শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰ প্ৰাপক, যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ-পূব বিজ্ঞান আৰু
প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (পূৰ্বৰ আঞ্চলিক বিজ্ঞান গৱেষণাগাৰ- RRL) জ্যেষ্ঠ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়া। NEIST-অৰ প’লিমাৰ পেট্ৰ’লিয়াম আৰু কয়লা ৰসায়ন গোটৰ বিজ্ঞানী ড° শইকীয়াই কৰ্কট ৰোগৰ কোষ
চিনাক্তকৰণৰ বাবে কয়লাক ব্যাৱহাৰ কৰাৰ এক ৰাসায়নিক পদ্ধতিৰ বিকাশ ঘটাই দুবছৰমানৰ
পূৰ্বে বিশেষ চৰ্চা লাভ কৰিছিল৷ বিজ্ঞান জগতত শইকীয়াৰ এনে আৰু কিছু
উল্লেখযোগ্য অৱদান আছে ৷ নিজা উদ্ভাৱনী গুণৰ বাবেই তেওঁৰ নামত ভাৰত আৰু আমেৰিকাত
মুঠতে চাৰিটাকৈ পে’টেণ্ট আছে৷
অসম আৰু
অসমীয়াক গৌৰৱান্বিত কৰি সন্মানীয় শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে 'অন্যয়ুগ'ৰ পঢ়ুৱৈসমাজৰ বাবে এই কথোপকথনত অংশগ্ৰহণ
কৰিলে আকাশ দীপ্ত ঠাকুৰে।
অন্যযুগ : আপোনাৰ ল’ৰালি কালৰ বিষয়ে অলপ জনাবনে? কেনে পৰিৱেশত আপোনাৰ শৈশৱ-কৈশোৰ অতিবাহিত হৈছিল, আপোনাৰ ঘৰখন, পিতৃ-মাতৃ তথা অন্য সদস্যসকলৰ বিষয়ে কিছু কথা জানিবলৈ পালে ‘অন্যযুগ’ৰ পঢ়ুৱৈসকল নিশ্চয় উপকৃত হ’ব৷
বিনয় কুমাৰ শইকীয়া : মোৰ শৈশৱ গোলাঘাট সৰুপথাৰত অতিবাহিত হৈছিল৷ গোলাঘাটৰ সৰুপথাৰত হাইস্কুলৰ ডেওনা পাৰ হৈ মই গোলাঘাটৰে জোনাকী নগৰত কৈশোৰ অতিবাহিত কৰোঁ৷ মোৰ পৰিয়ালত মোৰ মা-দেউতা আৰু এজনী ভণ্টী আছে৷ মোৰ শৈশৱ-কৈশোৰ আন সকলোৰে দৰে সাধাৰণ যদিও মোৰ বংশ-পৰিয়াল শিক্ষিত আৰু সৰহ সংখ্যকেই শিক্ষকতা বৃত্তিত নিয়োজিত আছিল৷ মোৰ দেউতাই মোক সৰুৰেপৰাই বিজ্ঞান তথা মহাকাশৰ বিচিত্র ঘটনাৰ কথা শুনাইছিল আৰু প্ৰাথমিক বিদ্যালয়ত থাকোঁতেই মানুহ যে মহাকাশলৈ যাব পাৰে, তাৰ সুন্দৰ বৰ্ণনা দিছিল আৰু লগতে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ে আগ্ৰহী কৰি তুলিছিল৷ মন কৰিবলগীয়া কথা যে ওচৰ- চুবুৰীয়া তথা প্ৰতিৱেশীসকলেও বিজ্ঞান তথা কাৰিকৰী শিক্ষাৰ বিষয়ে প্ৰায়ে আলোচনা কৰিছিল আৰু মই এইদৰে বহুত উপকৃত হৈছিলোঁ৷ এটা কথা মোৰ প্ৰায়ে মনত পাৰে- মই বিদ্যালয়ত পঢ়ি থকা সময়ত গধূলি ওচৰ-চুবুৰীয়া জে্যষ্ঠ তথা কনিষ্ঠসকলো আমাৰ চোতালত মিলিত হৈছিল আৰু তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ শৈক্ষিক তথা জ্ঞানবৰ্ধক আলোচনা হৈছিল।
অন্যযুগ : প্ৰাথমিক পৰ্যায়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱালৈকে আপোনাৰ স্কুলীয়া পৰিৱেশটোৰ বিষয়ে এটি আভাস দিবনে? আপোনাৰ সাফল্যৰ আঁৰত স্কুলীয়া জীৱনৰ শিক্ষকসকলৰ কেনে অৰিহণা আছিল বুলি আপুনি ভাবে?
