অন্যযুগ/


ময়ূৰ বৰাৰ পাহৰা মাণিক বিচাৰি : এটি পৰ্যালোচনা

 অসীম কুমাৰ হাজৰিকা


 

 

সাম্প্ৰতিক অসমৰ এজন চিন্তাশীল লেখক ময়ূৰ বৰা। বৰাৰ কলমত প্ৰতিফলিত চিন্তাৰাশিয়ে নতুন পুৰুষক জাতিটোৰ প্ৰতি ঋদ্ধ হবলৈ অনুপ্ৰাণিত কৰে। এক অৰ্থত কবলৈ গলে নতুন পুৰুষৰ ক্ষেত্ৰত এজন সচেতন অভিভাৱকৰ ভূমিকা পালন কৰিবলৈ প্ৰয়াস কৰিছে ময়ূৰ বৰাই। জাতীয় চেতনাৰ তিৰবিৰ ৰেঙণিৰে নতুন পুৰুষক পোহৰৰ পথ দেখুওৱা ময়ূৰ বৰাৰ লেখনিত ইতিহাসৰ সোণসেৰীয়া উপাদানেৰে উজ্জীৱিত জাগতিক চিন্তাৰ দৌৰাত্ম্য দেখিবলৈ পাওঁ। তেনে কিছুমান ইতিহাসৰ উপাদানক সমল হিচাপে লৈ লেখক বৰাই পাহৰা মাণিক বিচাৰি শীৰ্ষক একুৰি বাৰটা প্ৰবন্ধৰ এখন সংকলন প্ৰকাশ কৰিছে। প্ৰায়খিনি প্ৰবন্ধই অসম আৰু অসমীয়াত্বৰ লগত ওত:প্ৰোতভাৱে জড়িত। গ্ৰন্থখনিৰ এটা ভাল লগা দিশ হৈছে - অসম তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতেই আবদ্ধ নাথাকি দেশ-বিদেশৰো কিছুমান বিষয় সামৰি লৈছে। 

পাহৰা মাণিক বিচাৰি’- এই নামটোতেই যেন গভীৰ অৰ্থ নিহিত হৈ আছে। ইতিহাসৰ পৃষ্ঠাত জিলিকি থকা কিছুমান উজ্বল চৰিত্ৰক নতুন পুৰুষৰ মাজলৈ উলিয়াই আনিবলৈ প্ৰয়াস কৰিছে লেখক বৰাই। নতুন পুৰুষে যাতে ইতিহাসৰ মহান মণিষীসকলৰ গৌৰৱ-গাঁথাক অনুপ্ৰেৰণাৰ অমল উৎস হিচাপে লৈ স্বাভিমানী হবলৈ সুযোগ পায়--লেখক বৰাই প্ৰবন্ধখিনি প্ৰস্তুত কৰোঁতে এই দিশটোত গুৰুত্ব আৰোপ কৰিছে আৰু গ্ৰন্থখনি অধ্যয়ন কৰোঁতে এই কথাটোৱে মোৰ মনত গ্ৰন্থখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিছে। 

কিছুমান মানুহে নিজৰ কৰ্মৰ দ্বাৰা সমাজ জীৱন সমৃদ্ধ কৰি থৈ যায়। সেইবাবেই তেওঁলোক অনন্য। তেওঁলোকৰ অকুণ্ঠ ত্যাগৰ বাবেই সমসাময়িক অন্যজনতকৈ তেওঁলোক পৃথক। বৰাৰ গ্ৰন্থখন পঢ়ি থাকোঁতে অতীতৰ গৌৰৱ গাঁথাত যিদৰে সন্মোহিত হৈছিলোঁ, ঠিক তেনেদৰে ভাবি আচৰিতো হওঁ এইবাবেই যে অসমীয়া জাতি হিচাপে আমি ঐতিহাসিক সমলবোৰৰ প্ৰতি কিমান যে অজ্ঞান! এই অজ্ঞানতাই কৰবাত নহয় কৰবাত অসমীয়া জাতিক আগুৱাই যোৱাত হেঁচুকি ধৰিছে নেকি! অতীতৰ শৌৰ্য-বীৰ্যক বা ইতিহাসৰ স্বৰ্ণিল ক্ষণবোৰক আমি পাহৰি গৈছোঁ নেকি! এনে ধৰণৰ চিন্তাক ন-ৰূপত পাঠকৰ আগত তুলি ধৰিছে লেখক বৰাই।  

চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সাহসী পুত্ৰ, অসম মাতৃৰ এজন বীৰ সন্তান অতুল চন্দ্ৰ শইকীয়াৰ সতে আমাক পৰিচয় কৰাই দিছে প্ৰথমটো প্ৰবন্ধত। যিটো সময়ত কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষই অস্থিৰ কৰি তুলিছিল সমগ্ৰ দেশ, তেনে জটিল সন্ধিক্ষণত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অব্যাহত ৰাখিছিল আকাশবাণীত অসমীয়া অনুষ্ঠান। ১৯৪৬ চনৰ ১৬ আগষ্টৰ সেই বিশেষ দিনটোত অতুল চন্দ্ৰ শইকীয়াৰ এই সাহসী কাৰ্য অনুষ্ঠানৰ দায়িত্বত থকা কমল নাৰায়ণ চৌধুৰীকে প্ৰমুখ্য কৰি সকলো অসমীয়া শ্ৰোতাক আচৰিত কৰি তুলিছিল। মাতৃভূমি-মাতৃভাষাৰ প্ৰতি থকা অতুল চন্দ্ৰ শইকীয়াৰ দুৰ্বাৰ প্ৰেমৰ বাসনা জাতীয় জীৱনৰ এই সন্ধিক্ষণত নতুন পুৰুষৰ বাবে উৎসাহৰ চানেকি হব পাৰে! 

গ্ৰন্থখনিৰ দ্বিতীয়টো প্ৰবন্ধৰ মাধ্যমেৰে প্ৰাক-স্বাধীনতা কালত অসমৰ সন্মিলিত ছাত্ৰ-শক্তিৰ উজ্বল ভূমিকাৰ কথা বৰ্ণনা কৰিছে। সাম্প্ৰতিক সময়ত ছাত্ৰ সংগঠনক নেতৃত্ব দিয়া নেতাসমূহে এই প্ৰবন্ধটো মনপুতি পঢ়িলে বহুতো নতুন তথ্যৰ সম্ভেদ পাব। গ্ৰন্থখনি অধ্যয়ন কৰোঁতে এটা প্ৰবন্ধ পঢ়ি অলপ ব্যতিক্ৰমী সুখ অনুভৱ কৰিলোঁ। ব্যক্তিগত জীৱনত যিজন ব্যক্তিৰ লেখাই মোক আশাবাদ দেখুৱাইছিল, বহু নতুন লেখকৰ বাবে যি উৎসাহৰ চানেকি বহন কৰি আহিছে; যাৰ বৌদ্ধিক কৰ্ষণত সমৃদ্ধ হৈছিল অসমীয়া সাহিত্যৰ পথাৰ- সেইজন বৰেণ্য মণিষী শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি। প্ৰবন্ধৰ শিৰোনাম, ‘হোমেন বৰগোহাঞি : ব্যক্তিত্বৰ কেইটামান দিশ’।  সাহিত্যৰ জগতখনলৈ যাতে নতুন পুৰুষৰ আগমন ঘটে- এই দিশটোত সদায়েই গুৰুত্ব আৰোপ কৰিছিল বৰগোহাঞি ছাৰে। পূৰ্বৰ এচাম লেখকে নতুন প্ৰতিভাক স্বীকৃতি দিবলৈ অনিচ্ছুক আছিল। কিন্তু বৰগোহাঞি আছিল এক ব্যতিক্ৰমী সত্বা। নতুন প্ৰজন্মটোক লৈ প্ৰচণ্ড আশাবাদী হোমেন বৰগোহাঞিৰ ওপৰত এটা মননশীল লেখা প্ৰস্তুত কৰাৰ বাবে লেখক নি:সন্দেহে ধন্যবাদৰ পাত্ৰ। অৱশ্যে এটা কথা কবই লাগিব যে এই লেখাটোৱে বৰগোহাঞিৰ দৰে বিশাল ব্যক্তিসত্বাৰ সকলো দিশ সামৰা নাই বা এই লেখাটো বৰগোহাঞিৰ ব্যক্তিত্বৰ সঠিক মূল্যায়ন বুলি আমি কব নোৱাৰোঁ। বৰগোহাঞিৰ ব্যক্তিত্বৰ কিছুমান ইতিবাচক দিশহে পাঠকৰ আগত তুলি ধৰিছে লেখক বৰাই। বৰগোহাঞিৰ প্ৰতিভা, সাহিত্যিক ব্যাপ্তি সফল ৰূপত উন্মোচন কৰিবলৈ লেখাটো আৰু আকৰ্ষণীয় কৰিব পৰাৰ থল আছিল বা লেখকে ইচ্ছা কৰা হলে বৰগোহাঞিৰ ব্যক্তিত্বৰ সূক্ষ্ম বিশ্লেষণ কৰি লেখাটো আৰু গভীৰ কৰিব পাৰিলেহেঁতেন! তথাপিও কব পাৰোঁ- এই লেখাটো পঢ়িলে নতুন লেখকসকলে সমাগত সময়বোৰত খোজ দিবলৈ অফুৰন্ত সাহস পাব।  

