অনুবাদ: হৰেকৃষ্ণ ডেকা
নিয়ৰৰ
এখন পৃথিৱী,
আৰু
প্ৰতিটো নিয়ৰকণাৰ ভিতৰত
সংগ্ৰামৰ এখন
জগত
ইছা
(১৭৬৩-১৮২৮)
যদি
মই পাৰিলোঁহেতেন,
চেৰীফুলৰ
সৰা পাহিৰ দৰে
গান
গাই থাকিলোঁহেতেন
বাছো
(১৬৪৪-১৬৯৪)
অ’ শামুক
ফুজি
পৰ্বতৰ ওপৰলৈ উঠ,
কিন্তু
লাহে লাহে,
লাহে লাহে
ইছা
বসন্ত:
নাম
নোহোৱা এখন পাহাৰ
কুৱঁলীৰ
ওৰণিৰ আঁৰত
বাছো
শৰতৰ
জোনাক-
পোক
এটাই চেষ্টনাটজোপা
নিৰৱে
কুৰুকি আছে
বাছো
শৰতৰ
বতাহ-
পৰ্বতৰ
ছাঁ
লৰে
ইছা
-----