ড° অসীম চুতীয়া
প্ৰকৃতাৰ্থত মানুহৰ জীৱনটো এক বিচিত্ৰ অভিজ্ঞতাৰ ভঁৰাল৷ এই ভঁৰালত সঞ্চিত হৈ থকা কথাবোৰ যেতিয়া নিজ ভাষাৰে লিখিত ৰূপত সাহিত্যৰ মাধ্যমত আত্মপ্ৰকাশ পায় সিয়ে আত্মজীৱনীমূলক সাহিত্য হৈ পৰে৷ সেয়ে অসমৰ জাতীয় জীৱনৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি হোমেন বৰগোহাঞিৰ জীৱন অভিজ্ঞতাৰ প্ৰতি প্ৰতিজন ব্যক্তিয়ে এক উৎসুকতা প্ৰকাশ কৰাটো স্বাভাৱিক৷ এই স্বাভাৱিকতাই তেখেতৰ আত্মজীৱনীমূলক সাহিত্য ৰসাস্বাদন কৰিবলৈ আমাক সততে আগ্ৰহী কৰি তোলে৷
বৰগোহাঞিয়ে
আত্মজীৱনীমূলক সাহিত্য ৰচনা কৰিবলৈ ৰাছিয়ান কবি ইয়েভ টু শ্বেংকোৰৰ পৰা প্ৰেৰণা
পোৱা বুলি তেখেতৰ ‘ধুমুহা আৰু ৰামধেনু’ (দ্বিতীয় খণ্ড) গ্ৰন্থখনত উল্লেখ কৰিছে৷ সেইদৰে ‘আত্মানুসন্ধান’
গ্ৰন্থত আত্মজীৱনী লিখিবলৈ লোৱাৰ দুটা কাৰণ অকপটে স্বীকাৰ কৰিছে৷ এক,
তেওঁ নিজে নিজৰ জীৱনটোৰ এক খতিয়ান ল’ব খোজাৰ
মূলতে আত্মজীৱনী লিখিবলৈ ল’লে৷ দুই, নিজৰ
লেখাৰ মাজত, নিজৰ কলাৰ মাজত, জীৱনটো
দ্বিতীয় বাৰৰ বাবে উদ্যাপন কৰিব খোজা মনোভাৱে তেওঁক আত্মজীৱনী লিখিবলৈ আগ্ৰহী কৰি
তুলিলে৷ ‘আত্মানুসন্ধান’ গ্ৰন্থখন প্ৰকাশৰ আঁৰৰ ব্যক্তিজন আছিল ষ্টুডেণ্টচ্ ষ্ট’ৰছৰ প্ৰকাশ অজয় কুমাৰ দত্ত৷ তেওঁ বৰ্হেছৰ A Personal Anthology গ্ৰন্থখনৰ আৰ্হিত প্ৰকাশ কৰাৰ কথা ধুমুহা আৰু ৰামধেনুৰ দ্বিতীয় খণ্ডত
উল্লেখ আছে৷
জীয়াই থকাৰ কলা
হোমেন বৰগোহাঞিয়ে নিজৰ জীৱন কালত আয়ত্ত কৰি লৈছিল৷ তেওঁ নিজৰ প্ৰতিটো কাম আৰু
চিন্তাৰ মাজেদি জীৱনটোক উদ্যাপন কৰিবলৈ শিকিছিল৷ সেয়ে তেওঁৰ আত্মজীৱনী সাহিত্যও
বহুতৰ বাবে হৈ উঠিছিল জীৱনটোক বুজি উঠাৰ এক অনুপ্ৰেৰণাৰ থলী৷ এগৰাকী কবি, গল্পকাৰ, ঔপন্যাসিক, গদ্য লেখক
হিচাপে আত্মজীৱনীমূলক সাহিত্যতো বৰগোহাঞিয়ে বিশেষ সফলতা লাভ কৰিছিল৷ তেখেতৰ
আত্মজীৱনীমূলক সাহিত্য বুলিলে প্ৰধানকৈ এইকেইখন গ্ৰন্থ উল্লেখ কৰিব পাৰি– আত্মানুসন্ধান(১৯৮৮), মোৰ সাংবাদিক জীৱন(১৯৮৯),
ধুমুহা আৰু ৰামধেনু (প্ৰথম খণ্ড, ১৯৯৭),
ধুমুহা আৰু ৰামধেনু (দ্বিতীয় খণ্ড,১৯৯৮),
মোৰ হৃদয় এক যুদ্ধক্ষেত্ৰ (২০০৬) আদি৷
লখিমপুৰ
জিলাৰ ঢকুৱাখনাত জন্মগ্ৰহণ কৰা হোমেন বৰগোহাঞিৰ জন্ম চনটোক লৈ মতানৈক্য দেখা যায়৷ মহেশ্বৰ নেওগে বৰগোহাঞিৰ জন্ম ১৯৩১ চনৰ ২১ ডিচেম্বৰত বুলি কোৱাৰ বিপৰীতে
যোগেন্দ্ৰ নাৰায়ণ ভূঞাই ১৯৩১ চনৰ ৭ ডিচেম্বৰত বুলি ক’ব
খোজে৷ বৰগোহাঞিৰ তেওঁ সুখ-দুখ শীৰ্ষক গ্ৰন্থখনত এইদৰে লিখিছে–‘‘...মই মোৰ নিজৰ জন্মদিন মনত পেলাবলৈ কেতিয়াও চেষ্টা নকৰোঁ৷ সঁচা কথা ক’বলৈ গ’লে মই নিজৰ জন্মৰ তাৰিখ নাজানোৱেই৷ নামজ্বলা
জ্যোতিষীয়ে কৰা মোৰ দুখন কোষ্ঠী বা সোঁৱৰণি আছিল৷ দুয়োখনকে মই বহুত বছৰৰ আগতে নিজে
ইচ্ছা কৰিয়েই নষ্ট কৰি পেলাইছোঁ৷ মোৰ জন্ম তাৰিখ বুলি যি দুটা চন-তাৰিখ প্ৰচলিত
আছে দুয়োটাই কাল্পনিক৷’’ (সুখ-দুখ, পৃ.