বি. কু. শ : প্ৰাথমিক শিক্ষা মই সৰুপথাৰ এক নং পদুমণি প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰি ডনবস্ক’ স্কুল, সৰুপথাৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হওঁ। কিছুবছৰ মই বোকাখাত টাউন স্কুল আৰু সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অধ্যয়ন কৰোঁ৷ মই অধ্যয়ন কৰা প্ৰতিখন বিদ্যালয়ৰে শৈক্ষিক পৰিৱেশ ভাল আছিল আৰু তাত কৰ্মৰত সকলো শিক্ষকৰপৰাই মই স্কুলীয়া জীৱনত উৎসাহ তথা মৰম আদায় কৰিব পাৰিছিলোঁ। স্কুলীয়া জীৱনৰ নৱম-দশম শ্ৰেণীত মোৰ সমাজ অধ্যয়ন বিষয়টোৰ প্ৰতি আগ্ৰহ তেনেই কম আছিল, কিন্তু সমাজ অধ্যয়ন পঢ়োৱা ছাৰে বিষয়টো ধেমেলীয়া কথাৰে ইমান ৰসাল তথা বোধগম্য কৰি তুলিছিল যে মই বিষয়টোৰ প্ৰতি খুব কম সময়ৰ ভিতৰতে আগ্ৰহী হৈ উঠিছিলোঁ আৰু কৃতকাৰ্যতা লাভ কৰিছিলোঁ। ডনবস্ক’ স্কুলত পঢ়া নীতিশিক্ষাৰ জ্ঞানে মোৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল; বৰ্তমান শিক্ষা ব্যৱস্থাত নীতিশিক্ষা বিষয়টোৰ অনুপস্থিতি এটা বিশেষ অভাৱ যেন অনুভৱ হয়।
অন্যযুগ : আপুনি কিদৰে বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আহিল, সেই বিষয়ে অলপ কওকচোন৷
বি. কু. শ. : ইতিপূৰ্বে মই উল্লেখ কৰিছোঁৱেই যে মোৰ বিজ্ঞান পঢ়াৰ প্ৰতি ধাউতি আছিল। বিভিন্ন প্ৰাকৃতিক পৰিঘটনা যেনে ৰঙৰ সমাহাৰ আৰু ইয়াৰ কাৰণ, সূৰ্যাস্ত বা সূৰ্যোদয়ৰ সময়ত হোৱা ৰঙৰ পৰিৱৰ্তন আদিয়ে মোক স্কুলীয়া জীৱনৰ পৰাই আকৰ্ষণ কৰিছিল। উচ্চতৰ মাধ্যমিকৰ সময়ত ৰসায়ন বিজ্ঞানৰ ব্যৱহাৰিক শ্ৰেণীসমূহত কৰা বিভিন্ন পৰীক্ষা আৰু ৰংবোৰ দেখি অভিভূত হৈছিলোঁ।
অন্যযুগ : মহাবিদ্যালয়ত পাৰ হৈ অহা দিনবোৰ; ৰসায়ন বিজ্ঞানৰ প্ৰতি আপোনাৰ আকৰ্ষণ কিয় আৰু কেনেদৰে জাগি উঠিছিল, অধ্যাপকসকলৰ অনুপ্ৰেৰণা আৰু অৱদান সম্পৰ্কে কিছু কথা জানিব বিচাৰিছোঁ৷
বি. কু. শ. : উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পাছত ইঞ্জিনীয়াৰিং পঢ়িবলৈ গৈছিলোঁ যদিও বিশেষ কাৰণত মই দেবৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লওঁ আৰু ৰসায়ন বিজ্ঞানৰ প্ৰতি অধিক অধ্যয়ন আৰু গবেষণা কৰিবলৈ ইচ্ছা হয়। এইখিনিতে মই মোৰ মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ কথা ক’বই লাগিব। দেবৰাজ ৰয় মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগতে মই ৰসায়নৰ আদিপাঠ লাভ কৰিছিলোঁ আৰু তেখেতসকলেই ৰসায়ন বিজ্ঞান ভাল পাবলৈ শিকাইছিল আৰু যথেষ্ট অনুপ্ৰাণিত কৰিছিল। কেৱল শ্ৰেণীবোৰতে নহয়, তেখেতসকলৰ ঘৰলৈও মই মাজে মাজে পাঠ লবলৈ গৈছিলোঁ আৰু কোনো ধৰণৰ অসুবিধা পোৱা নাছিলোঁ।
অন্যযুগ : বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা আৰু গৱেষণাৰ প্ৰতি আপোনাৰ ধাউতিৰ বিষয়ে জনাবনে?
বি. কু. শ. : বিশ্ববিদ্যালয় শিক্ষা বুলিলে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কটন কলেজৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। মোৰ পৰিৱেশ বিজ্ঞানৰ বিষয়ত গৱেষণা কৰাৰ ইচ্ছা আছিল আৰু সৌভাগ্যক্ৰমে যোৰহাট আঞ্চলিক গবেষণাগাৰত (RRL) ২০০২ চনত সেই সুযোগ লাভ কৰিছিলোঁ। অসমৰ কয়লা খনন কাৰ্যত হোৱা পৰিৱেশ প্ৰদূষণৰ বিষয়ে গবেষণা কৰিছিলোঁ৷ কিন্তু পাছলৈ মই অসমৰ কয়লাৰ ৰাসায়নিক গঠনৰ ওপৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰোঁ৷ কিয়নো, যদি আমি কয়লাৰ ৰাসায়নিক (chemical) আৰু আণৱিক গঠন (molecular structure) নাজানো, তেন্তে ইয়াৰ পৰা হোৱা প্ৰদূষণৰ প্ৰতিকাৰ তথা ৰোধ কৰিব নোৱাৰিম। আনহাতে অসমৰ কয়লা নিম্নমানৰ হোৱা বাবে ইয়াক বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব নোৱাৰি আৰু ফলত ইয়াৰ চাহিদাও কম। গতিকে মই এক্স্ ৰশ্মি সমবৰ্তন প্ৰক্ৰিয়া (x-ray diffraction technique) ব্যৱহাৰ কৰি আঞ্চলিক গৱেষণাগাৰৰ মুখ্য বিজ্ঞানী ড০ ৰজনীকান্ত বৰুৱা ছাৰৰ লগত পি এইচ ডি-ৰ বাবে কয়লাৰ কাৰ্বন-গঠন (carbon structure)-ৰ বিষয়ত গৱেষণা আৰম্ভ কৰোঁ ।
