অন্যযুগ/


ব্ৰিটিছ লাইব্ৰেৰীত ফ্ৰান্সিছ বুকানন হেমিল্টনৰ শব্দকোষৰ আৱিষ্কাৰ আৰু অসমীয়া ভাষাৰ গৱেষণা

  ৰক্তিম ৰঞ্জন শইকীয়া

পুৰন্দৰ সিংহৰ পিতৃ ব্ৰজনাথৰ হস্তাক্ষৰৰ চানেকি

 

২০১২ চনৰ শেষভাগত অসম সম্পৰ্কীয় এটি বাতৰিয়ে ভাৰতৰ প্ৰতিখন ৰাষ্টীয় কাকত আৰু কেইখনমান আন্তঃৰাষ্ট্ৰীয় প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল৷ বাতৰিটো আছিল, লণ্ডনস্থিত ব্ৰিটিছ লাইব্ৰেৰীত এখন অসমীয়াসহ দহটা ভাষাৰ এখনি ২১০ বছৰ পুৰণি শব্দকোষৰ পাণ্ডুলিপি আৱিষ্কাৰৰ৷ ইংৰাজী, প্ৰাকৃতবংগদেশীয় কোচাৰদেশীয়, ৰাভা, গাৰো, কাচাৰি, পানিকোচ, মেচ, আসামদেশীয়, মণিপুৰ দেশীয় এই দহটি ভাষা সন্নিবিষ্ট শব্দকোষখন উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ তুলনামুলক অধ্যয়নৰ বাবে অতি গুৰুত্বপুৰ্ণ হোৱাৰ উপৰিও পাণ্ডুলিপিটোৰ ঐতিহাসিক মূল্যও অপৰিসীম৷ পাণ্ডুলিপিটোত মুঠতে ২২,০০০ শব্দ আছে৷ ইংৰাজী ভাষাৰ ৩১২৪টা, প্ৰাকৃতবংগদেশীয় ভাষাৰ ৩১৮৫ টা, কাচাৰদেশীয় (কমতাপুৰী ?) ভাষাৰ ২৯৭৬টা, ৰাভাজাতীয় ৮১০টা, গাৰোজাতীয় ভাষাৰ ৭৪৯টা, কাচাৰি (কছাৰী?) জাতীয় ভাষাৰ ৮১৪টা, পানিকোচজাতীয় ভাষাৰ ৮৩১টা, মেচজাতীয় ভাষাৰ ২৫৭৩টা, আসাম দেশীয় (অসমীয়া) ভাষাৰ ২১৪৮টা আৰু মণিপুৰদেশীয় ভাষাৰ ২৯৪৬ টা শব্দ আছে৷ মণিপুৰদেশীয় ভাষাৰ শব্দৰাজিত বিষ্ণুপ্রিয়া মণিপুৰী শব্দও থাকিব পাৰে৷ উক্ত দহভাষাৰ শব্দকোষখন প্ৰণয়ন কৰিছিল ফ্ৰান্সিছ বুকানন হেমিল্টন নামৰ ইংৰাজ চিকিৎসক জনে৷

 

