অন্যযুগ/


গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত সমন্বয় পুথিভঁৰালৰ জন্ম কাহিনী

আবেদুৰ ৰহমান

(যোৱা সংখ্যাৰ পিছৰ পৰা)

সমন্বয় পুথিভঁৰালৰ চৰিত্ৰগত দিশ কেনে হব সেই সম্পৰ্কে আমি, বিশেষভাৱে ভূমিধৰ আৰু মই, আৰম্ভণিৰে পৰা সচেষ্ট আছিলোঁ। সেইবাবে আমি এখন গোহাৰিপত্ৰ উলিয়াই তাত স্পষ্টভাৱে উল্লেখ কৰিলোঁ যে সমন্বয় পুথিভঁৰাল হব ৰাজহুৱা পুথিভঁৰাল। ইয়াত গণতান্ত্ৰিক চিন্তা-চেতনাৰ কৰ্ষণক গুৰুত্ব দিয়া হব। ই সকলো সাম্প্ৰদায়িক চিন্তাৰ ঊৰ্ধ্বত থাকিব। জনগণৰ সাংস্কৃতিক মানৰ উত্তৰণত সহায় হোৱাকৈ পুথিভঁৰালে কাৰ্যসূচী প্ৰস্তুত কৰিব। প্ৰচলিত আৰ্থ-সামাজিক, ৰাজনৈতিক ব্যৱস্থাৰ কুফলসমূহ ফঁহিয়াই জনগণৰ মাজলৈ আচল সত্যটো লৈ যোৱাৰ প্ৰচেষ্টাত ব্ৰতী হব। এনে ধৰণৰ কিছু স্পষ্ট নীতি-নিয়মেৰে পুথিভঁৰালে ইয়াৰ কাম-কাজ আৰম্ভ কৰিলে। এমাহ হল কি নহল সদস্যভৰ্তিয়ে শ অতিক্ৰম কৰিলে। প্ৰতি দেওবাৰে ৰাতিপুৱা কিতাপৰ আদান-প্ৰদান কৰা হল যিটো এতিয়াও চলি আছে। কিতাপৰ চাহিদা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিলে। আমাৰ বাবে আনন্দৰ কথা হল বহুত প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰী আমাৰ সদস্য হবলৈ আহিল আৰু তেওঁলোক নিয়মীয়াকৈ পুথিভঁৰাললৈ কিতাপ নিবলৈ আহিবলৈ ধৰিলে। আমাৰ এফালে আনন্দ, আনফালে দুঃচিন্তাকিতাপ কেনেকৈ যোগান ধৰোঁ। কিতাপৰ ইমান চাহিদা! ভূমিধৰ, মই, মনোৱাৰ আদিয়ে সদায়ে গধূলি চাইকেল লৈ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ হয় কিতাপ নহলে নগদ ধন সংগ্ৰহ কৰিবৰ বাবে তাঁতবাতি কৰা আৰম্ভ কৰিলোঁ। আমাৰ লগত জড়িত হল খাটা নামবৰভাগৰ জমিৰ আৰু তুতু। কিছু দিনৰ বাবে নিজামুদ্দিন আহমেদ নামৰ এজনেও আমাৰ লগত কাম-কাজত জড়িত হৈছিল। আমাৰ দলৰ কলেৰ বৃদ্ধি পালে। মোৰ কিছু সংখ্যক বন্ধু-বান্ধৱেও দূৰৰ পৰাই আমাৰ কাম-কাজৰ কথা শুনি আমাক আৰ্থিকভাৱেও সহায় কৰিলে। তাৰ ভিতৰত টিহু টাউন কমিটিৰ তেতিয়াৰ চেয়াৰ পাৰ্ছন হিমানী মজুমদাৰে আমাৰ মিছনত আন্তৰিকতাৰে যোগ দিলে। আৰম্ভণিৰ সময়ছোৱাত তেখেতে আৰ্থিকভাৱে ভালেখিনি সহায় কৰিলে। তেখেতে