অন্যযুগ/


প্ৰাক-ঔপনিৱেশিক আৰু ঔপনিৱেশিক-কালিন যোৰহাটৰ বুৰঞ্জী সাহিত্য চর্চা : এক অসম্পূর্ণ সমীক্ষা

  ৰক্তিম ৰঞ্জন শইকীয়া


আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটৰ পট্টনৰ ইতিহাস তুলনামূলকভাৱে নতুন৷ এই তুলনামূলকভাৱে নতুন নগৰখন আৰু ইয়াৰ দাঁতিকাষৰীয়া ঠাইবোৰত কম সময়ৰ ভিতৰতে ইতিহাস চর্চাৰ এক পৰিৱেশ গঢ় লৈ উঠিছিল ৷ অথচ সাহিত্য সৃষ্টিৰ বাবে এক বিকশিত অধিক উৎপাদনশীল সমাজ ব্যৱস্থাৰ প্ৰয়োজন ৷ মধ্যযুগৰ যোৰহাটত এখন সুস্থিৰ কৃষক সমাজৰ সংগঠন অতি পলমকৈ হৈছিল ৷ গদাধৰ সিংহৰ দিনলৈকে অর্থাৎ ১৬৬১-১৬৯৬ খ্ৰীষ্টাব্দলৈকে যোৰহাট আছিল নির্বাসনৰ স্থল হিচাপে ব্যৱহাৰ কৰা এখন দুর্গম স্থান ৷ মণিৰাম দেৱানৰ ভাষাত “এই পূর্ব্বস্মিন কালে টোকোলাই বচা নাম ক্ষাত আছিল, ৰাজদ্ৰোহী প্ৰভৃতি লোককে এই টোকোলাই বচাতে ৰাখিত, কিন্তু অতিশয় অতিশয় জ্বৰ তাপৰ জাএগা”(বুৰঞ্জি বিবেক ৰত্ন, ২০০২, পৃষ্ঠা ১৯৩) ৷ প্ৰকৃতার্থত ১৭৯৪ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটলৈ তুলি অনাৰ পাছতহে যোৰহাটত সাহিত্য চর্চাৰ এটা পৰিৱেশ গঢ় লৈ উঠে ৷ কম সময়ৰ ভিতৰতে এনে এক পৰিৱেশ গঢ় লৈ উঠাটো সচাকৈয়ে এক বিস্ময় বুলিব লাগিব ৷ ইতিহাস চর্চাৰ এই যোৰহটীয়া ধাৰাটো ঔপনিৱেশিক কাললৈও বিস্তৃত হৈছিল ৷

তথ্যমতে প্ৰাক-ঔপনিৱেশিক যোৰহাটক নিজৰ বুৰঞ্জী সাহিত্যচর্চাৰ ঘাইক্ষেত্ৰ হিচাপে লোৱা ব্যক্তিসকলৰ ভিতৰত জ্যেষ্ঠ ব্যক্তিজন হ’ল লফাবৰীয়া ৰঙাচিলাৰ দুৱৰাৰ ঘৰৰ শ্ৰীনাথ দুৱৰা বৰবৰুৱা ৷ এই পৰিয়ালটো ৰাজধানী ৰংপুৰৰ পৰা স্থানান্তৰৰ সময়তে যোৰহাটলৈ আহিছিল ৷ হৰনাথ বৰফুকন (পূর্বে ভিতৰুৱাল ফুকন), বদন বৰফুকন আদি বুৰঞ্জী বিখ্যাত চৰিত্ৰ এইটো পৰিয়ালৰে আছিল ৷ ৰংপুৰত থাকোঁতেই শ্ৰীনাথে প্ৰথমে দুৱলীয়া ফুকনৰ পদ লাভ কৰিছিল ৷ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহীৰ বিৰুদ্ধে তেওঁ দুই-এখন ৰণত ৰাজকীয় পক্ষৰ সেনাপতি আছিল ৷ প্ৰথম বিদ্ৰোহৰ পাছত লক্ষ্মীসিংহৰ আমোলতে তেওঁ ন্যায়সোধা ফুকনৰ পদ পায় ৷ গৌৰীনাথ সিংহৰ দিনত তেওঁ ভিতৰুৱাল ফুকনৰ পদ লাভ  কৰে ৷ যোৰহাটলৈ ৰাজধানী অহাৰ পাছত ১৮০০ খ্ৰীষ্টাব্দত শ্ৰীনাথক স্বর্গদেউ কমলেশ্বৰ সিংহই বৰবৰুৱাৰ পদবী দিছিল ৷ শ্ৰীনাথ আছিল পূর্ণানন্দ বুঢ়াগোঁহাইৰ অতি অনুগত বিষয়া ৷ ১৮১৭ খ্ৰীষ্টাব্দলৈকে শ্ৰীনাথে বৰবৰুৱাৰ বিষয় খাই আছিল ৷ বদনচন্দ্ৰই ব্ৰহ্মদেশৰ পৰা মান সৈন্য অনাৰ পাছত পূর্ণানন্দ বুঢ়াগোঁহাইৰ সহযোগী হোৱাৰ অপৰাধত নিজৰ দদায়েক শ্ৰীনাথকো ক্ষমা নকৰি পদচ্যুত কৰে ৷ তাৰ পাছত শ্ৰীনাথ বৰবৰুৱাৰ বিষয়ে একো জনা নাযায় ৷ তেতিয়া তেওঁ অতি বৃদ্ধ বয়স পাইছিল ৷ এনেদৰেই মানৰ আক্ৰমণৰ ধামখুমীয়াত যোৰহাটৰ প্ৰথমজন বুৰঞ্জীবিদ শ্ৰীনাথ দুৱৰা বৰবৰুৱা হেৰাই গ’ল ৷