বহুদিনৰ আগৰে পৰাই আমি অসমৰ বুৰঞ্জী ৰচনাৰ উৎসসমূহত নতুনকৈ চকু ফুৰাবৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলোঁ৷ ২০১২ মাজভাগত ইণ্টাৰনেটত ব্ৰিটিছ লাইব্ৰেৰীত সংৰক্ষিত অসম সম্পৰ্কীয় নথিসমূহৰ তালিকাত চকু ফুৰাই থাকোঁতে “বেংগল চাৰ্ভে” শাখাত থকা ফ্ৰান্সিছ বুকানন হেমিল্টনৰ দহ ভাষাৰ অভিধানৰ পাণ্ডুলিপিটোত চকুত পৰিছিল৷ সেই সময়ত ইয়াৰ গুৰুত্ব বিশেষ উপলব্ধি কৰিব নোৱাৰি নিতান্ত যান্ত্ৰিকভাৱে জাতীয় অভিধানৰ মুখ্য সম্পাদক ড দেৱব্ৰত শৰ্মালৈ ফ্ৰান্সিছ বুকানন হেমিল্টনৰ অভিধানখনৰ নামটো ই-মেইল যোগে পঠাই দিছিলোঁ৷ ক্ষন্তেক পাছতে শৰ্মা ডাঙৰীয়াই ফোনযোগে পাণ্ডুলিপিটোৰ গুৰুত্বৰ বিষয়ে জানিবলৈ দি যেনেতেনে তাক সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ ক’লে৷ তাৰপাছত কেইবামাহো ধৰি লণ্ডনস্থিত বহুখিনি অসমীয়া মানুহলৈ অভিধান খনি সংগ্ৰহৰ ব্যৱস্থা কৰি দিবলৈ খাটনি ধৰি শ ৰ হিচাপত ই-মেইল প্ৰেৰণ কৰিলোঁ৷ তদুপৰি কেইবাগৰাকীও ব্ৰিটিছ অধ্যাপককো এই সম্পৰ্কে অৱগত কৰি চিঠি প্ৰেৰণ কৰিছিলোঁ৷ অধ্যাপক কেইজনে আমাৰ ই-মেইলৰ উত্তৰ দিয়াৰ সৌজন্যতা ৰক্ষা কৰিছিল৷ কিন্তু তেতিয়ালৈকে কোনো অসমীয়ালোকে আমাৰ পত্ৰৰ উত্তৰ দিয়াৰ সৌজন্যতা ৰক্ষা কৰা নাছিল৷ ২০১২ চনৰ জুলাই মাহত লণ্ডন অলিম্পিকৰ আগে আগে এদিন আমালৈ লণ্ডনৰ পৰা এটা ফোন আহিল প্ৰৱাসী অসমীয়া ৰিণি কাকতিৰ পৰা (বিদুষী মহিলা গৰাকীৰ কভিদ কালত ২০২১  চনৰ ২৭ ডিচেম্বৰত গুৱাহাটীৰ ঘৰত ৰহস্যজনক অৱস্থাত মৃত্যু হয়) তেখেতে আমাক ব্ৰিটিছ মিউজিয়ামৰ পৰা ফ্ৰান্সিছ বুকানন হেমিল্টনৰ অভিধানৰ পাণ্ডুলিপিটো সংগ্ৰহ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে৷ তেখেতৰ পৰামৰ্শমৰ্মে আমি ব্ৰিটিছ  লাইব্ৰেৰী কৰ্তৃপক্ষলৈ তেখেতক পাণ্ডুলিপিটো সংগ্ৰহ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰি এখন পত্ৰ প্রেৰণ কৰিলোঁ৷ তেখেতে লণ্ডনত জাতীয় অভিধান প্ৰকল্পৰ হৈ গাঁঠিৰ ধন ভাঙি পাণ্ডুলিপিটোৰ এটি প্ৰতিলিপি আমাৰ হৈ সংগ্ৰহ কৰি আমালৈ প্ৰেৰণ কৰিলে৷ এইখিনিতে ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষ আৰু ৰিণি কাকতি ডাঙৰীয়ানীলৈ আমি আমাৰ শলাগ জনাইছোঁ৷ ২১০ বছৰ আন্ধাৰত থকাৰ পাছত অসমৰ এই সম্পদটিৰ উদ্ধাৰৰ বাৰ্তা ভাৰতৰ প্ৰতিখন ৰাষ্ট্ৰীয় কাকত, দুখনমান বিদেশী কাকত আৰু অসংখ্য ই-কাকতত গুৰুত্ব সহকাৰে প্ৰকাশ হোৱাটো অসমৰ বাবেই গৌৰৱৰ বিষয়৷

 

