কল্পজ্যোতি ৰায়
যোৱা তিনিটা দশক ধৰি কবিতাৰ
নিৰলস সাধনাত ব্ৰতী হৈ থকা কবি এম. কামালুদ্দিন আহমেদৰ শেহতীয়া সংকলন ‘ৰাজহাঁহৰ
কণ্ঠত কিহৰ জলচ্ছেদ’ (২০২১)-এ
কবিৰ কাব্য-পৰিক্ৰমাক অন্য এটা আয়তন প্ৰদান কৰি উৎকৰ্ষৰ বিন্দুত আৰোহণ কৰিছে৷ ইয়াত
সংকলিত হৈছে কবিৰ ২০১৮ চনৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰচিত কবিতা৷ সমাজ
বাস্তৱতা,
ৰাজনৈতিক অনুষংগ, আধুনিকতাবাদী
কবিতাৰো কেন্দ্ৰস্থ নিৰ্যাস প্ৰতিফলিত কেতবোৰ বিষয়-চয়ন আৰু কাব্যভাষাই এই সংকলনটোক
সমসাময়িক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ সংকলন হিচাপে প্ৰতিষ্ঠিত কৰিছে৷ কবিৰ
নিজৰ কবিতাৰ অন্তৰাল-সমৃদ্ধ সুদীৰ্ঘ পাতনি ‘মোৰ কাব্য-ৰসায়নৰ অগা-ডেৱা’ই পোনতেই
পঢ়ুৱৈৰ মনোযোগ আকৰ্ষণ কৰে৷ কবি অজিৎ বৰুৱাই ‘পদ্যৰ পাছৰ কাব্য’ত তেওঁৰ কেবাটাও তাৎপৰ্যপূৰ্ণ
কবিতাৰ অন্তৰাল আৰু অৰ্থ সম্পৰ্কে পুংখানুপুংখ ব্যাখ্যা আগবঢ়াইছিল৷ গুৰুত্বপূৰ্ণ
কথা হ’ল কবি আহমেদে কবিতা সৃষ্টিৰ অন্তৰাল সম্পৰ্কে পঢ়ুৱৈৰ স্বাধীনতাক আগস্থান
দিহে তাৰ সম্যক ইংগিত প্ৰদান কৰিছে৷ কবিতাখিনিক একোটা থূলত বিভক্ত কৰা সূচীপত্ৰখনেও
কবিৰ কবিতা চৰ্চা সম্পৰ্কীয় ঐকান্তিকতাকেই সূচায়৷ তেনে বিভাজনেৰে সমৃদ্ধ প্ৰথমটো
থূলত সমাজ বাস্তৱতাৰ প্ৰতি ক্ৰিয়াশীল সঁহাৰিৰে আহমেদৰ কবিসত্তাই আন এটা মাত্ৰাৰ
দিশে গতি কৰিছে৷ পূৰ্বৰ কবিতাৰ কেতবোৰ বৈশিষ্ট্যৰ বিপৰীতে কবিৰ বাস্তৱমুখী যাত্ৰাই
কবিতাক মানুহৰ আত্মিক আলাপলৈ ৰূপান্তৰ কৰাৰ ইংগিত বহন কৰে৷ এই কবিতাখিনিয়ে পঢ়ুৱৈৰ
মনতো সাৰ্বজনীন একোটা অভিঘাত প্ৰদান কৰি জীৱনৰেই বাস্তৱ সত্যৰ মুখামুখি কৰায়৷
সংকলনটোৰ প্ৰথম কবিতা
‘সূৰ্যকণা’ বিষয়ৰ গভীৰতাৰ লগতে অভিনৱ ব্যঞ্জনাৰে এটা উৎকৃষ্ট কবিতাৰ শাৰীলৈ
উত্তীৰ্ণ হৈছে৷ কবিয়ে লিখিছে, ‘‘...‘সূৰ্যকণা’ কবিতাটো পঞ্চমবাৰ হাত
ফুৰাওতেহে এই ৰূপ পাইছে৷’’ অন্ন আৰু পৰমান্নৰ প্ৰসংগৰে কবিতাটোৱে নিঃস্ব মানুহৰ
