অন্যযুগ/


মধ্যযুগৰ সমুদ্ৰ বিজয়ী ভাৰতীয়

  ৰক্তিম ৰঞ্জন শইকীয়া

 

যোৱা ৫০০০ বছৰ ধৰি ভাৰতবৰ্ষ হৈ আহিছে মানৱ প্ৰব্ৰজনৰ থলী। এই প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষকে নিজৰ ঘৰ বুলি লৈ মিলি গৈছিল। শক কুষাণৰ দৰে এসময়ৰ আক্ৰমণকাৰী পাছৰ যুগত হৈ পৰিছিল ভাৰতৰ স্বাধীনতাৰ ৰক্ষক।৷ কিন্ত ১৫ শতিকাৰ প্ৰব্ৰজনৰ স্বৰূপ সলনি হ’ল৷ এইবাৰ সাগৰেদি য়ুৰোপৰ পৰা আহিল বেপাৰীৰ ছদ্মবেশত আক্ৰমণকাৰীৰ দল৷ এইসকল কিন্তু স্থানীয় জনতাৰ লগত মিলি যোৱাৰ পৰিবৰ্তে শাসন আৰু শোষণৰ বাবেহে আহিছিল৷ য়ুৰোপীয়সকলে সমুদ্ৰৰ পাৰে পাৰে বাণিজ্যকুঠিৰ নামত বহু ঠাই দখল কৰি ইচ্ছামতে শাসন চলাইছিল। এই ঠাইবোৰত ভাৰতৰ ৰাজন্যবৰ্গৰ কোনো নিয়ন্ত্ৰণ নাছিল৷ ইয়াৰ উপৰি ভাৰতৰ পৰা ওলাই যোৱা সমুদ্ৰপথবোৰ য়ুৰোপীয় জাতিবোৰেহে নিয়ন্ত্ৰণ কৰিছিল৷ বহু ক্ষুদ্ৰ ক্ষুদ্ৰ শক্তিয়ে সাগৰীয় পথ আৰু উপকূলত য়ুৰোপীয় আগ্ৰাসনৰ বিৰুদ্ধে আপোচবিহীন সংগ্রাম চলাইছিল৷ বহুপূৰ্বৰে পৰা চলি থকা এই সংগ্ৰামবোৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ দীঘলীয়া ইতিহাসৰ একো একোটা গুৰুত্বপূৰ্ণ অধ্যায়৷ সাগৰেদি আহি ভাৰতত পদাৰ্পণ কৰা প্ৰথমদল য়ুৰোপীয় আছিল পৰ্টুগীজসকল। ১৪৯৮ চনৰ ২০ মে’ত ভাস্কো-ডা-গামাৰ নেতৃত্বত পৰ্টুগীজসকলে কেৰেলাৰ কালিকট বন্দৰ উপস্থিত হৈছিল৷ কালিকটৰ হিন্দু ৰজা সমুথিৰীসকলে (পৰ্টুগীজসকলৰ মুখত পৰি জামোৰিণ হৈছিল) সেই সময়ত কালিকটত ব্যৱসায় কৰা আৰব বণিকসকলৰ দৰেই পৰ্টুগীজসকলোকো সকলো সা-সুবিধা প্ৰদান কৰিছিল৷ কিন্তু যেতিয়া পৰ্টুগীজসকলক বন্দৰৰ কৰ সোধাবলৈ আজ্ঞা দিয়া হ’ল তেতিয়া ভাস্কো-ডা-গামাই সমুথিৰীৰ সঁজাতি দলটোৰ প্ৰতি অতি বৰ্বৰ আচৰণ কৰিলে৷ ভাস্কো-ডা-গামাই সমুথিৰীসকলৰ দূত আৰু তেওঁৰ সঙ্গী ব্ৰাহ্মণজনৰ নাক আৰু হাত কাটি অতি নিষ্ঠুৰভাৱে হত্যা কৰালে৷ ইয়াৰ উপৰি পৰ্টুগীজসকলে উপকূলীয় ভাৰতত হত্যা, লুটপাত, বলপূৰ্বক ধৰ্মান্তৰকৰণৰ এক নতুন অধ্যায় মুকলি কৰিলে৷ ইয়াৰ পাছতেই আৰব সাগৰত পৰ্টুগীজসকলৰ বিৰুদ্ধে বিভিন্নজনৰ নেতৃত্বত আপোচবিহীন সংগ্রাম আৰম্ভ হ’ল আৰু এই সংগ্রাম শতিকা জুৰি চলিল। 

সমুথিৰীসকলৰ নৌসেনাৰ বংশানুক্ৰমিক অধ্যক্ষ আছিল কুনজালি বা কুনহালি মাৰাক্কাৰ পৰিয়াল৷ ইচলাম ধৰ্মাৱলম্বী এই পৰিয়ালটোক সমুথিৰী সকলে “কুনজালি মাৰাক্কাৰ” উপাধিটো প্ৰদান কৰিছিল৷ মালায়ালম ভাষাত ইয়াৰ অৰ্থ নাও৷ একাদিক্ৰমে চাৰিজন কুনজালি মাৰাক্কাৰ নেতৃত্বত ১৫০৪ চনৰ পৰা ১৬০০ চনলৈ প্ৰায় এশ বছৰ সমুথিৰীসকলৰ নৌবাহিনীয়ে আৰব সাগৰত পৰ্টুগীজসকলৰ বিৰুদ্ধে যি সংগ্রাম চলাইছিল সি সচাকৈয়ে চমকপ্রদ। 

