অন্যযুগ/
গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী
(বিশ্ব গ্ৰন্থাগাৰিক দিৱস উপলক্ষে বিশেষ লেখা)
প্ৰস্তাৱনা:
সাম্প্ৰতিক সময়ছোৱাত মানৱ সমাজক নানানটা প্ৰত্যাহ্বান, উদ্বেগৰ খবৰে বিচলিত
কৰি ৰখাৰ সমান্তৰালভাৱে অন্য এটা বিষয়ে বিশ্বৰ সুধী সমাজক চিন্তিত কৰি তুলিছে। আধুনিক
বিশ্বত ছপা গ্ৰন্থৰ ভৱিষ্যৎ কি? আমাৰ পৰৱৰ্তী প্রজন্মই ছপা গ্ৰন্থ পঢ়িবনে?
গ্ৰন্থ ব্যৱসায়ীসকলে আকৌ আগৰ দৰে বাছকবনীয়া গ্ৰন্থবোৰ ছপাবনে? মানুহে পঢ়িবনে?
যদি পঢ়িব বুলি ধৰিও লওঁ, তেন্তে আগৰ দৰে বাটকুৰি বাই কিতাপ বিচাৰি ঘূৰি ফুৰা
গ্ৰন্থকীটবোৰ থাকিবনে?
এনে অজস্র নেতিবাচক
প্রশ্ন আৰু সংশয়ে আমাৰ নিচিনা গ্ৰন্থপ্রেমীবোৰক প্রতি ক্ষণতে আমনি কৰিব ধৰিছে।
উদ্বিগ্ন কৰি তুলিছে। তাৰ কাৰণো নোহোৱা নহয়। বৰ্তমান বিশ্ব ব্যৱস্থা E মাধ্যমেৰে
পৰিচালিত। আমি সকলো বিষয় online ছাৰ্চতে বিচাৰি পাওঁ আৰু ছাৰ্চ কৰাৰ বাবে সকলোৰে
হাতে হাতে কমপক্ষেও এটাকৈ এণ্ড্ৰইড ম’বাইলো আছে। তাৰ পাছত আকৌ কিতাপ কিয় লাগে?
কিতাপ কিয় লাগে
পঢ়িবলৈ? সকলো তথ্য যিহেতু Google-তে উপলব্ধ। পৃথিৱী এতিয়া তথ্যনিৰ্ভৰ (Data
based) জ্ঞান নিৰ্ভৰ (Knowledge Based) নহয়। গতিকে ৰাজহুৱা পুথিভঁৰালৰ ভৱিষ্যৎ
কি? আমাৰ সঁচাকৈয়ে পুথিভঁৰালৰ প্রয়োজন আছেনে? পুথিভঁৰালেনো আমাক কি অতিৰিক্ত দিব
পাৰিব যি আমাক Google-এ দিব নোৱাৰে? ল’ৰা-ছোৱালীয়ে কিহৰ বাবে পুথিভঁৰাললৈ যাব।
যদি কোনোৱা যাব বিচাৰে তেন্তে পুথিভঁৰালবোৰ কেনেকুৱা হ’ব লাগিব আদি বিভিন্ন বিষয়
আপোনাৰ-মোৰ মন-মগজুলৈ নহাকৈ নিশ্চয় থকা নাই। যিহেতু আপুনি আৰু মই কিতাপ পঢ়িহে
ভাল পাওঁ৷
এনেকুৱা কিছু নেতিবাচক
প্রশ্ন আৰু সংশয়ৰ সন্মুখীন হোৱাৰ পাছতো আমি আৰম্ভ কৰিছিলোঁ এটি ৰাজহুৱা
পুথিভঁৰাল। আমাৰ মনত ভালেমান নেতিবাচক চিন্তা থাকিলেও আমি মানুহৰ Primitive Nature
-ক বিশ্বাস কৰিছিলোঁ। আমি নিশ্চিত আছিলোঁ আৰু আজিও নিশ্চিত যে All that glitters
are not gold. সকলো চিক্মিকনিয়েই সোণ নহয়। আমি জানিছিলোঁ যে মানুহে চিকমিকনিৰ
মাজত ভালেমান সময় থাকিব নোৱাৰে। মানুহে প্ৰকৃতিৰ মাজলৈ ঘূৰি আহিবই লাগিব। এনে
আত্মবিশ্বাসক সাৰোগত কৰিয়েই আগবাঢ়িলোঁ।
