ৰুদ্ৰ সিংহ মটক
বয়সত তৰুণ যদিও মার্ক্সবাদী চিন্তা আৰু শ্ৰেণীদ্বন্দ বহুসময়ত এওঁৰ কবিতাৰ অৰ্থোজ্জ্বল বিষয়বস্তু৷ আমি জানিবলৈ পাই পুলকিত যে সম্ভাৱনাপূৰ্ণ কবি তথা সাংবাদিক গীতাঞ্জলীৰ প্ৰথম কাব্যগ্ৰন্থ “ইনফিনিটি”ৰ প্ৰকাশক নতুন সাহিত্য পৰিষদৰ বৰনগৰ শাখা। গ্ৰন্থখনৰ আকৰ্ষণীয় প্ৰচ্ছদকৰ্মৰ শিল্পী গৰাকী ৰিংকু দাস।
কবি গীতাঞ্জলী
ছানৰাইজে তেওঁৰ কাব্যগ্ৰন্থনিৰ নাম কিয় “ইনফিনিটি” ৰাখিছে সতকাই কোৱাটো কঠিন। হয়তো ইয়ো এক কাৰণ হ’ব পাৰে
। তেওঁৰ মন আৰু মেজাজ বহু কবিৰ পৰা পৃথক - সুকীয়া । ফুল-তৰা-গান আৰু অৰ্থহীন
কোলাহলত হেৰাই যাব খোজা নাই ৰূঢ় বাস্তৱৰ সৈতে মুখামুখি হোৱা কবিয়ে। আজিৰ এই ৰুগ্ন
অলেখ (ইনফিনিটি) ভয়াবহ সমস্যাৰ আৱৰ্তত ককবকাই থকা দেখিছে তৰুণ কবি গীতাঞ্জলীয়ে।
-
শাসক বেমাৰী, শোষক বেমাৰী
বিৰোধী বেমাৰী
ৰাজপথত
চিঞৰাসকলো বেমাৰী
বেমাৰী শিক্ষা
ব্যৱস্থা
বেমাৰী
শিক্ষাৰ্থী
বেমাৰী
শিক্ষাগুৰু
বৰ অভাৱ পৃথিৱীৰ
ডুবিব ধৰা
অৰ্থনীতি
খাদ্যৰ অভাৱ
চিকিৎসাৰ অভাৱ
অভাৱ শান্তি
সম্প্ৰীতি
প্ৰগতিশীল
চিন্তাৰ সুস্থ ধাৰাৰ
অভাৱ নিৰাপদ ঠাই
এটুকুৰাৰ
অভাৱ পৃথিৱীক
ভালপোৱা মানুহৰ
(পৃথিৱীৰ
অসুখ)
ব্যক্তি জীৱনৰ আৰ্তিৰ বিপৰীতে জনজীৱনৰ কণ্ঠস্বৰ হ’ব লাগিব আজিৰ কবিতা। উদীয়মান কবিয়ে প্ৰত্যক্ষ কৰিছে হেজাৰ সমস্যা হেজাৰ বেক্টেৰিয়াই ছানি ধৰা দেশৰ মাটি৷ গণতন্ত্ৰৰ বগা পোছাকৰ আঁৰত ধনতন্ত্ৰ আৰু কৰ্পোৰেটৰ শাসন-শোষণ আৰু লুল্ঠনৰাজ আজিও অব্যাহত৷ প্ৰখৰ সমাজ দৃষ্টিৰ কবি গীতাঞ্জলীয়ে তাহানিৰ বিপ্লৱী শিল্পী জ্যোতিপ্ৰসাদৰ দৰেই যেন আজি বুজি উঠিছে ধনতন্ত্ৰবাদ পৃথিৱীৰ বুৰঞ্জীত সংস্কৃতিৰ নামত দুস্কৃতিৰ ছদ্মৰূপ। শোষণপিষ্ট এখন নিৰ্মম, যান্ত্ৰিক, হৃদয়হীন সমাজৰ ৰূঢ় অভিজ্ঞতাৰ দ্বন্দ্ব-অভিঘাতে কবিৰ বেদনাহত বুকুত এহাতে জন্ম দিলে জুই-আঙণিৰ ক্ৰোধ, আনহাতে গদ্যময় বিস্ফোৰিত ছন্দৰ। ‘প্ৰতিবাদী চিন্তা-চেতনাই কবিক সৰ্বদা আলোড়িত কৰি প্ৰয়োজনতকৈ অধিক উত্তেজিত কৰি তোলে বাবে কিছুমান কবিতাত কবিৰ প্ৰতিবাদী ভাষা অধিক ৰূঢ় হৈ পৰা বুলি পাঠকৰ ধাৰণা হোৱা স্বাভাৱিক।