কুনজালি মাৰাক্কাৰসকল প্ৰথমে ব্যৱসায়ীহে আছিল৷ তাৰ পাছত তেওঁলোকে সমুথিৰীসকলৰ নৌ বাহিনীত যোগদান কৰে৷ ৰজাৰ বিশ্বাস আহৰণ আৰু দক্ষতাৰ বলত তেওঁলোকে নৌ সেনাধ্যক্ষৰ পদত অধিষ্ঠিত হয়গৈ৷ আৰব সাগৰত পৰ্তুগীজসকলৰ বাবে আতঙ্কস্বৰূপ কুনজালিসকল আছিল ক্ৰমে কুট্টি আহমদ আলি (কুনজালি মাৰাক্কাৰ ১ম জন), কুট্টি ফক্কৰ আলি (কুনজালি মাৰাক্কাৰ ২য় জন), পাড্ডু কুনজালি (কুনজালি মাৰাক্কাৰ ৩য় জন), মহ্‌মদ আলি (কুনজালি মাৰাক্কাৰ ৪ৰ্থ জন)৷

১৫২৫ চনৰ ২৬ ফেব্ৰুৱাৰিত কুড্ডি আহমদ আলিয়ে পৰ্টুগীজসকলৰ কোচিন বন্দৰ আক্ৰমণ কৰি সকলো জাহাজত অগ্নিসংযোগ কৰে৷ অসংখ্য খণ্ডযুদ্ধৰ যোগেদি কুনজালি মাৰাক্কাৰসকলৰ নেতৃত্বত সমুথিৰীসকলৰ নৌবাহিনীয়ে পৰ্টুগীজসকলৰ বাণিজ্য বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে৷ 

১৫২৮ চনত কুট্টি আহমদ আলি যুদ্ধত বন্দী হয় আৰু তেওঁক হত্যা কৰা হয়। তাৰ পাচত কুনজালি মাৰাক্কাৰ কুট্টি ফক্কৰ আলিয়ে সেনাপতিৰ দায়িত্ব লয়৷ কুট্টি ফক্কৰ আলিয়ে আৰৱ সাগৰ পৰ্টুগীজসকলৰ বাবে অতি বিপদজনক কৰি তোলে৷ গোৱা আৰু কোচিনৰ মাজৰ যোগাযোগ প্ৰায় স্তদ্ধ হোৱা দৰে হ’ল৷ বাধ্য হৈ পৰ্টুগীজসকলে শ্ৰীলংকাৰ কলম্বো বন্দৰত খোপনি লয়গৈ৷ কুনজালি মাৰাক্কাৰসকলে বুজিব পাৰিছিল যে পৰ্তুগীজসকলৰ গধুৰ, গভীৰ সমুদ্ৰগামী, গধুৰ গধুৰ কামানেৰে সজ্জিত জাহাজবোৰৰ লগত তেওঁলোকৰ সৰু সৰু পাতল নাওবোৰে ফেৰ মাৰিব নোৱাৰে৷ সেয়েহে তেওঁলোকে মুকলি সাগৰত পৰ্তুগীজ জাহাজবোৰ আক্ৰমণ কৰাতকৈ কম পানী থকা আৰু বৃহৎ জাহাজবোৰ সতকাই ঘুৰিব নোৱাৰা উপকূলীয় জলভাগতহে আক্ৰমণ কৰিছিল৷ কিন্ত কলম্বোৰ পৰা পৰ্টুগীজসকলে সমুথিৰীসকলৰ বাণিজ্যত প্ৰতিবন্ধকতা সৃষ্টি কৰাত বাধ্য হৈ সমুথিৰীসকলৰ বাহিনী কুট্টি ফক্কৰ আলিৰ নেতৃত্বত গভীৰ মুকলি সমুদ্ৰলৈ ওলাই আহিল৷

