ড° বিৰিঞ্চি কুমাৰ দাস
সাম্প্রতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ দ্বিতীয়খন উপন্যাস ‘অন্তৰতম’ৰ জৰিয়তে অসমীয়া উপন্যাস জগতত কিছু নতুন সম্ভাৱনাৰ বাট মুকলি কৰি দিছে, যাৰ জৰিয়তে এই উপন্যাসখনে যোৱা কিছু বছৰত প্ৰকাশিত অসমীয়া উপন্যাসসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ স্থান
দাবী কৰিবলৈ সক্ষম হৈছে সময়ে সময়ে দেখা যোৱা গাঁথনিগত শিথিলতা সত্ত্বেও৷
ঔপন্যাসিকে নিজেই উল্লেখ কৰা অনুসৰি ‘অন্তৰতম’ এখন অৰ্দ্ধ-আত্মজৈৱনিক উপন্যাস; কিন্তু কেৱল এই দৃষ্টিকোণৰপৰাই
উপন্যাসখন বিচাৰ কৰাৰ অৰ্থ হ’ব এইখনক এটা ক্ষুদ্র
পৰিসীমাৰ মাজত সীমিত কৰি ৰাখি ই আগ বঢ়াই দিয়া অন্য সম্ভাৱনাখিনিক অস্বীকাৰ কৰা।
উপন্যাসখনত থকা আত্মজৈৱনিক সমলসমূহৰ সম্পৰ্কে লেখকে পাতনিতে এটা আভাস দি থৈছে কাৰণে উপন্যাসখন
পঢ়োঁতে তাৰ আঁত ধৰি আগ বাঢ়ি যোৱাটোত পঢ়ুৱৈৰ কাৰণে অসুবিধা নহয়। কিন্তু উপন্যাসখনত
ঘটনাৰ গতি-প্ৰৱাহে এই কথাটো নিশ্চিত কৰে যে আত্মজৈৱনিকতাৰ উপৰি আন
কাৰকৰ গুৰুত্বপূৰ্ণ উপস্থিতিয়ে উপন্যাসখনক এক ধৰণৰ বহুমাত্ৰিকতা প্ৰদান কৰিছে৷
উপন্যাসখনৰ কাহিনীৰ মুখ্য চৰিত্ৰ প্ৰিয়ম্বদা কাশ্যপ বা
প্ৰিয়া চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান এটাৰ দ্বাৰা প্ৰকাশিত এখন সাহিত্য আলোচনীৰ
সম্পাদনাৰ সৈতে জড়িত হোৱাৰ লগতে এগৰাকী খ্যাতিসম্পন্ন লেখকো। বিবাহৰ পাছত পাঁচ বছৰ ধৰি গৰ্ভত সন্তান ধাৰণ কৰিব
নোৱৰাকৈ থকাৰ পাছত তেওঁ অৱশেষত মাতৃত্বৰ সোৱাদ পায় ঝুম্পা নামৰ চেৰিব্ৰেল পালচিত
ভোগা এটা শিশুৰ জন্মৰ মাজেৰে, আৰু উপন্যাসৰ কাহিনীৰ মূল ভিত্তি হৈছে অনবৰতে বিশেষ যত্নৰ প্ৰয়োজন হোৱা
ঝুম্পাৰ যত্ন আৰু চিকিৎসাক কেন্দ্ৰ কৰি প্ৰিয়াৰ জীৱনত অহৰহ চলি থকা সংগ্ৰামখন, যিখন সংগ্ৰামে তেওঁৰ জীৱনৰ আন কেতবোৰ সংগ্ৰামৰো দুৱাৰ মুকলি কৰি দিছে।
লিখামেলা, কিতাপ পঢ়া, আলোচনী সম্পাদনাৰ লগতে এই সূত্ৰে আহি পৰা আন আন দায়িত্ব পালনৰ মাজতে প্ৰিয়াই