অন্যযুগ : আপোনাৰ গৱেষণাৰ বিষয় সম্পৰ্কে কিছু কথা জনালে পাঠকসমাজ উপকৃত হ’ব৷
বি. কু. শ. : আমি মুখ্যতঃ নিম্ন মানৰ উত্তৰ-পূব ভাৰতীয় কয়লাৰ মূল্য সংযোজন আৰু বৈকল্পিক ব্যৱহাৰৰ ওপৰত কাম কৰি আছোঁ। আমাৰ উত্তৰ-পূবৰ কয়লাবোৰৰ বেছিভাগ উপ-বিটুমিনাছ প্ৰকাৰৰ আৰু ছালফাৰ বিশেষকৈ জৈৱিক ছালফাৰ থকা। সেয়েহে, এই কয়লাবোৰ তাপ বিদ্যুৎ প্ৰকল্প বা আন যিকোনো উদ্যোগত দহনৰ বাবে ব্যৱহাৰ কৰিলে পৰিৱেশৰ ওপৰত প্ৰচণ্ড প্ৰভাৱ পেলায়। ফলত ইয়াৰ ব্যৱহাৰযোগ্যতা আৰু চাহিদা কমি যায়। আনহাতে, কয়লা হৈছে কাৰ্বনৰ এক উৎকৃষ্ট উৎস; ইয়াত প্ৰায় ৬০-ৰ পৰা ৮৫% কাৰ্বন থাকে, যাক বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি। আমাৰ গৱেষণাগাৰত আমি এই কয়লা আধাৰিত কাৰ্বনৰ পৰা কাৰ্বন নেন’মেটেৰিয়েলৰ যেনে কাৰ্বন কোৱাণ্টাম ডট (চি কিউ ডি) আৰু শক্তি সংৰক্ষণৰ বাবে ইলেক্ট্ৰড সামগ্ৰীৰ আদিৰ ওপৰত গৱেষণা কৰি আছোঁ।
যিদৰে কয়লাৰ দহনে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়, একেদৰে যিকোনো জীৱাশ্ম ইন্ধন যেনে পেট্ৰ’ল, ডিজেল আদি লগতে জৈৱ ইন্ধনৰ দহনেও পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। এই ইন্ধনবোৰৰ দহনে বায়ু প্ৰদূষকৰ নিৰ্গমন কৰে। এনে প্ৰদূষকবোৰৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ প্ৰদূষক হ'ল কণিকা পদাৰ্থ বা এৰ’ছ’ল। এই কণিকা পদাৰ্থবোৰ বায়ুত থাকে আৰু মানৱ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে যেনে শ্বাস-প্ৰশ্বাসৰ ৰোগ, কাৰ্ডিঅ’ভাস্কুলাৰ আৰু হৃদৰোগ, আনকি কৰ্কট ৰোগৰো সৃষ্টি কৰে। এই কণিকাবোৰে গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱৰ্তনতো অৰিহণা যোগায়। আমাৰ গৱেষণাগাৰত সম্প্ৰতি এই কণিকাবোৰোৰ ওপৰতো কাম কৰি আছোঁ, বিশেষকৈ এই কণিকাবোৰত থকা কাৰ্বন নেন’মেটেৰিয়েল, সেইবোৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ আৰু প্ৰশমনৰ ওপৰত গৱেষণা কৰি আছোঁ।
অন্যযুগ : বৈজ্ঞানিক ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ সন্মান ‘শান্তিস্বৰূপ ভাটনাগৰ বঁটা’ৰ বিষয়ে আপোনাৰ পৰা কিছু কথা জানিবলৈ পালে ভাল লাগিব৷
বি.কু.শ. : শান্তি স্বৰূপ ভাটনাগৰ বঁটা ভাৰতৰ সৰ্বোচ্চ বিজ্ঞান বঁটা। ঔদ্যোগিক গৱেষণা পৰিষদ (চি. এছ. আই. আৰ.)-ৰ প্ৰতিষ্ঠাপক সঞ্চালক ছাৰ শান্তিস্বৰূপ ভাটনাগৰৰ নামেৰে নামাকৰণ কৰা এই বঁটা প্ৰতি বছৰে চি. এছ. আই. আৰ. (ভাৰত চৰকাৰ)-এ প্ৰদান কৰে। সাতটা ভিন্ন ক্ষেত্ৰত এই বঁটা প্ৰদান কৰে- জৈৱবিজ্ঞান, ৰাসায়নিক বিজ্ঞান, অভিযান্ত্ৰিক বিজ্ঞান, গাণিতিক বিজ্ঞান, চিকিৎসা বিজ্ঞান, ভৌতিক বিজ্ঞান আৰু পৃথিৱী, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ বিজ্ঞান। পঞ্চল্লিছ বছৰৰ অনূৰ্ধৰ বিজ্ঞানীসকলক এই বঁটাৰ বাবে বাছনি কৰা হয়। মোক প্ৰদান কৰা বিষয়টো হৈছে পৃথিৱী, বায়ুমণ্ডল, মহাসাগৰ, আৰু গ্ৰহ বিজ্ঞান। এই বঁটা সাধাৰণতে ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে প্ৰদান কৰে৷
অন্যযুগ : এই সন্মান লাভৰ পাছত আপোনাৰ মনৰ অনুভৱ কেনে হৈছিল বাৰু? আপোনাৰ নিকট আত্মীয় তথা শুভাকাংক্ষীসকলৰ অনুভৱ কেনে আছিল জনাবনে?
