ধ্ৰুৱকুমাৰ তালুকদাৰ
গুণ্গুণাই থাকোঁতে গানটো
পকি উঠিল
পকি উঠিল পশ্চিম গাৰোপাহাৰৰ
এটা সুমথিৰাৰ দৰে
তুমি বুকুত এবুকু মেঘ লৈ উৰি ফুৰিছিলা
ঠিক মোৰ মূৰৰ ওপৰৰ আকাশখনত
তুমিও এটা গান গুণগুণাই আছিলা
গানটোৰৰ আঙুলিবোৰ
লাহে লাহে বৰষুণ হৈ সৰি পৰিছিল
সেই বৰষুণত মই তিতিছিলোঁ
এনেকৈ তিতিছিলোঁ যে মোৰ ভৰিৰ
মোজা দুপাত জোকৰ দৰে পিছল হৈ পৰিছিল
আৰু মোৰ এটাৰ পিছত আনটো খোজ
ভুল বাটে যাবলৈ ধৰিছিল
মই জানিছিলোঁ, ভুল বাটে গৈ গৈ
মই আৰু কোনোদিনে
উভতি আহিব নোৱাৰিম নিজলৈ
কথাটো ভাবি ভাবি মোৰ মনটো গধুৰ হৈ পৰিছিল
আৰু মোৰ চকুদুটা তেজৰ দৰে ৰঙা হৈ উঠাৰ আগতে
গুণগুণনিত পকি উঠা গানটো
আকাশলৈ মাৰি পঠিয়াইছিলোঁ
মোৰ বিশ্বাস
গানৰ সেই পকা সুমথিৰাটো এদিন সূৰ্য হ’ব
আৰু সি তোমাৰ বুকুৰ মেঘবোৰ পুৰি পেলাব