নিজেও ইনচোমনিয়াকে ধৰি ভালেখিনি মনস্তাত্বিক আৰু শাৰীৰিক সমস্যাৰ চিকিৎসা কৰি
থাকিবলগীয়া হয়। তাৰ মাজতো তেওঁৰ জীৱন-যাত্ৰাৰ অধিকাংশই অধিকাৰ কৰি আছে তেওঁৰ ছোৱালী ঝুম্পাৰ শাৰীৰিক অৱস্থাক লৈ তেওঁ অনবৰতে ব্যস্ত
হৈ থাকিবলগীয়া কথাটোৱে। ইয়ে তেওঁৰ সাংসাৰিক জীৱনলৈকো বহুখিনি জটিলতা নমাই আনিছে
যদিও ঝুম্পাক প্ৰিয়াই নিজৰ জীৱনৰ কেন্দ্ৰবিন্দু হিচাপেই শেষলৈকে ধৰি ৰাখিছে।
ঔপন্যাসিকে পাতনিতে কোৱা কথাৰপৰা এইটো ধাৰণা কৰিবলৈ টান নহয় যে দুই এটা কথাক
বাদ দি প্ৰিয়াৰ জীৱনত ঘটা মূল ঘটনাসমূহ ঔপন্যাসিকৰ নিজৰ জীৱনৰ কিছু ঘটনাৰ
প্ৰতিফলন। বিশেষভাবে সক্ষম এটা শিশুৰ মাতৃ এগৰাকীৰ যন্ত্ৰণা আৰু সংগ্ৰামৰ কথা
ঔপন্যাসিকৰ নিজৰ জীৱনৰপৰাই লোৱা হৈছে; কিন্তু এইটোৱেই উপন্যাসখনৰ
আত্মজৈৱনিকতাৰ একমাত্ৰ সমল নহয়। প্ৰিয়াৰ জটিল মনোজগতখনৰ উন্মোচন যে ঔপন্যাসিকৰ
নিজৰ মনোজগতৰ সৈতে মুখামুখিৰ এক সযতন প্ৰয়াস সেইটো উপন্যাসখনৰ কাহিনীৰ গতিয়ে
পৰিস্ফূট কৰিছে।
অৱশ্যে এইটোও মন কৰিবলগীয়া কথা যে উপন্যাসখন কেৱল প্ৰিয়াৰ বিষয়েই নহয়; আৰু কেৱল নিজৰ জীৱনৰ কথা কোৱাটোতেই
ঔপন্যাসিকৰ উদ্দেশ্য সীমাৱদ্ধ হোৱা নাই; বৰং তেওঁ উপন্যাসৰ কাহিনীৰ মাধ্যমেৰে
সামগ্ৰিকভাবে জীৱনৰ আন আন কেতবোৰ দিশত পোহৰ পেলোৱাৰো সুযোগ গ্ৰহণ কৰিছে।
উল্লেখযোগ্য কথা হৈছে, প্ৰিয়াৰ কাহিনী বৰ্ণিত হৈছে তৃতীয় পুৰুষত, অৰ্থাৎ ঔপন্যাসিকে তেওঁৰ প্ৰতিৰূপ
বুলি ক’ব পৰা চৰিত্ৰটো আৰু কাহিনীৰ বিৱৰকৰ মাজত এটা ব্যৱধান আৰোপ কৰিছে, যিয়ে উপন্যাসখনত মিখাইল বাখটিনৰ পলীফনীৰ ধাৰণাৰে ঔপন্যাসিকৰ স্বকীয় দৃষ্টিকোণৰ
কাষে কাষে আন দৃষ্টিকোণৰ উপস্থিতি সম্পৰ্কেও আমাক সজাগ কৰি তোলে। বিৱৰকে মূল চৰিত্ৰৰপৰা দূৰত অৱস্থান কৰি এগৰাকী বস্তুনিষ্ঠ নিৰীক্ষকৰো দায়িত্ব
পালন কৰিছে। তাৰো উপৰি প্ৰিয়াৰ কাহিনীৰ কাষে কাষে চিত্ৰশিল্পী গাৰ্গী আৰু তেওঁৰ বিশেষভাবে
সক্ষম ছোৱালী নীলমৰ জৰিয়তে আন এটা সমান্তৰাল কাহিনী উপস্থাপন কৰা হৈছে আৰু
দুয়োটা কাহিনীয়ে পৰস্পৰৰ পৰিপূৰক হিচাপে আগ বাঢ়িছে। যদিও কাহিনীত প্ৰিয়াৰ
