অন্যযুগ/


সমাজ সত্য আৰু ভাষাৰ সৌন্দৰ্যৰে উজ্জ্বল বিনয় চলিহাৰ কবিতা

 ৰুদ্ৰ সিংহ মটক

 

“Poetry is the revelation of a feeling that the poet believes to be interior and personal which the reader recognizes as his own.” (Salvatore Quasimodo).

 

কবিতা মূলতঃ জীৱনবীক্ষাহৃদয়স্তনিত প্ৰজ্ঞা অথবা স্বজ্ঞা। মানুহ হব খোজা অন্তৰতম প্ৰয়াস আৰু অন্তহীন সাধনাৰ কোনো এক স্তৰতে হয়তো কবিতা নামৰ শব্দশিল্পৰ জন্ম। আন কথাত নিজক বা চৌপাশৰ সমাজখনক বুজিবলৈ কৰা বৌদ্ধিক প্ৰয়াসৰ শব্দগত, বাঙ্ময় অভিব্যক্তিয়েই কবিতা। এই শব্দশিল্পৰ আংগিক আৰু বাগধাৰা সন্দৰ্ভত সমালোচক হাডছনৰ তাৎপর্যপূর্ণ মন্তব্য এনে ধৰণৰ-Poetry is a particular kind of art, that it arises only when the poetic quality of imagination and feeling are embodied on a certain form of expression.”  অৰ্থাৎ কবিতা এক শ্ৰেণীৰ বিশেষ ফৰ্মযুক্ত বৈশিষ্ট্যপূর্ণ শব্দশিল্প। ই হল কবিৰ ভিচন বা দীপ্ত কল্পনা আৰু অনিৰ্বচনীয় অনুভূতিৰ সৌন্দর্যমণ্ডিত নৱৰূপ। বিনয় চলিহাৰ স্বজ্ঞা আৰু কল্পনাৰ জৰায়ুত কবিতাৰ ভাষা সুন্দৰ, সজীৱ ও স্পন্দনশীল হৈ উঠিছে এনেবোৰ স্তৱকত

 আইৰ কলিজাত অসুখৰ উমনি

 চৌদিশে বাজি আছে মৃত্যুৰ শংখধ্বনি   (বিষাদ গান্ধাৰ : জীৱনগাথা)

                                                   *  *  *

 সময়ৰ কোনো সঁজাত নাই

 কেতিয়া কাৰ বুকু ভেদি যায়...  (সময়) 

কবি জীৱনৰ নৱ বুদ্ধ, সমাজৰ নতুন যীশু। স্বদেশ-স্বকালৰ জাগ্ৰত প্ৰহৰী কবি। হয়তো এই বাবেই গোলকীয় পুঁজিবাদী অৰ্থনীতিৰ ধামখুমীয়াত নিজকে পাহৰি গড্ডালিকা প্ৰৱাহত উটি যোৱা অভিজাত বা মধ্যবিত্ত শ্রেণীৰ প্ৰতি কবি চলিহাৰ তীৰ্যক ভ্ৰূকুটি মন কৰিবলগীয়া। অথাই পাপ-পংকত মজিও পাপবোধৰ vicious circle বা গ্লানিত বিদ্ধ নোহোৱা এইসকল লোকৰ শ্ৰেণীচৰিত্ৰ আজি সমগ্ৰ জাতিটোৰ বাবেই এক মহাসংকটৰ অশনি সংকেত। শাসক-শোষকহঁততকৈ কোনো গুণে কম জগৰীয়া নহয় অজাতি কাউৰীৰ দৰে জাতহীন , বিৱেকহীন, ছদ্মবেশী এই বজ্জাতৰ দল 

আমি প্ৰত্যেকেই এতিয়া নিজেই নজনাকে নিজে নিজৰ বিৰুদ্ধে

একোটাকৈ প্ৰস্তাৱ লবলৈ আৰম্ভ কৰি দিছোঁ! আমি আমাৰ

মস্তিষ্কবোৰ, বিবেকবোৰ বন্ধকত থৈ-

জুৱাখেল আৰম্ভ কৰিছোঁ

সুৰাৰ গিলাচৰ সতে জুখিছোঁ-আমাৰ বিবেক,

দৰ-দাম কৰিছোঁ আভিজাত্যৰ!              (সময়ৰ কবিতা) 

