অন্যযুগ/


কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি

 কিশোৰ দাস কোঁৱৰ



 আমাৰ জীৱন পৰিক্ৰমাত সুখী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ’ল - ‘ব্যক্তি স্বাধীনতা’ আৰু এই ব্যক্তি স্বাধীনতাইহে এজন ব্যক্তিক এগৰাকী মুকলি মনৰ অধিকাৰী কৰি তুলিব পাৰে আৰু বিভিন্ন নেতিবাচক চিন্তাৰ পৰা আঁতৰি জীৱনটোক ইতিবাচক কৰি তুলিব পাৰে৷  এজন ব্যক্তিয়ে কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰে অথবা কেনেদৰে জীৱনটোক ইতিবাচক চিন্তাৰ কলা হিচাপে গঢ় দিব পাৰে, এই সম্পৰ্কে কিছুদিন আগতে এখন বিশেষ গ্ৰন্থ পঢ়াৰ সুযোগ লাভ কৰোঁ৷  যিখন কিতাপৰ প্ৰতিটো অধ্যায়ৰ প্ৰতিটো পৃষ্ঠাই মোৰ মনত তীব্ৰ চেতনাৰ সঞ্চাৰ কৰিছিল আৰু মোৰ প্ৰতিটো ক্ৰিয়া-প্ৰতিক্ৰিয়াক কিছু পৰিমাণে সংবেদনশীল কৰি তুলিছিল৷  এই গ্ৰন্থখনৰ উচ্চ প্ৰশংসা কৰি ইতিমধ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে মন্তব্য কৰিছে৷  তাৰ ভিতৰত আই পি এছ ( অৱসৰপ্ৰাপ্ত), কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ প্ৰাক্তন সঞ্চালক যোগীন্দৰ সিঙৰ মন্তব্য বিশেষভাৱে উল্লেখনীয় – ‘কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি’  গ্ৰন্থখন সঁচাকৈয়ে অতি উৎকৃষ্ট হৈছে৷  আমাৰ জীৱনৰ প্ৰতিটো দিশেই অন্তৰ্ভুক্ত হ’ব পাৰিছে৷ মই নিশ্চিত যিসকলে এই গ্ৰন্থখন অতি শ্ৰদ্ধা আৰু মনোযোগেৰে পঢ়ে তেওঁলোকে উপকাৰ পাবই আৰু জীৱনটো পৰিৱৰ্তন হ’ব৷’ 

গ্ৰন্থখন হ’ল - এম কে গুপ্তাৰ ‘How to Remain Ever Free ( A Voyage to Freedom and Happyness)’ (কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি)৷  লেখক এম কে গুপ্তা পেছাত এগৰাকী উচ্চ শ্ৰেণীৰ অভিযন্তা৷  হাতত হাতুৰী, গজাল লৈ কাৰিকৰী বিশেষজ্ঞ বা অভিযন্তা হিচাপে জীৱিকা নিৰ্বাহ কৰে যদিও তেওঁ এগৰাকী তীক্ষ্ণ বুদ্ধিজীৱী৷  ইতিমধ্যে গুপ্তাই ভালে কেইজন মহান ব্যক্তিৰ জীৱন, দৰ্শন, ৰহস্যবাদ, যোগাসন আদিৰ সম্পৰ্কীয় মনস্তাত্ত্বিক বিশ্লেষণৰ গ্ৰন্থ লিখি আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ গুপ্তাৰ গভীৰ জীৱনবোধ আৰু জীৱন দৰ্শনৰ ওপৰত আধাৰিত আটাইকেইখন গ্ৰন্থই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল৷  ১৯৯৪ চনত প্ৰকাশিত তেওঁৰ প্ৰথম গ্ৰন্থ ‘How to Remain Ever Happy’ (কেনেদৰে সদায় সুখী হ’ব পাৰি) শীৰ্ষক গ্ৰন্থখনে এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷  মানুহৰ মানসিকতা কেনেদৰে সলনি কৰিব পাৰি, মানসিকতা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি আৰু লগতে সকলো ধৰণৰ চিন্তাৰ পৰা নিজক কেনেকৈ মুকলি কৰি ৰাখিব পাৰি এই সম্পৰ্কে অতি গভীৰভাৱে আৰু বৈজ্ঞানিক চিন্তা-চৰ্চাৰে তেওঁ লিখি উলিয়াইছিল ‘How to Control Mind and be Stress-free’ ৷  গুপ্তাৰ এই চাৰিখন গ্ৰন্থই অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছে বিশিষ্ট অনুবাদক অনিল শৰ্মাদেৱে৷ 