এই শ্ৰীনাথ দুৱৰা বৰবৰুৱাই লিখি উলিয়াইছিল মধ্যযুগৰ অসমৰ সকলোতকৈ মূল্যৱান দলিল “তুংখুঙ্গীয়া বুৰঞ্জী” ৷ ইতিহাস হিচাপে তুংখুঙ্গীয়া বুৰঞ্জীৰ অপৰিসীম গুৰুত্ব থকাৰ উপৰি ইয়াৰ সাহিত্যিক আৰু ভাষাতাত্ত্বিক মূল্যও অসীম ৷ শ্ৰীনাথ দুৱৰা বৰবৰুৱা ৰাজবিষয়া হ’লেও এজন ইতিহাসবিদ হিচাপে তেওঁ সম্পূর্ণ নিৰপেক্ষতা অৱলম্বন কৰা দেখা গৈছে ৷ ৰজাঘৰৰ বিভিন্ন দুর্বলতা, ষড়যন্ত্ৰৰ কথা যিদৰে তেওঁ নির্বিকাৰভাৱে উল্লেখ কৰি গৈছে, সেইদৰে মোৱামৰীয়া বিদ্ৰোহীৰ বিষয়ে তেওঁ সত্য বুলি ভবা আৰু দেখা সকলো কথা এফালৰ পৰা লিপিবদ্ধ কৰিছে ৷ পক্ষপাতবিহীন ইতিহাসকাৰ বর্তমান যুগতো বিৰল যদিও আমি শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ মাজত তেনে এগৰাকী ইতিহাসকাৰ দেখা পাওঁ ৷ এখন ইতিহাস হিচাপে থকা গুৰুত্বৰ উপৰি তুংখুঙ্গীয়া বুৰঞ্জীৰ পৰা আমি মধ্যযুগৰ অসমৰ লিখিত আৰু কথিত দুইটা ভাষাৰে আর্হি পাওঁ ৷ সেই দিশৰ পৰা ইয়াৰ ভাষাতাত্ত্বিক মূল্য অপৰিসীম ৷ অৱশ্যে বুৰঞ্জীখনৰ ছপা ৰূপটোত, মূল আখৰজোঁটনিবোৰ সলাই পেলোৱাত ইয়াৰ ভাষাতাত্বিক মূল্য কিছু হ্ৰাস পালে ৷