তুলনাত গাৰ্গী পাৰ্শ্ব চৰিত্ৰহে, কাহিনীৰ অগ্ৰগতিৰ লগে লগে গাৰ্গীও প্ৰিয়াৰ সমানেই গুৰুত্বপূৰ্ণ হৈ উঠিছে; উপন্যাসখন কেৱল প্ৰিয়াৰ উপন্যাস নহৈ গাৰ্গীৰো উপন্যাস হৈ উঠিছে, আৰু ইয়ে সচৰাচৰ আত্মজৈৱনিক উপন্যাসত দেখিবলৈ পোৱা ঐককেন্দ্ৰিকতাক প্ৰতিহত
কৰিছে। কেন্দ্ৰীয় চৰিত্ৰ প্ৰিয়া আৰু তেওঁৰ পৰিপূৰক গাৰ্গী বহু সময়ত অবিচ্ছিন্ন
হৈ পৰিছে আৰু প্ৰিয়াৰ মাজেৰে প্ৰকাশিত নোহোৱা অথচ উপন্যাসখনৰ কাৰণে গুৰুত্বপূৰ্ণ
কিছুমান কথা গাৰ্গীৰ মাজেৰে প্ৰকাশিত হৈছে।
বিশেষভাৱে সক্ষম শিশুক বিষয়বস্তু
হিচাপে লৈ উপন্যাস ৰচনা কৰাটো অসমীয়া সাহিত্যত আগতে সম্ভৱতঃ হোৱা নাই, আৰু সেয়ে বিষয়বস্তুৰ পিনৰপৰা উপন্যাসখনে অভিনৱত্ব দাবী কৰিব পাৰে। ঔপন্যাসিকে
ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত এনে শিশুৰ জগতখন, এনে শিশুৰ বিৰল শাৰীৰিক সমস্যা আৰু
ইয়াৰ চিকিৎসাৰ লগত জড়িত কথাবোৰ আৰু শিশুটোৰ লগতে পিতৃ-মাতৃৰ (বিশেষকৈ মাতৃৰ) মানসিক
অৱস্থাৰো খুটি-নাটি বিতংভাৱে বৰ্ণনা কৰিছে। এনে কৰিবলৈ যাওঁতে তেওঁ সময়ে সময়ে অবোধ, অসহায় শিশু ঝুম্পাৰ অন্তৰ্জগতখনৰ
ওপৰতো পোহৰ পেলোৱাৰ প্ৰয়াস কৰিছে; ঝুম্পাই বয়স আৰু শাৰীৰিক অৱস্থাৰ সাপেক্ষে এটা নিষ্ক্ৰিয় ভূমিকা পালন কৰাটোৱেই
তেনেই স্বাভাৱিক যদিও সময়ে সময়ে তাইক ঔপন্যাসিকে এক ধৰণৰ মনস্তাত্ত্বিক সক্ৰিয়তাৰ
পৰ্যায়লৈকে লৈ আহিছে; ঝুম্পাৰ জৰিয়তে উপন্যাসখনত পলীফনীৰ ধাৰণাৰে আন এক কণ্ঠৰ সংযোজন ঘটিছে, যিটো কণ্ঠ প্ৰিয়াৰ কণ্ঠৰপৰা স্বতন্ত্ৰ।
‘অন্তৰতম’ৰ আন এটা লক্ষণীয় দিশ হৈছে উপন্যাসখনত প্ৰিয়া
আৰু গাৰ্গী কেৱল দুটা বিশেষভাৱে সক্ষম শিশুৰ মাতৃ হৈ ৰোৱা নাই। নিজৰ সন্তানক লৈ
অনবৰতে উৎকণ্ঠিত আৰু ব্যস্ত দুগৰাকী মাতৃ হিচাপে তেওঁলোকৰ মানসিক যন্ত্ৰণা, একাকিত্ব আৰু প্ৰত্যাহ্বানবহুল জীৱন-যাত্ৰা উপন্যাসখনে কোনো ত্ৰুটী নৰখাকৈ
প্ৰকাশ কৰিছে ঠিকেই, কিন্তু তেওঁলোকক তাতেই সীমাৱদ্ধ কৰি ৰখা হোৱা নাই। গোটেই উপন্যাসখনৰ কাহিনী যি
