অন্যযুগ/


ভক্তি, ভক্তিবাদ আৰু অসমৰ ভক্তি ধৰ্ম সম্পৰ্কীয় এখন উপাদেয় গ্ৰন্থ

 ০ পোনা মহন্ত

 

পাঁচশ বছৰৰ পূৰ্বে মহাপুৰুষ শংকৰদেৱৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত যি ভক্তি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল তাৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী৷ আন্দোলনটো আৰু ইয়াৰ প্ৰধান গুৰিধৰোঁতাজনকে ধৰি অন্যান্যসকলৰ বিষয়েও যথেষ্ট আলাপ-আলোচনা, চৰ্চা-গৱেষণা হৈছে যদিও বিষয়টোৰ ব্যাপকতা আৰু গভীৰতালৈ চাই ইয়াৰ অনেক দিশ এতিয়াও উন্মোচিত হ’বলৈ বাকী আছে৷ তদুপৰি পণ্ডিত আলোচকসকলৰ কোনো কোনো একদিশদৰ্শিতা বা একপক্ষীয় দৃষ্টিভংগী গ্ৰহণৰ প্ৰৱণতাৰপৰা মুক্ত নোহোৱা বাবে অনেক সময়ত প্ৰকৃত সত্য লুকাই থাকে৷ শংকৰদেৱৰ মানৱতাবাদী আৰু গণমুখী আদৰ্শৰ গুণগ্ৰাহী ছাত্ৰ হিচাপে বিষয়টো সংক্ৰান্তীয় কিতাপ-পত্ৰ বা আলোচনামূলক প্ৰবন্ধ আদি ওলালে পঢ়িবলৈ যত্ন কৰোঁ৷ শেহতীয়াকৈ ড ধ্ৰুৱজ্যোতি বৰাৰ ভক্তিৰ অনিৰুদ্ধ যাত্ৰা (প্ৰ: প্ৰকাশ, অক্টোবৰ, ২০২২) নামৰ গ্ৰন্থখন হাতত পৰাত আগ্রহেৰে পঢ়া হ’ল৷ গ্ৰন্থকাৰে কিতাপখনৰ উপ-শিৰোনামত ইয়াক ‘অসমৰ ভক্তি আন্দোলনৰ ধৰ্মীয় ইতিহাস’ বুলি কৈছে৷ এই কথাটোৱে কিতাপখনৰ প্ৰতি তাৎক্ষণিকভাৱে আগ্ৰহ আৰু ঔৎসুক্য বঢ়ালে৷ ড বৰা সাম্প্ৰতিক কালৰ এগৰাকী প্ৰথৈতযশা ঔপন্যাসিক-গল্পকাৰ হোৱাৰ উপৰিও চিন্তাশীল লেখক হিচাপেও পাঠক সমাজত সুপৰিচিত৷ সেইফালৰ পৰাও গ্ৰন্থখনৰ বিশেষ গুৰুত্ব আছে৷