শ্ৰীলংকাৰ সমুদ্ৰত হোৱা যুদ্ধত এইবাৰ সমুথিৰীসকলৰ বাহিনী পৰাস্ত হ’ল৷ ৰামেশ্বৰমৰ ওচৰত সমুথিৰী নৌ বহৰ ধ্বংস হ’ল আৰু শ্ৰীলংকাৰ সমুদ্ৰতীৰৰ পুড্ডালম নামৰ ঠাইত কুট্টি ফক্কৰ আলিকো হত্যা কৰা হ’ল৷ এই যুদ্ধৰ পাছত সকলোতকৈ বিখ্যাত তৃতীয়জন কুনজালি মাৰাক্কাৰ পাড্ডু কুনজালিয়ে দায়িত্ব গ্ৰহণ কৰি সমান উৎসাহেৰে পৰ্টুগীজ বিৰোধী অভিযান চলাই গ’ল৷ ১৫৬৪ চনত পাড্ডু কুনজালিয়ে পৰ্টুগীজসকলৰ কান্নানোৰ বন্দৰত আক্ৰমণ কৰি বহু কেইখন ৬০০ টনৰ বৃহৎ জাহাজ জ্বলাই দিয়ে৷ এই ঘটনাৰ পাছত সমুথিৰীসকলৰ নৌশক্তি সমূলে নাশ কৰিবলৈ কনচালো মাৰমানাকো (Concalo Marmanaque) ৰ নেতৃত্বত তিনিটাকৈ নৌ বাহিনী পঠাই দিয়া হ’ল৷ পাড্ডু কুনজালিয়ে এই বাহিনী কেইটাক পৰাস্ত কৰিলে৷ ১৫৬৯ চনত পাড্ডু কুনজালিক বিচাৰি ধৰিবলৈ গোৱাৰ পৰা ডন মাৰ্টিনো ডা মিৰান্দা (Don Martino de Miranda)-ৰ সেনাপতিত্বত ৩৬ খন জাহাজৰ নৌ বহৰ এটা পঠাই দিয়া হ’ল৷ পোনপটীয়া সংঘৰ্ষ এৰাই চলি কুনজালি মাৰাক্কাৰজনে মিৰান্দাক উপকূলৰ কাষত ফান্দত পেলাই পৰ্ভুগীজসকলৰ জাহাজসমূহৰ বিস্তৰ ক্ষতি কৰি উভতি যাবলৈ বাধ্য কৰিলে৷ ইয়াৰ পাছতো পাড্ডু কুনজালিয়ে দিউৰ কাষত কেইবাখনো গুৰুত্বপুৰ্ণ নৌ যুদ্ধত জয়লাভ কৰিছিল৷ ১৫৯৫ চনত পাড্ডু কুনজালিৰ মৃত্যু হয়৷ এইজনা সেনাপতিৰ সোঁৱৰণতে ভাৰতীয় নৌবাহিনীয়ে এখন যুদ্ধ জাহাজৰ নাম “আই এন এছ কুনজালি” ৰাখিছিল৷

পাড্ডু কুনজালিৰ মৃত্যুৰ পাচত তেওঁৰ ভতিজা চতুৰ্থজন কুনজালি মাৰাক্কাৰ মহ্‌মদ আলিয়ে সেনাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে৷ কিন্তু মহ্‌মদ আলিৰ লগত সমুথিৰীসকলৰ সম্পৰ্ক বেয়া হৈ আহিল৷ মহ্‌মদ আলিয়ে নিজকে “ভাৰতীয় সমুদ্ৰৰ প্ৰভু” বুলি ঘোষণা কৰিলে যিটোৱে সমুখথিৰীসকলক ক্ৰোধিত কৰিছিল৷ ডেকা সমুথিৰী ৰজাজনৰ এটা হাতীৰ নেজ কাটি দি মহ্‌মদ আলি আৰু অপ্ৰিয় হ’ল৷ মহ্‌মদ আলিয়ে সমুথিৰীসকলক নজনোৱাকৈ স্বাধীনভাৱেই পৰ্টুগীজ বিৰোধী অভিযান অব্যাহত ৰাখিলে৷ মহ্‌মদ আলিয়ে কোড্ডা নামৰ ঠাইত ঘাটি পাতি অভিযানবোৰ চলাইছিল। আনকি পূৱ উপকূলৰ তেওঁ কৰমণ্ডল পৰ্যন্ত অভিযান সম্প্ৰসাৰিত কৰিলে৷ সেই সময়ত পৰ্টুগীজ জাহাজবোৰে পণ্যৰ লগতে দাস ব্যৱসায়োতো হাত দিছিল৷ পূৱ উপকূলৰ বৰ্তমান বাংলাদেশৰ কাষৰ সন্দীপ নামৰ দ্বীপটোক পৰ্টুগীজসকলে দাস ব্যৱসায়ৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল৷ মহ্‌মদ আলিয়ে এখন পৰ্টুগীজ জাহাজ অধিকাৰ কৰোঁতে চিনালি নামৰ এজন চীনা দাসক উদ্ধাৰ কৰিছিল৷ পৰ্টুগীজসকলৰ প্ৰতি তীব্ৰ ঘৃণা পোষণ কৰা চিনালি সোনকালেই মহ্‌মদ আলিৰ সোঁহাত হৈ পৰিল। মহ্‌মদ আলি আৰু তেওঁৰ পালি সেনাপতি চিনালিৰ যুটিটো সোনকালেই পৰ্টুগীজসকলৰ বাবে আতংকৰ কাৰণ হৈ পৰিল৷ বিশেষকৈ চিনালি পৰ্টুগীজসকলৰ বিৰুদ্ধে অতি নৃশংস আছিল। পৰ্টুীগীজসকলে তেওঁলোকৰ সকলো শক্তি একত্ৰিত কৰিলে এই যুটিটোক ধৰিবৰ বাবে। ইফালে মহ্‌মদ আলিয়ে সমুথিৰীসকলৰ পৰা সমৰ্থন হেৰুৱাই বহুখিনি দুৰ্বল হ’ল৷ ১৬০০ চনত এখন ভয়ংকৰ যুদ্ধৰ পাছত পৰ্টুগীজসকলে কোড্ডা দখল কৰিলে৷ মহ্‌মদ আলি আৰু চিনালি দুয়োজনকে বন্দী কৰি নিষ্ঠুৰভাৱে হত্যা কৰা হ’ল৷ ইয়াৰ পাছতেই সমুথিৰী আৰু পৰ্টুগীজ ১০০ বছৰীয়া সংঘৰ্ষৰ সামৰণি পৰিল আৰু পৰ্টুগীজসকল পশ্চিমে আৰৱ সাগৰ আৰু পূৱে বংগোপসাগৰত একাধিপত্য লাভ কৰিলে। ভাৰতীয় সমুদ্ৰৰ নিয়ন্ত্ৰণ বিদেশীৰ হাতলৈ গ’ল৷ 

