অন্যযুগ/


ইতিহাস এষণা : অন্য এক শৰাইঘাট, অন্য এক লাচিত

  ৰক্তিম ৰঞ্জন শইকীয়া


১৬৭১ খ্ৰীষ্টাব্দৰ মার্চ মাহত ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা শৰাইঘাটৰ যুদ্ধ ইয়াৰ ব্যাপকতা আৰু প্ৰচাৰৰ কাৰণে অসমীয়া জাতীয়তাবাদৰ এক গুৰুত্বপূর্ণ প্ৰতীক হৈ পৰিছে যদিও এই যুদ্ধ মোগল আৰু আহোম ৰাজ্যৰ মাজৰ নির্ণায়ক যুদ্ধ নাছিল৷ নিঃসন্দেহে শৰাইঘাটৰ যুদ্ধ এক অতি গুৰুত্বপূর্ণ যুদ্ধ আছিল৷ কিন্তু মোগল আৰু আহোম ৰাজ্যৰ মাজৰ নির্ণায়ক যুদ্ধখন আছিল ১৬৮২ খ্ৰীষ্টাব্দত হোৱা ইটাখুলিৰ ৰণহে৷ দিহিঙীয়া আলুন বৰবৰুৱাৰ নেতৃত্বত ১৬০৪ শকৰ ২ শাওনৰ দিনা (১৬৮২ খ্ৰীষ্টাব্দৰ ২৪ জুলাই) ঘোৰ বাৰিষা হোৱা এই কঠিন যুদ্ধত মোগল সেনাপতি মঞ্চুৰ খাঁই পৰাজয় স্বীকাৰ কৰি পলায়ন কৰিছিল (তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৭)৷ অৱশ্যে সাতসৰী অসম বুৰঞ্জীত অর্ন্তভূক্ত এখন বুৰঞ্জীত এই যুদ্ধৰ তাৰিখ ১ ভাদ ((১৬৮২ খ্ৰীষ্টাব্দৰ ২ ছেপ্টেম্বৰ) বুলিহে উল্লেখ আছে (সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ৯৯)৷ যেনেকৈ ট্ৰফেলগাৰৰ যুদ্ধ ফৰাচীসকলৰ বিৰুদ্ধে ইংৰাজসকলৰ এক গুৰুত্বপূর্ণ বিজয় হ’লেও নির্ণায়ক যুদ্ধ ৱাটাৰ্লুহে আছিল, ঠিক তেনেকৈ মোগল আৰু আহোম ৰাজ্যৰ মাজৰ নিৰ্ণায়ক যুদ্ধ ইটাখুলিহে আছিল৷ ৱাটাৰ্লুৰ বীৰ ডিউক অৱ ৱেলিংটনে যি সন্মান পালে, সেই সন্মান ইটাখুলিৰ বীৰ দিহিঙীয়া আলুন বৰবৰুৱাই কেতিয়াও নাপালে৷ আহোম ৰাজচ’ৰা আছিল দলাদলি আৰু ষড়যন্ত্ৰৰ থলী৷ তেনেকুৱা এক ষড়যন্ত্ৰতে দিহিঙীয়া আলুন বৰবৰুৱাৰ বিষয় ভাগিছিল৷