আলোচ্য গ্ৰন্থখন প্ৰকৃততে বিভিন্ন সময়ত বিশেষ উদ্দেশ্য আগত ৰাখি লিখা প্ৰবন্ধ বা বক্তৃতাৰ সমষ্টি৷ লেখকে ব্যক্ত কৰা মতে প্ৰথম প্ৰবন্ধটোত অসমৰ ভক্তি আন্দোলনক সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ প্ৰেক্ষাপটত ৰাখি ‘ধৰ্মীয় ইতিহাসৰ দিশৰপৰা চাবলৈ এক প্ৰাথমিক প্ৰয়াস কৰা হৈছে৷’ ভাৰতীয় হিন্দু ধৰ্মৰ পৰম্পৰাত ভক্তিৰ ধাৰণা আৰু গুৰুত্ব প্ৰাচীনতম কালৰপৰাই আছে৷ বেদ-বেদান্তৰপৰা আৰম্ভ কৰি গীতা, ভাগৱত প্ৰমুখ্যে পুৰাণসমূহ আৰু অন্যান্য অনেক শাস্ত্ৰত ভগৱান বা আৰাধ্য দেৱতাৰ প্ৰতি জনোৱা ভক্তিৰ ধাৰা প্ৰৱাহিত হৈছে৷ অৱশ্যে যুগ যুগ ধৰি সৰ্বশক্তিমানজনৰ সন্তুষ্টিৰ বাবে জনোৱা প্ৰাৰ্থনাৰ পথ বা মাৰ্গ ভিন্ন ৰূপত চলি আহিছে আৰু শেহতীয়াকৈ জ্ঞান, কৰ্ম আৰু ভক্তি – এই তিনি মাৰ্গ বা যোগৰ ভিতৰত ভক্তিয়ে অধিক গুৰুত্ব লাভ কৰে৷ ভক্তিয়ে ভগৱান আৰু ভক্তৰ মাজৰ দূৰত্ব নোহোৱা কৰে আৰু সমাজৰ তথাকথিত উচ্চ শ্ৰেণীৰ ব্ৰাহ্মণৰপৰা নিম্নশ্ৰেণীৰ শূদ্ৰ বা অন্ত্যজলৈকে সকলোকে সমানভাৱে সামৰি লয়৷ ড বৰাই উল্লেখ কৰিছে কেনেকৈ মানুহে প্ৰকৃতিৰ প্ৰপঞ্চ বা প্ৰকাশবোৰৰ দ্বাৰা ত্ৰাহিত হৈ ঈশ্বৰ বা সৰ্বশক্তিমান সত্তাৰ সৃষ্টি কৰে আৰু কেনেকৈ ইয়াক কেন্দ্ৰ কৰি ধৰ্মৰ জন্ম হয়৷ অৱশ্যে এইখিনি কথা আগতে কৈ লোৱা হ’লে ভক্তিৰ ধাৰণাটো বুজাত বেছি সহজ হ’লহেতেন, কাৰণ ভগৱান অবিহনে ভক্তিৰ কথা নাহে৷ 

ৱেণ্ডি ডনিগাৰ (Wendy Doniger)প্ৰভৃতি ভাৰততত্ববিদ তথা ধৰ্মতত্ত্বৰ পণ্ডিতৰ ব্যাখ্যাৰ আঁত ধৰি ড বৰাই দেখুৱাব খুজিছে কেনেকৈ সময়ৰ সোঁতত ভক্তিৰ আধাৰত ভগৱান আৰু তেওঁৰ সৃষ্ট মানুহৰ মাজৰ সম্পৰ্ক ক্ৰমাগতভাৱে পৰিৱৰ্তিত হৈ দুয়ো দুয়োৰে ওচৰ চাপি আহে৷ তিনিটা স্তৰ বা মৈত্ৰীবন্ধনৰ যোগেদি এনে পৰিৱৰ্তন সাধিত হোৱা বুলি কোৱা হৈছে৷ শেষ পৰ্যায়ত ভগৱান আৰু ভক্তৰ মাজত স্থাপিত হোৱা প্ৰত্যক্ষ সম্পৰ্কই হ’ল ভক্তিৰ মূলবস্তু৷ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ভক্তিধৰ্মৰ মূলমন্ত্ৰও এইটোৱেই৷ ভক্তিধৰ্ম বা একশৰণ নামধৰ্ম বুলি জনাজাত মহাপুৰুষ শংকৰদেৱৰ ধৰ্মত ভগৱান আৰু ভক্তৰ মাজৰ মধ্যস্থতাকাৰীৰূপে কোনো পুৰোহিতৰূপী তৃতীয় পক্ষৰ স্থান নাই; কেৱল ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি শ্ৰদ্ধা সহকাৰে তেওঁৰ নাম-গুণৰ শ্ৰৱণ-কীৰ্তন কৰিলেই হ’ল৷ ড বৰাই এইটো কথাৰ প্ৰতিও পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে যে শংকৰদেৱে সৰ্বভাৰতীয় বৈষ্ণৱ পৰম্পৰাৰ পৰা শ্ৰেষ্ঠ আদৰ্শ, ভাব-চিন্তা, ৰীতি-নীতিসমূহ আহৰণ কৰি অসম তথা উত্তৰ-পূবৰ বহু জনগোষ্ঠীয়, বহুভাষিক সমাজৰ বোধগম্য আৰু গ্ৰহণযোগ্য হোৱাকৈ সহজ-সৰল ভক্তিধৰ্মৰ উদ্ভাৱন কৰি লৈছিল৷ অৱশ্যে এটা কথা উল্লেখ কৰিবই লাগিব যে ভক্তিয়েই মূলবস্তু হ’লেও সৰ্বভাৰতীয় ভক্তিবাদ – বিশেষকৈ বংগীয় চৈতন্যদেৱৰ ভক্তিবাদৰ সৈতে শংকৰদেৱৰ ভক্তিধৰ্মৰ কিছু প্ৰাৰ্থক্য আছে৷

