নিৰু দত্ত
জুমি, ৰাণী, বিকু, বাবা, সন্ধ্যা আৰু মাজনী
কাষ চাপি আহাঁ, শুনাম আজি হাতীপটিৰ
কাহিনী ।
আকাশৰ সাগৰত নাও বাই তৰা, জোন, বেলি
বগাকৈ হাতীপটিও আমাৰ নিচেই চিনাকি ।
আগষ্টৰ পৰা অক্টোবৰলৈ আন্ধাৰ ফৰকাল
ৰাতি
উত্তৰা-দক্ষিণাকৈ থাকে আকাশৰ
ইমূৰ-সিমূৰ জুৰি ।
ছায়াপথ, আকাশীগংগা আৰু
মন্দাকিনী নামেৰে
নানা ঠাইৰ নানা জনে হাতীপটিক মাতে মৰমেৰে ।
লেটিন শব্দ “ভায়া লেক্টিয়া”-ৰ পৰা নামটো ওলায়
ইংৰাজীত হাতীপটিক সেয়ে মিল্কি ৱে’ বুলি কয় ।
“গেলেক্টিকছ কিকলছ” শব্দটো আছে গ্ৰীক ভাষাত
ইয়াৰো অৰিহণা আছে মিল্কি ৱে’ নাম হোৱাত ।
দুয়োটা নামৰ অৰ্থ “দুগ্ধময় বৃত্ত” কিজানি
ইয়াৰো আঁৰত আছে পৌৰাণিক কাহিনী ।
আইতাই কৈছিল পিছে নিজে সজা
এটা সাধু
আজি তোমালোকক সেইটোকে কওঁচোন বাৰু ।
অতি বিতোপন হাতীপটি অলেখ নক্ষত্ৰ গা-ত
ইন্দ্ৰদেৱতাৰ ঐৰাৱতে সেয়া পানী খাবলৈ
যোৱা বাট ।
তেত্ৰিছ কৌটি দেৱতা, অপ্সৰা আৰু গন্ধৰ্ৱ
সহিত
আকাশৰ সিপাৰে জৰা-মৃত্যুহীন স্বৰ্গত কৰে বাস ।
দেৱতাৰ ৰজা ইন্দ্ৰদেৱ শশী প্ৰিয়তমা
গন্ধৰ্ৱই বাজনা বজাই নাচে দেৱাঙ্গনা ।
তাতে আছিল কণমানি এক মৰম লগা পৰী
দেউতাকে মৰমেৰে তাইক ৰাখিছিল আৱৰি ।
লনী নামৰ পৰীজনীয়ে হাতত কঁৰিয়া লৈ
নিতৌ ককাকৰ ঘৰৰ পৰা গাখীৰ আনেগৈ ।
এদিনাখন লনী পৰীৰ কি অথন্তৰ হ’ল শুনা
চৰি থকা ঐৰাৱতেৰে হ’ল নহয় অগা-ভেটা ।
তালপাত হেন কাণ লৰাই আছিল কলপাত খাই
ভিম্বাকাৰ চেহেৰা দেখি লনীয়ে মাৰিলে লৰ ভিৰাই ।
উজুটিত ছিগিল নখ পৰিল ধুপুচকৈ তাই
কঁৰিয়া ভৰ্তি বগা গাখীৰ পৰিল লুটি খাই ।
তৰাৰ চপৰানিখনত গাখীৰ বৈ গ’ল
হাতীপটি তেতিয়াৰে পৰা মিল্কি ৱে’ হ’ল ।
কান্দি - কাতি লনীজনী হ’ল তেনেই আহৰি
কৰিয়াটো আনিবলৈও থাকিলে তাই পাহৰি ।
সাধু শুনি মইনাহঁতৰ টোপনি দেখোন হৰিল
পাকঘৰত ৰাতি সাজৰ ঘণ্টিও বাজিল ।
* * *
ঠিকনা :
সৰুপথাৰ, গোলাঘাট
যোগাযোগ : ৭০০২২৪১১৪৫