কিন্তু পূৱৰ বংগোপসাগৰত পৰ্টুগীজসকলৰ আগ্ৰাসনৰ ধৰণ সুকীয়া আছিল৷ ১৬ শতিকাত বংগদেশত এক অৰাজকতাই দেখা দিছিল৷ এফালে মোগল আগ্রাসন আৰু আনফালৰ পৰা আৰাকানীসকলৰ আগ্রাসনে ৰাজনৈতিক সুস্থিৰতা নষ্ট কৰিছিল৷ দক্ষিণ বংগৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজাসকল ক্ষমতা সম্পন্ন হৈ উঠিছিল৷ পৰ্টুগীজসকলে চিটাগং বন্দৰ, সন্দীপ দ্বীপ আদিত দখল সাব্যস্ত কৰাৰ উপৰিও হুগলীতো নগৰ স্থাপন কৰিছিল৷ লাহে লাহে পৰ্টুগীজসকলে বলপূৰ্বক ধৰ্মান্তৰকৰণ, জলদস্যুতা, দাস ব্যৱসায় আদিৰ যোগেদি আতংকৰ সৃষ্টি কৰিছিল৷ বিশেষকৈ আৰাকানীসকলৰ লগ লাগি দস্যুগিৰীৰ যোগেদি বিশেষ কুখ্যাতি লাভ কৰিছিল৷ “মগ” দস্যু নামেৰে প্ৰসিদ্ধ আৰাকানী-পৰ্টুগীজসকলৰ কাহিনী বঙালী লোক কাহিনীত প্ৰচুৰ আছে। বংগোপসাগৰৰ পৰ্টুগীজ উপনিৱেশবোৰৰ ওপৰত গোৱাৰ মূল ঘাটি (Estado da India)ৰ কোনো নিয়ন্ত্ৰণ নাছিল বাবে বুৰঞ্জীবিদ জৰ্জ ৱিনিয়াচে (George Winius) ইয়াক “অনানুষ্ঠানিক সামাজ্য” (informal empire) বুলিছে। ১৬০২ চনত কেদাৰ ৰায় নামৰ দক্ষিণ বংগৰ ক্ষুদ্ৰ ৰজা এজনৰ সহযোগত পৰ্টুগীজ সেনাপতি ডমিনিগো কাৰভালহোৱে (Domingos Carvalho) মোগলসকলৰ হাতৰ পৰা সন্দীপ দ্বীপ দখল কৰে৷ সোনকালেই সন্দীপ দ্বীপৰ বন্দৰটোৱে জলদস্যু আৰু দাস ব্যৱসায়ৰ বন্দৰ বুলি কুখ্যাতি লাভ কৰিছিল৷ ১৬০৩ চনত দক্ষিণ বংগৰ এজন শক্তিশালী ৰজা প্ৰতাপদিত্যই এটি নৌ বাহিনী লৈ সন্দীপ দ্বীপ দখল কৰে আৰু ডমিনিগো কাৰভালহোৰ মূৰটো কাটি লৈ যায়৷ কিন্তু ১৬০৭ চনত চেবাষ্টিও গঞ্জাল্‌ভিচ্‌ টিবাও (Sebastião Goncalves Tibau) নামৰ পৰ্টুগীজজনে পুনৰ সন্দীপ দ্বীপ দখল কৰে৷ চেবাষ্টিও গঞ্জাল্‌ভিচ্‌ টিবাও আৰু তেওঁৰ সংগীসকলে পূৰ্ণোদ্যমে জলদস্যুগিৰী আৰু দাস ব্যৱসায় আৰম্ভ কৰে৷ ১৬১৫ চনত আৰাকানী আৰু দাচ্চসকলৰ যুটীয়া বাহিনীয়ে চেবাষ্টিও গঞ্জাল্‌ভিচ্‌ টিবাওক পৰাস্ত কৰে৷ ১৬১৭ চনত আৰাকানী সেনাপতি ‘মিন কামাউনে’ সন্দীপ দ্বীপ দখল কৰে৷ অৱশেষত এতিয়াহে ব-দ্বীপীয় অঞ্চলৰ গুৰুত্ব মোগলসকলে বুজিব পাৰিলে৷ মিন কামাউনে মোগলৰ আধিপত্য মানি লৈ জায়গীৰ গ্রহণ কৰিলে৷ 