৮) অৱশ্যে ২০১২ চনত ডিব্ৰুগড়ত নিৰ্মল চাহেৱালা আৰু প্ৰণয় ফুকনকে ধৰি আন আন
গুণমুগ্ধৰ উদ্যোগত ৭ ডিচেম্বৰ দিনটোক প্ৰজ্ঞাৰ দিন হিচাপে পালন কৰা হৈছিল৷ ঢকুৱাখনাত
নৱগঠিত হোমেন বৰগোহাঞিৰ ন্যাসেও এই দিনটোকে বৰগোহাঞিৰ জন্মদিন হিচাপে উদ্যাপন
কৰি আহিছে৷
হোমেন বৰগোহাঞিৰ
প্ৰথমখন আত্মজীৱনী ‘আত্মানুসন্ধান’ প্ৰকাশ
পাইছিল ১৯৮৮ চনত৷ অৱশ্যে এইখনক বৰগোহাঞিয়ে পূৰ্ণাংগ আত্মজীৱনীৰ মৰ্যাদা দিয়া নাই৷
তেওঁ এই প্ৰসংগত কৈছে–‘‘এই আত্মজৈৱনিক টোকাটো মোৰ পূৰ্ণাঙ্গ
আত্মজীৱনী নহয় বৰং ক’ব পাৰি যে ই মোৰ আত্মজীৱনীৰ জুমুঠি
মাত্ৰ৷’’ বৰগোহাঞিয়ে জীৱনকালত লাভ কৰা বিভিন্ন অভিজ্ঞতাবোৰক
নিজৰ সৃষ্টিকৰ্মত সততে ব্যৱহাৰ কৰি আহিছে৷ তেখেতৰ লেখাবোৰত প্ৰচ্ছন্ন হৈ থকা
আত্মজৈৱনিক চেতনাই এই কথা প্ৰমাণ কৰে৷ সেই দিশৰ পৰা এই আত্মজীৱনীখন তেখেতৰ
সৃষ্টিকৰ্মৰ ‘সমল আৰু পটভূমি’-ৰ
ব্যাখ্যামূলক আত্মজীৱনী বুলি কোৱাৰো থল আছে৷ গোবিন্দপ্ৰসাদ শৰ্মা আৰু অঞ্জলি
শৰ্মাই এই সম্পৰ্কত কৈছে–‘‘নিজৰ সাহিত্য ৰচনাৰ উৎস আৰু
পশ্চাৎভূমি দাঙি ধৰিবলৈ ৰচনা কৰা এনে ৰচনা, আৰু সকলো কথা
সত্য আৰু বাস্তৱ হোৱা সত্তেও ও ষ্টাইল আৰু মুখাৰ (Persona) সহায়ত
সৃষ্টিধৰ্মী সাহিত্যৰ শাৰীলৈ উঠা এনে আত্মজীৱনীমূলক
গ্ৰন্থ অসমীয়াত এয়ে প্ৰথম৷’’ (অসমীয়া সাহিত্য বুৰঞ্জী, ষষ্ঠ খণ্ড)
বৰগোহাঞিয়ে
আত্মজীৱনীখনৰ যোগেদি প্ৰথমে গুৱাহাটী দৰ্শনৰ অভিজ্ঞতা বৰ্ণনা কৰিছে৷ তেখেত উপন্যাস
‘‘সাউদৰ পুতেকে নাও মেলি যায়’’ উপন্যাসৰ এটি বিখ্যাত
চৰিত্ৰ হৈছে বাপুকণ৷ এই বাপুকণে এদিন জীৱনৰ বাট বুলি এদিন কটন কলেজত নিজক আৱিষ্কাৰ
কৰিছিল৷ য’ত হোমেন বৰগোহাঞিৰ জীৱনৰেই প্ৰতিধ্বনি শুনা যায়৷ বৰগোহাঞিয়ে কটন কলেজত পঢ়িবলৈ আহি জীৱনৰ বিচিত্ৰ অভিজ্ঞতা বুটলিবলৈ সক্ষম
হৈছিল৷ এই অভিজ্ঞতাৰ কথা ‘আত্মানুসন্ধান’ত বৰগোহাঞিয়ে স্মৃতি ৰোমন্থন কৰি এইদৰে লিখিছে–‘‘প্ৰথম
দিনাই দেখিলো জীৱনৰ সঞ্জীৱনী সুধা স্বৰূপ প্ৰকৃতিৰ অনিৰ্বচনীয় সৌন্দৰ্য৷ দ্বিতীয়
দিনা দেখিলো মানৱ-জীৱনৰ চৰম অৱক্ষয়ৰ হৃদয় বিদাৰক দৃশ্য৷’’ (পৃ.৩)
এই
আত্মজীৱনীখনতে বৰগোহাঞিৰ জীৱনত কটন কলেজৰ পুথিভঁৰালটো যি উপকাৰ সাধিলে সেয়াও
ৰোমন্থন কৰিছে৷ ব্যক্তিগতভাৱে বৰগোহাঞিয়ে নিজক কেৱল শ্ৰেণীকোঠাতে আৱদ্ধ কৰি ৰক্ষাৰ
পক্ষপাতী নাছিল৷ পুথিভঁৰালত থকা বিচিত্ৰ বিষয়ৰ গ্ৰন্থবোৰ অধ্যয়ন কৰি জীৱনৰ এখন
অদেখা পৃথিৱীৰ সন্ধান পাইছিল বৰগোহাঞিয়ে৷ একেদৰে পৰিস্থিতি সাপেক্ষে কটন কলেজতেই
নিজৰ জীৱনৰ যি অৱক্ষয় আৰম্ভ হৈছিল সেই কথাবোৰকো মুকলিভাৱে ইয়াত লিখি উলিয়াইছে৷
এম.এ. পঢ়িবৰ বাবে ঘৰৰ পৰা টকা পঠায়, বৰগোহাঞিয়ে সেইবোৰ জুৱা
খেলি, মদ খাই নষ্ট কৰে৷ এনেকৈ টকাৰ অপচয় কৰি এটা সময়ত
বৰগোহাঞিয়ে মানসিক অপৰাধবোধত ভুগিবলৈ লৈছিল৷ ডেকাকালত বৰগোহাঞিৰ ভংগ্ন স্বাস্থ্যই
কিদৰে তেওঁক হীনমন্যতাত ভোগাইছিল সেয়াও আত্মজীৱনীত উল্লেখ আছে৷ যথা–‘‘বি.এ. পৰীক্ষা দি ঘৰত থাকোঁতেই খবৰ পালোঁ যে মই বি.এ. পাছ কৰিছোঁ আৰু
ইংৰাজীত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছ পাইছোঁ৷ চাৰিশ টকা জেপত লৈ কলিকতা বিশ্ববিদ্যালয়ত
এম.এ. পঢ়িবৰ মনেৰে মই ঘৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ৷ সেই সময়ত চাৰিশ টকা বহুত