বি. কু. শ. : এই সন্মানপ্ৰাপ্তিৰ পাছত মই যথেষ্ট আনন্দিত তথা উৎফুল্লিত অনুভৱ কৰিছোঁ৷ আশা কৰিছিলোঁ যদিও নিশ্চিত নাছিলোঁ, কিয়নো আমাৰ দেশত যথেষ্ট সংখ্যক প্ৰতিভাসম্পন্ন বিজ্ঞানী তথা গৱেষক আছে৷ এই বঁটা আৰু সন্মান লাভ কৰাৰ পাছত মোৰ প্ৰধান অনুভৱ হৈছিল যে আমাৰ গৱেষণা গোট আৰু অনুষ্ঠানে দেশ আৰু বিদেশত স্বীকৃতি লাভ কৰিলে৷
মোৰ পৰিয়াল, আত্মীয় আৰু শুভাকাংক্ষীসকলো উৎফুল্লিত তথা আনন্দিত হৈছিল আৰু বিভিন্ন
মাধ্যমেৰে মোক শুভকামনা যাচিছিল৷ আটায়ে মোৰ দীৰ্ঘদিনীয়া কৰ্ম আৰু পৰিশ্ৰমৰ মূল্য
পোৱা বাবে আনন্দিত হৈছিল৷ মোৰ জীৱনৰ আদৰ্শ ব্যক্তি মোৰ দেউতাৰ নাম এইখিনিতে ল’বই লাগিব৷ তেওঁ মোৰ এই স্বীকৃতিত যথেষ্ট আনন্দ তথা সন্তোষ প্ৰকাশ কৰিছে৷
মোৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ শিক্ষাগুৰুসকলে যথেষ্ট সন্তোষ পাইছে৷ মোৰ গৱেষণাৰ কামত সদায় সমৰ্থন আৰু সহযোগিতা
অগবঢ়াই অহা মোৰ পত্নী শ্ৰীমতী বৰ্ণালী বৰদলৈও মোৰ এই সাফল্যত অতিশয় আনন্দিত হৈছিল৷
অন্যযুগ : আপোনাৰ গৱেষণালব্ধ ‘মেধাস্বত্ব’ অথবা ‘পেটেণ্ট’ আৰু উদ্ভাৱন সম্পৰ্কে কিছু কথা জানিব বিচাৰিম৷
বি. কু. শ. : আমি নিম্ন মানৰ ভাৰতীয় কয়লাৰ পৰা এক অতি শাব্দিক-সহায়ক তিতা-ৰাসায়নিক (ultrasonic-assisted wet-chemical) পদ্ধতিৰ দ্বাৰা নীলা-প্ৰতিপ্ৰভ ৰশ্মি (blue-fluorescence) নিৰ্গত কৰা কাৰ্বন ডট (চিকিউডি) প্ৰস্তুত কৰাৰ বাবে এক প্ৰক্ৰিয়া উদ্ভাৱন কৰিছোঁ। এই প্ৰক্ৰিয়াটো উচ্চ মানৰ আৰু আকাৰ-নিয়ন্ত্ৰিত কাৰ্বন ডট (চিকিউডি) প্ৰস্তুত কৰাৰ বাবে এক সৰল, পাৰিপাৰ্শ্বিকভাৱে সৌহাদ্যপূৰ্ণ আৰু কম খৰচী পদ্ধতি। প্ৰক্ৰিয়াটো ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মেধাস্বত্ব (পেটেণ্ট)-ৰূপে গ্ৰহণ কৰা হৈছে।
অন্যযুগ : আপোনাৰ গৱেষণালব্ধ জ্ঞানৰ প্ৰায়োগিক দিশ সম্পৰ্কে আভাস এটা দিবনে?
বি. কু. শ. : বিভিন্ন ক্ষেত্ৰত প্ৰয়োগৰ বাবে আমাৰ থলুৱা চিকিউডি প্ৰযুক্তি “আত্মনিৰ্ভৰ ভাৰত”ৰ এক উদাহৰণ হ’ব পাৰে। চিকিউডিবোৰ বিভিন্ন ক্ষেত্ৰত উপযোগী, যেনে জৈৱিক চিত্ৰকৰণ (Bio imaging), ৰোগ নিৰ্ণয়, জৈৱিক-সংবেদী (Bio sensing), ৰাসায়নিক সংবেদন, আলোক-অনুঘটকীয় (photo-catalysis), আলোক-ভল্টীয় ( photo voltaic) সঁজুলি ইত্যাদি। আমি জৈৱিক চিত্ৰকৰণৰ ক্ষেত্ৰত গৱেষণা কৰি আছোঁ আৰু আশানুৰূপ ফলাফল লভ কৰিছোঁ৷
অন্যযুগ : ‘শান্তিস্বৰূপ ভাটনাগৰ’ বঁটা লাভ আপোনাৰ বাবে আশাপ্ৰদ আছিলনে?
