ড০ ৰক্তিম ৰঞ্জন শইকীয়া
কোনো এটা অঞ্চলৰ আৰ্থিক গতিবিধি নিৰ্ভৰ কৰে অঞ্চলটোৰ ভৌগোলিক অৱস্থিতি আৰু যাতায়াত সংযোগৰ সা-সুবিধাৰ ওপৰত। মধ্যযুগৰ অসমৰ আহোম ৰাজ্যৰ ৰহা আছিল এনে এটা অঞ্চল ৷ ভৌগোলিক অৱস্থিতিৰ কাৰণেই ৰহা অঞ্চলটোৱে অতীজৰে পৰা ৰণকৌশলগত অৰ্থনৈতিক গুৰুত্ব লাভ কৰি আহিছে। কপিলী উপত্যকাৰ দুৱাৰমুখত এটা অতি প্ৰাচীন বাণিজ্য পথত ৰহাৰ অৱস্থিতি ৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৌগোলিক অৱস্থিতিৰ বাবে সদায়েই ইয়াত নৌকা পৰিৱহনেহে অগ্রাধিকাৰ পাই আহিছে যদিও ইয়াতো দুই-এটা গুৰুত্বপুৰ্ণ স্থলপথ আছিল ৷ এইসমূহৰ ভিতৰত এটা গুৰুত্বপুৰ্ণ পথ ৰহাৰ পৰা আৰম্ভ হৈ কপিলী উপত্যকাইদি চীনদেশলৈকে আছিল৷ আমি ঐতিহাসিক কালছোৱাত কেইবাবাৰো এই পথটো ব্যৱহাৰ হোৱাৰ তথ্য পাওঁ ৷ এই পথটোৰ সাম্ভাব্য অৱস্থান সম্পৰ্কে বিভিন্ন আলোচনাও হোৱা দেখা গৈছে।
কপিলী উপত্যকাইদি চীনদেশলৈ সাম্ভাব্য বাণিজ্য পথ
(উৎস : Roles
Played by Two River Valleys of Assam in the Indo- Chinese Trade Network,
Journal of Indian Ocean Archaeology, No.3, 2006)
৪২৮ চনত কপিলী ৰাজ্যৰ
পৰা চীনদেশলৈ এজন ৰাষ্ট্ৰদূত পঠোৱাৰ তথ্য পোৱা যায় ৷ (Kingdom of Kopili
Valley of Assam, page 138)। খ্ৰীষ্টীয় ৭৪৮ চনত “কো লো ফেং” Ko Lo Feng) নামৰ নাওচাওৰ তাই
ৰজাই ম্যানমাৰৰ পৰা মণিপুৰ হৈ অভিযান চলাই আহি কপিলী উপত্যকা দখল কৰাৰ তথ্যও আমি পাওঁ
(Great Eastern Corridor in the East, page 65)। নানচাও হ’ল দক্ষিণ চীনৰ য়ুন্নান প্ৰদেশক
কেন্দ্ৰ কৰি খ্ৰীষ্টীয় অষ্টম শতিকাত গঠন হোৱা এখন তাই ৰাজ্য৷
এই দুয়োটা ক্ষেত্ৰতে
আমি ইতিমধ্যে উল্লেখ কৰি অহা পথটোৱেই ব্যৱহাৰ হোৱাৰ সম্ভাৱনা সকলোতকৈ বেছি।
প্ৰাচীন কামৰূপৰ
বৃহৎ ৰাজ্যবোৰৰ পতন হোৱাৰ পাছত সমগ্র ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি
হৈছিল। নতুনকৈ গঠন হোৱা ৰাজ্যবোৰ বাণিজ্য তথা
বহিঃযোগাযোগ ৰক্ষা কৰিব পৰাকৈ শক্তিশালী হৈ উঠা নাছিল ৷ যাৰ ফলত কপিলী বাণিজ্য পথৰ ব্যৱহাৰ কমি গৈছিল ৷ ত্ৰয়োদশ শতিকাৰ
পৰা বাণিজ্য পথটো পাৰ হৈ যোৱা পাহাৰবোৰলৈ
যুদ্ধপ্রিয় নগা জনজাতিবোৰৰ প্ৰব্ৰজনে ইয়াক অধিক বিপদসংকুল কৰি তুলিলে (History
of the Relations between the Nagas and the Valley kingdoms, page 130)। যাৰ ফলত এই পথছোৱা
পৰিত্যক্ত হোৱাৰ দৰেই হ’ল ৷ চুহুংমুং দিহিঙীয়া ৰজাৰ সময়ত আহোমসকলে বৰ্তমানৰ নগাঁও অধিকাৰ কৰাৰ পাছত এই পথটোৰ বিষয়ে জানিব পাৰে ৷ সামৰিক দিশৰ পৰা এই পথটোৰ ওৰুত্ব উপলব্ধি