সুৰাপায়ী উন্মাদহঁতৰ জাতিধ্বংসী জুৱাখেল দেখি, সমাজ-সংস্কৃতিৰ ভয়াৱহ খহনীয়া দেখি সংবেদনশীল কবিকণ্ঠ বাৰু কিদৰেনো মৌন-মূক হৈ থাকে? হয়, বিস্তৃত অৰ্থত সময়ৰ কবিতা জীৱন আৰু সমাজ মানসৰ ক্ৰমবৰ্ধমান অস্থিৰতা-উন্নাসিকতা, উদ্বেগ-সংশয়, শঠতা-ভণ্ডামি, আত্মহনন আৰু অৱক্ষয়ৰ নিৰ্মোহ সমালোচনা। অন্তৰ্দৃষ্টি গভীৰ আৰু প্ৰশস্ত বাবেই কবিয়ে উপলব্ধি কৰিছে এক বহল, সমালোচনাত্মক দৃষ্টিকোণ নাথাকিলে শিল্পকলা বা কবিতা বাস্তৱতাৰ পৰা বহু আঁতৰতে ৰৈ যায়। সমাজ সত্যৰ ফিৰঙতি বৰ্জিত এনে ধূসৰ, আবেগসৰ্বস্ব সৃষ্টিয়ে স্বাভাৱিকতেই সাৰ্থক কবিতাৰ অৰ্থবৈচিত্ৰ হেৰুৱায়। 

কৃষিজীৱী চহা অসমীয়াৰ জীৱনৰ দুখ-যাতনা, হৰ্ষ-বিষাদ সম্পৃক্ত ছবিয়েও বিনয় চলিহাৰ কলমৰ কবিতাক এক নতুন আয়তন আৰু হদয়-পৰশা আবেদন দান কৰিছে। গ্ৰাম্য জীৱনৰ আদিম সৰলতা, পথাৰৰ সীৰলুৰ পৰাগ-বোকাৰ স্পৰ্শ, সঁজাল ধৰা ভূঁইৰ আশা-ৰঙা সুগন্ধই কবিহৃদয় উদ্বেলিত-আন্দোলিত নকৰিলে এনে কবিতা ৰচনা কৰাটো কঠিন

সঁজাল ধৰা পথাৰৰ মলমলীয়া গোন্ধ

জীৱন জীয়াৰ সিয়েই দেখোন এতিয়া

আটোমটোকাৰী সম্বল

 

বানে ধোৱা পথাৰ

ঘামে ধোৱা দেহৰ

ভিজা ভিজা গোন্ধ

সিয়েই এতিয়া বাগৰুম্বা সপোন     (তেজীমলা দুখ, সপোন ইত্যাদি)

                                         *  *  *

লিহিৰি হাতৰ দাৱনীৰ বুকুত উলাহৰ ঢৌ

ফৰিং ছিটিকাদি ছিটিকে কথাৰ মৌ        

 

মেটমৰা ডাঙৰিত থাকে সঁজাল সপোন 

সোণবৰণীয়া আঘোণৰ পথাৰত             

জোনাকী যৌৱনৰ দৰে,                          

গানে-গানে প্ৰাণে-প্ৰাণে...         

