ৰুদ্ৰ সিংহ মটক
‘‘Poetic
feeling is directed feeling, — feeling directed by the social ego.’’ (Christopher Caudwell)
|
হালধীয়া বৃত্ত |
একাধাৰে কবি, সংগীতশিল্পী, নাট্যকাৰ তথা বোলছবি অভিনেতা বিশাল অনুৰাগৰ তৃতীয় কাব্যগ্ৰন্থ হালধীয়া বৃত্ত (২০১৯)। উল্লেখযোগ্য যে ‘হয় মই সন্ত্রাসবাদৰ পক্ষপাতী’ (১৯৯৭) আৰু ‘সপোনৰ
ডঁৰিকনাজাক’ (২০১৭) কাব্যগ্রন্থৰে আগবয়সতে কবিয়ে পঢ়ুৱৈৰ হৃদয় জয় কৰিছিল। বিশাল অনুৰাগৰ সৃষ্টিৰ মূল প্ৰেৰণা খ্ৰীষ্টোফাৰ কড্ৱেলে কৈ যোৱা ‘social ego’, —
জীৱন আৰু চৌপাশৰ বৈচিত্ৰ্যময় সমাজখনৰ বিশাল দিগন্ত। কবিৰ ‘হালধীয়া বৃত্ত’-ই ঘুণপোকে কুটি কুটি ভিতৰি ফোঁপোলা কৰা ইলিয়টৰ ‘hollw man’ আৰু সমাজ-মানসৰ দ্ৰুত অৱক্ষয়ৰ দিশটোলৈকে যেন আঙুলি টোঁৱাইছে। তেওঁৰ চিন্তাৰ পৰিধি, কাব্যভাবনা আৰু পৰিশীলিত কথনভংগী
সমসাময়িক আন দহজন তৰুণ কবিৰ কবিতাৰ পৰা যেন কিছু সুকীয়া। লোকজীৱনৰ পৰশ থকা কবিৰ শব্দচয়ন, চিত্ৰ-উপমা আৰু বাক্ৰীতিত যিদৰে গীতিময়তাৰ ব্যঞ্জনা আছে, সেইদৰে আছে মৃদু ৰহস্যময়তাৰ আচ্ছাদন। কবিতা মূলতঃ ৰসবস্তু। ৰস সত্যলৈ উন্নীত হ’লেহে ভাব সজীৱ,
সুষমামণ্ডিত হৈ উঠে। মাটিৰ আবুৰত লালিত শিপাৰ দৰে ৰসসিক্ত এক অনুচ্চ অথচ অৰ্থোজ্জ্বল কণ্ঠস্বৰ বিশাল অনুৰাগৰ কবিতা প্ৰতিমাৰ হৃদয়ৰ অলংকাৰ।
নিজৰাবোৰ শুকালেও
নুশুকায় ভালপোৱাৰ তৃষা
**
নদীৰ শাসক নাই
নদীৰ প্রভু নাই
নদীয়েই নদীৰ পৰিচয়
(মোক জিৰাব দিয়া নদীৰ নাভিত)
নদী চিৰসেউজীয়া সংস্কৃতিৰ প্ৰতীক।
সৃষ্টিশীল উৰ্বৰতাৰো চিৰন্তন প্ৰতীক নদী। ‘নদীৰ
শাসক নাই’ আৰু ‘নদীৰ প্রভু নাই’—
এনে উক্তিৰ দ্বাৰা নদী যে মূলতঃ স্বাধীন আৰু এই স্বাধীন সত্তাই যে নদীৰ
প্রথম পৰিচয়, সেই সত্যকে কবিয়ে প্ৰতিপন্ন কৰিছে। কিন্তু
আমাৰ কবি নিতান্তই সজাগ আৰু সচেতন যে চিৰপ্ৰবহমান নদীৰ দৰে
মানুহ আজিও স্বাধীন হ’ব পৰা নাই। বহু সময়ত শ্ৰেষ্ঠ জীৱ
মানুহ তথাকথিত শাসক বা প্রভুৰূপী আন এক তৃতীয় শক্তিৰ দ্বাৰা নিয়ন্ত্রিত। অৰ্থাৎ