ঔপনিৱেশিক কালত যিকেইজন যোৰহটীয়াই বুৰঞ্জীসাহিত্য চর্চাত হাত দিছিল, তেওঁলোকৰ কর্মক্ষেত্ৰ প্ৰাক-ঔপনিৱেশিক কাললৈকে বিস্তৃত আছিল ৷ কিন্তু কেউজনৰে ইতিহাস চর্চাৰ সময় ঔপনিৱেশিক কালৰহে অর্ন্তগত ৷ ঔপনিৱেশিক কালৰ যোৰহাটৰ এজন গুৰুত্বপূর্ণ বুৰঞ্জী সাহিত্যিক হ’ল বিশ্বেশ্বৰ বৈদ্যাধিপ ৷ বিশ্বেশ্বৰ বৈদ্যাধিপৰ অন্য এটা নাম বিকাৰাম ৷ তেওঁ আছিল এজন দৈৱজ্ঞ ব্ৰাহ্মণ ৷ সূর্যকুমাৰ ভূঞাৰ মতে ১৮৩৩ খ্ৰীষ্টাব্দৰ পৰা ১৮৪৬ খ্ৰীষ্টাব্দৰ ভিতৰত ভগাৰজা পুৰন্দৰ সিংহ স্বর্গদেউৰ পৃষ্ঠপোষকতাত বিশ্বেশ্বৰ বৈদ্যাধিপে পদ্যত এখন অসম বুৰঞ্জী ৰচনা কৰে ৷ (উৎস : অসমৰ পদ্য বুৰঞ্জীৰ পাতনি)৷ বিশ্বেশ্বৰ বৈদ্যাধিপৰ বুৰঞ্জীখনক বেলিমাৰৰ বুৰঞ্জী বুলিও জনা যায় ৷ এইজন যোৰহটীয়া বুৰঞ্জী সাহিত্যিকৰ বিষয়ে বৰ বেছি তথ্য-পাতি পোৱা নাযায় ৷ বিশ্বেশ্বৰ বৈদ্যাধিপৰ বুৰঞ্জীখন হ’ল একেলগে নতুন তথ্য আৰু সাহিত্যৰ সমাহাৰ ৷ বৈদ্যাধিপ আছিল এজন পাকৈত কবি ৷ বুৰঞ্জীৰ শুকান তথ্যবোৰ তেওঁৰ হাতত পৰি মনোৰম আখ্যানলৈ ৰূপান্তৰ হৈছে ৷ বৈদ্যাধিপে সত্যৰ অপলাপ নকৰাকৈ উপমা লালিত্যৰে বুৰঞ্জী সাহিত্যক সুস্বাদু কৰি তুলিছে বুলি অনায়সে গণ্য কৰিব পাৰি ৷

  যোৰহাটকেন্দ্ৰিক প্ৰাক-ঔপনিৱেশিক আৰু ঔপনিৱেশিক দুইটা কালৰে সাক্ষী অন্য এজন গুৰুত্বপূর্ণ বুৰঞ্জী সাহিত্যিক হৈছে দুতিৰাম হাজৰিকা ৷ নিজকে ‘দুতিৰাম স্বর্ণকাৰ হাজৰিকিয়া’ বুলি পৰিচয় দিয়া এই ইতিহাসবিদজনৰ জন্ম হৈছিল ১৮০৬ খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিল ১৯০১ খ্ৰীষ্টাব্দত ৷ যোৰহাটৰ চকীহাটত তেওঁৰ জন্ম হৈছিল ৷ কমেও ১০৫ বছৰ জীয়াই থাকি এইজনা বুৰঞ্জী সাহিত্যিকে যুগসন্ধিৰ সময়ৰ যোৰহাটৰ ঘটনাৱলী সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিবলৈ সুযোগ পাইছিল ৷ যুৱৰাজ কামেশ্বৰ সিংহৰ আজ্ঞাত দুতিৰাম হাজৰিকাই আহোম ৰাজত্বৰ শেষৰফালৰ ঘটনাৰাজি সামৰি “কলিভাৰত” নামৰ বুৰঞ্জীখন ৰচনা কৰে ৷ বহুখিনি নতুন তথ্যৰ সৈতে “কলিভাৰত বুৰঞ্জী” এক উল্লেখযোগ্য তথ্যসূত্ৰ ৷ দুটা যুগক প্ৰতিনিধিত্ব কৰা ব্যক্তি হিচাপে দুতিৰাম হাজৰিকাৰ ভাষাত পুৰণি অসমীয়া ঠাঁচটো ৰক্ষা পৰাৰ লগতে ব্ৰহ্মদেশীয় আৰু চিংফৌ দোৱনীয়াই ব্যৱহাৰ কৰা দুই এটা শব্দৰ লগতে ব্ৰিটিছ কোম্পানিৰ আমোলত শিকা ইংৰাজী শব্দও পোৱা গৈছে ৷ ‘দুতিৰাম স্বর্ণকাৰ হাজৰিকিয়া’ৰ ‘কলিভাৰত বুৰঞ্জী যোৰহাটত ৰচিত হোৱা এক অতি গুৰুত্বপূর্ণ যুগসন্ধিৰ দলিল ৷ 

