এই গ্ৰন্থখনকে মৰসাাহ কৰি ড˚ পোনা মহন্তই অনুবাদ কৰিছে। অনুবাদ কৰিবলৈ অনুবাদকৰ ভালেখিনি প্ৰস্তুতি লাগে উৎসভাষা (Source Language) আৰু লক্ষ্য ভাষাৰ (Target Language) ধৰ্ম যথাযথভাৱে ৰক্ষা কৰাটো বৰ টান কাম। কিয়নো বিশ্বৰ সকলো ভাষাৰ প্ৰতিটো শব্দৰ লগত সংশ্লিষ্ট ভাষা-ভাষীৰ গাঁথনিক ধৰ্মৰ লগতে সাংস্কতিক ধৰ্মৰ বন্ধন সংযুক্ত হৈ থাকে। কবিতা, গল্প, উপন্যাস অনুবাদ কৰোতে কেতিয়াবা ই অনুসৃষ্টি (transcreation) বা অধিসৃষ্টিলৈ (ড˚ মহেন্দ্ৰ বৰাই trancreation-ক অধিসৃষ্টি বুলিছিল।) হ’ব পাৰে। কিন্তু ভাষাবিজ্ঞানক অনুসৃষ্টি কোনো পধ্যেই কৰিব নোৱাৰি। সেয়ে তত্ত্ব আৰু তথ্যই লক্ষ্য ভাষাত একে সংস্কৃতিক ধৰ্ম পালন কৰিবই লাগিব। বিজ্ঞানৰ তত্ত্বৰ দৰে ভাষা বিজ্ঞানীৰ বৰ্ণনাবোৰ সম্পূৰ্ণ, শুদ্ধ আৰু মিতব্যয়ী। কোনো অতিৰঞ্জিত বা কল্পিত কথা তাত নাথাকে। আন বিজ্ঞানত অনুমান, প্ৰমাণ, নিৰীক্ষণ আদিৰে আৰোহী সিদ্ধান্ত গ্ৰহণ কৰে ভাষাবিজ্ঞানীয়েও নিৰীক্ষণ অনুমান গঠন ( hypothesis formation) পৰীক্ষাৰ দ্বাৰা সিদ্ধান্ত লয়। তদুপৰি পৰিভাষাৰ সমস্যা আছেই। ভাষাৰ অধ্যয়নৰ কাৰণে যিবোৰ যন্ত্ৰ ওলাইছে তাৰ অসমীয়া পৰিভাষা এতিয়ালৈকে যুগুত হোৱাই নাই। উদাহৰণস্বৰূপে kymograph, chromograph, mingograph ইয়াৰ অসমীয়া কি হ’ব। সম্প্ৰতি কম বেছি পৰিমাণে প্ৰায়বোৰ বিষয়ৰে পৰিভাষা ওলাইছে। কিন্তু ভাষাবিজ্ঞানৰ পৰিভাষাৰ কোনো কিতাপ ওলোৱা নাই। অৱশ্যে ড˚ গোলোক চন্দ্ৰ গোস্বামীয়ে ‘ধ্বনিবিজ্ঞানৰ ভূমিকা’ গ্ৰন্থ যুগুতাই প্ৰমাণ কৰিলে যে অসমীয়া ভাষাত পৰিভাষা নাথাকিলেও এনে গ্ৰন্থ ৰচনা কৰিব পাৰি। অৱশ্যে সেইখন গ্ৰন্থত কিছুমান শব্দৰ পৰিভাষা দিয়া হৈছে। গ্ৰন্থখন ফৰাছী ভাষাত লিখা ১৯৫৯ চনত আমেৰিকাত ইংৰাজী ভাষালৈ অনুবাদ হয়। তাৰ এবছৰৰ (১৯৬০) পিছত ইংলেণ্ডত প্ৰকাশ হয়। ড˚ মহন্তই তলত দিয়াৰ দৰে পৰিভাষা যুগুতাই লৈছে— signted— সূচিত, signifier— সূচক, semiology— সংকেত তত্ত্ব, teratological study— ভাষা-বিকৃতি অধ্যয়ন, ideographicsystem— ভাব লেখন পদ্ধতি ইত্যাদি। অনুবাদকে এই গ্ৰন্থখন অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মূল ইংৰাজীৰ পৰা অনুবাদ কৰিবলৈ যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। গ্ৰন্থখনৰ (প্ৰথম খণ্ড) “ধ্বনি বৈজ্ঞানিক আৰু সংকেতৰ প্ৰকৃতি” এই অংশটো অনুবাদ কৰিছিলোঁ। প্ৰতিটো বাক্যৰ প্ৰতিটো শব্দ গভীৰ অনুধ্যান নকৰিলে এইখন অনুবাদ অসম্ভৱ অৱশ্যে মহন্তই ব্যৱহাৰ কৰা দুই এটা শব্দৰ প্ৰতিশব্দ বিশেষকৈ চিহ্ন (sign) চিহ্নিত (signified) চিহ্নক (signifier) কৰা হৈছিল যদিও ড˚ মহন্তৰ অনুবাদ আমাতকৈ ওখ।