“(ড০ স্বৰ্ণলতা দাস, “ইনফিনিটি”ৰ ভিতৰচ’ৰাত এভূমুকি)। আমি আশাম্বিত যে লাহে লাহে সংবেদী কবিৰ কবিতাই আহৰণ কৰিছে এক নতুন মাত্ৰা, নতুন মানবায়তন। -
আমাৰ ৰক্তৰ
জিলিকনিয়ে বজাইছে
কাৰ অট্টালিকাৰ
ওখ গম্বুজ
বিক্ৰী
বুদ্ধিমত্ত ৰঙীন হাতোৰাই
নিয়ন্ত্ৰিত
কৰিছে আমাৰ মগজু
(৮ নবেম্বৰ,২০১৭)
নিজে নাৰী বাবেই প্ৰখৰ সমাজ চেতনাৰ কবি গীতাঞ্জলী কন্যা সন্তানৰ লগতে আধুনিক নাৰীৰ সমস্যা, নাৰী জীৱনৰ অন্তহীন দুৰ্দশা-যাতনাৰ বিষয়ে বাৰুকৈয়ে অবগত। দুখলগা অৰ্থনৈতিক অৱস্থাৰ কথা নকওঁৱেই, নিজৰ তেজ-মঙহৰ শৰীৰটোৰ ওপৰত, এনেকি আপোন মনটো বা আৱেগিক, আনুভূতিক জগতখনৰ ওপৰতো আজিৰ নাৰীয়ে অধিকাৰ হেৰুৱাইছে। আটাইতকৈ ডাঙৰ সত্যটো হ’ল সমাজত নাৰীসকল স্বাধীন নহ’লে এটা জাতি এখন দেশ যথাৰ্থ -ৰূপত স্বাধীন বা উন্নত হৈ উঠাটো নিতান্তই অসম্ভৱ।
কাৰোবাৰ আদিম
বাসনা জাগিছে
নিৰ্জীৱ কাঠ
এটুকুৰাৰ দৰে পৰি থাকা
কাৰোবাক সন্তান
লাগে ভৰি দুখন মেলি দিয়া
মই নাৰী... !
সকলো কথা
ৰাষ্ট্ৰ হোৱাৰ পিছত
বদনাম অমৃত বুলি
পি খোৱা
(তুমি
কোৱা -“তোমাৰ জিভাখন স্বাধীন’)
অবহেলিত, অবদমিত চিৰশোষিত নাৰীক লৈ ৰচিত তেওঁৰ কলমৰ কবিতাই সততে আমাক এনে এক ধাৰণা দিয়ে যে তেওঁ যেন তৰুণ যুৱতী নহয়, অভিজ্ঞ এক প্ৰৌঢ়া নাৰীহে। তছলিমা নাছৰিনৰ দৰে কথাই কথাই পুৰুষ জাতিক বিদ্ৰুপ কৰি ভালপোৱা বিচ্ছিন্ন নাৰীবাদী বিপ্লৱী নহয়।অথবা পুৰুষ সমাজক একাষৰীয়াকৈ ৰাখি সমাজৰ আমূল পৰিবৰ্তন বিচাৰি নাৰীবাদী সমদলত আগভাগ লোৱা অতিবিপ্লৱী কবি নহয়। শক্তিশালী সাংস্কৃতিক জাগৰণৰ বাবে নাৰী পুৰুষৰ সমন্বিত সংগ্ৰামৰ ওপৰতহে কবি গীতাঞ্জলীৰ গভীৰ বিশ্বাস। “প্ৰিয় পুৰুষ” কবিতাটিয়ে বাস্তৱিকতে এনে এক প্ৰত্যয়ৰে জন্ম দিয়ে আমাৰ মনত। -
