অন্যযুগ/


‘অলপ আন্ধাৰত অলপ পোহৰত’ কাব্যগ্ৰন্থত সপোন আৰু বাস্তৱৰ সেতুবন্ধন

ৰুদ্ৰসিংহ মটক

“Genuine poetry can communicate before it is understood.” (টি. এছ. এলিয়ট)।

কবিতাৰ সোণালী দাপোণতে প্ৰতিবিম্বিত হয় স্বদেশ-স্বকালৰ ছবি, পোহৰৰ পৃথিৱীৰ নন্দিত ৰূপ। ভাষাৰ জড়তা, সৌন্দর্যহীন কৃত্রিমতা-যান্ত্রিকতাই কবিতা-অনুৰাগীক সততে হতাশ কৰা এক প্রতিকূল পৰিস্থিতিতো কবিতা জীয়াই আছে দেশে দেশে, মানুহৰ হৃদয়ে হৃদয়ে। দুখনকৈ বিশ্বজনীন মহাকাব্যৰ দেশ ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্রম নহয়। আধুনিক অসমীয়া কবিতাৰ আছে চহকী এক বৰ্ণাঢ্য ঐতিহ্য। উল্লেখযোগ্য যে সংস্কৃতিপ্ৰাণ এমুঠিমান কবিয়ে আমাৰ সাম্প্রতিক কবিতাৰ ক্ষেত্রখনত কিছু আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। এইসকল কবিৰ ভিতৰত প্ৰাণজিত বৰা, প্ৰাঞ্জল প্ৰতীম বড়া, নিবেদন দাস পাটোৱাৰী, শোভেন হাজৰিকা, বিজয় ৰবি দাস, কমল কুমাৰ মেধি, ধ্ৰুৱ কুমাৰ তালুকদাৰ, প্ৰাঞ্জল কুমাৰ লাহন, দেৱানন্দ ভট্টাচার্য অন্যতম। দেৱানন্দৰ শেহতীয়া কাবগ্ৰন্থ অলপ আন্ধাৰত অলপ পোহৰত প্রথম হাতত লোৱা মুহূর্ততে শিৰোনামটোৱে ড° নগেন শইকীয়াদেৱৰ সাৰস্বত মিতভাষ এটিলৈ মনত পেলাই দিছিল, যিটো আৰম্ভ হৈছে এনেদৰে

আন্ধাৰ আৰু পোহৰৰ অগা-ডেৱা— তাৰ মাজত মই

সাঁতুৰি আছোঁ— তুমি কোন মই নাজানো

অথচ অস্থায়ী ক্ষণিকৰ পোহৰ হৈ আহি

আন্ধাৰৰ এটা কোণ পোহৰাই অদৃশ্য হোৱা।’’

এন্ধাৰ আৰু পোহৰৰ এই মায়াময় খেলখনে আজীৱন ছাঁ-পোহৰৰ অনিশ্চিত দোমেজাত থকা চিৰসংবেদী কবি দেৱানন্দকো যেন প্ৰতিটো মুহূর্ততে মুগ্ধ-বিব্ৰত কৰে। লগতে নতুন নতুন ভাব-চিন্তনসুগভীৰ এষণা-জিজ্ঞাসাৰে কবিহৃদয় উদ্বেলিত কৰে