 দেৱব্ৰত শৰ্মাই ইতিমধ্যে পাণ্ডুলিপিটো সম্পাদনা কৰিছে আৰু আৰু অসম জাতীয় প্ৰকাশে ২০১৪ চনতে প্ৰকাশ কৰি উলিয়াইছে৷ ফ্ৰান্সিছ বুকানন হেমিল্টনৰ নামটোৰ লগত অসমবাসীৰ পৰিচিতি তেওঁ ৰচনা কৰা An Account of Assam নামৰ অসম বুৰঞ্জীৰ মূল্যৱান টোকাটোৰ বাবে৷ তাৰ বাহিৰেও থকা তেওঁৰ অন্য পৰিচয়ৰ বিষয়ে আমি বিশেষ জ্ঞাত নাছিলোঁ৷ কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানিৰ এজন চিকিৎসক হিচাপে ১৭৯৪ চনত ভাৰতলৈ অহা ফ্ৰান্সিছ বুকানন হেমিল্টন প্ৰকৃততেই আছিল বহুবিদ্যাবিশাৰদ৷ তেওঁ নেপাল, ব্ৰহ্মদেশ, ভাৰতৰ পূৰ্বাঞ্চল আৰু দক্ষিণাঞ্চলৰ এক বিস্তীৰ্ণ এলেকাৰ প্ৰথম বিজ্ঞানসন্মত জৰীপ কৰিছিল৷ এই জৰীপবোৰৰ জৰিয়তে তেওঁ এলেকাবোৰৰ ভাষা, ভূগোল, ইতিহাস, ধৰ্ম, সংস্কৃতি, উদ্ভিদকূল, প্ৰাণীকূল আদিৰ বিষয়ে পৰ্বতপ্ৰমাণ তথ্য সংগ্ৰহ কৰিছিল৷ গংগা, ব্ৰহ্মপুত্ৰৰ মাছৰ শ্ৰেণীকৰণৰ পৰা নেপালৰ হাবিৰ উদ্ভিদকূলৰ শ্ৰেণীকৰণ, বিভিন্ন ভাষাৰ শব্দকোষ প্ৰণয়ণৰ পৰা বিভিন্ন অঞ্চলৰ ইতিহাস প্ৰণয়নলৈ ফ্লান্সিছ বুকানন হেমিল্টনৰ কাৰ্যক্ষেত্ৰ বিয়পি আছিল৷ ১৮১৫ চনৰ ২৩ ফেব্ৰুৱাৰিত তেওঁ চিৰদিনৰ বাবে ভাৰতবৰ্ষ এৰি যায়গৈ৷

 

ফ্ৰান্সিছ বুকানন হেমিল্টনৰ দহভাষাৰ শব্দকোষখন তেওঁ অকলে যে প্ৰণয়ন কৰা নাছিল সেইটো খাটাং৷ তেওঁ অসমৰ গোৱালপাৰালৈকেহে আহিছিল৷ ১৮০৭ চনৰ পৰা ১৮০৯ চনলৈ বুকানন হেমিল্টনৰ সদৰ দপ্তৰ গোৱালপাৰা আৰু ৰংপুৰত আছিল৷ সেয়েহে স্বাভাৱিকতে প্ৰশ্ন হয় কাৰ সহায়ত এই শব্দকোষখনৰ পাণ্ডুলিপিটো সংকলন কৰা হৈছিল৷ বুকানন হেমিল্টনৰ An Account of Assam গ্ৰন্থৰ পাতনিত এই বিষয়ে কিছুমান অতি স্পষ্ট ইংগিত আছে৷ সেই সময়ত গোৱালপাৰা, বৰ্তমান বাংলাদেশৰ ৰংপুৰ, চিলমাৰী আদি ঠাই মোৱামৰীয়া গণবিপ্লৱ, মানৰ আক্ৰমণ আদিৰ হেতু পলাই গৈ বাস কৰা উজনিৰ বহু সম্ভ্ৰান্তলোকৰ বাসস্থান হৈ পৰিছিল৷ সেইসকলৰ ভিতৰত এজন আছিল ৰাজেশ্বৰ সিংহ স্বৰ্গদেউৰ আজোনাতি ব্ৰজনাথ চাৰিং ৰজা৷ এই ব্ৰজনাথৰ লগত বুকানন হেমিল্টনৰ গভীৰ বন্ধুত্ব আছিল৷ An Account of Assam গ্ৰন্থত তেওঁ অসংখ্যবাৰ ব্ৰজনাথৰ উল্লেখ কৰিছে৷ ব্ৰজনাথ আছিল ফ্ৰান্সিছ বুকানন হেমিল্টনৰ বাবে অসম সম্পৰ্কীয় তথ্যৰ প্ৰধান উৎস৷ ব্ৰজনাথেই ফ্ৰান্সিছ বুকানন হেমিল্টনক অসমৰ এখন ডাঙৰ স্কেলত অকাঁ সঠিক মানচিত্ৰ প্ৰদান কৰিছিল৷ দহভাষাৰ শব্দকোষখনৰ অসমীয়া শব্দবোৰত বহু তাইমূলীয় আৰু আহোম ৰজাঘৰত ব্যৱহাৰ হোৱা শব্দ যেনে পুলিন-পুথাও, তাউকিন, তিফাই, চাংমাই, বুলঞ্চি আদিৰ পয়োভৰ ঘটিছে৷ গতিকে শব্দকোষখনৰ অসমীয়া শব্দদাতা জন ব্ৰজনাথেই হোৱাৰ সম্ভাৱনা অতি বেছি৷ যদি সেয়ে হয় শব্দকোষখনৰ মুকুতাৰ দৰে গঢ়ৰ আখৰকেইটি শেষজন স্বৰ্গদেৱ পুৰন্দৰ সিংহৰ পিতৃৰ হস্তাক্ষৰৰ চানেকিৰূপেই যাদুঘৰত সংৰক্ষিত হোৱা উচিত৷ এই হস্তাক্ষৰৰ চানেকি প্ৰৱন্ধটোৰ লগত সন্নিৱিষ্ট কৰা হৈছে৷

