অন্যযুগ/


কছাৰী ৰজাৰ শৰাইঘাট

  ৰক্তিম ৰঞ্জন শইকীয়া


অসমলৈ যিমানবোৰ তুর্কী, আফগান আৰু মোগল আগ্ৰাসন হৈছিল সেই সকলোবোৰ পশ্চিমফালৰ পৰাই হৈছিল৷ ব্ৰহ্মপু্ত্ৰ উপত্যকাৰ বিভিন্ন ৰজাই বিভিন্ন সময়ত এই আগ্ৰাসনবোৰক প্ৰত্যাহ্বান জনাইছিল৷ পৃথু ৰজাৰ পৰা গদাধৰ সিংহলৈ, মহামাণিক্যৰ পৰা নীলাম্বৰলৈ বিভিন্ন ৰজাই ব্ৰহ্মপুত্ৰ উপত্যকালৈ পশ্চিমৰ পৰা হোৱা আক্ৰমণবোৰৰ সন্মুখীন হৈছিল৷ পশ্চিম সীমান্তত অত্যধিক মনোযোগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৱফালৰ দুৱাৰবোৰ উন্মুক্ত কৰি ৰাখিছিল৷ অগম্য পাটকাই পাহাৰে প্ৰাকৃতিক বাধা হিচাপে কাম কৰি পূৱ সীমান্তক ৰক্ষণাবেক্ষণ দিব বুলি ভাবি থকা হৈছিল যদিও এদিন এই দুর্বল পূব সীমান্তইদি ব্ৰহ্মদেশীয় লোকসকল আহোম ৰাজ্যলৈ অতি সহজে সোমাই আহিবলৈ সক্ষম হৈছিল৷ বহিৰাগত আগ্ৰাসনবোৰৰ বিৰুদ্ধে বর্তমান অসম বুলি অভিহিত কৰা ভূখণ্ডৰ অধিবাসীসকলে চলোৱা প্ৰতিৰোধবোৰৰ ভিতৰত শৰাইঘাটৰ যুদ্ধই সকলোতকৈ প্ৰখ্যাত৷ কিন্তু মধ্যযুগৰ ইতিহাসত অঞ্চলটোৰ লোকসকলে এনে কেইবাটাও বীৰত্বপূর্ণ প্ৰতিৰোধ সংগ্ৰাম চলাইছিল৷ তেনে এটা সংগ্ৰামৰে নায়ক আছিল এজন বিখ্যাত কছাৰী ৰজা৷ 

আমি সততে অসমলৈ পূৱ আৰু পশ্চিম সীমাইদি হোৱা আগ্ৰাসনৰ বিষয়ে জ্ঞাত হ’লেও মধ্যযুগত অসমলৈ আগ্ৰাসন ঘটিব পৰাকৈ আন এটা পথ দক্ষিণ অসমৰ আছিল৷ গংগা নদীৰ পূব পাৰৰ পৰা সুৰমা-বৰাক হৈ বৰাইল পাহাৰৰ মাজেদি থকা এই পথটোৰ সুৰক্ষাৰ দায়িত্বত আছিল অসমৰ সুপ্ৰাচীন কছাৰী জনগোষ্ঠীয় ৰজা সকল৷ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত দৈয়াং-ধনশিৰি উপত্যকা আৰু কপিলী-যুমুনা উপত্যকাত দুখন কছাৰী ৰাজ্য আছিল (প্ৰাক-ঔপনিৱেশিক অসমৰ অর্থনৈতিক ইতিহাস, পৃষ্ঠা….)৷ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে কপিলী-যমুনা উপত্যকাৰ কছাৰী ৰাজ্যখন দৈয়াং-ধনশিৰি উপত্যকাৰ কছাৰী ৰাজ্যখনৰ লগত চামিল হৈ সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰে এখন শক্তিশালী ৰাজ্য হৈ পৰে৷ কিন্তু ১৫৩৬ খ্ৰীষ্টাব্দত আহোমসকলে কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ অধিকাৰ কৰি ধ্বংস কৰাৰ পাছত কছাৰীসকলে ৰাজ্যৰ ৰাজধানী বৰাইল পাহাৰৰ মাইবঙলৈ তুলি নিবলৈ বাধ্য হ’ল৷ তাৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাত কছাৰী ৰাজ্য সৰু কপিলী-যমুনা উপত্যকাতে সীমাৱদ্ধ হৈ ৰয়৷ কিন্তু একে সময়তে বর্তমান ডিমা হাচাওৰ পাহাৰলৈ কছাৰী ৰাজ্যৰ অধিকাৰ সবলভাৱে প্ৰতিষ্ঠাপিত হয়৷ কছাৰীসকলে মাইবঙত ৰাজধানী পতাৰ সময়ত বৰাইল পাহাৰৰ সিপাৰে সুৰমা-বৰাক উপত্যকা আছিল ত্ৰিপুৰা ৰাজ্যৰ অন্তর্গত৷