কৰি প্ৰতাপসিংহ স্বৰ্গদেউৰ দিনত মোমাই তামুলী বৰবৰুৱাই প্ৰথম বাৰৰ বাবে ৰহাত এটা চকী
পাতে- “দেৱৰ আজ্ঞাৰে মমাই-তামুলী বৰবৰুৱাদেউএ
চতুৰপাশে অনেক চকী ফাটি দিলে। সেকালো ৰহা, জাগী চকীপতা সকলে চকীত মানুহ, কাঁৰী, বাৰুৱতী
তুলি দিলে৷” (দেওধাই বুৰঞ্জী, পৃষ্ঠা ৯৬)। তাৰ পাছৰে পৰা ৰহাচকী হৈ পৰে উজনি-নামনি
আৰু মণিপুৰগামী পথৰ নিয়ন্ত্ৰণ কক্ষস্বৰূপ৷ “ৰহা
আৰু জাগী চকীৰ কথা।-আৰ ৰহা-চকী ও জাগী চকী দুৱাৰ ভগন নহই মানে কোনু কাল উজাই যাব নাপাই” (দেওধাই বুৰঞ্জী- পৃষ্ঠা-১০৬)। নামনিৰ পৰা অহা, কছাৰী ৰাজ্য, মণিপুৰ, ত্ৰিপুৰা ৰাজ্যৰ
সকলো ৰাজকীয় আদানপ্ৰদান ৰহা চকীত নথিভুক্ত নোহোৱাকৈ পাৰ হ’ব নোৱাৰিছিল।
জয়ধ্বজ সিংহৰ দিনত কছাৰী ৰজাৰ কটকী আহি ৰহাৰ চকীত ৰৈছিলহি -“ পূৰ্বাধাৰণে কছাৰী কটকী সাতগঞা পাৰত ৰহাৰ চকী পালেহি ৰোজবাজ দি তাতে ৰাখি গৰ্গঞা সন্দিকৈয়ে জনাই আহিব৷” (কছাৰী বুৰঞ্জী, পৃষ্ঠা-৪২) ৷ ৰুদ্ৰ সিংহৰ দিনত ১৬৩৩ শকত ত্ৰিপুৰাৰ কটকী আহি ৰহাতে প্ৰথম আহি ৰৈছিলহি - “পাচে কছাৰী ৰজাৰ দেশৰ পৰা আহি ৰহা পালেহ্ৰি তাতে ৰহাৰ চকীয়ালে বহা কৰি দিলে” (ত্ৰিপুৰা বুৰঞ্জী, পৃষ্ঠা-৭)। সেইদৰে ত্ৰিপুৰাগামী অসমৰ কটকী অৰ্জুনদাস আৰু ৰত্ন কন্দলী গৈ ৰহাতে জিৰণি লৈ কপিলী উপত্যকাইদি কছাৰী ৰাজ্য সোমাই ত্ৰিপুৰালৈ যাত্ৰা কৰিছিল- “আমাৰ দুই কটকী ত্ৰিপুৰা দেশলৈ যাবলৈ ভটিয়াপাৰৰ বহাৰ পৰা নামডাঙ্গত নাৱত উঠি ৭ দিনে গৈ ৰহা পালেগৈ। তাতে তিনিদিন থাকি তাৰপৰা ৫ দিনে গৈ ডেমেৰা পালে” (ত্ৰিপুৰা বুৰঞ্জী, পৃষ্ঠা-২১)।
ৰহাক কেন্দ্ৰ কৰি স্থায়ীকৈ যুদ্ধ নিয়ন্ত্ৰণ কক্ষও স্থাপন হৈছিল হৈছিল ৷ ৰুদ্ৰ সিংহৰ কছাৰী ৰাজ্য অভিযানত পানীফুকনৰ অধীনত বিশ্বনাথৰ পৰা যাত্ৰা কৰা সেনাদলৰ শিৱিৰ আছিল ৰহা- “পানীফুকনে সসৈন্যে বিধনাথৰ পৰা কপিলিৰ বাটে যাত্ৰা কৰি ৰহা পালে, বাট ২৭৫০০ টাৰ। তেওঁ ৰহাতে কোঠ দিলে” (কছাৰী বুৰঞ্জী, পৃষ্ঠা- ১০০) ৷ আহোম ৰাজত্বকালত ৰহাৰ পৰা মণিপুৰ হৈ ম্যানমাৰ-চীনদেশলৈ থকা পথটোৰ মণিপুৰলৈ থকা অংশটোৰ কথা সকলোৰে জ্ঞাত আছিল আৰু এই পথটো এটা ডাঙৰ সৈন্যবাহিনী চলাচল কৰিব পৰাকৈ উপযোগী আছিল ৷ এই জনাজাত পথৰে নগৈ এটি অভিযানত ১৬৮৭ শকৰ আঘোণ মাহত ৪০০০০ সৈন্যৰ বিশাল দল এটা দৈয়াং-ধনশিৰী উপত্যকাইদি মণিপুৰলৈ গৈছিল ৷ পিছে অবাটে যোৱা সেই সৈন্যদলৰ ১৪০০০ জন সৈন্যহে ১৬৮৮ শকত ঘূৰি ঘৰ পাইছিলহি (স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ৭৫)৷ সেয়েহে পুনৰ পুৰণি পথ ধৰি ১৬৮৯ শকৰ আঘোণ মাহত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পুত্ৰ উমা খঙ্গীয়া ফুকনৰ অধীনত ৰহাৰ বাটেদি ৩০ হাজাৰ সৈন্য মণিপুৰলৈ পঠোৱা হৈছিল ৷ উমা খঙ্গীয়া ফুকনে ৰহাত বাহৰ পাতি ১০ হাজৰ সৈন্য মণিপুৰলৈ প্ৰেৰণ কৰিছিল ৷ এই বাহিনীয়ে মিৰাপ নদী পৰ্যন্ত আগবাঢ়ি যোৱাৰ কথা জনা যায় (স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ৭৮) ৷ মোৱামৰীয়া বিদ্ৰোহৰ কালতো আহোম ৰজাক সহায় কৰিবলৈ অহা মণিপুৰী সৈন্যৰ দলটোও এইটো বাটেদিয়েই আহি ৰহাত কোঠ মাৰিছিলহি (তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১১৬) ৷ সৈন্যবাহিনী তথা বিভিন্নজনৰ সঘন অহাযোৱাই ৰহাক সততে ব্যস্ত কৰি ৰাখিছিল ৷ বিভিন্নজনৰ এনে অহাযোৱাই ৰহাত এটা বাণিজ্যৰ পৰিৱেশ গঢ় দিছিল ৷ ৰহাৰ এই বাণিজ্য মূলতঃ আহোম ৰাজ্য, কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ প্ৰজাসকলৰ মাজতে সীমাৱদ্ধ আছিল। উল্লেখযোগ্য যে ৰহাৰ আশে-পাশে জয়ন্তীয়া ৰজাৰ বহুখিনি মুদ্রা পোৱা গৈছে (The Coinage of Jayantiapur, page 54) ৷ জয়ন্তীয়াৰ ৰজা ছোটা পৰ্বতৰাইৰ ৰাজত্বকালতে (১৬৩৩-১৬৪০) জয়ন্তীয়াপুৰৰ পৰা (বৰ্তমান বাংলাদেশত) খাছীপাহাৰৰ ওপৰেদি নগাঁও সংযোগী এটা বাণিজ্য পথ মুকলি কৰা হৈছিল (The Coinage of Jayantiapur, page 53)। এই পথটোৱে ৰহাৰ গুৰুত্ব অধিক বৃদ্ধি কৰিছিল ৷ ডেভিদ স্কটে এই পথটোৰ অৱস্থিতিৰ কথা জানিছিল ৷ সেয়ে ১৮২৪ চনৰ মাৰ্চ মাহত ডেভিদ স্কটে ২৩ নং নেটিভ ইনফেণ্ট্ৰি সেনাদলৰ সৈতে শ্ৰীহট্টৰ পৰা পদযাত্ৰা কৰি ১৪ এপ্রিলত ৰহা চকীত উপস্থিত হৈছিলহি (David Scott in North East India, page 83)|
বিভিন্ন ৰাজপথৰ সংযোগস্থলবোৰেই বাণিজ্য কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ
সৰ্বাধিক সম্ভাৱনা থাকে। এই দৃষ্টিৰ পৰা চাবলৈ গ’লে প্রাচীন কালতে অসমৰ উজনি-নামনি আৰু
চীনদেশ সংযোগ কৰা পথৰ সংযোগস্থল হিচাপে আহোম যুগত ৰহা এক বৃহৎ বাণিজ্য কেন্দ্ৰ হিচাপে
গঢ় লৈ উঠাৰ প্ৰচুৰ সম্ভাৱনা আছিল ৷ ৰহা অঞ্চল দখলৰ পাছৰ সময়ছোৱাত আহোম ৰাজ্যত মুদ্ৰা
অর্থনীতিৰ অভাৱ আৰু বাণিজ্য বিৰোধী নীতিৰ বাবে ৰহাত বাণিজ্য সীমিত হৈ আছিল।
১৮ শতিকাৰ মাজভাগতহে
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সময়ত (১৭৫১-১৭৬৯) বাণিজ্য কেন্দ্ৰ হিচাপে ৰহাই কিছু মৰ্যাদা