 যোৰহাটকেন্দ্ৰিক প্ৰাক-ঔপনিৱেশিক আৰু ঔপনিৱেশিক কালৰ তথা সমগ্ৰ অসমৰে সকলোতকৈ গুৰুত্বপূর্ণ ব্যক্তিজনা আছিল মণিৰাম দেৱান বৰভাণ্ডাৰ বৰুৱা ৷ মণিৰাম দেৱানৰ পিতৃ ৰামদত্ত কমলেশ্বৰ সিংহ স্বর্গদেউৰ দিনত দোলাকাষৰীয়া বৰুৱা আছিল ৷ পুৰন্দৰ সিংহ প্ৰথমবাৰ ৰজা হওঁতেও ৰামদত্তই দোলাকাষৰীয়া বৰুৱাৰ বিষয় খাইছিল৷ তেওঁলোকৰ ঘৰবাৰী যোৰহাটৰ খাটোৱাল গাঁৱত আছিল ৷ মানৰ আক্ৰমণৰ সময়ত পুৰন্দৰ সিংহ পলাই গৈ বর্তমান বাংলাদেশৰ অন্তর্গত চিলমাৰীত আছিলগৈ ৷ ১৮৩৩ খ্ৰীষ্টাব্দত বছৰি ৫০০০০ টকাৰ লালবন্দীত পুৰন্দৰ সিংহ উজনি অসমৰ ৰজা হোৱাৰ সময়ত ৰামদত্তই পুনৰ দোলাকাষৰীয়া বৰুৱাৰ পদ পাইছিল ৷ আনহাতে মণিৰামে ১৮২৮ খ্ৰীষ্টাব্দৰ পৰাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ৰেভিনিউ চিৰস্তাদাৰ আৰু তহচিলদাৰৰ পদত আছিল ৷ কিন্তু ১৮৩৩ খ্ৰীষ্টাব্দৰ পৰা তেওঁ পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা পদত যোগদান কৰে ৷ ১৮৩৯ খ্ৰীষ্টাব্দত তেওঁ “অসম কোম্পানি লিমিটেড”ত দেৱানৰ পদত যোগদান কৰে৷ ১৮৪৫ খ্ৰীষ্টাব্দত তেওঁ কোম্পানিৰ চাকৰি এৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছিল ৷ ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহত জড়িত থকাৰ অভিযোগত ১৮৫৮ খ্ৰীষ্টাব্দৰ ২৬ ফ্ৰেব্ৰুৱাৰিৰ দিনা যোৰহাটত মণিৰাম দেৱানক ফাঁচী দি হত্যা কৰা হৈছিল ৷

 এইজনা মণিৰাম দেৱানেই ৰচনা কৰিছিল “বুৰঞ্জি বিবেকৰত্ন” নামৰ এখন ইতিহাসৰ পুথি ৷ এই পুথিখন মণিৰাম দেৱানে ১৮৩৮ খ্ৰীষ্টাব্দত সংকলন কৰিছিল ৷ সমকালীন অসমৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাস হিচাপে “বুৰঞ্জি বিবেকৰত্ন”ৰ গুৰুত্ব অপৰিসীম ৷ কোনো নিজস্বা মতামত দাঙি নধৰি বিশুদ্ধ নিৰপেক্ষ ইতিহাসবিদৰ দৃষ্টিভংগীৰে মণিৰাম দেৱানে এই বুৰঞ্জীখন লিখিছে ৷ মণিৰাম দেৱানে কোনো ঐতিহাসিক তথ্যপাতিৰ আধাৰত বুৰঞ্জীখন লিখা নাছিল ৷ তেওঁ মাত্ৰ দেখা কথা আৰু শুনা কথাৰ ওপৰত ভিত্তি কৰিয়েই বুৰঞ্জীখন লিখিছিল ৷ গতিকে তেওঁ নিজে দেখা কথাখিনি সম্পূর্ণ সঠিক হোৱাৰ বিপৰীতে শুনা কথাবোৰত কেতিয়াবা অতিকথনেও ঠাই পাইছে ৷ “বুৰঞ্জি বিবেকৰত্ন”ৰ সকলোতকৈ মনোগ্ৰাহী বস্তু হ’ল ইয়াৰ ভাষা ৷ পুথি খনত অসমীয়া, বাংলা, সংস্কৃত, ইংৰাজী আৰু পার্চী শব্দই ঠাই পাইছে ৷ আনহাতে ভাষাটো হ’ল সংস্কৃত, অসমীয়া আৰু অসমীয়া মিশ্ৰিত বাংলা ৷ সেয়ে ডঃ নগেন শইকীয়াই “বুৰঞ্জি বিবেকৰত্ন”ৰ ভাষাক ‘অসমীয়া মানুহৰ সংক্ৰান্তি কালৰ দোদুল্যমান অৱস্থাৰ প্ৰতিনিধিত্ব কৰিছে বুলি উল্লেখ কৰিছে৷