আৰম্ভণি: ২০০৭ চনৰ
এপ্ৰিল মাহ। প্ৰেৰণা পুথিভঁৰালৰ পৰা ওলাই আহিলোঁ ৷ ২০০১ চনৰ পৰা ২০০৭ চনলৈ জড়িত
এক দীৰ্ঘ ইতিহাস। অভিজ্ঞতাৰ মেটমৰা ভাৰ। প্রচুৰ আত্মবিশ্বাস। পৃথিৱী সলাব খোজা
দুৰ্দমনীয় শক্তি। লগত ভূমিধৰ তালুকদাৰ। সিও তাৰ এমাহৰ আগতে প্ৰেৰণা পুথিভঁৰালৰ
পৰা ওলাই আহিছিল। দুয়ো আকৌ লগ হ’লোঁ। ভূমিধৰৰ আত্মবিশ্বাস কেতিয়াবা একেবাৰে
তুংগত থাকে, আকৌ কেতিয়াবা বায়ুশূন্য বেলুনটোৰ দৰে হয়। দুয়োৰে আলোচনা চলিল। ক’ত
এটা ৰাজহুৱা পুথিভঁৰাল স্থাপন কৰিব পাৰি। দুয়োৰে গাড়ী-বাইক তেতিয়ালৈকে একোৱেই
নাই। মই নলবাৰী চহৰৰ অফিচৰ পৰা গৈ পাওঁ প্রায় ৬ মান বজাত। তাৰ পাছত চাইকেলখন লৈ
ভূমিধৰৰ ঘৰ। দুয়ো চাইকেলেৰে চাৰি/পাঁচ কিল’মিটাৰ সদায়েই ফুৰোঁ আৰু বাটে বাটে
আলোচনা-- কেনেকৈ ক’ত পুথিভৰালটি স্থাপন কৰিব পাৰি? ক’ত কৰিলে পঢ়ুৱৈ পাম? ইতিমধ্যে
তেতিয়ালৈ প্ৰেৰণা পুথিভঁৰালত সদস্য/পঢ়ুৱৈৰ সংখ্যা আঠশৰ ওচৰা-উচৰি। প্রতি সপ্তাহত
কিতাপৰ আদান-প্রদানো প্রায় শতাধিক হৈছেগৈ। আমাৰ নতুন পুথিভঁৰালটিত সঁচাকৈয়ে
ছাত্ৰ-ছাত্ৰী, ল'ৰা-ছোৱালী পঢ়িবলৈ আহিবনে?
প্রশ্নটো দুয়োৰে মনলৈ
আহিব ধৰিলে। তাৰ কাৰণো নথকা নহয়। আমি যি ঠাইত আছোঁ, ঠাইখন নলবাৰী জিলাৰ পশ্চিম প্রান্তৰ।
বিহামপুৰ, মূলাৰকুছি, শিমলীয়া, পহলংপাৰা, খাটা নামবৰভাগ, পানীগাঁও আদি গাঁৱেৰে
আৱৰা এটি অঞ্চল। নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ অঞ্চলটিক পল্লা ৰ’ডে দুটা ভাগত
বিভক্ত কৰিছে। প্ৰেৰণা পুথিভঁৰাল য’ত অৱস্থিত সেয়া পল্লা ৰ’ডৰ দক্ষিণ ফাল; আনহাতে
আমি য’ত পুথিভৰাল ন-কৈ স্থাপন কৰিব খুজিছোঁ সেয়া পল্লা ৰ’ডৰ উত্তৰ ফাল। জনসংখ্যাৰ
দিশৰ পৰা আমাৰ অঞ্চলটি সংখ্যালঘু অধ্যুষিত; আনহাতে প্ৰেৰণা পুথিভঁৰালৰ ঠাইখিনি
সংখ্যাগুৰু অধ্যুষিত। সাংস্কৃতিক মানৰ ফালৰ পৰা আমাৰ অঞ্চলটি অত্যন্ত পিছপৰা
যদিওবা আৰ্থিক ক্ষেত্ৰত অন্যান্য সংখ্যালঘু অধ্যুষিত অঞ্চলতকৈ ভালেখিনি আগবঢ়া।
আমাৰ প্রস্তাৱিত ঠাইখিনিক জনতা ছ’ক নামৰ এটা মজলীয়া ধৰণৰ বজাৰ-সমাৰ কৰিব পৰা ছ’কে
প্রতিনিধিত্ব কৰিছে। য’ত এখন হাইস্কুল, এখন বৰ ধুনীয়া প্রাথমিক বিদ্যালয়,
দোকান-পোহাৰেৰে এক সজীৱ পৰিৱেশৰ সৃষ্টি কৰিছে। কিন্তু সমস্যাটো হ’ল কিতাপ পঢ়া,