বি. কু. শ. : এই বঁটা মই আশা কৰিছিলোঁ যদিও নিশ্চিত নাছিলোঁ৷ কিন্তু মই ভাবিছিলোঁ যে মোৰ গৱেষণাৰ ফলাফলে আমাৰ দেশত সামাজিক আৰু অৰ্থনৈতিকভাৱে এদিন নহয় এদিন যে প্ৰভাৱ পেলাব, সেয়া নিশ্চিত। বিশেষভাৱে কয়লাৰ বিকল্প ব্যৱহাৰ আৰু আমাৰ দেশতে ইয়াৰপৰা অতি উন্নত মানৰ পদাৰ্থ (Advanced Material) থলুৱাভাৱে উৎপাদনে আমাৰ আমদানি কমাব, যাৰ ফলত আমাৰ বহুত অৰ্থব্যয় হ্ৰাস হ’ব৷
গতিকে বঁটাৰ
আশাত মই কাম কৰা নাছিলোঁ বা কোনো বিজ্ঞানী বঁটাৰ আশাত গৱেষণা নকৰে৷ কিন্তু হয়, বঁটা পালে আমি অধিক অনুপ্ৰাণিত হওঁ৷
অন্যযুগ : শিশু-মানসিকতাৰ ওপৰত বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কে কিছু কথা জনাবচোন৷ কিদৰে এটি শিশু অথবা কিশোৰ বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে, সেই বিষয়ে আপোনাৰ মতামত জানিব বিচাৰিম৷
বি. কু. শ. : এজন শিশুৰ ওপৰত বিজ্ঞানৰ পৰিঘটনাসমূহৰ প্ৰভাৱ বহুত বেছি৷ বিজ্ঞানৰ যিকোনো পৰিঘটনা বা তাৰ ব্যাখ্যাই শিশুৰ মানসিকতা বা চিন্তাধাৰা সদায় ইতিবাচক (positive) আৰু শক্তিশালী কৰিব পাৰে৷ এজন শিশু সদায় বহুত কৌতূহলী (curious) হয়৷ যিকোনো নতুন বিষয় বা আমাৰ চাৰিওফালৰ ঘটনা বা পৰিস্থিতি সম্পৰ্কে জানিবলৈ ইচ্ছা কৰে৷ মই ভাবোঁ চাৰিৰ পৰা দহবছৰৰ ভিতৰৰ শিশুসকলক যদি আমি বিজ্ঞানৰ কথা বা ইয়াৰ প্ৰভাৱ বা আমাৰ প্ৰাকৃতিক ঘটনা বা পৰিঘটনাৰ ব্যাখ্যা দিব পাৰোঁ, ভৱিষ্যতে আৰু পৃথকে বৈজ্ঞানিক মানসিকতা গঢ়াৰ কোনো প্ৰয়োজন নাই; আৰু শিশুজন বিজ্ঞান চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত হোৱাটো ১০০% খাটাং৷ চন্দ্ৰ, সূৰ্য, আকাশ, বৰষুণ, ডাৱৰ আদি কথাৰ লগতে গছ-গছনিৰো যে জীৱ আছে আদি কথাবোৰ এই বয়সতে ক’ব লাগে আৰু ভালদৰে বুজাই দিব লাগে৷ মই তৃতীয় শ্ৰেণীত পঢ়োঁতে সাগৰৰ পানী চেলেকি চাই লুণীয়া অনুভৱ কৰি অতিকৈ পুলকিত (excited) হৈ পৰিছিলোঁ আৰু চিন্তা কৰিছিলোঁ যে কিয় সাগৰৰ পানী লুণীয়া হয় অথচ নদীৰ বা দমকলৰ পানী লুণীয়া নহয়!
অন্যযুগ : ঘৰুৱা পৰিৱেশ, সামাজিক প্ৰতিবন্ধকতা আদি কাৰকে কাহানিও প্ৰকৃত প্ৰতিভা আৰু মেধাক ঢাকি ৰাখিব নোৱাৰে৷ হাজাৰ প্ৰত্যাহ্বানৰ পাছতো সেয়া উজলি উঠাটো সম্ভৱ৷ আপুনি কি ভাবে?
বি. কু. শ. : প্ৰতিভাক কোনেও কেতিয়াও ঢাকি ৰাখিব নোৱাৰে; কাহানিও ঢাকি ৰাখিব নোৱাৰি- এয়া সত্য আৰু আমি ইয়াৰ অলেখ উদাহৰণ দেখি আহিছোঁ৷ মাত্ৰ আত্মবিশ্বাস আৰু যোগাত্মক তথা ইতিবাচক মনোবৃত্তি (positive attitude) লাগে৷ প্ৰকৃত প্ৰতিভাৰ বাবে ঘৰুৱা পৰিৱেশ বা অৰ্থনৈতিক সমস্যা আদি কেতিয়াও প্ৰত্যাহ্বান হ’ব নোৱাৰে৷ প্ৰত্যাহ্বান সকলোৰে আছে৷ সেই প্ৰত্যাহ্বানক যোগাত্মক মনোবৃত্তি (positive attitude)-ৰ সহায়ত অতিক্ৰম কৰিব পাৰি৷ মই এটা কথাত সদায় বিশ্বাস ৰাখোঁ যে আমাৰ সমাজত ভাল ব্যক্তিৰ অভাৱ এতিয়াও হোৱা নাই আৰু তেনে ব্যক্তিৰ বা আমাৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুৰ আশীৰ্বাদ আৰু উপদেশৰ সহায়ত এজন মেধা ব্যক্তি আগবাঢ়ি যাব পাৰে৷ এইখিনিতে স্বকীয় আকাংক্ষা বা হাবিয়াস (self motivation)-ৰ কিন্তু বৰ প্ৰয়োজন। বৰ্তমান সামাজিক মাধ্যমসমূহ (social media), তথ্য আৰু প্ৰযুক্তিবিদ্যা (information technology), বিভিন্ন ধৰণৰ e-megazine, যেনে আপোনালোকৰ ‘অন্যযুগ’ৰ দৰে ব্যৱস্থাপনাবোৰে প্ৰতিভা বিকাশত বহুত সহায় কৰি আহিছে বুলি ভাবোঁ৷