কথাকেই পৃষ্ঠভূমিলৈ লৈ আনে৷ কবিৰ ভাষাও ইয়াত সংযমীঃ ‘‘কঙাল/কেৱল আৱেগৰ বন্যা/নামিছিল/মগজুত নাছিল তৰোৱালৰ চিক্মিকনি’’৷ ‘সূৰ্যকণা’ অভিধাটোৱেই
ইয়াত একধৰণৰ ব্যঞ্জনাৰ সৃষ্টি কৰে৷ সূৰ্যকণা কোন বা কিহৰ ৰূপক? ইতিহাসৰ
কেঁকুৰিবোৰেৰে নামি অহা সূৰ্যকণা আৰু পৰমান্নৰ স্বৰ্গীয় গোন্ধক সমস্ত শক্তিৰে বাধা
দিয়া সূৰ্যকণা একেই নে? ‘ইতিহাসৰ কেঁকুৰি’ শব্দ দুটাই সূৰ্যকণাক কোনো মানৱ ইতিহাস সম্পৰ্কীয় ধাৰণাৰ
প্ৰতিভূ হিচাপেই থিয় কৰায়৷ কবিতাটোৰ শেষৰ আগৰ স্তৱকটোত জীৱন মুক্তিৰ বাসনাৰ কথা
কোৱা সূৰ্যকণা কোনো এক পৰম সত্তা নেকি, তেনে এটি ভাবৰো উদ্ৰেক কৰে৷ কিন্তু এই
ধাৰণা অমূলক প্ৰতিপন্ন হয় কবিতাটোৰ শেষৰফালেহে৷ অন্ন আৰু পৰমান্নক নিলগাই দেখুওৱাৰ
সময়তহে উপলব্ধি কৰিব পাৰি সূৰ্যকণা সমাজ পৰিৱৰ্তনৰেই এক ৰূপক৷ বস্তুতঃ কবিতাটোত
অনাহাৰী মানুহৰ কাৰুণ্যইব্যঞ্জিত হৈছেঃ
‘সূৰ্যকণাই
কৈছিল
জীৱন্মুক্তিৰ
বাসনা
অন্নতহে
সনা আছে
অন্ন
নাঙঠ
সূৰ্যকণাই
কৈছিল
তাক
একো আৱৰণ
নিপিন্ধাবা’
কেৱল এই কবিতাটোতেই নহয় এই
থূলটোৰ একাধিক কবিতাত অন্ন আৰু পৰমান্ন শব্দদুটাৰ উপৰ্যুপৰি প্ৰয়োগ লক্ষ্য কৰা
যায়৷
পৰিৱর্তনৰ প্ৰসংগ স্থানান্তৰত এনেদৰেও কবিতাৰ মাজলৈ আহিছেঃ ‘ৰূপান্তৰৰ বহু আয়তনেৰে/আমাৰ
হাট-বাটঃ/অন্ন হ’ব পাৰে নে পৰমান্ন/ য’ত লাগি থাকে/সৰগীয়
পটীয়েদি নামি অহা /এছাটি পোহৰ’- (অন্ন পৰমান্ন)৷এটা কথা ঠিক যে, কবি আহমেদ মার্ক্সীয় চেতনাৰে উদ্বুদ্ধ কবি নহয়, অন্ততঃ তেওঁৰ কবিতাবোৰ পঢ়ি তেনে এটা ধাৰণা কৰিব পাৰি৷ কিন্তু সাহিত্যত তাৰ ৰূপায়ণৰ প্ৰতি তেওঁৰ একধৰণৰ সহানুভূতিশীল দৃষ্টিভংগী আছে৷ একেটা থূলৰে একাধিক কবিতাত পৰিৱর্তনৰ স্বপ্ন ভাষাৰ কৌশলী প্ৰয়োগেৰে উদ্ভাসিত হয়ঃ ‘আদৰণি তোৰণেৰে/ পৰৱর্তী প্ৰজন্ম /যেন সূর্য-শিশু’ (সূর্য আৰু তোমালোক)৷ ‘বান্ধোন’ আৰু ‘দাৰিদ্ৰৰেখা’ শীর্ষক কবিতাতো তাৰ অনুৰণন শুনিবলৈ পোৱা যায়৷