ধৰণেৰে আগ বাঢ়িছে, তাৰ পৰা অনুমান কৰাটো কঠিন নহয় যে ই এই নাৰী দুগৰাকীৰ অন্তৰ্দৰ্শনৰো দস্তাবেজ, এক মনোবিশ্লেষণাত্মক আত্মানুসন্ধান হৈ উঠাৰ প্ৰয়াস কৰিছে।
প্ৰায় একে ধৰণৰ পৰিস্থিতিৰ মাজেৰে আগ বঢ়া দুগৰাকী যন্ত্ৰণাদগ্ধ নাৰীৰ তেনেই
ওচৰে-পাজৰে থকা মানুহখিনিৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিচিত্ৰতা আৰু জটিলতাৰ মাজেৰে
তেওঁলোকৰ স্বকীয় অৱস্থিতি সম্পৰ্কত উপলদ্ধিক উপন্যাসখনে এনে এক পৰ্যায়লৈ লৈ গৈছে য’ত বাস্তৱ আৰু বিভ্ৰম, স্বপ্ন আৰু দুঃস্বপ্ন, জীৱন আৰু মৃত্যু এক অধিবাস্তৱবাদী ধৰণেৰে একাকাৰ হৈ গৈছে।
উপন্যাসখনত কাহিনীৰ বিৱৰণ একৰৈখিক গতিৰে আগ বঢ়া নাই; ঔপন্যাসিকে বিভিন্ন perspective-অক কাহিনীৰ বিৱৰণৰ মাজত
ঠাই দিছে৷ চৰিত্ৰৰ নিঃসংগতা আৰু বিচ্ছিন্নতাৰ প্ৰকাশৰ মাজেৰে মানুহৰ অন্তৰ্জগতৰ
ৰহস্যময়তাক তুলি ধৰিবলৈকে উপন্যাসখনে যত্ন কৰিছে যদিও সমসাময়িক সামাজিক-ৰাজনৈতিক
কথাবতৰাবোৰৰপৰাও উপন্যাসখনে নিলগত অৱস্থান কৰা নাই। কৃষকৰ মুক্তিৰ বাবে আন্দোলন
কৰা এটা সংগঠনৰ উচ্ছেদবিৰোধী আন্দোলন আৰু এই উচ্ছেদক লৈ চলা ৰাজনীতি, এই আন্দোলনৰ মাজতেই সংঘটিত আত্মজাহৰ ঘটনা, নাগৰিকত্ব সংশোধনী আইন আদিৰ উপৰি
ৰাজ্যৰ সমসাময়িক ৰাজনীতিলৈ আহি পৰা পৰিৱৰ্তন আদিৰ কথা উপন্যাসখনলৈ অনা হৈছে; কোভিড-১৯ সম্পৰ্কীয় প্ৰসংগয়ো উপন্যাসখনত ঠাই উলিয়াই লৈছে। কিন্তু প্ৰিয়াৰ
দৃষ্টিকোণেৰে উত্থাপিত এই ঘটনাবোৰৰ মাজেৰে প্ৰিয়াৰ স্বকীয় ৰাজনৈতিক বা সামাজিক
দৰ্শন প্ৰকাশিত হোৱাৰ পৰিৱৰ্তে এই বাহ্যিক ঘটনাপ্ৰৱাহে (বিশেষকৈ আত্মজাহৰ
ঘটনাটোৱে) প্ৰিয়াৰ অন্তৰ্জগতত সৃষ্টি কৰা প্ৰতিক্ৰিয়াহে উপন্যাসখনৰ কাহিনীৰ
বিস্তাৰত গুৰুত্বপূৰ্ণ হৈ উঠিছে।
সামাজিক বাস্তৱতাই যে উপন্যাসখনৰপৰা একেবাৰে প্ৰস্থান কৰা নাই, সেইটো আন কেইটামান কথাৰপৰাও উমান ল’ব পাৰি। প্ৰিয়াৰ দীৰ্ঘকালীন সন্তানহীনতাৰ পাছত ঝুম্পাৰ জন্ম আৰু পৰৱৰ্তী সময়ত ঝুম্পাৰ
শাৰীৰিক অসুস্থতাক কেন্দ্ৰ কৰি প্ৰিয়াৰ মাকৰ অন্ধবিশ্বাস, বিশেষ যত্নৰ প্ৰয়োজন হোৱা ঝুম্পাৰ দৰে শিশুসকলৰ সম্পৰ্কত বিভিন্ন লোকৰ