দেৱানন্দ ভট্টাচার্যৰ কবি মননৰ যি স্বপ্ন, যি সংশয় আৰু অস্থিৰতা, সিয়ে তেওঁৰ অন্তৰ্জগতৰ আলোড়নৰ উৎস আৰু মূল কাৰণ। তেওঁ কৈশোৰ আৰু যৌৱনৰ উচ্ছ্বল দিনবোৰৰ পৰাই ভিতৰি ভিতৰি কিবা এটা বিচাৰি আহিছে। হয়তো এই সন্ধানী প্ৰয়াসৰ জৰায়ুতে জন্ম হৈছিল অতদিনে মই যাক বিচাৰি ফুৰিছিলো’ (২০১০) কাব্যগ্রন্থত সন্নিৱি‍ষ্ট কবিৰ কাপৰ সেই ভিন্নসুৰী কবিতাবোৰ। দেৱানন্দৰ কবিসত্তাৰ যি অস্থিৰতা বা উদ্বিগ্নতা, সেয়া হয়তো আধুনিক, উত্তৰ আধুনিক বৈচিত্র্যময় জীৱন-প্ৰৱাহৰে এক অনিবার্য লক্ষণ। কিন্তু আমি লক্ষ্য কৰিছোঁ যে কবিয়ে যি বিচাৰিছে, সেয়া বৈষয়িক সুখমুদ্ৰাৰ দৰে জাগতিক, ৰোমাণ্টিক বা নব্য ৰোমাণ্টিক কিবা এটা নহয়। এয়া হয়তো কবিৰ আত্মাই বিচৰা ইন্দ্রিয়াতীত অন্য কোনো অনিৰ্বচনীয়, অপাৰ্থিৱ সুখস্বপ্ন। হব পাৰে ই কবিৰ অন্তহীন আত্মানুসন্ধান, জীৱন জগতৰ লৌকিকতা-অলৌকিকতা বা অভেদ্য ৰহস্যময়তাৰ প্ৰতি তন্ময়ভৰা অনুৰাগ। নে আধুনিক কবি বহু সময়ত নিজ সত্তা, নিজ দৰ্শনৰ ওপৰতে সন্দিহান? সংস্কৃতি, সভ্যতাৰ বস্তুগত আমূল পৰিৰ্তনৰ লগে লগে জটিল হৈ অহা জীৱন-প্ৰপঞ্চ, বহুমাত্রিক চিন্তন-বীক্ষণ কিম্বা চিৰায়ত বিশ্ববোধো হয়তো ইয়াৰ বাস্তৱ কাৰণ হব পাৰে। নোবেল বঁটা বিজয়ী কবি ৱি‍ছলাৱা ছিমব’ৰ্স্কাই এই সত্যৰ আভাস দিবলৈ গৈ এনেদৰে মন্তব্য প্ৰকাশ কৰি গৈছে “Contemporary poets are skeptical and suspicious even, or perhaps especially, about themselves …” দৰাচলতে যি বিচাৰি আমাৰ কবি ওৰেটো জীৱন অশান্ত, অস্থিৰ-উদ্‌গ্ৰীৱ, তাৰ সন্ধান আমি হৃদয়ৰ পোহৰ-অনুবাদ স্বৰূপ তেওঁৰ শব্দ, চিত্ৰকল্প বা কবিতাৰ মাজতে কৰিব লাগিব। অৱশ্যে এই সন্ধানকাৰ্য পঢ়ুৱৈ‍ বা সমালোচক কাৰো বাবে ইমান উজু নহয়; বৰং বহু সময়ত প্ৰত্যাহ্বানমূলক। কিয়নো মানুহে যত শেষ কৰে তাতেই আৰম্ভ কৰে কবিয়ে৷” স্পেনিছ  দাৰ্শনিক গেছেট ৱাই অৰ্টেগাই হয়তো দাৰ্শনিকসকলৰ লগতো নিমিলা কবিৰ সুকীয়া, আপাতঃ ৰহস্যময় অন্তৰ্দৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৈছিল যে কবিৰ লক্ষ্য পৰিচিত বস্তুজগত নহয়, অস্তিত্ববিহীন বস্তুসত্তাৰ স্বৰূপ আৱিষ্কাৰ কৰা। 

কবি দেৱানন্দই লিখিছে

নিৰ্জনতাত মই তাক বিচাৰি ফুৰো

কোলাহলত মই তাক বিচাৰি ফুৰো

মই তাক কতো বিচাৰি নাপাওঁ

বিচাৰি নাপাওঁ তাক

মাটিত পানীত আকাশত বতাহত

সি মাটিও নহয়

সি পানীও নহয়

সি বতাহো নহয়

সি জুয়ো নহয়

গান নহয়, সুৰ নহয়

নহয় সি তেজ মঙহ কিম্বা শৰীৰ

 