১৬২৮ চনত মোগল সম্ৰাট ছাহজাহানে কাচিম খানক (Qasim Khan Jwini) বংগদেশৰ চুবাদাৰ নিয়োগ কৰি পঠায়৷ ১৬৩২ চনত এখন তিনিমাহ যোৰা দীঘল যুদ্ধৰ (২০জুন-১৫ ছেপ্টেম্বৰ) পাছত কাচিম খানে পৰ্টুগীজসকলক বংগৰ স্থলভাগৰ পৰা সম্পূৰ্ণভাৱে উচ্ছেদ কৰে৷ এই যুদ্ধত দহহেজাৰ পৰ্টুগীজ সেনা আৰু এহাজাৰ মোগল সেনা নিহত হৈছিল৷ ইয়াৰ পাছতেই বংগোপসাগৰৰ পৰা বহুদিনলৈ য়ুৰোপীয়সকল আঁতৰি থাকিল৷ পূৱৰ সাগৰত বৃহৎ শক্তিৰূপে বৰ্তি থাকিল কেৱল মোগলসকল। 

ইতিমধ্যে পশ্চিমৰ আৰব সাগৰত পৰ্টুগীজসকলৰ লগতে ইংৰাজসকলো শক্তি পৰীক্ষাৰ বাবে উপস্থিত হৈছিলহি৷ সমুথিৰীসকলৰ আধিপত্য নাশ হোৱা পাছত আৰৱ সাগৰত ভাৰতীয়সকলৰ প্ৰতিৰোধ সংগ্ৰামৰ দায়িত্ব গ্ৰহণ কৰিলে উদীয়মান শক্তি মাৰাঠাসকলে৷ য়ুৰোপীয়সকলৰ লগত পশ্চিম সমুদ্ৰত মাৰাঠাসকলৰ বীৰত্বপূৰ্ণ প্ৰতিৰোধ সংগ্ৰামৰ কাহিনী খুৱ কম মানুহৰহে জ্ঞাত। মাৰাঠা নৌবাহিনীটো স্থাপন কৰিছিল মহাৰাজ শিৱাজীয়ে৷ সেই সময়ত আৰব সাগৰত বিচৰণ কৰা আফ্ৰিকাৰ আবিচিনিয়া দেশৰ সিদ্দি নামৰ অতি দুধৰ্ষ জনগোষ্ঠীটোৰ পৰা উপকূলভাগ ৰক্ষাৰ উদ্দেশ্যে বাহিনীটো গঠন কৰা হৈছিল৷ কিন্তু সোনকালেই এই বাহিনীটো আৰব সাগৰ আনকি বংগোপসাগৰতো ব্ৰিটিছ আৰু পৰ্টুগীজ বিৰোধী সংগ্রামৰ কেন্দ্ৰ হৈ পৰে৷ এই বাহিনীৰ প্ৰথমজন সেনাপতি আছিল দৌলত খান চিয়ানা৷ শিৱাজীৰ নিৰ্দেশত ১৬৭৯ চনত দৌলত খান চিয়ানাৰ নেতৃত্বত মাৰাঠা নৌসেনাই বম্বেৰ ওচৰৰ খাণ্ডেৰী দ্বীপ দখল কৰে৷ ব্ৰিটিছ নৌবাহিনীৰ লগত হোৱা এই সংঘৰ্ষতে দৌলত খান চিয়ানাৰ মৃত্যু হয়৷ কিন্ত ব্ৰিটিছসকলে মাৰাঠাসকলক খাণ্ডেৰীৰ পৰা উচ্ছেদ কৰিব কেতিয়াও নোৱাৰিলে৷ বৰং মাৰাঠাসকলে তাত এক বিস্ময়কৰ জলদুৰ্গহে তৈয়াৰ কৰি স্থিতি সুদৃঢ় কৰি ললে৷ 