অসংবেদনশীল মনোভাৱ আদিৰ মাজেৰে সমকালীন অসমীয়া সমাজৰ একোখন ছবি আমাৰ সম্মুখত দাঙি
ধৰাৰ লগতে পুৰুষতান্ত্ৰিকতাৰ প্ৰতিও ঔপন্যাসিকে বিভিন্ন ধৰণেৰে ইংগিত দিছে। মূল
কাহিনীত সংযোজিত হৈছে অঞ্জিতা নামৰ এগৰাকী সুন্দৰী মডেলৰ প্ৰসংগও (কাহিনীৰ আন এক
কণ্ঠ), যিগৰাকী মডেলৰ ভৰি দুখন দুৰ্ঘটনাক্ৰমে কটা যোৱাৰ পাছত তেওঁৰ পতিয়ে তেওঁক বোজা
হিচাপে গণ্য কৰা হৈছে। গাৰ্গীৰ শ্ৰেণীসচেতন, ৰাজনৈতিকভাৱে সক্ৰিয় স্বামী তন্ময়ে
আৰম্ভণিতে গাৰ্গীৰ প্ৰতি কৰা বিশ্বাসভংগৰ কাৰ্যৰ সৈতে মিলি গৈছে সুদীৰ্ঘকালৰ
প্ৰেমৰ সম্পৰ্কৰ পৰিণতি হিচাপে প্ৰিয়াক বিয়া কৰোৱা আদিত্যৰো বৈৱাহিক সম্পৰ্কৰ
আৰম্ভণিতে প্ৰিয়াৰ বিশ্বাসত আঘাত হনা কাৰ্য; যেনেদৰে মিলি গৈছে গাৰ্গীৰ পতি
তন্ময়ৰ সুস্থ সন্তানৰ আকাংক্ষাৰ সৈতে প্ৰিয়াৰ অন্যথা বেছ সহানুভূতিশীল স্বামী
আদিত্যৰ সুস্থ সন্তান তুলি লোৱাৰ আগ্ৰহ, যিয়ে আনকি তেওঁক প্ৰিয়াৰ সৈতে বিৱাহ-বিচ্ছেদ ঘটোৱাৰ বাবেও প্ৰৰোচিত কৰিছে।
আমোলাতান্ত্ৰিকতাই অসমীয়া সাহিত্যৰ জগৎখনক কেনেদৰে প্ৰভাৱিত কৰিবলৈ লৈছে তাৰো
ইংগিত ঔপন্যাসিকে দিছে তেওঁ কাম কৰা প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপে নতুনকৈ দায়িত্ব
লোৱা, কোনো ধৰণৰ সাহিত্যিক প্ৰতিভা নোহোৱা মহিলাগৰাকীৰ কৰ্তৃত্ববাদী মনোভাৱৰ মাজেৰে।
‘অন্তৰতম’ত ঔপন্যাসিকে প্ৰিয়াৰ আৰু লগতে গাৰ্গীৰো
অন্তৰ্জগতক ইয়াৰ নিঃসংগতা আৰু বিচ্ছিন্নতাৰে সৈতে তুলি ধৰিবলৈ গৈ ইয়াৰ বাবে মাধ্যম
হিচাপে বাছি লৈছে দুয়োৰে সৃষ্টিশীল জগৎ দুখনক। ‘গীতা’ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘গীতাঞ্জলি’ৰ প্ৰতি বিশেষভাবে অনুৰক্ত, চিলভিয়া প্লাথৰ কবিতাৰ অনুগামী তথা ছৱি ভাল পোৱা প্ৰিয়াৰ গল্প আৰু এলুফনেছ, ড্ৰীম আদি বিষয়বস্তু লৈ ছৱি অঁকা গাৰ্গীৰ ছৱিসমূহে দুইটা চৰিত্ৰৰ মনোজগতৰ
অভ্যন্তৰক উদঙাই দিয়াত বিশেষ ভুমিকা গ্ৰহণ কৰিছে। লক্ষণীয় কথা হৈছে, কোনো কোনো সংযোগ বিন্দুত প্ৰিয়াৰ গল্প আৰু গাৰ্গীৰ ছৱি একাকাৰ হৈ গৈছে, যেনেদৰে কেতিয়াবা কেতিয়াবা দুয়োৰে মনোজগত একাকাৰ হৈ গৈছে। প্ৰিয়াৰ মনোজগতৰ
অপূৰ্ণতাক পূৰণ কৰিবলৈ ড৹ অভিজ্ঞান অহাৰ দৰে গাৰ্গীৰ মনোজগতৰ ৰিক্ত স্থান ভৰাই
তুলিবলৈ আহিছে সৌকত, কিন্তু দুয়োটা পূৰুষ চৰিত্ৰই তেওঁলোকৰ ব্যক্তিগত আকাংক্ষাৰ সীমাৱদ্ধতাক
অতিক্ৰম কৰি এই দুগৰাকী নাৰীৰ জীৱনলৈ ঈপ্সিত পূৰ্ণতা কঢ়িয়াই অনাত ব্যৰ্থ হৈছে।
আনকি গাৰ্গী আৰু সৌকতৰ সম্পৰ্কৰ অন্তিম পৰিণতি আহি পৰিছে গাৰ্গীয়ে সৌকতৰ প্ৰতি
নিক্ষেপ কৰা সুতীব্ৰ শ্লেষৰ মাজেৰে।
প্ৰিয়াৰ মাধ্যমেৰে ঔপন্যাসিকে সাহিত্য সম্পৰ্কতো নিজৰ দৃষ্টিভংগী দাঙি ধৰি
উপন্যাসখনৰ আন এক আত্মজৈৱনিক সমলৰ উন্মোচন ঘটাইছে। কলা আৰু ডিপ্ৰেছনৰ সম্পৰ্ক, আৰু লগতে কলা আৰু জীৱনৰ সম্পৰ্কক বিভিন্ন ধৰণেৰে বিশ্লেষণ কৰি চোৱা প্ৰিয়াৰ
সাহিত্য সম্পৰ্কীয় স্বকীয় দৃষ্টিভংগী উপন্যাসখনত প্ৰকাশিত হৈছে। নিজৰ লেখা
সম্পৰ্কেও প্ৰিয়াই মন্তব্য আগ বঢ়াই সামাজিক বিষয়সমূহক লৈ সাহিত্য সৃষ্টি নকৰাৰ
সপক্ষে নিজস্ব যুক্তি দাঙি ধৰিছে। বহু সময়ত প্ৰিয়াই কলাৰ মাজেৰে আত্মোপলদ্ধিৰ বাট
লৈছে আৰু এই প্ৰয়াসত কেতিয়াবা তেওঁ জীৱনক কলাৰ অনুকৰণ
হিচাপে চাবলৈয়ো চেষ্টা কৰিছে।
ব্যক্তিৰ অন্তৰ্জগতৰ ওপৰত বিশেষভাবে দৃষ্টি ৰখা বাবে কেৱল প্ৰিয়া আৰু
গাৰ্গীৰেই নহয়, আন বিভিন্ন চৰিত্ৰৰো মানসিক সংকটৰ উন্মোচন ঘটাবলৈ প্ৰয়াস কৰা হৈছে উপন্যাসখনত।
উপন্যাসখনৰ এটা চৰিত্ৰ ৰত্নোত্তমাৰ মাক মানসিকভাবে অসুস্থ, আৰু ই ৰত্নোত্তমাৰ মানসিক সংকটৰ এটা কাৰক; আনহাতে ৰেৱতী পেহীয়ে বিশেষভাবে সক্ষম
শিশু নীলমৰ সৈতে কৰা অনাকাংক্ষিত আচৰণৰ মাজত সেই চৰিত্ৰটোৰ মানসিক জটিলতাৰ প্ৰকাশ
ঘটিছে।
প্ৰিয়াৰ অন্তৰ্জগতৰ গভীৰলৈকে প্ৰৱেশৰ উপায় হিচাপে ঔপন্যাসিকে প্ৰতীকৰ আশ্ৰয়
লৈছে, যিয়ে উপন্যাসখনৰ পঠনক এটা সুকীয়া অভিজ্ঞতালৈ লৈ যায়। উপন্যাসখনত এনেকুৱা বাৰে
বাৰে ব্যৱহৃত প্ৰতীক এটা হৈছে অজগৰ; অৱশ্যে এই প্ৰতীকটোক ঔপন্যাসিকে