মই তাক বিচাৰি ফুৰোঁ অহৰ্নিশ

ত আছে সি

সেই অনন্ত যাত্রা...।            

(মই তাক বিচাৰি ফুৰো)

সময় গতিশীল। সমাজ আৰু ইতিহাস পৰিৱৰ্তনশীল। একবিংশ শতিকা বিজ্ঞান, গৱেষণা আৰু প্ৰযুক্তিৰ চৰম বিকাশ-বিৱৰ্তনৰ যুগ। পিছে মানুহৰ সমাজ, সংস্কৃতি আৰু সভ্যতা আজিও সংশয় বা সংকটমুক্ত নহয়। সংস্কৃতিৰ নামত দুষ্কৃতি আৰু পশুশক্তি, মানৱতা আৰু শান্তিৰ নামত ধৰ্মীয় সংকীর্ণতা আৰু অসহিষ্ণুতা, যুদ্ধ আৰু সন্ত্ৰাসেৰে সমাজ জীৱন আৰু সভ্যতা বেয়াকৈ বিধ্বস্ত হৈছে। পোহৰৰ বাট আন্ধাৰৰ বাট আজি যেন সকলো একাকাৰ। বাটৰ মূৰত যি পথাৰ আছে, তাত শইচ্ নাই; আছে মৃত্যুৰ অশনি সংকেত, বিহমেটেকাৰ ফুল। কবিয়ে আজিও নাজানে কোন বাট তেওঁৰ নহয়। কোন বাট তেওঁৰ জীৱনৰ কাংক্ষিত বাট। তেওঁ বাস কৰা সমাজখনৰ সামাজিক, ৰাজনৈতিক সংকট, বিপন্ন স্বদেশ-স্বকাল আৰু অস্থিৰতাৰ বাস্তৱ চিত্র খোদিত হৈছে কবিৰ কেবাটাও কবিতাত। দুটামান উদাহৰণ

যিখন চহৰত মই থাকো

সেইখন চহৰত চৰাইৰ মাতত ৰাতি নুপুৱায়

যিখন চহৰত

মই থাকো

তাত পুষ্টিহীনতাত মৰে শিশু

দিন-দুপৰতে বাঢ়ে হত্যা-হিংসা

প্ৰতিনিয়ত ভূলুণ্ঠিত হয় স্বাধীনতা

শ্বহীদ হয় মানৱতা           

(যিখন চহৰত মই থাকো)

         *  *

অস্থিৰ সময়

কোনেও নাজানে

কোনেও কব নোখোজে

বতাহবোৰ কিয় ধোঁৱা ধোঁৱা গোন্ধায়

কিয় আদবাটতে নিৰুদ্দেশ হয়

ঘৰমুৱা  মানুহ

 