কাশীনাথ তামুলি ফুকন আৰু ৰাধানাথ বৰবৰুৱাই ৰচনা কৰা “আসাম বুৰঞ্জি পুথি-ইন্দ্ৰবংসি আসাম মহাৰজাসকলৰ বিবৰন” নামৰ পুথিখনিয়েও যোৰহটীয়া ঐতিহ্য দাবী কৰিব পাৰে ৷ শিৱসাগৰৰ কাকতীয়াৰৰ ঘৰৰ শিৱনাথৰ নাতিয়েক আৰু শ্ৰীনাথৰ ডাঙৰ পুত্ৰ কাশীনাথ যোৰহটীয়া ৰজা পুৰন্দৰ সিংহৰ দিনত তামুলী ফুকন হৈছিল ৷ পাছত তেওঁ ইংৰাজ আমোলত শিৱসাগৰ আৰু গুৱাহাটীত মুন্সিফো হৈছিলগৈ। ফাৰ্ছি, বঙলা আৰু আহোম ভাষাতো এওঁৰ বিশেষ ব্যুৎপত্তি আছিল ৷ পুৰন্দৰ সিংহ ৰজাৰ আজ্ঞা অনুযায়ী আহোম ভাষাবিদ ৰাধানাথ বৰবৰুৱাৰ সহায়ত আহোম ভাষাৰ পৰা বুৰঞ্জীৰ পৰা তথ্যপাতি গোটাই তেওঁ অসম বুৰঞ্জীখন লিখে আৰু শিৱসাগৰৰ থকা বেপ্টিষ্ট মিছন সমাজে ১৮৪৪ খ্ৰীষ্টাব্দত তেওঁলোকৰ নিজা প্ৰেছত ছপাই উলিয়ায়। সহলেখক ৰাধানাথ বৰবৰুৱা পুৰন্দৰ সিংহৰ আমোলৰ এজন বিষয়া আছিল ৷ “আসাম বুৰঞ্জি পুথি- ইন্দ্ৰবংসি আসাম মহাৰজাসকলৰ বিবৰন” গ্ৰন্থখনিৰ ভাষাই প্ৰাক-ঔপনিৱেশিক কালৰ শেষ সময়ছোৱাৰ ভাষা আৰু আখৰ-জোঁটনিৰ সাক্ষ্য প্ৰদান কৰে৷

যোৰহাটত জন্মগ্ৰহণ  কৰা অন্য এজন বিশিষ্ট সাহিত্যিক বুৰঞ্জীবিদ হৈছে গুণাভিৰাম বৰুৱা৷ ১৮৩৪  খ্ৰীষ্টাব্দত যোৰহাটত জন্মলাভ কৰা এইজনা বুৰঞ্জীবিদ সাহিত্যিকে কলিকতাত আইনৰ শিক্ষা লাভ কৰাৰ পাছত ব্ৰিটিছ চৰকাৰৰ অধীনত অতিৰিক্ত সহকাৰী উপায়ুক্তৰ চাকৰিত যোগদান কৰে। গুণাভিৰাম বৰুৱাই ১৮৫৯ খ্ৰীষ্টাব্দত চাকৰিত যোগদান কৰাৰ পাছত ত্ৰিশ বছৰ চৰকাৰী চাকৰি কৰি ১৮৯০ খ্ৰীষ্টাব্দত অৱসৰ গ্ৰহণ কৰি কলিকতাত নিগাজীকৈ থাকিবলৈ লয়। ১৮৯৪  খ্ৰীষ্টাব্দত কলিকতাতে গুণাভিৰাম বৰুৱাৰ মৃত্যু হয়। গুণাভিৰাম বৰুৱাই ১৮৭৫ খ্ৰীষ্টাব্দত “আসাম বুৰঞ্জী” নামৰ পূর্ণাঙ্গ বুৰঞ্জী পুথিখনি লিখি উলিয়ায়৷ এই পুথিখন ১৮৮৪ খ্ৰীষ্টাব্দত কলিকতাৰ নিউ আর্য প্ৰেছৰ পৰা প্ৰকাশ হয় ৷ বিষয়বস্তু আৰু লিখাৰ ধৰণৰপৰা পুথিখনত আধুনিক বুৰঞ্জী ৰচনাৰ ৰীতি-নীতি মানি চলা হোৱা নাই যদিও এইখনক অসমৰ ভৌগোলিক বিৱৰণ, বিভিন্ন জাতি-উপজাতিৰ ইতিবৃত্ত, প্ৰাচীন আৰু মধ্যযুগৰ অসমৰ ইতিহাস, আহোম ৰাজত্বৰ শাসন-প্ৰণালী, বিভিন্ন বিষয়বাব আৰু উপাধিৰ বর্ণনা আদিৰে সৈতে প্ৰথমখন পূর্ণাংগ বুৰঞ্জী আখ্যা দিব পাৰি ৷