ভোগবাদী অৰ্থনীতিয়ে সৃষ্টি
কৰা সামাজিক অসমতাৰ প্ৰসংগটো আহমেদৰ এই কবিতাখিনিৰ ক্ষেত্ৰত ক্ৰিয়াশীল হৈ আছে৷
বস্তুৰ প্ৰতি বর্দ্ধিত আসক্তিয়ে মানুহৰ মানসিক অসুখ বৃদ্ধি কৰা সময়ত বিজ্ঞাপনেও
মানুহৰ বস্তু ক্ৰয়ৰ প্ৰৱণতাক প্ৰভাৱিত কৰিবলৈ লৈছে৷ সামাজিক মৰ্যাদা ৰক্ষাৰ
চেষ্টাৰ ফলতেই মানুহৰ বস্তু আহৰণৰ প্ৰৱণতাও বৃদ্ধি হৈ গৈ থাকে৷ এই ভোগসৰ্বস্বতা
ব্যক্তিৰ পৰিচয়ৰো সূচক হৈ পৰিবলৈ বাধ্য৷ ফৰাচী দাৰ্শনিক, সমাজ
বিজ্ঞানী জ্যঁ বড্ৰিয়াই (১৯২৯-২০০৭) কৈছিল যে বিস্তৰ উৎপাদনে বিস্তৰ ভোগক উৎসাহিত কৰে৷ ইয়াৰ
পৰিণতিতেই শ্ৰমিক খাৰিজৰ লগতে কাৰিকৰী কৌশল অৱনতিৰ দৰে ঋণাত্মক কথাবোৰো আবিৰ্ভাৱ
হ’বলৈ ধৰে৷ ঋণৰ বোজা অথবা আৰ্থিক নিৰাপত্তাহীনতাও ইয়াৰে আন কেতবোৰ ফল৷ শেহতীয়াকৈ বেংকৰ
ঋণৰ কবলত পৰি অসমৰ গাঁৱে-ভূইয়ে এচাম মানুহে সৰ্বস্ব হেৰুৱাইছিল৷ ব্যক্তিগত খণ্ডৰ
বেংকৰ এই আগ্ৰাসী ৰূপে এইচাম মানুহক জীৱনৰ প্ৰান্তলৈও ঠেলি দিছিল৷বাস্তৱৰপৰাতেনেএটিঅনুষংগউঠিআহিছেএইকবিতালৈঃ
‘কোন যায়/কুঁজা হৈ/আন্ধাৰতো
যাৰ চকুলো/কেঁচুৰসৰ দৰে জ্বলি উঠে/ ৰুক্ষতাৰ
এই বন্ধনত/ উৰি যায় নিয়ঁতী চৰাই/ ঋণৰ দগধা পঘাৰে বান্ধি বান্ধি/ চোঁচৰাই
নিয়ে’- (বন্ধন)৷
‘কুঁৱা-মৃত্যু’ আন এটা সাৰ্থক কবিতা৷ কবিতাটোত এটা বৃত্তান্ত আছে যদিও তাৰ
উপস্থাপন শৈলীও কিন্তু সমানেই বাঙ্ময় আৰু চিত্ৰধৰ্মী৷ অন্যহাতে আধুনিক কবিতাৰ
বিষয়বস্তু প্ৰসঙ্গত সততে আলোচিত তাত্ত্বিক কথাও কবিতাৰ মাজেৰে প্ৰকাশ পাইছেঃ
‘‘চুৱাপাতনিখনতে/ বাস্তৱতাক অন্য এটি আয়তন দি/ ৰমকেজমকে গুটিমালতী জোপা’’৷ বাস্তৱো বহুতৰপীয়া আৰু সুগভীৰ, ঠিক
কুঁৱা একোটাৰ দৰেইঃ‘‘কুঁৱাটোৰ তললৈ আৰু তললৈ/তগৰবতাহ
নাছিল, গুটিমালতীয়ে
সিঞৰা নাছিল’’৷ বাস্তৱৰ পৰা তুলি অনা এই অনুষংগবোৰে প্ৰমাণ কৰে যে কবি বাস্তৱবিমুখ
নহয়, বাস্তৱতেই
তেওঁৰ অৱস্থিতি৷
সমান্তৰালভাৱে জাতীয় চেতনাৰে
সম্পৃক্ত কেতবোৰ অভিঘাতো কবিৰ কবিতালৈ আহিছে৷ অসম আন্দোলন, জাতীয়