১৬৮০ চনত শিৱাজীৰ মৃত্যুৰ পাছতো মাৰাঠাসকলে ব্ৰিটিছ আৰু পৰ্টুগীজ বিৰোধী সংগ্ৰাম অব্যাহত ৰাখিলে৷ ১৬৮৩ চনত নৌসেনাপতি চিধোজী গুজাৰে কংকণ উপকূলত কেইবাটাও গুৰুত্বৰ্ণ বিজয় সাব্যস্ত কৰে৷ ১৬৯৮ চনত চিধোজী গুজাৰৰ মৃত্যুৰ পাছত প্ৰেক্ষাপটলৈ আহে মাৰাঠাসকলৰ ব্ৰিটিছ আৰু পৰ্টুগীজ বিৰোধী সংগ্ৰামৰ সকলোতকৈ বিখ্যাত নৌ সেনাপতি কান্‌হোজী অংগ্ৰে৷ শিৱাজীৰ বোৱাৰী তাৰাবায়ে কান্‌হোজীক মাৰাঠা নৌবাহিনীৰ সৰ্বাধিনায়ক নিযুক্তি দিয়ে৷ চাৰিটা দশক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যতিব্যস্ত কৰি ৰখা কান্‌হোজী অংগ্রেই পাছলৈ স্বাধীন ৰজাৰ দৰে নিজৰ মুদ্ৰা পৰ্যন্ত মৰাইছিল। কান্‌হোজী অংগ্ৰেই এক জটিল সময়ত দায়িত্বভাৰ লৈছিল। মাৰাঠা ৰাজ্যৰ কেন্দ্ৰীয় শক্তি নাশ হৈছিল৷ কোনো মিত্ৰ বা ৰাজকীয় সহায় অবিহনে কাৰ্য চলাবলগীয়া পৰিস্থিতি হৈছিল। কান্‌হোজী অংগ্রেই দক্ষতাৰে পৰিস্থিতি চম্ভালিলৈ মাৰাঠা নৌসেনাক ভাৰতীয় জলভাগৰ এক লেখত ল’বলগীয়া শক্তি কৰি তুলিছিল। ১৭১১ চনত শাহু মহাৰাজে কান্‌‌হোজীক ভাৰতীয় সমুদ্ৰৰ অধিকাৰ প্ৰদান কৰি চনদ জাৰি কৰিলে৷ খনে খনে যুদ্ধত কান্‌হোজীয়ে ব্ৰিটিছসকলক পৰাস্ত কৰি আতংকৰ সৃষ্টি কৰিছিল৷ সমসাময়িক ব্ৰিটিছ টোকাবোৰত কান্‌হোজীক জলদস্যু বুলি অভিহিত কৰা হৈছে যদিও সেইসকলে পাহৰি গৈছে যে কান্‌হোজী আছিল ৰজাৰ চনদ প্ৰাপ্ত বিষয়া৷ কোনো বেআইনী শক্তিৰ প্ৰতিনিধি নহয়। যদি কান্‌হোজী জলদস্যু হয় তেন্তে চা ফ্লান্সিচ ড্রেকৰ দৰে বিখ্যাত অভিযাত্ৰীও জলদস্যুৰ শাৰীত হে পৰিব৷ কান্‌হোজী অংগ্ৰেই তেওঁৰ সমগ্ৰ জীৱন কালত এবাৰো ব্ৰিটিছৰ বিৰুদ্ধে পৰাস্ত নহ’ল৷ তেওঁৰ এখন জাহাজো ব্ৰিটিছসকলে অধিকাৰ কৰিব নোৱাৰিলে৷ বৰঞ্চ কান্‌‌হোজীয়ে বোম্বেৰ ব্ৰিটিছ গভৰ্ণৰৰ পত্নীৰ জাহাজ আটক কৰি মুক্তিপণ আদায় কৰি সসন্মানে মুক্তি দিলে৷ ১৭২০ চনত কান্‌হোজীয়ে চাৰ্লোটী নাম বিখ্যাত জাহাজখন দখল কৰি তেওঁৰ ঘাটিলৈ লৈ গ’ল৷ কান্‌হোজীৰ বাৰম্বাৰ আক্ৰমণত অতিষ্ঠ হৈ ব্ৰিটিছ আৰু পৰ্টুগীজসকল একগোট হৈ ১৭২২ নৌ সেনাপতি থমাচ মেথিওৰ সেনাপতিত্বত তেওঁৰ কোলাবাৰ ঘাটি আক্ৰমণ কৰিলে৷ আনহাতে উপকূলেদি গোৱাৰ ৰাজপ্ৰতিনিধি ডন এণ্টনিও ডে কাষ্ট্ৰো (Don Antonio de Castro)ৰ সেনাপতিত্বত স্থলবাহিনীয়ে আক্ৰমণ কৰিলে৷ কান্‌‌হোজীয়ে আগতীয়াকৈ এই পৰিকল্পিত আক্ৰমণৰ বাতৰি পাইছিল৷ শাহু মহাৰাজে কান্‌হোজীৰ সাহাৰ্যাৰ্থে ২৫০০০ সৈন্যৰ এটি বাহিনী পঠাই দিলে৷ ভয়ংকৰ যুদ্ধৰ পাছত য়ুৰোপীয়সকলৰ যুটীয়া বাহিনী বেয়াকৈ পৰাস্ত হ’ল৷ এই পৰাজয়ৰ কাৰণে মেথিওক ইংলণ্ডত বিচাৰ কৰি দোষী সাব্যস্ত কৰা হৈছিল৷ ১৭২৪ চনত কান্‌হোজীয়ে ডাচ্চসকলক পৰাস্ত কৰিলে৷ কান্‌হোজী আৰব সাগৰত অপ্ৰতিৰোধ্য হৈ পৰিল৷ ১৭২৪ চনৰ পাছৰ পৰা আৰৱ সাগৰ তুলনামূলকভাৱে শান্ত আছিল৷ সেইসময়ত ব্ৰিটিছসকলে কান্‌হোজীক কৰ প্ৰদান কৰি নিৰাপদে অহাযোৱা কৰাটোকে উচিত বুলি বিবেচনা কৰিলে। 