মানুহ এই আধুনিক যুগতো মুক্ত নহয়, বন্দী। দাৰ্শনিক ৰুছ’ৱে ক’বৰ দৰে— ‘‘Man is born free but
everywhere in chains.’’ কিন্তু কবিয়ে জীৱশ্ৰেষ্ঠ মানুহৰ বন্দিত্বৰ এই গ্লানি আৰু অপমান যেন সহ্য কৰিব পৰা নাই। ‘‘মোক
জিৰাব দিয়া নদীৰ নাভিত’’— এই বাক্যাংশৰে কবিয়ে নিজৰ স্বাধীন,
স্বাভিমানী মননৰ পৰিচয় দাঙি ধৰিছে।
‘দাপোণ বিভ্ৰাট’ বিশালৰ এটি ব্যতিক্রমী অথচ মৌলিক চিন্তাপ্ৰসূত কবিতা। তেওঁৰ দৃষ্টিত় বিশ্বায়নৰ কুটিল প্ৰভাৱত পৃথিৱীখন ভাবিব নোৱৰাকৈ সলনি হৈছে। বহুৰঙী, চৌখিন পৃথিৱীখন আজি আৰু আগৰ সেই সৰল, মাটিৰ পৃথিৱী হৈ থকা নাই। ই যেন হোজা মানুহখিনিক বিভ্ৰান্তিত পেলোৱা জীৱন বাটৰ অলেখ ছায়া-প্ৰচ্ছায়া বিম্বিত ‘আইনাৰ ঘৰ’। কবিৰ বিৰল আইৰনি বা বাক্চাতুৰ্য মন কৰিবলগীয়া। যি কোনো মানুহকে বিভ্ৰান্তিত
পেলোৱাটোৱেই যেন পানীৰঙৰ এই আইনাৰ কাম।
আৰুনো কি কাম দাপোণৰ
বিবুদ্ধিত পেলায় মানুহক
এতিয়া পৃথিৱীখনেই আইনাৰ ঘৰ
বিভ্ৰান্তিত সোঁ-বাঁও বাট।
কবিতা পাঠকক বিবুধিত পেলাব পৰা কোনো আইনাৰ ঘৰ নহয়, নষ্ট শস্যৰ মনোজ্ঞ বিজ্ঞাপন নহয়। কবিতা হৃদয়ৰ পলসত গজি উঠা ৰ’দ-শইচৰ মুগ্ধ আৱাহনী। ‘খেজুৰজোপা মই’ আৰু ‘ফাগুন’ বিশালৰ কলমৰ দুটি মন চুই যোৱা কবিতা। ইয়াত আংগিক, ভাবমণ্ডল বিনিৰ্মাণ, কথনভংগী— এই কেয়োটা দিশতে কবিৰ চিৰন্তন আৱেগ, ভাবৰ স্বতস্ফূর্ততা, শিল্পদৃষ্টিৰ নিৰ্লোভ উদ্ভাস মন কৰিবলগীয়া। এনে কবিতাৰ বুকুৰ অনুভূত শব্দ-গন্ধ, সংগীত আৰু সৌন্দৰ্যই জোনাকত গলিব ধৰা শিশিৰৰ লাহি আঙুলিৰ সেউজ-নিৰ্মল স্পৰ্শৰ দৰে আশা, উছাহ আৰু অনাবিল প্ৰেৰণা দিয়ে ।
এই যে দেহক আগুৰি কাঁইটীয়া ৰুক্ষতা
সেয়া কৰাল বন্ধা স্মৃতি
বতাহক খোঁচা জোঙাল পাতবোৰ
গাপ দি ৰখা কথাৰ বিহ্বলতা
বুকুৱেদি বগাই আঘাত হানাহি মোক
টোপ-টোপকৈ নিগৰক যন্ত্রণা
(খেজুৰজোপা মই)
**
মদাৰৰ এটি পাহিক চুমি
কাৰ কপালত টুপুককৈ সকাল
এটোপাল বৰষুণ
তিতিল তৃষাৰ পলাশী ওঁঠ
