সমুদ্ৰ কাজল শইকীয়া
হ’লবোৰেৰে জীৱনটো হ’ল
নে নহ’লবোৰেৰে হ’ল?
হ’লবোৰেৰে কিছুমান যে নহয় - বুজিলোঁ অতখিনি
নহ’লবোৰেৰে হ’ল কি কি
সেয়াও দেখিলোঁ ভালেখিনি।
নামটো এৰি মালিকৰ আত্মকথা পঢ়িবলৈ নহ’ল।
পদূলিয়ে পদূলিয়ে কোনে ৰিঙিয়াই গ’ল,
শুনো- “গ’ল”;
গ’ল অ’ গ’ল বুলি কান্দোনৰ ৰোল উঠিল চোতালত।
চকুলো যি নোলাল তেতিয়া, ওলাল ফুটবল খেলত
হাজাৰ মানুহে উল্লাসেৰে যেতিয়া চিঞৰিছিল- গ’ল।।
তোমাৰ নামটো হোৱাৰ ঘৰত ৰ’ল নে নোহোৱাৰ ঘৰলৈ
গ’ল?
পূৰ্ণতাৰ-শূন্যতাৰ নহৰু-পনৰু দুয়োটা বাটি তোমাৰে হ’ল।
ঘিটিঙাই বজা কাঁহৰ বাটিৰ ধ্বনিটোহে কিজানিবা মোৰ হ’ল।
তুমি নহালৈকে বাৰু ব্ৰহ্মাণ্ডখনেই মোৰ আছিল, এজ এ হ’ল।
তাৰ পাছত অ’ ব্লেক হ’ল, বাৰ্কাৰ’ল বাৰ্কাৰ’ল, কি বা জানো হ’ল!
কি যে ৰ’ল, কি কোন হাতে
গ’ল তাকে চাবলৈকেনো কোনেই বা ৰ’ল?
কবিৰ ইমেইল: kankhowa@gmail.com,