ঔপনিৱেশিক কালৰ যোৰহাটৰ এজন লেখত ল’বলগীয়া বুৰঞ্জীবিদ হ’ল হিতেশ্বৰ বৰবৰুৱা ৷ যোৰহাট নগৰৰ কাষৰীয়া সৰু-চৰাইবাহী গাঁৱত, সাতঘৰীয়া আহোমৰ সন্দিকৈৰ ফৈদৰ চিকৌ বৰবৰুৱা ঘৰত ১৮৭৬ খ্ৰীষ্টাব্দত হিতেশ্বৰ বৰবৰুৱাই জন্ম গ্ৰহণ কৰিছিল। হিতেশ্বৰ বৰবৰুৱাই যোৰহাট ৰেলৱে কাৰখানাৰ স্কুল, তৰাজান বৃত্তি স্কুল আৰু যোৰহাট হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল ৷ কিছুদিন শিক্ষকতা কৰাৰ পাছত তেখেতে চাহবাগিচাত কেৰাণীৰ কামত যোগদান কৰিছিল৷ “আহোমৰ দিন”ৰ দৰে বৃহৎ কলেৱৰৰ বুৰঞ্জী তেখেতে সংকলন কৰে ৷ এই সংকলনখনত সম্পূর্ণ আহোম ৰাজত্বৰ উপৰিও ১৯২২ চনলৈকে বৃটিছ শাসনৰ ঘটনাৱলী প্ৰাঞ্জল ভাষাত বর্ণিত হৈছে ৷ জীৱিত অৱস্থাত তেখেতে গ্ৰন্থখনিৰ প্ৰকাশিত ৰূপটো চাই যাবলৈ নাপালে ৷ ১৯৩৯ চনৰ ফেব্ৰুৱাৰি মাহত তেখেতৰ মৃত্যু হয়৷ মৃত্যুৰ সূদীর্ঘ ৪২ বছৰ পাছত ১৯৮১ চনতহে “আহোমৰ দিন” প্ৰকাশ হয় ৷

যোৰহাটকে বাসস্থান হিচাপে গ্ৰহণ কৰা এজন বুৰঞ্জীবিদ হ’ল ক্ষেত্ৰধৰ বৰগোঁহাই৷ ১৮৯২ খ্ৰীষ্টাব্দত শিৱসাগৰৰ মেচাগড়ত ক্ষেত্ৰধৰ বৰগোহাঁয়ে জন্মলাভ কৰে ৷ ১৯১৯ খ্ৰীষ্টাব্দত কটন কলেজৰ পৰা স্নাতক উপাধি লোৱাৰ পাছত বিভিন্ন প্ৰশাসনীয় দায়িত্বত থাকি ১৯৪৯ খ্ৰীষ্টাব্দত চাকৰিৰ পৰা অৱসৰ লয় ৷ অৱসৰৰ কিছুকাল পাছতে ১৯৫১ চনৰ ৫ এপ্ৰিলত তেখেতৰ মৃত্যু হয় ৷ ক্ষেত্ৰধৰ বৰগোহাঁইৰ কোনো বুৰঞ্জীমূলক একক গ্ৰন্থ নাই যদিও তেখেতৰ বুৰঞ্জীমূলক প্ৰবন্ধাৱলী বাঁহী, আলোচনী, চেতনা, আৱাহন আদি আলোচনীত প্ৰকাশ পায় ৷ সম্ভ্ৰান্ত মেচাগড়ীয়া বৰগোহাঁইৰ পৰিয়ালত জন্ম লাভ কৰা ক্ষেত্ৰধৰ বৰগোঁহায়ে প্ৰাক-ঔপনিৱেশিক অসমৰ ইতিহাসবিদসকলৰ দৰে এক অতিপাত নির্মোহ নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰিছিল ৷ উদাহৰণস্বৰূপে লাচিত বৰফুকন জন্ম সম্পর্কে তেখেতৰ এটা পৃথক মতবাদ আছে ৷ সুখৰ কথা তেখেতৰ সকলো বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন হিচাপে প্ৰকাশ পাইছে ৷

