মৌচুম বৰুৱা
ঊণবিংশ শতিকাৰ প্ৰায় শেষ দশকলৈকে আয়াৰলেণ্ডত নাট্য সাহিত্যৰ সৃষ্টি হৈছিল যদিও ই চুবুৰীয়া ৰাষ্ট্ৰ ইংলেণ্ডৰ নাট্য সাহিত্যৰ পৰম্পৰাগত পৰিসৰ ভাঙি স্বকীয় মহিমাৰে মহিমামণ্ডিত হ’ব পৰা নাছিল। কিন্তু প্ৰখ্যাত আইৰিশ্ব কবি ডব্লিউ. বি. য়েটছে ১৮৯১ চনত লণ্ডনত প্ৰতিষ্ঠা কৰা “আইৰিশ্ব লিটাৰেৰী ছ’চাইটি”, পৰৱৰ্তী বছৰতে ম’ড গন, জন অ’লিয়েৰী আদি কেইজনমান উৎসাহী ব্যক্তিৰ সহযোগত ডাবলিনত প্রতিষ্ঠা কৰা “নেশ্বনেল লিটাৰেৰী ছ’চাইটি”য়ে আইৰিশ্ব সাহিত্যক, বিশেষকৈ নাট্য সাহিত্যক এক নতুন গতি প্রদান কৰিছিল। কিয়নো সেই সময়ত লণ্ডনৰ থিয়েটাৰবোৰৰ দৰেই ডাবলিনৰো থিয়েটাৰবোৰে ইবছেন আৰু তেওঁৰ উত্তৰসূৰীসকলৰ নাটককেই মঞ্চস্থ কৰিছিল। কিন্তু য়েটছ, লেডি গ্ৰেগ’ৰী, এডৱাৰ্ড মাৰ্টিন, জৰ্জ ম’ৰ, জে. এম. চিঞ্জ, জন অ’লিয়েৰী আদি ব্যক্তিসকলে এই কথা সমূলি পছন্দ কৰা নাছিল। তেওঁলোকৰ মতে ডাবলিনত এনে নাটক মঞ্চস্থ কৰিব লাগে য’ত আয়াৰলেণ্ডৰ মাটিৰ গোন্ধ থাকে। এনে এক জাতীয় চেতনাৰ দ্বাৰা উদ্বুদ্ধ হৈয়েই এই ব্যক্তিসকলে কামত আগবাঢ়ে আৰু ইয়াৰ পৰিণতি স্বৰূপেই বিংশ শতিকাৰ প্রাককালতে আয়াৰলেণ্ডত এক নাট্য জাগৰণৰ সূচনা হয়।
১৮৯১ আৰু ১৮৯২ চনত লণ্ডন আৰু ডাবলিনত য়েটছ আৰু সহযোগীসকলে “আইৰিশ্ব লিটাৰেৰী ছ’চাইটি” মুকলি কৰাৰ পাছৰ পৰাই আয়াৰলেণ্ডৰ সাধাৰণ মানুহৰ মনতো এক জাতীয় সাহিত্যৰ সৃষ্টি তথা এক জাতীয় নাটশাল স্থাপনৰ হেঁপাহ জাগি উঠে। মানুহৰ মনত এনে এক সচেতনতা জাগি উঠা দেখি উৎসাহিত হৈ য়েটছেও আইৰিশ্ব নাটকৰ প্রসাৰৰ প্রসঙ্গত ‘লেডি গ্ৰেগ’ৰী, এডৱাৰ্ড মাৰ্টিন, জৰ্জ ম’ৰ আদি বন্ধুৰ লগত আলোচনাত বহে৷ তেনে আলোচনাৰ ফচল স্বৰূপেই য়েটছে তেওঁৰ বন্ধুবৰ্গৰ সহযোগত ১৮৯৯ চনত “আইৰিশ্ব লিটাৰেৰী থিয়েটাৰ” নামৰ এটা অনুষ্ঠান প্রতিষ্ঠা কৰে। তেওঁলোকে আনকি এই অনুষ্ঠানৰ এক কাৰ্যবিৱৰণী পত্ৰ (Prospectus)-ও প্রকাশ কৰে আৰু তাত স্পষ্টভাৱে উল্লেখ কৰে যে তেওঁলোকে ইংৰাজী নাটকৰ পৰিসৰৰ পৰা বাহিৰত স্বকীয় ৰীতিৰে এক নতুন ধৰণৰ নাট্য সাহিত্যৰ চৰ্চা কৰিব, য’ত উপস্থাপন কৰা হ'ব সাধাৰণ আইৰিশ্ব মানুহৰ চিন্তা, আৱেগ আৰু অনুভূতিবোৰ ৷