এই গ্ৰন্থখনত লেখকে মুঠ সাতসত্তৰটা অধ্যায়ৰ জৰিয়তে মানুহৰ জীৱনৰ গভীৰ মনস্তাত্ত্বিক দিশৰ লগত সংপৃক্ত আটাইবোৰ দিশেই অতি সূক্ষ্ম আৰু কলাত্মকৰূপে উপস্থাপন কৰিছে৷  ইয়াত মানুহে কেনেদৰে স্বাধীন মন বা স্বতন্ত্ৰতা অৰ্থাৎ ব্যক্তি স্বাধীনতা বা মুকলি মনৰ অধিকাৰী হ’ব পাৰে সেয়া আধ্যাত্মিক আৰু বৈজ্ঞানিক চিন্তা-চৰ্চাৰে আলোচনা কৰিছে৷ লগতে বিভিন্ন উদাহৰণ, পটন্তৰ, কাৰ্টুন ইত্যাদিৰ মাজেৰে সহজ-সৰল ভাষাৰে সাৱলীলভাৱে প্ৰতিটো দিশ তুলি ধৰিছে৷ গ্ৰন্থখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু লক্ষণীয় বিশেষত্ব এয়ে যে গ্ৰন্থখনে শিশুৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো স্তৰৰ মানুহকে জীৱনটোক নেতিবাচক দিশৰ পৰা আঁতৰাই আনি ইতিবাচক চিন্তাৰে জীৱনটোক নতুনকৈ চোৱাৰ অৱকাশ দিব পাৰে৷ ব্যক্তি স্বাধীনতা আৰু প্ৰবল আত্মবিশ্বাসৰ অধিকাৰী হ’বলৈ জীৱন পৰিক্ৰমা কেনেদৰে আগুৱাই নিব লাগে সেয়া আমি এই গ্ৰন্থখনৰ জৰিয়তে উপলব্ধি কৰিব পাৰোঁ৷ ইয়াত লেখকে মানুহৰ হৃদয়ৰ গভীৰতালৈ প্ৰৱেশ কৰি জীৱনৰ আচল সাৰভাগ, সত্য আৰু বাস্তৱ, দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয়নো কি? সকলোৰে এক সন্ধান দিবলৈ চেষ্টা কৰিছে বিভিন্ন গৱেষণাধৰ্মী দৃষ্টিভংগীৰ মাজেৰে৷ আত্মহত্যাৰ প্ৰৱণতা কিয় জাগে, হতাশাগ্ৰস্ততা, নিঃসংগতাবোধ, মৃত্যু চেতনা, অহংভাৱ, আত্মকেন্দ্ৰিকতা ইত্যাদিক পৰাজিত কৰি মানুহে কিদৰে সফলতাৰ জখলাত বগাব পাৰে, সেইবোৰ কথা অতি কৌশলগতভাৱে এই গ্ৰন্থখনত দাঙি ধৰা হৈছে৷ এই গ্ৰন্থখনে বিশেষকৈ শিশু-অভিভাৱক-শিক্ষক আটাইকে সংবেদনশীল ব্যক্তিসত্ত্বা হিচাপে গঢ় দিয়াত বিশেষভাৱে সহায় কৰিব৷