আন এটা উল্লেখযোগ্য প্ৰবন্ধ হ, ‘এজন পণ্ডিত আৰু অসমীয়াৰ অকৃতজ্ঞতা। অসমীয়া সাহিত্যৰ ভড়াঁলত নৱন্যাসৰ মূল কাণ্ডাৰী, ‘অসমীয়া সাহিত্যৰ চানেকি প্ৰকাশ কৰি সেইটো সময়তেই কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ পাঠদানৰ প্ৰাৰম্ভতে অৰিহণা যোগাইছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে। হেমকোষ অভিধান প্ৰকাশ কৰাৰ ক্ষেত্ৰতো বাটকটীয়া আছিল তেওঁ। অসমীয়া সাহিত্যৰ উত্তৰণত হেমকোষৰ অৱদান কি সেয়া নতুনকৈ অৱতাৰণা কৰিব খোজা নাই ।লেখক বৰাই উক্ত প্ৰবন্ধটোৰ মাজেৰে দুখ প্ৰকাশ কৰিছে। দুখ প্ৰকাশ কৰাৰো অৱশ্যে কাৰণ আছে; কিয়নো  হেমচন্দ্ৰ গোস্বামীৰ দৰে মহান পণ্ডিতজনৰ ডেৰশ বছৰীয়া জয়ন্তীত আমি যেন তেওঁৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰিব পৰা নাই! জাতীয় জীৱনত প্ৰভূত অৰিহণা যোগোৱা এজন মহান অসমীয়াৰ প্ৰতি আমি যেন অৱহেলা কৰিছোঁ! লেখকে প্ৰবন্ধটোৰ মাজেৰে মনৰ আক্ষেপ ব্যক্ত কৰিছে। 

গ্ৰন্থখনিত লেখক ময়ূৰ বৰাই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈক আন্তৰিকতাৰে সোঁৱৰণ কৰিছে।নবীন চন্দ্ৰ বৰদলৈৰ কথা কবলৈ যাওঁতে লেখকে প্ৰাসংগিকভাৱে উত্থাপন কৰিছে আধুনিক ভাৰত বুৰঞ্জীৰ অন্যতম অধ্যায় জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰসংগ। পাঠক সমাজ জ্ঞাত যে অসম সভাৰ সম্পাদক হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে পঞ্জাবৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছিল যাৰ বাবে দুবাৰকৈ ব্ৰিটিছ শাসকে যাচি দিয়া হাকিমৰ চাকৰি প্ৰত্যাখ্যান কৰি তেওঁ স্বাধীনভাৱে গুৱাহাটীত ওকালতি কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। এইজনেই অসমী আইৰ সুযোগ্য সন্তান কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ- যাৰ চিন্তাৰ দৌৰাত্ম্যত সজীৱ হৈ উঠিছিল অসমীয়া জাতীয়তাবাদৰ নিভাঁজ সত্ত্বা। 