নাভিক খামুচি ফুলিল শিমলু
(ফাগুন)
বিশ্বায়ন আৰু যন্ত্র সভ্যতাই কাঢ়ি নিছে অসমীয়া সংস্কৃতিৰ ঐতিহ্য-পৰম্পৰা আৰু আপোন গাঁওবোৰৰ সপোন-শুৱনি নৈসৰ্গিক শোভা। অসমীয়া মানুহে পালন কৰা বিয়া, সবাহ, শ্ৰাদ্ধৰ দৰে পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানবোৰত কলগছে এক অপৰিহাৰ্য ভূমিকা পালন কৰি আহিছে। কিন্তু দুখৰ কথা আজি বহু গাঁৱত কলগছ পাবলৈ নাই। নক’লেও হ’ব তামোল গছ, নাৰিকলৰ গছৰ দৰে কলগছেও গাঁওবোৰ চালে চকু ৰোৱাকৈ সেউজ-শুৱনি কৰি ৰাখে। আমি সততে অৱগত যে কবিমনৰ সৌন্দর্য চেতনা নৈৰ্ব্যক্তিক কিম্বা নিৰালম্ব নহয়। কল্পনাশক্তি বা অন্তৰ্দৃষ্টিৰ যি স্বাভাৱিক উদ্ভাস সেয়া কবিৰ আলোকমণ্ডিত জীৱনদৃষ্টিৰে ৰহণীয়া শইচ্। হৃদয়ৰ তিলোত্তমা কবিতাৰ সৌন্দর্যৰ জেউতি তিল তিলকৈ হৰি নিয়া চৌপাশৰ ৰুঢ়, নিদাৰুণ বাস্তৱতাই কবিক ভিতৰি ভিতৰি ব্যথিত কৰিছে। সেয়ে হ’লেও ক’ব লাগিব পঢ়ুৱৈক প্ৰথম পাঠতে আকৰ্ষণ কৰিব পৰাকৈ সমৃদ্ধ কবিৰ লোকমন আৰু কবিতাৰ পৰিভাষা। চিনাকি চিত্ৰকল্প আৰু অনুভৱৰ সেউজ লালিমাৰে উজ্জ্বল বিশাল অনুৰাগৰ কবিতাৰ ভাবমণ্ডল।
শৰাই এখন আগবঢ়াবলৈকে
গাঁওখনত এখিলা নিকা আগলতি কলপাত নাই
**
সময়ত সলনি হয় সকলো
নঙলা গুচি গেট, জেওৰা গুচি দেৱালয়
ভালেই হ’ল
বাটৰুৱাৰ বাবে শেৱালিজোপা অদেখা সুগন্ধি হৈ ৰ’ল
সংকলনটোত সন্নিৱিষ্ট সবাতোকৈ চুটি, মাত্র দুটি শাৰীৰ এটি স্মৰণীয় কবিতা ‘দেউতা’। সকলোৱে জনা শব্দও নতুন ৰূপ-গন্ধ-ব্যঞ্জনাৰে জীৱন্ত হৈ উঠিছে এই কবিতাটোত। কবি বিশালৰ ভূৰুকাত হাতী ভৰাব পৰা বাক্-সংযম, বুদ্ধিমত্তা, সহজ অথচ অৰ্থোজ্জ্বল শব্দচয়নে আমাক অসমীয়া কবিতাৰ কিম্বদন্তি কবি হীৰুদাৰ কবিতাবোৰলৈ মনত পেলাই দিয়ে। এই বিৰল শিল্পগুণ বিশালৰ চহকী কাব্যবীক্ষাৰ চানেকি।
হৃদয়খন মমৰ চাগে
দুচকু সেয়ে ঘনাই জ্বলে
(দেউতা)
আমাৰ দৃষ্টিত হালধীয়া বৃত্তৰ সৰ্বশ্ৰেষ্ঠ কবিতাটি ‘দীঘল চুলিকোছা নাৰীৰ’। এইখিনিতে উল্লেখ কৰাটো