তে থাকোঁ

তে মূৰে কপালে হাত দি বহি পৰোঁ

দূৰৈৰ আকাশত

শগুনৰ জাক উৰি ফুৰা দেখোঁ 

বাস্তৱি‍কতে ই এক বহু-উপেক্ষিত সত্য যে জীৱনৰ সাধনাৰ সৈতে, অধ্যয়ন আৰু আত্মিক প্ৰাচুৰ্যৰ সতে স্ৰষ্টাৰ শিল্পদৃষ্টি আৰু ভাষিক উৰ্বৰতাৰ এক এৰাব নোৱৰা সম্পর্ক আছে। কবিৰ যি অপৰিমেয় শ্ৰম আৰু সাধনা সি আচলতে নৱ সৃষ্টিৰ জন্ম-যাতনা। এনে সাধনাৰ অভাৱত আমাৰ বহু কবিয়ে ভিতৰি ভিতৰি মৃত্যু বৰণ কৰাৰ সময়ত কবি দেৱানন্দ ভট্টাচার্যৰ কবিতাত আন্দোলিত হৃদয়ৰ উত্তাপ অনুভৱ কৰিছোঁ। বাট হেৰুওৱা জীৱনৰ অপমৃত্যু আৰু সমাজ-সংস্কৃতিৰ অৱক্ষয়ৰ কৰুণ ছবি‍-চিত্ৰকল্পৰে বাঙ্ময় তেওঁৰ বহু কবিতাৰ ভাবমণ্ডল। অৱশ্যে এই অৱক্ষয় আৰু মৃত্যুক অতিক্রম কৰিব পৰা তেজৰঙা স্বপ্নৰে উজ্জ্বল কবিৰ অন্তৰ্দৃষ্টি আৰু কাব্যিক অভিজ্ঞতা। নলিনীধৰ ভট্টাচার্যদেৱৰ নামত উৎসৰ্গিত কবিতা শীৰ্ষক উচ্চ মানৰ কবিতাটি মন কৰিবলগীয়া

বাটৰ কাষত কুকুৰ এটা মৰি পৰি আছে

মই তাৰ কাষেৰে পাৰ হৈ গৈ আছো

 

 সি মোক ভুকা নাই; তাৰ দুচকু স্থিৰ

 নিতাল মাৰি সি পৰি আছে

 

তাৰ কোৱাৰিয়েদি তেজ নিগৰি ডোঙা বান্ধিছে  

বাটটোত

 

এনেকৈয়ে যদি কুকুৰবোৰ মৰি পৰি থাকে

ৰাতি ৰাতি কোনে ভুকিব  আৰু

চোঁচা লব চোৰবোৰক

...আৰু

আমাৰ বিৱে‍কৰ কুকুৰবোৰ যদি মৰি যায় এদিন

কোনে আমাক সাৱধান কৰিব

অন্যায়ৰ বিৰুদ্ধে

অনীতিৰ বিৰুদ্ধে

হত্যা-হিংসাৰ বিৰুদ্ধে...

 

সব কুকুৰ মৰি গলে

আমাৰ অন্তিম যাত্রাৰ সংগী কোন হ

কোৱা ধৰ্মৰাজ, কোৱা

কেৱল অনুভূতি বা উকা আৱে‍গ কবিতা হব নোৱাৰে দেৱানন্দৰ দৃষ্টিত শব্দ ভাব সংবাহক একোটা স্বতন্ত্র সত্তা, যাৰ দ্বাৰা কবিয়ে তিল তিলকৈ গঢ়ি তোলে কাংক্ষিত কবিতাৰ পৰিমণ্ডল। হয়, প্ৰত্যেক কবিৰে থাকে একোটা নিজা বাকভঙ্গী, একোখন নিজা জগত। কিন্তু এই জগতখনো স্বতন্ত্র নহয়, বৰং অন্তহীন দ্বন্দ্ব-সংঘাতেৰে অবিৰাম দোলায়িত। নে এয়া চেঁচা তেজৰ অন্ধকাৰ ভাঙি তেজৰ ভিতৰতে অন্য এক যুদ্ধৰ আৰম্ভণি, নতুন সৃষ্টিৰ ৰদ-প্ৰভাতৰ উকমুকনি? হয়, এটা সাৰ্থক কবিতাই বহু সময়ত আমাক নিজৰ সতে আৰু ভিতৰৰ ৰহস্যময় জগতখনৰ সৈতে মুখামুখি কৰায়। সেইবুলি কবিয়ে ৰূঢ় সমাজ সত্যক, বাস্তৱতাক কাহানিও উপেক্ষা নকৰে। পৃথিৱীৰ লেখক শিল্পী সমাজ, বুদ্ধিজীৱী, বিজ্ঞানীসকল মানৱতাৰ ভৱিষ্যৎ সন্দৰ্ভত সন্দিহান হৈ পৰাৰ সময়ত সমাজ বিৱে‍ক স্বৰূপ কবিৰ কান্ধত আজি ন্যস্ত হৈছে সত্যৰ অন্বেষণ— ‘genuine poetry’ সৃষ্টিৰ এক গধুৰ দায়িত্ব।