১৫৬২ খ্ৰীষ্টাব্দত কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্য জয় কৰাৰ পাছত নগাঁৱৰ ফালৰ পৰা কপিলী উপত্যকাইদি অতি কম সংখ্যক সৈন্য লৈ মাইবং আক্ৰমণ কৰি কছাৰী ৰজা মেঘনাৰায়নক (ডঃ জয়ন্ত ভূষণ ভট্টাচার্যৰ মতে দুর্ল্লভ নাৰায়ণ, কছাৰী ৰাজ্যৰ উত্থান আৰু পতন, পৃষ্ঠা ৮০) আত্মসমর্পণ কৰিবলৈ বাধ্য কৰে৷ মাইবঙৰ কছাৰী ৰাজ্যৰ পৰাই চিলাৰায়ে বৰাইল পাহাৰ অতিক্ৰম কৰি ত্ৰিপুৰা ৰাজ্যৰ অধীনত থকা বর্তমান কাছাৰ জিলাৰ সমতল অংশ অধিকাৰ কৰে৷ এই দৰেই চিলাৰায়ৰ যোগেদিয়েই প্ৰথমবাৰৰ বাবে বৰাক উপত্যকা অসমৰ অংশ হিচাপে পৰিগণিত হয়৷ চিলাৰায়ে সমতল কাছাৰত (কাছাৰ জিলা) নিজৰ ভায়েক কমল নাৰায়ণ বা গোহাঁই কমলক শাসনকর্তা পাতি উভতি গৈছিল৷ পাছত কমল নাৰায়ণে কাছাৰত এখন স্বাধীন কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে৷

চিলাৰায়ৰ হাতত পৰাস্ত হোৱাৰ পাছত লাহে লাহে কছাৰীসকলে বর্তমান নগাঁৱৰ কপিলী-যমুনা উপত্যকা আৰু ডিমা হাচাওত শক্তি সঞ্চয় কৰি ৰজা যশোনাৰায়ণৰ ৰাজত্বকালত নিজকে এক উল্লেখযোগ্য সামৰিক শক্তি পৰিণত কৰিবলৈ সক্ষম হৈছিল৷ ১৫৮৩ খ্ৰীষ্টাব্দত যশোনাৰায়ণ মাইবঙৰ সিংহাসনত আৰোহণ কৰে৷ যশোনাৰায়ণে জয়ন্তীয়া ৰজা ধনমাণিক আৰু আহোম ৰজা প্ৰতাপ সিংহ বুঢ়াৰজাক পৰাস্ত কৰে৷ সেই সময়ত প্ৰতাপ সিংহই মোগলৰ লগত ৰাজ্যৰ পশ্চিম সীমান্তৰ ৰণাঙ্গণত ব্যস্ত আছিল৷ ঘৰৰ কাষৰ কছাৰী ৰজাৰ লগত যুঁজবাগৰ নকৰি প্ৰতাপ সিংহই বহিৰাগত মোগলৰ বিৰূদ্ধে সকলো শক্তি প্ৰয়োগ কৰাত গুৰুত্ব দিলে৷ কছাৰী ৰজায়ো আহোমৰ লগত কাজিয়া-পেচাল কৰো নাথাকি বৰাইল পাহাৰ পাৰ হৈ কমল নাৰায়ণৰ উত্তৰাধিকাৰী কোচ ৰজাৰ পৰা সমতল কাছাৰৰ একাংশ অধিকাৰ কৰে৷ সেয়া আছিল ১৬১২ খ্ৰীষ্টাব্দৰ আগৰ কথা৷ এই অধিকাৰৰ পাচতে পশ্চিম অসমত আহোমসকল মোগলৰ মুখামুখি হোৱাৰ দৰে ফলত দক্ষিণ অসমত বর্তমান বাংলাদেশৰ সীমান্তত কছাৰীসকল মোগলৰ মুখামুখি হ’ল৷ কছাৰীসকলে বর্তমানৰ কৰিমগঞ্জ জিলাৰ অসুৰাটিক্ৰিত (বর্তমানৰ হৰিটিক) আৰু প্ৰতাপগড়ত (বর্তমানৰ পাথাৰকান্দি) দুটা শক্তিশালী দুর্গ সাজি মোগলৰ বিৰূদ্ধে নিজৰ অৱস্থান সুদৃঢ় কৰিবলৈ যত্ন কৰিলে৷ সেই সময়ত মোগলসকলে বংগৰ আফগানমূলীয় শাসকসকলক পৰাভূত কৰি বাংলাদেশত নিজৰ অধিকাৰ সম্পূর্ণ কৰিছিলহে৷ যশোনাৰায়ণে মোগলসকলৰ সাম্ৰাজ্যবাদী চৰিত্ৰ অনুধাৱন কৰি বাংলাদেশৰ শ্ৰীহট্টৰ আফগান শাসক ৱাজিদ কৰৰাণীৰ সহায় কৰিবলৈ কাছাৰী সৈন্য পঠাইছিল যদিও মোগলসকল বিজয়ী হ’ল৷