ভাল হ’ব যে সমালোচক ড° মৃদুল শৰ্মাই বিশালৰ এই কবিতাটোক সৰ্বকালৰ শ্ৰেষ্ঠ কবিতাসমূহৰে
এটা বুলি অভিহিত কৰিছে। (ইউ টিউব, ছিজন ২ এপিছ’ড ৭) । হয়, বাৰে বাৰে পঢ়িবলৈ মন যোৱা নাৰী বিষয়ক অনিৰ্বচনীয় আৱেদনক্ষম এটি আটকধুনীয়া কবিতা। কবিতাটি পঢ়োঁতে নেৰুদাৰ ‘সম্ৰাজ্ঞী’-ৰ কিছু চিত্ৰকল্প হঠাতে যেন মোৰ মানসপটত ভাহি উঠিছিল। বিশালৰ এনে উচ্চ মানৰ কবিতাৰ ভাবমণ্ডলত অপূর্ব নিৰ্মাণক্ষম কল্পনাৰ চমক বিৰিঙি উজ্জ্বলি নুঠা নহয়। সেইবুলি এইটোও ঠিক যে আমি বিশালৰ কবিতাক নেৰুদাৰ বিশ্বজনীন সৃষ্টিৰ সৈতে ৰিজাবলৈ যোৱাৰ প্ৰয়াস কৰা নাই।
দীঘল চুলিকোছা নাৰীৰ
দীঘল আঙুলিকেইটা নাৰীৰ
দীঘল চাদৰখন নাৰীৰ
দীঘলীয়া হুমুনিয়াহবোৰ নাৰীৰ
দীঘলীয়া কান্দোনবোৰ নাৰীৰ
দীঘলীয়া অপেক্ষাবোৰ নাৰীৰ
নাৰী দীৰ্ঘতম সভ্যতা
নাৰী দীৰ্ঘতম নদী
নাৰী দীৰ্ঘতম ৰাতি
অতবোৰ দীৰ্ঘতাক অতিক্রমি
নাৰীয়ে ঘোষণা কৰে
নিজকে সংকুচিত কৰি তাই সুখী
কবি বিশালৰ প্ৰায়বোৰ কবিতাৰ প্ৰেৰণা তেওঁৰ সমৃদ্ধ সমাজ মনন বা ‘social ego’। সময় আজি অসময়। সংবেদন হেৰুৱাই ভিতৰি ভিতৰি মৰি আহিছে মানুহ, মৰি আহিছে আত্মম্ভৰী, হঠকাৰী সভ্যতাৰ বেলি। অৰ্থনৈতিক সমতা, সামাজিক ন্যায় আজি সুদূৰপৰাহত। ধনতন্ত্রবাদ পৃথিৱীৰ বুৰঞ্জীত সংস্কৃতিৰ নামত দুষ্কৃতি আৰু শোষণৰ ছদ্মৰূপ। কিন্তু সবাতোকৈ ভয়াৱহ সত্যবোৰ আজি যেন কলা আৰু কবিতাৰ বিষয় হ’ব নোৱাৰে। সেইবোৰ যেন ‘এঙেৰুৱা সময়ৰ’ আন্ধাৰতে হেৰাই যায়। কৰ্মক্লান্ত, আহত-জৰ্জৰিত মানুহে আজি স্বঘোষিত ঈশ্বৰহঁতক, শোষকহঁতক ঘৃণা কৰিবলৈকো পাহৰি গৈছে। নিজৰ ক্ষোভ প্রকাশ কৰিবলৈকো যেন আজৰি নোপোৱা হৈছে। পাহৰণি ৰাক্ষসীৰ গৰ্ভৰ পৰা জীৱনৰ হেৰোৱা সত্যক উদ্ধাৰ কৰা, সেয়া কবিতাৰ তেজত ন-কৈ উজ্জীৱিত কৰাটো বিশালৰ কবি প্ৰতিভাৰ এক বিৰল কৃতি। এই প্ৰসংগতেনলিনীধৰ ভট্টাচার্যৰ এটি উক্তি উল্লেখ কৰিলোঁ— “কলাক মানুহৰ বস্তুনিষ্ঠ প্ৰতিমা কৰাৰ এইটো যুগত যিমান প্ৰয়োজন হৈছে, আন কোনো যুগতে তেনে প্রয়োজন অনুভৱ হোৱা নাছিল। মানুহক অমানৱীয়কৰণৰ পৰা বচোৱাৰ বাবেই— মানুহক, মানৱীয় ঐশ্বৰ্যক, কলাৰ কেন্দ্রবিন্দু কৰাৰ এইটো যুগতে বেছি আৱশ্যক হৈছে। (গণসংস্কৃতি কি? প্ৰগতিশীল সাহিত্য সমীক্ষা, পৃষ্ঠা নং, ৬৪)।