তেতিয়াৰ পৰা এতিয়ালৈ সুদীৰ্ঘ ১২ বছৰ পুথিভঁৰালটোৰ লগত জড়িত হৈ আছে। আমি পৰৱৰ্তী সময়ত যেতিয়া পুথিভঁৰাল ৩৭৯ নং মধুপুৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ পৰা স্থানীয় জনতা যুৱক সংঘৰ পৰিত্যক্ত ঘৰলৈ স্থানান্তৰ কৰিছিলোঁ সেই সময়ত হিমানী মজুমদাৰে সৰ্বমুঠ ১০,৯৮২.০০ টকা দি ঘৰটোত চূ-তেল দি মজিয়াখন পকী কৰি সোমাব পৰা ব্যৱস্থা কৰি দিছিল। এতিয়াও তেখেতে সাধ্যানুসাৰে আমাক প্ৰতিটো কামতে সহায় কৰি আহিছে।

আগতেই উল্লেখ কৰিছোঁ যে পুথিভঁৰাল আমাৰ দৃষ্টিত এটা যান্ত্ৰিক অনুষ্ঠান নহয়। প্ৰেৰণাতো তাক সজীৱ কৰি ৰখাৰ বাবে আমি প্ৰচেষ্টা লৈছিলোঁ। আৰু এটা কথা বিশ্বাস কৰিছিলোঁ যে বৌদ্ধিক কচৰৎ অহিবনে পুথিভঁৰালস্থাপন কৰা নাইবা ভিতৰৰ পৰা টান নাথাকিলে এনেকুৱা অনুষ্ঠানৰ লগত দীৰ্ঘকাল লাগি থকা কথাটো অসম্ভৱ। সেই কথা আমাক পূৰ্বৰ অভিজ্ঞতাই ভালকৈয়ে শিকাইছে। বৌদ্ধিক আৰু সাংস্কৃতিক কচৰৎ কিদৰে আৰম্ভ কৰোঁ। আগতেই উল্লেখ কৰিছোঁ যে আমাৰ অঞ্চলটি বৌদ্ধিক আৰু সাংস্কৃতিক কচৰৎ কৰাৰ বাবে সেই সময়ৰ পৰিৱেশ অনুকূল নাছিল। কিন্তু এটা কথা স্বীকাৰ্য যে আশীৰ দশকৰ আৰম্ভণিলৈ‍জনতা চককেন্দ্ৰিক অঞ্চলটো সাংস্কৃতিক দিশত পৰিমৰা বিধৰো নাছিল। বৰং অন্যান্য বহু ঠাইতকৈ আগবঢ়াহে আছিল। বিদ্যালয়ৰ অনুষ্ঠান/বাৰ্ষিক উৎসৱবোৰ ইমান আকৰ্ষণীয়কৈ অনুষ্ঠিত কৰিছিল যে তাৰ মধুৰ স্মৃতি এতিয়াও ৰিণি ৰিণিকৈ স্মৃতিপটত ৰৈ ৰৈ বাজি থাকে। আমি কলগানত গীত শুনা শেষৰটো প্ৰজন্ম। সেই সময়ৰ জনপ্ৰিয় গীতবোৰ মন হীৰা দৈ’, ‘গাভৰু কালতে বগা সাজ পিন্ধিলোঁআদিৰ নিচিনা মৰ্মস্পৰ্শী গীত, ভূপেনদাৰ মোৰ ধৰিত্ৰী আই’, খগেন মহন্তৰ পাৰৰ পাখিত গুঁজি গাঁঠি দিলোঁআদিৰ দৰে কালজয়ী গীতবোৰ শুনিছিলোঁ আৰু তেনেবোৰ গীত-মাত গাঁৱৰে যুৱক-যুৱতীয়ে বৰ আন্তৰিকতাৰে গাবলৈ প্ৰয়াসো কৰিছিল। চুন্দাফা চুন্দাফা আফালাযাংগবুলি এটা বড়ো গীতো এজনে এবাৰ গোৱা মোৰ ভালকৈ মনত পৰে। জিকিৰ আৰু গজলৰ কথা নক’লোঁৱেইবা। আৰু গীতৰ তালে তালে যুৱক-যুৱতীবোৰে লয়লাস ভংগীত নৃত্যও কৰিছিল। বিশেষকৈ খগেন মহন্ত/অৰ্চনা মহন্তৰ দ্বৈত কণ্ঠৰ পাহাৰৰ জুৰিটি