টকা৷ গুৱাহাটীলৈ আহি মই পাণবজাৰৰ এখন হোটেলত আশ্ৰয় লৈছিলোঁ৷ হোটেলত দুজনমান চৰকাৰী
কৰ্মচাৰী স্থায়ীভাৱে আছিল৷ গধূলি পৰত আড্ডা দিবৰ মনেৰে ময়ো তেওঁলোকৰ ৰূমলৈ গ’লোঁ৷ গৈ দেখিলোঁ, তাত বহিছে জুৱাৰ আড্ডা৷... বিশ টকা
লৈ মই জুৱা খেলিবলৈ আৰম্ভ কৰিলোঁ আৰু মাত্ৰ দুদিনৰ ভিতৰতে তিনিশ টকা হেৰুৱাই
কপৰ্দকশূন্য হ’লোঁ৷ লগে লগে বুজিলো যে মোৰ আৰু কোনোদিন এম.এ. পঢ়া নহ’ব৷... এম.এ পঢ়িবলৈ কলিকতালৈ যোৱা নহ’ল৷ ঘৰলৈ ঘূৰি যোৱাও অসম্ভৱ৷ দিনে-ৰাতিয়ে হোটেল-মালিকৰ গালি খাই খাই আৰু
বন্ধু-বান্ধৱৰ দয়াৰ দানৰ ওপৰত নিৰ্ভৰ কৰি মই প্ৰায় তিনিমাহ হোটেলত থাকিলোঁ৷’’
(আত্মানুসন্ধান, পৃ. ১৬-১৭)
এইখিনি সময়তে
বৰগোহাঞিয়ে বিনা প্ৰস্তুতিয়ে এ. চি. এচ. পৰীক্ষাত উত্তীৰ্ণ হৈ ছাব ডেপুটি কলেক্টৰ
ৰূপে চাকৰিত যোগদান কৰে৷ চৰকাৰী চাকৰিয়াল হিচাপে প্ৰত্যক্ষ কৰা বিভিন্ন অভিজ্ঞতাও ‘আত্মানুসন্ধান’ত সন্নিৱিষ্ট হৈ আছে৷ এই অভিজ্ঞতাই কিদৰে আমোলা-বিষয়াই দুনীৰ্তিত লিপ্ত হয়,
এই ক্ষেত্ৰত একোজন ৰাজনীতিকৰ শোষণৰ সামগ্ৰিক চৰিত্ৰ কি? সেয়া সুদুত্তৰ পঢ়ুৱৈ সমাজৰ সম্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছে৷ ১৯৫৫ চনত চাকৰি
যোগদান কৰি তেৰ বছৰৰ পাছতে তেওঁ চাকৰি ইস্তাফা দিবলৈ বাধ্য হয়৷ আত্মজীৱনীত উল্লেখ কৰা
মতে তেওঁ নিজা বিবেকেৰ পৰিচালিত হৈ চাকৰি কৰিছিল৷ কিন্তু তলতীয়া ৰাজনীতিকবোৰৰ লগত
সংঘৰ্ষ আৰম্ভ হৈছিল৷ এই সংঘৰ্ষ এনে পৰ্যায় পাইছিল গৈ যে বৰগোহাঞি অকলশৰীয়া হৈ
পৰিছিল৷ পিছত হতাশাগ্ৰস্ত হৈ তেওঁ চাকৰি এৰিছিল৷ আত্মানুসন্ধানত লিখিছে–‘‘চাকৰিত সোমোৱাৰ পিছত মই যিমানদূৰ পাৰোঁ নিজৰ বিবেকৰ নিদেৰ্শমতে চলিবলৈ
চেষ্টা কৰিছিলো৷ ফলত চাকৰিত সোমোৱাৰ দিনৰ পৰাই তলৰ পৰ্যায়ৰ ৰাজনীতিকবোৰৰ লগত মোৰ
সংঘৰ্ষ আৰম্ভ হ’ল৷
কিন্তু এই সংঘৰ্ষত মই ইমান বেছি অকলশৰীয়া হ’লো যে অৱশেষত
সম্পূৰ্ণ হতাশাগ্ৰস্ত হৈ মই চাকৰি এৰিবলৈ বাধ্য হ’লো৷’’
(পৃ.৩২-৩৩)
বৰগোহাঞিয়ে চাকৰি এৰিবলগীয়া হোৱাৰ মূল কাৰণ হিচাপে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদিত ‘অসম বাতৰি’ত প্ৰকাশিত ‘দুৰ্বাসাৰ জাৰ্ণাল’ শীৰ্ষক শিতানত প্ৰকাশিত প্ৰবন্ধসমূহৰ প্ৰসংগ উল্লেখ কৰিছে৷ উল্লিখিত শিৰোনামেৰে বৰগোহাঞিয়ে কাকতখনত নিয়মীয়াকৈ এটা শিতান লিখিছিল৷ সেইখিনিৰ নিৰ্বাচিত প্ৰবন্ধসমূহ ‘বিভিন্ন নৰক’ নামেৰে এখন গ্ৰন্থত সন্নিৱিষ্ট হোৱাৰ লগে লগে সংঘাতে চূড়ান্ত ৰূপ পাইছিল৷ তেওঁ ‘আত্মানুসন্ধান’ত এই বিষয়ে এইদৰে লিখিছে–‘‘মই ‘দুৰ্বাসাৰ জাৰ্ণাল’ত যিবোৰ প্ৰবন্ধ আৰু কাহিনী লিখিছিলো তাৰে বছা বছা কেইটামান কাহিনী আৰু প্ৰবন্ধ ‘বিভিন্ন নৰক’ত গ্ৰন্থবদ্ধ কৰা হ’ল ১৯৬৬ চনত৷ ইতিমধ্যে চৰকাৰী চাকৰিৰ প্ৰতি মোৰ বিতৃষ্ণা ইমান বাঢ়ি আহিছিল যে কিতাপখনত এই ছদ্মনাম লোৱাৰ কোনো প্ৰয়োজন অনুভৱ নকৰিলোঁ৷ নিজৰ আচল নামতেই কিতাপখন প্ৰকাশ হ’ল৷...‘বিভিন্ন নৰক’ প্ৰকাশ হৈ বজাৰত ওলোৱাৰ প্ৰায় এবছৰৰ মূৰত মোৰ বিৰুদ্ধে বিভাগীয় গোচৰ আৰম্ভ হ’ল৷ গোচৰ আৰম্ভ হোৱাৰ লগে লগেই মই ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব লগা হ’ল৷ মোৰ বিৰুদ্ধে ইমানবোৰ মন্ত্ৰী আৰু বিষয়া উঠি পৰি লাগিছিল যে মোৰ যে কিবা নহয় কিবা এটা শাস্তি নোহোৱাকৈ নাথাকে সেই কথা মই ভালকৈয়ে বুজিছিলোঁ৷...মোৰ বিৰুদ্ধে বিভাগীয় গোচৰ আৰম্ভ হোৱাৰ লগে লগে মই বিকল্প কৰ্ম সংস্থানৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলোঁ৷’’ (পৃ.৩৮-৩৯)