যি পোহৰ আছিল লীন গ’ল ক্ৰমান্বয়ে
যি আন্ধাৰ নাছিল ঢাকি ধৰিছে সবাইকে
এদিন উজ্জ্বল আছিল সূৰুযতকৈ
এদিন ক’লা হ’ল মহাশূন্যতকৈ
কিমান উত্তপ্ত হ’লে বিস্ফোৰিত হয় নক্ষত্র
কতবাৰ জ্বলি সভ্যতা হয় শ্মশানৰ এঙাৰ
এঙেৰুৱা সময়ৰ এঙেৰুৱা ৰজাৰ এঙেৰুৱা প্রজা
ঘৃণাৰ কথা ক’ত
অৱকাশ ক’ত ক্ষোভ আৰু জ্বালাৰ
(ব্লেকহ’ল)
কবি বিশালে ভালকৈয়ে বুজে, কলা-সাহিত্য মানুহৰ বাবে, সমাজৰ বাবে উৎসৰ্গিত। মানুহৰ মনন আৰু বৌদ্ধিক সত্তাৰ উৎকৰ্ষণ আৰু ৰূপান্তৰৰ বাবেই কবিৰ শব্দ সাধনা, এন্ধাৰে-পোহৰে সপোনে-দিঠকে জীৱন আৰু কবিতাৰ বন্দনা।
আকালৰ ভঁৰাল নেওচি
যাবলৈ মোৰো যে আহুকাল
কুঁৱলীয়ে যদি বেৰি ধৰে চিনাকি বাট
ৰাতি গৈ লগাম মাত
(লেছেৰি)
* * *
এটা ক্লান্ত ঘোঁৰাৰ পিঠিত মই
মোৰ পিঠিত ঘোঁৰাৰ বোজা
বুজিব নোৱৰা ভাষাৰ বাগাড়ম্বৰ বা কষ্টকল্পিত অহেতুক জটিলতাৰ পৰা সততে মুক্ত বিশালৰ কবিতা। “বসন্তত এই বাটেৰেই ওভতিম মই/ যি নিয়ৰে আজি মোৰ দুভৰি তিয়ালে/ পুনৰ বিচাৰিম সেই পৰশ৷”
(নিজৰাবোৰ শুকালেও)। ক’ত আজি বসন্তৰ পৃথিৱী, কবিৰ সেই চিৰপ্ৰিয়, নিয়ৰ-সেউজীয়া দিনবোৰ? সদায় দেখি থকা বাৰীৰ কাকিনী তামোলজোপাৰ ব্যথা অনুভৱ কৰা, বৰষুণ নপৰা দগ্ধ ‘মাটিৰ দুখ আৰু পিয়াহৰ প্ৰাৰ্থনা’ ৰঙা তেজৰ মাজত ধাৰণ কৰা চিৰ সংবেদী, চিৰ অশান্ত কবি বিশাল। যুক্তিৰ জীৱনৰস থাকিলেও যুক্তিবোধ নহয়, ‘আৱেগিক সংবেদনা’-হে কবিতাৰ ভাষাৰ কালিকা। মিতভাষৰ স্ৰষ্টা নগেন শইকীয়াদেৱেও সৃজনশীল সাহিত্যত এই সংবেদনশীলতাক অধিক গুৰুত্ব প্ৰদান কৰিছে। নহ’লে কবিতাৰ ৰসভংগ হয়। জীৱন আৰু সমাজ সত্য, ভাবৰ মহত্ত্ব আৰু ভাষাৰ সৌন্দর্যইহে কবিতাক শাশ্বত সৃষ্টিৰ পৰমায়ু দান কৰে। ভাবি ভাল লাগে কবি বিশালৰ শিল্পবীক্ষা সূক্ষ্ম আৰু গভীৰ। মগজুৰ চেৰিব্ৰাম আৰু কেতিয়াবা শব্দৰ হৃদয়ৰ কিছু গভীৰলৈকে খনন কৰিলেহে তেওঁৰ কবিতাৰ মৰ্ম আৰু সত্যৰ হৃদস্পন্দন শুনিবলৈ পাওঁ। “দৰ্জিকতো দিব নোৱাৰি মুখৰ জোখ/ ক’বলৈয়ো নোৱাৰি লুকুৱাম সুখ নে দুখ” (মুখৰ পোছাক)।