যিহেতু গ্ৰন্থখনৰ অধ্যায়ৰ সংখ্যা সাতসত্তৰটা সেয়েহে আটাইতকৈ অধ্যায়ৰ বিষয়ে এটা প্ৰবন্ধৰ পৰিসৰত আলোচনা কৰাটো সম্ভৱ নহয়, সেয়েহে আমাৰ এই আলোচনাত মূলতঃ অতি গুৰুত্বপূৰ্ণ বিষয়কেইটাৰ বিষয়হে আলোচনা কৰা হ’ব, অৱশ্যে আনুষংগিকভাৱে কেতবোৰ দিশো অনা হ’ব৷ 

গ্ৰন্থখনৰ প্ৰথম অধ্যায়তে লেখকে প্ৰশ্ন উত্থাপন কৰিছে যে - মুকলি মন বা স্বাধীনতা মানে কি? উত্তৰত তেখেতে ইয়াৰ সংজ্ঞা নিৰূপণ কৰিছে৷ আসক্তিত নিমজ্জিত ব্যক্তি কেতিয়াও স্বাধীনচিতীয়া নহয়, মুকলি মনৰ অধিকাৰী নহয় তেওঁ আচলতে নিজৰেই ভৃত্য৷ মুকলি মন অথবা ব্যক্তি স্বাধীনতাৰ অধিকাৰী হ’বলৈ নতুবা তেনে পৰিস্থিতি পাবলৈ, নহ’লে অনাসক্ত অনুভৱ কৰিবলৈ দুটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় বুলি লেখকে কৈছে৷ সেই দুটা হ’ল-

  ১/ শুদ্ধ অভিজ্ঞতা৷  বুজাবুজি৷  বাস্তৱিক জীৱন সম্পৰ্কে থাকিবলগীয়া ধাৰণা আৰু দৈনন্দিন কৰ্মময় জীৱনটোৰ মূলকথা ন-ভেটি৷ তাৰমানে ৰহনসনা, কাল্পনিক, জীৱনটোৰ বিপৰীতে চকুৰে দেখা,শুনা বা উপলব্ধি কৰা এটা সঁচা জীৱনৰ অভিজ্ঞতা৷

২/ শুদ্ধ অভিজ্ঞতা, বাস্তৱ জ্ঞান বুদ্ধি বা প্ৰজ্ঞা দৈনন্দিনৰ অভিজ্ঞতা এই সকলোখিনি তোমাৰ কৰ্মময় জীৱনটোত প্ৰবল ইচ্ছাশক্তি বৃদ্ধি কৰি তোমাৰ জীৱনত খটুওৱাৰ বা পালন কৰাৰ চেষ্টা চলোৱা, যাতে পুৰণি সংস্কাৰ, অন্ধবিশ্বাস, কু-অভ্যাস, জঘণ্য কামৰ প্ৰতি লালসা আদি নেতিবাচক দিশসমূহ, অনৈতিক ধ্যান-ধাৰণাবোৰ ক্ৰমান্বয়ে দ্ৰৱীভূত হৈ পাছলৈ বাষ্পীভূত হৈ অন্তৰ্ধান হয়৷

গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়ত লেখকে মানুহে ভৱিষ্যতৰ পৰা কেনেদৰে মুক্ত হৈ থাকিব পাৰে সেয়া অতি যুক্তিসংগতভাৱে আলোচনা কৰিছে৷ আমি বহুত সময়ত ভৱিষ্যতে কি হ’ব অথবা আহিবলগীয়া দিনবোৰৰ কথা ভাবি বৰ্তমানটো অস্থিৰ কৰি তোলো৷ সঁচাকৈয়ে আমি ভাবি লোৱা ধৰণে ভৱিষ্যত যেতিয়া আহি উপস্থিত হয় তেতিয়া পুনৰ সেই আকাংক্ষিত ‘বৰ্তমানটো’ হেৰুৱায় ভৱিষ্যতৰ পিনে অগ্ৰসৰ হওঁ৷ তাৰ মানে বৰ্তমানৰ আনন্দৰ মুহূৰ্তসমূহ উপভোগৰ পৰা আমি বঞ্চিত হওঁ আৰু বাস্তৱত অতি দুৰ্ভাগ্যজনকআন কথা এয়ে যে ভৱিষ্যত সদায় ভৱিষ্যত হৈয়েই থাকে আৰু আমি একো জানিবলৈ সক্ষম নহওঁ৷  ইয়াৰ উপায়স্বৰূপে লেখকে কৈছে যে - বৰ্তমানক অতি আপোন বুলি সাবটি লোৱা আৰু ভৱিষ্যতক আনন্দেৰে স্বাগতম জনোৱা৷  আমি কেতিয়াও ভাবিব নালাগে যে আমাৰ আহি থকা দিনবোৰ কিবা বিশেষ হ’ব, কেতিয়াও নহয়৷ আজি যেনেদৰে ভাল, বেয়া দুয়োটা আমাৰ লগত আছে ভৱিষ্যতেও দুয়োটাই থাকিব৷ লেখকে আকৌ কৈছে যে ভৱিষ্যত বৰ্তমানৰ কৰ্মৰ ওপৰতহে নিৰ্মিত হয়৷ বৰ্তমান মূহুৰ্ত বা সময়খিনিয়েই বৃদ্ধি হৈ আগবাঢ়ি যোৱাখিনিয়েই হ’ল ভৱিষ্যত৷ দৰাচলতে তুমি ভৱিষ্যত চিধাচিধি অৰ্থাৎ পোনে পোনে নোপোৱা৷  বৰ্তমানৰ ৰূপতহে ভৱিষ্যত তোমালৈ আহে৷  বৰ্তমানটোৱেই ক্ৰমান্বয়ে পাক ঘূৰণি খাই ভৱিষ্যতলৈ ৰূপান্তৰ হয়৷ গতিকে লেখকৰ এইকথাৰ পৰা এটা সিদ্ধান্তলৈ আহিব পাৰি যে বৰ্তমানৰ কক্ষপথেৰেই ভৱিষ্যত নিৰ্ধাৰণ হয়৷ 

বিংশ অধ্যায়ত লেখকে সাম্প্ৰতিক সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু জৰুৰী বিষয় উপস্থাপন কৰিছে৷ সাম্প্ৰতিক কালৰ মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হ’ল নিঃসংগতাবোধ আৰু নিৰ্জনতা৷ নাগৰিক চেতনাই ক্ৰমে মানুহক মানুহৰ পৰা আঁতৰাই আনিছে আৰু বহুতো মানুহে নিঃসংগতাত ভুগি বিভিন্ন জটিল সমস্যাৰ সন্মুখীন হৈছে৷ লেখকে কৈছে যে নিঃসংগতাবোধে সদায় কাৰোবাক বিচাৰে, কিন্তু নিৰ্জনতাত নিঃসংগতাবোধো যে উপভোগ্য হ’ব পাৰে সেয়া বুজিবলৈ আমি সক্ষম নহওঁ৷ সমকালীন সমাজত মানুহৰ যি অৱস্থিতি তালৈ চাই ক’ব পাৰি যে আমাৰ আহিবলগীয়া দিনবোৰ অতি ভয়াৱহ, য’ত নিজৰ অস্তিত্ব বিচাৰি মানুহে হাহাকাৰ কৰিব৷ গতিকে সেই সময়ৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি নিঃসংগতাৰ লগত মিলি যোৱা উচিত৷ এই সমস্যাৰ সমাধান কৰিবলৈ হ’লে আমি নিজে নিজেই অকলে থাকিব পৰা হ’ব লাগে৷ অকলশৰে থাকিও যে বিমল আনন্দ লাভ কৰিব পাৰি সেয়া বুজিব পৰা হ’ব লাগে৷  তেতিয়া নিঃসংগ হোৱাৰ বাবে ইমানেই আগ্ৰহ হ’ব যে তুমি সকলো এৰিব পাৰা কিন্তু নিৰ্জন দ্বীপত থাকি যি আনন্দ পোৱা যায় সেই সুযোগ এৰিব নোৱাৰা৷ এই উল্লাস, আনন্দ অইন একো নহয় তুমি তোমাৰ সৈতে থাকি উপভোগ কৰা আনন্দহে তুমি নিৰ্জনতাৰ মাজত থাকি অন্তৰাত্মাক চুই চাব পাৰিবা, অন্তৰাত্মাক স্পৰ্শ কৰি যি আনন্দ পাবা সেয়া অসীম, অনন্ত৷ 