অস্তিত্ব আদিৰ প্ৰসংগ তেনে এলানি কবিতাত লক্ষ্য কৰা যায়৷ ‘দূবৰিডৰা’ ইয়াৰ মাজৰ এটা
অন্যতম সাৰ্থক কবিতা৷ বাকী কবিতাকেইটাৰ দৰে ইয়াত তেনেবোৰ প্ৰসংগৰ হুবহু উল্লেখ
নাই৷ হৰেকৃষ্ণ ডেকাৰ আৰম্ভণি পৰ্বৰ কবিতাত দেখা পোৱা প্ৰতীকবাদী কলা-কৌশলৰ দৰেই
আহমেদৰ এই কবিতাটোও কাব্যগুণেৰে ৰসোত্তীৰ্ণ হৈছে৷ অশান্ত আশীৰ দশকটোক কবিয়ে দেখে ‘সময়ৰ শিকলিৰ কেইবাটাও আঙুঠিয়ে’ ঘেৰি ৰখা৷ আবেগ আৰু মননৰ
সুষমাৰ লগতে কবিৰ সংযমী কাব্যভাষাও ইয়াত ভাস্বৰ হৈ উঠেঃ
‘‘মই
কাণ উণাই ৰওঁ
বুকুৰ
দূবৰিডৰাত নিয়ৰৰ উথপথপ
ৰ’দৰ
থুপুক থাপাক খোজৰ বাবে
কিন্তু
শুনিব পাইছোঁ
মৰা
তেজৰ দুপদুপনি’’
‘গধুৰ গোলাপ’
সংকলনটোৰ আন এটা উল্লেখযোগ্য কবিতা৷ গোলাপ সদায়েই কবিৰ কাৰণে স্নিগ্ধতাৰেই ৰূপক
অথবা প্ৰতীক৷ কিন্তু কবি আহমেদৰ এই কবিতাত গোলাপক অন্য ধৰণে চোৱাৰ প্ৰৱণতা তেনেই
অগতানুগতিক৷ সম্পূৰ্ণ বিপৰীত ধৰণেৰে ইয়াত গোলাপক উপস্থাপন কৰা হৈছে৷ এই বৈপৰীত্যই
সচৰাচৰ অধিবাস্তৱবাদৰ প্ৰসংগই মনলৈ আহেঃ‘‘গোলাপৰ
কলিয়ে মুচৰি যোৱাসিহঁতৰ জীৱন’’৷ কবিতাটোত ‘কুঁজা
সময়’ শব্দযুগলে নেতিৰ কথাই কয়, কিন্তু
সেই নেতিৰ উপস্থাপনত স্নিগ্ধতাৰে ভৰা গোলাপৰ প্ৰয়োগে কবিৰ মৌলিকত্বলৈ আঙুলিয়ায়৷
সংকলনটোত আধুনিক জীৱনযাত্ৰাৰ
কেতবোৰ অনুষংগ কাব্যভাষাৰ মৌলিকতাৰে মূৰ্ত হৈ উঠিছে৷ চন্দ্ৰকুমাৰৰ কবিতাত নিয়ৰ ৰমন্যাসিক
পৰিচৰ্যাৰ অভিনৱত্বৰে মূৰ্ত হৈ উঠিছিল৷ এম. কামালুদ্দিন আহমেদৰ কবিতাত সেই নিয়ৰেই
যান্ত্ৰিক সভ্যতাৰ কলুষতাৰে বান্ধ খাইছেঃ ‘মোৰ সমস্তপাপৰিয়ে/ শুহি লয় চন্দ্ৰকুমাৰৰ নিয়ৰ কণিকা/ আৰু/ উলিয়াই দিয়ে/ প্ৰদূষিত/ মলিন/ নিয়ৰৰ এটি
বৃহৎ টোপাল’- (চন্দ্ৰকুমাৰৰ নিয়ৰ)৷
‘ৰক্তাক্ত ডাকোৱাল’ত সেয়ে পঢ়িবলৈ পাওঁ সম্প্ৰতি প্ৰযুক্তিৰ অভাৱনীয় গতিৰ সোঁতত
পৰি অন্তৰ্হিত হ’বলৈ ধৰা তাহানিৰ ডাকোৱালৰ
চিনাকি ছবিঃ ‘দিগন্তৰ পিনে ধাৱমান/ ডিজিটেল অশ্ব/ তাৰ চেঁকুৰত/ ফালি চিৰাচিৰ হয়/ ডাকোৱালৰ