অন্যযুগ : বিজ্ঞান বিষয়ত অধ্যয়ন কৰা আৰু বৈজ্ঞানিক মানসিকতা একে নহয়৷ বহু ক্ষেত্ৰত দেখা যায়–কোনো ব্যক্তি বিজ্ঞানৰ ছাত্ৰ নোহোৱাকৈও মনটো বৈজ্ঞানিক চিন্তাধাৰাৰে পৰিপুষ্ট হয়; অন্যহাতে বিজ্ঞানৰ ছাত্ৰ-গৱেষক-অধ্যাপক আদি বহুতৰ ক্ষেত্ৰতে হয়তো বৈজ্ঞানিক ধাৰণাৰে সম্পৃক্ত মন এটা নাথাকিবও পাৰে৷ এই বিষয়ে আপোনাৰ উপলব্ধি জানিব বিচাৰিম৷
বি. কু. শ. : একদম ঠিক কথা কৈছে৷ আমি বিজ্ঞান শাখাত পঢ়িলে বা বিজ্ঞানৰ ব্যক্তি হ’লেই যে বৈজ্ঞানিক মানসিকতা থাকিব, সেয়া সত্য নহ'বও পাৰে; আৰু সেয়া কেতিয়াবা লক্ষ্য কৰা নাযায়৷ বিজ্ঞান মানসিকতা শিক্ষাৰদ্বাৰা নহৈ কেতিয়াবা এজন ব্যক্তিৰ অভিজ্ঞতা আৰু অধ্যয়নৰ পৰাও আহিব পাৰে৷ আমাৰ ককা-অইতাসকলৰ উদাহৰণ দিব পাৰোঁ৷ মোৰ এবাৰ সৰুতে, চতুৰ্থমানত (class IV) পঢ়ি থকা সময়ত পেটৰ বিষ, বমি হওঁতে মোক আমাৰ পাকঘৰত থকা এলান্ধু আৰু নিমখৰ এটা বড়ি বনাই খাবলৈ দিছিল আৰু মই বিষৰ পৰা উপশম পাইছিলোঁ৷
এতিয়া আমি বুজি
পাইছোঁ যে সেই বড়িত আচলতে এবিধ সূক্ষ্মাতিসূক্ষ্ম কাৰ্বন (Nano
Carbon) থাকে, যিয়ে হয়তো দৰৱৰ কাম কৰিছিল৷ গ্ৰেফিন (Graphene) জাতীয় পদাৰ্থ, যিয়ে আমাৰ শৰীৰত বহুত উপকাৰ কৰে৷
আমাৰ দেশখন
আচলতে বিজ্ঞানেৰে ভৰপূৰ৷ আমি যদি আমাৰ ইতিহাস (history) চাওঁ, তেন্তে দেখিবলৈ পাম যে আমাৰ দেশত প্ৰচলিত ঔষধি, ঘৰুৱা
মা-মছলা, ঔষধি গুণযুক্ত খাদ্য, সুস্বাস্থ্যৰ
বাবে যোগাসন (traditional medicine, spices, foods for medicinal value,
yoga for health) আদি অতি প্ৰাচীনকালৰে পৰা আছে৷
অন্যযুগ : এজন ব্যক্তি ছাত্ৰ-জীৱনৰ প্ৰাৰম্ভিক সময়ৰপৰাই গৱেষণাত জড়িত হ’ব পাৰেনে?
বি. কু. শ. : নিশ্চয় পাৰে। যদিও বিজ্ঞানৰ গৱেষণা কৰিবলৈ বা জড়িত হ’বলৈ বিজ্ঞানৰ সা-সুবিধা যেনে পৰীক্ষাগাৰ, যন্ত্ৰপাতি আদিৰ প্ৰয়োজন আছে। কিন্তু বৈজ্ঞানিক মন এটা বা মানসিকতাৰ সবাতোকৈ বেছি প্ৰয়োজন। এজন ছাত্ৰ বা ছাত্ৰীয়ে ভাল গৱেষণা কৰিবলৈ বৰ্তমান গুগল (Google), নাছা (NASA), ইছৰো (ISRO) আদি প্ৰতিষ্ঠানবোৰে Citizen Scientist বুলি আৰম্ভ কৰা প্ৰক্ৰিয়াৰ (program)-ৰ জৰিয়তে বৈজ্ঞানিক গৱেষণা কৰাৰ বাবে জড়িত হ'ব পাৰে; যিকোনো বৈজ্ঞানিক চিন্তাধাৰাৰ ব্যক্তিও এনে গৱেষণাৰ সৈতে জড়িত হ’ব পাৰে। মই এইক্ষেত্ৰত এটা কথা ক'ব খোজো যে আমাৰ শিক্ষা-ব্যৱস্থাত বিদ্যালয় পৰ্যায়তে কিন্তু বিজ্ঞানৰ ব্যাৱহাৰিক (practical)-ৰ পাঠ্যক্ৰম থকা উচিত।
অন্যযুগ : সম্প্ৰতি আপুনি যি গৱেষণাত ব্যস্ত হৈ আছে, সেই সম্পৰ্কে দুআষাৰ ক’বনে?