পিৰিতিক সাটিগীতটি বহুবাৰ নৃত্য কৰা দেখিছিলোঁ। গীতৰ লগত বাদ্যযন্ত্ৰৰে অপূৰ্ব সমাহাৰ দেখিছিলোঁ। হাৰমনিয়াম, ডাইনা-তবলা, তাল-খোল আদিৰ শব্দৰে আমাৰ সৰু ঠাইখনি ৰজনজনাই উঠিছিল। অনুষ্ঠানবোৰত বিশেষভাৱে মূলাৰকুছি আৰু গৰেমাৰা চুবুৰি দুটিয়ে আমাৰ লগত উবুৰি খাই পৰিছিল। এতিয়াৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা, অভিনেত্ৰী জুৰি শৰ্মা, জোনালী শৰ্মা, মুনেশ্বৰ বৰ্মন, ধীৰেশ্বৰ বৰ্মন, উমেশ দত্ত আদিয়ে জনতাকেন্দ্ৰিক প্ৰতিটো অনুষ্ঠানতে আন্তৰিকতাৰে সহযোগিতা কৰিছিল। দীপক শৰ্মা কেইদিনমানৰ বাবে ৩৭৯ নং মধুপুৰ মোক্তাৱ প্ৰা: বিদ্যালয়তো অধ্যয়ন কৰিছিল। জোনালী, জুৰিয়ে তাৰ পৰাই পাছ কৰা। কথাখিনি দীঘলীয়াকৈ উত্থাপন কৰিলোঁ। এই কাৰণেই যে ইমান সমৃদ্ধ সাংস্কৃতিক পৰি‍ৱেশৰ পৰা আহি হঠাতে কিয় সকলো নোহোৱা হ? প্ৰথম কাৰণ, ছাত্ৰ আন্দোলন। ছাত্ৰ আন্দোলনে সৰ্বস্তৰৰ ৰাইজক জোকাৰি গৈছিল। আগতেই উল্লেখ কৰিছোঁ যে জনতা চককেন্দ্ৰিক অঞ্চলটো হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰ মানুহেই মিলা-প্ৰীতিৰে বাস কৰি অহা এটা অঞ্চল। ছাত্ৰ আন্দোলনৰ আগলৈ ধৰ্মীয় কথাক লৈ কোনো সন্দেহ-সংশয় কাৰো মাজতে নাছিল। কিন্তু সংখ্যালঘু অধ্যুষিত ঠাইখিনিৰ মানুহখিনিয়ে দুটা কাৰণত ছাত্ৰ আন্দোলনত সংশয় আৰু সন্দেহেৰে অংশগ্ৰহণ কৰিছিল। প্ৰথম কথা, সংখ্যালঘু সম্প্ৰদায় আৰু সংখ্যগুৰু সম্প্ৰদায়ৰ গৰিষ্ঠ সংখ্যকে ছাত্ৰ আন্দোলনৰ আগলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰে সমৰ্থক আছিল। কিন্তু ছাত্ৰ আন্দোলনে গৰিষ্ঠ সংখ্যক সংখ্যাগুৰু সম্প্ৰদায়কে জাতীয় কংগ্ৰেছৰ আৱেষ্টনীৰ পৰা আঁতৰাই আনিলে। আনহাতে, সংখ্যালঘু সম্প্ৰদায়ৰ গৰিষ্ঠ সংখ্যকে জাতীয় কংগ্ৰেছকে ত্ৰাণকৰ্তা বুলি সাটি ললে। নেলীৰ গণহত্যা, চাউলখোৱাৰ গণহত্যা আদিয়ে অন্য ঠাইত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক ভয়-ভীতিৰে কোঙা কৰি ৰখাৰ দৰে আমাৰ মানুহবোৰকে ভীতিগ্ৰস্ত আৰু সন্ত্ৰস্ত কৰি তুলিলে। তেনেবোৰ কাৰণত সম্প্ৰীতিৰ সাঁকোডালত কৰবাত কৰবাত ফাট মেলিল। যিবোৰ প্ৰকাশ্য নাছিল, কিন্তু