ইয়াৰ পূৰ্বে
মালিগাঁৱৰ পৰা দেবেন্দ্ৰনাথ শৰ্মাৰ সম্পাদিত ‘দৈনিক শান্তিদূত’ কাকতত বৰগোহাঞিয়ে সাংবাদিকতা জীৱনৰ পাতনি মেলা বুলিও উল্লেখ কৰিছে৷ কিন্তু
আইতাকৰ মৃত্যুৰ বাতৰি পাই গুৱাহাটীৰ পৰা ঢকুৱাখনালৈ আকস্মিকভাৱে যাবলগীয়া হোৱাত
সেয়া সিমানতে ইতি পৰিছিল৷ ‘মোৰ সাংবাদিক জীৱন’ত এই সম্পৰ্কে এইদৰে লিখিছে–‘‘যথাসময়ত মই ‘দৈনিক শান্তিদূত’ত সাংবাদিক হিচাপে যোগ দিলো,
অৰ্থাৎ সাংবাদিক হিচাপে মই কৰ্ম জীৱনৰ পাতনি মেলিলো, মোৰ ঘাই কাম আছিল প্ৰুফ চোৱা আৰু মাজে মাজে পি টি আই পৰিবেশিত ইংৰাজী
বাতৰি অসমীয়ালৈ অনুবাদ কৰা৷ কামটো বিশেষ আনন্দদায়ক নাছিল৷...মই মাত্ৰ ৪৫ দিন
শান্তিদূতত কাম কৰিছিলোঁ৷ মোৰ যিমানদূৰ মনত পৰে, শান্তিদূতৰ
পৰা মোৰ দৰমহা লোৱা নহ’ল৷ এদিন মই ‘কলেজ
ষ্টুডিঅ’ৰ গৰাকী সুপণ্ডিত স্বৰ্গীয় পূৰ্ণচন্দ্ৰ ভৰালীৰ
দোকানত তেওঁৰ লগত কথা পাতি বহি আছিলোঁ৷... ঠিক সময়তে তাত গৈ উপস্থিত হ’ল তেতিয়া কটন কলেজত পঢ়ি থকা মোৰ ভাই লেখন বৰগোহাঞি৷...তেওঁ মোৰ ক’লে–‘এইমাত্ৰ টেলিগ্ৰাম পালো, আমাৰ
বুঢ়ী আইতা ঢুকাল৷’...সেইদিনাই ৰাতিৰ ট্ৰেইনত ঘৰলৈ বুলি
যাত্ৰা কৰিলোঁ৷ মোৰ সাংবাদিক জীৱনৰ প্ৰথম আৰু সংক্ষিপ্ততম অধ্যায়টোৰ এনেভাৱেই
সমাপ্তি ঘটিল৷’’(পৃ.১১-১২)
গাঁৱৰ সৈতে, গাঁৱৰ প্ৰকৃতিৰ সৈতে বৰগোহাঞিয়ে যি একাত্মতা, সেয়া
তেখেতৰ বিভিন্ন ৰচনাত প্ৰকাশ পাইছে৷ ‘আত্মানুসন্ধান’ৰ দ্বিতীয় অধ্যায়ত গাঁৱৰ প্ৰকৃতিৰ বিনন্দীয়া ছবিখন অতি সুন্দৰ ৰূপত তুলি ধৰিছে৷ বৰগোহাঞিয়ে নিজৰ উপন্যাস আৰু অন্যান্য
ৰচনাৰ মাধ্যমেদি ঢকুৱাখনাৰ চাৰিকড়ীয়া নামৰ সৰু নৈখন অসমৰ পঢ়ুৱৈক মনোজগতত বিশেষভাৱে
প্ৰতিষ্ঠা কৰিছিল৷ এই নৈখন আৰু নৈখনৰ পাৰৰ সেউজীয়া অৰণ্যভূমিৰ বিশেষ স্মৃতিচাৰণ
কৰিছে এইটো অধ্যায়ত৷ ‘কেহুঁকাই’ নামৰ
এটি চৰিত্ৰক পঢ়ুৱৈ সমাজৰ আগত আত্মানুসন্ধানৰ যোগেদি চিনাকি কৰি দিছে৷ বৰগোহাঞিৰ
জীৱনত এইজন ‘কেহুঁকাই’ৰ বহুখিনি অৱদান
আছে৷ বিশেষকৈ প্ৰকৃতিৰ সৈতে বিশেষ আত্মীয়তা গঢ়ি তোলাত এইজন ব্যক্তিয়ে ভূমিকা পালন
কৰিছিল৷ জীৱন গুৰুত্বপূৰ্ণ সময়ত এজন বন্ধু হিচাপে, জীৱনৰ
পথপ্ৰদৰ্শক হিচাপে ‘কেহুঁকাই’ বৰগোহাঞিৰ
অন্যতম লগৰীয়া আছিল৷ সম্ভৱতঃ ইয়ে ভৱিষ্যত জীৱনত বৰগোহাঞিক প্ৰকৃতিৰ সুধা প্ৰাণ কৰি
জীৱনটো সমৃদ্ধ কৰিবলৈ প্ৰেৰণা দিছিল৷ ‘আত্মানুসন্ধান’ত তেওঁক প্ৰকৃতিয়ে দিয়া সুখানুভূতি আৰু সেই সুখানুভূতিয়ে গঢ়ি তোলা
জীৱনটোক লৈ তেওঁ আহ্লাদিত হৈ পৰাৰ কথাও উল্লেখ আছে৷
জীৱন কালত
বৰগোহাঞি এজন অতি স্বাস্থ্য সচেতন ব্যক্তি হিচাপে আমি জানো৷ ডেকাকালত তেওঁ
স্বাস্থ্যৰ প্ৰতি উদাসীন আছিল৷ সেই সময়ত কেৱল ভগ্ন স্বাস্থ্যই তেওঁক বিশেষভাৱে
হীনমন্যতাত ভোগোৱাৰ কথা আৰম্ভণিতে উল্লেখ কৰিছে৷ কিন্তু পাছলৈ তেওঁ স্বাস্থ্য
সচেতনতাক জীৱনৰ সাধনা হিচাপে গ্ৰহণ কৰিছে৷ মূলতঃ অজ্ঞতা আৰু উচ্ছৃংখল জীৱন-যাপনে
তেওঁৰ স্বাস্থ্যক এক চৰম পযায়লৈ লৈ গৈছিল৷ অৱশ্যে নিজৰ সবল মানসিক স্থিতিয়ে পুনৰ