লাভ কৰে ৷ সেই সময়তে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই ৰহাত কৃষ্ণগতি নামৰ বিষয়াজনক অধীক্ষক হিচাপে
নিযুক্তি দি এখন হাট পাতে- “ কীৰ্ত্তিচন্দ্ৰ
বৰবৰুৱা ৰহালৈ উজাই গ’ল ৷ ৰহাত থাকি বেবেজীয়া ন কুৰি পাতিলে, আৰো ৰহাতে হাট এখান পাতিলে।
তাৰে দহোটা গোট-পাইক লাকলঙ্গীয়া কৰিলে হাটৰ। আৰো হাটখুৱা পাতিলে চকীয়ালৰ বৰা কৃষ্ণগতিকে।
আৰো হাটৰ দান-গৰু টোৰলব কড়ি তিনি পোণ, এঠেঙ্গ এৰিব। তামোল কাউণৰ ৯ পোণ, পাণ ২০, পাণ
৯ গুছি, ধান ২০৯ পুৰা, ৰূপ ২০৯ টাকা, কপাহ ২০১ টা, পহাৰী-দান কঢ়ি ১৭ পোণ ” (দেওধাই
বুৰঞ্জী-১০৪) ৷ এই হাটত বিনিময় প্ৰথা, কড়ি আৰু ৰূপৰ টকা এই সকলো বিনিময়ৰ মাধ্যম হিচাপে
ব্যৱহাৰ হৈছিল ৷ এক বৃহৎ অঞ্চল হাটৰ সীমা হিচাপে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই চিহ্নিত কৰি
দিছিল- “হাটৰ সীমা। –পূৱে গড়ৰ চকী, পছীমে গোগ,
উত্তৰে ব্ৰহ্মপুত্ৰ, দখিনে যমূনামখ। আৰে ভিতৰে যি বেহা কৰে সকলো দাঁতিয়াল, চকীয়াল,
ঢেকেৰী, বেবেজীয়া, আদানি ”(দেওধাই বুৰঞ্জী-১০৪)।
আহোম যুগত ৰহাৰ হাটৰ পৰা যি কাটল আহিছিল সেয়া সম্পূৰ্ণ ৰাজভঁৰাললৈ নাহিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালছোৱাই আছিল আহোম ৰাজ্যৰ আটাইতকৈ সুস্থিৰ সময় ৷ কোনো যুদ্ধ-বিগ্ৰহ আৰু বহিঃশত্ৰুৰ ভাবুকি নথকাত ৰাজকোষত বিশেষ হেঁচাও নাছিল ৷ সেয়ে স্বৰ্গদেৱে বদান্যতা দেখুৱাই ৰহাৰ হাটৰ কাটলৰ সৰহ অংশ সেই সময়ত আহোম ৰজাৰ শৰণাগত কছাৰী ৰজাক পুত্ৰজ্ঞান কৰি হাতখৰচৰ বাবে দান কৰিছিল ৷ বাকী ৰাজহো সকলো সন্তুষ্ট হোৱাকৈ বিতৰণ কৰি দিয়াৰ ব্যৱস্থা কৰিছিল- “আৰু কছাৰী, মণিপুৰীয়া ২ ৰাজাক উলিয়াই আনি ঁদেৱক সেৱা কৰালেহি। ৰাজেশ্বৰ সিংহ দেৱতা বোলে-“পুত্ৰে যে মোক আহি সেৱা কৰিলেহি, পুত্ৰ-ৰাজাক কি বঁটা দিম? বৰুৱা হঁতে যে হাটখানি পাতিছা তাৰে এপালি ধন কছাৰী ৰজালৈ দিব। পুত্ৰে তামোল পান খাব ”। বুলন বৰা, মলহাখোৱা টেকেলা ইহঁতে আহি কথা শুনাই দিলে,- আঘাৰে কুৰি কৰি কছাৰীলৈ দিব, আঘাৰে কুৰি কৰি ঁদেৱৰ চাঙ্গলৈ দিব, মিকিৰ-কছাৰীত খৰচ দিব। ছকুৰি কৰি কছাৰী-ধন চকীয়াল-বৰা সোধাব। আৰু মহিয়া দিব ৰূপ ২০ বৰুৱা বৰা হঁতক সাধনি’ (দেওধাই বুৰঞ্জী-১০৪)। সেই সময়তে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই ৰহা অঞ্চলৰ স্থানীয় জনজাতীয় ৰজাসকলৰ সংখ্যা বৃদ্ধি কৰি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাৰ ব্যৱস্থা কৰিছিল- “আৰু পূৰ্বে ৰহাত তিনি ৰজা। কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই দেৱে বোলে- জাগীত তিনিৰজা, ৰহাতো পাঞ্চৰজা পাতিছে। সৰা, খাহিগৰীয়া ও টপাগোচীয়া ও বাৰেপুজীয়া ও মিকিৰ এই ৫ ৰাজ।” (দেওধাই বুৰঞ্জী-১০৫)।