তেওঁ ধুমুহাক
নেওচি মোৰ কাষলৈ আহে
তেওঁ ধুমুহাৰ স’তে
সহবাস কৰে
শিলাবৃষ্টিৰ
মাজেৰে খোজকাঢ়ি আগুৱাই যায়
তেওঁ মোক শিকায়
সমাজবাদ
তেওঁ মোক শিকায় ৰিভলিউচনৰ প্ৰয়োজন
অৱশ্যে নাৰী জাতিৰ এশ-এববুৰি সমস্যা আৰু নাৰী মুক্তিৰ প্ৰশ্নটোৰ আঁৰপটৰ অন্ধকাৰ বাস্তৱক কাহানিও অনুধাৱন কৰিব নোৱাৰা অথবা নিজৰ সংকীৰ্ণ স্বাৰ্থতে সেইবোৰৰ বিৰুদ্ধে মাত মাতিব নোখোজা তথাকথিত নাৰীপ্ৰেমীসকলক কবিয়ে ৰাং কুকুৰ বুলি অভিহিত কৰিবলৈকো তিলমানো কুন্ঠাবোধ কৰা নাই। -
তেওঁ মোৰ মুখলৈ
চাই আছিল
চাইয়ে থাকিল।
মোক
সুধিলে---নাৰিবাদৰ আদিপাঠ তোমাক কোনে জানো দিলে
মই ক’লো---সৌৱা
ফুলাম গামোচা পিন্ধি
কৰমৰ্দন কৰি থকা
ৰাং কুকুৰৰ দলটোৱে
(নাৰীবাদী)
কবি গীতাঞ্জলীৰ দৃষ্টিত এই পৃথিৱীৰ সকলো মাতৃৰে ভাষা সুৰীয়া; কিন্তু বহুসময়ত বহু মাতৃয়ে হেৰুৱাব লগা হৈছে নিজৰ ভাষাত কথা কোৱাৰ অধিকাৰ, সপোন দেখাৰ অধিকাৰ, হেৰুৱাইছে সুখে-শান্তিৰে স্বাধীন জীৱন যাপনৰ সাংবিধানিক অধিকাৰ। যি দেশত আপোন সন্তানক পোহৰৰ মুখ দেখুৱাব খোজা উৎসৰ্গিত-প্ৰাণ স্বাভিমানী মাতৃসকলেই অপমানিত, অবহেলিত বা প্ৰতাৰিত সেইখন দেশৰ সংস্কৃতি, সভ্যতাৰ মানদণ্ড উন্নত হোৱাটো কাহানিও আশা কৰিব নোৱাৰি। অৱশ্যে এটা কবিতাত দুঃস্ব নাৰীৰ দুখত সততে দুখী, ক্ষুব্ধ গীতাঞ্জলীয়ে সমাজৰ সকলো নাৰী ধৰ্ষিতা বুলি নিজস্ব এক ধাৰণাৰ যি সাধাৰণীকৰণ কৰিছে আমাৰ বোধেৰে সেয়া নিতান্তই মানি ল’ব পৰা সত্য নহয়। এনে আৰোপে পবিত্ৰমনা, স্বাভিমানী নাৰী জাতিক ভিতৰি ভিতৰি ক্ষুণ্ণ কৰাৰো আশংকা নথকা নহয়। লগতে এইটোও সত্য যে এচাম ধৰ্ষকামী লম্পট পুৰুষ সমাজত আছে বুলিয়েই সকলো পুৰুষকে এনে বদনামৰ ভাগীদাৰ কৰিবলৈ যোৱাটো সমুচিত নহয়। প্ৰগতিশীল মননৰ কবি গীতাঞ্জলী এনে ক্ষেত্ৰত সৰ্বদলা সচেতন হোৱাটো কামনা কৰিলোঁ ।