কবি বিশালৰ দৰে প্ৰতিশ্ৰুতিসম্পন্ন তৰুণসকলৰ সৃষ্টিক বাদ দিলে অসমীয়া কবিতাৰ শেহতীয়া ধাৰাটো যেন হঠাতে স্তব্ধ হৈ ৰ’ব। কোৱা ভাল হ’ব যে সাম্প্রতিক সময়ত কবিৰ সংখ্যা বাঢ়িছে। ৰাজ্যখনৰ ভিন্ন প্রান্তত কবি আৰু কবিতা চৰ্চাৰ নতুন নতুন সংগঠন জন্ম হৈছে। শেষ হ’ব ধৰা এই দশকটোত ছ’চিয়েল মিডিয়াও হৈ পৰিছে নতুন সৃষ্টিৰ এক প্রশস্ত ক্ষেত্র। কবিতাৰ সভা-সমিতি, আলাপ-আলোচনাৰ পৰিসৰ আগৰ তুলনাত বাঢ়িছে। সাহিত্য জগতখনৰ বাবে এয়া নিতান্তই ভাল কথা। কলাচৰ্চা বা কবিতাক আমাৰ জীৱনচৰ্যাৰ অংগীভূত কৰি ল’ব নোৱাৰিলে আমাৰ সাংস্কৃতিক চেতনাৰ লগতে সৌন্দর্যবোধ বা ৰসবোধো হয়তো স্বাভাৱিকতেই স্থূল আৰু তৰাং হৈ ৰ’ব। আমি অনুধাৱন কৰিব লাগিব যে কবিতা কেৱল আৱেগ নহয়, নিৰস তত্ত্ব নহয়; ই চিৰ উচ্ছল জীৱনৰ জাগৃতি ছন্দ। গতিশীল সংস্কৃতিৰ ই হ’ল অন্তৰ্লীন শক্তি। হেজাৰ ধুমুহাতো নুনুমুৱা সভ্যতাৰ প্ৰাণৰ প্ৰজ্ঞাৰ চাকি কবিতা। জীৱনমুখী চিৰন্তন সত্য, নান্দনিক সৌন্দর্য, সাৰৱত্তা আৰু বিশ্বজনীনতাৰ বাবেই কাব্যকলাক উদ্দেশি বৰেণ্য কবি পি. বি. শ্বেলিয়েএনেদৰে কৈছিল—‘‘thou to
human thought art nourishment.’’ (Hymn to Intellectual Beauty)। আমি আশা কৰোঁ মানৱীয় প্রমূল্যৰ সন্ধান আৰু পুনৰনিৰ্মাণৰ স্বপ্নৰে উজ্জীৱিত হওক কবি বিশাল অনুৰাগৰ নতুন দিনৰ কবিতা।
হালধীয়া বৃত্ত
প্ৰথম প্ৰকাশ, অক্টোবৰ, ২০১৯
প্ৰকাশক: পাঞ্চজন্য বুকছ, গুৱাহাটী।
প্ৰচ্ছদ: ধীৰু বুঢ়াগোহাঁই,
মূল্য: ১০০.০০ টকা
ঠিকনা :
লাৰিকা গ্রীণভেলী ,
ব্লক নং— ৯ , ফ্লেট নং— ২০৪
ছেকেণ্ড ফ্ল’ৰ,
এয়াৰপ’ৰ্ট ৰ’ড্ ,
ডাক— হাতখোৱাপাৰা,
পিন— ৭৮১০১৭
আজাৰা, গুৱাহাটী।
ভ্ৰাম্যভাষ: ৭০০২৩০৩৮৮২