কান্‌হোজীৰ পুত্ৰসকলো অতি দুৰ্ধৰ্ষ সমুদ্ৰ বিচৰণকাৰী আছিল৷ কান্‌হোজীৰ দ্বিতীয় পুত্ৰ সম্ভাজী এজন অতিশয় ব্ৰিটিছবিৰোধী ব্যক্তি আছিল আৰু অসংখ্য ব্ৰিটিছ জাহাজ ধ্বংস কৰিছিল। ১৭৩০ চনতে বোম্বেৰ নৌ সেনাধ্যক্ষই উৰ্ধতন কৰ্তৃপক্ষলৈ পঠোৱা এটা টোকাত সম্ভাজীৰ বিষয়ে লিখিছিল “Our strength is not sufficient to withstanding him for, I assure Your Honour that he is a stronger enemy than you and a great many others think"৷ ভয় আতংকত য়ুৰোপীয়সকলৰ মাজত সম্ভাজীৰ দৈৱীক অপশক্তি আছে বুলিও অন্ধবিশ্বাস প্ৰচলিত আছিল৷ ব্ৰিটিছসকলে সম্ভাজীক ইমান ভয় আৰু ঘৃণা কৰিছিল যে তাৰ প্ৰতিক্ৰিয়া তেওঁৰ মৃত্যুৰ ৩৩০ বছৰৰ পাছতো মাৰ যোৱা নাই৷ ২০০৭ চনত হলিউডৰ পৰা মুক্তিপোৱা “The Pirates of the Caribbean - At World's End” নামৰ জনপ্ৰিয় বোলছবিখনত সম্ভাজীক এজন ভাৰতীয় জলদস্যুৰূপে চিহ্নিত কৰি এই মহান সংগ্রামীজনক অপমান কৰা হৈছিল৷ কিন্তু এই বিষয়ত ভাৰতত যেনে ধৰণেৰে প্ৰতিবাদ হ’ব লাগিছিল তেনে ধৰণেৰে নহ’ল।

কান্‌হোজীৰ অংগ্ৰেৰ অন্য এক কৃতিত্ব হ’ল পূৱৰ সাগৰত আধিপত্য স্থাপন। পৰ্টুগীজ আৰু ব্ৰিটিছসকলক বংগোপসাগৰত আক্ৰমণৰ উদ্দেশ্যে তেওঁ আৰৱ সাগৰৰ মূল ঘাটিৰ পৰা বহু দূৰত আন্দামান নিকোবৰতো নৌ ঘাটি স্থাপন কৰিছিল৷ পাছলৈ মাৰাঠা কেন্দ্ৰীয় শাসন দুৰ্বল হোৱাত কান্‌হোজীয়ে স্বতন্ত্ৰভাৱেই কামকাজ চলাইছিল৷ কান্‌হোজীয়ে আলিবাগ নামৰ দ্বীপটোত মূল কেন্দ্ৰ স্থাপন কৰি তাৰ পৰা ৰূপৰ মুদ্ৰা পৰ্যন্ত মৰাইছিল। এই মুদ্ৰাক “আলিবাগ ৰুপীয়া” বুলি জনা গৈছিল৷ ১৭২৯ চনৰ জুলাই মাহত অপৰাজেয় কান্‌হোজীৰ আলিবাগত মৃত্যু হয়৷ এই নৌসেনাপতিজনাৰ সোঁৱৰণত ভাৰতীয় নৌবাহিনীয়ে এখন যুদ্ধ জাহাজৰ নাম ৰাখিছে “আই এন এছ আংগ্ৰে”। 