একেটা প্ৰবন্ধতে হিন্দুধৰ্মৰ অভ্যন্তৰত এক ধৰ্মীয় আন্দোলন হিচাপে ভক্তিমাৰ্গৰ উন্মেষ বা আৰম্ভনি সম্পৰ্কে আলোচনা কৰা হৈছে৷ গ্ৰন্থকাৰে মন্তব্য কৰিছে যে পূৰ্বৰ মতান্ধতা আৰু ধৰ্মীয় সংকীৰ্ণতাৰ বিপৰীতে দাক্ষিণাত্যত ক্ৰমে উদয় হোৱা উদাৰনৈতিক আৰু মুকলি সামাজিক পৰিৱেশৰ বাবে ভাৰতবৰ্ষৰ সেই খণ্ডত ভক্তি মতবাদৰ উদ্ভৱ হৈছিল৷ ভাষাৰ ফালৰপৰা তামিল প্ৰাচীন কালৰপৰাই এটা চহকী আৰু শক্তিশালী ভাষা আছিল৷ বেদ আৰু অন্যান্য ধৰ্মশাস্ত্ৰবিলাক দক্ষিণ ভাৰতত প্ৰৱেশ কৰাৰ পাছত তামিল আৰু সংস্কৃত দুয়োটা সমৃদ্ধিশালী ভাষাই ভক্তিবাদ প্ৰচাৰৰ বাহন হৈ পৰিল৷ দাক্ষিণাত্যৰ এই ক্ৰমবৰ্ধমান ভক্তি আন্দোলনৰ ৰাজনৈতিক পশ্চাৎপদৰ বিষয়ে মত ব্যক্ত কৰি গ্ৰন্থকাৰে কৈছে যে কালক্ৰমত ৰজা-মহাৰজাসকলে বলি-বিধান, যাগ-যজ্ঞ ত্যাগ কৰি ‘ভক্তি আন্দোলনৰ মন্দিৰ’ নিৰ্মাণ কৰিবলৈ ধৰে, য’ত পূৰ্বৰপৰা বৈদিক কৰ্মকাণ্ডত অভ্যস্ত পুৰোহিতসকলেও ভক্তিৰ পূজাৰীৰূপে অংশ গ্ৰহণ কৰিবলৈ ধৰে৷ নক’লেও হয় যে দক্ষিণেই হওক বা উত্তৰেই হওক, ভক্তিৰ প্ৰচাৰৰ ক্ষেত্ৰত সাহিত্যই, বিশেষকৈ কাব্যসাহিত্য বা কবিতাই অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল৷ এই সংক্ৰান্তত তামিলৰ মৌখিক সংঘম কবিতা কেনেকৈ পৰৱৰ্তীকালত ভক্তি কবিতালৈ ৰূপান্তৰিত হ’ল সেই বিষয়েও থোৰতে কোৱা হৈছে৷ আলৱাৰ ভক্তি কবিসকলে স্থানীয় তামিল ভাষাত কবিতা ৰচনা কৰি সেইবোৰৰ জৰিয়তে ভক্তিবাদৰ মানুহৰ মাজলৈ লৈ গৈছিল৷ একেদৰে উত্তৰ ভাৰততো স্থানীয় ভাষাসমূহত ভক্তি কবিতা ৰচনা হ’বলৈ ধৰে৷ অসমত শ্ৰীমন্ত শংকৰদেৱে গীত-নৃত্য-সংগীতৰ মাধ্যমেৰে সৰ্বভাৰতীয় ভক্তিধৰ্মৰ সোঁত অসম তথা উত্তৰ-পূবলৈ বোৱাই আনিছিল৷ শংকৰদেৱৰ ভক্তিধৰ্মৰ আন এক বিশেষত্ব হৈছে দক্ষিণ ভাৰতৰ ভক্তি আন্দোলনত মন্দিৰ নিৰ্মাণত প্ৰাধান্য দিয়াৰ বিপৰীতে অসমত গুৰুজনাই ‘সত্ৰ’ আৰু ‘নামঘৰ’ নামৰ দুটা অনুষ্ঠান সৃষ্টি কৰিছিল, যিটো ব্যৱস্থা ভাৰতৰ আন ক’তো দেখা নাযায়৷