কিমান দিবা জীয়া ফাঁকি

দেখা নাই জানো তুমি

জ্বলি ছাই হোৱা সপোনৰ ছবি

দেখা নাই জানো তুমি

বোমাৰ আঘাতত ছিগি-ভাগি পৰা মানুহৰ মৃণ্ময় শৰীৰ   

(আৰু কিমান লিখিবা...)

জীৱন সত্য আৰু লালিত সপোনক ন্যায় আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱৰা এয়া যে আধুনিক সমাজ জীৱনৰ ৰক্তাক্ত শব্দচিত্ৰ। জীৱন, প্রকৃতি  বা পৃথিৱীৰ পঢ়াশালিৰ পৰা আহৰণ কৰা স্থূল শিক্ষা বা অভিজ্ঞতাৰাজিৰ পোনপটীয়া ভাষাৰূপ সাহিত্য বা কবিতা নহয়। কলা বা কবিতা দৰাচলতে অন্তৰ্জগতৰ ঐশ্বৰ্য, উদ্ভাসিত হৃদয়ৰ সৃষ্টিৰ আকূতি। বহু সময়ত এন্ধাৰ ভাঙি চমকি উঠা বিজুলীৰ দৰে আলোড়নক্ষম হৃদয়ৰ সংবেদী আৱেগ-অভিজ্ঞতাৰাশিও হব পাৰে কবিতাৰ অন্তঃস্ৰোত। এইখিনিতে কবি-সমালোচক ৰেইনাৰ মাৰিয়া ৰিল্কেৰ তাৎপর্যপূর্ণ উক্তি এটি মনলৈ আহে “Verses are not, as people imagine, simply feelings : they are experience.” সূক্ষ্ম সমাজ জিজ্ঞাসা, স্বদেশ-স্বকালৰ হৃদ্‌স্পন্দন কবি দেৱানন্দৰ শিল্পবীক্ষাৰ অন্তৰ্লীন শক্তি যান্ত্রিকতাৰ বিপৰীতে তেওঁৰ ভাষাত আছে নতুন তেজৰ ফিৰিঙতি আৰু সংহত এক ধাতৱ কণ্ঠস্বৰ। অন্তৰ্দৃষ্টি আৰু বহিৰ্দৃষ্টিৰ সমন্বয়ত বৰ্ণিল আৰু বহুমাত্ৰিক ৰূপ পৰিগ্ৰহ কৰিছে কবিৰ কল্পদৃষ্টিয়ে। হেজাৰ ধুমুহা, হেজাৰ বিপদতো আশাহত কবিজন ভাগি পৰা নাই। সমাজ আত্মাৰ দুখৰ প্ৰাচীন ঘাবোৰ মচিবলৈ, কাঁইট-এন্ধাৰে আৱৰি ধৰিব খোজা কঠিন সময়কো তেওঁ দিব খোজে জীৱনৰ আদিপাঠ

সকলোবোৰ শেষ হৈ নাযায়

শেষ হৈ গলেও যেন

বাকী থাকে

কিছু সুখ-অসুখ

কিছু স্মৃতি-বিস্মৃতি

 

তেনেবোৰ অৱশিষ্টৰ পৰাই তুমি আৰু মই

আৰম্ভ কৰো নতুন যাত্রা;

কঠিন সময়ৰ বুকুত লওঁ জীৱনৰ আদিপাঠ

আৰু আশাৰ চাকিবোৰ জ্বলাই দিওঁ

ঘৰৰ পদূলিমুখত            

(সকলোবোৰ শেষ হৈ নাযায়)