হেৰুৱা স্বাস্থ্যক ঘূৰাই আনিবলৈ সক্ষম হৈছিল৷ আত্মানুসন্ধানত উল্লেখ কৰাৰ মতে তেওঁ
বাট্ৰাৰ্ণ্ড ৰাছেলৰ The Road to Happiness গ্ৰন্থখনৰ অৱদানৰ কথা
স্বীকাৰ কৰিছে৷
‘আত্মানুসন্ধান’ত সুখী মানুহৰ এক ব্যাখ্যা আগ বঢ়াইছে৷ মানুহে নিজে নিজৰ সুখৰ আধাৰ৷ সুখৰ উৎস মানুহ ভেদে বেলেগ বেলেগ হ’ব পাৰে৷ কিয়নো মানুহ
ভেদে মানুহৰ দৃষ্টিভংগী বেলেগ৷ মানুহে নিজৰ তৈয়াৰ কৰি লোৱা কৰ্ম ক্ষেত্ৰৰ যোগেদি
সুখী হ’ব পাৰে৷ বৰগোহাঞিয়ে নিজৰ ক্ষেত্ৰত যি বিচিত্ৰ সুখৰ
সন্ধান লাভ কৰিছে সেয়া এই গ্ৰন্থত প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰাৰ লগতে আনকো
সেইক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছে৷
আত্মজীৱনীখনত
অতীতত কৰা নিজৰ কিছু কৰ্ম-কাণ্ডৰ বাবে তেওঁ অনুতপ্ত হোৱাও দেখা গৈছে৷ ৫০-৬০ দশকত
বৰগোহাঞিয়ে যিবোৰ কাম কৰিছিল সেইবোৰ আকৌ কৰিবলৈ থকা ইচ্ছাৰ কথা আত্মজীৱনীখনত
প্ৰকাশ কৰিছে৷ আত্মজীৱনীত লিখিছে–‘‘মই সস্তাতে বাজিমাৎ কৰাৰ লোভত
লেখকৰ আচল ধৰ্ম বিসৰ্জন দিছিলো, পাঠকক প্ৰতাৰণা কৰিবলৈ গৈ
আত্ম-প্ৰতাৰণাৰ আশ্ৰয় লৈছিলো, আৰু তেতিয়া মই এনে এটা অদ্ভুত
কৃত্ৰিম ভাষা লিখিছিলো– যি ভাষাৰ মাজেদি ফুটি উঠিছিল মোৰ
চৰিত্ৰ তথা ব্যক্তিত্বৰ দুৰ্বলতম দিশবোৰ৷’’ (পৃ.৪৩)
বৰগোহাঞি যে এজন
ভাল ছাত্ৰ আছিল সেই কথাও আত্মজীৱনীত সুঁৱৰিবলৈ পাহৰা নাই৷ আত্মানুসন্ধানত তেওঁ
লিখিছে–
‘‘হাইস্কুলত ভাল ছাত্ৰ হিচাপে মোৰ নাম হৈছিল৷ ইমান ভাল আছিলো যে
প্ৰৱেশিকা চূড়ান্ত পৰীক্ষাত মই প্ৰথম বা
দ্বিতীয় স্থান অধিকাৰ কৰিম বুলি মোৰ শিক্ষকসকল সম্পূৰ্ণ নিশ্চিত আছিল৷’’ (পৃ.১৩)
গল্পকাৰ আৰু ঔপন্যাসিক
হিচাপে নিজকে এজন ব্যৰ্থ লেখক বুলি আত্মজীৱনীখনত বৰগোহাঞিয়ে ক’ব
খুজিছে৷ যথা–‘‘মই গল্পকাৰ আৰু ঔপন্যাসিক হ’বলৈ সংকল্প লৈছিলো, কিন্তু শিক্ষানবীছিৰ কালছোৱাত মই
ইউৰোপীয় গল্প-উপন্যাস খুব কমেই পঢ়িলো৷ লেখক হিচাপে মই ব্যৰ্থ হোৱাৰ ই এটা প্ৰধান কাৰণ৷’’
অৱশ্যে অসমীয়া সাহিত্যৰ পঢ়ুৱৈয়ে জানে যে এজন ঔপন্যাসিক আৰু গল্পকাৰ
হিচাপে বৰগোহাঞিয়ে নিজৰ দক্ষতা দেখুৱাই থৈ গৈছে৷ ‘সাউদৰ
পুতেকে নাও মেলি যায়’, ‘সুবালা’, ‘পিতা-পুত্ৰ’ৰ দৰে উপন্যাসেৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে৷ সেইদৰে গল্পকাৰ
হিচাপেও বৰগোহাঞিয়ে দক্ষতাৰ পৰিচয় ‘ভয়’, ‘হাতী’, ‘ইস্মাইল শেখৰ সন্ধানত’, ‘এপিটাফ’ আদি গল্পই বহন কৰি আছে৷
আকৌ আত্মজীৱনী
ৰচনাৰ সন্দৰ্ভত নিজৰ দ্বিধাগ্ৰস্ত মনোভাৱও বৰগোহাঞিয়ে ‘আত্মানুসন্ধান’ত প্ৰকাশ কৰিছে৷ ‘আত্মানুসন্ধান’ত লিখিছে–‘‘মই সাধাৰণতে নিজৰ ব্যক্তিগত জীৱনৰ কথা
কাকো নকওঁ৷... মই মোৰ নিজৰ জীৱনৰ কাৰণে মোৰ বাহিৰে আন কাকো দায়ী কৰিব নোখোজো৷’’
‘আত্মানুসন্ধান’ত মূলত বৰগোহাঞিৰ জীৱন-যাপন শৈলী, জীৱনত সন্মুখীন
হোৱা বিচিত্ৰ অভিজ্ঞতা, তেওঁৰ খেয়ালি মনৰ স্বভাৱবোৰৰ
আত্মসমালোচনা অথবা আত্মোপলব্ধিৰ যোগেদি মন আৰু বিবেকৰ হেন্দোলনি সামগ্ৰিক ৰূপত
প্ৰকাশ পাইছে৷
‘ধুমুহা
আৰু ৰামধেনু’ (প্ৰথম খণ্ড, ১৯৯৭)
বৰগোহাঞিৰ আন এখন আত্মজীৱনীমূলক লেখাৰ সংকলন৷ এইখন গ্ৰন্থত তেওঁ ল’ৰালিৰ জীৱনছোৱাৰ এক ৰোমন্থন আগ বঢ়াইছে৷ য’ত