মনান্তৰবোৰ অপ্ৰকাশ্যভাৱে বৃদ্ধি পালে। ঠিক তেনে সময়ৰ সুযোগতে আমাৰ মুছলমান সমাজবোৰ মছজিদকেন্দ্ৰিকতাৰে পৰিচালিত হল আৰু মানুহবোৰে অন্য মনোৰঞ্জনৰ মাধ্যমবোৰ কমি যোৱাৰ বাবে ধৰ্মৰ ফালে ঢাল খালে। আগতেই উল্লেখ কৰিছোঁ যে তেনে সময়ত আমাৰ মছজিদৰ ধৰ্মীয় গুৰুবোৰৰ অনা-অসমীয়াই আছিল সৰহভাগ। গতিকে তেওঁলোকে অসমীয়া কৃষ্টি-সংস্কৃতিৰ চৰ্চাৰ পৰা মানুহবোৰক Orthodox ইছলামৰ ফালে ঢাল খুৱাবৰ বাবে যত্ন কৰিলে আৰু সফলো হল ভালেখিনি। লগে লগে মুম্বাই আৰু উত্তৰ ভাৰতীয় তবলীগ জামাতবোৰে অসমলৈ ঘনাই আহিবলৈ ললে আৰু তেওঁলোকেও ধৰ্মীয় দীক্ষা দিয়াত লাগি গল। এই তিনি কাৰকৰ প্ৰভাৱত আমাৰ সাধাৰণ জনতাই নিজৰ কৃষ্টি-সংস্কৃতি প্ৰায় বিসৰ্জন দিলে, নহলে আধাডুখৰীয়াকৈ পালিবলৈ ললে। বিহুৰ আজিৰ যি ৰূপ অসমীয়া মুছলমান সমাজত বিদ্যমান তাৰ কাৰণ হিচাপে ক্ত তিনিটা কাৰককে আঙুলিয়াব পাৰি। কথাখিনি যদিও আমি আমাৰ অঞ্চলকেন্দ্ৰিক দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰিছোঁ, এয়া কিন্তু অসমীয়া মুছলমান অধ্যুষিত প্ৰায় সকলো ঠাইৰে জীয়া বুৰঞ্জী। অসমীয়া মুছলমান সমাজ মূলসুঁতিৰ অসমীয়া সমাজখনৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি অহাৰ মূল কাৰকবোৰৰ ভিতৰত আমি উল্লেখ কৰা কাৰকবোৰ অন্যতম।

সমন্বয় পুথিভঁৰালেনো কেনেকৈ সাংস্কৃতিক আৰু বৌদ্ধিক কাম-কাজ এনে এক আপাতত জটিল পৰিস্থিতিৰ মাজেৰে আগুৱাই নিব পাৰোঁ তাৰ বাবে গুণাগঁথা কৰিলোঁ। ভূমিধৰ, মই, নুৰুলদা আৰু অন্যান্য বিশেষকৈ হামিদ, জমিৰ তুণ্ড, কিশোৰ আদিৰ লগত আলোচনা কৰি আমি পুথিভঁৰালৰ উদ্যোগত মাহেকীয় বৈঠক পতাৰ সিদ্ধান্ত ললোঁ। প্ৰেৰণা পুথিভঁৰালতো আমি তেনে বৈঠক পাঁচ বছৰ কৰি আহিছিলোঁ। কিন্তু বৈঠকবোৰ একেটা ঠাইতে নকৰি তাক পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন ঠাইত পতাৰ বাবে সিদ্ধান্ত ললোঁ। বৈঠকৰ বাবে প্ৰতি মাহতে এটা বিষয় নিৰ্বাচন কৰা আৰু তাৰ বিষয়ত এজনক কেন্দ্ৰীয় প্ৰবন্ধ এটি প্ৰস্তুত কৰিবলৈ দিয়া হল। প্ৰথম তিনিখন বৈঠক ৩৭৯ নং মধুপুৰ প্ৰাথমিক বিদ্যালয়তে অনুষ্ঠিত কৰিলোঁ। বৈঠকত গল্প কবিতা অন্য নিবন্ধ পাঠ কৰাৰ ব্যৱস্থাও থাকিল। লগতে থাকিল এখন প্ৰতি‍ৱেদন, যিখন ময়েই প্ৰস্তুত কৰিছিলোঁ সমসাময়িক ঘটনাবোৰৰ বিশ্লেষণ কৰি। বৈঠকৰ চৰিত্ৰ, কৰ্মপন্থা, আয়োজনৰ ধৰণ আদি এতিয়াও আগৰ দৰেই চলি আছে, কেৱল মাহেকীয়া বৈঠকৰ সলনি এতিয়া ইছ্যুভিত্তিক বৈঠক আয়োজন কৰোঁ আৰু বছৰত কমেও তিনি-চাৰিখনমান শিশুসকলৰ বাবে বৈঠক অনুষ্ঠিত কৰোঁ, ত তেওঁলোকৰ সৃষ্টিশীল লেখাবোৰৰ চৰ্চা কৰা হয় আৰু পাৰ্যমানে অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰোঁ। সম্প্ৰতি কেইগৰাকীমান কিশোৰ-কিশোৰীয়ে মোটামুটিভাৱে ভালকৈ লিখিবলৈ আৰম্ভ কৰিছে। পুথিভঁৰালৰ মহিলা সদস্য হীৰামণি চক্ৰৱৰ্তীয়ে নাৰীৰ সমস্যা আৰু পুৰুষতান্ত্ৰিক ব্যৱস্থাত নাৰীৰ মৰ্যাদাশীৰ্ষক নিবন্ধ প্ৰথম বৈঠকত পাঠ কৰিছিল। চতুৰ্থখন বৈঠক আমি নুৰুলদাৰ আমন্ত্ৰণক্ৰমে চামতাত পাতিলোঁ। তেনেদৰে এতিয়ালৈ আমি বিগত ১২ টা বছৰত ৩৮ নং বৈঠক নলবাৰীৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিলোঁ। বৈঠকবোৰত কবি পংকজ গোবিন্দ মেধি, বিনয় মজুমদাৰ, বিপুল দত্ত, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, প্ৰসন্ন কুমাৰ শৰ্মা, মানসজ্যোতি শৰ্মা আদিকে ধৰি ভালেমান কবি-সাহিত্যিকে অংশগ্ৰহণ কৰিছে। বৈঠকবোৰৰ বিশেষত্ব হ, বৈঠকত অনাহকতে কোনেও কাৰো লেখাক তোষামোদ নকৰে। যথাসম্ভৱ যুক্তিৰে ভুল-ত্ৰুটিবোৰ দেখুৱাই দিয়াৰ বাবে যত্ন কৰে। তাৰ বাবে বহুতে আমাক বেয়াও পাইছে আৰু পুথিভঁৰালো এৰিছে।

এটা কথা নিশ্চিত হৈছিলোঁ যে বৌদ্ধিক কচৰৰ বাবে এনে ধৰণৰ বৈঠকী আলোচনা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সঁচা অৰ্থত এনেবোৰ বৈঠকে কিছু সংখ্যক সামাজিক চেতনাসম্পন্ন ব্যক্তিৰ জন্ম দিব পাৰে। লগতে আমি প্ৰতিখন বৈঠকতে প্ৰাসংগিক সংগীত পৰিৱেশনৰ ব্যৱস্থাও ৰাখিছিলোঁ আৰু তাতে ঘাইকৈ উমেশ দত্ত, উদ্ধৱ ঠাকুৰীয়া, সংগীতা তালুকদাৰ আদিয়ে নিৰৱচ্ছিন্নভাৱে অংশগ্ৰহণ কৰি আহিছে। পৰৱৰ্তী খণ্ডত পুথিভঁৰালে সংগীতৰ ক্ষেত্ৰত কিদৰে কাম কৰি আহিছে তাৰ এটা আভাস দিবলৈ যত্ন কৰিম।

(পৰৱৰ্তী খণ্ডত...)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