শৰাইঘাটৰ যুদ্ধৰ পাছত কিছুদিনৰ বাবে গুৱাহাটীৰ সকলো শাসনৰ সুব্যৱস্থা কৰিবৰ কাৰণে বাঁহগড়ীয়া আতন বুঢ়াগোহাঁই গুৱাহাটীত আছিল৷ সেই সময়তে গড়গাঁৱৰ ৰাজধানীত লালুকসোলা বুঢ়াফুকন ৰাজ্যৰ সর্বেসর্বা হৈ ৰজা ভঙা-পতাৰ খেল খেলিছিল৷ আতন বুঢ়াগোঁহাইৰ ঘোৰ শত্ৰু লালুকসোলাই কলিয়াবৰত বাহৰ পাতি বাদুলী ফুকনৰ যোগেদি মোগল সেনাপতি মঞ্চুৰ খাঁৰ লগত যোগাযোগ কৰি গুৱাহাটী এৰি দিয়াৰ বন্দোৱস্ত কৰি পেলালে৷ এচাম বিশ্বাসঘাতক বিষয়াৰ সহযোগত ১৬০০ শকৰ ১৫ ফাগুনত (১৬৭৯ খ্ৰীষ্টাব্দৰ ৬ মার্চ) মোগলে আহি পুনৰ গুৱাহাটী দখল কৰিলে৷ আতন বুঢ়াগোঁহাইকে ধৰি শৰাইঘাটৰ ৰক্ষীসকল পিছুৱাই আহি বিশ্বনাথত ৰ’লহি৷ তাৰপৰা লুইত পাৰ হৈ উজাই আহিব ধৰোঁতেই বিশ্বাসঘাতকসকলে আতন বুঢ়াগোঁহাইক বন্দী কৰি দুইমুনি শিলাতে ৰাখিলে৷ তাৰ প্ৰায় এবছৰৰ পাছত আহোম ৰাজ্যৰ আটাইতকৈ প্ৰতিভাৱান ৰাজনীতিজ্ঞ, লেখক, পণ্ডিত তথা যুদ্ধবিশাৰদ আতন বুঢ়াগোহাঁইক হত্যা কৰা হ’ল৷ মধ্যযুগৰ অসমৰ ৰাজনীতিত দুজনহে বহুবিদ্যাবিশাৰদ আমি দেখিবলৈ পাওঁ৷ তাৰে এজন হ’ল পূর্ণানন্দ বুঢ়াগোহাঁই আৰু আনজন হ’ল আতন বুঢ়াগোহাঁই৷ আতনৰ হত্যাৰ পাছত আহোম ৰাজ্যত যি অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল, গদাধৰ সিংহৰ ৰাজপাটত উঠাৰ পাছতহে সেই পৰিস্থিতিৰ অন্ত পৰিছিল৷

১৬০৩ শকৰ ২০ শাওনৰ (১৬৮১ খ্ৰীষ্টাব্দৰ ৪ আগষ্ট) দিনাখন গদাধৰ সিংহই কলিয়াবৰৰ যুদ্ধশিৱিৰত ৰাজপাটত উঠে৷ ৰাজপাটত উঠাৰ ৭ দিনৰ পাছতে ২৭ শাওনত গদাধৰ সিংহই গড়গাঁও দখল কৰি আহোম ৰাজ্যত দীর্ঘদিনৰ বাবে চলি থকা ষড়যন্ত্ৰ আৰু ৰজা ভঙা-পতাৰ খেলখনৰ অন্ত পেলাইছিল (সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ৯৯)৷ ৰাজপাটত উঠাৰ এবছৰৰ পাছতে গদাধৰ সিংহই গুৱাহাটী তথা নামনি অসম উদ্ধাৰৰ কাৰণে ব্যৱস্থা হাতত ল’লে৷

আহোমসকলৰ বিভিন্ন যুদ্ধাভিযান সম্পর্কীয় কৌশলবোৰ কোনো এজন সেনাপতিৰ পৰিবর্তে এখন যুদ্ধ পৰিষদেহে নির্ধাৰণ কৰিছিল৷ গুৱাহাটী অভিযানৰ বাবে গদাধৰ সিংহই মুঠ ১২ জন বিষয়া-সেনাপতিৰ এক যুদ্ধ পৰিষদ গঠন কৰি দিছিল৷ এই যুদ্ধ পৰিষদত আছিল গড়গঞা ডাঙৰীয়া, দিলিহিয়াল লাঙ্গি বুঢ়াগোহাঁই, চেংখাম সলাল গোহাঁই, দিহিঙীয়া আলুন বৰবৰুৱা, পিকচাই হুলৌ ফুকন, লানমাখ্ৰু ফুকন, বন্দৰ বৰফুকন, খামং পানীফুকন, চাৰিঙ্গীয়া খাম্ৰাক ফুকন, দিলিহিয়াল বুঢ়াগোহাঁই-পোৱালি চেংৰাই ফুকন, লান্খেন্তৌৰ খাম্চিন্ ফুকন, আনো ৰাজখোৱা এই কেইজন বিষয়া আছিল (তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৭)৷ এই পৰিষদে নীতি নির্ধাৰণ কৰিলেও মূল যুদ্ধখনৰ নেতৃত্বত আছিল দিহিঙীয়া আলুন বৰবৰুৱা৷