নবীনচন্দ্ৰ বৰদলৈ আছিল এজন স্বাভিমানী, বীৰ অসমীয়া। ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত অসমক প্ৰতিনিধিত্ব কৰিছিল বৰদলৈয়ে আৰু তাতেই মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। অসমক সুকীয়া প্ৰদেশ কংগ্ৰেছ কমিটি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰাটোৱেই কংগ্ৰেছী ৰূপে বৰদলৈ ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ কৰ্ম। ১৯২১ চনত তেখেত প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক নিযুক্ত হৈছিল। ১৯২১ চনৰ ১৮ আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে যেতিয়া অসম ভ্ৰমণ কৰিছিল, তাৰ পাছতে ৩০ নৱেম্বৰৰ দিনা ৰাজনৈতিক ক্ৰিয়াকলাপৰ বাবে চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰিছিল। অসমত অসহযোগ আন্দোলনে পূৰ্ণতা পোৱাৰ গুৰিতে থকা মানুহজন আছিল নবীন চন্দ্ৰ বৰদলৈ। এই প্ৰাসংগিক বিষয়বোৰ আৰু তথ্যসমৃদ্ধ, মননশীল কৰিব পৰাৰ থল লেখক বৰাৰ হাতত আছিল! আজিৰ প্ৰেক্ষাপটতো তেনেই প্ৰাসংগিক এজন অসমীয়া মনীষীক নতুন চিন্তাৰে অৱলোকন কৰিবলৈ অৱশ্যে ময়ূৰ বৰাই পাঠক সমাজক এটা সুযোগ দিছে। নবীন চন্দ্ৰ বৰদলৈৰ অসমপ্ৰেম উত্তৰ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰওক; এই কথাটো প্ৰতিজন অসমীয়াই অন্তৰেৰে কামনা কৰিব। পাঠক সমাজেও সেই সুযোগ গ্ৰহণ কৰি স্বদেশ-স্বাভিমান অধ্যয়নত ব্ৰতী হলে ইতিহাসৰ সোণসেৰীয়া সমলবোৰ সমাগত সময়ত নতুন পুৰুষৰ আগত প্ৰোজ্বল হৈ উঠিব। 

যিসকলে অসম বুৰঞ্জী অধ্যয়ন কৰিছে তেওঁলোকৰ বাবে মাণিক চন্দ্ৰ বৰুৱা এটা চিনাকি নাম। গুৱাহাটী মিউনিচিপালিটিৰ প্ৰথমজন বেচৰকাৰী চেয়াৰমেন, আসাম এছচিয়েছনৰ প্ৰধান সচিব, কটন কলেজ আৰু অসমৰ প্ৰথমখন আইন মহাবিদ্যালয় স্থাপনৰ আঁৰৰ মানুহ মাণিক চন্দ্ৰ বৰুৱাক আজিৰ অসমীয়া সমাজখনে মনত ৰাখিছোঁনে? আমিবোৰ আত্মকেন্দ্ৰিক হৈ গৈছোঁ নেকি দিনক দিনে! কেৱল অৰ্থসৰ্বস্ব চিন্তাই আমাক মষিমূৰ কৰিছে নেকি! এনেধৰণৰ চিন্তাই লেখকৰ মনত জুমুৰি দি ধৰিছে আৰু এনেধৰণৰ প্ৰেক্ষাপটক সমল হিচাপে লৈ লেখকৰ কলমত মূৰ্ত হৈ উঠিল মাণিক পাহৰা অসমীয়া শীৰ্ষক প্ৰবন্ধ। নতুন পুৰুষৰ বাবে পঠনীয় এটা চিন্তাশীল প্ৰবন্ধৰ ৰসাস্বাদন কৰি মাণিক চন্দ্ৰ বৰুৱাৰ দৰে এটা মহান সত্ত্বাক ৰদৰ জলঙাৰে জুমি চাবলৈ সুযোগ পালোঁ।  