   অসমীয়া জাতীয় জীৱনৰ আৰ্থ-সামাজিক, সাংস্কৃতিক প্রাণপ্ৰৱাহৰ গতি আজি যেন ৰুদ্ধ, অৱৰুদ্ধ। দাৰিদ্ৰ, অপুষ্টি, অশিক্ষা, নিবনুৱা, অন্ধবিশ্বাস, ধৰ্মান্ধতা, ধৰ্মীয় মেৰুকৰণ, ধৰ্ষণ, হত্যা, বানপানী, গৰাখহনীয়া, শোষণ, অসমতা, আইনহীনতাই মানুহৰ সৰ্বাঙ্গীন উন্নয়ন, শান্তি আৰু কল্যাণ বিঘ্নিত কৰিছে। ফুলকুমলীয়া শিশু বিক্রী কৰি, নিজৰ হৃদপিণ্ড বিক্রী কৰিও দৰিদ্ৰ নাৰায়ণে এন্ধাৰৰ আৱৰ্তত অনিশ্চিত দিন পাৰ কৰিবলগা হৈছে। এনেবোৰ বিষয়কো আমি কবিতাৰ বাস্তৱ সমল কৰিব পাৰো নেকি তাকো গভীৰভাৱে ভাৱিবৰ হল। ৰাজনৈতিক বিষয়বোৰো সাৰ্থক কবিতাৰ সমল কৰি লোৱা অমূল্য বৰুৱা, সনন্ত তাঁতীৰ দৰে ক্ৰান্তদৰ্শী কবিৰ সৃষ্টিবোৰতো আমি আধুনিক কাব্য-প্ৰযুক্তিৰ ৰং-ৰূপ কিম্বা ধাতৱ হৃদস্পন্দন সন্ধান কৰিব লাগিব। আধুনিকতাৰ সংজ্ঞাই কবিতাৰ আংগিক বা ভাষাৰূপৰ লগতে যুগোচিত মূল্যবোধৰ দিশটোকো সামৰি লয়। আধুনিক মানব মানসৰ চিৰ গতিশীল প্ৰজ্ঞা, সাৰস্বত সংস্কৃতি চেতনা আৰু বৈজ্ঞানিক মূল্যবোধৰো ধ্বজাবাহক হব লাগিব আজিৰ কবিসকল। 

লোকজীৱনৰ সমল বিনয় চলিহাৰ কবিতাত পৰিলক্ষিত নহয় বুলি কলেও হয়তো বঢ়াই কোৱা নহব। কবি বিনয়ে মনত ৰখা ভাল যে ৰূপকথা বা লোককথাও কবিতাৰ দৰে বৰ্ণিল কলাৰ  মনোমুগ্ধকৰ, ৰহণীয়া উপাদান হব পাৰে। কিন্তু এইটোও সত্য যে কবিতা অতিকথন নহয়। ই প্ৰলুব্ধ কবিৰ চৌখিন কিম্বা গুৰুগম্ভীৰ শব্দৰ কাণ তাল মৰা ঢেৰেকণিও নহয়। কবিতা সংবেদী কবি-হৃদয়ৰ স্বভাৱজাত সুগভীৰ কল্পনা, ৰামধেনুৰঙী জীয়া অনুভূতি আৰু শস্যোজ্বল অভিজ্ঞতাৰ কলাত্মক বিনিৰ্মাণ। কাব্যকলা মূলতঃ ৰসঘন শব্দৰ মৌচাক ; মৌমাখিৰ শুনা-নুশুনা ললিত গুঞ্জৰণ। কবি কীটচেও কৈছে—“Heard melodies are sweet, but those unheard are sweeter.” (Ode on a Grecian Urn). গীতিময় অনুচ্চ ছন্দস্পন্দন আধুনিক কবিতাৰ আত্মাৰ বৈভৱ। সেইবুলি হৃদয় আৰু মগজুৰ স্থাপত্য কবিতাক বৌদ্ধিক নিৰ্যাস বৰ্জিত নিচেই সৰল লোকগীতৰ স্তৰলৈকো অবনমিত কৰা সমীচিন নহয়। ভাষাৰ নৱৰূপ বা সৌন্দর্যৰ শিখৰ বিচৰাই হয়তো কবিৰ কাম। হলেও পাহৰিলে নহব সপোন আৰু কল্পনাৰ কুঁৱলী ফালি আজিৰ কবিৰ কলমৰ কবিতা দিঠকলে উভতি আহিছে। সেয়ে কবিৰ কবিতাবোৰ  কেতিয়াবা জুই হয়, কেতিয়াবা হয় চেঁচা চকুপানী  

মোৰ বুকুৰ পঁজাৰ ভিতৰত

খেপিয়াই খেপিয়াই পালোঁ

একুৰি পাঁচটা আধা লিখা কবিতা

শব্দবোৰ যে কিমান মিঠা!