সংগীতৰ চৰ্চা কৰিব পৰা বিশেষ পৰিৱেশৰ সৃষ্টি কৰিব যে পাৰিম তাক লৈ আমি দুয়ো
বিবুধিত। কিন্তু তেনে ঠাইতেতো আমি প্ৰত্যাহ্বান ল’ব লাগিব।
প্রত্যাহ্বান অকল ল’ৰা-ছোৱালীয়ে পঢ়িব নে নপঢ়ে সেইটোৱেই নাছিল। প্ৰত্যাহ্বান বহুত।
অসমীয়া মুছলমান সমাজত
আশীৰ দশকৰ মাজভাগলৈ অসমীয়া সংস্কৃতিৰ কৰ্ষণ বৰ ভালদৰেই চলিছিল; বিয়ানাম গোৱাৰ পৰা
বিহুনাম গোৱালৈ৷ ধৰ্মীয় দৃষ্টিকোণৰ পৰা অসমীয়া সমাজবোৰ বিভাজিত হোৱা নাছিল। কেৱল
ধৰ্মীয় ৰীতি-নীতিয়ে প্রাধান্য পোৱা উৎসৱ-পাৰ্বণবোৰ অসমীয়া মুছলমান সম্প্ৰদায়ে
সংঘাত নোহোৱাকৈ এৰাই চলিছিল। কিন্তু আশী আৰু নব্বৈৰ দশকৰ মাজভাগৰ পৰা হঠাৎ এটি
পৰিৱৰ্তন আহিল। অসমীয়া মুছলমান সমাজবোৰে অসমীয়া কৃষ্টি-সংস্কৃতিবোৰ পালন কৰাৰ
সলনি সিবোৰ পালন কৰিলে ধৰ্মীয় দিশৰ পৰা হ’ব পৰা নানানটা বিপদ সম্পৰ্কে সচেষ্ট
হ’ল। ইয়াত নেতৃত্ব দিলে এচাম ধৰ্মীয় নেতাই, যিবোৰ মূলতঃ বিহাৰ, উত্তৰ প্ৰদেশ আৰু
বৰাকৰ পৰা আমদানিকৃত হৈছিল। আমাৰ সমাজবোৰক এওঁলোকে নেতৃত্ব দিয়া আৰম্ভ কৰিলে। এই
চামটোৰ মন-মগজুত বৃহত্তৰ অসমীয়া সমাজ সম্পৰ্কীয় কোনো ধ্যান-ধাৰণা নাছিল। নাছিল
বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি সম্পৰ্কীয় জ্ঞান। কেৱল সকলো কথা এটা ঠেক ধৰ্মীয় দৃষ্টিভংগীৰে
বিচাৰ কৰা আৰু পাৰিলে তেওঁলোকৰ ঠাইবোৰত চলি থকা নিয়ম-নীতিসমূহ জোৰকৈ জাপি দিয়াৰ
এটা তলসুঁতীয়া মতলবো আছিল। ৰাইজে এই বুজনিত হয়ভৰ দিলে, যাৰ ফলত অসমীয়া সমাজৰ
আপুৰুগীয়া আৰু মনোৰম কৃষ্টি-সংস্কৃতিবোৰ অসমীয়া মুছলমান সমাজৰ পৰা লোপ পোৱাৰ উপক্ৰম
হ’ল। তেতিয়ালৈ অসমীয়া ল’ৰা-ছোৱালী আৰবী শিক্ষাৰ লাইনটোলৈ বৰ বেছিকৈ আগবাঢ়ি যোৱা
নাছিল। ফলত অসমীয়া মুছলমান সমাজৰ তেওঁলোকেই হৈ পৰিল হৰ্তাকৰ্তা। আমাৰ ঠাইখিনিতো
তাৰ প্রভাৱ পৰিল। তেনেকুৱা ইমাম বা ধৰ্মীয় গুৰুৱে আহি ইটো নাপায়, সিটো নাপায়
আদি কৰি এটাৰ পাছত এটাকৈ বিধান দিবলৈ ধৰিলে আৰু গৰিষ্ঠ সংখ্যকে বিনা প্রশ্নৰেসেইবোৰ
মানিও ল’লে। লগে লগে অসমীয়া সংস্কৃতিৰ যি স্বতঃস্ফূৰ্ত চৰ্চা চলি আছিল সি ক্ৰমে
ক্ৰমে ক্ষীয়মান হ’ব ধৰিলে।
কথাখিনিৰ এই কাৰণেই