কিন্তু এই লক্ষ্যত উপনীত হোৱাৰ পথত “আইৰিশ্ব লিটাৰেৰী থিয়েটাৰ”-এ বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। প্রথমেই অনুষ্ঠানটোৰ সন্মুখত হেঙাৰ ৰূপে থিয় দিছিল আৰ্থিক সমস্যাই ৷ কিন্তু এডৱাৰ্ড মাৰ্টিনৰ অৰ্থ সাহায্যত এই সমস্যা বহুদূৰ সমাধান হৈছিল। কিন্তু ইয়াৰ বাদেও আইৰিশ্ব অভিনয় গোষ্ঠীৰ অভাৱ তথা মঞ্চৰ অভাৱে য়েটছহঁতক সমস্যাত পেলাইছিল। আনহাতে য়েটছ, ম’ৰ আদি নাট্যকাৰৰ নাটকবোৰ আছিল কাব্যনাটক। সেয়ে যি দুই-এজন আইৰিচ অভিনেতা আছিল তেওঁলোকেও এই কাব্যনাটবোৰৰ ছন্দোৱদ্ধ বচনবোৰ মাতিবলৈ অসুবিধা পাইছিল। সেয়ে য়েটছৰ “দ্য কাউণ্টে’ছ কেথলীন” আৰু এড’ৱাৰ্ড মাটিনৰ “হীথাৰ ফিল্ড” নাটক দুখন বৃটিছ অভিনেতাৰ দ্বাৰা লণ্ডনতেই আখৰা কৰা হৈছিল আৰু ১৮৯৯ চনৰ ৮ মে’-ৰ পৰা ১৬ মে’-লৈকে ডাবলিনত প্ৰদৰ্শন কৰা হৈছিল।
কিন্তু ইমানবোৰ সমস্যাৰ মাজতো সফলতাৰ পৰিৱৰ্তে য়েটছ আৰু সহযোগীসকলে প্রশংসা লাভৰ সলনি সমালোচনাহে অৰ্জন কৰে। বিশেষকৈ সমালোচক, ধৰ্মযাজক আৰু আনকি কিছুসংখ্যক আইৰিশ্ব জাতীয়তাবাদীয়েও য়েটছৰ “দ্য কাউণ্টে’ছ কেথলীন” নাটকখনক এখন ধৰ্মবিৰোধী নাটক বুলি তীব্ৰ সমালোচনা কৰে। য়েটছে আনকি এই সমালোচকসকলৰ দাবীত নাটকখনৰ বহু অংশ কাটি পেলাব লগাও হৈছিল। অৱশ্যে আইৰিশ্ব লিটাৰেৰী থিয়েটাৰে প্ৰদৰ্শন কৰা কেৱল যে য়েটছৰ নাটকখনৰ ক্ষেত্ৰতে বিতৰ্কৰ সৃষ্টি হৈছিল, এনে নহয়। পৰৱৰ্তী কালত আইৰিশ্ব নাট্য আন্দোলনৰ শ্রেষ্ঠ নাট্যকাৰ জে. এম. চিঞ্জৰ নাটকবোৰো তীব্ৰভাৱে সমালোচিত হৈছিল। চিঞ্জৰ “শ্বে'ড অৱ দ্য গ্লীন” আৰু “দ্য প্লে'বয় অৱ দ্য বেষ্টাৰ্ন ৱৰ্ল্ড” নাটক দুখন আৰক্ষীৰ সুৰক্ষা বেষ্টনীৰ মাজতহে প্রদৰ্শিত হৈছিল। কিয়নো বহু আইৰিশ্ব জাতীয়তাবাদীয়ে ভাবিছিল যে, এই নাটক দুখনত চিঞ্জে আয়াৰলেণ্ডৰ গ্ৰাম্য জীৱনক তাচ্ছিল্য কৰিছে। কিন্তু যিসকলে ডাবলিনকেন্দ্রিক