আমাৰ দেশৰ
অৰ্থনীতি মূলতঃ কৃষি নিৰ্ভৰ বুলি আমি সকলোৱে জানো। কিন্তু ভূমিহীন উপান্ত কৃষকৰ
কথা নকওঁৱেই, দুই-চাৰি বিঘা নিজা মাটি থকা কৃষকসকলৰো দেখোন নাজল
নাথল অৱস্থা। পথাৰ, উৎপাদন আৰু বজাৰ হেৰোৱাই শতকৰা আশীভাগ
ভূমিপত্ৰই আজি সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। আমূল ভূমি
সংস্কাৰ আৰু কৃষি বিপ্লৱৰ পৰিবৰ্তে দ্বাবিংশ শতিকাতো ৰাষ্ট্ৰৰ সপোন কেৱল অনাময় বা
শৌচালয় নিৰ্মাণ, সেই ৰাষ্ট্ৰ আজি প্ৰগতি আৰু প্ৰযুক্তিৰ
কোনটো স্তৰত আছে তাক লৈ কবি বা নাগৰিক সমাজ শংকিত, চিন্তিত হোৱাৰেই
কথা। আশাহত কৃষকসকলক সংগঠিত কৰি দেশথ এক ব্যাপক গণ আন্দোলন গঢ়ি তুলিবলৈকো কবি,
লেখক, বুদ্ধিজীৱীসকল বদ্ধপৰিকৰ হ’ব লাগিব।
বিপ্লৱৰ সংজ্ঞা
নাজানে
তেওঁ খেতি কৰে জীয়াই
থাকিবলৈ
সূৰ্য উদয় হয়
তেওঁৰ উৎসাহত
বেলি লহিয়ায়
তেওঁৰ ভাগৰত....
মোৰ দেউতা
খেতিয়ক আছিল
তেওঁ বুজা নাছিল
কোনেও বুজোৱা
নাছিল
দেশৰ বাবে তেওঁৰ
অৰিহণা কিমান
(খেতিয়ক)
মৃত মাতৃৰ স্তন
চুপি খোৱা শিশুৰ কৰুণতম বিননি
এটা শৌচালয়
গাঁৱৰ খেতিয়কৰ
আত্মজাহ
কোটিপতিৰ বিলাসী
গাড়ীত আহ-যাহ
এটা শৌচালয়
নিৰ্মাণৰ প্ৰস্তুতিৰ হাত-বতোৱা
(দ্যা
টয়লেট)
দুজন মানুহৰ
ব্যক্তিসত্বাৰ মূল স্বৰূপ সুকীয়া বাবেই জীৱন
সম্পৰ্কীয়
ভিছনো যে ভিন্ন হ’ব পাৰে, ৰুচি-অভিৰুচি
সম্পূৰ্ণ পৃথক হ’ব পাৰে সেই
জটিল সত্যৰ
কলাত্মক প্ৰকাশ গীতাঞ্জলী ছানৰাইজৰ আন এটি আকৰ্ষণীয় কবিতা---
“তুমি----মই”।
মই কওঁ আমাৰ
নিজৰ সংসাৰ এখন কৰোঁ আহাঁ
তুমি কোৱা এই
দেশৰ শিশুক নিৰাপত্তা দিব পৰা নাই
মই কওঁ নদীখন
ইমান ধুনীয়া
তুমি কোৱা বানে
গৰকা মানুহবোৰ চোৱা
মই কওঁ চহৰৰ
অট্টালিকাবোৰ চোৱা
তুমি কোৱা
ৰাজপথৰ বিবৰ্ণ ক্ষুধাক অনুধাৱন কৰা
মই কওঁ ঘৰ এটা
সাজিব লাগে
তুমি কোৱা
অনাথালয় এখন গঢ়িব লাগে
মই কওঁ ফুৰিবলৈ
যাওঁ ব’লা
তুমি কোৱা