অৱতাৰণা হ’ল যিহেতু অসমীয়া মুছলমান সমাজখনৰ পৰা ইটোৰ পাছত সিটো সংস্কৃতিৰ সমল হেৰাই
যোৱা প্রক্ৰিয়াটোক বহুতে বুজিব নোৱাৰে; কিহৰ পৰা গৈ আচলতে কি হ’ল? দ্বিতীয়তে আমি
যিটো পুথিভঁৰালৰ স্বপ্ন লৈ দিনে-নিশাই কাম কৰিছোঁ, সেয়া নিশ্চিতভাৱে কিতাপ আদান-প্ৰদান
প্রক্ৰিয়াৰে চলি থকা চৰকাৰী পুথিভঁৰালৰ দৰে যান্ত্ৰিক পুথিভঁৰাল নিশ্চয়কৈ হ’ব
নোৱাৰিব। তৃতীয়তে, আমি বিশ্বাস কৰা ৰাজনৈতিক মতবাদেও নিশ্চিতভাৱে তাত স্থান পাব
লাগিব। ভূমিধৰে কথাবোৰ বুজে৷ তথাপি আকৌ পাতিছোঁ। আমাৰ দুইজনৰ মাজতে৷ আমি নিশ্চিত
আছিলোঁ৷ যে সংঘাত আৰু প্ৰত্যাহ্বান সকলো ফালৰ পৰা আহিব। পৰৱৰ্তী
সময়ত তেনেকুৱা ভালেমান সংঘাতৰ মুখামুখি হৈছোঁ আৰু এতিয়াও নানান সংঘাত-প্ৰত্যাহ্বানৰ মাজেৰেই পুথিভঁৰালৰ
কাম-কাজ চলি আছে। স্থানান্তৰত বহলাই লিখিম।
আমি দুজনৰ পৰা তিনিজন
হোৱাৰ প্রক্ৰিয়াটো আৰম্ভ কৰিলোঁ। লগ কৰিলোঁ মধুপুৰ মোক্তাৱ প্রাথমিক বিদ্যালয়ৰ
প্রধান শিক্ষক তামিজুদ্দিন আহমেদক। তেখেত সম্পৰ্কত মোৰ খুড়া। ডেৰ বছৰমানৰ আগতে
তেখেতে সোঁ-শৰীৰে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। আচলতে আমাৰ অঞ্চলৰ সংস্কৃতি আৰু
দুষ্কৃতিৰ প্ৰথম ৰণখনৰ সেনাপতি আছিল তেখেতেই৷ প্রায় এককভাৱে তেখেতে গঢ় দিছিল এখন
সৰ্বাংগসুন্দৰ প্রাথমিক বিদ্যালয় যি পৰৱৰ্তী সময়ত অসমৰ শিক্ষা জগতৰ বিশেষকৈ
প্ৰাথমিক শিক্ষা জগতৰ চৰ্চাৰ কাৰণ হৈ পৰিছিল। বাতৰি কাকত, নিউজ চেনেল আদিতো তাৰ
বিষয়ে বিস্তৰভাৱে লিখা-মেলা হৈছিল। তেওঁ আমাক পোনচাটেই সহায় কৰিম বুলি ক’লে।
আমিও তেওঁৰ পৰা তেনে আশাই কৰিছিলোঁ তেওঁৰ বিদ্যালয়ৰ এটা কোঠাতে সদ্যহতে
পুথিভঁৰালটো থাকিব আৰু পৰৱৰ্তী সময়ত পুথিভঁৰালে নিজাববীয়াকৈ ঘৰ-মাটি কৰিলে তালৈ
স্থানান্তৰ কৰিব। কেৱল তেখেতৰ চৰ্ত এটাই-- যদি পুথিভঁৰালটো বিদ্যালয়ৰ পৰা বেছি
দূৰলৈ স্থানান্তৰ হ’ব লগা হয় তেন্তে তেওঁৰ বিদ্যালয়তে তাৰ এটি ক্ষুদ্ৰ সংস্কৰণ
ৰাখোঁ আৰু তাৰ পৰা কণ কণ ল’ৰা-ছোৱালীয়ে যাতে ভৱিষ্যতে কিতাপ পঢ়াৰ পৰা বঞ্চিত
নহয়। আমি মানি ল’লোঁ।
এতিয়া আহিল
পুথিভঁৰালৰ নাম কি হ’ব? আমি আমাৰ আদৰ্শগত অৱস্থানৰ লগত মিলা নাম বিচাৰি হাবাঠুৰি
খালৌ। শেষত ভূমিধৰেই ক’লে যে নামটো সমন্বয় পুথিভঁৰাল হওঁক যিটো সকলো ফালৰ পৰা