ব্যক্তিয়ে এই নাটক দুখনৰ সমালোচনা কৰিছিল তেওঁলোকে দৰাচলতে নিজৰ চিন্তাৰ দৈন্যহে প্রকাশ কৰিছিল। কাৰণ প্রথম কথা হ’ল, এই নাটক দুখনত চিঞ্জে পশ্চিম আয়াৰলেণ্ডৰ আৰ্ন দ্বীপৰ গ্ৰাম্যাঞ্চল ভ্ৰমণ কৰি যি অভিজ্ঞতা আহৰণ কৰিছিল, তাৰ ভিত্তিত সঁচা ঘটনা কিছুমানৰহে নাট্যৰূপ দিছিল। দ্বিতীয়তে, এই নাটক দুখনে “আইৰিশ্ব লিটাৰেৰী থিয়েটাৰ”ৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল তাক পূৰ্ণৰূপত প্রতিফলিত কৰিছিল। এই নাটক দুখনত আয়াৰলেণ্ডৰ গ্ৰাম্য জীৱনটোৱে পূৰ্ণ প্ৰকাশ লাভ কৰিছিল। তদুপৰি চিঞ্জৰ নাটক দুখনত আইৰিশ্ব নাট্য জাগৰণৰ মূলমন্ত্ৰস্বৰূপ চিন্তাৰ নতুনত্ব আৰু সেই চিন্তা প্ৰকাশৰ স্বাধীনতাৰ আদৰ্শটোৱেও বিকাশ লাভ কৰিছিল।
যি সি নহওক, এনেকৈ বিভিন্ন দিশৰ পৰা য়েটছ আৰু তেওঁৰ সহযোগীসকললৈ সমস্যাবোৰ আহিছিল,
যদিও তাতেই তেওঁলোক স্থবিৰ নহৈ সাহসেৰে নাটক ৰচনা আৰু সেইবোৰ মঞ্চস্থ
কৰি গৈছিল। লাহে লাহে তেওঁলোকে মানুহৰ প্রশংসা আৰু উৎসাহ লাভ কৰিবলৈ ধৰিছিল আৰু
আয়াৰলেণ্ডত নাট্য চৰ্চাৰ এক নতুন বাতাবৰণৰ সৃষ্টি হ’ব ধৰিছিল।
“আইৰিশ্ব লিটাৰেৰী থিয়েটাৰ”ৰ বাবে ১৯০৪ চনটো খুব ভাল বছৰ বুলি ক’ব পাৰি। কাৰণ ইয়াৰ আগলৈকে তেওঁলোকৰ নিজা নাটশাল নাছিল। কিন্তু সেই বছৰেই মিছ হৰ্নিমেন নামৰ এগৰাকী উদাৰমনা মহিলাই আইৰিশ্ব লিটাৰেৰী থিয়েটাৰক নাটশাল নিৰ্মাণৰ বাবে অৰ্থসাহায্য আগবঢ়ায়। এই অৰ্থসাহায্যৰে তেওঁলোকে ডাবলিনৰ এবী ষ্ট্ৰীটত এটা নাটশাল নিৰ্মাণ কৰে আৰু ইয়াৰ নাম “এবী থিয়েটাৰ” বুলি ৰখা হয়। ১৯০৪ চনৰেই ২৭ ডিচেম্বৰৰ দিনা য়েটছৰ “অন বেইলছ ষ্টেণ্ড”, লেডি গ্ৰেগ’ৰীৰ “স্প্রেডিঙ দ্য নিউজ” আৰু চিঞ্জৰ “শ্বেদ অৱ দ্য গ্লীন” এই তিনিখন নাটক এবী থিয়েটাৰত মঞ্চস্থ কৰি নাটশালটোৰ শুভাৰম্ভ কৰা হয়। এবী থিয়েটাৰৰ স্থাপনে আইৰিচ নাট্য জাগৰমৰ এক নতুন মাত্ৰা প্রদান কৰে। বিশেষকৈ ১৯০৬ চনত চিঞ্জৰ “ৰাইডাৰচ টু দ্য চী” সেই একে বছৰেই য়েটছৰ “ডিয়াড়ে” আৰু ১৯০৭ চনত চিঞ্জৰ “দ্য প্লে’বয় অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড” আদি নাটকসমূহ এবী থিয়েটাৰ তথা ইংলেণ্ড আৰু আমেৰিকাৰ বিভিন্ন স্থানত প্ৰদৰ্শিত হোৱাৰ পাছত আইৰিশ্ব নাটকে এক স্বকীয় ঐশ্বৰ্যৰে ঐশ্বৰ্যমণ্ডিত নাট্যশৈলীৰূপে সমগ্ৰ বিশ্বতেই জনাজাত হ’ব ধৰিলে।