উপৰিউক্ত কথাবিলাকৰ উপৰি প্ৰবন্ধটোত ভক্তিৰ আন অনেক দিশ আৰু সামাজিক ভূমিকাৰ ওপৰত আলোকপাত কৰা হৈছে৷ ইবিলাকৰ ভিতৰত ভক্তিৰ বিস্তাৰ আৰু ব্যাপ্তি, ইছলাম ধৰ্ম আৰু ভক্তি, আদি শংকৰাচাৰ্যৰ ভূমিকা, ভক্তি ধৰ্মত মুক্তিৰ ধাৰণা, ভক্তিবাদৰ প্ৰভাৱত মানুহৰ মাজত অ’তদিনে চলি থকা জাতি-বৰ্ণ-লিংগভিত্তিক শ্ৰেণী বিভাজনৰ বিপৰীতে সকলোকে সমান মৰ্যাদা প্ৰদান, শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিধৰ্মৰ অভূতপূৰ্ব প্ৰচাৰ আৰু জনপ্ৰিয়তা, ‘চৰিত্ৰ তোলা’ প্ৰথা আৰু অসমীয়াত চৰিত-সাহিত্যৰ বিস্তাৰ; আহোম ৰাজত্বকালত হোৱা বৈষ্ণৱ নিগ্ৰহ ইত্যাদি বিষয়বোৰ উল্লেখযোগ্য৷

‘শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সময়: অসমৰ বৈষ্ণৱ ভক্তি আন্দোলনৰ সন্মুখত সামাজিক–ৰাজনৈতিক প্ৰত্যাহ্বানসমূহ’ শীৰ্ষৰ দ্বিতীয় প্ৰবন্ধটোৰ শিৰোনামৰপৰাই ইয়াৰ বিষয়বস্তুৰ আভাস পোৱা যায়৷ মধ্যযুগৰ অসমত আহোম, কছাৰী, চুতীয়া আৰু কোঁচসকলেই প্ৰধান শাসক আছিল আৰু তেওঁলোক আটায়ে আছিল মংগোলীয়গোষ্ঠীৰ৷ তেওঁলোকৰ ভাষাও আৰ্যমূলীয় নাছিল; তিব্বত-বৰ্মী বা চীন-তিব্বতীয় আছিল আৰু শংকৰদেৱৰ দিনত তেওঁলোকে নিজৰ মাজত নিজ মাতৃভাষাৰ মাধ্যমেৰেই যোগাযোগ চলাইছিল৷ ধৰ্মৰ বেলিকাও জনগোষ্ঠীবিলাকৰ মাজত বিচিত্ৰতা থকা কথাটো একাধিকবাৰ উল্লিখিত হৈছে৷ কিন্তু প্ৰশ্ন হয় জনগোষ্ঠীসমূহে পৰস্পৰৰ মাজত আৰু তেওঁলোকৰ বাহিৰৰ আৰ্যমূলীয় সমাজখনৰ সৈতে কি ভাষাত কথা পাতিছিল? ড বৰাই নাগামীজৰ দৰে ‘পিড্‌জিন’ ভাষা আৰু আৰ্যমূলীয় অসমীয়া ভাষাৰ ‘কথিত ৰূপটোৰ জন্ম’ সম্পৰ্কে কোৱা কথাখিনি চিন্তা আৰু গৱেষণাৰ বিষয়৷ দ্বিতীয়তে, ড বৰাই এই কথালৈ পাঠকৰ মনোযোগ আকৰ্ষণ কৰিব খুজিছে যে মংগোলীয়প্ৰধান সমাজখনলৈ ভক্তিধৰ্মৰ সাম্যবাদী বাণী কঢ়িয়াই নিবলৈ শংকৰদেৱৰ আৰু তেৰাৰ অনুগামী ধৰ্মপ্ৰচাৰকসকলে পাঁচটা প্ৰধান দিশৰ ওপৰত গুৰুত্ব দিছিল – নৃত্য-গীত, বয়ন শিল্প আৰু পৰিধান পদ্ধতি, খাদ্যাভাস, শিল্পকলা আৰু গৃহনিৰ্মাণ আৰু সামূহিক সামাজিক জীৱন (Community life)৷ শেষত ড বৰাই সঠিকভাৱেই মন্তব্য কৰিছে যে উল্লিখিত সামাজিক পৰিস্থিতি আৰু পৰিৱেশত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ আৰু পৰৱৰ্তী গুৰুসকলে ভাগৱত পুৰাণত প্ৰচাৰিত কৃষ্ণ চৰিত্ৰৰ আদৰ্শ গ্ৰহণ কৰি ভক্তিৰ জৰিয়তে বহু জনগোষ্ঠীয় সমাজখনত সংশ্লেষণ (Synthesis) ঘটোৱা কামত ব্ৰতী হয় আৰু এই ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰে গোপালদেৱ আৰু তেওঁৰ নামত প্ৰৱৰ্তিত কাল সংহতিৰ থূলটোৱে৷