পৰম্পৰাগত দৃষ্টিভংগীকে যৌনতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ নকৰি ইয়াত সম্পূৰ্ণ নতুন
অৰ্থ আৰোপ কৰিছে। গাৰ্গীৰ ছৱিৰপৰা নামি অহা অজগৰডাল হৈছে প্ৰিয়াৰ অৱচেতনৰ বিভিন্ন
স্তৰৰ সৈতে মুখামুখিৰ এটা সূচল মাধ্যম; ই কলা আৰু জীৱনৰ নিবিড়তাকো প্ৰকাশ
কৰিছে।
অসমীয়া সাহিত্যত বাস্তৱবাদী উপন্যাসৰ এক সুদীৰ্ঘ পৰিক্ৰমাৰ মাজত প্ৰচলিত
ধাৰাৰপৰা ফালৰি কাটি আহি গীতালি বৰাই বাস্তৱতাক এক
ভিন্ন স্তৰলৈ লৈ আহিছে, য’ত জীৱনৰ অসহায়তাৰ সৈতে সহাৱস্থান কৰিছে জীৱনৰ গতিময়তা সম্পৰ্কীয় এক আশাবাদেও।
অৱশ্যে এই আশাবাদো পৰম্পৰাগত দৃষ্টিকোণৰপৰা নিলগত অৱস্থান কৰা বিধৰ। দুয়োখন ভৰি হেৰুৱাই নিজৰ পতিৰপৰা
অৱহেলাৰ সম্মুখীন হোৱা মডেল অঞ্জিতাই সাহসেৰে জীৱনৰ প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰিছে; একেদৰেই অনবৰতে বিশেষ যত্নৰ প্ৰয়োজন হোৱা শিশুৰ মাতৃ হৈয়ো প্ৰতিকূলতাৰ সম্মুখত
পৰাজয় বৰণ কৰিবলৈ অনিচ্ছুক হৈছে প্ৰিয়া আৰু গাৰ্গীয়েও। কিন্তু উপন্যাসৰ সামৰণিলৈকে
এই আশাবাদৰ প্ৰৱাহকে ধৰি ৰখাৰ পৰিৱৰ্তে জীৱনৰ অনিশ্চয়তাৰ প্ৰতি ইংগিতো ঔপন্যাসিকে
দিব বিচাৰিছে। সেয়ে উপন্যাসখনৰ সামৰণিত আমি পাওঁ গাৰ্গীৰ বিশেষভাবে অক্ষম আৰু
নতুনকৈ কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱা নীলমৰ শংকাজনক শাৰীৰিক অসুস্থতাৰ বাৰ্তা।
শেষত এটা কথা কোৱাটো উচিত হ’ব। উপন্যাসখনৰ
বস্তুনিষ্ঠ বিৱৰকক সময়ে সময়ে প্ৰাপ্য স্বতন্ত্ৰতা নিদি ঔপন্যাসিকে নিজৰ নিয়ন্ত্ৰণলৈ আনিব খোজা যেন
পৰিলক্ষিত হয়, যাৰ ফলত কাহিনীৰ বিৱৰণৰ বাবে বৰ বেছি প্ৰয়োজন নোহোৱা কিছু কথাই কাহিনীৰ গতিক
মাজে মাজে বাধাপ্ৰাপ্ত কৰিছে। ইয়াৰ বাহিৰে জীৱন সম্পৰ্কীয় ব্যতিক্ৰমী বীক্ষা দাঙি
ধৰিবলৈ প্ৰয়াস কৰা এখন উপন্যাস হিচাপে ‘অন্তৰতম’ৰ গুৰুত্ব সদায় থাকিব।
*****
লেখকৰ ঠিকনাঃ
অধ্যক্ষ, ভৱানীপুৰ
হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
সৰুপেটা – ৭৮১৩১৮
জিলা – বজালী,
অসম
ভ্ৰাম্যভাষ - ৭০০২১৪৩৩২৫