আইৰিশ্ব নাট্য আন্দোলনৰ লগত জড়িত নাট্যকাৰসকলৰ প্রধান লক্ষ্য আছিল তেওঁলোকৰ নাটকসমূহত আয়াৰলেণ্ডত প্রচলিত গ্ৰাম্যভাষাৰ আধাৰত আয়াৰলেণ্ডৰ গ্ৰাম্য সমাজৰ এখন প্রতিচ্ছবি দাঙি ধৰা। আয়াৰলেণ্ডৰ মাটিৰ গোন্ধেই এওঁলোকৰ নাটকসমূহৰ প্রধান উপজীব্য। লগতে য়েটছ, চিঞ্জী আদি নাট্যকাৰসকলে সমসাময়িক ইউৰোপত প্রচুৰ জনপ্ৰিয়তা লাভ কৰা ইবছেনৰ বাস্তৱবাদী নাটকসমূহৰ তীব্ৰ বিৰোধিতা কৰিছিল। এওঁলোকে ইবছেন আৰু তেওঁৰ উত্তৰসূৰীসকলৰ নাটকৰ বিষয়বস্তুৰ সমালোচনা কৰা নাছিল। এওঁলোকে সমালোচনা কৰিছিল ইবছেনৰ কথনভঙ্গী তথা ভাষা প্ৰয়োগকহে। য়েটছ, চিঞ্জ আদিৰ মতে ইবছেনৰ নাটকত এনে কিছুমান জঠৰ ভাষা প্রয়োগ হৈছিল যি নাটকক কলাৰ শাৰীৰ পৰা বক্তব্য প্ৰকাশৰ মাধ্যম ৰূপেহে প্রতিষ্ঠা কৰিছিল। সেই একে কাৰণতেই আইৰিশ্ব নাট্যকাৰসকলে এমিল জোলাৰ প্ৰকৃতিবাদৰো প্ৰতিবাদ কৰিছিল। আনকি চিঞ্জে তেওঁৰ “দ্য প্লে’বয় অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড” নাটকৰ পাতনিত ইবছেন আৰু জোলাৰ সাহিত্যক আক্ৰমণ কৰি লিখিছিল – “Ibsen and Zola dealing with the reality of life in joyless and pallid words.” ৷ আইৰিশ্ব নাট্য আন্দোলনৰ গুৰি ধৰোঁতাসকলৰ মতে কাব্যিক ভাষাৰ প্রয়োগৰ মাধ্যমেৰেও জীৱনৰ সত্যক প্রকাশ কৰিব পাৰি। উদাহৰণস্বৰূপে এওঁলোকে এলিজাবেথান যুগৰ নাট্যকাৰসকল, বিশেষকৈ ছেক্সপীয়েৰ আৰু মাৰ্ল’ৰ নাটকসমূহৰ কথাই উল্লেখ কৰিছিল। মাৰ্ল’, ছেক্সপীয়েৰ আদিৰ অনুকৰণতেই আইৰিশ্ব নাট্যকাৰসকলে তেওঁলোকৰ নাটকসমূহ কাব্যিক ভাষাত ৰচনা কৰিবলৈ ধৰিলে। সেয়ে য়েটছ, চিঞ্জ আদিৰ নাটকসমূহত এক কাব্যিক গীতিমাধুৰ্য অনুভৱ কৰা যায়। এই প্ৰসঙ্গত উল্লেখ কৰা উচিত হ’ব যে আইৰিশ্ব নাট্যকাৰসকলৰ এনে প্ৰচেষ্টাতেই এলিজাবেথান যুগত বিকাশ লাভ কৰা কাব্যনাটকে পুনৰ বিংশ শতিকাত প্রাণ পাই উঠে। আইৰিশ্ব নাট্যকাৰসকলৰ কাব্যিক নাটকসমূহৰ প্রতি আকৰ্ষিত হৈয়েই ইংলেণ্ডতো ইবছেন আৰু বাৰ্ণাড শ্ব’ৰ বাস্তৱবাদী নাটকৰ সমান্তৰালভাৱে এ’লিয়ট, অ’ভেন, ইচাৰউড, খ্ৰীষ্ট’ফাৰ ফ্ৰাই আদি নাট্যকাৰসকলে কাব্যনাটক ৰচনা কৰি প্রভূত জনপ্ৰিয়তা লাভ কৰিছিল।
সি যি নহওক, আইৰিশ্ব নাট্য আন্দোলন কিন্তু বৰ বেছি দীৰ্ঘস্থায়ী নহ’ল। ১৯০৯ চনৰ চিঞ্জৰ অকাল মৃত্যু আৰু বিংশ শতিকাৰ দ্বিতীয় দশকৰ আৰম্ভণিতেই য়েটছ আৰু লেডি গ্ৰেগ’ৰীৰ মাজত হোৱা মতানৈক্যৰ ফলত দুয়ো এবী থিয়েটাৰ ত্যাগ কৰাত আইৰিশ্ব নাট্য আন্দোলন দুৰ্বল হৈ পৰে। অৱশ্যে তাৰ পাছতো বহু নাট্যকাৰৰ নাটকৰ অভিনয়েৰে এবী থিয়েটাৰ চলি আছিল যদিও ১৯৫৪ চনত হোৱা এক অগ্নিকাণ্ডত এবী থিয়েটাৰ ভষ্মীভূত হোৱাৰ পাছত আইৰিশ্ব নাট্য জাগৰণৰ যৱনিকা পৰে। কিন্তু সেয়ে হ’লেও আইৰিশ্ব নাট্য আন্দোলনে বিশ্বৰ নাট্যসাহিত্যলৈ যি অৱদান দি গ’ল সি অতুলনীয়। প্রথমতে, য়েইছ, লেডী গ্ৰেগ’ৰী, ম’ৰ, মাৰ্টিন আৰু চিঞ্জ আদিৰ নাট্য চৰ্চাৰ জাতীয় চেতনা সম্বলিত আদৰ্শ অননুকৰণীয় ৷ তদুপৰি আইৰিশ্ব নাট্য আন্দোলনৰ নাট্যকাৰসকলে দেখুৱাই দিলে যে স্থানীয় বিষয় এটা বা সমস্যা এটাক লৈ স্থানীয় ভাষা প্রয়োগ কৰি বিশ্বজনীন আৱেদন সৃষ্টি কৰিব পাৰি। চিঞ্জ, য়েটছ আদিৰ নাটকসমূহত আয়াৰলেণ্ডৰ মাটিৰ গোন্ধৰ উপৰি এক বিশ্বজনীনতা আছে। কিন্তু এই আটাইবোৰৰ উৰ্ধ্বত আইৰিশ্ব নাট্য আন্দোলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটোৱেই হ’ল কাব্যনাটকক পুনৰ্জীৱন প্রদান কৰা। এনেবোৰ কাৰণতেই বিংশ শতিকাৰ নাট্য সাহিত্যৰ ইতিহাসত আইৰিশ্ব নাট্য আন্দোলনে এক বিশেষ স্থান দখল কৰি আছে আৰু অনাগত দিনতো পাশ্চাত্য নাট্য সাহিত্যৰ ইতিহাসৰ আলোচনাত এই নাট্য জাগৰণ এক উল্লেখযোগ্য জাগৰণ হিচাবে চিহ্নিত হৈ থাকিব।
ঠিকনা :
জ্যোতিবন
ৰূপনগৰ (দূৰদৰ্শন কেন্দ্ৰৰ সমীপত)
ডিব্ৰুগড় -
৭৮৬০০৩
ভ্ৰাম্যভাষ - ৯৯৫৪৪৮০০৫৯