰ শিহৰণকাৰী বৰ্ণনাৰ লগতে ইয়াৰ এক নিৰ্মোহ সমালোচনাও
উপলব্ধ হয়৷ আন্দোলনকাৰী বা আন্দোলনৰ সমৰ্থকসকলৰ লগতে ইয়াৰ বিৰোধিতা কৰা
শক্তিসমূহকো পোহৰলৈ আনি দুয়োপক্ষকে সমান গুৰুত্বৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰা
হৈছে৷ মানৱ চৰিত্ৰৰ লগতে কাহিনীৰ পশ্চাদভূমিৰ লগত খাপ খোৱাকৈ নদী, অৰণ্য আদি প্ৰকৃতিৰ সম্পদক জীৱন্ত ৰূপত উপস্থাপন কৰাটো উপন্যাসখনৰ আন এক
বিশেষত্ব৷ এই ক্ষেত্ৰত সৰলভাঙা নৈৰ বৰ্ণনালৈ আঙুলিয়াব পাৰি য’ত লেখিকাৰ কাব্যিক উপলব্ধি আৰু প্ৰকৃতিৰ সৈতে একাত্মতাৰ ভাব সুন্দৰকৈ
প্ৰকাশ পাইছে৷ চৰিত্ৰবিলাকৰ ভিতৰত মিঃ হাবঙৰ যোগেদি দেখুওৱা হৈছে কেনেকৈ এজন
সহজ-সৰল জনজাতীয় যুৱক বঞ্চনা, প্ৰতাৰণা আৰু শোষণৰ বলি হৈ নিজ
জনগোষ্ঠীৰ স্বকীয়তা আৰু আত্মসন্মান ৰক্ষাৰ যুঁজত জঁপিয়াই পৰি শেষত ৰাজনৈতিক ক্ষমতা
দখলেৰে ইতিহাসৰ এজন নায়ক হৈ উঠে৷ উগ্ৰপন্থী সংগঠনৰ নেতা হ’লেও
তেওঁ যে মূলতে এজন শান্তিপ্ৰিয় মানুহ আৰু নিজৰ মানুহখিনিৰ স্বাধীনতা অটুট ৰাখি
সকলো পক্ষৰ লগতে সম্প্ৰীতিৰে বাস কৰিবলৈ
বিচাৰে, সেইটো উপন্যাসখনৰ শেষৰ ফালে সুন্দৰকৈ প্ৰকাশিত হৈছে৷
উৰ্বৰ চৰিত্ৰটো সিমান সক্ৰিয় নহ’লেও চৰিত্ৰটোৰ বিশেষত্ব হৈছে,
সি নিজকে অসমৰ বাসিন্দা হিচাপে অসমীয়া বুলিয়ে ভাবে আৰু সেয়ে মনত
ক্ষোভ থাকিলেও দেউতাকৰ দৰে আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা নাই৷ চমুতে ক’বলৈ হ’লে কথা-বতৰা, ভাব-ভংগী,
আচৰণ আদি ভিন্নতা প্ৰকাশৰ যোগেদি চৰিত্ৰসমূহৰ এক ধৰণৰ বৈচিত্ৰ্যও অনুভূত
হয়৷ বড়ো আন্দোলনৰ দৰে এটা সংবেদনশীল বিষয়ৰ আধাৰত ৰচিত এই উপন্যাসখনত ৰচিয়তা গীতালী
বৰুৱাই সংশ্লিষ্ট সকলো পক্ষৰ ভূমিকাক নিৰ্মোহ আৰু বস্তুনিষ্ঠভাৱে উপস্থাপন কৰি এক
সাহসী আৰু সময়োপযোগী কাম কৰিছে৷ আমাৰ বিশ্বাস বড়ো, অবড়ো তথা
অসমবাসী সকলো জনগোষ্ঠীৰ পঢ়ুৱৈয়ে ‘দাহালথুংগ্ৰি’খন পঢ়ি ভাল পোৱাৰ লগতে কিছু
চিন্তাৰ খোৰাকো পাব৷