মিলি যায়। ঠাইখিনিত যিহেতু হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ে বেচ মিলা-প্ৰীতিৰে
অতীতৰে পৰা বসবাস কৰি আহিছে, গতিকে সেই সমন্বয়ৰ প্রক্ৰিয়াটোক শক্তিশালী কৰাত ই
অনুঘটকৰ কাম কৰিব৷ ইতিমধ্যে আমাৰ এই কুচ-কাৱাজৰ কথাবোৰ আমাৰ বন্ধু মহলত চৰ্চিত হ’ব
ধৰিলে আৰু আমি নিজেও কেইবাজনো আমাৰ সমগোত্ৰীয় চিন্তাৰ বন্ধু-বান্ধৰৰ সৈতে
যোগাযোগ কৰিব ধৰিলোঁ। প্রাথমিক পৰ্যায়ত সকলোৱে উৎসাহ যোগালে, আমিও আকৌ দুগুণ পৰাক্ৰমেৰে
আমাৰ মিছনত লাগি গ’লোঁ।
গুৱাহাটী
বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা সূত্ৰে মই ড° হীৰেন গোহাঁই ছাৰৰ
প্ৰত্যক্ষ ছাত্ৰ আছিলোঁ। পঢ়া কালতে ছাৰৰ লগত এটা সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু
প্ৰেৰণা পুথিভঁৰালৰ কাম-কাজৰ সৈতে জড়িত হোৱাৰ সময়ছোৱাত সেই সম্পৰ্ক অধিক গাঢ় হ’ল।
আমি প্রেৰণা পুথিভঁৰালত লাগি থকা সময়ছোৱাত ড° গোহাঁই ছাৰ
পুথিভঁৰাললৈ দুবাৰ আহিছিল। এবাৰ পুথিভঁৰালৰ সমীপৰে উদ্দীপন গোষ্ঠীয়ে পতা
বিষ্ণুৰাভা দিৱসত ভাগ ল’বলৈ আহোঁতে পুথিভঁৰালৈ আহিছিল আৰু পিছৰবাৰ ২০০৫ চনৰ এপ্ৰিল
মাহত তেখেতে প্রেৰণা পুথিভঁৰালৰ কাৰ্যসূচীত ভাগ ল’বলৈয়ে আহিছিল। প্রথম যাত্ৰাৰ
সংগী আছিল এতিয়াৰ অসমীয়া প্রতিদিন কাকতৰ সম্পাদক নিত্য বৰা আৰু পিছৰবাৰ ৰাণী
গোহাঁই বাইদেউ আছিল। পৰৱৰ্তী সময়ত প্রেৰণা পুথিভঁৰালৰ পৰা শিশুকেন্দ্ৰিক পুথিভঁৰাল
হিচাপে গঢ় দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। ছাৰে পুথিভঁৰালৰ নাম ‘সমন্বয় পুথিভঁৰাল’
দিয়া বুলি জানি বৰ ভাল পাইছিল আৰু পৰামৰ্শ দিছিল ছাইনব’ৰ্ডখনতে ‘সমন্বয়
পুথিভঁৰাল, মানৱতাৰ সপক্ষে/ সাম্প্ৰদায়িকতাৰ বিপক্ষে’ লিখি দিবলৈ।
লগতে পুথিভঁৰালৰ
কিছুমান নিৰ্দিষ্ট নিয়ম-নীতি, পাৰিলে এখন সংবিধান, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন
পৰিচালনা সমিতি ৰখাৰ কথাটোত ছাৰে গুৰুত্ব দিছিল। আমিও পাৰ্যমানে সেইবোৰ মানি
চলিবলৈ চেষ্টা কৰি আহিছোঁ। বিশেষভাৱে ছাৰে আমাক আৰ্থিক লেনদেনত স্বচ্ছতা বজাই ৰখা
কথাটোত বৰ জোৰ দিছিল। সমন্বয় পুথিভঁৰালে ৬ জুলাই ’২০ তাৰিখে বাৰ বছৰ অতিক্ৰম কৰিলে।