লেখকে দ্বাদশ অধ্যায়ত এটা অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে৷ সেয়া হ’ল মৃত্যু চেতনা৷ মৃত্যু চেতনা সকলো মানুহৰে মনতে অহৰহ থাকে৷ এই মৃত্যু চেতনা অথবা মৃত্যুভয়ৰ পৰা মানুহে কেনেদৰে মুক্ত হৈ থাকিব পাৰে সেই সম্পৰ্কে ইয়াত লেখকে সুন্দৰকৈ আলোচনা কৰিছে৷  লগতে এই সম্পৰ্কে লেখকে ঋষি অৰবিন্দৰ এষাৰ অমূল্য বাণী উদ্ধৃত কৰিছে- ‘Death is life disguised, life is death if by are life we are not surprised’ -মৃত্যু হ’ল ছদ্মবেশী জীৱন৷ বাস্তৱ জীৱনত আমি যিমানে নকওঁ লাগিলে কিন্তু মানসিকভাৱে আমি কেতিয়াও মৃত্যুভয়ৰ পৰা মুক্ত নহয়৷ এই মৃত্যুচেতনাৰ পৰা আমি কেনেদৰে মুক্ত হৈ থাকিব পাৰোঁ সেই সম্পৰ্কে ক’বলৈ গৈ লেখকে কৈছে যে - মৃত্যু কোনো সমস্যা নহয়৷  সমস্যা হ’ল মৰণৰ বিষয়ে চিন্তা কৰা, অনুভৱ কৰা, ভয় কৰা আদিহে৷ প্ৰকৃত মৰণ হ’ল শান্তিৰ ঘুমটি৷ গতিকে মৃত্যুৰ বিষয়ে একো ভাবি নলৈ যি হয় হওক বুলি যদি খাটাং হৈ থাকাঁ তেন্তে মৃত্যু সম্পৰ্কে থকা সকলো জল্পনা, কল্পনা, আশংকা,ভয়, সন্দেহ নিমিষতে অন্তৰ্ধান হ’ব৷ এই প্ৰসংগত লেখকে আন এগৰাকী প্ৰখ্যাত ব্যক্তিৰ উদ্ধৃতি দিছে- It is impossible that anything so natural, so necessary and so universal as death should ever have been designed by Providence as evil to mankind’. 

পঞ্চত্ৰিংশ অধ্যায়ত লেখকে মানুহে নেতিবাচক চিন্তাবোৰৰ পৰা নিজকে মুক্ত কৰি কেনেদৰে সবল কৰিব পাৰি আৰু স্থিৰ মানসিকতা গঢ়ি তুলিব পাৰে সেই সম্পৰ্কে আলোচনা কৰিছে আৰু কেতবোৰ উপায় দিছে৷ লেখকে উল্লেখ কৰিছে যে এই সম্পৰ্কে তেখেতক বহুতেই প্ৰশ্ন কৰিছে৷  উত্তৰত লেখকে কৈছে যে চেষ্টা কৰি এই অভ্যাস এৰাব পৰাটো কঠিন৷  ইয়াৰ উপায় স্বৰূপে লেখকে তিনিটা দিশ উল্লেখ কৰিছে -

