পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ
(১)
নিজানৰ নৈ;
বালিচন্দা সাবটি ৰৈ আছে
নিয়ৰ উৰালৈ৷
(২)
এবাৰো নাচালা
শেৱালিজোপাত ওৰেনিশা তিতি থাকিল
হেমন্তৰ বিষাদ৷
(৩)
বগা চাদৰখন
তোমাৰ গাত দিওঁতেই শুকাল
চকুপানীৰ বাট৷
(৪)
বাৰিষাৰ জোন;
উজানৰ পানীত নাচি ফুৰিছে
প্ৰতিমাৰ সপোন৷
(৫)
মেঘবোৰৰ হৈ-চৈ;
সৰাপাতত সেমেকি উঠিছে
শীতৰ নৈ৷
(৬)
ভৰা নদীৰ ঘাট;
বতাহজাকে সুহুৰিয়ালে বাজে
বাঁহীটোৰ মাত৷
(৭)
গাভৰু জোনবাই;
গাত ৰং সানি গুচি গ'ল
জাৰৰ দিনৰ মাত৷
(৮)
পানীমেটেকা;
ওপঙি আছে জীৱন আৰু
পিতাৰ মৃত সপোন৷
(বিশেষ দ্ৰষ্টব্য : জাপানী কাব্যপৰম্পৰাৰ হাইকুৰ দৰে কেইটামান অসীময়া কবিতা৷ একোটা হাইকু তিনিশাৰীত সোতৰটা “syllable”-ত ৫ + ৭ + ৫
এই পদ্ধতিৰে বান্ধ খাই থাকে৷ সময়ে কিছু সলনি কৰিছে জাপানীসকলৰ নিয়ম৷ ইংৰাজীত
লিখিবলৈ ভাল পাইছিলোঁ যদিও অসমীয়াত কঠোৰ নীতিৰে সোতৰটা syllable-অত বান্ধিবলৈ লওঁতে আকৰ্ষণ হেৰোৱাৰ উপক্ৰম হ’ল৷ সেয়ে
syllable-অৰ বান্ধোন কিঞ্চিৎ শিথিল কৰিলোঁ৷ দুই-এটাত হাইকুৰ syllable-অৰ বান্ধোন আছে, কিছুমানত
সামান্য ইফাল-সিফাল হৈছে৷ সেয়ে এই কবিতাকেইটা হাইকুৰ দৰেহে, আক্ষৰিক অৰ্থত হাইকু
নহয়৷)
ভ্ৰাম্যভাষ - ৭০০২১৭১৮১২