কান্‌হোজীৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুত্ৰ চাখোজীয়ে কোলাবাৰ ঘাটিৰ পৰা আৰু দ্বিতীয় পুত্ৰ সম্ভাজীয়ে সবৰ্দুৰ্গৰ ঘাটিৰ পৰা অভিযানবোৰ চলাইছিল৷ দুয়োৰে মাজত সদ্ভাৱৰ অভাৱে মাৰাঠাসকলক বহু পৰিমাণে দুৰ্বল কৰিছিল৷ ব্ৰিটিছসকলে ইয়াৰ সুযোগ ল’বলৈ বিচাৰি ফুৰিছিল। ১৭৩০ চনত চাখোজীৰ নৌবাহিনীয়ে দুখন ব্ৰিটিছ জাহাজ ডুবাই দিলে৷ ১৭৩৩ চনত চাখোজীৰ কম বয়সতে মৃত্যু হ’ল যদিও সম্ভাজীয়ে তেওঁৰ অভিযান চলাই গ’ল৷ ১৭৩৮ চনত সম্ভাজীয়ে কমোদৰ বাগৱেলৰ (Commodore Bagwell) নেতৃত্বত অহা এক নৌবাহিনীক যুদ্ধত পৰাস্ত কৰে৷ শাহু মহাৰাজৰ মৃত্যুৰ পাছত মাৰাঠা ৰাজ্যৰ ক্ষমতা পেচোৱাৰ হাতত কেন্দ্ৰীভূত হৈছিল৷ চাখোজীৰ মৃত্যুৰ পাছত কোলাবাৰ নৌ ঘাটিৰ দায়িত্ব লৈছিল কান্‌হোজীৰ অন্য এজন পুত্ৰ মানাজীয়ে৷ তেওঁৰ লগত ব্ৰিটিছসকলে সন্ধি কৰি সম্ভাজীৰ বিৰুদ্ধে সহায় কৰিবলৈ আৰম্ভ কৰে৷ ইফালে মাৰাঠা নৌবাহিনীটো প্রায় স্বতন্ত্ৰ হৈ যোৱাত মাৰাঠা ৰাজ্যৰ নেতা পোচোৱা অসন্তুষ্ট আছিল। এনে সময়তে ১৭৪৬ চনত সম্ভাজীৰ মৃত্যু হয়৷ সম্ভাজীৰ পাচত ক্ষমতাত অধিষ্ঠিত হোৱা কান্‌হোজীৰ সৰু পুত্ৰ তুলোজীৰ নৌঘাটি বিজয়দুৰ্গ ১৭৫৬ চনৰ ফেব্ৰুৱাৰিত ব্ৰিটিছ আৰু পেচোৱাৰ মিলিত শক্তিয়ে আক্ৰমণ কৰি তুলোজীক বন্দী কৰে৷ এই দৰেই অন্তৰ্কলহৰ বাবে ভাৰতৰ আটাইতকৈ শক্তিশালী ব্ৰিটিছবিৰোধী শক্তিটোৰ পতন ঘটিল। 

কিন্ত ভাৰতীয়সকলৰ দখলদাৰসকলৰ বিৰুদ্ধে সংগ্ৰামৰ ইমানতে ইতি নপৰিল। বৰং অতি শক্তিশালীৰূপত স্থলভাগলৈ ই সম্প্ৰসাৰিত হ’ল৷ তুলোজীক বন্দী কৰাৰ পাছৰ বছৰতে পলাশীৰ ৰণক্ষেত্ৰত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয়সকলৰ শক্তি পৰীক্ষা হয়৷ তাৰ পাছত বক্সাৰ, দীগ, সকলোলৈকে এই সংগ্রামৰ স্ফুলিংগ বিয়পি পৰে৷ এক দীঘলীয়া ৰক্তক্ষয়ী সংগ্ৰামৰ পাছত ১৮৫৭ চনত ই এক মহাসংগ্ৰাম ৰূপ লৈ উত্তৰভাৰত আৰু পূৱভাৰত চানি ধৰে৷ উন্নত প্ৰযুক্তি, উচ্চস্তৰৰ সাংগঠনিক দক্ষতা, “ভাগ কৰা আৰু শাসন কৰা” নীতিৰ সফল প্ৰয়োগ আদিৰ জৰিয়তে ব্ৰিটিছসকলে কোনোমতে সেইবাৰৰ বাবে সাম্ৰাজ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ’ল যদিও সংগ্ৰামৰ সামৰণি নপৰিল। বিভিন্ন ৰূপত মূলতঃ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে এই সংগ্রাম চলি থাকিল (আনবোৰ বিদেশী শক্তি তেতিয়ালৈ অপ্ৰাসংগিক হৈ পৰিছিল)৷ ১৪৯৮ চনত পৰ্টুগীজ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে আৰম্ভ হোৱা সংগ্ৰামখন বিভিন্ন ৰূপ আৰু পৰ্যায়ৰ মাজেদি গৈ ১৯৪৭ চনত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সামৰণি পৰিল৷ ৪৫০ বছৰীয়া ৰক্তস্নানৰ মাজেৰে ভাৰতবাসীয়ে দুৰ্লভ স্বাধীনতা লাভ কৰিলে৷

 

তথ্যসুত্ৰ :

1. Mukherjee, Rila (2008): The struggle for the Bay: The life and times of Sandwip, an almost unknown Portuguese port in the Bay of Bengal in the Sixteenth and Seventeenth Centuries, Revista da Faculdad6e de Letras HISTÓRIA, Porto, III Série, vol. 9, pp. 67-88

2.  Sahai, Baldeo (1996): Indian Shipping: A Historical Survey, Publication Division, Ministry of Information and Broadcasting, Patiala House, New Delhi.

3. Sridharan, Reak Admiral k (1981): A Maritime History of India, Publication Division, Ministry of Information and Broadcasting, Patiala House, New Delhi.

4. WINIUS, George Davison, 1983, “The ‘Shadow Empire’ of Goa in the Bay of Bengal,” Itinerario 7, no. 2: 83-101.

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