কলিয়াবৰৰ শিৱিৰৰ পৰা সৈন্যদল যুদ্ধলৈ ৰাওনা হ’ল৷ প্ৰথমে বাঁহবাৰী নামৰ ঠাইত অৱস্থিত মোগল চকীটো সকলোৱে মিলি দখল কৰি শৰাইঘাটৰ যুদ্ধৰ সময়ৰ মুখ্য প্ৰতিৰক্ষা শিৱিৰ কাজলীমুখৰ চকীটো অধিকাৰ কৰিলে৷ বর্তমান গুৱাহাটীৰ চন্দ্ৰপুৰৰ কাষত অৱস্থিত কাজলী চকী অধিকাৰ কৰাৰ পাছত আহোম সেনাপতিসকল কেইবাটাও দলত বিভক্ত হ’ল৷ দিলিহিয়াল লাঙ্গি বুঢ়াগোহাঁই, চেংখাম সলাল গোহাঁই আৰু বন্দৰ বৰফুকনে কুৰুৱাত শিৱিৰ পাতিলে৷ খামং পানীফুকন, চাৰিঙ্গীয়া খাম্ৰাক ফুকন আৰু দিলিহিয়াল বুঢ়াগোহাঁই-পোৱালি চেংৰাই ফুকনে সাউদৰ কোঠ নামে জনাজাত কোঠটোত অৱস্থান কৰিলে৷ ইফালে নদীয়ে নদীয়ে খণ্ড যুদ্ধবোৰ হ’বলৈ ধৰিলে৷ দিহিঙীয়া আলুন বৰবৰুৱাৰ নেতৃত্বত আহোম সৈন্যই ইটাখুলিৰ দুর্গ আক্ৰমণ কৰি অধিকাৰ কৰিলে৷ শৰাইঘাটৰ মোগল সেনাপতি ৰামসিংহৰ দুজন ভতিজাক ইটাখুলিৰ ৰণত বন্দী হ’ল৷ মোগল সেনাপতি মঞ্চুৰ খাঁ মানাহ নদীৰ সিপাৰে পুৰণি সীমালৈ হুঁহকি গ’ল৷ এই পশ্চাৎপসৰণৰ লগতেই মোগলসকলে চিৰদিনলৈ আহোম ৰাজ্যৰ পৰা বিদায় ল’লে৷

কিন্তু অসমীয়া ৱেলিংটন দিহিঙীয়া আলুন বৰবৰুৱাৰ কি হ’ল৷ তুংখুঙ্গীয়া বুৰঞ্জীত আলুন বৰবৰুৱাৰ বিষয়ে সবিশেষ পোৱা যায়৷ ইটাখুলিৰ ৰণৰ তিনিবছৰ পাছলৈকে অর্থাৎ ১৬০৭ শকলৈ (১৬৮৫ খ্ৰীষ্টাব্দ) দিহিঙীয়া আলুন বৰবৰুৱাই নিজ পদতে কার্যনির্বাহ কৰি আছিল৷ তেওঁৰ এগৰাকী কন্যাক গদাধৰ সিংহই বিয়া কৰাই পর্বতীয়া কুঁৱৰী পাতিছিল৷ বৰবৰুৱাৰ এজন ভায়েকে পানীফুকন পদত কার্যনির্বাহ কৰিছিল৷ দেখা যায় যে ইটাখুলিৰ ৰণৰ পাছতে বৰবৰুৱাৰ পৰিয়ালটো অতি ক্ষমতাশালী হৈ পৰিছিল৷ এনেতে গদাধৰ সিংহ কোনো কথাত দিহিঙীয়া আলুন বৰবৰুৱাৰ ভ্ৰাতৃ পানীফুকনৰ ওপৰত ক্ৰোধিত হ’ল৷ গতিকে ৰজাই ২৯ জেঠৰ ( ১৬৮৫ খ্ৰীষ্টাব্দৰ ৩০ জুন) দিনা পানীফুকনৰ লগতে লগতে দিহিঙীয়া আলুন বৰবৰুৱাকো পদচ্যুত কৰিলে৷ বৰবৰুৱাৰ জীয়েক পর্বতীয়া কুঁৱৰীকো খেদাই দিলে৷ কিন্তু ইটাখুলিৰ বীৰজনাৰ ৰাজধানীত নিশ্চয় বিপুল প্ৰভাৱ আছিল৷ সেয়ে তেওঁক হত্যা কৰিবলৈ গদাধৰ সিংহয়ো সাহস নকৰিলে যেন বোধ হয়৷ কাৰণ বৰবৰুৱাৰ ঘৰৰ ধন-সোণ, সা-সম্পত্তি কাঢ়ি লোৱা হোৱা নাছিল৷ দিহিঙৰ কাষত থকা খাট-পামো কাঢ়ি লোৱা হোৱা নাছিল৷ আনকি ৰাজধানীৰ পৰা দিহিঙৰ পাৰৰ ঘৰলৈ যাবলৈ দিহিঙীয়া আলুন বৰবৰুৱাক তেওঁৰ ক’লা ঘোঁৰাটোত উঠি যাবলৈ বিৰল সুযোগ প্ৰদান কৰা হৈছিল (তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ২১)৷ সাতসৰী অসম বুৰঞ্জী মতে ৰজাই দিহিঙীয়া আলুন বৰবৰুৱাৰ নিজা তিনিশ কাঁড়ীৰ পৰা বঞ্চিত কৰিছিল যদিও সকলো সা-সম্পত্তি দিহিঙৰ ঘৰলৈ লৈ যাবলৈ দিছিল৷ লগতে এফৈদ মানুহো দিছিল (সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ১০১)৷          