হৃদয়’৷ মহানগৰে আধুনিক কবিতাক বিষয় আৰু আংগিক দুয়োটা দিশেৰে অনন্য আয়তনৰে সমৃদ্ধ
কৰিছে৷ মহানগৰৰ অনুষংগৰে ৰচিত কেবাটাও কবিতা সংকলনটোত পোৱা যায়৷ ‘যঁতৰ আৰু নগৰ’, ‘নগৰায়ন-১’, ‘শ্লোগান সৰ্বস্ব’, ‘ক্লান্তি
গলি গলি হোৱা ঘণ্টা’ আদি কবিতাত আধুনিকতাবাদী চিন্তাৰ ৰূপায়ণ মন কৰিবলগীয়া৷ যঁতৰ
আৰু নগৰ দুটা সম্পুৰ্ণ বিপৰীত মেৰুৰ বস্তু৷ এনে সংযোগ আৰু উপস্থাপন কবিৰ কল্পনাৰ
উচ্ছতাৰো পৰিচায়ক— অথচ দুয়োৰে মাজৰ কথোপকথনসুলভ
বৃত্তান্তধৰ্মিতাৰে নাগৰিক সভ্যতাৰ ছবি ব্যঞ্জিত হৈছে৷
বিৰিঞ্চি কুমাৰ বৰুৱাৰ (বীণা বৰুৱা)ৰ
অবিস্মৰণীয় উপন্যাস ‘জীৱনৰ বাটত’ উপন্যাসক লৈ লিখা এলানি কবিতা আৰু বিশেষভাৱে তগৰ
চৰিত্ৰটোক লৈ লিখা কবিতা সংকলনটোৰ আন এটা তাৎপৰ্যপূৰ্ণ দিশ৷ এই প্ৰৱণতায়ো সংকলনটোৰ
লগতে কবিকো পৃথকতা প্ৰদান কৰে৷ এনে প্ৰয়াসক অসমীয়া কবিতাত বিৰল হিচাপে এই কাৰণেই
চিহ্নিত কৰিব পাৰি যে সি সেই উপন্যাস অথবা চৰিত্ৰৰ প্ৰশস্তি অথবা অনাহক বিস্তৃতি
নহয়, তাত
আছে সেই তাৎপৰ্যক উচ্ছতৰ স্তৰলৈ লৈ যোৱাৰ প্ৰয়াস৷ ‘জীৱনৰ বাটত/২’ কবিতাত কবি আহমেদে উপন্যাসখনৰ চৰিত্ৰ আৰু ঔপন্যাসিক
বিৰিঞ্চি কুমাৰবৰুৱাক
একেটা পৃষ্ঠভূমিত থিয় কৰাইছে৷ কবি আহমেদে কাব্যযাত্ৰাৰ আৰম্ভণিৰ পৰাই
কঢ়িয়াই ফুৰা বিশাল বিস্তৃত কবি সত্তাই হুইট্ম্যানৰ I am large, I contain multitude কথাষাৰলৈ
সততে মনত পেলায়৷ কবিসত্তাৰ বিস্তৃতিৰ প্ৰসংগটো মন কৰিবলগীয়াঃ
‘একবিংশ শতিকাৰ/ বয়ঃ সন্ধিৰ দিগন্তৰেখাৰে/ উৰি আহিছে/ কুৰি শতিকাৰ
আদবয়সৰ/ পোহৰ ছবি’৷
ভ্ৰমণবিষয়ক কবিতাৰ লগতে
ব্যক্তিবিশেষক লৈ লিখা কবিতাই ভাষাৰ দিশেৰেও আন এটা মাত্ৰা লাভ কৰিছে এই সংকলনৰ
‘মহেশ্বৰ নেওগ’ কবিতাত৷ সত্ৰীয়া নৃত্যৰ হাতৰ মুদ্ৰাই ইয়াত একমাত্ৰিক অৰ্থৰ
পৰিৱৰ্তে একোটা ব্যঞ্জনাও কঢ়িয়াই আনে৷ পণ্ডিত মহেশ্বৰ নেওগৰ কৰ্মস্পৃহাই বিভিন্ন