  ১/ যুদ্ধ কৰাঁ- তুমি ইহঁতৰ সৈতে অবিৰাম গতিত যুদ্ধ কৰাঁ

  ২/ পলায়ন কৰাঁ- তুমি ইহঁতৰ পৰা দৌৰি পলাই যোৱাঁ

  ৩/ হেঁচা দি ৰাখি থোৱাঁ - তুমি নেতিবাচক ভাবনাবোৰক হেঁচা দি ৰাখাঁ আৰু সচেতন মনৰ স্থিতিৰ পৰা অৰ্ধচেতন স্থিতিলৈ ঠেলি পঠিয়াই দিয়াঁ৷ 

আকৌ লেখকে এই তিনিটা উপায় ইয়াৰ বিপৰীতধৰ্মী হিচাপেহে দেখুৱাইছে৷  কিয়নো যিমানেই আমাৰ কিবা এটা বস্তুৰ ওপৰত মন কেন্দ্ৰীভূত হ’ব সিমানেই সি সুদৃঢ় হৈ পৰিব৷ তুমি যুদ্ধ কৰাঁ কিন্তু ইহঁতৰ সন্মুখৰ পৰা পলায়ন কৰিব লাগিব, তুমি হেঁচা দি ৰাখাঁ ইহঁত তোমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব, অবিৰাম গতিত তোমাৰ মনৰ মাজত ঘূৰি থাকিব৷ এই অৱস্থাটো এনে ধৰণৰ হৈ পৰে যে যিমানেই পাহৰিবৰ বাবে চেষ্টা কৰিবা, সিমানেই তোমাৰ মনত খুন্দিয়াই থাকিব৷ গতিকে প্ৰকৃত কথা হ’ল যে তুমি যদি নেতিবাচক চিন্তাবোৰ আঁতৰাব খোজা তেনেহলে উল্লিখিত উপায়সমূহ পালন কৰাৰ বিপৰীতে সেইসমূহ নস্যাৎ কৰিবলৈ চেষ্টা কৰাঁ৷ বিন্দু মাত্ৰাও এনে ঋণাত্মক অখণ্ড চেতনাৰ প্ৰতি গুৰুত্ব দিব নালাগে৷ (এইক্ষেত্ৰত পাঠকে লেখকৰ - How to Control Mind and be Stress-free শীৰ্ষক পুথিখন অধ্যয়ন কৰিব পাৰে) ৷

চতুঃপঞ্চাশতম অধ্যায়ত লেখকে উদ্দেশ্যবিহীন কাম-কাজে কিদৰে আমাৰ জীৱনত সফল হোৱাত বাধা দিয়ে অথবা সবল মানসিকতা গঢ়াৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি কৰে সেই সম্পৰ্কে আলোচনা কৰিছে৷ আমি জীৱনত বহুতো কামেই এনেই উদ্দেশ্যহীনভাৱে কৰি যাওঁ, কিন্তু যিবোৰ মহান ব্যক্তি, যিবোৰৰ আদৰ্শ আমি অনুকৰণ কৰোঁ তেওঁলোকৰ জীৱনলৈ চাওকচোন জীৱনৰ প্ৰতিটো খোজেই তেওঁলোকে কিমান সচেতন আৰু উদ্দেশ্য প্ৰণোদিতভাৱে আগুৱাই নিছে৷ তেওঁলোকৰ জীৱনৰ সফলতাৰ আঁৰত জীৱনৰ এই উদ্দেশ্যপ্ৰণোদিত চেতনাই বিশেষ ভুমিকা পালন কৰিছে৷ লেখকে কৈছে যে এনে ধৰণৰ কিছুমান ব্যক্তি আছে যিসকলে তেওঁলোকৰ জীৱনত কৰণীয় কিবা আছে বুলিয়ে নাভাবে, সাধাৰণভাৱে জীয়াই থাকিবলৈ সন্মুখলৈ যি আহে তাকেই কৰে৷ আয় নাই, ব্যয়ও নাই৷ এনে ধৰণৰ অনুমান হয় যেন তেওঁলোক জীয়াই আছে একমাত্ৰ মৰিবৰ বাবে৷ এবাৰ তেওঁলোকে কোনো এটা কামত ধৰে, কিছুদিন কৰে, তাৰ পাছত বিৰক্ত হৈ সেই কাম এৰি আন কামত ধৰে৷ তেওঁলোকৰ জীৱনৰ লক্ষ্য কি, তেওঁলোকে কি বিচাৰে স্পষ্ট ধাৰণা একো নাই৷ এইক্ষেত্ৰত লেখকে কৈছে যে আমাৰ কিবা এটা কৰণীয় আছে আৰু সেইখিনি কৰাৰ অধিকাৰ আৰু দায়িত্বও আছে৷ খেল পথাৰত ভৰিৰে লথিয়াই ইফালে-সিফালে দৌৰি ফুৰিলেই নহয়, ফুটবলটো বিপক্ষ দলৰ গলপোষ্টৰ মাজেৰে সুমুৱাই দিয়াটোহে মূখ্য উদ্দেশ্য৷ বলাৰৰ লক্ষ্য হোৱা উচিত ষ্টাম্পত বল পেলোৱাটোহে, উধাই মুধাই দলিয়ালে বেটছমেন আউট হোৱাই সম্ভাৱনাই নাথাকিব৷ এই আটাইবোৰ দিশ যেতিয়া অতি সুশৃংখলভাৱে নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰি, তেতিয়া আত্মোপলব্ধি আহিব আৰু ইয়েই জীৱনৰ সফলতাৰ পথ দেখুৱায় নিব৷ 