পদচ্যুতিৰ প্ৰায় দুই মাহৰ পাছত গদাধৰ সিংহই চাৰিং ৰজাৰ নামত একোজনকৈ মানুহক পঠাই দিহিঙীয়া আলুন বৰবৰুৱা আৰু ভায়েক ভগা পানীফুকনক সোণৰ কেৰু আৰু কাপোৰ একোসাজ উপহাৰ দিয়ালে৷ উপহাৰসহ মানুহ দুইজনে গৈ দুই ভ্ৰাতৃক বেলেগে বেলেগে লগ কৰি গদাধৰ সিংহৰ বিৰুদ্ধে চাৰিং ৰজাৰ বাবে সাহায্য প্ৰার্থনা কৰালে৷ দিহিঙীয়া আলুন বৰবৰুৱা দূৰদৃষ্টি সম্পন্ন আছিল৷ তেওঁ গদাধৰ সিংহৰ সেই জালত ভৰি নিদি উপহাৰ অনা মানুহজনক ধৰি-বান্ধি গদাধৰ সিংহৰ তালৈ বিচাৰৰ বাবে প্ৰেৰণ কৰিলে৷ আনহাতে ভগা পানীফুকনে গদাধৰ সিংহৰ বিৰুদ্ধে চাৰিং ৰজাক সহায় কৰিবলৈ গাত লৈ উপহাৰ গ্ৰহণ কৰিলে৷ তাৰ পাছতে গদাধৰ সিংহই ভগা পানীফুকনক শালত দি চেপি চেপি হত্যা কৰালে৷ আনহাতে দিহিঙীয়া আলুন বৰবৰুৱাৰ কোনো ছিদ্ৰ নাপাই তেওঁক ক্ষমা কৰি দিবলৈ বাধ্য হ’ল (তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ২১-২২)৷

তাৰ পাছত ইটাখুলিৰ বীৰজন আহোম ৰাজ্যৰ সামৰিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা হেৰাই গ’ল৷ তেওঁৰ শেষ দশা কি হ’ল সেই বিষয়ে কোনো তথ্য পোৱা নাযায়৷ আমাৰ ধাৰণা দিহিঙীয়া আলুন বৰবৰুৱাই দিহিঙৰ পাৰৰ খাটতে সকলো বিষয় জঞ্জালৰ পৰা দূৰত থাকি নিৰলে বাকী জীৱন পাৰ কৰিছিল৷ আহোম-মোগলৰ নির্ণায়ক যুদ্ধখনৰ সেনাপতিগৰাকীয়ে উপেক্ষিত অৱস্থাত ৰাজধানীৰ পৰা দূৰত দিহিঙৰ পাৰতে হয়তো এদিন শেষ নিশ্বাস ত্যাগ কৰিছিল৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