গহীন, স্বল্পভাষী কবিজন কেতিয়াবা সময় আৰু চৌপাশৰ সমাজখনক লৈ অতিশয় অস্থিৰ, উদগ্রীৱ হৈ পৰে। তেতিয়াই তেওঁ শব্দ আৰু শিল্পৰ আশ্রয় লয়। হয়, কবিতা তেওঁৰ নিচা নহয়, হৃদয়ৰ দাবী। জীৱন সত্যৰ উজ্জ্বল মানৱীয় মৰ্মই হয়তো তেওঁৰ কাপৰ কবিতাবোৰৰ প্ৰতি আমাক স্বাভাৱিকতে আকৰ্ষিত কৰে। কবিতা লিখাটো সহজ বুলি ভবা তৰুণসকলে সততে মনত ৰখা ভাল হব যে সাৰস্বত কাব্য সৃষ্টিৰ বাবে কবিৰ জীৱন এষণা আৰু সমাজ চেতনাই যথেষ্ট নহয়। কবি নৱকান্ত বৰুৱাই কৈ যোৱাৰ দৰে প্রতিজন কবিয়ে অহৰহ নিজক অতিক্রম কৰাৰ প্ৰয়াসো কৰিব লাগিব। জীৱন জিজ্ঞাসা আৰু সমাজ জিজ্ঞাসাৰ সাঁকোখন হব লাগিব  ফুল আৰু কাঁইটৰ, সপোন আৰু দিঠকৰ বাট। নিজা চেতনাৰ যি আলোকসম্পাত সি কবিৰ অন্তৰ্জগতৰ পৰা উঠি অহা অৱচেতনাকো সযতনে সামৰি লব লাগিব। চৌপাশৰ সমাজখনে আনি দিয়া বস্তুগত তথা প্ৰমূল্যগত বিচিত্র পৰিৱৰ্তন, ক্ষয় আৰু ধ্বংসৰ আবিলতা, অবশ্যম্ভাৱী  সংঘাত-অভিঘাতৰ বাবেও কবিসকল ভিতৰি ভিতৰি প্ৰস্তুত হব লাগিব। তেওঁলোকে কাণ পাতি শুনিব লাগিব দুঃস্থ-দুৰ্গতজনৰ হৃদয়ৰ অতল তলিৰ পৰা উঠি অহা সেই মৰ্মৰিত হা হা ধ্বনি “The still, sad music of humanity.” (ৱি‍লিয়াম ৱাৰ্ডছৱাৰ্থ)

কিদৰে বুজাম তোমালোকক, প্রভুসকল!

তোমালোকৰ দৰেই আমিও যে মানুহ

আমাৰো আছে

ভোক-পিয়াহ

সৰু এটা ঘৰৰ সপোন

জীয়াই থকাৰ ইচ্ছা...

 

তোমালোকৰ বাবে কোনো দাম নাই

আমাৰ জীৱনৰ

আমাৰ তেজ আৰু ঘামৰ     

(তোমালোকে আমাৰ তেজ শুহি খোৱা)

উল্লেখযোগ্য যে অতীত স্মৃতিৰ সৈতে, অভিজ্ঞতাৰ অভিজ্ঞানৰ সৈতে ইতিহাসৰ সমল, উপাদানৰ সমন্বয়ো প্ৰগতিশীল কলা, শিল্পৰ যেন অন্তৰ্লীন দাবী। এই দাবীৰ প্ৰতি যথোচিত সঁহাৰি দিব নোৱাৰিলে সমসময়ৰ কথকৰূপে কবিৰ ভাষা যান্ত্রিক, প্ৰাণহীন হৈ পৰাৰ সম্ভাৱনাই বেছি। এইখিনিতে আধুনিক কবিতাৰ পুৰোধা কবিৰত্ন নীলমণি ফুকন ছাৰৰ এষাৰ কথা মনলৈ আহে সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতা।’’ আমি উপলব্ধি  কৰিব পাৰিছোঁ কবিৰ ইতিহাস চেতনা নথকা নহয়, কিন্তু সেয়া যেন আজিও তেওঁৰ শিল্পবীক্ষাৰ শাহ বা প্ৰাণশক্তিৰ উজ্জ্বলতা হৈ কাব্যকৰ্মত ধৰা দিয়া নাই