১৬১২ খ্ৰীষ্টাব্দতে এইবাৰ কছাৰীসকল অসুৰাটিক্ৰি আৰু প্ৰতাপগড়ত মোগলৰ সৈতে মুখামুখি হ’ল৷ মোগল সেনাপতি আছিল শেখ কামাল৷ যশোনাৰায়ণৰ সামগ্ৰিক নেতৃত্বত কছাৰী সৈন্যৰ দুই ঠাইতে শেখ কামালৰ সৈন্যৰ লগত তয়াময়া যুঁজ দিলে৷ এই ৰণৰ ফলাফল দুটা সূত্ৰত দুই ধৰণৰেৰে পোৱা যায়৷ গেইটে “ৰণচণ্ডী” নামৰ এখন পুৰণা বাংলা কাহিনী সাহিত্যৰ উল্লেখ কৰিছে৷ কাছাৰৰ পুৰণি নথিপত্ৰৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা এই কাহিনী সাহিত্যৰ নায়ক যশোনাৰায়ণ৷ ৰণচণ্ডীত উল্লেখ কৰা মতে এই যুদ্ধত যশোনাৰায়ণ বিজয়ী হৈছিল৷ আনহাতে “বাহৰিস্তান-ই-ঘাইবি” নামৰ মোগল নথিৰ মতে এই যুদ্ধত শেখ কামাল বিজয়ী হৈছিল৷ কিন্তু সেই সময়ৰ পৰা বিট্ৰিছে কছাৰী ৰাজ্য অধিকাৰ কৰাৰ সময়লৈকে মোগল আৰু কছাৰী ৰাজ্যৰ সীমা অসুৰাটিক্ৰি থানাই আছিল৷ সূদীর্ঘ তিনিশ বছৰ কাল মোগল সৈন্যই অসুৰাটিক্ৰি থানা অতিক্ৰম নকৰালৈ লক্ষ্য কৰি অসুৰাটিক্ৰি আৰু প্ৰতাপগড়ত হোৱা যুদ্ধখন অমীমাংসিত হোৱা বুলি আমি ধাৰণা কৰো৷ অসুৰাটিক্ৰি আৰু প্ৰতাপগড়ৰ যুদ্ধৰ গুৰুত্ব আমি এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই যেন বোধ হয়৷ ইটাখুলীৰ নির্ণায়ক যুদ্ধৰ দৰেই এই যুদ্ধ কছাৰী আৰু মোগলৰ মাজৰ নির্ণায়ক যুদ্ধ আছিল৷ এই যুদ্ধৰ পাচতে দক্ষিণ অসমৰ মাজেদি মোগল আক্ৰমণৰ সম্ভাৱনা চিৰদিনলৈ শেষ হৈছিল৷ গতিকে এই ৰণৰ গুৰুত্বও ইটাখুলিতকৈ কোনোগুণে কম নহয়৷

***

তথ্যসূত্ৰ :

১.গুহ, উপেন্দ্ৰ চন্দ্ৰ (১৯২১): কাছাড়েৰ ইতিবৃত্ত, সাধনা লাইব্ৰেৰী, ঢাকা৷

২. ভট্টাচার্য, ডঃ জয়ন্ত ভূ্ষণ (১৯৯৩): কছাৰী ৰাজ্যৰ উত্থান আৰু পতন, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট-১

৩. শইকীয়া, ডঃ ৰক্তিম ৰঞ্জন (২০২৩, তৃতীয় প্ৰকাশ): প্ৰাক-ঔপনিৱেশিক অসমৰ অর্থনৈতিক ইতিহাস, অসম পাব্লিচিং কোম্পানী, পানবজাৰ, গুৱাহাটী-১৷

 

 ***

ভ্ৰাম্যভাষ : ৯৮৫৯৩৪৪৭১৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