৬৭তম অধ্যায়ত লেখকে নিৰাশাবাদী, আশাহীনতা, আস্থাহীনতা আৰু হতাশাগ্ৰস্ততা ইত্যাদিৰ পৰা কেনেদৰে নিজক মুক্ত কৰি ৰাখিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিছে৷ এনেকুৱা বিভিন্ন ব্যক্তি আছে যে জীৱনত তেওঁলোকে অলপ দুৰ্যোগৰ মুখামুখি হ’লেই ভাবি লয় যে সংসাৰত তেওঁৰ সমান দুৰ্ভগীয়া আৰু কোনো নাই, পৃথিৱীৰ একমাত্ৰ দুখী মানুহজনেই তেওঁ৷ এইক্ষেত্ৰত লেখকে কৈছে যে মানুহে এষাৰ কথা গভীৰভাৱে বিশ্বাস কৰি ল’ব লাগে যে এদিন অন্ধকাৰ নিশা আঁতৰি যাবই৷ এষাৰ বিখ্যাত উক্তি আছে যে যিমানেই ৰাতি এন্ধাৰ হয়, তৰাও সিমানেই জিলিকি উঠে৷ বহুতো প্ৰখ্যাত মনিষীৰ জীৱন-কাহিনী পঢ়িলে গম পাবা যে তেওঁলোকৰ জীৱন-যাত্ৰাৰ পথ মসৃণ নাছিল,পদুমফুলীয়া নাছিল, আছিল কাঁইটীয়া৷ পিছে কালৰাত্ৰিৰ বুকুতেই লুকাই থাকে নতুন ৰঙীন প্ৰভাত৷ এই প্ৰসংগত লেখকে আব্ৰাহম লিংকনৰ জীৱনৰ উদাহৰণ দাঙি ধৰিছে৷ ‘ডাল কাৰ্ণেগী’ নামৰ এগৰাকী পণ্ডিতে লিংকনৰ জীৱনী প্ৰস্তুত কৰিবৰ বাবে সুদীৰ্ঘ তিনি বছৰৰো অধিক সময় নিৰৱচ্ছিন্নভাৱে গৱেষণা কৰিছিল৷ জীৱনীত তেওঁ লিখিছিল যে জীৱনৰ প্ৰথমছোৱাত লিংকন অতি দুৰ্বল আৰু ৰুগীয়া আছিল৷ সদায় মন মাৰি দুখে-বেজাৰে ঘৰতেই বহি আছিল৷ উল্লেখযোগ্য যে কোনো এজন তেওঁৰ আপোন বন্ধুৱে হেনো লিংকনে নিজকে নিজে আপোনঘাতী হ’ব পাৰে বুলি আশংকা কৰি ঘৰৰ দা, কটাৰী, কুঠাৰ সকলো লুকাই ৰাখিবলগীয়া হৈছিল৷ শৰীৰ আৰু মন এনেদৰে ভাঙি পৰিছিল যে শেষত উপায় নাপাই বলিয়াৰ দৰে হৈ পৰিছিল৷ কথিত আছে যে স্পীংফিল্ডৰ পৰা প্ৰকাশিত হোৱা কোনো এখন বাতৰি কাকতত হেনো লিংকনে আত্মহত্যাৰ ওপৰত লিখা কবিতা এটা ছপা হৈ ওলাইছিল৷ এয়া আছিল লিংকনৰ জীৱনৰ ভয়াৱহ দুঃসময়৷  কিন্তু তাৰ পিছৰছোৱা সময় লিংকনে কি কৰি গ’ল সেয়া আমি সকলোৱে জানো৷ বিশেষকৈ আমাৰ ছাত্ৰসকলে লিংকনৰ পৰা এই আদৰ্শ ল’ব পাৰে যে হতাশাই জীৱনৰ সফলতাৰ পথত কেতিয়াও প্ৰাচীৰ হ’ব নোৱাৰে, লাগে মাথোঁ গভীৰভাৱে আত্ম বিশ্বাস আৰু এই আত্ম বিশ্বাসৰ বাবেই লিংকনে আমেৰিকাৰ ভাগ্য নিৰ্মাণ কৰিব পাৰিছিল৷ স্থিৰ মানসিকতা গঢ়াৰ ক্ষেত্ৰতো ই এক অন্যতম উদাহৰণ হ’ব পাৰে৷ মই ভাবোঁ, এই অধ্যায়টো শিক্ষকসকলৰ কাৰণে অতি প্ৰয়োজনীয়, কিয়নো এই অধ্যায়টোৰ জৰিয়তে তেওঁলোকে ছাত্ৰসকলৰ স্থিৰ মানসিকতা আৰু সংবেদনশীলতা গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে লাভবান হ’ব৷ 