প্ৰাণৱন্ত হৈ উঠিছে শৈশৱৰ বন্ধু-বান্ধৱ আৰু আপোন গাঁওখনৰ সামগ্ৰিক ছবি৷ বাৰবছৰ
বয়সলৈকে এই খণ্ডত নিজৰ জীৱন কাহিনী বৰগোহাঞিয়ে সন্নিৱিষ্ট কৰিছে৷ এই সময়ছোৱাত তেওঁ
লাভ কৰা প্ৰাথমিক স্কুলৰ শিক্ষকৰ সান্নিধ্য, পৰিয়ালৰ
আত্মীয়-স্বজনৰ সৈতে অতিবাহিত কৰা জীৱনৰ মধুৰতম সময়খিনিৰ বৰ্ণনা দিছে৷ এই
আত্মজীৱনীখনতো শিশু বাপুকণৰ শৈশৱৰ স্মৃতিবোৰ সজীৱ হৈ উঠিছে৷ হোমেন বৰগোহাঞি নিজে
আৰু নিজৰ স্মৃতিকে উপন্যাসৰ চৰিত্ৰ বাপুকণৰ ৰূপত উপস্থাপন কৰিছে সেই কথা এইখন
আত্মজীৱনীত স্পষ্টকৈ প্ৰকাশ কৰিছে৷ আনহাতে বাপুকণৰ লগৰীয়া সকলো বৰগোহাঞিৰ শৈশৱৰ
বন্ধু-বান্ধৱৰেই যে ছায়া সেই কথাও স্বীকাৰ কৰি লৈছে৷ এইখন আত্মজীৱনীতে বৰগোহাঞিয়ে
চাৰিকড়ীয়া নৈত সাতুৰি-নাদুৰি সময় পাৰ কৰা, ম’হঘূলি চাপৰিত গৰু চৰোৱা স্মৃতিবোৰ জীৱন্ত কৰি তুলিছে৷ আত্মানুসন্ধানত
উল্লেখ থকা বৰগোহাঞিৰ গাঁৱলীয়া বন্ধু ‘কেহুঁকাই’ৰ চৰিত্ৰটোৱে এইখন আত্মজীৱনীতো প্ৰাণ পাই উঠিছে৷ সেইদৰে ল’ৰালিৰ
দুষ্টালিবোৰকো ইয়াত ঠাই দিছে৷ বিশেষকৈ স্কুলৰ প্ৰধান শিক্ষকক মিছা কথা কোৱা প্ৰসংগ
প্ৰণিধানযোগ্য৷ শৈশৱতে ডায়েৰীয়াত আক্ৰান্ত হৈ নিজৰ ভনীয়কৰ অকাল মৃত্যু হোৱা,
নিজৰ মনতো মৃত্যুভয় ওপজাৰ ভয়াৱহ স্মৃতি ৰোমন্থন কৰিছে৷ দেউতাক
ইন্দ্ৰধৰ বৰগোহাঞিৰ বিষয়েও এইখন আত্মজীৱনীত বৰগোহাঞিয়ে ভালেখিনি কথা লিখিছে৷ যথা–‘‘স্বৰ্গীয় ইন্দ্ৰধৰ বৰগোহাঞিৰ জন্ম হৈছিল ১৯০১ খ্ৰীষ্টাব্দত আহিন মাহত
ঢকুৱাখনাৰ বালিগাঁৱত৷ তেখেতৰ পিতৃ আছিল দামোদৰ বৰগোহাঞি আৰু মাতৃ আছিল ৰমলা
বৰগোহাঞি৷ ১৯১৫ চনত তেখেতে ঢকুৱাখনা মজলীয়া স্কুলৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ উত্তৰ
লখিমপুৰ চৰকাৰী হাইস্কুলত ভৰ্তি হৈছিল৷ কিন্তু সেই সময়ত গাঁও-ভূঁইত মেলেৰিয়া জ্বৰৰ
প্ৰকোপ চলিছিল৷ গোহাঞিদেৱকো মেলেৰিয়া জ্বৰে পীড়িছিল৷ ফলত পঢ়া-শুনা সিমানতে এৰিব
লগা হ’ল৷ ১৯২৬ চনৰ বহাগ মাহত আইতা বৰগোহাঞিৰ লগত তেখেত
বিবাহ-পাশত আবদ্ধ হয়৷ তেখেতসকলৰ চাৰিটি কন্যা সন্তান, একমাত্ৰ
পুত্ৰ সন্তান হ’ল হোমেন বৰগোহাঞি৷’’ (পৃ.৩৭)
‘ধুমুহা
আৰু ৰামধেনু’ৰ দ্বিতীয় খণ্ড(১৯৯৮)ত বৰগোহাঞিৰ জীৱনত সংঘটিত
পৰিয়ালকেন্দ্ৰিক কিছু কথা ব্যাখ্যা কৰিছে৷ ‘আত্মানুসন্ধান’তো এই বিষয়ে কিছু প্ৰসংগ উল্লেখ আছে৷ যথা–‘‘১৯৫৮ চনৰ
১২ মাৰ্চত সুলেখিকা নিৰুপমা তামুলীৰ লগত মোৰ বিয়া হ’ল৷
মোৰ বিবাহিত জীৱন সাধাৰণভাৱে সুখময় আছিল৷ সেৱা আৰু মমতাৰে নিৰুপমাই মোৰ দিনবোৰ
ভৰাই ৰাখিছিল৷ আজিকালি আমি একেলগে নাথাকোঁ৷ কিন্তু এটা কথা কৈ থ’ব খোজো যে মোৰ অশেষ শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিৰুপমাৰ প্ৰাপ্য৷’’ (পৃ.১৮-১৯)
‘ধুমুহা আৰু ৰামধেনু’ৰ দ্বিতীয় খণ্ডত সাংসাৰিক জীৱনৰ পৰা বিচ্ছিন্ন হৈ পাণবজাৰ একোঠলীয়া কোঠাত কিদৰে নিঃসংগ জীৱন কটাইছিল সেই কথা এইখন আত্মজীৱনীয়ে ধৰি ৰাখিছে৷ সম্পাদক হিচাপে ‘সাপ্তাহিক নীলাচল’ৰ পৰা অব্যাহতি লোৱা আৰু পৰৱৰ্তী সময়ত কিদৰে ‘নাগৰিক’ৰ সম্পাদনাৰ সৈতে জড়িত হৈ পৰিছিল সেইবোৰ প্ৰসংগই এইখন আত্মজীৱনীত সবিস্তাৰে লিখিছে৷ ‘আত্মানুসন্ধান’ আৰু ‘মোৰ সাংবাদিক জীৱন’ গ্ৰন্থতো এইবোৰ প্ৰসংগৰ উল্লেখ আছে৷ চৰকাৰী গোচৰ চলি থকাৰ অৱস্থাতে গুৱাহাটীত মুনীন্দ্ৰ নাৰায়ণ দত্তবৰুৱাই এখন সপ্তাহিক কাকত উলিওৱাৰ পৰিকল্পনা কৰাৰ খবৰ বৰগোহাঞিয়ে লাভ কৰে৷ সেইসূত্ৰে যোগাযোগ কৰাত দত্তই বৰগোহাঞিক সম্পাদকৰ দায়িত্ব দিয়ে৷ ইফালে বিভাগীয় গোচৰৰ ৰায়দান হোৱাত চাকৰিৰ পৰা স্ব-ইচ্ছাই নিজৰ পদত্যাগ পত্ৰ দাখিল কৰি সাপ্তাহিক কাকতখনৰ সম্পাদক পদত যোগ দিয়ে৷ কাকতখনৰ নাম আছিল ‘সাপ্তাহিক নীলাচল’৷ এই কাকততে বৰগোহাঞিয়ে সম্পাদক হিচাপে নিজৰ গ্ৰহণযোগ্যতা প্ৰতিপন্ন কৰে৷ তদানীন্তন অসমৰ ৰাজনীতি, অৰ্থনীতিত কাকতখনে বিশেষ ভূমিকা পালন কৰে৷ এই কাকতখনৰ পৰা অব্যাহতি লৈ আন এখন নতুন কাকত ‘নাগৰিক’ত বৰগোহাঞিয়ে সম্পাদক হিচাপে সাংবাদিকতাৰ জীৱন আগবঢ়াই নিছিল৷ ‘মোৰ সাংবাদিক জীৱন’(১৯৮৯) গ্ৰন্থত বৰগোহাঞিয়ে লিখিছে–‘‘মই ‘নাগৰিক’ৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ কিছুদিন পিছতে আৰম্ভ হ’ল ঐতিহাসিক অসম আন্দোলন তথা বিদেশী-খেদা আন্দোলন৷ এই আন্দোলন যদিও আনুষ্ঠানিকভাৱে ১৯৭৯ চনৰ পৰাহে আৰম্ভ হৈছিল, কিন্তু তাৰ উদ্যোগ-পৰ্ব আৰম্ভ হৈছিল ১৯৭৮ চনতে৷ মই আৰম্ভণিৰ পৰাই এই আন্দোলনৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ৷ সেই সময়ত মোৰ হাতত এখন বাতৰি কাকত বা আলোচনী নথকা হ’লে এই বিৰোধিতা মই কেনেকৈ প্ৰকাশ কৰিলোঁহেঁতেন ক’ব নোৱাৰোঁ; কিন্তু সৌভাগ্যক্ৰমে ‘নাগৰিক’ আৰু অসম আন্দোলন প্ৰায় একে সময়তে আৰম্ভ হোৱাৰ কাৰণে ‘নাগৰিক’ হৈ উঠিছিল মোকে ধৰি সকলো আন্দোলন বিৰোধী শক্তিৰ অন্যতম মুখপত্ৰ৷’’ নাগৰিকৰ পৰৱৰ্তী সময়ত বৰগোহাঞিয়ে অসম বাণী, আমাৰ অসম, আজিৰ দৈনিক বাতৰি, লোকায়ত, সমকাল, সাতসৰী, নিয়মীয়া বাৰ্তা, স্বাস্থ্য আদি কাকত আলোচনীৰ যোগেদি নিজৰ সংবাদিকতা জীৱন আগবঢ়াই নিছিল৷
‘ধুমুহা
আৰু ৰামধেনু’ৰ দ্বিতীয় খণ্ডই ঢকুৱাখনাৰ পৰা উত্তৰ লখিমপুৰ
চৰকাৰী হাইস্কুল, ডিব্ৰুগড় হাইস্কুলত অধ্যয়নৰ বিচিত্ৰ
অভিজ্ঞতাৰ কথাও এইখন আত্মজীৱনীয়ে সামৰি লৈছে৷ সেইদৰে ঢকুৱাখানৰ কাষৰ টেকেলিফুটা
মিচিং গাঁওখন ইয়াত জীৱন্ত হৈ উঠিছে৷ এইখন আত্মজীৱনীতে বৰগোহাঞিৰ ৰাজনৈতিক সক্ৰিয়তা,
অসম আন্দোলন সম্পৰ্কে তেখেতৰ চিন্তা, অসম গণ
পৰিষদৰ বিভিন্ন কাৰ্যকলাপ আৰু লেখক হিচাপে ভৱিষ্যত জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ যি উচ্চকাংক্ষা সেয়াও প্ৰকাশ পাইছে৷ এই আত্মজীৱনীত ৰাজনৈতিক সক্ৰিয়তাৰ কথা উল্লেখ
কৰিলেও তেওঁৰ যে ৰাজনৈতিক দলৰ সদস্য পদ লোৱাৰ কোনো অভিলাষ নাছিল সেই কথা ‘আত্মানুসন্ধান’তে মনৰ
ভাৱ প্ৰকাশ কৰিছিল এইদৰে–‘‘গোটেই জীৱনতে মই কোনো ৰাজনৈতিক
দলৰ সদস্য-পদ লোৱা নাই৷ তাৰ এটা প্ৰধান কাৰণ হ’ল এই যে কোনো
ৰাজনৈতিক আদৰ্শ বা মতবাদেই মোক সম্পূৰ্ণভাৱে সন্তুষ্ট কৰিব পৰা নাই৷’’ (পৃ.২১)
‘মোৰ
হৃদয় এখন যুদ্ধক্ষেত্ৰ’ আত্মীজীৱনীমূলক সাহিত্য সংকলনটো
প্ৰকাশ পাইছিল ২০০৪ চনত৷ ‘এদিনৰ ডায়েৰী’ শীৰ্ষক এখন উপন্যাস লিখিছিল বৰগোহাঞিয়ে৷ এই উপন্যাস লিখিবলৈ বৰগোহাঞিৰ
বিশেষ মানসিক প্ৰস্তুতিৰ দৰকাৰ হৈছিল৷ এই মানসিক অৱস্থাৰ বৰ্ণনাৰে তেওঁ এইখন
আত্মজীৱনীমূলক ৰচনা লিখিবলৈ আৰম্ভ কৰিছে৷ সাধনাৰ বাবে বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ যিকোনো বয়সতে ইচ্ছা থাকিলে সকলো শিল্প-সাধনাতে মানুহে সফলতা লাভ