প্ৰজন্মক আজিও বিভিন্নধৰণে অনুপ্ৰাণিত কৰে৷ ৰূপকাত্মক ভাষাৰেও কবিতাটোৱে পঢ়ুৱৈৰ
মৰ্মত স্পৰ্শ কৰেঃ
‘মগজুৰ
ক্লান্তিয়ে থৰ-কাছুটি হেৰুৱায়
বহুকেইটা
ঘোঁৰাই চেঁকুৰ মেলে
সেই
ঘোঁৰাৰ উত্ৰাৱল খুৰাই জিলিঙনি সিঁচি দিয়ে
সাঁচিপাতবোৰত
আমাৰ
অচেতনকো কম্পিত কৰি’
সংকলনটোৰ তাৎপৰ্যপূৰ্ণ
দিশবোৰৰ মাজত আন এটা বিন্দু মনকৰিবলগীয়া৷ অসমীয়া জনজীৱনৰ অঙ্গাঙ্গী জনজাতীয় সমাজখন
অসমীয়া উপন্যাসত বিস্তৃত ৰূপত প্ৰতিভাত হৈ উঠিছে, কেতবোৰ
গল্পৰ মাজতো তাৰ ৰূপায়ণ লক্ষ্য কৰা যায়৷ কিন্তু অসমীয়া কবিতাত জনজাতীয় সমাজখনক
অন্য এটা দৃষ্টিকোণৰ পৰা চোৱাৰ প্ৰয়াস বৰ বিশেষ চকুত নপৰে৷ এম কামালুদ্দিন আহমেদে
কাৰবি জনজীৱনৰ আধাৰত লিখি উলিওৱা এলানি কবিতাই সংকলনটোক এটা অনন্য মাত্ৰা প্ৰদান
কৰিছে৷ তেনে এটি কবিতা ‘পঁজাৰ বেৰত’৷ কবিতাটোৰ কেন্ভাচ হ’ল কাৰবিসকলৰ সমূহীয়া মৎস্য চিকাৰৰ উৎসৱ অক্ কিপ্ৰু৷ কিন্তু তাত
কবি-বিষয়ীও যেন কাৰবি জনজীৱনৰে অংশীদাৰঃ‘‘প্ৰিয়তমা
আৰু মাছ/ মোৰ অন্তৰৰ পঁজাৰ বেৰত/ লেপি থোৱা নাম/ অক্
কিপ্ৰু’’৷ এইলানি কবিতাত কাব্যিক ব্যঞ্জনাও মন কৰিবলগীয়াঃ
‘‘শাক বাছি থাকোঁতে/ চকুৰ মণিলৈ সোমাই আহে/ এখন ৰামধেনু’’৷
সংকলনটোৰ আন এটা গুৰুত্বপূৰ্ণ
কবিতা ‘সমসাময়িক আৰু চিৰায়ত’ক তাৎপৰ্যপূৰ্ণভাৱে একেবাৰে শেষ পৃষ্ঠাত স্থান দিয়া
হৈছে৷ অভিনৱ গতিময়তাৰে কবিৰ কাব্যভাষাই অনন্য বিন্দুত আৰোহণ কৰিছে৷ চিত্ৰকল্পৰ
প্ৰয়োগেৰে প্ৰাত্যহিকতাৰ এনে অভিনৱ উপস্থাপন তেনেই আকৰ্ষণীয়ঃ
‘পুৱাতেই
কেতিয়াবা এখন নীলা আকাশ
কালিদাসৰ
মেঘদূতৰ লৰা-ঢপৰাত বহলি যোৱা এখন আকাশ
স্ফীতোদৰ
সেই আকাশৰপৰা সৰি পৰা
কল্পনাৰঞ্জিত
স্বৰ্ণোজ্জ্বল কেইটামান ময়ূৰৰ পাখি’
একোটা জলচ্চেদৰ দৰেই
‘ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্চেদ’-এ কেৱল কবি এম. কামালুদ্দিন আহমেদৰ কবিতাতেই নহয়
বৰঞ্চ সাম্প্ৰতিক অসমীয়া কবিতাৰেই জলচ্চেদ দৃশ্যমান কৰি তুলিছে৷
লেখকৰ ভ্ৰাম্যভাষ - ৬০০২৪৪৩৩৫৯