 

ফ্ৰান্সিছ বুকানন হেমিল্টনে An Account of Assam ত কমলাকান্ত গোস্বামী নামৰ এজন বঙালী ব্ৰাহ্মণৰ অতি উচ্চ প্ৰশংসা কৰিছে৷ শব্দকোষখনৰ প্ৰাকৃত বংগদেশীয় বুলি উল্লেখ কৰা শব্দবোৰ নিশ্চয় কমলাকান্তৰ জৰিয়তেই পাইছিল৷ সেইদৰে শব্দকোষখনৰ মণিপুৰদেশীয় বুলি উল্লেখ কৰা শব্দবোৰ ফ্ৰান্সিছ বুকানন হেমিল্টনে বৰ্তমান বাংলাদেশৰ কুমিল্লাত লগ পোৱা এজন বাঙালী ব্ৰাহ্মণৰ জৰিয়তে পোৱা বুলি অনুমান কৰা হৈছে৷

 

আজিৰ তাৰিখত স্কান্সিচ বুকানন হেমিল্টনৰ দহভাষাৰ শব্দকোষখনৰ গুৰুত্ব এইবাবেই যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ দুশ বছৰৰ আগৰ ৰূপটোৰ লগতে ভাষাৰ ক্ৰমবিকাশৰ ধাৰাৰ বিষয়ে এই শব্দকোষখনে আলোকপাত কৰিব পাৰে৷ বৰ্তমানে লুপ্ত হৈ যোৱা বহুসংখ্যক আপুৰুগীয়া অসমীয়া শব্দৰ সন্ধান শব্দকোষখনে আমাক দিয়ে৷ উদাহৰণস্বৰূপে এসময়ত অসমীয়াই ধুমকেতুক ভটিতাৰা, ৰাশিচক্ৰক লগনমণ্ডল আৰু যৌতুকক মুখসিন্দুৰাণি বুলি যে কৈছিল তাক শব্দকোষখনৰ পৰাহে জানিব পৰা হয়৷ এনে অসংখ্য উদাহৰণ আছে৷ অসমীয়াৰ উপৰিও অসমৰ জনগোষ্ঠীয় ভাষা সমুহৰ ক্ৰমবিকাশৰ অধ্যয়ন কৰা সকলৰ বাবে শব্দকোষখনে নতুন চিন্তাৰ বাট কাটি দিব৷

 