কৰিব পাৰে৷ এইখন আত্মজীৱনীৰ এঠাইত তেওঁ এইচ. জি. ৱেলছৰ কথা উল্লেখ কৰিছে৷ ৱেলছৰ Experiment with Living শীৰ্ষক গ্ৰন্থখনেও বৰগোহাঞিৰ এই আত্মজীৱনীখন ৰচনাৰ বাবে প্ৰেৰণা যোগাইছিল৷
এইখন আত্মজীৱনীত
‘আত্মানুসন্ধান’ত উল্লেখ কৰা ‘নৰক
ভ্ৰমণ’ৰ বিস্তাৰিত ব্যাখ্যা দাঙি ধৰিছে৷ এম. এ. শ্ৰেণীত পঢ়িবলৈ লৈ বৰগোহাঞিয়ে জুৱা আৰু
মদৰ আড্ডাক নিত্য জীৱনৰ সংগী কৰি লৈছিল৷ এই সংগীয়ে বৰগোহাঞিৰ এম. এ. পঢ়াৰ উচ্চকাংক্ষা ক’ৰবাত হেৰুৱাই পেলাইছিল৷ এই ক্ষেত্ৰত বিশেষ
ভূমিকা লৈছিল প্ৰবীণ কলিতা বোলা বন্ধুজনে৷ বৰগোহাঞিয়ে তিনিমহীয়া নৰক ভ্ৰমণৰ পৰা
উভতি অহাৰ কথা-কাহিনী আত্মজীৱনীখনত মুকলিকৈ প্ৰকাশ কৰিছে৷ ‘মোৰ
সাংবাদিক জীৱন’ গ্ৰন্থতো
মদ খোৱাৰ বদ অভ্যাসৰ প্ৰসংগ উল্লেখ আছে৷ তেওঁ লিখিছে–‘‘মই যে সুবিধা পালেই লেখাৰ যোগেদি নিজৰ মদ খোৱাৰ কথা জাহিৰ কৰি ফুৰোঁ তাৰ
একমাত্ৰ উদ্দেশ্য হ’ল কিছুমান মানুহৰ ভণ্ডামিৰ বিৰেুদ্ধ
প্ৰতিবাদ কৰা৷... যাৰ আত্মসংযম আছে একমাত্ৰ তেওঁৰেই মদ খোৱাৰ অধিকাৰ আছে৷’’
‘মোৰ
হৃদয় এখন যুদ্ধক্ষেত্ৰ’ আত্মজীৱনীমূলক গ্ৰন্থখনৰ শেষৰফালে
ব্যক্তিগত জীৱনত বৰগোহাঞিয়ে বহু গুণী-জ্ঞানী ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ প্ৰসংগ
উল্লেখ কৰিছে৷৷ এইসকলৰ ভিতৰত মহেন্দ্ৰ বৰা, ভবানন্দ দত্ত,
নৱকান্ত বৰুৱাৰ উল্লেখযোগ্য৷ কেওজনৰ সান্নিধ্যৰ সুবাস এইখন
আত্মজীৱনীতে স্মৃতিচাৰণ কৰিছে বৰগোহাঞিয়ে৷
হোমেন বৰগোহাঞিৰ
প্ৰায়বোৰ সৃষ্টিশীল ৰচনাতো তেওঁ আত্মজৈৱনিক উপাদান সন্নিৱিষ্ট হৈ আছে৷ ধুমুহা আৰু
ৰামধেনুৰ দ্বিতীয় খণ্ডৰ আৰম্ভণিতে তেওঁ নিজেই এই কথা উল্লেখ কৰিছে৷ যথা–‘‘যোৱা কুৰি বছৰত মই আটাতকৈ বেছি পৰিমাণে লিখিছো ব্যক্তিগত ৰচনা যিবোৰত মই
ঘাইকৈ নিজৰ কথাই লিখিছো৷ এই ৰচনাবোৰ সিঁচৰতি হৈ আছে ‘জীৱনৰ
সাধনা’, ‘জীৱনৰ মধুৰতম সময়’, ‘প্ৰজ্ঞাৰ
সাধনা,’ ‘স্বৰ্গ আৰু নৰক’, ‘পাঠকৰ
টোকাবহী’ আৰু ‘সুখ-দুখ’ আদি বিভিন্ন কিতাপত৷’’ অৰ্থাৎ বৰগোহাঞিয়ে সুযোগ
সুবিধা পালেই আত্মজৈৱনিক প্ৰসংগৰে তেওঁৰ ৰচনাসমূহ সমৃদ্ধ কৰিবলৈ অহৰহ চেষ্টা
অব্যাহত ৰাখে৷ যিবোৰে একোজন সাধাৰণ পঢ়ুৱৈক লেখকৰ প্ৰতি গভীৰ সহানুভূতিশীল কৰি
তোলাৰ লগতে জীৱন যুদ্ধত আগবাঢ়ি যোৱাৰ কিছুমান উপাদান লাভ কৰে৷
সমালোচক
সাহিত্যিক নগেন শইকীয়া হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহৰ সন্দৰ্ভত যথাৰ্থ মন্তব্য আগবঢ়াইছে৷ যথা–‘‘আত্মজীৱনীক আৰু অন্তৰ্মুখী ৰচনা ৰীতিৰ
দ্বাৰা সমৃদ্ধ বৰগোহাঞিৰ ৰচনাৰাজিৰ মাজত প্ৰত্যেক মানুহৰ একান্ত ব্যক্তিগত অথচ
সাৰ্বজনীন মানৱীয় আকাংক্ষা, স্বপ্ন আৰু বিষাদৰ উপস্থিতি,
গভীৰ সামাজিক চেতনা আৰু এক শক্তিশালী প্ৰকাশভংগী আমি দেখিবলৈ পাওঁ৷’’
(হোমেন বৰগোহাঞিৰ সন্ধানত ৷৷ সম্পাঃ নমিতা ডেকা৷৷ পৃ.১২)
গদ্যশৈলীৰ
স্পষ্ট প্ৰকাশভংগী, প্ৰচুৰ বুদ্ধিদীপ্ততা
আৰু জীৱনৰ সৈতে একাত্ম হৈ পৰিব পৰা উপস্থাপন শৈলীয়ে একোজন পঢ়ুৱৈক তেওঁৰ ৰচনাৰ
প্ৰতি আগ্ৰহী কৰি তুলিব পাৰিছিল৷ বৰগোহাঞিয়ে নিজৰ জীৱনবোধ, জীৱনক
জুখি চোৱাৰ বাসনা, বাস্তৱৰ বিচিত্ৰ অভিজ্ঞতাসমূহক সৰল
প্ৰাণৱন্ত ৰূপত এই আত্মজীৱনীসমূহত প্ৰকাশ কৰিছে৷
ঠিকনা :
প্ৰৱক্তা, অসমীয়া বিভাগ
চেপন মহাবিদ্যালয়
ফোন নম্বৰঃ
৭০০২৯৬৬১৯৯