বাণিজ্য আৰু অৰ্থনৈতিক
কাৰ্যকলাপৰ স্থান হিচাপে ৰহাই বিকাশ লাভ কৰোঁতেই মোৱামৰীয়া বিপ্লৱ আৰম্ভ হয় আৰু ৰহাৰ
বাণিজ্যিক কাৰ্যকলাপত পোনপটীয়া প্ৰভাৱ পৰে ৷ সেই বিপ্লৱৰ পাছতে বাণিজ্য কেন্দ্ৰ হিচাপে
ৰহাৰ স্থানচ্যুতি ঘটে। লগতে সামৰিক কেন্দ্ৰ হিচাপেও ইয়াৰ গুৰুত্ব কমি যায় ৷
তথ্যসূত্ৰ :
১.
Barooah, Nirode Kumar (1970): David Scott in North East India 1802-1831, A
Study in Brttish Paternalism, Munshiram Manoharilal, New Delhi.
২.
Sarma, Pranab Jyoti (2006): Roles Played by Two River Valleys of Assam in the
Indo- Chinese Trade Network, Journal of Indian Ocean Archaeology, No.3.
৩.
Boruah, Nirode (2001): Kingdom of Kopili Valley of Assam, Proceedings of the
Indian Congress, Vol. 62.
৪.
Lima, C (2004): History of the Relations between the Nagas and the Valley
kingdoms, in Book Society and Economy of North East India, Edited by Mignonette
Momin, Cecile A Mawlong, Fuzail Ahmad, Daya Publishing House, New Delhi.
৫.
Deka, Phani (2007): The Great Eastern Corridor in the East, Mittal
Publication,New Delhi
৬.
Rhodes, N.G. and Bose, S.K (2010): The Coinage of Jayantiapur, Library of
Numismatic Studies, Kolkata-700064
৭. ভূঞা, শ্ৰীসূৰ্য্যকুমাৰ, (সম্পা) (১৯৯০):
ত্ৰিপুৰা বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী
৮. ভূঞা, সূৰ্য্যকুমাৰ, (সম্পা) )(১৯৯০): তুংখুঙ্গীয়া
বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, ওৱাহাটী
৯. ভূঞা, সূৰ্য্যকুমাৰ, (সম্পা) )(১৯৯০): দেওধাই
অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী
১০. ভূঞা, সূৰ্য্যকুমাৰ (১৯৭৫): স্বৰ্গদেউ
ৰাজেশ্বৰ সিংহ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী,
১১. ভূঞা, সূৰ্য্যকুমাৰ (১৯৯০): কছাৰী বুৰঞ্জী,
বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী
লেখকৰ ঠিকনা :
সহকাৰী অধ্যাপক, ভূতত্ত্ব বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়
ভ্ৰাম্যভাষ : ৯৩৬৫২৪৩৬৮১