 

প্ৰতিটো শব্দ

প্ৰতিটো আখৰ মোৰ হিয়াৰ তেজ

মৌন আৰতি।

 

সময়ে কাঢ়ি নিলে হিয়াৰ ঠিকনা

 

কবিতাবোৰ কেতিয়াবা জুই হয়

কেতিয়াবা চকুলো হয়

 

সখিয়তী ৰদৰ সলাজ উম লৈ

কবিতাবোৰ শুই থাকে

বুকুৰ পঁজাত

শীৰ্ষক শীতৰ সন্ধ্যাটোৰ‌ দৰে।

মহত্তম জীৱন ভাৱনাৰ বুকুতে কবি এজন জীয়াই থাকে। নাজিম হিকমতে জানো লিখা নাছিল— “সকলো মহত্তম জীৱন ভাৱনাৰ মাজত/ মই জীয়াই থাকিম। হয়, পোহৰপিয়াসী মানুহৰ সতেই নিয়তি কবিৰ শোভাযাত্রা। জ্যোতিপ্রসাদৰ সপোন আছিল এখন শিল্পীৰ পৃথিৱী। কবিৰ সপোন হল শোষণহীন মুক্ত মানুহৰ দেশ, সাম্য-মৈত্ৰীৰে ছন্দোজ্জ্বল মানৱতন্ত্ৰ। সেয়েহে অকপটে কওঁ--ৰৌদ্ৰোজ্জ্বল প্ৰতিবাদ, শুভঙ্কৰ মানৱীয় চেতনা, ৰূপান্তৰৰ সমাজ জিজ্ঞাসা— এনেবোৰ শিল্পগুণ সংবেদনশীল কবি-প্ৰাণৰ অন্তৰতম সাধনা।

কবিতাৰ চৰ্চা-অনুশীলন একেসময়তে মাতৃভাষাৰো চৰ্চা। আই শীৰ্ষক কবিতাটিত কবি বিনয়ে গদ গদ কণ্ঠে কৈছে— “তুমি দিয়া পৰিচয়ৰ প্রথম বৰ্ণমালা মোৰ জিভাৰ/ আগত...(আই)। ভাষাজননীৰ প্ৰতি শ্ৰদ্ধাশীল বিনয় চলিহা এজন সমাজপ্ৰেমী স্বাভিমানী কবি। তেওঁৰ তৃতীয়খন কাব্যগ্ৰন্থ নদী আৰু অন্যান্য”(আগষ্ট,২০২৪) অলপতে প্ৰকাশ পাইছে। আগবয়সত কবিৰ সময় আৰু যুদ্ধৰ আখৰা(১৯৯০) আৰু মেজাংকৰি(২০১৭) শীৰ্ষক দুখনকৈ কাব্যপুথি প্ৰকাশ পাইছিল। প্ৰথম দুখন পুথিত সন্নিবিষ্ট কবিতাৰ শিথিল ফৰ্ম আৰু নব্য ৰোমাণ্টিক ভাবাদর্শৰপৰা কবি বিনয় চলিহা বহুদূৰ আঁতৰি আহিছে। তেওঁৰ শেহতীয়াকৈ প্ৰকাশিত প্ৰায়বোৰ কবিতাত ৰূঢ় বাস্তৱৰ ছৱি-চিত্ৰকল্প আৰু জটিল সমাজ সত্যৰ আবেদনক্ষম অথচ মননশীল উপস্থাপন মন কৰিবলগীয়া 

চোৱাঁ আমি এনেকৈ জীয়াই আছোঁ

একেখন আকাশৰ তলত

সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ প্ৰতিটো ক্ষণ প্ৰতিটো প্ৰহৰ

আমাৰ ককা আজুককাহঁতৰ হাড় মাটি হ

বুকুৰ তেজ পানী হল,দেহৰ লুণীয়া নামৰ সুগন্ধি

মিলি মিলি সেউজৰ সোণালী পথাৰ হ

 

চোৱাঁ, এতিয়াও আমি এনেকৈয়ে জীয়াই আছোঁ

কঁকালত পানী-গামোচা বান্ধি

 