২১০ বছৰ অজ্ঞাতবাসত থকা ফ্ৰান্সিছ বুকানন হেমিল্টনৰ দহভাষাৰ শব্দকোষখনৰ বিষয়ে যে অসম বাসী একেবাৰে অজ্ঞ আছিল সেইটো নহয়৷ অন্ততঃ ড সূৰ্যকুমাৰ ভূঞা শব্দকোষখনৰ বিষয়ে জ্ঞাত আছিল৷ কাৰণ ১৯৪০ চনত প্ৰথম প্ৰকাশ পোৱা ফ্ৰান্সিছ বুকানন হেমিল্টনৰ An Account of Assam ৰ পাতনিত ড সূৰ্যকুমাৰ ভূঞা ব্ৰিটিছ লাইব্ৰেৰীত থকা এই পাণ্ডুলিপিটোৰ কথা উল্লেখ কৰিছে৷ বোধকৰো ড ভূঞাই নিজ চকুৰে এই পাণ্ডুলিপিটো দেখা নাছিল৷ কাৰণ একে লগে থকা ৰুচিনাথ বুড়াগোহাঞিয়ে সংকলন কৰা শব্দকোষ খনৰ এটি প্ৰতিলিপি তেখেতে সংগ্ৰহ কৰিছিল৷ কিন্ত ১৯৪০ চনতেই অসমৰ ভাষা-সাহিত্যৰ গৱেষকসকল শব্দকোষখনৰ অৱস্থিতিৰ বিষয়ে জ্ঞাত হোৱাৰ পাছতো যোৱা ৬০ টা বছৰে শব্দকোষখনৰ উদ্ধাৰৰ কোনো প্ৰচেষ্টা নচলোৱাটো অসমীয়া ভাষা অধ্যয়ন গৱেষণা কৰা বুলি দাবীকৰাসকলৰ বাবে এক চৰম লজ্জাৰ বিষয় বুলি আমি গণ্য কৰো৷ অসমীয়া ভাষা অধ্যয়ন-গৱেষণা কৰা সকলৰ বাবে আৰু এটা লজ্জাৰ বিষয় হ’ল এই শব্দকোষখনৰ প্ৰথমটো ভাষা বৈজ্ঞানিক টোকা আগবঢ়োৱা গৰাকী অসমীয়া নহয়৷ তেওঁ হ’ল এগৰাকী ফৰাচী গৱেষক৷ সৌ সিদিনা ২০০৮ চনত ফৰাচী ভাষাতাত্বিক ফ্ৰেঁছোৱা জেক্‌কেচনে (Francois Jacquesson) তেখেতৰ বড়োমূলীয় ভাষা সম্পৰ্কীয় এক পাণ্ডিত্যপূৰ্ণ আলোচনাত এই শব্দকোষখনৰ বিষয়ে এটি সৰু আলোচনা আগবঢ়ায়৷ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰিশ্ৰমী গৱেষকগৰাকীলৈ অসমীয়া জাতিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ আমি আশা কৰিছিলোঁ অসমীয়া ভাষাতত্বৰ আৰু ইতিহাসৰ আগ্ৰহী গৱেষকৰ বাবে এই অভিধানখনিয়ে গুৰুত্বপূৰ্ণ সমলৰ সন্ধান দিব৷ কিন্তু প্ৰকাশ হোৱা বহুবছৰ পাছতো এই শব্দকোষখনৰ ভাষাতাত্বিক আলোচনা হোৱা চকুত পৰা নাই৷

Jacquesson, Francois (Spring 2008): Discovering Boro-Garo, History of an analytical and descriptive linguistic category, European Bulletin of Himalayan Research, (32)

. Montgomery Martin(1838): The History, Antiquities, Topography and Statistics of Eastern India, 3rd Volume.

. S. K Bhuyan (Ed) (1940): Account of Assam by Francis Buchanan Hamilton, Department of History and Antiquarian Studies, Govt. of Assam.

৪. শৰ্মা, ড দেৱব্ৰত (২০১৪): তুলনামূলক শব্দকোষ, Comparative Vocabularies of 10 language of Northa East India, সংকলক ডা  ফ্ৰান্সিছ বুকানন হেমিল্টন, অসম জাতীয় প্ৰকাশ, যোৰহাট৷

 

 

লেখকৰ ঠিকনা:

অধ্যাপক, ভূতত্ব বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট,

ভ্ৰাম্যভাষ : ৯৮৫৯৩৪৪৭১৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