নিস্প্রভ চকুত ৰং ঢালিব লাগে
“মোৰ ভগবান নাই” শীৰ্ষক কবিতাটি গীতাঞ্জলিৰ বিজ্ঞানমনস্কতা সুন্দৰ অভিব্যক্তি। কাহানিও নেদেখা সৰগৰ অদৃশ্য ঈশ্বৰৰ বিপৰীতে মাটিৰ পৃথিৱীৰ তেজ-মঙহৰ সঁচা মানুহহে গীতাঞ্জলীৰ প্ৰেম-ভালপোৱা ভৰসা আৰু বিশ্বাসৰ একমাত্ৰ আধাৰ।
তেওঁৰ দৃষ্টিত
সংস্কৃতি সভ্যতাৰ ৰূপান্তৰ অনা বিপ্লৱৰো নিৰ্ণায়ক শক্তি সংঘবদ্ধ দলদোপ মানুহেই-
তোমাৰ বাবে প্ৰাৰ্থনা
কৰিবলৈ মোৰ ভগৱান
মুখস্থ ৰখা নাই আল্লাহৰ
বাণী
মই লঘোণ দিব নোৱাৰোঁ
পেটে কলমলায়
অর্থনৈতিক হিচাপ
এটা ওলায়
তথাপি মই কামনা
কৰোঁ
তুমি কুশলে থাকা
তুমি হাঁহি থাকা
মোৰ কোনো ভগবান
নাই
তুমিয়েই আস্থা
আৰু প্ৰেৰণা
জীৱনৰ উশাহ-নিশাহ
সম্ভাৱনাক লৈ
চিৰকৌতূহলী আৰু চিন্তিত বাবেই হয়তো তেওঁৰ প্ৰথম যৌৱনৰ সৃষ্টিবোৰো প্ৰখৰ জীৱন
চেতনা আৰু সুগভীৰ সমাজ-বীক্ষাৰ উজ্বল চানেকি। এইখিনিতে অনিচ্ছা সত্বেও আমি আন এক
অপ্ৰিয় সত্য উনুকিয়াব খুজিছোঁ ৰাজনৈতিক লেখা, ৰাজনৈতিক কবিতা বুলিলে
নাক কোঁচোৱা কবি বা লেখকে গীতাঞ্জলীৰ কবিতা বুলিলে সাত হাত দূৰৈতে থমকি ৰ’ব। কাৰণ তেওঁ বুজি পায় আজিৰ জীৱন আৰু সমাজ কিদৰে ৰাজনীতি
নিয়ন্ত্ৰিত।সেয়ে তেওঁৰ নতুন কলমত জন্ম হ’ল আমি বহু প্ৰবীণৰ
পৰা আশা কৰিব নোৱাৰা এনে এক কবিতা যাৰ শিৰোনাম - “কোনো কথা
অৰাজনৈতিক নহয়”।
ৰাজনৈতিক নহ’বলৈ কথাবোৰ
কেতিয়ানো
অৰাজনৈতিক আছিল!
দহ পইচাৰ
মৰ্টনটোৰ পৰা আৰম্ভ কৰি
কাহিলী পুৱাৰ
জগিঙলৈ
টুথপেষ্টৰ পৰা
আৰম্ভ কৰি বাথৰুমৰ চাবোনলৈ
অন্তৰ্বাসৰ পৰা
আৰম্ভ কৰি সুগন্ধি দ্ৰব্যলৈ
ৰাজনীতি ক’ত
নাছিল আৰু নাই !
অৰাজনৈতিক বস্তু
দৰ-দাম কৰি পোৱা নাই।
মই দেখা নাই
চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ
বিনামূলীয়া
কণ্ডম বক্সৰ অৰাজনৈতিক চাল-চলন
চপৰা-চপৰে নদীৰ
গৰা খহে
ৰাজনীতিত বহুতৰে
দাম বাঢ়ে
অৰ্থনীতিত মন্দা
নেতা জন্মে
গণ্ডা গণ্ডা
ৰাজনৈতিক! !