ময়ূৰ বৰাৰ লেখা মানেই নতুন চিন্তনৰ উদ্ৰেক; যুক্তিনিষ্ঠ বিশ্লেষণসমৃদ্ধ বৌদ্ধিক কৰ্ষণ। ময়ূৰ বৰাই লেখা প্ৰস্তুত কৰোঁতে যে যথেষ্ট অধ্যয়ন কৰিছে, সেই কথাষাৰৰ উমান প্ৰবন্ধখিনি অধ্যয়ন কৰিলেই পোৱা যায়। আমেৰিকাৰ অসমীয়া আৰু গোৱালপাৰাৰ বাঙালী শীৰ্ষক প্ৰবন্ধটো পঢ়োঁতে ন ন তথ্যৰ সম্ভেদ পালোঁ। প্ৰসন্ন কুমাৰ ঘোষ নামৰ উকীলজনৰ অসমৰ প্ৰতি থকা ভালপোৱা আৰু ১৯১১ চনৰ লোকপিয়লত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা লেখকে সুন্দৰভাৱে প্ৰকাশ কৰিছে।প্ৰসন্ন কুমাৰ ঘোষৰ তৎপৰতাৰ বাবেই দ্বিতীয়বাৰ লোকপিয়ল কৰিবলৈ সেই সময়ত চৰকাৰ বাধ্য হৈছিল যাৰ ফলশ্ৰুতিত জিলাখনত অসমীয়াৰ সংখ্যা শতকৰা ৬৬ জন হৈছিলগৈ। অসমীয়া ভাষাৰ হিত সাধনাৰ্থে ঘোষে পালন কৰা বলিষ্ঠ ভূমিকাক লেখকে আন্তৰিকতাৰে সোঁৱৰণ কৰিছে। গতিকে, প্ৰসন্ন কুমাৰ ঘোষ নামৰ অসমীয়া হিতৈষীজনক নতুন চিন্তাৰে অৱলোকন কৰিবলৈ সুযোগ পালোঁ আমেৰিকাৰ অসমীয়া আৰু গোৱালপাৰাৰ বাঙালী শীৰ্ষক প্ৰবন্ধটোৰ মাধ্যমেৰে। 

পাহৰা মাণিক বিচাৰি সাম্প্ৰতিক সময়ত ৰচিত যুগ সাপেক্ষ এখন পঠনীয় গ্ৰন্থ। আমাৰ অতীতৰ গৌৰৱোজ্বল ইতিহাসক পাহৰিলে আমি স্বাভিমানী অসমীয়া হিচাপে নিজৰ পৰিচিতি দিব নোৱাৰিম। লেখক বৰাই এই দিশটোৰ বিশেষভাৱে তাৎপৰ্য অনুধাৱন কৰি নৱ চিন্তাৰ উন্মেষেৰে আমাক আলোকৰ পথ দেখুৱাইছে। গ্ৰন্থখন অধ্যয়ন কৰি আমি নতুন চিন্তাৰে অৱলোকন কৰিবলৈ সুযোগ পালোঁ-- আজানপীৰ, প্ৰৱাসী অসমীয়া ৰাজেন বৰুৱা, ভৱানন্দ দত্ত, হেম বৰুৱা, প্ৰফুল্ল ৰাজগুৰু, হৰিণ মহন্তৰ দৰে চিৰপূজ্য মনীষীসকলক। তেওঁলোকৰ জীৱন-কীৰ্তিক নতুন পুৰুষে অধ্যয়ন কৰাৰ খুবেই প্ৰয়োজনীয়তা আছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা পালন কৰা নগাঁৱৰ কিৰণ বালা বড়াক আজিৰ অসমীয়াই মনত ৰাখিছোঁনে? এইগৰাকী মহীয়সী নাৰীৰ ত্যাগক নতুন পুৰুষৰ সন্মুখত লেখকে বুদ্ধিদীপ্ততাৰে উপস্থাপন কৰিছে। ঠিক সেইদৰে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, শংকৰী সংস্কৃতিৰ সাধক ইলাৰাম দাসৰ দৰে পুৰোধা ব্যক্তিৰ ওপৰতো লেখকে খুব সুন্দৰভাৱে প্ৰবন্ধ প্ৰস্তুত কৰি গ্ৰন্থখনিত সন্নিৱিষ্ট কৰিছে। 