বি. কু. শ. : সম্প্ৰতি আমি আমাৰ উত্তৰ-পূব ভাৰতীয় কয়লাক কেঁচা সামগ্ৰী (raw material) হিচাপে ব্যৱহাৰ কৰি শক্তি সঞ্চয় (energy storage)-ৰ সঁজুলি যেনে অতি ধাৰকৰ (super capacitor)-ৰ ওপৰত কাম কৰি আছোঁ। লগতে, আমি আমাৰ কয়লাৰ পৰা গ্ৰেফিন প্ৰস্তুত কৰাৰ ওপৰত কাম কৰি আছোঁ। আমি বিভিন্ন পাৰিপাৰ্শ্বিক বিষয় যেনে অম্ল-আকৰ নিষ্কাষণ (acid mine drainage), বায়ু প্ৰদূষণ আদিৰ ওপৰতো কাম কৰি আছোঁ।
অন্যযুগ : কয়লাৰ বিষয়ে আপোনাৰ গৱেষণালব্ধ তথ্যই সামাজিক জীৱনত কেনে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেই সম্পৰ্কে জানিলে উপকৃত হ’ম৷
বি. কু. শ. : বিদ্যুৎ উৎপাদনত কয়লাৰ ব্যৱহাৰ কৰা হয় আৰু প্ৰায় ৬০-৭০% বিদ্যুৎ কয়লাৰ পৰা আমাৰ দেশে উৎপাদন কৰে৷ কিন্তু কয়লাৰ দহন প্ৰক্ৰিয়াত বিষাক্ত গেছ- কাৰ্বন-ডাই-অ’ক্সাইড, কাৰ্বন ম’ন’ক্সাইড, ছালফাৰ-ডাই-অ’ক্সাইড, নাইট্ৰজেন-ডাই-অ’ক্সাইড ( CO2, CO, SO2, NO2) আদি নিৰ্গত হয় আৰু সেয়ে বিশ্বৰ উন্নত দেশসমূহে কয়লা ব্যৱহাৰ নকৰে৷ ভাৰততো কয়লাৰ ব্যৱহাৰ ক্ৰমান্বয়ে কমাই অনা হৈছে৷ গতিকে আমাৰ গৱেষণাৰ প্ৰথম ফলাফলে কয়লাৰ বিকল্প ব্যৱহাৰৰ এটা নতুন দিগন্ত আনি দিছে, য’ত কয়লাৰ পৰা এবিধ অতি আপুৰুগীয়া আৰু দামী (costly) দ্ৰৱ্য ‘প্ৰতিপ্ৰভ’ কাৰ্বনৰ নেন’কণা ( fluorescent Carbon nano particle) আমি উদ্ভাৱন কৰিছোঁ৷ এই কণাৰ ব্যৱহাৰ মই আগৰ প্ৰশ্নৰ উত্তৰত কৈছোঁৱেই যে ই অবিষাক্ত আৰু প্ৰতিপ্ৰভ হোৱাৰ বাবে ইয়াক চিকিৎসা বিজ্ঞান (Medical Science)-ত কোষ চিনাক্তকৰণত ব্যৱহাৰ কৰে৷ এই পদাৰ্থবিধৰ দাম ১ মি. লি.-ত ১০০০-২০০০ টকা আৰু আমাৰ গৱেষণাৰ পৰা পোৱা ফলাফলৰ বাবে মাত্ৰ ৫০-১০০ টকাত ১ মি. লি. পাব পাৰি, যিয়ে ভাৰতৰ আমদানি বিকল্প (Import Substituting)-ত সহায়ক হ’ব আৰু সমাজৰ অৰ্থনৈতিক উন্নতি হ’ব৷
অন্যহাতে কয়লাৰ এই নতুন বিকল্প ব্যৱহাৰে আমাৰ পৰিৱেশত হ’ব পৰা বৃহৎ বায়ু প্ৰদুষণৰ পৰিমাণ কম কৰিব আৰু বতৰ উপশম (Climate mitigation)-ত অৱদান আগবঢ়াব৷
অন্যযুগ : ৰসায়ন বিজ্ঞান বিষয়ক সন্মান বিষয়ৰূপে লৈ অধ্যয়ন কৰিলে কৰ্মসংস্থান লাভত সহায়ক হয় বুলি বহুতেই ভাবে৷ এই ধাৰণা কিমান দূৰ যুক্তিযুক্ত? গৱেষণাত ব্ৰতী হোৱাৰ আগতে আপুনি অন্য চাকৰি কৰিছিল নেকি?
বি. কু. শ. : ৰসায়ন বিজ্ঞানৰ কৰ্মসংস্থাপনৰ সুযোগ (scope) বেছি বুলি বহুতে ভাবে/কয়। ময়ো শুনিছিলোঁ বা এতিয়াও শুনো৷ অৱশ্যে ইয়াৰ যুক্তিও নথকা নহয়৷ আমাৰ অসমত সাধাৰণতে তেল শোধনাগাৰসমূহত কৰ্মসংস্থাপন পোৱা দেখা যায়৷ আনহাতে ঔষধ কোম্পানীবোৰত ৰসায়ন বিজ্ঞানৰ স্নাতক (chemistry graduate) বা ডক্ট’ৰেটসকলৰ সংস্থাপনৰ সম্ভাৱনা বেছি। গৱেষণাত ব্ৰতী হোৱাৰ আগতে ময়ো তেল শোধনাগাৰত চাকৰি কৰিছিলোঁ যদিও গৱেষণাৰ প্ৰতি থকা ইচ্ছাৰ বাবে CSIR-NEIST-ত যোগদান কৰোঁ।
অন্যযুগ : মানৱ জীৱনটো আচলতে আজীৱন জ্ঞান আহৰণৰ এক নিৰৱধি যাত্ৰা; অৰ্থাৎ আমি সকলো আমৃত্যু একো একোজন ছাত্ৰহে৷ এইদৰে ভাবিব পাৰিনে? এজন ছাত্ৰ হিচাপে শৈশৱৰেপৰা নিজকে কেনে ধৰণে মূল্যায়ন কৰিবলৈ বিচাৰিব?
বি. কু. শ. : ১০০% শুদ্ধ কথা। Life is a learning process। বিদ্যা, শিক্ষা, আৰু জ্ঞানৰ কেতিয়াও শেষ নাই। ছাত্র হিচাপে মই সদায় শিকিবলৈ অহৰহ চেষ্টা কৰিছিলোঁ। মই সদায় কেইটামান কথা মানি চলিছিলোঁ— ১) পঢ়ায়, পঢ়ে, ৰোৱে পাণ, সেই তিনিয়ে নিশ্চিন্তে আন, আৰু (২) দেখি শিকে, ঠেকি শিকে আৰু থেকি শিকে। সদায় জ্যেষ্ঠসকলৰ পৰা বা শিক্ষাগুৰুৰ পৰা শিকিবলৈ চেষ্টা কৰিছিলোঁ। সকলোৰে ইতিবাচক আৰু নেতিবাচক দুই ধৰণৰ গুণ থাকে আৰু আমি সদায় ইতিবাচকটো লব লাগে। এটা কথা মই ক’বই লাগিব যে আমাৰ সময়ত শিক্ষক আৰু ছাত্রৰ সম্পৰ্কটো অলপ বেলেগ আছিল আৰু আমি জ্ঞান বা শিক্ষা আহৰণত যথেষ্ট উপকৃত হৈছিলোঁ। আজিৰ সময়ত তথ্য-প্ৰযুক্তি/সাংখ্যিক (IT/Digital) মাধ্যমৰ বাবে সেই শিক্ষক-ছাত্রৰ সম্পৰ্কটো অলপ বেলেগ ধৰণৰ হৈছে যদিও মই ছাত্র-ছাত্রীসকলক ক’বলৈ বিচাৰিম যে জীৱনত শিকিবলৈ বা জ্ঞান আহৰণ কৰিবলৈ কিন্তু আমি শিক্ষকসকলৰ আৰু পিতৃ-মাতৃৰ উপদেশ মানিবই লাগিব।
অন্যযুগ : অলপ ব্যক্তিগত কথা সুধিব বিচাৰিছোঁ৷ ‘প্ৰেম’ সম্পৰ্কে আপোনাৰ ধাৰণা কেনে বাৰু? আপোনাৰ সাংসাৰিক জীৱনৰ বিষয়েও কিছু কথা জনাবনে?