তৃতীয় প্ৰবন্ধটোত অসমীয়া মৌখিক সাহিত্যৰ পৰম্পৰাত ‘চৰিত তোলা’ প্ৰথাৰ কথা উল্লেখ কৰি ইয়াৰপৰাই যে কথা গুৰুচৰিত – অৰ্থাৎ গদ্যত কথিত বা ৰচিত চৰিত সাহিত্যৰ সৃষ্টি হ’ল সেই বিষয়ে ইংগিত দিয়া হৈছে৷ এই প্ৰসংগত চক্ৰপাণি বৈৰাগী আতৈৰ একক বৰঙণিৰ গুৰুত্ব স্বীকাৰ কৰিবই লাগিব৷ ড বৰাই মন্তব্য কৰিছে যে যি সময়ত যুৰোপত উপন্যাসৰ সৃষ্টি হৈছিল, সেই সময়ত অসমত ‘চৰিত তোলা’ৰ লেখীয়া বিশেষ বৰ্ণনাত্মক (narrative)মৌখিক সাহিত্যৰ প্ৰচলন আছিল৷ সাধু-সন্তৰ জীৱনকেন্দ্ৰিক এনেধৰণৰ নেৰেটিভ অন্যান্য সাহিত্যত বিৰল৷

চতুৰ্থ প্ৰবন্ধটো শ্ৰীমন্ত শংকৰদেৱ, গুৰু নানক আৰু চান্দসাই সম্পৰ্কীয়৷ মহাপুৰুষ শংকৰদেৱ আৰু গুৰু নানকৰ মাজত সাক্ষাৎ হোৱাৰ কথাটো কিমান তথ্যভিত্তিক আৰু ইতিহাসসন্মত সেই সম্পৰ্কে স্বাভাৱিকতে প্ৰশ্ন উঠে৷ কিন্তু এইটো সঁচা কথা যে উত্তৰ ভাৰতীয় সনাতনী হিন্দু ধৰ্মতকৈ উত্তৰ-পূবৰ মহাপুৰুষীয়া ভক্তি ধৰ্মৰ সৈতে গুৰু নানক প্ৰৱৰ্তিত ধৰ্মৰ সাদৃশ্য দেখি আচৰিত নহৈ নোৱাৰি৷ অৱশ্যে মোগলসকলৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত আত্মৰক্ষাৰ বাবে শিখ ধৰ্মত যি সামৰিক চৰিত্ৰ প্ৰতিষ্ঠা কৰা হ’ল সেইটো অসমীয়া ভক্তি ধৰ্মত নাই৷ মোৱামৰীয়া মহন্ত আৰু তেওঁলোকৰ শিষ্য-প্ৰশিষ্যসকলে তিনিবাৰকৈ আহোম ৰাজশক্তিৰ বিৰুদ্ধে  যুঁজিলেও পৰৱৰ্তী কাললৈ তেওঁলোকৰ মাজত সামৰিক বা সংগ্ৰামী চৰিত্ৰৰ চিন-মোকামো নাথাকিল৷