এতিয়ালৈ আমি ছাৰে দিয়া পৰামৰ্শবোৰ যথাসাধ্য পালন কৰিবলৈ যত্নপৰ হৈ আহিছোঁ।
আমাৰ মাজত পুথিভঁৰাল
স্থাপনৰ প্রাৰম্ভিক কথা-বতৰাবোৰ চলিল আৰু সমান্তৰালভাৱে প্রস্তুতিও। আমাৰ অনুৰোধ
আৰু প্ৰস্তাৱিত পুথিভঁৰালটোৰ কথা শুনি কাম কৰিবলৈ আহিল হামিদ মাদ্ৰাছা বনগাঁৱৰ
পৰা, আহিল কিশোৰ বৰনদ্দীৰ পৰা, বনগাঁৱৰ পৰা বিদ্যুৎ, জনতা শিমলীয়াৰ পৰা মনোৱাৰ
আদিকে ধৰি বেচ কিছু সংখ্যক আমাৰ বন্ধু-বান্ধৱ৷ আমাৰ সামাজিক অনুষ্ঠানবোৰত ছোৱালী-যুৱতীৰ
অংশগ্ৰহণ একেবাৰে সেৰেঙা, প্রায় নাথাকেই। অৰ্থাৎ আমাৰ অনুষ্ঠানবোৰে পোনচাটেই ৫০
শতাংশ মানুহকহে প্রতিনিধিত্ব কৰে। আমি এই ক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন আছিলোঁ।
সেইবাবে আৰম্ভণিৰে পৰা আজিলৈ আমাৰ পুথিভঁৰালৰ কাম-কাজৰ লগত ছোৱালী-যুৱতীৰ অংশগ্ৰহণ
অত্যন্ত আশাপ্ৰদ। যিয়েই নহওক, বালা বনগাঁৱৰ হীৰামণি চক্ৰৱৰ্তী, গৰেমাৰাৰ মাইনু
দেৱী, মাদ্ৰাছীৰ ৰাস্না বেগম আৰু বিহামপুৰৰ চাজিদা বেগম আমাৰ পুথিভঁৰালটোৰ সৈতে
আৰম্ভণিৰে পৰা জড়িত হ’ল। আনহাতে, দূৰ-দূৰণিৰ কিছু ব্যক্তিও প্রাৰম্ভিক পৰ্যায়ৰ
পৰা আমাৰ পুথিভঁৰালটোৰ লগত মানসিকভাৱে জড়িত হৈ পৰিল। নতুন পদাতিক গোষ্ঠীৰ প্রায়
সকলো বিষয়ববীয়া, বিশেষভাৱে নৱজ্যোতি বৰগাহাঁই সমন্বয় পুথিভঁৰালৰ আৰম্ভণিৰ
পৰ্যায়ত বিশেষভাৱে জড়িত হ’ল। ক’বলৈ গ’লে নতুন পদাতিকৰ কাৰ্যালয়টো বেচ কিছু বছৰৰ
বাবে সমন্বয় পুথিভঁৰালৰ কাৰ্যালয় (গুৱাহাটী)-ৰ লেখীয়াই হ’লগৈ। আমি প্ৰায়েই (মই
আৰু ভূমিধৰে) গুৱাহাটীলৈ গ’লে দক্ষিণ শৰণীয়াত থকা নতুন পদাতিকৰ কাৰ্যালয়তে
সমন্বয় পুথিভঁৰালৰ কথাবোৰ আলচ কৰিছিলোঁ আৰু ভৱিষ্যতৰ কাৰ্যপন্থা নিৰূপণ কৰিছিলোঁ৷
সকলো ব্লুপ্ৰিণ্ট ৰেডি
হ’ল। কিন্তু পুথিভঁৰাল কেতিয়াৰ পৰা আৰু কেনেদৰে আৰম্ভ কৰোঁ? বিশেষভাৱে দ্বিতীয়
প্ৰশ্নটো আমাৰ বাবে অধিক জৰুৰী হৈ পৰিল। কাৰণ আমাৰ দুয়োজনৰে অতি সীমিত উপাৰ্জন
আৰু যিখিনি বন্ধু-বান্ধৱৰ আমাৰ লগত জড়িত হ’ল তেওঁলোক হয় বিশুদ্ধ নিবনুৱা, নহ’লে
পঢ়ি থকা ছাত্ৰ-ছাত্ৰী। ইফালে যাকে-তাকে ল’বও নোৱাৰি। কাৰণ তেতিয়া আমি ভাবি থকা
পুথিভঁৰাল নহৈ কিবাহে এটা হ’বগৈ ৷ কি কৰা যায়? বহু গুণাগঁঠা কৰিলোঁ। ভূমিধৰ