বি. কু. শ. : প্ৰেম বৰ বিশাল। প্ৰেম শান্তিৰ প্ৰতীক। প্ৰেমবিহীন পৃথিৱী মৃত। পৃথিৱীৰ বহুতো বৃহৎ সমস্যা প্ৰেমেইহে সমাধান কৰিব পাৰিব। পৰিবাৰ শ্ৰীমতী বৰ্ণালী বৰদলৈৰ সৈতে আৰু ল’ৰা চিচকিনক লৈ মোৰ সংসাৰ। বৰ্ণালী এগৰাকী শিক্ষিতা মহিলা হোৱাৰ লগতে এগৰাকী সু-শিক্ষয়িত্ৰী৷ তেওঁৰ সহায়, মৰম আৰু ভালপোৱাৰ অবিহনে মই বিজ্ঞান চৰ্চাত মনোনিৱেশ কৰিব নোৱাৰিলোহেঁতেন।
অন্যযুগ : সাহিত্য সম্পৰ্কে আপোনাৰ ধাৰণা? বিজ্ঞানৰ বাহিৰে আপোনাৰ পঢ়া-শুনাৰ অভ্যাস কেনে? কেনে ধৰণৰ লেখা আপোনাৰ প্ৰিয় বাৰু?
বি. কু. শ. : সাহিত্য যিকোনো ব্যক্তিৰ বাবে প্ৰয়োজন আৰু ই এটা জাতিৰ পৰিচয়। মই সাহিত্যৰ কিতাপ পঢ়োঁ। বৰ্তমান প্ৰধানকৈ আত্মজীৱনী পঢ়ি ভাল পাওঁ যদিও কবিতা পঢ়িও ভাল লাগে। দুটামান কবিতা মহাবিদ্যালয়ত থাকোঁতে লিখিছিলোঁ আৰু প্ৰকাশো পাইছিল মহাবিদ্যালয় আলোচনী আৰু দৈনিক জনমভূমিত। ১৯৯২-৯৩ চনতেই মই সৰুপথাৰ মহকুমা গ্ৰন্থগাৰৰ এজন অগ্ৰণী পঢ়ুৱৈ আছিলোঁ। দশম শ্ৰেণীত থাকোঁতে ‘অসীমত যাৰ হেৰাল সীমা’, ‘How Green was My Valley’ আদি পঢ়িছিলোঁ। জীৱনৰ সত্য ঘটনাৰ আধাৰত লিখা গ্ৰন্থবোৰ ভাল লাগে, কাৰণ এইবোৰে জীৱনটোক বুজিবলৈ এটা সুবিধা দিয়ে। ৰহস্যধৰ্মী (Detective) লেখাবোৰো ভাল লাগে।
অন্যযুগ : আজৰি সময়ত আপুনি কি কৰি ভাল পায়, জনাবনে?
বি. কু. শ. : আজৰি সময়ত মই কিতাপ পঢ়ি বা ইতিবাচক বাৰ্তা থকা চিনেমা চাই ভাল পাওঁ। আজিকালি আজৰি সময় পৰিয়ালৰ লগত কটাই ভাল লাগে।
অন্যযুগ : যদি আপুনি এনে এজন সফল বিজ্ঞানী নহ’লহেঁতেন; তেন্তে ড° বিনয় কুমাৰ শইকীয়াক আমি অন্য কি পৰিচয়েৰে চিনি পালোঁহেঁতেন বাৰু?
বি. কু. শ. : প্ৰশাসনিক বিষয়া হ’বলৈ ইচ্ছা আছিল আৰু চেষ্টা কৰিছিলোঁ৷ কিন্তু এম. এছ. চি পাছ কৰাৰ পাছত গৱেষণা কৰিবলে’ মন মেলিলোঁ। নহ’লে হয়তো প্ৰশাসনিক বিষয়া নাইবা এজন ভাল শিক্ষক হ’বলৈ চেষ্টা কৰিলোঁহেঁতেন৷
অন্যযুগ : সামগ্ৰিকভাৱে জগৎ আৰু জীৱন সম্পৰ্কে আপোনাৰ ধাৰণা বা বোধ কেনে?
বি. কু. শ. : এই সুবিশাল জগতখন ৰহস্যৰে ভৰপূৰ আৰু ৰহস্যভেদ কৰিবলৈ আমি অহৰহ চেষ্টা কৰি আছোঁ যদিও এয়া এক অন্তহীন প্ৰয়াস মাথোঁ। ৰহস্যভেদৰ এই প্ৰয়াস কেতিয়াও শেষ কৰিব নোৱাৰোঁ। এই জগতত আমি মাত্ৰ একোটা ধূলিকণা।