চান্দসায়ে আনুষ্ঠানিকভাৱে মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্বগ্ৰহণ কৰিছিল নে নাই সেই বিষয়ে সঠিকভাৱে জনা নাযায়৷ ড বৰা এই বিষয়টোলৈ নগৈ ইছলামিক ফকীৰজনৰ ‘সাই’ উপাধিৰ ওপৰত ভিত্তি কৰি কৈছে যে তেওঁ নিশ্চয় এগৰাকী সিদ্ধপুৰুষ পণ্ডিত লোক আছিল, যি গুৰুজনাৰ লগত ‘হিন্দু বেদান্ত, ইছলামিক চুফীবাদ আৰু মানবতাবাদী বিচাৰধাৰাৰ’ আলোচনা কৰিছিল৷ 

‘মানুহৰ শংকৰগুৰুৰ মানুহৰ মাজলৈ প্ৰত্যাৱৰ্তন’ শিৰোনামৰ শেষৰ প্ৰবন্ধটোত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ প্ৰভৃতি গুৰুসকলে প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰা সত্ৰ অনুষ্ঠানটোৰ কালক্ৰমিক অৱনতি, খনচেৰেক ‘ৰাজসত্ৰ’ৰ অভ্যুত্থান, আহোম ৰাজশক্তিৰদ্বাৰা বৈষ্ণৱ নিগ্ৰহ, শাক্ত ধৰ্মৰ পৃ্ষ্ঠপোষকতা, কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্যৰ ভূমিকা আৰু ব্ৰাহ্মণ্যবাদী চিন্তা-চৰ্চাৰ পুনৰুত্থান আদি বিষয়বোৰৰ চমু আলোচনাৰ যোগেদি লেখকে ক’ব খুজিছে যে এনে ধৰণৰ অনেক কাৰণত তেতিয়ালৈকে সত্ৰ-নামঘৰৰ চাৰিসীমাৰ মাজত আবদ্ধ কৰি ৰখা গুৰু শংকৰদেৱক যে জনসমাজৰ পৰা আঁতৰাই নিয়া হৈছিল৷ এনে এক পৰিৱেশত গ্ৰন্থকাৰ ড বৰাৰ ভাষাত “সত্ৰবোৰৰ মাজত বাঢ়ি অহা ভেদ-বিচাৰ, জাত-পাতৰ বিচাৰ, সত্ৰাধিকাৰসকলৰ মাজত গা কৰি উঠা স্বাৰ্থৰক্ষাৰ চিন্তা – এই সকলোবোৰে বহুলোকক, বিশেষকৈ অসমৰ এচাম আগশাৰীৰ বুদ্ধিজীৱী, সত্ৰৰ জ্যেষ্ঠ ভকত-বৈষ্ণৱ আৰু সামাজিক নেতাসকলক সত্ৰৰ বাহিৰত মহাপুৰুষ দুজনাৰ ধৰ্মমত আৰু চিন্তাধাৰাক সক্ৰিয়ভাৱে পালন কৰিব পাৰি নেকি তাৰ বাট বিচাৰি ফুৰিবলৈ ধৰিলে৷ আৰু এই বাট বিচৰাৰ প্ৰক্ৰিয়াতেই এটা সময়ত গৈ শংকৰ সংঘৰ দৰে অনুষ্ঠানৰ জন্ম হ’লগৈ৷’’ (পৃ: ১০৯)৷ কালক্ৰমত অসমৰ বুকুত এনে ধৰণৰ অনেক অনুষ্ঠানৰ জন্ম হ’ল আৰু ইবিলাকৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত মানুহৰ শংকৰদেৱজন পুনৰ মানুহৰ মাজলৈ উভতি আহে৷

ভক্তি, ভক্তিবাদ আৰু অসমৰ বৈষ্ণৱ ধৰ্ম সম্পৰ্কে কৌতুহল থকা সকলো পাঠকে গ্ৰন্থখন পঢ়ি ভাল পাব আৰু আদৰি ল’ব বুলি আমাৰ বিশ্বাস৷        

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