পাহৰা মাণিক বিচাৰি গ্ৰন্থখনিত সন্নিৱিষ্ট প্ৰবন্ধসমূহত লেখকৰ দ্বাৰা ব্যৱহৃত ভাষা প্ৰাঞ্জল। লেখকে ভাষাৰ লালিত্য আৰু যুক্তিনিষ্ঠ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিছে। গ্ৰন্থখনি প্ৰণয়ন কৰি লেখকে জাতীয় জীৱনৰ প্ৰতি থকা দায়ৱদ্ধতা প্ৰকাশ কৰিছে। ঐতিহাসিক সমলৰ প্ৰতি আগ্ৰহ বৃদ্ধি যেন লেখকৰ অন্যতম উদ্দেশ্য ৷ এজন নন-ফিকশ্যন লেখক হিচাপে বৰাই প্ৰবন্ধাৱলী প্ৰস্তুত কৰোঁতে তুলনাত্মক বিশ্লেষণৰ ওপৰত যদি অলপ গুৰুত্ব প্ৰদান কৰে তেতিয়া লেখাসমূহ আৰু গভীৰ ৰূপত নিৰ্মাণ কৰিব পাৰিব। বিভিন্ন দৃষ্টিভংগী, ঐতিহাসিক সময় বা বিভিন্ন কেছ ষ্টাডি তুলনা কৰিলে বিষয়টোৰ বিষয়ে বৈপৰীত্য আৰু সাদৃশ্যসমূহ উজ্জ্বলি উঠে যিয়ে পাঠকৰ বাবে  উপলব্ধিৰ ক্ষেত্ৰত সহায়ক হয়। এই পদ্ধতিৰে আৰু অধিক সুক্ষ্ম বিশ্লেষণ আগবঢ়াব পাৰি। উদাহৰণস্বৰূপে, কোনোবা সামাজিক আন্দোলনৰ বিষয়ে পৰ্যালোচনা কৰাৰ সময়ত বিভিন্ন দেশৰ বিভিন্ন আন্দোলনৰ কৌশল আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে তুলনা কৰিলে অন্তৰ্নিহিত আৰ্হি আৰু অনন্য প্ৰত্যাহ্বানসমূহ উন্মোচিত হ’ব পাৰে। ভালদৰে সম্পাদন কৰা এক তুলনাত্মক অধ্যয়নে লেখকৰ যুক্তিক অধিক শক্তিশালী আৰু বৰ্ণনাক অধিক উপযোগী কৰি তুলিব পাৰে, যাৰ ফলত পাঠকসকলে বিষয়টোৰ ওপৰত এক বিস্তৃত দৃষ্টিভংগী লাভ কৰিবলৈ সক্ষম হব। প্ৰসিদ্ধ ইংৰাজ লেখক হাজলিট আৰু জৰ্জ অৰৱেলৰ চিন্তা-উদ্ৰেককাৰী ৰচনাসমূহ পঢ়াৰ পাছত এই কথাখিনিৰ গভীৰতা মৰ্মে মৰ্মে উপলব্ধি কৰোঁ।লেখাসমূহৰ গঠন স্পষ্ট আৰু সামঞ্জস্যপূৰ্ণ হলে পাঠকৰ আগত প্ৰামাণিক কণ্ঠ হিচাপে ধৰা দিয়ে যাৰ ফলত লেখাবোৰ তথ্যসমৃদ্ধ আৰু বাধ্যতামূলক দুয়োটা ৰূপতে জ্যোতিস্মান হয়। লেখক ময়ূৰ বৰাৰ উদ্দেশ্য সৎ। ভৱিষ্যতৰ সময়ত ময়ূৰ বৰাই পাঠকৰ বাবে নতুন চিন্তাৰ দুৱাৰ মুকলি কৰিব বুলি আমি আশা কৰিব পাৰোঁ। পাহৰা মাণিক বিচাৰি গ্ৰন্থখনি অধ্যয়ন কৰিলে পাঠক সমাজ কিঞ্চিত হলেও উপকৃত হব বুলি আমি মন্তব্য পোষণ কৰিব পাৰোঁ।

***

ভ্ৰাম্যভাষ : ৬০০০০৬২১৩৯

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