হতাশেই হ’ল। মই বোলোঁ নহয় আমি আৰম্ভ কৰি দিওঁ দিয়া, পাছত দেখা যাব।
১৩ জুন, ২০০৮ চন। ৩৭৯
নং মধুপুৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত আমাৰ প্ৰস্তাৱিত পুথিভঁৰালৰ প্ৰথমখন
আনুষ্ঠানিক বৈঠক। বৈঠকলৈ আমাৰ বন্ধু-বান্ধৱীকে আদি কৰি ভালে সংখ্যক ব্যক্তিকে
আমন্ত্ৰণ জনোৱা হ’ল। কিন্তু শেষত ১২ জনহে উপস্থিত থাকিল। হতাশ হ’লোঁ যদিও উদ্যম
নেহেৰুৰালোঁ। সিদিনাই সিদ্ধান্ত হ’ল জুলাই মাহৰ ৬ তাৰিখে মধুপুৰ মোক্তাৱ প্রাথমিক
বিদ্যালয়তে আমি পুথিভঁৰাল আৰম্ভ কৰিম। ইতিমধ্যে আমাৰ সৈতে চামতাৰ নুৰুল ইছলাম
জড়িত হ’ল। তেখেতক নুৰুলদা বুলিয়েই মাতোঁ ৷ আমি দুয়োজনে একেটা অফিচতে কাম কৰোঁ।
আৰু তেনেকৈ দুই-চাৰিজন আমাৰ স’তে জড়িত হ’ল।
দিন-বাৰ ঠিক হ’ল।
কিন্তু পইচা আহিব কিদৰে? দুই-একে ক’লে--- আমি মানুহৰ ঘৰে ঘৰে গৈ কিতাপ সংগ্ৰহ
কৰোঁ। মোৰ কিন্তু এই কথাটো মনঃপুত নহ’ল। যিহেতু আমাৰ ঠাইখিনিত বাহিৰা কিতাপ পঢ়া
মানুহৰ সংখ্যা অতি তাকৰ। অৱশেষত তাজিমদাই ক’লে যে তেওঁৰ হাতত ‘গৰীৱ ফাণ্ড’-ৰ ১,৫০০
টকা আছে সেয়া কিছু দিনৰ বাবে ল’ব পাৰোঁ। পুথিভঁৰাল স্থাপন কৰাৰ আগতে আমি তাজিমদাৰ
উদ্যোগতে এটি ‘গৰীৱ ফাণ্ড’ খুলিছিলোঁ যাৰ পৰা অতি দুখীয়া পৰিয়ালৰ মানুহৰ
বেমাৰ-আজাৰ বা তেনে পৰিয়ালৰ ল’ৰা-ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত যৎকিঞ্চিত সহায়
আগবঢ়বলৈ প্রয়াস কৰিছিলোঁ। আমি সকাহ পালোঁ। পিছে ১,৫০০/- টকাৰেতো আৰম্ভ কৰিব পৰা
নাযায়। এটাটো বুকছেল্ফ লাগিব কিতাপ ৰাখিবৰ বাবে৷ বুকছেল্ফটো ময়েই দিলোঁ। ১,৫০০
টকাৰ কিতাপ আৰু বুকছেল্ফ হৈ গ’ল। ভূমিধৰ আৰু মই সেই ১,৫০০ টকা লৈ নলবাৰীৰ
সমন্বয় গ্ৰন্থালয় পালোঁ। আৰু সেই টকাৰে কিবাকৈ টনাটনি কৰি ৪৯খন কিতাপ কিনি
আনিলোঁ।
দিন-বাৰ যিহেতু ঠিক
হ’লেই গতিকে আনুষ্ঠানিকভাৱে পুথিভঁৰালৰ কাম-কাজ আৰম্ভ কৰাৰহে কথা। মনত অপাৰ
আনন্দ-উৎসাহ। কিন্তু ভিতৰি ভিতৰি প্রৱল শংকা। পুথিভঁৰালটো বাৰু স্থাপন কৰিলোঁ,
ইয়াক জীয়াই ৰাখিব পাৰিমনে? (যিহেতু অসমৰ প্রায় প্রতিটো চৰকাৰী আনকি জিলা
পৰ্যায়ৰ পুথিভঁৰালৰ অৱস্থা তথৈৱচ) পুথিভঁৰালবোৰ নামতে চলি আছে। পঢ়ুৱৈ নাযায়। তাতে
আমাৰ এই পৰিৱেশত ইয়াক জানো জীয়াই ৰাখিব পাৰিম! দৃঢ়তাৰে ক’ব খোজোঁ যে আমি যি