মুঠৰ ওপৰত এই গ্ৰন্থখন সকলো শ্ৰেণীৰ মানুহৰ কাৰণেই গুৰুত্বপূৰ্ণ৷ জীৱনৰ পথত আগুৱাই যোৱাত, আত্মবিশ্বাস, সবল শক্তিশালী মানসিকতা গঢ়াৰ ক্ষেত্ৰতো এই গ্ৰন্থখনে সকলো স্তৰৰ ব্যক্তিকে সহায় কৰিব৷  শেষত গ্ৰন্থখনৰ সম্পৰ্কে যোগ গুৰু স্বামী ৰামদেৱে কোৱা এষাৰি বাক্যৰে সামৰিছো – ‘অতি সুন্দৰ, সহজ-সৰল, প্ৰাঞ্জল ভাষা আৰু আঁৰ-বেৰ নথকাকৈ কলাসুলভ ৰচনাশৈলীৰে ৰচনা কৰা জীৱনৰ প্ৰতিটো দিশেই সামৰি লোৱা এই মহৎ গ্ৰন্থখন অকল সৰ্বসাধাৰণৰ বাবেই নহয়, প্ৰশাসনীয়, কাৰ্যকৰী, কাৰিকৰী বা বিজ্ঞানী ধৰণৰ লোকসকলৰ বাবেও অতি উপযোগী আৰু পথ প্ৰদৰ্শক হিচাবে পৰিগণিত হ’ব৷  মই ভাবোঁ, এইখন এখন সফল গ্ৰন্থ৷’

 

 

ঠিকনা :

কিশোৰ দাস কোঁৱৰ

গাওঁ -ঔবাৰী

জিলা -তামুলপুৰ

dask32049@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