ফুলি থকা ফুল এপাহ

জোনৰ পোহৰ অকণ ৰ

বৰষুণৰ সৰু-ডাঙৰ টোপালবোৰ

কেতিয়াবা আমাৰ বাবে কবিতা হয়

কবিতা হয় আমাৰ বাবে মানুহবোৰ

যাৰ বুকুত শিপাই থাকে

ভালপোৱাৰ একোডাল শিপা

 

কঠিন  সময়তো...।   

(আমাৰ কবিতাই ঢুকি নাপায়)

অসমীয়া আধুনিক কবিতাৰ ভঁৰাললৈ অলপ আন্ধাৰত অলপ পোহৰত’ (২০১৯) এটি উল্লেখযোগ্য সংযোজন। পাঞ্চজন্য বুক্‌ছৰ নিৱে‍দন এই পুথিখনৰ সুন্দৰ প্ৰচ্ছদ কৰ্মৰ শিল্পী সঞ্জীৱ বৰা। এটা কথা কৈ থোৱা ভাল হব যে সৃষ্টিশীল সাহিত্যৰ সৈতে, কবিতাৰ তেজৰ জীয়া আৱে‍গ-অনুভূতিৰাজি‍ৰ সৈতে সম্পর্ক নাথাকিলে আমাৰ হৃদয় নদীখন তৰাং হৈ পৰিব। জীৱন আৰু সংস্কৃতিয়ে এদিন তাৰ অনিৰ্বচনীয় ৰং-ৰূপ, ধমনীৰ হৃদস্পন্দন আৰু গতি হেৰুৱাব। সেয়ে আমাৰ অসমীয়া কবিতাৰ চহকী ঐতিহ্যবাহী সুঁতিটোত অৱগাহন কৰাৰ সময়ত সেই নজহা-নপমা সাৰস্বত ধাৰাটোৰ সৈতে সংখ্যাত তাকৰ হলেও সমকালীন নতুন সৃষ্টিৰাজিৰ আত্মাৰ সংযোগ বা সমন্বয়ৰ স্বাৰ্থতে আমি অগ্রজৰ লগতে সম্ভাৱনাপূৰ্ণ তৰুণসকলকো আদৰিব লাগিব। আমি লক্ষ্য কৰিছোঁ, দেৱানন্দই সম্পৰীক্ষাৰ এটা জটিল স্তৰ, এন্ধাৰ-পোহৰৰ দোমোজা কেতিয়াবাই অতিক্রম কৰিছে। তাকে কৰিবলৈ যাওঁতে কবিয়ে নিজা সৃষ্টিশীলতা, প্রখৰ বৌদ্ধিক প্ৰজ্ঞা, বুদ্ধিমত্তা আৰু অপৰিমেয় আত্মিক সাহসৰ পৰিচয় দিবলগা হৈছে। আজি তেওঁৰ কল্পনা-অভিজ্ঞতা, প্রসাৰিত জীৱন জিজ্ঞাসা, আৰু জাগ্রত তৃতীয় নয়ন যেন নিবদ্ধ আমাৰ সমাজ-সভ্যতাৰ ভৱিষ্যতৰ পিনে। হয়, সন্ধানী কবি দেৱানন্দই সপোন খেদি অবিৰত আগবাঢ়িছে নতুন দিঠকলে’—

থিয় হৈ থকা গছবোৰৰ

মাটিৰ তলত শিপা থাকে

ফুল আৰু গানৰ

তৰা আৰু আকাশৰ

আৰু বুকুৰ মাজলৈ বৈ অহা

নদীবোৰৰো শিপা থাকে গভীৰতা...

 

শিপা থকালৈকে

গছবোৰ হৈ থাকে গছ

ফুলবোৰ ফুল

নদীবোৰ নদী

মানুহবোৰ মানুহ  

(শিপাৰ  কবিতা)

বিগত দুটা দশকৰ উল্লেখযোগ্য কবি আৰু কবিতাৰ মূল্যায়ন কৰিবলৈ গলে আমি দেৱানন্দক পাহৰিলে নচলিব। আমাৰ জাতীয় জীৱন, মাটি আৰু শিপাৰ সেউজীয়াৰ সতে বহু সময়ত যেন গভীৰভাৱে‍ সম্পৃক্ত কবিৰ সৃষ্টিৰ পৰিমণ্ডল। অন্তৰ্দৃষ্টি আৰু আৰ্জিত অভিজ্ঞতাৰ উদ্ভাস তেওঁৰ বিগত দুটা দশকৰ কবিতাৰ শক্তি আৰু সম্ভাৱনা। আধুনিক অসমীয়া সাহিত্যৰ সমালোচক ড° আনন্দ বৰমুদৈদেৱে দেৱানন্দৰ কবিতাৰ স্বকীয় বৈশিষ্ট্যৰ গতি-প্ৰকৃতি বিশ্লেষণ কৰি এনেদৰে মন্তব্য কৰিছে—“ভট্টাচার্যৰ প্ৰায়বিলাক কবিতা বহিৰ্জগতৰ ঘটনা প্ৰবাহৰ প্ৰতি কবিতাৰ সঁহাৰি যদিও সিবিলাকক নিৰ্জনতাত ধ্যান কৰোঁতে কবিৰ দৃষ্টিত ধৰা পৰা সিবিলাকৰ সাৰবত্তাহে সপোন, ফেণ্টাচি, অৱচেতন আদিক সাঙুৰি শব্দলৈ ৰূপান্তৰিত হয়।’’ কবিৰ  কবিত্ব প্ৰতিভা ফুটি উঠিছে নিজা বোধ, অনুভূতি আৰু অভিজ্ঞতাৰ সমাজমুখী আধুনিক সংশ্লেষণত, যি তেওঁৰ শিল্পবীক্ষাক স্বতঃস্ফূর্ততাৰ এক নতুন মাত্রা আৰু গতিশীলতা দান কৰিছে। দেৱানন্দৰ জাগৰ কাপৰ জীৱনঘনিষ্ঠ, ভিন্নসুৰী কবিতাবোৰ পাঠ কৰি পঢ়ুৱৈ‍ সমাজে গতানুগতিকতাৰ বিপৰীতে সতেজ, সৃষ্টিশীল সাহিত্যৰ নিত্য-নতুন অনুভূতি, উদ্দীপনা, নতুন ৰস আৰু স্বাদ লাভ কৰিব। হলেও আমি আশা ৰাখোঁ, আত্মসন্তুষ্টি আৰু আত্মাভিমানৰ দৰে সকলো সংকীর্ণতা অতিক্রমি কবি দেৱানন্দই আগত দিনবোৰত বলিষ্ঠ সৃষ্টিৰে নিত্য-অনিত্যৰ সেতুবন্ধনৰ লগতে মহত্ত্বৰ জীৱন সত্যৰ সন্ধান কৰিব। যিহেতু কবিতা কবিৰ অন্য জীৱন, তাৰ সম্ভাৱনা আৰু উন্মেষৰো শেষ নাই।

প্ৰকাশক : পাঞ্চজন্য বুকছ্ 

প্ৰথম প্ৰকাশ : নৱেম্বৰ, ২০১৯ 
প্ৰচ্ছদ শিল্পী  : সঞ্জীৱ বৰা 
মূল্য  :  ১৫০.০০ 

 

লেখকৰ ঠিকনা
লাৰিকা গ্ৰীনভেলী
আজাৰা, হাটখোৱাপাৰা
পিন ৭৮১০১৭
গুৱাহাটী

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