ইতিহাস অধ্যয়নৰ এক বিশেষ শাখা হৈছে অর্থনৈতিক ইতিহাস ৷ ঔপনিৱেশিক যোৰহাটৰ এক বিশেষ ক্ষেত্ৰক কেন্দ্ৰ কৰি এখন অর্থনৈতিক ইতিহাস প্ৰণয়ন কৰা হৈছিল ৷ এই ইতিহাসখন প্ৰকাশ হৈছিল লণ্ডনৰ পৰা ৷ অসমৰ চাহ উদ্যোগত যোৰহাটৰ এক বিশেষ স্থান আছে ৷ যোৰহাট টি কোম্পানিৰ ইতিহাস সম্বলিত এই ইতিহাস গ্ৰন্থখনৰ এটা সমালোচনা বিখ্যাত গৱেষণা আলোচনী The Journal of Economic History ত (Volume 9, Issue 2, November 1949, pp. 221) ১৯৪৯ খ্ৰীষ্টাব্দত পেনচিলভানিয়া বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ হল্ডেন ফাৰবাৰ (Holden Furber)নামৰ গৱেষকজনে এটা সমালোচনা প্ৰকাশ কৰিছিল ৷ আমাৰ হাতৰ তথ্যমতে এই নির্দিষ্ট সময়ছোৱাত যোৰহাটৰ লগত সম্পর্কীত ইতিহাস চর্চাৰ কামকাম ইমানখিনিয়েই ৷ ভৱিষ্যতে আৰু নতুন তথ্যৰ আৱিষ্কাৰে এই বিষয়টোক পূর্ণতা দিব বুলি আমি আশাবাদী ৷

*** 

তথ্যসূত্ৰ :

১. গোস্বামী, শ্ৰীযতীন্দ্ৰনাথ (সম্পাদনা) (১৯৮৪), ক্ষেত্ৰধৰ বৰগোহাঁইৰ প্ৰবন্ধ সঙ্কলন, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন৷

২. বৰবৰুৱা, হিতেশ্বৰ (১৯৯৭ দ্বিতীয় প্ৰকাশ), আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-৭৮১০২১

৩. বৰুৱা, গুণাভিৰাম (২০১২, পঞ্চম প্ৰকাশ), আসাম বুৰঞ্জী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী

৪. ভূঞা, সূর্যকুমাৰ (সম্পাদনা)(২০০৮, তৃতীয় প্ৰকাশ), অসমৰ পদ্য বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী, অসম

৫. ভূঞা, শ্ৰীসূর্যকুমাৰ (সম্পাদনা)(২০১০, চতুর্থ প্ৰকাশ), তুংখুঙ্গীয়া বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী, অসম

৬. শইকীয়া, নগেন (সম্পাদনা)(২০০২), মণিৰাম দেৱানৰ বুৰঞ্জি বিবেকৰত্ন, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

৭. শর্মা, দঃ দেৱব্ৰত (সম্পাদনা)(২০২২),দুতিৰাম স্বর্ণকাৰ হাজৰিকিয়া, অসম জাতীয় প্ৰকাশ, যোৰহাট

৮. তামুলি ফুকন, কাসিনাথ (১৯০৬): আসাম বুৰন্জি পুথি, ইন্দ্ৰবংসি আসাম মহাৰজাসকলৰ বিবৰন, শ্ৰীৰাধানাথ বৰবৰুআ দ্বাৰা সংসোধিত মতে, Calcutta, Printed at the Majumdar Press, 155, Bow Bazar Street.

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