অৰাজনৈতিক
একোৱেই নহয়
হ’ব
নোৱাৰে কোনো কালে কোনো বিষয়।
গীতাঞ্জলীৰ দৰে কবিয়ে বুজি পায় আজিৰ ৰাজনীতি মূৰৰ পৰা ভৰিলৈকে গেলিছে বাবেই আজিৰ সমাজ, সংস্কৃতি, অৰ্থনীতিৰ এই ভয়াবহ অবক্ষয়। জনগণৰ এই ক্ৰমবৰ্ধমান দুৰ্দশা। চকুপানীৰ ধুমুহা। আমাৰ সকলো কবি, সাহিত্যিক বুদ্ধিজীৱীৰ ৰাজনৈতিক চেতনা কবি সনন্ত তাঁতি কিম্বা সমাজদৰ্শী গীতাঞ্জলী ছানৰাইজৰ দৰে প্ৰখৰ বা পৰিপক্ক হোৱা হ’লে জনগণৰ সমাজ চেতনাৰ স্তৰো কিছু প্ৰসাৰিত, উন্নীত হ’লহেঁতেন। নতুনকৈ কবিতা আৰম্ভ কৰাসকলৰ লগতে আমি প্ৰবীণছামেও “ইনফিনিটি”ত সন্নিৱিষ্ট কবিতাবোৰ পঢ়িব পাৰোঁ। তেওঁৰ কলমৰ প্ৰতিটো শাৰী প্ৰতিটো কবিতাই যেন জীৱনৰ এক নতুন পাঠ। ক্ষয়িষ্ণু সমাজৰ কঠিন চিত্ৰকল্প। শ্ৰেণীচেতনাৰ শিল্পীত প্ৰতিফলন। জাঙুলখাই উঠা ক্ষোভ আৰু প্ৰতিবাদ, আশা আৰু সম্ভাৱনাৰ ৰক্তাভ উদ্দীপনা। গীতাঞ্জলীৰ “জুহাল” কবিতাটোৱে স্বপ্নাতুৰ আমাৰ দুচকুৰ কেনভাছত আঁকি দিব এন্ধাৰ ৰাতিৰ দু:স্বপ্ন আৰু কঠিন সংগ্ৰামৰ শেহত হাতত তুলি লোৱা প্ৰভাতৰ ৰঙা পতাকা- খনৰ এক উজ্বল ছৱি।
আজি কিমানটা শীত
পাৰ হৈ অহাৰ পিছত
মোৰ জুহালত বৰকৈ
কোলাহল
মই গান এটা
গুণগুণাইছোঁ সম্ভাৱনাৰ
নুমাবলৈ ধৰা
জুইকুৰা আগবঢ়াই দিছোঁ
শীতৰ জোন হৈ সৰি
পৰক তেওঁ মোৰ জুহালত...
হাতে হাত ধৰি
আমি তাম হো-চি-মিন’ৰ চ’ৰাঘৰলৈ
আমি
কাৰ্লমার্ক্সৰ কথা ক’ম
আমাৰ চহৰত আঁৰিম আন্ধাৰ ৰাতি উজ্বল ৰঙা পতাকা।
নিজে মুখামুখি হোৱা বাস্তৱ জীৱন কিম্বা চৌপাশৰ ৰূঢ় সমাজ বাস্তৱ কবিৰ নখ-দৰ্পণত। ডাঙৰ কথাটো হ’ল সাৰ্থক কলাসৃষ্টিৰ বাবে কবিমনৰ অনুভূতি বা অভিজ্ঞতাই সকলো নহয়। কবিৰ আবেগ, স্মৃতি-কল্পনা আৰু অভিজ্ঞতা উদ্ভাসিত হৃদয়ৰ পোহৰ ৰসায়নেৰে সিক্ত-মথিত অভিজ্ঞানলে উন্নীত হ’লেহে কবিতা ৰসোতীৰ্ণ ও স্পন্দনশীল হৈ উঠে। শব্দৰ ওপৰত কবিৰ দখল শলাগিবলগীয়া। কিন্তু দুৰ্বল কল্পনাৰ ফলত কিছুমান কবিতাত উপস্থাপন শৈলী আৰু ভাৱমণ্ডল নিস্তেজ হোৱা পৰিলক্ষিত হয়। সেয়ে এটা পল, চাধা, তুমিহীনতাত ভূগিছোঁ, ৰৌদ্ৰ কামনা, দাঢ়ি, টোপনি যোৱা এতিয়া বহু ৰাতি - এনেবোৰ কবিতাই পাঠকচিত্ত আন্দোলিত কৰাত বিফল হোৱাটোৱেই স্বাভাৱিক। আমি আশা ৰাখিম সাধনা আৰু সম্পৰীক্ষাৰে কবিয়ে ভাষাৰ কালিকাৰ লগতে দীপ্ত কল্পদৃষ্টি আহৰণ কৰিব। আনহাতে প্ৰাচীন লোকগাথা আৰু লোকসমলৰ আধাৰত ৰচিত কবিতা সংকলনটোত সন্নিৱিষ্ট নহ’ল। ভৱিষ্যতে এই দিশতো কবিয়ে মনোনিৱেশ কৰিব পাৰে। আমি আশা ৰাখিম আমাৰ অসমীয়া কবিতাৰ চহকী ঐতিহ্যও তেওঁৰ নৱসৃষ্টিৰ উজ্বল আদৰ্শ আৰু চানেকি হ’ব লাগিব৷
তৰুণ হ’লেও আধুনিক কবিতাৰ পৃথিৱীত টলবল্ তাৰুণ্যৰে এক উদিত সূৰ্য - গীতাঞ্জলী ছানৰাইজ। তেওঁ কাণ পাতি শুনিছে দুঃস্ব-দুৰ্গত মানুহৰ বুকুৰ আৰ্তনাদ - still, sad music of humanity. কবিয়ে পুথিখনৰ পাতনিত অকপটে স্বীকাৰ কৰিছে । নিজৰ ঘৰখনেই আপোন গাঁৱখনেই তেওঁক মার্ক্সীয় দৰ্শনৰ লগতে সংগ্ৰামৰ পাঠ আৰু প্ৰেৰণা দিয়াৰ কথা---“কমৰেড অনন্ত হাজৰিকাৰ সান্নিধ্যত মই নিজকে অন্যৰূপত সজাই তুলিছিলোঁ। সমসাময়িক ঘটনাপ্ৰবাহক আগত ৰাখি দুৰ্গতজনৰ বাবে, খাটিখোৱা মানুহৰ এটা শক্তিশালী কণ্ঠ হ’বলৈ সততে তেওঁ মোক দিছিল সাহস আৰু সীমাহীন শব্দভাণ্ডাৰ। “সাম্প্ৰতিক অসমীয়া কবিতাৰ গণমুখী ধাৰাটোৰ অন্যতম এক সাহসী আৰু উজ্বল কণ্ঠস্বৰ গীতাঞ্জলী ছানৰাইজ। তেওঁৰ মেদহীন ধাতৱ শব্দ-প্ৰযুক্তি আৰু ব্যতিক্ৰমী কবিতাবোৰত কাব্যপ্ৰেমীয়ে সন্ধান কৰিব পাৰে জীৱন উজ্জীৱিত কৰিব পৰা নতুন আশা, যুযুৎসু প্ৰত্যয় আৰু সমাজ ৰূপান্তৰৰ অভীপ্না। বৰেণ্য সমালোচক ডিলান থমাছে (Dylan Thomas) সামাজিক, সাংস্কৃতিক প্ৰমূল্যৰে উজ্বল, সাৰ্থক সৃষ্টি সম্পৰ্কে ঠিকেই মন্তব্য কৰিছিল – “A good poem helps to change the shape of the universe, helps to extend everyone’s knowledge of himself and of the world arround him.”
শেহত আমি এটা কথাই কওঁ - ৰাজনীতি বুলিলেই যিসকল কবিয়ে নিজক নিৰপেক্ষ বুলি জাহিৰ কৰে, যিসকলৰ নিজ বুকুৰ ধপধপনিৰ ছন্দলৈকে ভয়, তেওঁলোকৰ সংগ্ৰামৰ স্বপ্নত মোৰ বিশ্বাস নাই। কিন্তু গীতাঞ্জলীৰ কলমৰ সংগ্ৰামৰ কবিতাত মোৰ বিশ্বাস আছে। এয়ে হয়তো তেওঁৰ কলম আৰু কবিতাৰ অন্তৰ্লীন শক্তি।