এইখন আকাশৰ তলতে আমাৰ সকলোৰে

ইতিহাস আছে, আছে জীয়াই থকাৰ সংগ্ৰাম

বিপ্লৱৰ গান, অন্ন, বস্ত্ৰ আশ্ৰয়ৰ বাবে

তথাপি আমি টেঁটু ফালি চিঞৰিব লগা হৈছে

মোৰ স্বদেশ স্বকালৰ মাটিত

ভোটৰ ভাষাৰে জুই জ্বলিব খোজা দুচকুৰ

চকুলো শুকায়; চোৱা আমি এনেকৈয়ে

জীয়াই আছোঁ। আদিম বন্যতাৰ কবলত...।     (চোৱাঁ আমি এনেকৈ জীয়াই আছোঁ)

দৰঙী কবি বিনয় চলিহাৰ কাব্যচিন্তা আৰু জীৱনাদৰ্শ কবিতাক ভাল পাবলৈ শিকা নতুনচাম অনুৰাগীৰ বাবে সাহস আৰু প্ৰেৰণা হব পাৰে। নতুনসকলেও আজি বুজি উঠিছে যে কলা কলাৰ বাবে নহয়, মানুহৰ বাবে। তেওঁলোকেও আজি উপলব্ধি কৰিব পাৰিছে যে জীৱন সংগ্ৰামৰ বাস্তৱ প্ৰয়োজনতহে কলা-সাহিত্য-কবিতাৰ জন্ম। জাতীয় সংস্কৃতিক আগুৱাই নিয়াৰ আন্দোলনত এনেবোৰ শিল্প মাধ্যমৰ প্ৰভাৱ অপৰিসীম। সেয়া বিনয় চলিহায়ো ভালকৈয়ে বুজে। সেয়ে তেওঁৰ সম্পাদনাত মেজাংকৰি, আজিৰ কবিতাৰ দৰে আলোচনী নিয়মীয়াকৈ প্ৰকাশ হৈ আছে। আমি সকলোৱে জানো আজি আমাৰ সাহিত্য, সংস্কৃতিৰ দুৰ্দিন, জাতীয় জীৱনৰো চৰম দুৰ্দিন। মৌলিক সাহিত্যৰ গ্ৰন্থ, কবিতাৰ কিতাপ, কাকত-আলোচনীৰ বিক্রীৰ সংখ্যাটোও দুখলগাকৈ হতাশজনক। তৎসত্তেও সাহিত্য-প্ৰাণ বিনয় চলিহাই কবিতাৰ আন্দোলনৰ মাজেৰে মানব মানসৰ সৌন্দৰ্য আৰু মহত্ত্বৰ লগতে শব্দৰ সত্যক যুৱকবি আৰু কবিতাৰ আগ্ৰহী পাঠকসকলৰ মাজলৈ প্ৰসাৰিত কৰাৰ নীৰৱ এক বৌদ্ধিক বিপ্লৱৰ সপোন দেখিছে 

মোক আকাশৰ দৰে হবলৈ কোৱা

বিশাল সাগৰৰ দৰে সুগভীৰ,

নদীৰ দৰে হবলৈ কোৱা

চিৰ প্ৰবাহিনী,

অনাত্মীয় সময়ৰ সৈতে

সহৃদয়তা গঢ়িবলৈ কোৱা

প্ৰেমৰ দৰে মহান

মোক মানুহ হবলৈ কোৱা

অমৃতৰ  সন্তান

 

মোক শব্দৰ দৰে কঠিন হবলৈ কোৱা,

হৃদয়ৰ দৰে কোমল,

মৃত্যুৰ দৰে স্থবিৰ

ইতিহাসৰ সাক্ষী হবলৈ

মোক নকবা

হে সময়!      (মোক আকাশৰ দৰে হবলৈ কোৱা) 