ঠাইত সমন্বয় পুথিভঁৰাল স্থাপন কৰিব খুজিছিলোঁ তাৰ ৯৫ শতাংশতকৈ অধিক সংখ্যা মানুহে
পুথিভঁৰাল দেখা নাই আৰু আনকি ‘পুথিভঁৰাল’ শব্দটো নুশুনা মানুহৰ সংখ্যাও বৰ কম
নহয়। আমাক দুই-এক শুভাকাংক্ষীয়ে আন্তৰিকতাৰে এইবোৰ কথা কৈ বাধাও দিছিল। আৰু নিজৰ
সাংসাৰিক কামত অধিক মনোনিৱেশ কৰিব লাগে বুলি সাৱধানবাণীও শুনাইছিল। ইতিমধ্যে আমাৰ
গ্ৰুপটোত আদেহা, বেলশৰ, চামতা, পানীগাঁও আদি গাঁৱৰো কিছু সংখ্যক ব্যক্তি জড়িত
হ’ল। আমি সাহস কৰিব পৰা তেনেকুৱা ভালেমান সৎ মানুহৰ আগমনে আমাৰ শংকা আৰু সংশয়বোৰ
দূৰ কৰাত সহায় কৰিলে। স্থানান্তৰত তেখেতসকলৰ কথাবোৰ বিতংভাৱে লিখিবৰ প্রয়াস
কৰিম।
ইতিমধ্যে তামিজদাৰ
উদ্যোগত সদস্যভৰ্তি অভিযান আৰম্ভ হৈ গৈছিল। তেওঁৰ বিদ্যালয়ৰ ছাত্র-ছাত্ৰীবোৰে
উৎসাহত সদস্যভৰ্তি হ’বলৈ ধৰিলে। আমিও বৰ উৎসাহ পালোঁ। অৱশেষত সেই মাহেন্দ্ৰ ক্ষণ
উপস্থিত হ’ল। ২০০৮ চনৰ ৬ জুলাই তাৰিখে ৩৭৯ নং মধুপুৰ মোক্তাৱ প্রাথমিক বিদ্যালয়ত
সমন্বয় পুথিভঁৰালৰ শতাধিক সদস্য আৰু শুভাকাংক্ষী, আমাৰ গুণমুগ্ধৰ উপস্থিতিত
পুথিভঁৰালৰ আনুষ্ঠানিকভাৱে কাম-কাজ আৰম্ভ হ’ল। উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন
কৰিলে পশ্চিম নলবাৰী অঞ্চলৰ সংগীতৰ মহীৰুহ উমেশ দত্তই। পাছলৈ তেওঁ সমন্বয়
পুথিভঁৰালৰ লগত ঘনিষ্ঠভাৱে জড়িত হ’ল আৰু বৰ্তমান তেখেত আমাৰ পুথিভঁৰালৰ উপসভাপতি
হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। সিদিনাৰ অনুষ্ঠানত উপস্থিত থাকিল নলবাৰী ডায়েটৰ প্ৰবক্তা
শিক্ষাসদী অশোক শৰ্মা, বৃক্ষবন্ধু ভূপেন দাস, বিশিষ্ট প্ৰগতিশীল কৰ্মী মহানন্দ
বৰ্মন। তেখেতসকলৰ উপস্থিতিয়ে আমাক বৰকৈ অনুপ্ৰাণিত আৰু উৎসাহিত কৰিছিল।
১৩ জুলাই (২০০৮)
তাৰিখৰ পৰা পুথিভঁৰালৰ কিতাপৰ আদান-প্ৰদান চলিল। প্রথম দিনৰ দৃশ্যই আমাক বিস্মিত কৰিলে।
১০৫ জন ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে লাইন ধৰি কিতাপ নিবলৈ আহিল৷ নিমিষতে আমাৰ
ভালেমান দিন ভাবি থকা দুঃচিন্তাৰ অন্ত পৰিল। আমি নিশ্চিত হ’লোঁ যে আমি যদি ভালকৈ
পৰিচালনা কৰিব পাৰোঁ তেন্তে ইয়াতো আমি পঢ়ুৱৈ সৃষ্টি কৰিব পাৰিম।...
(আগলৈ)
ভ্ৰাম্যভাষ: ৯৩৬৫৪-৪৮৩৬১০