দৰাচলতে কেৱল বিনয় চলিহাৰে নহয়, এয়া আমাৰ সকলো লেখক, কবিৰে সপোন। আমি সকলোৱে জানো ৰূপান্তৰেহে সমাজ আৰু সভ্যতাক সুন্দৰ কৰে। জাতীয় সাহিত্য-সংস্কৃতিৰ সংকটৰ সময়ত পৰিবৰ্তনকামী আমাৰ সকলোৰে বাবে কবিতাৰ প্ৰচাৰ, প্ৰসাৰ আৰু ৰূপান্তৰৰ ৰেণেছাঁ(Renaissance)  নিশ্চয় আশাৰ এক উজ্জ্বল আৱাহনী। সেয়ে হলেও আমি পাহৰিলে নহব শিল্পতকৈ, কবিতাতকৈ জীৱন-কলা হেজাৰ গুণে দামী। শব্দেৰে-তেজেৰে গঢ়িব লাগিব আমাৰ প্ৰাণৰ শিৱ । ই হব লাগিব কবিসকলৰ ওৰেটো জীৱনৰ সপোন, সংগ্রাম আৰু সাধনা। 

মেজাংকৰি প্ৰকাশনৰ নিটোল আকৰ্ষণীয় ছপা, শিল্পী নীলাভ সৌৰভৰ সুন্দৰ প্ৰচ্ছদেৰে আটকধুনীয়া কাব্যগ্ৰন্থ নদী আৰু অন্যান্যত (আগষ্ট, ২০২৪) চুটি-দীঘল মুঠ সাতাৱন্নটা কবিতা সন্নিবিষ্ট হৈছে। শাৰদী ৰাণী হেনো তোমাৰ নাম, অ জীৱন, তুমি ধুনীয়া হলেই নহব, বৰষা আদি কবিতাৰ ফৰ্ম বা আংগিক শিথিল। এইবোৰ কবিতাৰ ভাষাত নতুনত্ব বা স্বভাৱজাত প্ৰাণময়তাৰ বিপৰীতে তৰল আৱেগ আৰু কৃত্রিমতা পৰিস্ফুত হোৱা পৰিলক্ষিত হয়। আমি জানো, শব্দপ্ৰেমত গভীৰভাৱে মজিব নাজানিলে, ভাষাৰ কালিকা আয়ত্ত কৰিব নোৱাৰিলে অভিধানৰ পাতৰপৰা বোটলা কৃত্রিম শব্দৰে, উকা কল্পনাৰে কাব্যভাষাক জীয়া, স্পন্দনশীল ৰূপদান কৰাটো নিচক কল্পনা হৈয়ে ৰব। নিজৰ সৃষ্টিক্ষমতা, কল্পনা কিম্বা অভিজ্ঞতাৰ সীমাবদ্ধতা সম্পর্কে কবি বিনয় সচেতন। কবিতাৰ শুভবোধ আৰু ৰূপান্তৰৰ চেতনাৰ ওপৰতো চলিহাৰ আছে গভীৰ আস্থা। মানুহৰ ওপৰতো তেওঁ তিলমানো বিশ্বাস হেৰুওৱা নাই। তদুপৰি আমাৰ জাতীয় সংস্কৃতিৰ চিৰপ্ৰৱহমান জীয়া সুঁতিটোৰ সৈতেও কবি গভীৰভাৱে পৰিচিত। আমি আশা ৰাখিম, বহল অধ্যয়নৰ লগতে নিয়মীয়া কৰ্ষণ-অনুশীলনেৰে তেওঁ কলাগত দুৰ্বলতাবোৰ অতিক্রমি সাৰ্থক সৃষ্টিৰ সাধনাত ব্ৰতী হব। নিজস্ব ইতিহাসবীক্ষা আৰু বিশ্ববোধ কিছু সমৃদ্ধ আৰু প্ৰসাৰিত কৰিব পাৰিলে প্ৰতিভাশালী কবি বিনয় চলিহাই আগত দিনত আমাক দিব সমাজমুখী, পেশীবহুল অলেখ গতিশীল সৃষ্টি।

                       

ঠিকনা :

লাৰিকা গ্ৰীনভেলী,

আজাৰা, হাটখোৱাপাৰা,

গুৱাহাটী -৭৮১০১৭,

ফোন নং -৭০০২৩০৩৮৮২

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